shabd-logo

বলিনাৰায়ণ বড়া।

11 December 2023

0 দৰ্শন কৰা হৈছে 0

উচ্চশিক্ষা।

আসাম ভাৰতবৰ্ষৰ পিচ পৰিণাকা প্রদেশবিলাকৰ ভিভবত গল্প। বাস্তবিকে যি দেশত সুশিক্ষিত, ধনী আক ব্যবসায়ী মাশুহব সংখ্যা তাকৰ সি আজি কালিৰ সভ্য আৰু আগবাঢ়া দেশবিলাকৰ সমকক্ষ হব নোৱাৰে। অসমীয়া মানুহ অশিক্ষিত আক নির্ধনী, এই কথা সকলোৱেই জানে। যি যি কাৰণ গতিকে অসমীয়া মানুহৰ ধন নাইকিয়া হইছে, তাক আসামৰ ইতিহাসৰ পাতে পাতে উলিয়াব পাৰি; কিন্তু কিৰ নিমিত্তে ইয়াৰ মানুহ অশিক্ষিত, তাৰ কথা আসাম বুৰঞ্জীত বিচাৰিলে পোৱা নেযায়। পাশ্চাত্য শিক্ষা দেশত সোমোৱাৰ ভালেদিন আগেয়ে প্রাচ্য সভ্যতা ভাবতবর্ধব সকলে। দেশতে লুপ্ত হইছিল। এতেকে আগৰ দিনত আসামব মানুহ কিমান দূর শিক্ষিত আছিল সেই কপাব অনুসন্ধান কৰি এতিয়া একো ফল নাই। পাশ্চাত্য শিক্ষাৰ সুফল আসামত এতিয়ালৈকে ফল। নাই কিয়, সেয়েহে সুধিব লগীয়া। ইংৰাজি শিক্ষা এই দেশত প্রচলিত কৰা বহুবছৰ হল। তথাপি ইমান দিনে ইংরাজি শিক্ষাত পার্গত তোরা অসমীয়া মানুহ ইমান তাকৰ কিয়, এই বিষয় অনুসন্ধান কৰিবলৈ স্থানীয় গবর্ণমেন্টে এটা কমিটি স্থাপন কৰা আবশ্যকীয় হইছে যেন বুলিব পাৰি। আজি আড়াই কুড়ি বছৰতকৈও সৰতদিন ইংবাজি শিক্ষা দিও যদি আসামত শিক্ষিত মানুষ সংখ্যা চখন হাতবে আঙুলিৰ মূৰত লিখিব পাৰি তেনে হলে নিশ্চয়, হয়, শিক্ষা প্রণালীৰ দোষ, নভয় অসমীয়া মামুহ এনে গাধ যে সিহঁতক শিক্ষিত কৰিবলৈ যিবোৰ স্কুল পাতা গইছে তাক বন্ধ কৰাই ভাল। আমাৰ মনত হলে এনে বিবেচনা নহয় যে আন আন জাতীয় মানুহতকৈ অসমীয়া মানুহৰ বোধ শক্তি বা শিক্ষিত হবব ইচ্ছা অলপও কম। যি দেশত সিদিনালৈকে স্বাধীন বাজাৰ শাসন আছিল, আৰু সেই শাসন এতিয়াৰ দিনৰ সুসভ্য পাশ্চাত্য শাসনৰ নিয়মত চলিছিল, যি দেশত ৰাজাৰ ক্ষমতা প্রজাৰ ইচ্ছাৰে কিছু পৰিমাণে বন্ধা আছিল, যি দেশত সমাজৰ স্বায়ত্ব শাসন প্রণালী আজিলৈকে গাঁওএ গাঁওএ চলি আছে, সেই দেশৰ মানুহৰ বোধ শক্তি নিচেই লঘু বুলিব নোৱাৰি। এতেকে এই দেশত শিক্ষাৰ উন্নতি নোহোৱাৰ বাবে ইয়াৰ শিক্ষা প্রণালীকে আৰু অসমীয়া মানুহৰ আবশ্যকতা সম্পর্কে গবর্ণমেণ্টৰ অজ্ঞতাকেহে দুষিৰ লগীয়া বুলি আমি ভাবিছোঁ।

বহু আগৰ পৰা যদিও ভাটিৰ দেশৰ মানুহ আসাম দেশলৈ আহাযোরা কৰিছিল, তথাপি এই দেশে সইতে, দুর্গম পথৰ নিমিত্তেই হওক কি অইন কাৰণ গতিকেই হওক, ভাৰতবৰ্ষৰ আন আন দেশৰ যে ঘন সম্বন্ধ নাছিল এই কথা নেমানি থাকিব নোৱাৰি। এতিয়ালৈক বঙ্গদেশত এনেকুৱাহে বিশ্বাস আছিল যে বঙ্গালী মানুহ আসামলৈ আহিলে ভেবা ছাগলী হই যায়। এই বিশ্বাস সঁচাই হওক বা মিছাই হওক, আসাম যে দুর্গম ঠাই এই কথা বাঙ্গালীৰ মনত আজিলৈকে বিশ্বাস। এই বিশ্বাসৰ গতিকেই সহজে বঙ্গালী মানুই এই দেশলৈ আহিব নোখোজে। সুশিক্ষিত বঙ্গালী যদি নিজ দেশত এশ টাকা আড্ডিবলৈ পাৰে, তেনেহলে দুশ টাকাৰ নিমিত্তেও যে আসামলৈ আহিব নোথেজে, এই কথা গবর্ণমেন্টে নেজানিলে নেজানিব পাৰে, কিন্তু সকলো বঙ্গালীযে জানে। আসামত যি উচ্চ শিক্ষা হইছে সি মাথোন বঙ্গালীৰ মুখে পড়িয়েই হইছে, আৰু ভালেদিনলৈকো বঙ্গালীয়ে শিখালেহে আসার্মত উচ্চশিক্ষা হব। তেনেহলে সুশিক্ষিত বঙ্গালী মানুহক যিহতে এই দেশলৈ আনিবলৈ সুচল হয় তাৰেহে পুৰুষাৰ্থ কৰিব লাগে। আমাৰ স্থানীয গবর্ণমেন্টে এই বিষয় কিমান পুকযার্থ কৰিছে আমি ক'ব নোৱাৰে।। কিন্তু স্কুলৰ এতিয়াৰ শিক্ষক বিলাকলৈ চাই আমাৰ এনেহে মনে ধবে যে সেই বিষয় গবর্ণমেন্ট একেবাৰে উদাসীন। ভাল শিক্ষকৰ ওপৰত যে স্কুলৰ সকলো আশা ভৰসা, গবর্ণমেন্টৰ এই বিশ্বাস নাই বুলিহে যেন পতিয়াব লাগা হইছে। সেই বিশ্বাস থকা হলে আসামৰ স্কুল বোৰত অৰ্দ্ধ শিক্ষিত শিক্ষকৰ সংখ্যা ইমান সহৰ নহল হেতেন। বঙ্গদেশব হাই স্কুল বোৰত তলব শিক্ষকবোৰও বিশ্ববিদ্যালয়ৰ ওখ উপাধি পোৱা মানুহ; কিন্তু আসামত প্রবেশীকা পৰীক্ষাত উঠা মানুহ হলেই উচ্চ শ্রেণী বোবতও শিক্ষা দিবলৈ তাক যোগ্য বুলি ভাবে। যি দেশত শিক্ষকৰে উচ্চশিক্ষা নাই, তাত উচ্চশিক্ষা ক'ৰ পৰা হব? সুশিক্ষিত মানুহ অনাবৰ নিমিত্তে গবর্ণমেন্টে অলপমান খৰচ কৰিব খুজিলেই পাৰে, কিন্তু সেই খিনি খৰচ কৰিবলৈ আগ নাবাড়ে। যিমান দৰমহাত বঙ্গদেশৰ স্কুলত সুশিক্ষিত বঙ্গালীয়ে কাম কৰিব, তিমান দৰমহাত, কি তাতকৈ অলপ সৰহ দিলেও সেই বঙ্গালীয়ে আসামত আহি কাম নকৰে, ইয়াৰ এটা কাৰণ, আগয়ে কোৱা হইছে, এই যে, আসাম দুর্গম আৰু মৰগ ঠাই বুলি বিখ্যাত। তাত বাজে আকঁ এটি মূল কাৰণ আছে যি নিমিত্তে নিচেই তাকৰ দৰমহাতেও বঙ্গদেশত অতি সুশিক্ষিত শিক্ষক পোরা যায়। বিএ পৰীক্ষা দি উঠি দুবছৰৰ পিছত হে বি এল পৰীক্ষাত সোমাবলৈ দিয়াব নিয়ম। আৰু আন পৰীক্ষাৰ নিচিনা আইন পৰীক্ষালৈ গোটেই দিনটো কলেজত আবদ্ধ হই সোমাই থাকিব নেলাগে। এতেকে এই দুবছৰ কাল এনেয়ে মিছামিছিকৈ নকটায় অনেকে যিহকে পায় সেই দৰমাছাতে স্কুলত শিক্ষক কামত সোমাই জীবিকাও চলায় আক ইপিনে কলেজলৈ পুরা এঘণ্টা গই আইন শ্রেণীত হাজিবাটোও লেখাই আহে। বঙ্গদেশত ঠাইএ ঠাইএ বি এল পৰীক্ষাৰ নিমিত্তে কলেজ বিলাকত আইন শ্রেণী আছে। সেই গতিকেই সুশিক্ষিত শিক্ষক সেই দেশৰ স্কুলবোৰত অলপ দৰমহাতে পোরা যায়। আসামত বি এল পৰীক্ষাৰ নিমিত্তে আইন শ্রেণী নাই তেনেহলে আইন পরীক্ষার্থী সুশিক্ষিত বঙ্গালী কিয় এই দেশষ স্কুলৰ শিক্ষক হই আহিব? এতেকে যদি আমাৰ গবর্ণমেন্টে উচ্চশিক্ষার উন্নতি আসামত দেখিবলৈ খোজে, তেন্তে ইয়াব শিক্ষক শ্রেণীব দবমঙ্গা বঢ়াই দি ভাটিব সুশিক্ষিত মানুহ অনাওক। প্রতি স্কুলত একোজন এম এ আক তাত বাজে অতিকমে দুজন বি এ থাকিব লাগে আৰু এফ এ পৰীক্ষাত মুঠা কোনো মানুহক স্কুলব শিক্ষক নকবা নিয়ম থাকিব লাগে। এনে কৰিলেহে বাস্তবিকে আসামত উচ্চ শিক্ষাৰ গুবি বান্ধা হব, আক যেতিয়ালৈকে তেনে করা নাযায় তেতিয়ালৈকে প্রবেশিকা পৰীক্ষাত উঠা ল'ৰা এই দেশত ভালেমানও হব পীবিব, কিন্তু কেতিয়াও ইয়াত উচ্চ শিক্ষাব ফল নফলে। গুৰি ডাঠ নহলে গছ লঘু, তকক। বতাহৰ কোবত চলি পৰে। গবর্ণমেন্টে আৰু সৰহকৈ বৃত্তি দি ঝাঁকে ঝাঁকে অসমীয়া ল'বা কলিকাতালৈ পঠাই উচ্চশিক্ষাত ঘহনি খুয়াওক, তাব দ্বাৰাই আসামত উচ্চ শিক্ষার অলপও সহায়তা বা উন্নতি নহয়, ই আমাৰ দৃঢ় বিশ্বাস। আপষ্টতা কঠাল জাগ দি পকাব পুজিলে সি মাথোন গেলে। কলিকাতাত পড়ি উঠা আক পঢ়ি থাক। ডেক। বিলাকৰ গ্লানি করা আমাৰ মনৰ বাহিৰ, তেওঁবিলকেই আমাৰ দেশৰ আশা বুলিব লগীয়া, আৰু তেওঁবিলাকৰ কোনো কোনোয়ে যে নিজৰ যতন আৰু বুদ্ধিৰ গুণে উচ্চশিক্ষা পাই, শিক্ষাৰ উচ্চ ফল লাভ কবি, উচ্চশিক্ষাৰ গৌৰব, দেশৰ গৌধব, আক শিক্ষার্থী সকলৰ উৎসাহ বঢ়াব, এনেও আমি আশা কৰে।। কিন্তু বোধ করো, তেওঁবিলাকে নিজেই এই কথা নামানি নোৱাৰে, যে আসামৰ স্কুলত যি শিক্ষা পাই তেওঁবিলাক কলিকাতালৈ যায় সি ইমান দুষনীয় আৰু তাব প্রণালী ইমান বেয়া যে পোনে পোনে আৰু ভালেমান দিনলৈকেও কলিকাতাৰ কলেজৰ শিক্ষাপ্রণালী তেওঁবিলাকৰ পক্ষে গধুৰ আৰু দুর্গম বোধ হয়, আৰু তাৰ সহপাঠী বিলাক শ্রম আৰু বুদ্ধিত শ্রেষ্ঠ নহলেও, পার্গতালি, ব্যুৎপত্তি আক টেঙৰালিত নিজতকৈ ওখ বিবেচনা হয়। দুয়্য আৰু অশুধ শিক্ষাৰ ফল জীৱনত কেতিয়াও গাৰ পৰা জোকাৰি পেলাব নোৱাৰি। সি সদাই গাত লাগি থাকি উন্নতিৰ বাটত কাইটৰ নিচিনা হই আমাক আগুয়াব নিদিয়ে, সেই দেখিহে আমি কইছে। যে যেতিয়ালৈকে উচ্চশিক্ষাৰ গুৰি ঠাই যি হাইস্কুলবোৰ তাত উপযুক্ত শিক্ষক সুমাবলৈ পুৰুষাৰ্থ নকৰে তেতিয়ালৈকে এই দেশত শিক্ষাৰ উন্নতি নহয়, সুফল নোলায়। স্কুলৰ শিক্ষকৰ দৰমহা বড়াই নকৈ শিক্ষক আনিলে ভালেমান খৰচ হব বুলি গবর্ণমেন্টে সেই পিনে আগ নাবাঢ়িব পাবে। খৰচৰ পেৰাৰ কাঠি আমাৰ হাতত নাই, এতেকে ধনে নাটা বুলিলে আমাৰ একো কবলগীয়া নাই। ধনবে যদি ইমান অকুলন, তেন্তে যিখিনি উচ্চশিক্ষাৰ নামে এতিয়া পানীত পেলোরা যায়, স্কুল কেইটা উঠাই দি সেই খিনি ধন সাঁচিলেই ভাল। তাবে ধনও সাঁচা হব আক অশুধ শিক্ষাৰ কুফলৰ পৰা ল'ৰাবোৰক- ও আঁতবোয়া যাব। বা তিমান দূৰলৈ নগই আৰু এটি বন কৰিব পাৰি। এতিয়াৰ হাইস্কুল বিলাকক মাইনৰ স্কুল কবি ব্রহ্মপুত্র উপত্যকাৰ জিলা কেখনৰ মাজত মুঠে এটা হাইস্কুল পাতিলে এতিয়া খৰচ কৰা ধনেৰেই ভালকৈ জুবিব। ইয়াৰ দ্বাৰাই এই ফল হব যে এতিয়াতকৈ তাকব ল'বাই উচ্চশিক্ষা পাবলৈ আগবাঢ়িব। এই ফল যদিও শোচনীয়, তথাপি যি দুই এজনে আগবাঢ়ে, তাৰ যে সুশিক্ষা হব এইটো ঠিৰাং কৰি কব পাৰি। অশিক্ষিত হই থাকাও ভাল, কিন্তু যি শিক্ষাৰ দোষে আমাৰ দেশৰ সুশিক্ষিত বোলা মানুহবোৰেও উন্নতিৰ পথত আগুয়াব নোৱাৰে, যি শিক্ষাৰ দোষে কলেজৰ পৰা ওলালেই আমাৰ মানুহৰ আয়াস নিস্তেজ হবলৈ ধবে, যি শিক্ষাৰ দোষে আমার সুশিক্ষিত বোলা ডেকা কিছুমানৰ আহি চাই সাধাৰণৰ মনত উচ্চশিক্ষাৰ হতাদব হয়, যি শিক্ষাৰ দোষে আমাৰ শিক্ষিত মানুহ ইংৰাজৰ মনত দিনে দিনে ঘৃণাৰ পদার্থ হব ধৰিছে, সেই শিক্ষালৈ প্রার্থী হোরা জাতীয় আত্মহত্যা মাথোন। আসামৰ হাইস্কুল বোৰৰ পৰিবর্তন কি বিনাশ এই দুইৰ এটা লাগতিয়াল হইছে। যুগৰ পিচত যুগ ক্রমে বই যাব লাগিছে, এ পুৰুষৰ পিচত আন এ পুরুষ মৰি যাব ধবিছে, তথাপি আসামৰ আধামৰা স্কুল বোৰৰ গতিৰ লৰচৰ নাই। একেলগে শিক্ষা পোরা আন আন দেশত উচ্চশিক্ষাৰ নাতি পুতি হল, আসামত উচ্চশিক্ষাৰ বীজেই পৰা নাই। এই বিষয়ত গবর্ণমেন্টে আওকনীয়া ভাব ধৰিলে আৰু নচলাত পৰিছে, স্থিতি অবস্থাত বহুদিন থাকা গল, এতিয়া অলপ গতিৰ আবশ্যক হইছে। কিন্তু সচাকয়ে জানো ধনৰ অনাটনত উপযুক্ত শিক্ষক অনাবৰ উপায় নাই? বাক খৰচৰ বহি মেলি চোরা যাওক চোন। গল বছৰি আসাম প্রদেশৰ শিক্ষা বিভাগত ৪ চাবি লক্ষ ৫২ বাহান্ন হাজাৰ টকা সর্বমোটে খৰচ হয়। তাৰে ভিতৰত হাইস্কুল বোৰৰ নিমিত্তে খৰচ ৬৫ হাজাৰ মাগোন। এই ৬৫ হাজাৰ আকৌ এটাই খিনি গবর্ণমেন্টে দিয়া ধন নহয়। ইয়াৰ ভিতৰত গবর্ণমেণ্টৰ খৰচ ১৯ উনৈশ হাজাৰ মাথোন, বাকিখিনি মাচুল ইত্যাদিৰ পৰা উঠে। অর্থাৎ মাচুল ইত্যাদিব পৰা উঠে যেনিবা ২৫ আড়াই টকা, গবর্ণমেন্টে দিয়ে ১ এটকা। আসামৰ নিচিনা পিচপৰি থাকা দেশত উচ্চশিক্ষাৰ নিমিত্তে গবর্ণমেন্টে সাধাৰণৰ অংশতকৈ নিজৰ অংশ সবৎকৈতে দিয়া উচিত। তেও যদি সমানে সমানেও দিয়ে তথাপি হাইস্কুল বোবৰ আমি কোৱাৰ নিচিনা উন্নতি অনায়াসে সাধিব পাৰি। কিন্তু সাধাৰনৰ ২॥ আড়াই খোজত গবর্ণমেন্টে এখোজ ললে আমাৰ আশা নাই। আক বাস্তবিকে যদি গবর্ণমেন্টে সকলে। ফালে এনে কৃপণতা দেওয়ালেহেতেন, তেনেহলে আমাৰ কবলগীয়া একো নাথাকিল হেতেন। কিন্তু সি গবর্ণমেন্টে এটাইবোৰ চাইম্বুলৰ নিমিত্তে ১৯ উনৈশ হাজাৰত কৈ সবহ টকা দিব নোখোজে সেই গবর্ণমেন্টেই শিক্ষা বিভাগব একেজন মানুহব দবমহাব বাবেই গল বছবি ১৮ ওঠব হাজাৰ টকা খৰচ কৰিছে। ইম্পেক্টৰ জনা সুপণ্ডিত মামুক্ত। সুপণ্ডিত মানুহক সবহুকৈ দৰমতা দিয়াত আমি বেজাব নেপাও, কিয়নো তাব দ্বাবাই উচ্চশিক্ষাৰ গৌধব বাঢ়ে। কিন্তু যি দেশত উচ্চশিক্ষা নাই, সেই দেশত উচ্চশিক্ষাব তত্ত্বাবধান কবিবৰ নিমিত্তে ইমান দৰমহা দি সুপণ্ডিত মানুহ এজন বাখাব আৱশ্যক কি? টকাব অভাবে হাইস্কুল বোবৰ দুৰ্দ্দশা, এনে স্থলত স্কুলৰ নিমিত্তে টকা নিদি, এজন বহি থকা পণ্ডিতক পেট ভৰাই গুয়ালেই স্কুলৰ পেট ভবে নে? বাস্তবিকে ইমান সবৎ দবমত্য পোরা ইম্পেক্টৰৰ কাম আসামত উঠাই দিয়া আরশ্যক। ঔমম্পেক্টবৰ বহি কেইটার বন স্থানীয় গবর্ণমেন্টৰ সেক্রেটেবী এজনাই কৰিব পাৰে, আৰু তেওঁৰ পৰিদৰ্শন কাৰ্য্য জিলাৰ ডিপুটী কমিসনৰ জনাই আৰু আন গান বিষয়। বিলাকে অনায়াসে আৰু আনন্দেৰে সম্পাদন কৰিব; ইয়াব দ্বাৰাই শিক্ষা বিভাগৰ বছবি ১২ কি ১৮ হাজাৰ টকা বব।

আকৌ দেখা যায়, গল বছৰি ১৮ জন প্রবেশিকা পৰীক্ষাত উঠা লৰাক বৃত্তি দি কলিকাতালৈ পঠোর। হইছে। অকল এফ এ পৰীক্ষালৈকে ২০ টকা বৃত্তি দিলেও বৃত্তিৰ নিমিত্তেই আমাৰ গবর্ণমেন্টৰ বছৰিএই ৯ নও হাজাৰ মান খৰচ হয়। কিন্তু আসাম দেশতে আগৰ নিছিনাকৈ এফ এ পৰীক্ষালৈকে পড়োরা কলেজ এটি যদি পাতা হয়, তেন্তে বছৰি পাঁচ কি ছয় হাজাৰ ৰূপতে হব পাৰে। 

অনাহকত বৃত্তিৰ বাবে বছৰি তিনি হাজাৰ মান খঞ্চ কৰা আৱশ্যক কি? তাত বাজেও আসামৰ পৰা যেয়ে প্রবেশিকাত উঠিব পাৰে সেয়ে ২০ কুৰি টকা বৃত্তি পাব, এই নিয়মটি ভাল বুলি সলাগিব দেখুৱাব পাৰিলে হে বৃত্তি দিব লাগে। বৃত্তিৰ উদ্দেশ্ম সাধন নহয়, পঢ়াত মন আক যতন বঢ়াবলৈ লৰাৰ লক্ষ্য নাথাকে আৰু উচ্চশিক্ষাৰ দৰ কমি গই তালৈ ক্ৰমে অনাদৰ হয়। এতেকে অসমীয়া বিলাকৰ নিমিত্তে আসামতে কলেজ পাতি বৃত্তি উঠাই দিয়া, বা ফল চাই বৃত্তি দিয়াত গবর্ণমেণ্টৰ অনেক খৰচ কমিব, আৰু লৰাবোৰৰও যথার্থ উপকাৰ হব। নোৱাৰি। পৰীক্ষাত বিশেষ পাৰদৰ্শিতা ফল বিবেচনা নকৰি সকলোকে বৃত্তি দিলে

সমজুৱা শিক্ষাৰ বাবে আসাম গবর্ণমেন্টৰ কিমান খৰচ হয়, আৰু তাব সদ্ব্যয় নে অসদ্ব্যয় হব ধৰিছে, তাৰ ভু এই প্রবন্ধত লোৱা নাযায়। কিন্তু এই বকমে বিচাৰি চালে শিক্ষা বিভাগৰ খৰচৰ পৰা বহুত ধন উলিয়াব পাৰি, যি ধন এতিয়া মিছাই খৰচ হৈ যাব লাগিছে। সেই ধনেবে উচ্চশিক্ষা বঢ়াবলৈ পুৰুষার্থ কৰিলে দেশৰ অনেক উন্নতি হয়। কিন্তু মূল কথা, শিক্ষা বিভাগৰ টকা গবর্ণমেন্টে কিহুত কিহত খৰচ কৰিব খোজে সেইটো আমাক নালাগে। কিহুৰ পৰা টকা কমাব পাৰি তাবও ভু লবলৈ বিশেষ আরশুক নাই। আমাৰ মাথোন জানা আবশ্যক গবর্ণমেন্টে আসামত উচ্চশিক্ষা দিব খোজে নে নোখোজে। যদি নোখোজে, তেন্তে হাই স্কুল বোৰ উঠাই দিয়ক, তাত আমাৰ কাৰও ওজব আপত্তি নাই, আমি নিজে উচ্চশিক্ষাৰ বেচ দিব পাবে। যদি লম, নোয়াবো যদি নলওঁ। যদি খোজেহে, তেন্তে এই এঘেৰ খন জিলাৰ উচ্চশিক্ষাৰ নিমিত্তে পাতা ভগা ঘৰ কেইটা পুৰি পেলাই বা মাইনৰ শিক্ষাৰ নিমিত্তে গতাই দি, নকৈ নতুন প্রণালীত নতুন শিক্ষকেৰে হাইস্কুল পাতক, আক সেই নিমিত্তে যদি ১৯ উনৈশ হাজাৰ টকাৰ বদলি ৫০ আড়াই কুৰি হাজাৰ টকাও লাগে তাক য'ৰে তাৰে পৰা আনি দিয়ক, তেহে আসামত উচ্চশিক্ষাৰ ভেটি উঠিব। নতুবা এই আধামৰা স্কুল কেইটাৰ হতুয়াই টকা কোবাই আৰু ইম্পেক্টৰ পণ্ডিত জনাব ডিঙিত কলথকৱাৰে ঢোল আবি দি, আসামৰ উচ্চশিক্ষাৰ হুচৰি গাই ফুৰাত আমি একো সকাম নেদের্থো।

আমাৰ গবর্ণমেন্ট বিদেশী। আমাৰ মানুহৰ ভাব অভিলাষ সহজে বিদেশী গবর্ণমেন্টৰ বোধগম্য নহয়। আমাৰ অভাব আৰু ক'বলগীয়া কথা বুজাই দিব নোৱাৰাটোএই অনেক পৰিমাণে আমাৰ দুখৰ গুৰি। আমাৰ নিমিত্তে ঠিয় হই দুআখাৰ কথা কয়, আমাৰ মুখপাৎ স্বরূপ হই ৰজাৰ আগলৈ যাবলৈ, আগ বাড়ে, এনেকুৱা কেঁওএই নাই। কেনেকেই বা হথ? অসমীয়া শিক্ষিত মানুহৰ লেখ' ইমান তাকৰ যে স্বাধীন বক্তা থাকা দূৰত খাওক, গবর্ণমেন্টৰ কৰ্ম্মচাৰী হবলৈকে। ইয়াত উপযুক্ত মানুহ পোরা নাযায়। বঙ্গদেশর পবা বঙালী নানিলে নচলে। বঙালী মানুহে আসামত আহি সকলো কাম কাজ অধিকাৰ কৰাৰ বাবে আমাৰ মুঠে তাত হিংসা নহয়, বৰঞ্চ তেওঁবিলাকৰ চতুৰতা, বিজ্ঞাবুদ্ধি আক সাহ দেখি আমি সলাগিছো। সুশিক্ষিত বঙালী মানুহ যিমান সৰহকৈ আসামলৈ আকে এই দেশৰ তিমান মঙ্গল। ওখ আদর্শ এটা চকুৰ আগত নাথাকিলে মানুহৰ যেনে জাতিৰও তেনে উন্নতি নহয়। এতেকে গবর্ণমেন্টৰ বিষয়া আৰু আন আন উচ্চ কৰ্ম্মচাৰীৰ পদত উপযুক্ত বঙালাক এৰি অনুপযুক্ত অসমীযাক বহু ওয়া ভ্রান্তিক আমি কেতিয়াও পোষকতা নকৰে। কিয়নো যদি কবো, তেন্তে তাব দ্বাবায় আসামব অনর্থক মাগোন পোষকতা করা হয়। ইমান দিন কিয় আসামত উচ্চশিক্ষা বাড়া নাই তাৰ কাৰণ বিচাৰিবলৈ গলে এই এটা পাই যে ইমান দিনলৈকে বা কিছুদিনৰ আগলৈকে সুশিক্ষিত বঙালী মানুহ সৰহকৈ এই দেশলৈ নাহিছিল। আসামৰ সদবামিন মুনচেফ আদিকে বব বব বিষয়াৰ কাম বিলাকত ইংবাজি নাজানা অসমীয়া মানুহ নিযুক্ত হইছিল, সম্বংশৰ নিমিত্তেই হওক বা ভেটিভাবৰ গুণেই হওক, অসমীয়া মানুহেই কিছুদিনৰ আগলৈকে আসামৰ সকলো কামকাষৰ অধিকাৰী আছিল। এই কামবোৰৰ নিমিত্তে বিস্তাবুদ্ধি বা যোগ্যতা চাই মানুহ বাচা নহইছিল। তাৰ ফলেছে আসামত অনেক দিনলৈকে উচ্চশিক্ষাব বা কোনো শিক্ষাৰ প্রতি অনাদৰ আছিল; তাৰ ফলেই আজিকালি আসামত সুশিক্ষিত অসমীয়া মানুহ নাই বুলিলেই হয়; তাৰ ফলেই আজিকালি বঙালী মানুহে আসামৰ কাম কাষ বোৰ অধিকাৰ কৰিলেহি তাৰ ফলেই অসমীযা আগৰ ভাল মানুহৰ ঘৰ আজি দুর্দশাপন্ন বা লুপ্ত প্রায়; আৰু এই শেষ কাৰণটিৰ নিমিত্তেই আজিকালি অসমীয়া মানুহৰ ভিতৰতে পৰস্পৰ ইমান হিংসা, ইমান পৰশ্রীকাতবতা যে এই দৰে আৰু ৫০ পঞ্চাচ বছৰ চলিব লাগিলে অসমীয। মানুহ পৃথিবীত সচাসচিকৈয়ে লোপ হব। আসাম, কচাৰি, মিকিৰ, হোজাই আক বঙালি কুলিৰ বসতি হব। কিন্তু ভাগ্যগুণে উন্নতননা গবর্ণমেন্টৰ যি ৰাজনৈতিক মহামন্ত্র মুক্তবানিজ্য সেই মহামন্ত্ৰৰ গুণে কিছুমান দিনৰ পৰা আসামৰ কামকাণত সুশিক্ষিত বঙালী সোমাবই ধৰিলে। একে ধন দিলে যি বজাবতে সকলোতকৈ উপযুক্ত মানুহ পোরা যায়, গবর্ণমেন্টে তাৰে পৰা আনিব ধৰিলে। ফলেই অসমীয়া মানুহ এবা পৰিল। অরণ্যে এনে কথা আমি নকও যে আসামত যি যি কামত য'ত বঙালী নিযুক্ত হইছে, সেই সেই কামত তাতোকৈ উপযুক্ত মানুহ পোরা নগল হেতেন। গবর্ণমেন্টৰ সদ ইচ্ছা স্বত্বেও পিচছরাবেদি মাজে মাজে অনুপযুক্ত মানুহ দুই এটা যে কামত নোসোমাব এনে আশা কৰিব নোৱাবি। দয়াদাক্ষিণ্যতার পয়োবিন্দু বক্ত মাংস সম্পন্ন মানব শবাৰত যেনে বর্ত্তমান, তেনেকৈ নিৰাকাৰ অথচ সর্ববাঙ্গীন গবর্ণমেণ্টৰ বিস্তীর্ণ কার্য্য কলাপতও যে সেই ভাবব ফলাফল বিদ্যমান নাথাকিব এনে আশা কৰিব নোৱাৰি। এতেকে কেতিয়াবা কোনো অনুপযুক্ত মানুক্ত ও কোনো কাৰণ গতিকে গবর্ণমেন্টৰ কৃপাচকুত পৰিলে আমাৰ তাত চকু পিৰ নহয়। সাধাৰণ পক্ষে, গবর্ণমেন্টৰ কাম কাযত সুশিক্ষিত মানুহেই তে যে ঠাই পায়, এই কথা মানিব লাগে। আসামতও এই দবে শিক্ষিত বঙালী সোমাই অশিক্ষিত অসমীয়াৰ অন্ন কাঢ়ি ললে। ইয়াত যি অসমীয়াই বেয়া পাই, তেওঁ আমাৰ মনত হলে আসামৰ যথার্থ মঙ্গলৰ পথত বাধা মাপোন। উচ্চশিক্ষা পালেতে উচ্চ পদ লভিব পাৰি এই কথাৰ উদাহৰণত চকুৰ আগতে দেখি দেখি অসমায়া মানুহে আজি কালিব উচ্চশিক্ষাৰ ফালে আগবাঢ়িব লাগিছে যেন চিন দেখা যায়। সুশিক্ষিত অসমীয়া মানুহৰ লেখ দেশত সৰহ হলে দেশব পবম মঙ্গল। দুই চাবিটা বিষয়াৰ পদ অসমায়াই পালেই যে আসামব মঙ্গল হব এনে আমি বিশ্বাস নকৰো। বিষয় পোৱাটো ব্যক্তি বিশেষৰ মাথোন মঙ্গল, তাত সাধাৰণৰ মঙ্গল কি? বঙালী বিষয়াৰ দৰমাহাৰ ধনখিনি পেবাত সুমাই পর্য। অসমীযা বিষয়া হলে তেওঁৰ দৰমাহাব ধনখিনি সাধাৰণক বাটি দিব নে? এতেকে আসামৰ উচ্চপদবিলাকত বঙালী মানুহেই নিযুক্ত হওক কি অসমীয়াই হওক তাত আমাৰ ইফালে বা সিফালে ওজৰ আপত্তি একোএই নাই, কেবল মাথোন উপযুক্ত মানুহ হব লাগে। অসমীয়া মানুহ উপযুক্ত হই যদি আসামত কিয় বঙ্গদেশত বা ভাৰতবৰ্ষৰ আন আন দেশত উচ্চপদবোৰ লয় গই, তেন্তে তাত আমাৰ পৰম সন্তোষ। কিন্তু এনেকুরা উপযুক্ত হব লাগিলে দেশত উচ্চশিক্ষাৰ অনুস্থান কৰা নিতান্ত লাগতিয়াল, সকলো অভাৰতকৈ অসমীয়াৰ পক্ষে এতিয়া ডাঙৰ অভাব উচ্চশিক্ষা। সকলো বনতকৈ উচ্চশিক্ষাৰ নিমিত্তে কাৰবাৰ কৰাই গুরুতৰ বন। যদিহে সকলোরে মিলি এই ঘাই বনৰ পুৰুষাৰ্থ এতিয়া নকৰে, তেনেহলে আৰু কিছুদিনৰ মূৰত অসমীয়া মানুহ লুপ্ত হব; যদি লুপ্ত নহই জীয়াই থাকেহে, তেন্তে উৰীয়া মানুহ যেনে পাল্কি বেহেৰা বুলি আক অতি নীচ জঘন্য কামৰ ব্যবসায়ী বুলি বিখ্যাত, অসমীয়া মানুহও তেনে পেটব ভোকত দোলাভাৰী আৰু লগুৱা হব লাগিব। অসমীয়া ভাল মানুহবিলাকৰ যেনে পতন দিনে দিনে হব লাগিছে, তাৰ দ্বাৰায় বাস্তবিকে আমাৰ মনত হলে বৰ আশঙ্কা হইছে যে কিবাজানি অসমীয়াৰ কপালত সেয়েহে আছেগৈ, এই পুকষত কি ইযাৰ পিচব পুৰুষত কি দুই তিনি পুরুষত এনে নঘটিলেও নঘটিব পাৰে; কিন্তু যেতিয়াই হওক, আমাৰ সন্তান সন্ততিবোৰ গই যে এদিন এক্তিয়াব বাঢ়িব ধবা বঙ্গালী, কুলিব বা ছিলটীয়া দোকানীৰ সন্তান সন্ততিৰ ধপাত দিয়া লগুরা হব এই চিন্তাই যদি অসমীয়া মানুহৰ হৃদয়ক উদ্দীপ্ত কৰিব পাবে, তেনেহলে সকলোরে এবাৰ লাগি চাওক, যিহতে উচ্চশিক্ষা এই দেশত বৃদ্ধি কবাই দেশখন বক্ষ। কবিব পাবি। বঙালী মানুহে কাম পালে, অসমীয়াই নাপালে, এই বাবে বঙালীক খিয়াল করা, না কোনো অসমীয়া মানুহ বিজ্ঞাবুদ্ধিত বা ধনত আনতকৈ ডান্সব হল, এই বাবে তাক খিযাল কৰি তললৈ পেলাব খোজা; আচল কথা পাহৰি ফুচুবি কথাত গবষ্পব হাই দগ্ধ করা; এই বোবেই জাতীয়ত্ব বিনাশব পূর্বলক্ষণ। বঙালীয়েনো কিয় কাম পায়, অসমীয়াই কিয় নাপায়; বঙ্গদেশবনো উন্নতি কিয় আক গসমায়া ভাল মানুহবেই বা অবনতি কিয়, এইবোৰৰ কাৰণ কেবল বঙ্গদেশত উচ্চশিক্ষাৰ বিস্তাৰ, আক আসামত তাৰ অভাব। ৰোগৰ মূলতে ক্রিয়া কবিলেতে প্রতিকার হয়। এতেকে আসামত উচ্চশিক্ষাব বিস্তাব কবিলেহে আমার দেশর কুটিল ভাববোর দূবাঞ্ছত হব, থাক অসমীয়া জাতিৰ পুলি শকত হই লাহে লাহে সুফল প্রদান করিব।

দেশত উচ্চশিক্ষাব বিস্তার করার উপায় কি এই কথা গুধিব লগীয়া। প্রথম উপায়, দেশত কিছুমান সুশিক্ষিত মানুহ শুমুওয়া। আগেযে কোরা গইছে সুশিক্ষিত মানুর আদর্শ চকৰ আগত পাকিলে শিক্ষাৰ পিনে মানুক্ষন মন আকৃষ্ট হয়। উচ্চ বিষয়ব কথা উচ্চ আলোচনা শুশিক্ষিত মানুতব লগত সদায় হই থাকিলে মানসিক বৃত্তি বোৰ বাঢ়িবলৈ দবে। এতেকে আমার দেশত সুশিক্ষিত মানুচব অভাবে বঙ্গালী সুশিক্ষিত মানুহক কাম দি ইয়ালৈ আনাত আমাৰ বেজাবৰ কথা নহয়, আনন্দৰ তে কাৰণ হব লাগে। দ্বিতীয় উপায়, দেশত এটি উচ্চ শ্রেণীব কলেজ পাতা। এইটি উচ্চশিক্ষার্থে নিতান্ত আরণ্যকীয় অনুষ্ঠান। অসমীয়া আৰু বঙ্গালীৰ যদি একে ভাষা, একে জাতি, একে আচাৰ নীতি আক একে ঐতিভাসিক স্মৃতি হল হেতেন, তেনেহলে বঙ্গদেশত উমান কলেজ পাকাত আসামত বেলেগ কলেজৰ তিমান আৱশ্যক নঙ্গল হেতেন। এই অনৈক্যতাব যে অধিকাংশ লাহে লাহে একে হল গই তাব সন্দেহ নাই, কিন্তু যেতিয়লৈকে তেনে নহইছে, তেতিয়লৈকে ঘৰবাৰীৰ তাড়ণনৰ পৰা মুকলি কৰি আমাৰ লৰাবোৰক বিদেশলৈ পঢ়িবলৈ পঠোর। আমাৰ অনভিপ্রায়। বিদেশত কোনোএ লৰাবোৰক চাঁওতা নাই। গতিকে উদং হৈ পৰে, যাবে ফি'ইচ্ছা ত্বাকে কৰে। বিশেষকৈ কলিকা তাৰ নিচিনা ঠাইত, নকৰিব পাৰা কথা নাই। বুঢ়াবোৰৰ চকুৰ আগৰ পৰা নিলগ কৰি লৰাবোৰক কলিকাতাৰ হুলস্থুলৰ মাজত অকলে পেলাই দিয়া অতি ভয়ঙ্কৰ কথা। ইয়াৰ ইংৰাজৰ লৰাবোৰক কেতিয়াও এনে বয়সত অকলে বাঁহা কৰি থাকিব নিদিয়ে। সিহঁতক সদায় শিক্ষকৰ চকুৰ আগত ৰাখি স্কুলতে বাঁহা দিয়ায়। বিলাতত আক আন আন সভ্য দেশতও সেযে নিয়ম। ইংৰাজৰ লৰাক ঘৰত নপঢ় রাকৈযে ৰাখিব তথাপি নগৰৰ প্রলোভনৰ মাজত কিছু বয়সলৈ অকলে থাকিবলৈ এৰি নিদিয়ে। অসৎ পথৰ ভযৰ নিমিত্তেই যে অভিভাবকহীন কৰি নগৰত ৰাখ্য অনুচিত এনে নহয; নগৰত মনৰ চঞ্চলতা বৃদ্ধি কৰিবৰ ভালেমান কাৰণ থাকে। আজি কালিৰ ৰাজনীতি আন্দোলনত কলিকাতাৰ লৰাবোৰৰও গা উঠি পৰে। মনৰ চাঞ্চল্য হলে পঢ়াত মন নাথাকে। এই নিমিত্তেই আজি দুবছৰ মান ৰাজনীতি আন্দোলনৰ বৃদ্ধিযে সইতে কলিকাতাত প্রবেশিকা পৰীক্ষাত বাগৰি পৰা লৰাৰ লেখও বৃদ্ধি পাইছে। ৰাজনীতিত বাজেও, কলিকাতাৰ আমোদ প্রমোদৰ লেখ জোখ নাই। এই বোৰৰ দ্বাৰায অকলে থাকা লৰাৰ মন যে আকৃষ্ট হব পাৰে ই একো আচৰিত কথা নহয়। সেই নিমিত্তেহে আমি কঁও, যে আসামতে এঠাইত অসমীয়া লৰাৰ নিমিত্তে কলেজ স্থাপিত হওক। সেই কলেজত বিএ লৈকৈ পঢ়িবলৈ পাৰা হওক, আৰু আইন আৰু বিজ্ঞান বিভাগৰও শ্রেণী পাতা হওক। ইয়াৰ দ্বাৰাই আসামৰ উচ্চশিক্ষা বাস্তবিকে বাঢ়িব। আসামত ৰাজনীতিৰ অন্দোলন নাই, আমোদ প্রমোদ নাই, নগৰৰ নিচিনা মন চঞ্চল কৰিবলৈ ইয়াত একোকে নাই। বিশেষ যতে কলেজ পাতা নহওক, লৰাবোৰ বাঁহা কৰি অকলে থাকিববও আবশ্যকতা নাই; কিয়নো আসামৰ সকলো জিলাতে সকলোৰো চিনা জানা আত্মীয় কুটুম মানুহ দুই এজন থাকেই; এই বিলাকৰ ঘৰতে বা চকুৰ আগতে থাকি লৰাবোৰে লিখা পড়া কৰিব পাৰে। তেনেকুয়া আত্মীয় মানুহ নাথাকিলেও অসমীয়াই সইতে অসমীয়াৰ মিল প্রীতি নকৈ স্থাপন কৰা একো টান কথা নহয়। আসামত কলেজ হলে, ছাত্ৰৰ লেখ তাকৰ হোৱা বাবে শিক্ষক বিলাকৰ প্রত্যেক ছাত্রক পঢ়োৱাত যতন থাকিব। কোনোরে কয় বোলে কলিকাতাত যেনে ভাল শিক্ষকৰ মুখে পঢ়িব পাৰিব আসামত তেনে শিক্ষক অলপ অচৰপ ধনেৰে পোৱা নাযাব। ভাল শিক্ষকৰ মুখে পড়া ভাল এই কথা সচা। কিন্তু কলিকাতাত ছাত্ৰৰ লেখ সৰহ, শিক্ষকৰ কাজেই তিমান যতন নাথাকে। উচ্চশিক্ষাৰ আদিত যতনেই উন্নতিৰ মূল। অকল ছাত্ৰৰ যতন নহয়, শিক্ষকৰও যতন লাগে। শিক্ষকৰ যতন নালাগিলে বঙ্গদেশৰ ইমানবোৰ কলেজৰ একো আর্যক নাই। দুই চাৰি ঠাইতে এটাইবোৰক মাতি আনি পঢ়রাব পাৰা গল হেতেন। কিন্তু বাস্তবিকে শিক্ষকৰ যতনেই শিক্ষার্থীৰ উন্নতিৰ মূল। সেই যতন আসামত কলেজ হলে যে অসমীয়াই ভালকৈ পাব পাৰিব এনে আশা নিশ্চয়ে কবিব পাৰি। এই দেশত কলেজ হলে অন্ততঃ কেইজন মান সুশিক্ষিত মানুহ ইয়ালৈ আহি একে ঠাইতে গোট খাইহি। সুশিক্ষিত মানুহৰ সম্প্রদায় বলবান আক উন্নতিশীল। সুবিজ্ঞ মানুহ কিছুমান একে উপলক্ষে একে ঠাইতে লগ লগাব পাৰিলে দেশৰ যে কিমান শুভ সাধন কৰিব পাৰি তাক আমি ভাবি ওৰ ক্ষয় নাপাও। সুশিক্ষিত মানুহ আছে? কিন্তু অকল সদমুষ্ঠান সদাই কিয় হয়? ইয়াৰ কাৰণ মানুহবোৰ একে ঠাইতে গোট খাইছে, আৰু মফস্বলত সুশিক্ষিত মানুহ থাকিলেও ছিন্ন ভিন্ন হই আছে। আসামত কলেজ পাতিলে অন্ততঃ পাঁচ জন সুশিক্ষিত মানুহ- ওতো একে ঠাইতে হব। এতিয়া আসামব জিলা একোখনত এই পাঁচ জনও পোরা টান। এতেকে আসামত উচ্চশিক্ষা আৰু অন্যান্য উন্নতিৰ এক উপায় যে ইয়াত এটি কলেজ স্থাপিত কৰা এই কথা মানিবই লাগিব। গোটেইখন ভাবতবর্সতেতো ঠাইএ ঠাইএ বাজধানি কেখনত হে ইমান উন্নতি ইমান কেবল এই যে ৰাজধানিত সুশিক্ষিত

আসামত উচ্চশিক্ষা বিস্তাৰ কৰাৰ তৃতীয় উপায়;-আসামৰ কলেজত পঢ়ি উঠা ছাত্র বিলাকক বৃত্তি দি কলিকাতালৈ আৰু বিলাতলৈ পঠোরা। যি শিক্ষা আসামত পাব (অর্থাৎ ইয়াত বিএ মঙ্গলাত উঠি) তাৰ সম্পূৰ্ণতা সাধিবলৈ সকলোরে কলিকাতালৈ যাব লাগে আৰু যি পাৰে বিলাতলৈকো যাব লাগে। বঙ্গীয় গবর্ণমেন্টে বৃত্তি দি বছৰি বছৰি কৃষিশিক্ষা কৰিবৰ নিমিত্তে বঙ্গালীক বিলাতলৈ পঠায়, আসামৰ পৰা অন্ততঃ দুই তিনি বছৰৰ মুৰতও একোজন পঠালে আসাম গবর্ণমেন্টে তাৰ দ্বাৰাই আসামৰ বিশেষ উন্নতি সাধন কৰিব পাৰে। সম্প্রতি তিনি বছৰৰ মূৰত একোজনক বিলাতলৈ পঠাবলৈ কোৱাত ৰাজকোষলৈ বিশেষকৈ গধুৰ প্রস্তাব পঠোৱা যেন অনুমান নহয়। বছৰি আঠ কি নয় হাজাৰ ৰূপৰ বৃত্তি দি যি গবর্ণমেন্টে আসামৰ পৰা কলিকাতালৈ লৰা পঠাব পাবে, এজনক বিলাতলৈ পঠাবৰ নিমিত্তে সেই গবর্ণমেন্টে তাৰ উপৰি দেৰ হাজাৰ কি দুহাজাৰ ৰূপ খচ কৰা অসাধ্য বুলিব নোৱাৰে হবলা, অন্যান্য স্থানীয় গবর্ণমেন্টে উচ্চশিক্ষার্থে যিমান যতন আৰু ব্যয় কৰে আসাম 'গবর্ণমেন্টেও সেই অনুসাৰে নকৰিলে সুশাসনৰ ফল আৰু চিন এই দেশত কি থাকিব? সুশিক্ষাৰ মহাত্ম্যই সুশাসনৰ চিন। দেশীয় ৰজাৰ প্ৰদেশতকৈ ইংৰাজ ৰাজ্যত শুশিক্ষাৰ বিস্তাৰ সৰহ এই নিমিত্তেই ঘাইকৈ ইংৰাজ ৰাজ্য উন্নতিশীল আৰু সাধাৰণৰ আদৰনীয়। যি দেশত সুশিক্ষা বোপিত হোৱা নাই তাৰ শাসন আৰু নগা ডফলাৰ শাসনৰ সৰহ ইফাল সিফাল নাই। বঙ্গদেশত, উত্তর পশ্চিমাঞ্চলত, পঞ্জাবত, বোম্বাইত, মান্দ্রাজত, এই বোৰ প্রত্যেক বিভাগত একোটা স্বতন্ত্র বিশ্ববিজ্ঞালয় আসামত স্বতন্ত্র বিশ্ববিদ্যালয় হবৰ নিমিত্তে আমি প্রার্থনা নকৰো। আমাক মাথোন এটি কলেজ দিলেই আমি সন্তুষ্ট। আন সকলো প্ৰদেশৰ পৰা বৃত্তি পাই আমি সৰহ প্ৰাৰ্থনা নকৰে।। তিনি শিক্ষিত যুবকবোৰ বিলাতলৈ যাব লাগিছে। বছৰৰ মূৰত মাথোন একোজন লবা পঠালেই আমি এতিয়ালৈ যথেষ্ট জ্ঞান কৰিম। অন্ততঃ কলেজটি এই দেশত পুনকথাপিত আৰু আগৰ অবস্তাতকৈ বৃদ্ধি নকৰিলেই নহইছে। ইলিয়াট চাহাবৰ বৃত্তি দি কলিকাতাত পঢ় ৱাৰ নিয়ম, আক লিটন বাহাদুৰৰ স্টাটুটৰি ঢিবিল চর্বিচ পাতাব নিয়ম, এই দুইও অনুষ্ঠান কুক্ষণৰ কিবা কুচিন্তাৰ ফল। এনেকুৱা নিয়ম দেশীয় মানুহৰ কেতিয়াও সন্তোষ ভাজন হব নোৱাৰে। স্টাটুটবি চিবিল চব্বিচৰ বিনাশ এতিয়া সমুপস্থিত; ইলিয়াট চাহবৰ বৃত্তিৰ বিনাশৰ নিমিত্তেও আমি আসাম গবর্ণমেন্টক আহবান আক প্রার্থনা কৰো। আসামত এটা কলেজৰ নিমিত্তে অসমীয়া মানুহে বাৰম্বাৰ গবর্ণমেন্টক প্রার্থনা কৰি আহিছে কিন্তু স্থানীয় গবর্ণমেন্ট সেইবোৰ প্ৰাৰ্থনাত ইমান দিন আওকাণ কবি আছিল। আওকাণ কৰাৰ দিন এতিয়া উকলিল নানা কাৰ্য্য কাৰণ গুণে বৃত্তিৰ নিয়মৰ পৰিবৰ্ত্তন কৰিবই লাগিব, আসামত কলেজ স্থাপিত কৰিবই লাগিব, নচেৎ আসামত উচ্চশিক্ষাৰ আশা নাই।

উচ্চশিক্ষা বিস্তাৰ কথাৰ চতুর্থ উপায় আসামব হাইস্কুলবোৰৰ অৱস্থা ভাল কৰা। আমি পূৰ্বেবই কইছে। এই স্কুলব শিক্ষক বিলাকৰ দৰমহা বঢ়াব লাগে, কিয়নো আসামত উপযুক্ত মানুহ পোৱা টান, অনুপযুক্ত ভাগক বিদায় বা উপায়ান্তৰ দি লাহে লাহে উপযুক্ত আমাৰ স্কুল বোৰৰ যথার্থ উন্নতি হয়। দেখুওরা নিতান্ত হানিকৰ। যদি ধনে ইবোব "এবলিচ" কৰক। এই দুটা বা এটাকে উপযুক্ত শিক্ষক দি সুন্দৰকৈ চলালেও আমি এতিয়াতকৈ কৃতার্থ মানিম। জিলায় জিলায় নামেৰে মাথোন একোটি হাইস্কুল ৰাখাত একো সুফল নাই। আসামৰ হাইস্কুল বোৰৰ নিম্ন শ্রেনীৰ শিক্ষক বিলাকক বহু দেশৰ হাইস্কুলৰ কথা দুৰত খাওক, গাৱলীয়া স্কুলৰ নিমিত্তেও উপযুক্ত বুলি ভাবিবনে ইয়াত আমাৰ সন্দেহ। এনে অৱস্থাত শিক্ষা বিষয়ে আসাম যে বঙ্গদেশৰ ইমান পিছ তাত বিচিত্র কি? এতেকে আমি দহোকুৰি, কওঁ যে ধনৰ অকুলনত যদি উপযুক্ত শিক্ষক অনাবলৈ বেতন বড়াব নোৱাৰি, তেন্তে হাইস্কুলৰ লেখ তাকৰ কৰক, কিন্তু বাস্তবিকে করগলে গবর্ণমেন্টৰ পক্ষে এই বিষয়ে কৃপণতা অতি শোচনীয়। আমাৰ পৰম আশা এই হে প্ৰত্যেক জিলাতে দুই তিনটা কৈ হাইস্কুল হয়। এতিয়ালৈ তেনে হব নোৱাবিলেও অন্ততঃ জিলাখনত একোটা হাইস্কুল উচ্চ শ্রেনীৰ অৱস্থাত বাখা নিতান্ত করব্য। যদি গবর্ণমেন্টে তাকো উপযুক্ত মতে বখাব নোৱাৰে, তেন্তে গোটেই খন প্রদেশতে একেটা বা ওটা স্কুল উচ্চ অৱস্থাত বখাব পাৰিলে এটা গৌৰব। ভগা, যোড়াদিয়া, মামবে ধব্য, বাঢ়িব নাজানা হাইস্কুলব বহুরা কেটামান বাখাত ফল কি? ?

ডাতবীয়া।

ডাঙৰ দাগল ভুণি মাৰা মুৰত ডাঙৰ পাগ। বিয়ায় সভায় ডাঙৰ চকত পায় ডাঙৰ ভাগ। ডাঙৰ জাপিৰ তলত যায়, ডাঙৰ পিৰাত বাতে। ডাঙব হোকাত ধপাত খায়, ডাঙৰ ডাঙব কাকে। ডাঙৰ থাহি, ডাঙব মাজ, ডাঙৰ ভেটিভাব। গোচৰ শোধাত, জগৰ ভাঙাত, সদাই লাগে তাৰ। ডাঙৰ ঘৈনীক চুলিত ধৰি মাৰে ডাঙৰ চব। ডাঙৰ চাউলৰ ভাঙ দিয়ে তাঁতশালত এব॥ বান্দীক মাবে খুটাত বান্ধি ভাঙব বাইনিবে। খৰমৰ কোব লগুৱাব মুৰত দিনে বাতি পৰে। ডাঙব দাবিত লবালুৰি পলায় লৰালৰি। ডাঙৰ বেতৰ কোবত কেঁওএ কান্দেবাচিয়বি। ডাঙৰ ডিঙিৰ ডাঙৰ হাতৰ ডাঙৰ ধুমধুমনি। ইমুৰৰপৰা সিমূৰলৈ গোটাই গাওত শুনি। ডাঙৰ চৰাৰ ডাঙৰ খুটাত ভাঙব গাৰু পাবি। পাটিঢাবিত খাইদাই উঠি বহে ভেম মাৰি। ডাঙৰ ডগডগিত পানী, ডাঙৰ বটাত পান। ওচৰত থয় হোকা, চবিয়া, পিকদান। 

ডাঙৰ বিছনিৰ বা জুৰ লাগি পৰে। চকুমুদি ডাঙৰ ডাঙৰ হোটোবণি মাবে ॥ পিন্ধা উৰাত ভেম ডাঙৰ, কথাত ডাঙৰ গপ। তলে তলে কথা ডাঙৰ, পুরা ডাঙৰ জপ। চুবুৰিয়াৰ মাটি চেপি পাতে ডাঙৰ বাৰী। গহনাৰ পেৰা ডাঙৰ কবে বাঁৰী তিকতা কাড়ি। খাতৰ বন্ধাক খাব নিদি ডাঙৰ ভৰাল পাতে। বিযায় সভায় মাগন তুলি চাঙৰ তলত পোতে ॥ তিকতাৰ আগত পুৰুষালি, গোলামক খুন্দা যম। লৰাৰ আগত বব কথা, সমনীয়াৰ আগত কম। চাপ্ৰাচিৰ আগত কেকোৰা কেকুৰি, চাহাবৰ আগত কুজা। এওঁএই আমাৰ আসামৰ ডাঙৰীয়া বুঝা ॥

অসমীয়া বাবু।

লোদৰ পোদৰ ডাঙৰ দীঘল, টেৰি কাটা চুলি। নাক খৰা তাৰ গোফ পাতল, দাড়ি পেলাই তুলি। দুই চকু তাৰ পুঠি মাছ, সদাই ধৰফৰ। খোপৰ পৰা ফুটি ওলাই, মাৰিব খোজে লৰ । বুকু বহল পেটটি সক, ফিন্দাই ফিন্দাই ফুৰে। বাহিৰত কি ঘৰত কি গাৰ চোলা নেবে। আফিচত সি পিন্ধে ঠেঙা, মূৰত মখমল টুপি। বাটে পথে ছাতা এৰি, নলয় বৰজাপি ॥ ঘৰৰ গতি থানৰ ধুতি, চুটি পিৰণ গায়। আগ চোতালত চকিত বহি বাটৰ মানুহ চায়। কাকত পঢ়াত কিতাপ পঢ়াত নাযায় তাৰ মন। লগৰীয়া ভাগৰীয়া সদাই দুই এক জন। আবেলিৰ ফেদেলিব অন্ত নাই তাব। পাশা পালে মাজ নিশালৈ চলে মাৰ মাৰ । পুরা উঠি হতবুদ্ধি কামকায একো নাই। ইধৰ সিঘৰ কৰি ফুৰে ধপাত চিলিম খাই ॥ 

নও বাজিলেই দুকুৰি নও মূৰত আহি চবে। দিহাদিহি যেয়ে যতে ঘৰে ঘৰে লবে। বেগাবেগি খাই বই উঠি আকৌ ওলাই যায়। পাঁচ নাবাজাৰ আগে ইবাৰ কিবাৰ উপায় নাই। তেল খাৰনীয়া ইংৰাজিৰে খটোমটো কৰি। উদুৰ কথা বুচুক বুজাই দিনটো কটাই ঘুৰি ।। গাখীৰ গুৰ মাছ তামোলটো, সক সুবা ভেটি। পায় যদিস্থ্যাৎ সিদিন তাব নহয় দিনটো ক্ষতি। এক পথে তাব গতি সদা, কচাৰি যি বাটে। এক কামে তাব মতি সদা, নথি লই খাটে। নাই তাব লোভ অভিলাষ, সদাই নির্বিকার! পেনচনৰ মাথোন টকা কইটি, প্রণ ভাবা তাব। কুসংস্কাৰ নাই তাব এটিও মনৰ মাগে। তথাপি সি আচাৰ বিচাৰ নেবে চকুৰ লাজে নাম প্রসত্তত নাই মতি, তথাপি যি ৰীতি। ল'ৰালুৰিক লগাই কাম আদায় কবে সিটি। বামুনলৈ ভক্তি নাই মূৰত নাই টিকি। হাত যোড় কৰি ফুলটিলৈ, খোচে বেৰাৰ দিকি। পুতমহীয়া বাতি জাৰ গাধোরে কি ৰূপে। হুবহুবকৈ চোতালত পানী ঢালি কঁপে। জাহাজত ফুৰা টান, নৰয় হিন্দুয়ানী। চাহ-বাকচব দ'মত উঠি কবে কিবাকিনি। মনে মনে যি কি কবে কিবা লাজ তাব? সংস্কাৰ, সি মনব কথা ধাৰ দায় কাব ৭ শিক্ষাবলে এনেরূপে তর্ক কৰে সদা। গাৰ বলে নজনাক কৰি থয় ভোদা। তর্ক হলে জয় তাব আছে সদাই লগে। নোজোকালে মেব ছাগ, জোকাই চালে লাগে। খঙ উঠিলে তপত তেল, কিল খালে কাবু। এওঁএই আমাৰ আসামৰ অসমীয়া বাবু। 


22
প্ৰবন্ধ
অসমীয়া সাহিত্যৰ চানেকী
0.0
ভাৰতব উজ্জ্বল বহু চাব আশুতোষ মুখাজিব বহু চেষ্টাৰ ফলত্ব কলিকতা বিশ্ববিদ্যালয়ে যেতিয়। ভাৰতীয ভাষ। বিলাকক এম, এ মহলাত ঠাই দিলে, তেতিয়া ভাৰতৰ আন আন ভাষ্য বিলাকৰ লগত অসমীয়া ভাষাকে। সেই শাবিত বহুৱাবলৈ অসমীয়া ভাষা আৰু আসামৰ উচ্চশিক্ষাৰ পৰম বন্ধু চাব আশুতোষ মুখাজিয়েই প্রথমে প্রস্তার কবে। যদিও সেই প্রস্তাবত বিশ্ববিজ্ঞালয়ৰ আন আন বঙ্গালী কণ্ঠ। সকলে বহুত হকাবধ। কৰিছিল তথাপি আসাম-বন্ধু মুখার্জি মহোদযৰ অহে। পুৰুষাৰ্থত তেখেতৰ চেস্টা ফলরতা হল আৰু অসমীয। ভাষাই বিশ্ববিদ্যালয়ব সর্বোচ্চ মহলাত ভাৰতৰ আন আন ভাষাৰ লগত ঠাই পালে। ১৯১৮ চনত "চেডলাব কমিচনৰ" লগত চাৰ আশুতোষ মুখার্জি মহোদয় যেতিয়া গুৱাহাটীলৈ যায় তেতিয়। গুরাহাটীত তেখেতে আসামৰ কেইবাজনা গণ্য মান্ড সাচিত্যিক আক শিক্ষিত মানুতব লগত অসমীয়া ভাষা বিশ্ববিদ্যালয়ৰ এম. এ মঙ্গলাও তোলাৰ সম্বন্ধে আলোচনা কৰে, আৰু সেই উদ্দেশ্যে অসমায়া ভাসাৰ গাদিবে পর্ব। বর্তমান সময়লৈকে প্রধান প্রধান লিখক সকলৰ লিখাব পৰা অলপ অলপ তুলি গোটাই এখন পুথি যুগুত কৰা স্থিৰ হয়। সেই গুক কামৰ ভাব আমার প্ররাণ সাহিত্যিক, আসামর একমাব প্রত্নতত্ববিদ, পণ্ডিতপ্ররব শ্রীযুক্ত হেমচন্দ্র গোস্বামা দেৱক দিনা হয়। গোসাইদেরে বহু পৰিশ্রম কবি ১৯২১ চনত সেই পুপি গোটাই বিশ্ববিস্থ্যালয়ৰ হাতত দিয়েহি। সেই সময়তে আসামৰ কৃতা সন্তান ভাবত বিখ্যাত দর্গার ভোলানাথ বকরাই এই পুথি চপাবলৈ বিশ্ববিদ্যালযক দহাতেজার টকা দিবলৈ প্রতিশ্রুত হয়, আৰু তাৰ ছহেজাৰ তেতিয়াক বিশ্ববিদ্যালযক দিয়ে। সেই টকাবে বিশ্বদ্যিালয়ে নিজৰ প্ৰেচতে পৃথি ছপাবলৈ আৰম্ভ কৰে। আস্ত সেই ঢপা কাস।ব তত্বাবধান কৰিবলৈ বিশ্ববিজ্ঞ্যালয়ৰ পৰা আমাৰ ওপৰত ভাৰ দিয়া হয়। গোটেইখন পৃথি তিনি সণ্ডকৈ ভাগোরা হৈছে। আদিৰে পৰা ইংৰঙ্গী ১৫ শতিকাৰ শেহলৈকে প্রথম এপণ্ড, ১৬ শতিকাৰ আৰম্ভবে পৰা ১৮ শতিকাৰ শেহলৈ দ্বিতীয। খণ্ড, আক. ১৯ শতিকাৰ আৰম্ভৰে পৰা বৰ্ত্তমান সময়লৈ তৃতীয়া খণ্ড। প্রত্যেক খণ্ডই প্রায় ৭০০ পিঠিৰ একোখন বৃহৎ পুথি হব।
1

অসমীয়া সাহিত্যৰ চানেকি।

28 November 2023
0
0
0

  সুর্য্য খড়ি দৈবজ্ঞ। [এই লিখক জনৰ জন্মভূমি মঙ্গলদৈ আছিল। তেওঁ ইংবাজী ১৮ শতিকাৰ শেহ ভাগত জন্মগ্রহণ কৰিছিল। তেওঁ সেই কালৰ এজন বিখ্যাত পণ্ডিত আছিল। তেওঁ অসমীয়া ভাষাত দৰঙ্গবাজবংশাৱলী আৰু সংস্কৃত ভাষাত ব

2

রতিকান্ত দ্বিজ।

29 November 2023
1
0
0

এই জন কবি মঙ্গলদৈ অঞ্চলৰ এজন ব্রাহ্মণ আছিল। তেওঁৰ পূৰ্ব্বপুৰুষ আদিৰ বিষয়ে কোনো কথা এতিয়াও জানিত্ব পৰা নাই তেওঁ দৰঙ্গ ৰজাৰ সভাৰ এজন বিখ্যাত পণ্ডিত আছিল। তেও গড়ঙ্গনাৰায়ণ ৰজাৰ আদেশত “ৰাজবংশাৱলী" নামেৰে এ

3

পশু ৰাম দ্বিজ।

30 November 2023
0
0
0

ধৰ্ম্ম পুৰাণ। দ্বিজ সকলোরে একদিনা সুবেকত, কৰিলেক ধৰ্ম্ম প্রশ্ন ব্যাসৰ আগত ॥ দ্বিজগণ নিগদতি ব্যাস মুনিবৰ। পূণ্যতো উত্তম পুণ্য উত্তম ধৰ্ম্মৰ । কোন নামে হস্ত ইহু কাহাক আচবি, অক্ষয় স্বর্গক পারে পাপক সংহ

4

শ্রীকাশীনাথ ভামুলি ফুকন।

30 November 2023
2
0
0

আসাম দেসব ডাঙ্গবিযা গণ প্রভৃতি বিসযাব নিবন্ধ ॥ সম্প্রতি মহুদানুসাবে, বিসযাব নাম লিখা জাই। জি জি একে মর্জাদাৰ সেই সকলক একে চেদব মাজতেই লিখা জাব; তাতে লিখাৰ আগ পাচ ক্রমে মর্জদাতো আগ পাচ আচে। সেই আগ পাচ

5

অৰুণোদয়।

1 December 2023
0
0
0

জাত্রিকব জাত্রা। The Pilgrim's Progress. এই জগতব অবণ্যৰ মাজে মই ফুৰি জাওতে জি এখন ঠাইত এটা গাঁত আচিল, এনে ঠাই পালোঁহি। তাতে পৰি সুই থাকোঁতে এক সমাজিক দেখিলোঁ। গাত ফটাচটা কাপব পিন্ধি, আপোনাৰ ঘৰৰ ফালল

6

শ্রীযুত বাবু আনন্দিৰাম ফুকন কর্তিক।

1 December 2023
0
0
0

এই অসম দেশ নিবাসি লোক সকলে স্বদেশত বাজে পৃথিবীত আন আন যি সকল বব সব দেশ আছে তাৰ একো কথাৰ ভু নেপাই, সেই হেতুকে সিবিলাকে আপোনাৰ দেশ অতি চৰ অৱস্থাত আছে বুলি নেজানে, এতেকে সম্প্রতি পৃথিবীব ভিতৰত অতি আচবিত

7

নিলিবাম ফেয়াবউবেল

2 December 2023
2
0
0

History of Hindustan, From the Dig Dorson. গজনিৰ বাদস্যা মহমদব দোআবাই হৃষ্ট কবাব পরা মচলমান লোকৰ বাজ্য নস্ট কবি ইংলণ্ডিযাবিলাকৰ বাজ্য পাপন তোমালৈকে হিন্দুস্থানব বৃবঞ্জি ইযাত আক পাচতো লিখা জাব। জি নান

8

যজ্ঞৰাম দেওলাই বৰুৱা।

2 December 2023
1
0
0

আহোম ভাষার পর। ভঙ্গা পুৰণি বৃবঞ্জা। কোচবণ:-লালি বাইচান (১৪) সকত চূড়-কুড়ম আক ডেপু নামে দুজন কোচ বজাৰ সেনাপতিযে আতি শলা পালেছি, আমার লোকেও গৈ শলাত থাকিল গৈ। পাচে সিহঁত দুযো লুইতে উজাই দিখৌ মুখ পালেহি।

9

পূর্ণানন্দ ডেকা বৰুৱা।

4 December 2023
0
0
0

১৮৫৮ সন পবহিতৈষিতা অর্থাৎ পরোপকাব "নোপকাবাং পরোধম্মঃ”। আসাম দেস হিতৈসিনি সভাব বচনাব সাব সংগ্রহ। জি দেসৰ মানুহব বুদ্ধি বৃতি অলপমান মার্জিত হৈছে, আাক জি দেসব মানুহৰ কিঞ্চিত ধর্মাধর্মব বোধ আঢ়ে, তেওঁবি

10

হেমচন্দ্ৰ বৰুরা।

6 December 2023
0
0
0

কোরা ভাতুবী। কোৰখনিয়া সত্ৰৰ গোবন্ধনদেউ আতা পৰম বৈষ্ণর, কংশ বঙ্গাব চন্দন-যোগাতী কুঁঙ্গী-বাইৰ বংশত জাত, সাক্ষাত গুৰুজনব পৰা পৰমাৰ্থৰ ভাগ-পোৱা গোপীনাথদেউ মাতাৰ পৰিনাতি। ঘোষা, কাউন, বত্বারলা, এই তিন খানি

11

পাই-মালা।

6 December 2023
0
0
0

সম্মান। ঈশ্বর, পিতৃ-মাতৃ, শিক্ষক, দেশর অধিকার আক বুঢ়া লোক, এই সকল সন্মানর পাত্র। যি আদি কাবণব পরা এই পবিদৃশ্যমান জগতব উৎপত্তি হৈছে, সেই কাৰণৰ নামেই ঈশ্বব। তেওঁ সকলোবে আদি, কিন্তু তেওঁর আদি নাই; সকলো

12

গুনাভিৰাম বৰুৱা।

7 December 2023
0
0
0

সৌমার ভ্রমণ। এই অসম দেশ আমাৰ মাতৃভূমি। আমি ইয়াতেই উপজিছো। ইয়াতেই শিক্ষা পাইছো। এই দেশব নামেই আমি সংসার হাটত বিকা হই আছো। জননী যেনে আদবনীয়া আক পূজনীয়া এই আমাৰ জন্মভূমিও আমাৰ পক্ষে তেনে মৰম আৰু সেরাব থ

13

বমাকান্ত চৌধুৰী।

7 December 2023
0
0
0

অভিমন্যু বধ কাব্য। প্রথম সগ। দশ দিন যুদ্ধ কৰি ভীষ্ম মহাবলা যেতিয়া শুইল। বাৰে শৰ আসনত, মহাৰণী পাণ্ডবেও, আনন্দ মনেৰে, বঙ্গাইল। ঢাক, ঢোল, শিক্ষা, কৰতাল, জগঝম্প, ভেৰি, দবা। আপুনি শ্রীচাৰ, নিজ বাস্থ্য শঙ

14

বঘুদেৰ গোস্বামী।

8 December 2023
0
0
0

আত্ম পৰিচয়। মহাদি দিপক তাতে কৰিয়া শকত। বিন্দুগঞ্জ দিয়া পাচে কৰিয়া যুগুত ॥ মিথুন মাসৰ জানা ৰোহিনীক পাই। সমাপতি ভৈল শাস্ত্র পদ সমুদাই। আমি অল্পমতি হুয়া বচিলে। পয়াৰ। গোবিন্দৰ লীলা বুলি কবিয়ো আদৰ। জখলাবন

15

ইন্দিলৰ বৰুৱা।

8 December 2023
0
0
0

জীৱনাদর্শ। মহাবাজ। বুদ্ধিস্বর্গ নাবায়ণ। বৃদ্ধিস্বর্গ আসামৰ এজনা ক্ষমতাপন্ন বাঙ্গা আছিল। ১৪৭৪ শকত (১৫৫২ খৃঃ অব্দ) এওঁৰ জন্ম হয়। ১৫৩৩ শকত এওঁর পিতা গোঁড়াবাজা স্বর্গী হলত এওঁ বাজা হল। আহোম মতে এও'ব নাম

16

কালি ৰাম বৰুৱা।

8 December 2023
0
0
0

কামাখ্যা কামাখ্যা (কাম + আখ্যা) কাম শব্দে ইচ্ছা আখ্যা শব্দে নাম। যাব নাম হৈছে কাম, এতেকে কামাখ্যা। প্রলয় কালত এই জগত এনে প্রকৃতিত লীন আছিল যেই প্রত্যক্ষ অনুমান আক শব্দ এই তিনি প্রকাৰ প্ৰমাণৰ বিষয় নাছ

17

গোপীনাথ চক্রবর্তী।

9 December 2023
0
0
0

কলঙ্ক ভঞ্জন। কৃষ্ণের চরণ ধবি, বোলে বাধা বজেশ্ববা শুনাচে মুবলা দাবী, মোর মনো দুঃখ। গাও ত সিগিলা আছে গিরি, সকলে বলে বাচরা ভিবি, এই দুঃখে উল্যারা নবো মুখ। যদি ফুৰিবা যান্ড করবো বাড়া, আতিল যেঢ় বব গ

18

বলিনাৰায়ণ বড়া।

11 December 2023
0
0
0

উচ্চশিক্ষা। আসাম ভাৰতবৰ্ষৰ পিচ পৰিণাকা প্রদেশবিলাকৰ ভিভবত গল্প। বাস্তবিকে যি দেশত সুশিক্ষিত, ধনী আক ব্যবসায়ী মাশুহব সংখ্যা তাকৰ সি আজি কালিৰ সভ্য আৰু আগবাঢ়া দেশবিলাকৰ সমকক্ষ হব নোৱাৰে। অসমীয়া মানুহ অ

19

মাধবচন্দ্ৰ বৰদলৈ। (বায়বাহাদুৰ)

11 December 2023
1
0
0

অসমীয়া সাতকাণ্ড ৰামায়ণ। BIR BIKRAM LIBRARY. E Agartala w অতিপূর্বের গোটেই অসম দেশকে কামৰূপ বুলিছিল ইয়াৰ সীমা পূবে দিকৰাই আক পশ্চিমে করতোরা, সুতৰাং বর্ত্তমান সময়ৰ ব্ৰহ্মপুত্ৰৰ উপত্যকা প্রদেশ খণ্ডকে ক

20

কমলাকান্ত ভট্টাচার্য্য।

12 December 2023
1
0
0

অসমৰ উন্নতি। শিতানত আঁকা প্ররন্ধটি আজি আপোন দেশী ভাই সকলৰ ওচৰত আলচ পাতি চাও। "অসমৰ উন্নতি" এই কথাষাৰি এবাৰ উশাহ নিশাহত অন্য নিয়া কৰোঁতেই ওৰ পৰে। চিন্তাৰ বাটত হতাশে টানকৈ ভেঙ্গাৰ মাৰি আগচি ধৰে। শিক্ষি

21

কমলাকান্ত ভট্টাচার্য্য।

12 December 2023
0
0
0

অসমৰ উন্নতি। শিতানত আঁকা প্ররন্ধটি আজি আপোন দেশী ভাই সকলৰ ওচৰত আলচ পাতি চাও। "অসমৰ উন্নতি" এই কথাষাৰি এবাৰ উশাহ নিশাহত অন্য নিয়া কৰোঁতেই ওৰ পৰে। চিন্তাৰ বাটত হতাশে টানকৈ ভেঙ্গাৰ মাৰি আগচি ধৰে। শিক্ষি

22

পূর্ণিমাৰ ৰাতিলৈ চাই।

12 December 2023
0
0
0

জোনাক বাতিটা রূপহী কাটিী শুরায় জগত কিনো বিতোপন, নিচুক জগত নিদ্রাৰ কোলাত এনেনো গভীব নিদিলে আশ্রয় আজি কিয় মন নেষাও টোপনি কোনে মন্ত্র মাতি হবিলে চেতন কি কারণে আজি টোপনি নাই, শান্তি কোলা পাতি ম

---

এখন কিতাপ পড়ক