shabd-logo

মাধবচন্দ্ৰ বৰদলৈ। (বায়বাহাদুৰ)

11 December 2023

2 দৰ্শন কৰা হৈছে 2

অসমীয়া সাতকাণ্ড ৰামায়ণ।

BIR BIKRAM LIBRARY. E Agartala w

অতিপূর্বের গোটেই অসম দেশকে কামৰূপ বুলিছিল ইয়াৰ সীমা পূবে দিকৰাই আক পশ্চিমে করতোরা, সুতৰাং বর্ত্তমান সময়ৰ ব্ৰহ্মপুত্ৰৰ উপত্যকা প্রদেশ খণ্ডকে কামরূপ বুলিব পাৰি, আৰু তাৰ বাজে কোচ বিহাব আক ভাটিৰ বঙ্গপুৰে। ইয়াৰ অন্তর্গত স্থান আছিল। এই দেশ অতি প্রাচীন আৰু আয্য বিলাকৰ শ্রদ্ধাস্পদ, কাৰণ এই দেশতে সতীব প্রধান পীঠ নীলাচল পর্বতত আছে। তন্ত্রত লিখিছে "অন্যত্ৰ বিৰলা দেবী কামরূপে গৃহে গৃহে" অর্থাৎ মহাপীঠ হোরা হেতুকে মহামায়া ভগৱতীৰ এই দেশবাসীলৈ বিশেষ অনুগ্রহ থকা বুলি প্রসিদ্ধ। বাস্তবিকতে এই দেশৰ মানুহ যদিও বব ধনবন্ত নহয়, তথাপি ভাতে কাপোৰে চিৰকাল সুখে খাই লৈ আছিল। কালবশে নানা স্থানৰ বিদেশী মানুহ আৰু তেওঁলোকৰ লগে লগে বিদেশী ভাবৰ পয়োসাৰ হোৱাত মানুহৰ অবস্থাৰ এতিয়া বহুতো তাবতণ্য হল। এই দেশ যে প্রাচীন তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰিব। এই দেশত ভিন্ন ভিন্ন বংশীয় বহুতো বজা সকলে বাজত্ব কৰি গৈছে। চাবি হাজাৰ বছৰৰ পূর্বেব মহাভাৰতৰ যুদ্ধ হয়। সেই যুদ্ধত এই দেশৰ ৰজা ভগদত্তই কুকক্ষেত্রত এজন বিশেষ যোদ্ধা বুলি পৰিচিত হৈছিল; তেওঁৰ পিচত তেওঁৰ বংশৰ সুবাহু নামেৰে এজন কামৰূপত বঙ্গা হয়। তেওঁ ৰাজ্য এৰি বনলৈ গৈ হিমালয়ত তপস্যা কৰি প্রাণত্যাগ কৰে। তেওঁৰ পুত্র সুপকরা পাছত ৰজ্ঞা হয়। এওঁক পাত্র মন্ত্রি বিলাকে লগ লাগি বধ কৰে। ইমানতে নৰকৰ বংশৰ ওৰ পৰে।

তাৰ পাছত জিতাৰি নামেৰে এজন ক্ষত্রিয় সন্ন্যাসী পশ্চিমৰ পৰা আহি কামৰূপৰ ৰজা হয়। এও জলপাইগুড়ীৰ ওচৰত গৈ ৰাজধানী পাতিলেও কামৰূপতেই ৰজা হৈ আছিল। কাৰণ জলপাইগুড়ী তেতিয়া কামৰূপৰ অন্তৰ্গত স্থান আছিল। এও'ৰ বংশত বহুতো ৰজা হৈ কামৰূপত ৰাজত্ব কৰা জানা যায়। আৰু এওঁৰ বংশ ওৰ পৰাতহে ব্রহ্মপুত্র বংশীয় আৰিমত্ত ৰজা হয়। আৰিমত্ত বাৰ শতাব্দিত ৰজা হোরা অনুমান হয়। তেনেহলে কামৰূপত ক্ষত্রিয় বংশে বাৰ শতাব্দিৰ আগৈয়ে ৰাজত্ব কৰা বুলি অনুমান কবিব পাৰি।

পুরুষোত্তম গজপতিয়ে (দীপিকা ছন্দ বচয়িতা) নিজে লিখা পুথিৰ এঠাইত এই ভনিতা দিছে যে তেও সূর্য্য বংশীয় (ক্ষত্রিয় ৰামচন্দ্র বজাব ভায়েকৰ নতিয়েক আছিল আৰু যদি জিতাবিৰ বংশই কামৰূপত ক্ষতিয ৰজা হৈছিল তেনেহলে "দীপিকাচন্দ" পুথি সম্ভবতঃ একাদশ শতাব্দিত কি তাবে। আগৈযে লিখা পুথি বুলি সিদ্ধান্ত কৰাত অযুগুত হব নাপায়। এই বিষযত আৰু ভিতকরা এই প্রমাণ পোরা যায়, যে পুকষোত্তম বজাই ধৰ্ম্মৰ ব্যভিচাবকে "বৌদ্ধ” বুলি বৰকৈ নিন্দা কবিছে। নবম আক দশম শতাব্দিত অসমত কিষ ভাৰতবাৰ সকলো ঠাইতে বৌদ্ধধর্ম্মর হ্রাস কোরাত সেই ধম্মটি আনকি "বৌদ্ধ” শব্দটিয়েই ঘুণাসূচক হৈছিল। এতিয়া দেখিব লাগে যদিহে "দীপিকা চন্দ" দশম কি একাদশ শতাব্দিত লিখা পুথি হে হয়, তেনেহলে অসমীয়া ভাষা তাবে। কিমান দিন পূর্বে গঠিত হৈছিল আৰু তদ্দ্বাৰায় কেনে ওখ ভাব প্রকাশ কৰিব পৰা হৈছিল "দীপিকা ছন্দ" পুথিখানি পড়িলেই সহজে বুজিব পৰা যায়।

দের শক যাক শাকাদিত্য শক বোলে তাৰ আদিতে দেৱেশ্বৰ নামেৰে এজন কামরূপত বঙ্গা হয। তেওঁ জাতিত শূদ্র আডিল। কিন্তু তেওঁৰ দিনত বৌদ্ধ ধৰ্ম্মৰ প্রবল সোঁত এই দেশলৈ ব'ব ধৰাত তেও তাক প্রতিবোধ কৰিবলৈ বিশেষ যত্ন কৰে। তেওঁৰ পিছত ময়মত্ত ৰজা হয়। তেওঁৰ দুই পুত্ৰ আৰিমত্ত আৰু নাগমন্ড। আৰিমত্ত, ময়মত্তৰ কুঁৱৰীৰ গৰ্ভত আক ব্রহ্মপুত্রব ঔবসে জন্ম হোরা প্রবাদ আৰু সেই নিমিত্তে আৰিমত্ত ৰজাক ব্ৰহ্মপুত্ৰৰ বংশীয় ৰজা বুলিছিল। আৰিমত্ত বজা ক্ষত্রিয় জিতাৰি বংশীয় বামচন্দ্র বজাৰ বংশৰ ৰজা এজনৰ জীয়াবীৰ সন্তান বুলি শ্রীযুক্ত গেইট চাহাবে সিদ্ধান্ত কবিছে। (২) আৰিমত্ত আৰু নাগমত্ত দুয়োজন পুত্রে পিতৃৰ আজ্ঞাবে ৰাজ্য দুভাগ কৰি ৰাজত্ব কৰে। নাগমত্তে সংস্থাপন কৰা দেৱালয় "নাগশঙ্কৰ" আজিলৈকে তেজপুর অন্তর্গত নচুৱাৰত বর্ত্তমান আছে। পিছে নাগমত্তব মৃত্যু হোরাত ময়মত্তে সেই খণ্ড ৰাজ্যত ৰাজত্ব কৰে। তেতিয়া আৰিমত্তৰ নগৰ বিশ্বনাগত আছিল। পিতৃ ময়মত্ত বঙ্গাই জীবিত পুদ্ৰ আৰিমত্তক তেওঁৰ ৰাজধানীত চাবলৈ যায়। তাতে এদিন দুয়ো জনে মৃগয়া কৰিবলৈ যোৱাত দৈববশে পহু বুলি শৰ মাৰি আৰিমত্তে তেওঁৰ পিতৃক হত্যা কৰে। এই ঘটনা বর্তমান "কলঙ্গ" নদীৰ মুখত ওচৰৰ বালিৰ হাবিত ঘটে। সেই দেখি সেই ঠাইৰ নাম আৰিকাটি মুখ বুলি আজিও প্রখ্যাত। আৰু যি নদীৰ পাৰত এই ঘটনা ঘটে সেই নদীৰ আছিল নাম দিখৌ, কিন্তু তাৰ পাৰত এনে কলঙ্কিত কাম হোরাত তাৰ নাম "কলঃ” (অর্থাৎ কলঙ্গ) হল। এই নদী নওগাঁও জিলাৰ ভিতৰত আছে। ইয়াৰ দ্বাৰা দেখা যায়, ব্ৰহ্মপুত্রৰ এতিয়া যি পিনে সুতী বৈছে পূর্বের আন ফালে দি আছিল। এই ঘটনাৰ পাছে এই বর্ত্তমান সুতী হয়। আৰিমত্ত পিতৃবন্ধী পাতকী হৈ গঙ্গাদি তীর্থলৈ যায়, কিন্তু তাৰ দ্বাৰায় পাতক মোচন নোহোৱাত তেও নিজ দেশলৈ উলটি আহি সকলো ধন সম্পত্তি আক পুত্ৰ পৰিবাৰেৰে দিখৌ নৈৰ মাজত আত্মজাহি হৈ ডুবি মৰা বুলি প্রবাদ আছে। আৰিমত্ত নিপুঞ্জক। তেওঁৰ ৰাজ্যৰ ভাৰ নিজৰ সুযোগ্য মন্ত্রী সাগৰক দি তেও প্রাণত্যাগ কৰে। সাগৰৰ মনোহৰ নামেৰে এটা পুত্ৰ আৰু লক্ষনী নামেৰে এটা কন্যা আছিল। আবিমত্তে আত্মঘাতী হৈ মৰাৰ পিছত, মনোহৰ বিশ্বনাথত ৰজা হৈ থাকে, আৰু তেওঁ অপুভ্রক হৈ মৰাত তেওঁৰ ভনীয়েক লক্ষ্মীয়ে বাপেক আক কাকায়েকৰ ৰাজ্যত বাণী হয়। এও মহা পুণ্যৱতী আছিল। প্রবাদ আছে এও কন্যা কালতে সূৰ্য্যক আৰাধনা কৰি তেওঁৰ পৰা "ধাতু তাম্র ক্ষৰি" নামেবে শাস্ত্র এখানি পায়, সেই শাস্ত্রতে সকলো দেৱ দেবীৰ বীজ মন্ত্র লেখা আছিল। লক্ষনীয়ে সুৰ্য্যক তেওঁৰ বীজ মন্ত্রৰে আবাধনা কৰাত তেওঁৰ দুটা পুত্র হবলৈ বৰ পায়, আৰু সেই বৰৰ প্ৰভাৱে তেওঁ ৰ শান্তামু আৰু শামন্ত নামেৰে দুটা পুত্র হয়। পিতৃৰ ৰাজ্যত তেও বাণী হৈ লক্ষীম পুৰত নিজ বাজধানী পাতে, সেই দিনৰে পৰা তেওঁৰ নাম অনুসাৰি লক্ষমীপুৰ চহৰ সৃষ্টি হৈ আজি লৈকে বর্তমান আছে।

লক্ষ্মীৰ ওপৰত কোর। দুই পুত্ৰৰ পৰা বাৰ ভূ'য়াৰ উৎপত্তি হয়, কিন্তু তেও লোকৰ মাজত, শান্তানু দেবী পূজক আৰু শামন্ত বৈষ্ণব ধর্মাবলম্বী আছিল। দ্বিতীয় জনৰ বংশত শঙ্কৰ দেবৰ জন্ম হয়। বাৰ ভূ'র্যাঁক খেদি অসম ৰজাই ওপৰ খণ্ড দেশ লয়। ভাটি খণ্ডত অর্থাৎ নিজ কামরূপত পালবংশীয় আদি আন আন বহুতো বজাই ৰাজত্ব কৰিছিল। প্ৰায় সকলো বজায়ে বিজ্ঞ আক ধাৰ্ম্মিক আছিল। অনেকে তামৰ ফালি মাৰি ব্ৰাহ্মণ সকলক ভূমি দান কৰা দেখা যায়। ইয়াৰ দ্বাৰাই থিৰ কৰিব পাৰি যে যদি পুৰুষোত্তম গজপতি জীতাৰি বংশৰ ৰজাহে হয়, তেনেহলে শঙ্কৰদেৱ অসমীয়া ভাষাৰ আদি কবি নহয়। আৰু যদি আদি পুথিকহে বিশ্বাস কৰা যায়, তেনেহলে শঙ্কৰদের যে অসমীয়া সাগৰ বংশীয় কায়স্থ তাৰও প্রমান পোরা যায়।

কামৰূপত ভগৱতীৰ মহাপীঠ থকা গতিকে, ভাৰতৰ যোগী ঋষি আৰু পণ্ডিত সকলে ইয়ালৈ সততেই অহাযোৱা কৰিছিল। সেই কাৰণে আৰু ব্রাহ্মণ সকল অধিক পৰিমাণে বাস কৰাৰ নিমিত্তে ইয়াত অতি-পুৰণি কালৰ পৰাই বিজ্ঞাচর্চ্চা বিশেষকৈ হৈছিল। সংস্কৃত ভাষাই মূল আৰু তাত বাজেও দেশীয় প্রাকৃত ভাষাটি যে কি আছিল তাকে স্তিৰ কৰা উচিত। কাৰণ সেইটা নকৰিলে আমি অসমীয়া ভাষাৰ বিষয় একো থিৰ কৰিব নোৱাৰিম।

কামরূপ মহাপীঠৰ স্থান হোরাত, যে বিজ্ঞাশুশীলন বিষয়ত পূর্বব দিকত এখনি বিখ্যাত দেশ হৈ চিৰকালৰ পৰা আছে, এই বিষয়ত কোনোরে সন্দেহ কৰিব লগীয়া কথা নাই। এই কামৰূপৰ কি ভাষা? আক কিমান দিনৰ পৰা সেই ভাষা প্রচলিত আছে, এই বিষয় এতিয়া চোরা উচিত।

কোনো ভাষাৰ আদি গুৰি বিচাৰিব লাগিলে সেই ভাষা যি দেশত চলিত, সেই দেশৰ ওচৰৰ দেশত কি ভাষা তাক প্রথমতে চাব লাগে। আমাৰ দেশব ওচৰত দক্ষিণে বঙ্গাল দেশ, আক পশ্চিম উত্তৰ কোনাত বেচাৰ দেশ। সুতবাং সেই দুই দেশৰ ভাষাৰ সহিতে আমাৰ দেশৰ চলিত ভাষাৰ অনেক সাদৃশ্য আছে।

বঙ্গাল দেশৰ বঙ্গালী ভাষাব আদি কবি কীর্ত্তিবাস ওজা। এও নদীয়া জিল্লাত জন্মগ্রহণ কৰি ষোলশ শতাব্দীত বঙ্গালী ভাষাত ৰামায়ণ বচনা কৰিছিল। দ্বিতীয় বদ্ধমান নিবাসী মুকুন্দবাম চক্রবর্তী। এও শ্রীমন্ত সদাগৰৰ উপাখ্যান ৰচনা কৰে। ইয়াৰ আগৈতে অর্থাৎ ষোলশ শতাব্দীব আগৈয়ে বঙ্গালা ভাষাত কোনে। বঙ্গালীয়ে কোনো পুথি ৰচনা কৰা দেখা নাযায়। তেনেহলে বঙ্গালী ভাষা আধুনিক, পৰা যায়, যে অসমীয়া ভাষা তাৰ অসম দেশৰ কবি সকলে ৰামায়ণ মহাভাবত সকলৰ আদৰনীয় পুথি বিলাক সংস্কৃতৰ পৰা ভাঙ্গি দেশীয় ভাষাত পদ কৰিছিল। যদি আজিকালি অসমীয়া ভাষা কোনো কোনো ঠাইত অনাদৃত আক ঘৃণিত হৈছেহি, তথাপিও এই ভাষা যে অতি পুৰণি তাক নহয় বোলাটো যুগুত হব নাপায়। আৰু তলত লিখা প্রমাণ বিলাকৰ দ্বাৰাই বুজিব বহু পূর্বের গঠিত হৈছিল আৰু এই আদি যাবতীয় সংস্কৃত মূলক আর্য্য

অসমৰ প্ৰথম ডাঙ্গৰ কবি বুলি আমি অসমীয়া ভাষাত বামায়ণ ৰচয়িতা মাধর কন্দলীকে ধৰিব পাৰোঁ। এও চৌদ্ধ শতাব্দিৰ শেষত নতু পোন্ধৰ শতাব্দিৰ আদিতে হোরা কৰি। ইয়াৰ প্ৰমান আমি তলত দিম। কন্দলী বংশত আনো কবি হৈ আন আন পুথিও লিখি থৈ গৈছে, প্রমাণ পোরা যায়। কিন্তু সিবিলাক পিছৰ কবি। পোন্ধৰ শতাব্দিৰ পিছত আৰু যোল শতাব্দিব ভিতৰতে শ্রীশঙ্কৰদের মাধরদের, অনন্ত কন্দলী, ৰাম সম্বতী আদি প্রধান কবি হৈ উঠিছিল। আক ষোলশ শতাব্দিৰ আন কবিয়েও এই দেশত বর্তমান চলিত অসমীয়া ভাষাৰে পুথি লিখি থৈ গৈছে।

এও বিলাকৰ দ্বাৰাই অসমীয়া ভাষা এটা প্রাচীন ভাষা মুবুলি থাকিব নোৱাৰি। এতিয়া এই অসমীয়া ভাষাৰনো মূল কি তাক চাব লাগে। আৰ্য্য সকলে প্রথমে সিন্ধুনদ পাৰ হৈ ব্ৰহ্মবৰ্ত্ত, আৰ্য্যবর্ত, আদি স্থানত বাস কৰি ক্রমাগত দক্ষিণলৈ আৰু পূবলৈ আহি বাস কৰিছিল। আৰু তেওঁলোকৰ ঠাই সলোৱাৰ লগে লগে ভাষাৰো সলনি হৈছিল। বেহাৰত যেতিয়া আৰ্য্য সকলে আহি বাস কৰিলে, তেতিয়া তেওঁ লোকৰ ভাষা অনেক পৰিবৰ্ত্তন হৈ হিন্দি ভাষাত পৰিণত হ'লহি আক তেও লোকে যিমান পূবলৈ বা দক্ষিণলৈ উজাই ভাটিয়াই গল, সেই অনুসাৰে তেও লোকৰ ভাষাৰে! সলনি হ'ল।

আমি পূর্বের কৈছো অসম দেশৰ সীমা দিকবাইৰ পৰা কৰতোরা পর্যান্ত আছিল আক কোচবিহাৰ অসমৰ অন্তর্গত স্থান ছিল। গৌড় দেশ কোচবিহাৰৰ ওচৰীয়া দেশ আছিল। অসমৰ আৰু পূর্বব বঙ্গালৰ ভাষাৰ যেনে মিল আছে, সেইরূপে কোচবিহাৰৰ আৰু গৌড়ৰ ভাষাৰ সাদৃশ্য আছিল। কোচবিহাৰৰ সুবিখ্যাত নৰণাৰায়ণ ৰজাই যেতিয়া মহাভাবত অসমীয়া ভাষাত ভাঙ্গনি কৰাই, তেতিয়া তেওঁ গৌড়ব আৰু কামৰূপৰ পণ্ডিত সকলোকে একেলগ কৰি অসমীয়া ভাষাত মহাভাৰত ভঙ্গাই পদ কৰাইছিল। অসমৰ কবি অনিরুদ্ধ, যাৰ নাম পিছত ৰামস্বৰসতী বুলি প্রখ্যাত হৈছিল, তেওঁ মহাভাৰতব সংস্কৃত ১৮০০০ শ্লোকৰ ভিতৰত ১৫০০০ নিজেই অসমীয়া ভাষালৈ ভাঙ্গে, বাকি ৩০০০ শ্লোক আন আন পণ্ডিতে, যথা গঙ্গা দাস, দেবীবৰ, চণ্ডীবৰ কবি গৌড়ৰ বুলি আমি অনুমান কৰোঁ, কাৰণ তেওঁলোকৰ নামে আক অশ্বমেধ পর্ববত উল্লেখ করা কথাবে মিল দেখিব পাইছোঁ। বঙ্গলা ভাষাত সেই সময়ত নাম কব লগীয়া কোনো পুথি নথকাৰ কাৰণে ইয়াকে নিশ্চয় কৰিব পাৰি যে, তেতিয়া বঙ্গালী ভাষাৰ নাম ফুটি ওলোৱা নাছিল। ইতি পূর্বের কোরা হৈছে কোচবিহাৰ অসম দেশৰ অন্তর্গত আৰু কোচ বংশীয় বজা সকলে মহাভাৰত অসমীয়াত ৰচনা কৰোৱা সময়ত প্রায় সমুদায় অসম খণ্ডৰ অধিকাৰী আছিল। নব নাৰায়ন ৰজাৰ ভায়েক কমলাগোঁহাই আলি কোচবিহাৰৰ পৰা ডিবকগড়- লৈকে আজিও "গোঁহাই কমলা" আলি নামে জ্বলি আছে। আৰু কোচবজা বিলাকৰ আনো আনো অনেক কীৰ্ত্তি আজিলৈকে অসমত আছে, এনে স্থূলত কোচবিহাৰত পূর্ব্বে যি ভাষা চালিত আছিল, সেই ভাষাই অসম দেশৰ আজি চলিত অসমীয়া ভাষা আৰু অসম দেশত এই ভাষ্য যেতিয়া গঠিত হৈ "দীপিকা ছন্দ" "বামায়ণ" "মহাভাৰত" "ভাগরত" "গীত।" পুৰাণাদি ৰচিত হয়, তেতিয়া আসামৰ ওচৰৰ দেশ বিলাকৰ ভাষা ভালকৈ গঠিত- হোরা নাছিল বোলা কোনো মতেই অযুগুত নহয়।

অসমীয়া যে অনেক পুৰনি ভাষা অনেক কাৰণ ও প্রমানব দ্বাবা সিদ্ধান্ত কৰিব পাৰি। ৰায় গুণাভিৰাম বকরা 'বাহাদূৰে আসাম বুবঞ্জাব ২৭২ পিঠিত এই কথা লেখিছে "আৰ্য্যাবর্ত্ত ব্রহ্মবত্ত প্রভৃতি হিমালয় আৰু বিন্ধ্যাচলৰ মধ্যবর্তী স্তানৰ যি ভাষা, আৰু যি লোকে সেই ভাষা কয়, সেই সকলো উল্লিখিত সীমাৰ ভিতৰতে আছে। এই সকলোৰে আদি ভাষা সংস্কৃত মূলক হিন্দি। সংস্কৃত ব্যাকৰণ এই সকলো ভাষাৰ মূল আৰু তাৰ নিয়মেই সেই সকলোৰে নিয়ম। এই নিমিত্তেই এই চাৰি সীমাৰ মধ্যবর্তী হিন্দি, বঙ্গালী, উড়িয়া আৰু অসমীযা এই চাবিও ভাষার সাদৃশ্য দেখি।" এই কথাৰ দ্বাৰায় কেবল অসমায়া, বঙ্গলা ভাষাবে পার্থক্য বুজা যাব, কিন্তু অসমীয়া আৰু বঙ্গালা এই উভয় ভাষা সমসাময়াক ভাষা বুলি তেওঁ কোরা নাই আৰু আমিও তাকে কওঁ। ওপৰত কোর। হৈছে যে আয্য সন্তান সকল ক্রমাগত ব্ৰহ্মবত্তৰ পৰা আস্যবত্তলৈ আৰু তাৰ পৰা কিছু দাক্ষিণাত্য প্রদেশলৈ আৰু কিছু পূর্ব দেশলৈ আহে। আৰু স্থানায় ভাষাৰ সহিত তেওঁ লোকৰ আদি প্রাকৃত ভাষাৰ মিহলি হোৱাত হিন্দি ভাষাৰ হৃজনা হয়, আক সেই চিন্দি ভাষায় অসমীয়া, বঙ্গালী আক উড়িয়া ভাষাৰ শুল। এইটা পণ্ডিত সকলে সিদ্ধান্ত কবিচে আক বাস্তবিকতে চাবলৈ গলে সেইয়ে সচা। এনে স্কুলত আমি যে ওপৰত লিখিছো, যি সময়ত অসমীয়া ৰামায়ন মহাভাবতাদি লিখা হৈছিল, তেতিয়া গৌড় আৰু কোচবিহাৰব ভাষাৰ অনেক সাদৃশ্য আছিল, এই বিষয়ত বব সন্দেহ কৰিবৰ কাৰণ নাই। কিন্তু কোচবিহাৰৰ নব নাবয়ন বঙ্গা যেনে অতি প্রবল পরাক্রান্ত আছিল, তেনে বিজ্ঞোৎসাহীও আছিল। তেওৰ আদেশত অসম দেশত চলিত সংস্কৃত"ৰত্ন মালা ব্যাকৰণ" পুৰুষোত্তম পণ্ডিতৰ দ্বাৰাই লিখা হয়, আৰু সংস্কৃতৰ পৰা ভাঙ্গি মহাভাৰত অসমীয়া ভাষাত বচনা কৰা হয়। সেই সময়ত অসমীয়া ভাষা অতিশয় উন্নত ভাষা স্বৰূপে প্রতিপন্ন হোরাত, গৌবন আৰু ওচবব আন আন দেশৰ লোকসকলে সেই অসমীয়া ভাষাবে পদ ৰচনাদি কৰাব মূল কাৰণ, আক অসমীয়া ভাষা যে ওচৰৰ দেশ বিলাকত আদৰ পাইছিল, ইয়াৰ প্রমান মাধর কন্দলীৰ আৰু অনন্ত কন্দলীৰ বচিত ৰামায়ন, যাক বঙ্গাল দেশত "কন্দলি ৰামায়ন" আৰু "অনন্ত বামায়ন” বুলিছিল। সেই ৰামায়ণ সেই দেশত নি পঢ়িছিল আৰু আদব কৰিছিল। 

“নব্য ভাৰত" পঞ্চদশ খণ্ডৰ প্ৰথম সংখ্যাৰ (অর্থাৎ ১৩০৪ সনৰ বৈশাখৰ) ২৩ পিঠিত শ্রীকঙ্কণা নাথ ভট্টাচাৰ্য্যই " অনন্ত" ৰামায়নৰ কথা যি লিখিছে, সেই অনন্ত ৰামায়ন আন ঠাইৰ নহয়, অসম দেশৰ কবি অনন্ত কন্দলীৰ দ্বাৰায় বচিত পুথি মাত্র। আক পোন্ধৰ শতাব্দিৰ শেষত লিখা হৈছিল। উল্লিখিত পুথি খনি সাঁচি পাতত লিখা আৰু সাঁচি পাত পুথি লিখাদি কাৰ্য্যত ব্যৱহাৰ হোৱা, অসম দেশ ভিন্ন ভাৰতৰ অন্ত্য কোনো দেশত দেখা নাযায়। অনন্ত কন্দলী শ্রীশঙ্কৰৰ আৰু মাধৱদেৱৰ সম সাময়ীক করি হলেও এও তেওলোকৰ তলৰ কবি। মাধর কন্দলীৰ ৰচিত অসমীয়া সাতকাণ্ড ৰামায়ণ "আদি" ও "উত্তৰা কাণ্ড" কছাৰি আৰু আহোমৰে ৰাজ্যৰ নিমিত্তে বণ লগাত লোপ পোরাত, সেই কন্দলী বংশবে অনন্ত কন্দলীয়ে লোপ পোরা দুই খণ্ডৰ খলত "ৰাম কীৰ্ত্তন" নামেৰে পুথি এখনি ৰচনা কৰ। অনুমান হয়। কিন্তু শ্রীশঙ্কৰ আৰু মাধর দেরেও, বামায়ণৰ সেই দুই কাণ্ড সংস্কৃতৰ পৰা ভাঙ্গি পদ কৰাত আৰু ইবিলাকৰ ৰচিত পদ সুললিত আক গম্ভীৰ হোরাত, জন সমাজত তেও লোকৰ ৰচিত দুই কাগুহে আদবনীয় হল, আৰু অনন্ত কন্দলীৰ ৰচিত ৰামায়ণ গনি আদৃত নোহোৱাত, অসম দেশত তাৰ প্রায় লোপ পোৱাৰ দৰে হল। বঙ্গাল দেশৰ লোকে সেই সময়ত অসমীয়া ভাষাৰ পুথি নি নি পড়াত " অমন্ত ৰামায়ণ" বঙ্গাল দেশত অছাপি পাকিল গৈ। আৰু সেই পুথি খনি এতিয়া বঙ্গলা সাহিত্যৰ প্রাচীন পুথি বুলি দেখুৱাবলৈ পুকষার্থ কৰিছে। কিন্তু নব্য ভাৰতৰ লেখকে নাজানে যে অনন্ত কন্দলীবহে এই খনি ৰামায়ণ ৰচিত আৰু অনন্ত কন্দলী মাধৱ কন্দলীব বংশৰ কবি। পূর্বের নও গাৱৰ আলি পুখৰিত তেও লোকৰ ঘৰ আছিল আৰু কছাৰিৰ উপদ্ৰৱত ভাগি আহি হাজোৰ শলা আদি গ্রামত বাস কৰিলেহি। উল্লিখিত নব্যভাৰতৰ ২৪ পীঠিত অনন্ত ৰাময়ণৰ পৰা যি যি পদ তুলি দিছে তাৰে তলত এফাকি উদ্ধৃত কৰি দিয়া হল; যথা:-"জয় জয় শ্রীমন্তশঙ্কৰ পূৰ্ণ কাম। কীৰ্ত্তণৰ ছন্দে বিবাচিলো গুণ নাম"।

এতিয়া শ্রীমন্তশঙ্কৰ যে অসমৰ বৈষ্ণৱ ধৰ্ম্ম প্রবর্তক শ্রীশঙ্কবদের আক তেও'ৰ ৰচিত কীৰ্ত্তন পুথিকে আর্হি কৰি যে অনন্ত কন্দলীয়ে ৰামায়নৰ পদ কৰিছিল এইটি জানিব নোৱাৰি "অনন্ত ৰামায়ণ" বঙ্গলাৰ সাহিত্যৰ ভিতৰত নি সুমাইছে। ইয়াৰ দ্বাৰাই এইটি মাত্র প্রতিপন্ন হয় যে অসমীয়া ভাষা অতি প্রাচীন আক প্রাচীন বঙ্গ সমাজত আদৃত হৈছিল। আৰু অনন্ত ৰামায়ণৰ পদ যি বিলাক উদ্ধৃত কৰি দিছে সেই বিলাক শুদ্ধ অসমীয়া ভাষাৰ পদ মাত্র অন্য নহয়, কেবল লিখকে অসমীয়া ভাষা নাজানা হেতুকে মাঝে মঝে দুই এটি পদ অশুদ্ধ কৰিছে। যথা পশিলে স্থলত "পয়লো" "আবে দুই পুতাই পৰিছেদি চাহ। মোক" স্কুলত "আবে দুই পুতাই পড়িবে দাবাহা মোক"। অনন্ত কন্দলীব লেখা শঙ্কৰ মাধর দেরৰ লেখাৰ আগত জিলিকিব নোৱাবৰ আৰু এটা কাবণ তেওৰ লেখা বিলাক অতি চুম্বক আৰু তিমান মিঠা নহয়। এই "অনন্ত বামায়ণ " খনি অসম দেশত বামকীত্তণ নামে বহুত দিনৰ পৰা সর্বত্র বিদিত হৈ বর্তমান আছে।

মহামান্য ক্ৰিয়াৰচণ চাহাবে এই বুলি অসমাযা ভাষাব বিষয়ত লিখিছে "অসমীয়া ভাষাৰ ব্যাকৰণ বিষয়ত বঙ্গালা ভাষাত কৈ বেহাবা (হিন্দি) ভাষাব লগত বেশী সম্বন্ধ থকা প্রমাণ কৰিব পৰা যায়। আক বামায়ণ মহাভাবত আদি পুথি অসমীয়া ভাষাত প্রায় চাবিশ বছবব পূর্বের অনুবাদ হৈছিল। কিন্তু বঙ্গালী ভাষা উনৈশ শতাব্দিৰ পূর্বের লিখিত ভাষ্য স্বরূপে থকা বুলিব নোরাবি" এনে এজন পণ্ডিতৰ সিদ্ধান্তে ওপৰত লিখা কথা বিলাকৰ সমর্থন কবিছে।

অসমীয়া ভাষ্য যে সবল, শুললিত আক শুন্দব এটি স্বতন্ত্র ভাষ্য, আনো অনেক

ইংৰাজ পণ্ডিত সকলে সিদ্ধান্ত কবি গৈছে। সুতবাং সেই বিষয়ে বাহুলা লিখা অনাবশ্যক; আমি এতিয়া এই সাতকাণ্ড বামায়ণ সম্বন্ধে যি কব লগীয়া কথা আছে তাকে লিখিলো। সংস্কৃত ভাষাত বাল্মীকি বচিত ৰামায়ণ যেনে আদি পদ পুথি, তেনেকুরা অসম দেশৰ কবিকুল চূড়ামণি মাধৱ কন্দলাৰ অসমীয়া ভাষাত ভাঙ্গনি ৰামায়ণ (যদিও তেওঁৰ আগৈয়ে কোনো কোনো সক পুথি বচনা গৈছিল তথাপি) গাদি পদ বুলিলে অত্যুক্তি নহব পায়।

কবিকুল চূড়ামণি মাধরকন্দলায়ে মহামাণিক্য ববাহ ৰজাব আজ্ঞাবে সাতোকাণ্ড বামায়ণ অসমীয়া ভাষাত ভাঙ্গি পদ করে। লঙ্কাকাণ্ডব শেষত যি ভনিতা দিয়ে তলত লিখা হল। তার দ্বারাই পাঠক সকলে বুজিব পাৰিব। কবিৰাজ কন্দলীযে

আমাকেসে বলিরয়,

কৰিলোতো সর্ববজন বোধে।

ৰামায়ণ স্তূপয়াৰ

শ্রীমহামাণিক্য যে,

ববাহ বাজাৰ অনুবোধে।

সাতকাণ্ড ৰামায়ণ

পদবন্ধে নিবন্ধিলে।

লম্বা পৰি হৰি সাবোচ্চু তে।

এতিয়া আকৌ গমি চোর। যাওক মহামাণিক্য ববাহ বঙ্গানো কোন দেশৰ বজা থাক কোন সময়ত বাজত্ব কৰিছিল? অসমব সকলো মানুহেই জানে যে কছাৰি দেশব বঙ্গা সকল জয়ন্তাপুৰত থাকি বাঙ্গঙ্গ কথা বাবে জয়ন্তাপুবেশ্বৰ বুলি প্রখ্যাত হৈছিল। আৰু দ্বাদশ শতাব্দিৰ পথা চতুর্দশ শতাব্দিলৈকে জয়ন্তাপুৰৰ ৰজ্ঞা সকলে সাধাৰণতঃ "বৰাহি ৰঙ্গা” বুলি অভিহিত হৈ অসমৰ নগাঁও জিলালৈকে অধিকাৰ কৰিছিল আৰু অসমৰ প্রধান কবি মাধৱ কন্দলীৰ জন্মস্থান নওগাঁওৰ আলি- পুখুৰিত হোৱা বাবে তেওঁ জয়ন্তাৰ বজাৰ প্ৰজা আছিল। সুতৰাং নিজ দেশব ৰজাৰ অজ্ঞাত যে তেওঁ ৰামায়ণ অসমীয়া ভাষাত ভাঙ্গি পদ কৰিছিল সেই বিষয়ত আৰু সন্দেহ কৰিব লগীয়া কথা নায়।

দ্বিতীয়তঃ জয়ন্তাপুৰৰ পুৰণি বুৰঞ্জীৰ বিবৰণত দেখা গৈছে দ্বাদশ শতাব্দিৰ পৰা চতুৰ্দ্দিশ শতাব্দিৰ ভিতৰত "মাণিক" উপাধি থকা তিনিজন বক্তা হৈছিল। তেওলোকৰ নাম বিজয় মাণিক, ধন মাণিক, আক যশ মাণিক এতেকে ৰামায়ণ ভাঙ্গনি কৰোতা ৰজা এও লোকৰ তিনিজনৰ এজনা অবশ্যে হব পায়।

জয়ন্তাপুৰৰ ৰজা সকল পূর্বের খাসিয়া জাতীয় আছিল, পাছে তেওঁলোকে হিন্দু ধৰ্ম্ম গ্রহণ কৰি হিন্দু বুলি পরিচয় দিছিল। ১৮৩৬ খ্রীষ্টাব্দত শ্রীযুক্ত লক্ চাহাবে জয়ন্তাপুৰৰ পূৰ্বৰ ৰজা সকলৰ নাম, বাজ্য ভোগৰ সময় আক বঙ্গা হোরা চন তলত লিখাৰ দৰে লিখি গৈছে।-

নাম

বছৰ

সন

১। বৰ গোহাঞি

৪৩

১১৩৬

১৭২৯

২। ছত্র সিংহ

১১৭৯

১৭৭২

৩। যাত্রা নাৰায়ণ

১১৮৮

১৭৮১

৪।

বিজ্ঞয় নাৰায়ণ

১১৯৩

১৭৮৬

৫। বাম সিংহ

৪৩

১১৯৬

১৭৮৯

৬। ৰাজেন্দ্ৰ সিংহ

২॥

১২৩৯

১৮৩২

(বাজ্যচ্যুত হয় ১২৪১ চন অর্থাৎ ১৮৩৪ খ্রীষ্টাব্দ)

শ্রীযুত গেইট চাহাবে জয়ন্তাপুৰৰ বুৰঞ্জী বিষয়ক যি টীকা লিখিছে তাত ওপৰত

লিখা বৰ গোহাই ৰজাৰ আগৈয়ে ষোলজন ৰজা হোৱাৰ কথা লেখিছে। যথা-

১। পর্ববত ৰায়

৭। ধন মাণিক

১৩। প্রতাপ সিংহ

২। মাজু গোসাঞি

৮। যশ মানিক

১৪। লক্ষ্মী নাৰায়ণ

৩। বুৰা পৰ্ববত ৰায়

৯।

সুন্দৰ ৰায়

১৫।

বাম সিংহ

৪। বৰ গোসাঞি

১০। ছোট পর্ববত ৰায়

১৬। জয় নাৰায়ণ

৫। বিজয় মাণিক

১১। যশমন্ত বায়

৬। প্রতাপ ৰায়

১২।

বাণ সিংহ 

জয় নাৰায়ণে ১৭১০ ইংৰাজী শকত (দেবশক ১৬৩২) নিজ পাত স্থানত নিজ বাজধানী স্থাপন কৰিছিল। ওপৰত লিখা জয়ন্তাপুৰৰ বঙ্গা সকলৰ তালিকাৰ দ্বাৰাই ভালকৈ জানিব পাৰি

যে মহামাণিক্য ৰজা ওপৰত লিখা (৫) বিজয় মাণিকা (৭) ধন মাণিক্য (৮) যশ মাণিকা এই তিনজনৰ ভিতৰত এজন সম্ভবতঃ হব পাৰে। কাৰণ চৌদ্ধ কি পোন্ধৰ শতাব্দিত মাণিক উপাধিৰে আন ৰজা হোৱা নাছিল। এতেকে মহামাণিক ৰজা যে, এও লোকৰ তিনজনৰ এজন বজা আছিল এইটা শ্বিব কৰিব পাবা যায়।

তৃতীয়। জয়ন্তা বা কছাৰি ৰজা যে "বৰাহ বঙ্গা" আছিল তাৰ প্ৰমাণ কছাৰি ৰজাক "বৰাহি বজা” বুলি অসম বুৰঞ্জীত লিখিছে আৰু কছাৰি বিলাকে আজিলৈকে "বৰা বা বৰ" (বড় মান সেইয়া) বুলি পৰিচয় দিয়ে, কেবল "বৰাহৰ" স্থলত "বৰা" বা "বৰ" হৈছে। ওপৰত লিখা কথা বিলাক গমি চাই জয়ন্ত। দেশৰ বিজয় মাণিক কিম্বা ধন মাণিককে, মাধব কন্দলীয়ে "মহামাণিক ববাত যজ্ঞ।" বুলিছিল আক সেই বজাৰ দিনতে তেও চৌদ্ধ কি পোন্ধৰ শতাব্দিত সাতকাণ্ড ৰামায়ণ অসমীয়া ভাষাত পদবন্ধে সংস্কৃতৰ পৰা ভাঙ্গনি করা সুস্থির হয়। কারণ চৌদ্ধ আৰু পোন্ধৰ শতাব্দিৰ ভিতৰত সেই দুজন ৰজা জয়স্তা পুৰৰ ৰজা চোৱা সুন্দৰ ৰূপে অনুমান হয়।

চতুর্থ। শঙ্কবদের পঞ্চদশ শতাব্দির প্রধান কবি কৈ এই দেশর বিখ্যাত হয়। শাবদেৱে উত্তৰাকাণ্ড ৰামায়ণত মাধৱকন্দলীৰ বিষয় এই রূপে লিখিছে। পূর্বর কবি অপ্রমাদী মাধব কন্দলা আদি,

তাহান পদক চাই

তেইে বিৰচিলা কৃষ্ণ কথা।

নিবন্ধিলো পদ আমি

ইত্যাদি।

সুতৰাং মাধরকন্দলী চৌদ্ধ শতাব্দিব শেষত বা পোন্ধৰ শতাব্দিৰ আৰম্ভত এই দেশত সকলো কবিবে যে আহি হৈ উঠিছিল এই সিদ্ধান্ত কৰা অযুগুত নহব পায়।

(২) ৰামায়ণ সাতো কাণ্ড মাধর কন্দলীয়েই সংস্কৃত মূলৰ পৰা অসমীয়া ভাষাত ভাঙ্গি যে পদ কৰিছিল, তেওঁ নিজে লঙ্কাকাণ্ডৰ শেষত দিয়া ভনিতাৰ দ্বাৰাই জানিব পাৰা হৈছে। কিন্তু আমি এতিয়া দেখিছে। অসমীয়া ৰামায়ণৰ আদিকাণ্ড মাধর দেৱৰ দ্বাৰাই অক শেষ উত্তৰাকাণ্ড শঙ্কৰদেৱৰ দ্বাৰাই অসমীয়া ভাষাত পদবন্ধে বচিত হয়। আৰু বাকী ৫ কাণ্ড অযোধ্যা, অৰণ্য, কিষ্কিন্ধা, সুন্দৰা আক লঙ্কাকাণ্ড মাধর কন্দলীৰ থাকে। শঙ্কৰদেৱে উত্তৰা- কাণ্ডত দিয়া ভাঙ্গনি দ্বাবাই দেখা গৈছে যে, মাধৱকন্দলীৰ সময়ত ৰাজ্যত কোনো উপদ্রব নাছিল। পিছত কছাৰি ৰজাক নওঁগাওব পৰা খেদি পঠোরাত ৰাজ্য বিপ্লব হয়। আৰু সেই বিপ্লবত মাধৱকন্দলীৰ হাতে লিখা আদি কাণ্ড আৰু উত্তৰা কাণ্ড নষ্ট হয়, কেবল বাকী ৫ কাণ্ড থাকে। দেরে কেরল পাচ কাণ্ড মাত্র পায়। ৰামায়ণ পুথি খনি অসম্পূর্ণ হৈ থকা দেখি মাধরদেরে আদি কাণ্ড আক শঙ্কৰ দেৱে উত্তবাকাণ্ড মূল সংস্কৃতৰ পৰা ভাঙ্গি অসমীয়া ভাষাত পদকবে। সেই কাৰণে বৰ্তমান অসমীয়া ৰামায়ণ তিন জন অসমৰ প্রধান কবিৰ দ্বাৰাই ৰচিত হোরা আমি দেখিবলৈ পাইছোইক। শঙ্কব আক মাধর-

(৩) দাননাথ বেজবকরা ডাঙ্গৰীয়াই লিখি যোৱা কথা আক কছাৰি বজাৰ অধীন নওগাও এলাকাৰ মানুহ ভিন্ন মাধৱকন্দলী কৰ মানুহ সেই বিষয় জানিবলৈ অন্য লিখিত প্রমাণ আমি অনেক অনুসন্ধান কৰিও নাপালা। নও- গাওৰ আলি পুখুৰীয়েই তেওঁৰ জন্ম স্থান স্থিৰ কৰাটি অযুগ্য হব নাপায়। কাৰণ আমাৰ দেশৰ কন্দলী বংশ প্রথমে তাতে বাস কৰিছিল বুলি জানা যায় আৰু সেই বংশৰ মুখোজ্জ্বল করা মাধৱ কন্দলী ভিন্ন অন্যান্য অনেকেই কবিত্ব শক্তিৰ পৰিচয় দি অসমীয়া ভাষাত অনেক পদ পুথি লিখিথৈ গৈছে যথা-অনন্ত কন্দলী, শ্রীধৰ কন্দলী, মহেন্দ্র কন্দলী ইত্যাদি। মাধরকন্দলী আদি কবি হৈ নিজ দেশতে আছিল। কাৰণ তেতিয়া কছাৰি উপদ্ৰৱ হোৱা নাছিল। কিন্তু তেওৰ পিচত তেওঁৰ বংশত যি সকলে জন্ম গ্রহন কবি, কবি হৈ উঠিছিল সি বিলাকে কথিত উপদ্ৰৱৰ কাৰণ নিজ দেশ পৰিত্যাগ কৰি নামনি দেশ হাজে। আদিত আহি বাস কৰা প্ৰমাণ পোৱা গৈছে।

(৪) মাধৱকন্দলীৰ আন কিবা নাম থকাৰ একো প্রমান নাই। কিন্তু • দীননাথ বেজ বকরা ডাঙ্গৰিয়াই এটাইবোৰ বামুণীয়। কবিকে একেজন কৰি অর্জুনৰ নিচিনা দশ নাম আৰোপ কৰিছে। কিন্তু বেজ বকরা ডাঙ্গৰীয়াৰ এইটি ভুল ভিন্ন অন্ত্য নহয়। অনন্ত কন্দলী, ৰাম সৰস্বতী, শ্রীধৰকন্দলী প্রভৃতি কবি বেলেগ বেলেগ মানুহ বুলি প্রমাণ পোরা গৈছে। আনন্দৰাম ঢোকিয়াল ফুকন আৰু গুনাভিৰাম বকরা ৰায় বাহাদুৰেও অনন্ত কন্দলী আৰু বাম সৰস্বতী একে জন মানুহ বুলিছিল। কিন্তু তেওঁলোক যে একে জন মানুহ নহয় সেই কথাৰ প্ৰমাণ পোৱা গৈছে। 

(৫) ৰামায়ণ ভিন্ন মাধৱকন্দলীৰ ৰচিত "দেবজিৎ" নামে এখনি পুথি ও দেখিবলৈ পাইছোঁ। কোনো কোনো লেখকে এই পুথি খনি লিখাৰ শক ১৪৯২ বুলি লেখিছে। কিন্তু এইটি সম্পূর্ণ ভুল। কাৰণ শঙ্কবদের ১৩৭১ শকত জন্ম গ্রহণ কৰি ১৪৯০ শকত লোকান্তৰ হয়, আৰু তেওঁৰ পূৰ্ব্ব কৰি মাধব- কন্দলী হোৱা বুলি শঙ্কৰদেৱে নিজে লিখি গৈছে। এনে স্থলত তেওঁৰ দুই বছৰৰ পিছত "দেরাজিৎ" মাধৱকন্দলীৰ দ্বাৰাই ৰচিত হোৱা কথাটা যুক্তি যুক্ত নহয়। বোধকৰে। লেখকে নকল কৰা শক দিছিল। সেইটিকে মূল শক বুলি ধৰিছে।

22
প্ৰবন্ধ
অসমীয়া সাহিত্যৰ চানেকী
0.0
ভাৰতব উজ্জ্বল বহু চাব আশুতোষ মুখাজিব বহু চেষ্টাৰ ফলত্ব কলিকতা বিশ্ববিদ্যালয়ে যেতিয়। ভাৰতীয ভাষ। বিলাকক এম, এ মহলাত ঠাই দিলে, তেতিয়া ভাৰতৰ আন আন ভাষ্য বিলাকৰ লগত অসমীয়া ভাষাকে। সেই শাবিত বহুৱাবলৈ অসমীয়া ভাষা আৰু আসামৰ উচ্চশিক্ষাৰ পৰম বন্ধু চাব আশুতোষ মুখাজিয়েই প্রথমে প্রস্তার কবে। যদিও সেই প্রস্তাবত বিশ্ববিজ্ঞালয়ৰ আন আন বঙ্গালী কণ্ঠ। সকলে বহুত হকাবধ। কৰিছিল তথাপি আসাম-বন্ধু মুখার্জি মহোদযৰ অহে। পুৰুষাৰ্থত তেখেতৰ চেস্টা ফলরতা হল আৰু অসমীয। ভাষাই বিশ্ববিদ্যালয়ব সর্বোচ্চ মহলাত ভাৰতৰ আন আন ভাষাৰ লগত ঠাই পালে। ১৯১৮ চনত "চেডলাব কমিচনৰ" লগত চাৰ আশুতোষ মুখার্জি মহোদয় যেতিয়া গুৱাহাটীলৈ যায় তেতিয়। গুরাহাটীত তেখেতে আসামৰ কেইবাজনা গণ্য মান্ড সাচিত্যিক আক শিক্ষিত মানুতব লগত অসমীয়া ভাষা বিশ্ববিদ্যালয়ৰ এম. এ মঙ্গলাও তোলাৰ সম্বন্ধে আলোচনা কৰে, আৰু সেই উদ্দেশ্যে অসমায়া ভাসাৰ গাদিবে পর্ব। বর্তমান সময়লৈকে প্রধান প্রধান লিখক সকলৰ লিখাব পৰা অলপ অলপ তুলি গোটাই এখন পুথি যুগুত কৰা স্থিৰ হয়। সেই গুক কামৰ ভাব আমার প্ররাণ সাহিত্যিক, আসামর একমাব প্রত্নতত্ববিদ, পণ্ডিতপ্ররব শ্রীযুক্ত হেমচন্দ্র গোস্বামা দেৱক দিনা হয়। গোসাইদেরে বহু পৰিশ্রম কবি ১৯২১ চনত সেই পুপি গোটাই বিশ্ববিস্থ্যালয়ৰ হাতত দিয়েহি। সেই সময়তে আসামৰ কৃতা সন্তান ভাবত বিখ্যাত দর্গার ভোলানাথ বকরাই এই পুথি চপাবলৈ বিশ্ববিদ্যালযক দহাতেজার টকা দিবলৈ প্রতিশ্রুত হয়, আৰু তাৰ ছহেজাৰ তেতিয়াক বিশ্ববিদ্যালযক দিয়ে। সেই টকাবে বিশ্বদ্যিালয়ে নিজৰ প্ৰেচতে পৃথি ছপাবলৈ আৰম্ভ কৰে। আস্ত সেই ঢপা কাস।ব তত্বাবধান কৰিবলৈ বিশ্ববিজ্ঞ্যালয়ৰ পৰা আমাৰ ওপৰত ভাৰ দিয়া হয়। গোটেইখন পৃথি তিনি সণ্ডকৈ ভাগোরা হৈছে। আদিৰে পৰা ইংৰঙ্গী ১৫ শতিকাৰ শেহলৈকে প্রথম এপণ্ড, ১৬ শতিকাৰ আৰম্ভবে পৰা ১৮ শতিকাৰ শেহলৈ দ্বিতীয। খণ্ড, আক. ১৯ শতিকাৰ আৰম্ভৰে পৰা বৰ্ত্তমান সময়লৈ তৃতীয়া খণ্ড। প্রত্যেক খণ্ডই প্রায় ৭০০ পিঠিৰ একোখন বৃহৎ পুথি হব।
1

অসমীয়া সাহিত্যৰ চানেকি।

28 November 2023
0
0
0

  সুর্য্য খড়ি দৈবজ্ঞ। [এই লিখক জনৰ জন্মভূমি মঙ্গলদৈ আছিল। তেওঁ ইংবাজী ১৮ শতিকাৰ শেহ ভাগত জন্মগ্রহণ কৰিছিল। তেওঁ সেই কালৰ এজন বিখ্যাত পণ্ডিত আছিল। তেওঁ অসমীয়া ভাষাত দৰঙ্গবাজবংশাৱলী আৰু সংস্কৃত ভাষাত ব

2

রতিকান্ত দ্বিজ।

29 November 2023
1
0
0

এই জন কবি মঙ্গলদৈ অঞ্চলৰ এজন ব্রাহ্মণ আছিল। তেওঁৰ পূৰ্ব্বপুৰুষ আদিৰ বিষয়ে কোনো কথা এতিয়াও জানিত্ব পৰা নাই তেওঁ দৰঙ্গ ৰজাৰ সভাৰ এজন বিখ্যাত পণ্ডিত আছিল। তেও গড়ঙ্গনাৰায়ণ ৰজাৰ আদেশত “ৰাজবংশাৱলী" নামেৰে এ

3

পশু ৰাম দ্বিজ।

30 November 2023
0
0
0

ধৰ্ম্ম পুৰাণ। দ্বিজ সকলোরে একদিনা সুবেকত, কৰিলেক ধৰ্ম্ম প্রশ্ন ব্যাসৰ আগত ॥ দ্বিজগণ নিগদতি ব্যাস মুনিবৰ। পূণ্যতো উত্তম পুণ্য উত্তম ধৰ্ম্মৰ । কোন নামে হস্ত ইহু কাহাক আচবি, অক্ষয় স্বর্গক পারে পাপক সংহ

4

শ্রীকাশীনাথ ভামুলি ফুকন।

30 November 2023
2
0
0

আসাম দেসব ডাঙ্গবিযা গণ প্রভৃতি বিসযাব নিবন্ধ ॥ সম্প্রতি মহুদানুসাবে, বিসযাব নাম লিখা জাই। জি জি একে মর্জাদাৰ সেই সকলক একে চেদব মাজতেই লিখা জাব; তাতে লিখাৰ আগ পাচ ক্রমে মর্জদাতো আগ পাচ আচে। সেই আগ পাচ

5

অৰুণোদয়।

1 December 2023
0
0
0

জাত্রিকব জাত্রা। The Pilgrim's Progress. এই জগতব অবণ্যৰ মাজে মই ফুৰি জাওতে জি এখন ঠাইত এটা গাঁত আচিল, এনে ঠাই পালোঁহি। তাতে পৰি সুই থাকোঁতে এক সমাজিক দেখিলোঁ। গাত ফটাচটা কাপব পিন্ধি, আপোনাৰ ঘৰৰ ফালল

6

শ্রীযুত বাবু আনন্দিৰাম ফুকন কর্তিক।

1 December 2023
0
0
0

এই অসম দেশ নিবাসি লোক সকলে স্বদেশত বাজে পৃথিবীত আন আন যি সকল বব সব দেশ আছে তাৰ একো কথাৰ ভু নেপাই, সেই হেতুকে সিবিলাকে আপোনাৰ দেশ অতি চৰ অৱস্থাত আছে বুলি নেজানে, এতেকে সম্প্রতি পৃথিবীব ভিতৰত অতি আচবিত

7

নিলিবাম ফেয়াবউবেল

2 December 2023
2
0
0

History of Hindustan, From the Dig Dorson. গজনিৰ বাদস্যা মহমদব দোআবাই হৃষ্ট কবাব পরা মচলমান লোকৰ বাজ্য নস্ট কবি ইংলণ্ডিযাবিলাকৰ বাজ্য পাপন তোমালৈকে হিন্দুস্থানব বৃবঞ্জি ইযাত আক পাচতো লিখা জাব। জি নান

8

যজ্ঞৰাম দেওলাই বৰুৱা।

2 December 2023
1
0
0

আহোম ভাষার পর। ভঙ্গা পুৰণি বৃবঞ্জা। কোচবণ:-লালি বাইচান (১৪) সকত চূড়-কুড়ম আক ডেপু নামে দুজন কোচ বজাৰ সেনাপতিযে আতি শলা পালেছি, আমার লোকেও গৈ শলাত থাকিল গৈ। পাচে সিহঁত দুযো লুইতে উজাই দিখৌ মুখ পালেহি।

9

পূর্ণানন্দ ডেকা বৰুৱা।

4 December 2023
0
0
0

১৮৫৮ সন পবহিতৈষিতা অর্থাৎ পরোপকাব "নোপকাবাং পরোধম্মঃ”। আসাম দেস হিতৈসিনি সভাব বচনাব সাব সংগ্রহ। জি দেসৰ মানুহব বুদ্ধি বৃতি অলপমান মার্জিত হৈছে, আাক জি দেসব মানুহৰ কিঞ্চিত ধর্মাধর্মব বোধ আঢ়ে, তেওঁবি

10

হেমচন্দ্ৰ বৰুরা।

6 December 2023
0
0
0

কোরা ভাতুবী। কোৰখনিয়া সত্ৰৰ গোবন্ধনদেউ আতা পৰম বৈষ্ণর, কংশ বঙ্গাব চন্দন-যোগাতী কুঁঙ্গী-বাইৰ বংশত জাত, সাক্ষাত গুৰুজনব পৰা পৰমাৰ্থৰ ভাগ-পোৱা গোপীনাথদেউ মাতাৰ পৰিনাতি। ঘোষা, কাউন, বত্বারলা, এই তিন খানি

11

পাই-মালা।

6 December 2023
0
0
0

সম্মান। ঈশ্বর, পিতৃ-মাতৃ, শিক্ষক, দেশর অধিকার আক বুঢ়া লোক, এই সকল সন্মানর পাত্র। যি আদি কাবণব পরা এই পবিদৃশ্যমান জগতব উৎপত্তি হৈছে, সেই কাৰণৰ নামেই ঈশ্বব। তেওঁ সকলোবে আদি, কিন্তু তেওঁর আদি নাই; সকলো

12

গুনাভিৰাম বৰুৱা।

7 December 2023
0
0
0

সৌমার ভ্রমণ। এই অসম দেশ আমাৰ মাতৃভূমি। আমি ইয়াতেই উপজিছো। ইয়াতেই শিক্ষা পাইছো। এই দেশব নামেই আমি সংসার হাটত বিকা হই আছো। জননী যেনে আদবনীয়া আক পূজনীয়া এই আমাৰ জন্মভূমিও আমাৰ পক্ষে তেনে মৰম আৰু সেরাব থ

13

বমাকান্ত চৌধুৰী।

7 December 2023
0
0
0

অভিমন্যু বধ কাব্য। প্রথম সগ। দশ দিন যুদ্ধ কৰি ভীষ্ম মহাবলা যেতিয়া শুইল। বাৰে শৰ আসনত, মহাৰণী পাণ্ডবেও, আনন্দ মনেৰে, বঙ্গাইল। ঢাক, ঢোল, শিক্ষা, কৰতাল, জগঝম্প, ভেৰি, দবা। আপুনি শ্রীচাৰ, নিজ বাস্থ্য শঙ

14

বঘুদেৰ গোস্বামী।

8 December 2023
0
0
0

আত্ম পৰিচয়। মহাদি দিপক তাতে কৰিয়া শকত। বিন্দুগঞ্জ দিয়া পাচে কৰিয়া যুগুত ॥ মিথুন মাসৰ জানা ৰোহিনীক পাই। সমাপতি ভৈল শাস্ত্র পদ সমুদাই। আমি অল্পমতি হুয়া বচিলে। পয়াৰ। গোবিন্দৰ লীলা বুলি কবিয়ো আদৰ। জখলাবন

15

ইন্দিলৰ বৰুৱা।

8 December 2023
0
0
0

জীৱনাদর্শ। মহাবাজ। বুদ্ধিস্বর্গ নাবায়ণ। বৃদ্ধিস্বর্গ আসামৰ এজনা ক্ষমতাপন্ন বাঙ্গা আছিল। ১৪৭৪ শকত (১৫৫২ খৃঃ অব্দ) এওঁৰ জন্ম হয়। ১৫৩৩ শকত এওঁর পিতা গোঁড়াবাজা স্বর্গী হলত এওঁ বাজা হল। আহোম মতে এও'ব নাম

16

কালি ৰাম বৰুৱা।

8 December 2023
0
0
0

কামাখ্যা কামাখ্যা (কাম + আখ্যা) কাম শব্দে ইচ্ছা আখ্যা শব্দে নাম। যাব নাম হৈছে কাম, এতেকে কামাখ্যা। প্রলয় কালত এই জগত এনে প্রকৃতিত লীন আছিল যেই প্রত্যক্ষ অনুমান আক শব্দ এই তিনি প্রকাৰ প্ৰমাণৰ বিষয় নাছ

17

গোপীনাথ চক্রবর্তী।

9 December 2023
0
0
0

কলঙ্ক ভঞ্জন। কৃষ্ণের চরণ ধবি, বোলে বাধা বজেশ্ববা শুনাচে মুবলা দাবী, মোর মনো দুঃখ। গাও ত সিগিলা আছে গিরি, সকলে বলে বাচরা ভিবি, এই দুঃখে উল্যারা নবো মুখ। যদি ফুৰিবা যান্ড করবো বাড়া, আতিল যেঢ় বব গ

18

বলিনাৰায়ণ বড়া।

11 December 2023
0
0
0

উচ্চশিক্ষা। আসাম ভাৰতবৰ্ষৰ পিচ পৰিণাকা প্রদেশবিলাকৰ ভিভবত গল্প। বাস্তবিকে যি দেশত সুশিক্ষিত, ধনী আক ব্যবসায়ী মাশুহব সংখ্যা তাকৰ সি আজি কালিৰ সভ্য আৰু আগবাঢ়া দেশবিলাকৰ সমকক্ষ হব নোৱাৰে। অসমীয়া মানুহ অ

19

মাধবচন্দ্ৰ বৰদলৈ। (বায়বাহাদুৰ)

11 December 2023
1
0
0

অসমীয়া সাতকাণ্ড ৰামায়ণ। BIR BIKRAM LIBRARY. E Agartala w অতিপূর্বের গোটেই অসম দেশকে কামৰূপ বুলিছিল ইয়াৰ সীমা পূবে দিকৰাই আক পশ্চিমে করতোরা, সুতৰাং বর্ত্তমান সময়ৰ ব্ৰহ্মপুত্ৰৰ উপত্যকা প্রদেশ খণ্ডকে ক

20

কমলাকান্ত ভট্টাচার্য্য।

12 December 2023
1
0
0

অসমৰ উন্নতি। শিতানত আঁকা প্ররন্ধটি আজি আপোন দেশী ভাই সকলৰ ওচৰত আলচ পাতি চাও। "অসমৰ উন্নতি" এই কথাষাৰি এবাৰ উশাহ নিশাহত অন্য নিয়া কৰোঁতেই ওৰ পৰে। চিন্তাৰ বাটত হতাশে টানকৈ ভেঙ্গাৰ মাৰি আগচি ধৰে। শিক্ষি

21

কমলাকান্ত ভট্টাচার্য্য।

12 December 2023
0
0
0

অসমৰ উন্নতি। শিতানত আঁকা প্ররন্ধটি আজি আপোন দেশী ভাই সকলৰ ওচৰত আলচ পাতি চাও। "অসমৰ উন্নতি" এই কথাষাৰি এবাৰ উশাহ নিশাহত অন্য নিয়া কৰোঁতেই ওৰ পৰে। চিন্তাৰ বাটত হতাশে টানকৈ ভেঙ্গাৰ মাৰি আগচি ধৰে। শিক্ষি

22

পূর্ণিমাৰ ৰাতিলৈ চাই।

12 December 2023
0
0
0

জোনাক বাতিটা রূপহী কাটিী শুরায় জগত কিনো বিতোপন, নিচুক জগত নিদ্রাৰ কোলাত এনেনো গভীব নিদিলে আশ্রয় আজি কিয় মন নেষাও টোপনি কোনে মন্ত্র মাতি হবিলে চেতন কি কারণে আজি টোপনি নাই, শান্তি কোলা পাতি ম

---

এখন কিতাপ পড়ক