আহোম ভাষার পর। ভঙ্গা
পুৰণি বৃবঞ্জা।
কোচবণ:-লালি বাইচান (১৪) সকত চূড়-কুড়ম আক ডেপু নামে দুজন কোচ বজাৰ সেনাপতিযে আতি শলা পালেছি, আমার লোকেও গৈ শলাত থাকিল গৈ। পাচে সিহঁত দুযো লুইতে উজাই দিখৌ মুখ পালেহি। পাচে এই কথা শুনি ৰজ্ঞাদেৱে চাবিংবজা, ত'খান বরগোাহ, কম বৰপাত্ৰগোহাই আৰু ওরাইখেক বুঢ়াগোহাঁইবে আলচি নারে ভটাযাই লুইত পালেগৈ। সিহত দুযো গধুলি বেলিকা লুইতে উজাই পুনব ছপৰ ৰাতি ভাটাযাই আতি আমাৰ মানুহলৈ হিলৈ মাৰিলে, তই চাৰি গুলি লাগিলত আমাৰ মানুহ ভাগিল। পাচত সিহঁত জযো ভটীয়াই গৈ হাড়াযা মুখ পালেগৈ আৰু তাব চাপৰিত বলছি। আমাৰ লোকে খেদি গৈ হাড়ীয়া মুখত যুধ ধৰিলেগৈ তাতে আমার ত্যাওমুঢ় পৰিল।
চিলাৰাই বা শুক্লধ্বজ কোৱ ৰৰ আক্রমন-লারি ম'বাও [১৫, হিন্দুমতে ১৪৮৫) সঁকত মাঘব দিনত কোচ বজাব অপবাজেয ভায়েক, চিলাৰাযে উজাই আছি (লুইতে) দিখৌ মুখব পোনে লুইতৰ উত্তৰে বলতি। পাচে বাক্তাদেরে চাবিংবঙ্গা, তরাইখেক বুঢ়াগোহাঁই; ত্যাওউত, ত্যাওচুলুং কংঙ্গ বৰপাত্র ঢ়তাংগামচেন, এই সকলেৰে গৈ ইপাৰে কোঁঠ দি বলগৈ। ত্যাগুবি আইৰংমুঙ্গক যুদ্ধৰ অধিকাৰ কৰি, তিপাম ৰজাক লগত দি দিহিঙ্গৰ গর্বত থাকিব দিলেগৈ। সেইসময়ত বহাগৰ দিনত মৰঙ্গীৰ বাইজ ভাগি আহিল। পাচে চাবিংবঙ্গাই ডাঙ্গৰীয়া সকলেবে আলচ কৰি ৰজাদেৱলৈ জনাই, ফুংফামৰ পুতেক লাঙ্গিতামত লেচাইলুং লাঙ্গিগুন, এই তিনিক কোঢ ৰজাৰ থাইলৈ প্ৰীতিৰ স্থাপনাৰ নিমিত্তে বাতিকবা নামে ভাল মনুহ এটা পঠাই দিলে। কোচ ৰজাই এই বুলি কৈ পঠালে,-"আামিও এতিয়াৰ নহওঁ, সিবিলাকো এতিয়াৰ নহয়। বিশেগতঃ স্বর্গদের বঙ্গা ইন্দ্ৰৰ সন্তান, আমিও সদাশিৱৰ সন্তান এতেকতে তোমাৰ আমাৰ দ্বন্দ কন্দল কৰা উচিত নহয়, পূর্বতো তোমাৰে আমাৰে অধিকাধিক প্রীতি গোট চলি গৈছে। এই জানি তোমাৰ আমাৰ দুই বাজ্য লওক, আমাকো দিওক; এই কথা শুনি যাতে সর্ববঙ্গনে প্রসংসা কৰে, তাকে আচবিব।" তেওঁ সন্দেশ দিছিলে, হাতী ১টা ঘোঁৰা ৪টা (তাবে এটা সোণৰ জিম বন্ধা)। পাচে ৰঙ্গাদের এই কথা শুনি পাত্র মন্ত্ৰীৰে আলচ কৰি কোঢ বজালৈ হাতী ংটা আক রূপব টাঙ্গি বন্ধা দিলে। তাতে কোচ বজাই প্রীত হৈ ভায়েকক ভটিয়াই দেশলৈ নিয়ালে; আমাৰ সৈন্যও বনব ঠাইৰ পৰা উলটি আহিল।
পাচে আকৌ জেঠৰ দিনত কোচ ৰজাই টেপু সেনাপতিক পঠালে। টেপুরে আহি দিহিঙ্গত কোঁঠ দি বলছি; আমাৰ দিহিঙ্গিয়া কাঁবীয়ে জানি গৰ এৰি ভাগি দক্ষিন পাৰলৈ আহিল। তাতে কোচ সেনাপতিয়ে তবে নারে খেদি আহিল। আমাৰ চাৰিং ৰঙ্গা, তৱাইগেক বুঢ়াগোহাই, খংচন, কংজং বৰপাত্ৰগোহাই, এই সকলে আলচি হাতি ১, মোনীয়া হেংজন ১, হিলৈ ১ এই বস্তুদি লেচাই, খিং লাং মুংথুকব পুতেক, এই দুইক কোচ ৰজাব ঠাইলৈ পঠাই দিলে, ইহঁত দুয়ে কোচ বজাক এই সন্দেশ দিলেগৈ। আমাৰ ঘোঁৰা চোৱাই কবলৈ নৌপাওঁতেই, যোদ্ধা সকলে ভাগিব খুজিছিল, এনেতে ঘোঁৰাচোরাই পাই আজ্ঞা কৈ উলটি আহিল। পাচে আমাৰ মানুহে বব মোৱাবি মাজৰাতি গৰ এৰি পলাই আহিল। সিবোৰলৈ বাট নেচাই বঙ্গাদেরে ডৈখামত সবাকে গোটপুৱাই তাৰে পৰা নগাপৰ্ববতত উঠি চৰাইখোবোঙ্গত থাকিল গৈ কংডৈ পর্ববতত তিনি মাহ আছিলে, কোচ সেনাপতিয়েও আহি পাই মানি বিলব কাখৰত থাকিলহি। পাচে আমাৰ ৰজাদেৱে প্রাতি স্থাপনাৰ কাৰণে তরাইখেক বুঢ়গোহাঁইক কোচ ৰজাৰ ঠাইলৈ পঠাই দিলে আক লগত সন্দেশ দিলে, সোণৰ কলহ ২, রূপৰ কলহ ৪, রূপৰ বেলা ১, ৰূপৰ জবা ১। বুঢ়াগোহাঁয়ে আহি কোচ ৰজাক প্ৰীতিৰ কাৰণে কলেগৈ, পাচে কোচ ৰজাই কলে, "তরাইখেক বুঢ়াগোহাঁই, তুমি উদৈগিৰি বজাত এই কথা কবা যাই, তিনি জনা গোহাঁইৰ পুতেকক দিব, চুডাঙ্গৰ পুতেকক দিব, খামচেনৰ পুতেকক দিব, মই সকলো স্বর্গী বজাৰ ৰাজ্যত থৈ যাম। এই বুলি গোহাঁইক বিদায় দিলে বুঢ়াগোহাঁও আহি সকলোকে বজাদেরত জনালেহি। কোচ সেনাপতিয়ে লুইতৰ মাজুলিত বল গৈ। শাওনৰ দিনত ৰজাদেৱে লংলাওৰ পুতেক আকুত্যাং, বুঢ়াগোহাঁইৰ পুতেক ত্যাগুত্যিত, বৰগোহাঁইৰ পুতেক ত্যা ওপেত, থিমবতৰ পুতেক, চূডাঙ্গৰ পুতেক, এই সকলক কোচব ঠাইলৈ বুঢ়াগোহাঁইৰ হাতত দিলে।
নাংক্ল গাভকঃ-পাচে দিহিঙ্গীয়া বক্তাদেরৰ জীয়েক, খোৰা বজাদেরব পেহী- য়েক আক বৰগোহাঁইৰ ভাষ্যা নাংবরু গাভকরে পুতেকৰ লগত আহি বুলিলে, "মোৰ পোক ভাটী ৰাজ্যলৈ যাবলৈ কেলৈ দিম? কোচেবে সৈতে ৰণত যেহাবিলা, তুমিনো কিহব ৰজা? ডাঙ্গবীয়ানো কিহব ?" আৰু বৰগোহাঁইক কলে; “তুমিনো কিহব বৰগোহাঁই? ভাল তোমালোকে যে বণত হাবিলা, মই যুধ কবি চাওঁ; তোমালোকৰ টুপি, ঢোলা, কুনবিন কুনখা (২) পিন্ধি কোচৰে যুধ কৰোঁগৈ; মই তিবোতানে পুতাপু তেতিয়াহে তাৰ চানেকি পাবা। তোমালোকে মোৰ সাজপাৰ পিন্ধিব।।" এই বুলি গাভকরে পুতেক ত্যাগুপেতক কাড়ি নিলে। পাচে বৰগোহায়ে বঙ্গাদেরত কলে, "বাজ্যৰ নিমিত্তে মোৰ পোক দিলোঁ, যক।" গাভকরে পুনৰ কলে, "মোব লবাক কোনে দিব পাৰে? দিখৌ নৈ বান্ধি ওভোটাই পঠিয়ালেহে মোৰ লৰাক দিব পাবে।" পাচে বক্তাদেরে খং কবি বুলিলে, "বৰ- গোহাঁইৰ পুতেক যাব নেলাগে, মোৰ ভাই চুগা কোর'ব যক।" এই বুলি ত্যাওঢ়গামক কোচৰ ঠাইলৈ বুঢ়াগোহাঁইব হাতত দিলে। শাওনব দিনত বুঢ়া গোছায়ে গৈ কোচ বঙ্গাব ঠাইত সকলো ওল সোধালেগৈ। খামচেনৰ পুতেকক সক লবা বুলি ওলোটাই দি, কোর বক ভাল রূপে বঙ্গিয়া দিলে; কোচইতেও আপোনাৰ বাজ্যলৈ ভটীয়াই গল। পাচে চাবিং বজা, তরাইখেক বুঢ়াগোহাঁই এই দুয়ে কোচৰ ওল সোধাই উজাই আছি বঙ্গাদেরব সপ্রপক্ষে কলেহি। উজির- বামুন, তপসা লস্কৰ, মালামূল্য লখব, এই তিনিক কোচ বক্তাই উত্তব কোলত বাজখোরা পাতিলে।
লাক্লি প্লেকমিত সকত (১৬) আঘোণৰ দিনত চৰাইগোবোঙ্গৰ বজাদেরে নগৰলৈ ওলাই আহি, পাঙ্গকরা কোর' বক মাৰিলে, সেই বছবতে (অর্থাৎ হিন্দুমতে ১৪৮৬) আমার-ওল দিয়া চুগাং কোর বকে মুখ্য কবি সকলো মানুহকে কোচ ৰঙ্গাই আমাৰ ৰাজ্যলৈ পঠিয়াই দিলে। তাৰ কাবণ তলত সংক্ষিপ্তকৈ বিবৃত হল; এদিনাখন কোচ বঙ্গাই লাচানাগা কছাৰিব বিকদ্ধে এটি বাড়া পালে, সেই কথা আমাৰ বজাদেৱে ভু পাই ত্যাওকনখামক, আক ত্যাওতক পঠাই লাচানাগা কছাৰিক ধৰি নিয়ালেহি; পাচে ইসকলে যাবব শুনি ত্যাওজ্ঞাইখাম, ত্যাগুতিং পুং এই ছয়ে বঙ্গাদেরক দ্রোহ কবি ঘাই লুইতৰ পাবহৈ বামুন উজিৰ কোচৰ বাজপোৱাব তাত সোমালগৈ; এই তিনি ঘটনা একে বছৰতে সংঘটিত হয়। পাচে বাঙ্গাদেরে ত্যাওকনথামক উজনি কলিয়াৰাজা দিলে। রূপ সন্দিকৈক কনখামৰ লগত ডিবক মুখত থাকিব দিলে। পাচে কনখানক তাৰ পৰা আনি বুঢ়াগোঁহাই পাতিলে, তারাইখেকক বুঢ়া গোহাই ভাঙ্গিলে, কাৰণ স্বৰ্গদেৱে তেওঁক এই বুলি কৈছিল, "তোমাব কেবামতালি আৰু অসাৱধানতাত কোচে আমাক বণত জিনে, তোমাব নেমিত্তে আমি পূর্বদব শশ্রম হেকরালো।"
ওল পৰিবৰ্ত্তন;-লালি কাতেকেও (১৭, হিন্দুমতে ১৪৯১) সকৰ কাতিব দিনত বাজপোরা মালামূল্য লস্কৰে বঙ্গাদেরক দ্রোহ কবিবলৈ আলচিলে। এদিন কোচ বজাই আমার চূগাংকোৱ ৰক বুলিলে, "ভাই চূগাং, পাশা খেলে। আহা," এই বুলি দুয়ো পাশা খেলাত প্রবৃত্ত হল। চূগাং কোৱৰে কুৰি ঢাল পাশা জিকিল; এঢালত জোৰ দহলাগি আছে। এনেতে কোচ ৰজাই কলে, "ভাই চূগাং, যদি জোব দহ মাবিব পাব, সত্যে সত্যে সতো তিনি সইত খাই কৈছো তই যাকে খোজ, তাকে দিম।" পাচে চুগাং কোর'বে বিমুখে ঢালি জোৰ দহ পেলালে। পাচে কোচ বজাই কলে, "মই বচনে ঘাটিলো, মই দিও বুলিছো তই কি খোজ খোজ।" পাচে চূগাং কোরবে বোলে, "যদি দিবা, মোৰ লগত অহা মানুহে সৈতে মোক ৰাজ্যেলৈ পঠাই দিয়া," তাতে কোচ ৰজাই কলে, "ভাল মই বিদাই দিৰ্চো। তোমাৰ মানুহে সৈতে যোৱা, আৰু মোৰ মানুহো যাক তোমার নিবৰ ইচ্ছা, তোমাৰ লগতে যক।" পাচে চুগাং কোৱাঁৰে মানুহে সৈতে উজাই আহি ৰজাদেৱক সেরা কবি সপ্রপঞ্চে বার্তা কলেহি। এই দবে আমাৰ বঙ্গাদেরে পূর্বের কোচ বজালৈ পঠোৱা ওল, ঘুৰি আমাৰ বাজ্যলৈ উভতি আহিল।
পাচে বঙ্গাদেৱে উজিব বামুনকে, তপস্বী লক্ষৰকে মাতি আনি ইঠাইতে ৰাখি থৈ, ত্যাংত্যাইব পুতেক লাইচুকক পঠাই মালামূল্য লস্কৰক ধৰি আনিব দিলে। পাচে সিবোৰেওগৈ লবা তিৰোতা সহিতে সিহঁতক ধৰি আনিলে। পাচে উজিৰ আৰু তপস্বি লক্ষবক লোৱা মেলিলে। মালামূল্য লস্কৰক টুকৰা টুকৰকৈ কটা হল। ৰজাদেরে আঘোনৰ দিনত তিনিজনা ডাঙ্গৰীয়াক পঠাই চিনাতলিত গৰ বান্ধিব দিলে, আৰু বৰগোহাঁইৰ পৰিয়ালৰ লাংগুণমলাক বাজ নেওগ পাতিলে।