shabd-logo

তিনি

13 January 2024

0 দৰ্শন কৰা হৈছে 0

যিবোৰ মামুহৰ আজৰি আছে, যিবোৰ মানুহৰ সময়ৰ লেখ লোৱাৰ অৱকাশ আছে, সেইবোৰ মানুহে বাহিৰৰ পৃথিৱী আৰু মনৰ ভিতৰৰ পৰিৱৰ্তনবোৰব খৰৰ ৰাখিব পাৰে। সেইবোৰ মানুহৰ কাৰণে বেলেগ বেলেগ ঋতুৰ বেলেগ বেলেগ নাম আছে, বেলেগ বেলেগ আবেদন আছে গ্রীষ্ম, বর্ষা, শৰৎ, হেমন্ত, শীত, বসন্ত। প্রত্যেকটো ঋতুরেই নিজস্ব ঐশ্বর্য্যেৰে, নিজস্ব বৈচিত্র্যেৰে, নিজস্ব বর্ণ গন্ধ স্পর্শেৰে এইবোৰ মানুহক নতুনত্ব অংক পার্থক্যৰ আস্বাদ দি যায়। কিন্তু যিবোৰ মানুহ মিলি আছে মাটিৰ লগত, উদ্ভিদৰ দৰে যি মাটিৰ বুকতে আপোনা-আপুনি গজিছে বাড়িছে, মৰিছে সিহঁত ঋতুবে অংশ, ঋতুৰ নাম নিদিলেও সিহঁতৰ তেজে সিহঁতৰ স্নায়ুৱে সিহঁতৰ উশাহ নিশাহে প্রতিটো ঋতুৰ স্পন্দন বুজি পায়। ঋতুব নাম দিব সিহঁতে নেজানিব পাৰে, মাহৰ নামো সিহঁতৰ ভুল হৈ যাব পাবে, কিন্তু সিহঁতে গাৰ ঘামৰ গোন্ধৰ পৰাও বুজিব পাৰে এতিয়া কি মাহ, এতিয়া কি ঋতু। আকাশৰ মেঘৰ বুকত সিহঁতে ঋতুৰ নাম লেখা থকা দেখা পায়। সেই লেখা সিহঁতে পড়িব জানে, পঢ়িব পাৰে।

কোনোবা এজোপা বনৰীয়া গছৰ নতুন কুঁহিপাতে সিহঁতক কোনোবা এটা ঋতু খুৰি অহাৰ বতৰা কয়।

কোনোবা এজোপা গছৰ পাত পকি হালধীয়া হৈ সৰি পৰালৈ চাই সিহঁতে ক'ব পাৰে কোনটো মাহ কোনটো ঋতু শেষ ছৈ কোনটো। ঋতু আবন্ত হৈছে। 

মাটিৰ লগত মিলি থকা প্রকৃতিৰ এই সন্তানবোৰে কথাবে নহয়, এক স্বাভারিক সহজ ছন্দেবে, ঋতুব, মাজৰ এই পিছল পরির্তনবোদব কথা কয়। সিহঁতৰ কথাবোৰ পীত হয়, পাঁচালী হয়, বাবমাসী হয় কেতিয়াবা ভাটিয়ালী হয়, কেতিয়াবা দেহবিচান হয়।

এই সুৰবোৰ, এই গীতবোৰ গাঁৱৰ নদ-নদী, খাল পুখুৰী, পথাৰ- বননি, হাবি, বালিচাপৰি সকলোতে উৰি ওপত্তি কুষে, তাবেই কিছুমান কাৰোবা কাৰোবাৰ কণ্ঠত বৈ যায়। কণ্ঠই গীতব ক্ষুষ বিচানিব নেলাগে; সুবে, গীতে কণ্ঠ বিচাৰি লয়।

জছন মিঞ্চান সন্তান বাবৰৰ মাতটো মিঠা, গলগলীয়া, শুনিলে মৰমলগা, তাৰ বয়স যদিও চৈধ্য বছৰ মাত্র হৈছে, তথাপি ওখই পাখই, খোজে কাটলৈ তাৰু এটা ডেকা ল'ৰা যেনেই লাগে, অরক্তে সি সিমান শকত হোৱা নাই, সেই হিচাপে ওখলৈ চাই তাক অলপ ধীণ যেনেই লাগে। কিন্তু সাত বহুবীয়াথে পৰা সি পথাৰলৈ যোৱান অভ্যাস কৰিছে। ন-দহ বহুবীয়াৰ পৰা সি হালবোরা কঠীয়া ভোলা ধান দোৱা, ডাঙৰী কচিউরা আদিতো নলগাকৈ থকা নাই। কায়িক শ্রমে তাৰ মাংসপেশী কঠিন কৰিছে, কিন্তু তাৰ মুখব কৈশোবব কোমলতা আৰু কমনীয়তা নোহোৱা কৰা নাই। বাবৰ বগা নহয়, মিঠা বৰণীয়া, তাৰ চুলিবোৰ ডাঠ জাক ঘন ক'লা, নাকটো সিমান জোঙা নহয়, কিন্তু বর্ষ ভোটাও নহয়। বেয়া নেদেখি।

কিন্তু বাবৰক দেখিলে সিমান মৰম জেলাগে বিমান মৰম লাগে তাৰ মাতটো শুনিলে, ভাব মাতটো যেন গীত গাবৰ কাৰণেছে কেনোষাই তাক দিছে। ওচৰৰপৰাই হওক দূবৰ পৰাই হওক, ভাব গীত গুনি সকলোৱে ভাল পায়। হয়তো পম্বিয়ালটোৰ চবম দাখিল্য, সমাজৰ অৱহেলা আৰু সিহঁতৰ ঘৰখনৰ বেমেজালি সকলোৱে মিলি তাব কিশোৰ কণ্ঠক আক করুণ, জাক বেজেফরা কবে।

কিন্তু তাষ নাতটো মিঠা আৰু করুণ হ'লেও ভাত এটা পৌকষ আছে। আাক আছে এটা ক্রোধ আফ প্রতিবাদৰ সুব।। সি দুর্বল আৰু বিনয়ী হ'বলৈ ভাল নেপায়, কিন্তু সি জানি শুনিয়ে অহংকাৰী নহ'বৰ যত্ন কবে, কাৰণ অহংকাৰ কৰিবলৈ তাৰ একোৱেই নাই। আক বাপেকে তাক সদায় সময় পালেই কয় যে অহংকাৰ বস্তুটো বৰ বেয়া, আল্লাই অহংকাৰী মানুহক বেয়া পায়। আল্লাৰ অতি প্রিয় আক ভক্ত ফিবিস্তা আজাজিলক গর্বৰ কাৰণেই আল্লাই ছয়তানলৈ অধঃপতিত কৰিছিল। অহংকাৰে ফিৰিস্তাবে যেতিয়া পতন ঘটাইছিল অহংকাৰী মানুহৰ অধঃপতন নঘটিবৰ কাৰণ নাই।

কিন্তু ক্রোধ আৰু অহংকাৰ একেটা বস্তু নহয়। নানা কথাত বাৰবৰ খং উঠে তাৰ বাপেকৰ ওপৰত, গাঁৱৰ মৌলবী ছাহেবৰ ওপৰত, জমীদাৰ পৰিয়ালৰ ওপৰত।

আৰু খং উঠিলেও, সি নিজে একোৰে প্ৰতিকাৰ কৰিব নোৱৰা কাৰণে সি সময় পালেই ঘৰৰপৰা আঁতৰে আঁতৰি ঘুৰি ফুৰে। নৈষ পাবলৈ যায়, হাবিব মাজত লুলুেভীয়া বাটেদি গীত গাই গাই অকলে অঞ্চলে খুবি কৃষে, কেতিয়াবা গৈ সিহঁতৰ মোমায়েকৰ গাঁওখন ওলায়গৈ।

মোমায়েকহঁতৰ অৱস্থাত একে জমীদাৰৰ মাটিত খেতি কৰি, আম তাৰ ঘৰত কাম কৰি কেনোমতে চলে, আৰু মোমায়েকবো ল'বা ছোয়ালী এপাপ, খোয়া পিন্ধাৰ কষ্ট অরুপ্তে এনে কষ্ট সহ্য কৰাত অভ্যন্ত হৈ পৰাৰ কাৰণে ল'ৰা ছোৱালীবোৰে তাৰ মাজতো হাঁহি খেলি জপিয়াই কিবিলীয়াই দিন কটায়। দুখৰ লগত সিহঁতৰ চিলাকি ওপজাকেশৰা, গতিকে অঙ্কেই সিহঁতে স্বাভারিক বুলি ভাবে। বনী জমীদাষ, জোতদাব, দেৱানী, সবকাৰৰ ঘৰষ সুখ সমৃদ্ধিৰ কথা সিহঁভদ কাৰণে পথীদেশষ সাধুকথা।

বাববর্ষ মোমায়েফন ঘবক পৰা অলপ নিলগতে, তাৰ মাকৰ দুব সমধীয়া এটা ককায়েকন মন, তাষ নাম বোবহান দেখ, বাববে তাকো মোনাই বুলিয়েই যাতে। যদিও বোবহান ছেখ তাৰ কেনেকুৱা মোমায়েক সি ভালকৈ নেজানে। মোমায়েকৰ ঘফলৈ গ'লে বাবৰ বোবহান ছেখৰ ঘৰলৈকো এবান নগৈ নেখাকে। ইয়ালৈ আহিলে তাৰ এৰাৰ মৰীয়মক চাই বাবৰ মন যায়, লগ পাই যাবৰ মন যায়। মৰীয়মেও বাবৰ কোন দিনা মোমায়েকৰ ঘৰলৈ আহিব ভুলৈ থাকে। আৰু সি আহিলেই এনেই হ'লেও তাই এবাৰ তাৰ মোমায়েকৰ ঘৰলৈ আছে। তাইৰ বয়সৰ ছোৱালী এজনী ইখব সিঘৰ ঘুৰি ফুৰাৰ কোনো কাৰণ নেথাকে। কোনো কারণ কোনোরে নিবিচাৰেও।

তাতে বাবৰৰ মোমায়েকৰ মৰীয়নৰ বয়সীয়া ছোয়ালীও আছে। কেতিয়াবা বাবৰ আহি মোমায়েকৰ ঘৰত বাতিও থাকেছি। মোমায়েক মামীয়েকে নেবাখিলেও ল'ৰা ছোৱালীবোৰে তাক ৰাখে, ঘূৰি যাবলৈ নিদিয়ে।

ৰখাৰ কাৰণ সিহঁতে ৰাতি তাৰ হতুৱা গান গোৱাব।

বহুত গান গোৱাব।

তাৰ বেয়া নেলাগে, এই বয়সত আবদাৰ মৰম সকলোৱে ভাল পায়। আৰু অকল মোমায়েকৰ ল'ৰা ছোৱালীয়েই নহয়, ওচৰ পাঁজবষ অ্যান্য সমনীয়া আৰু বয়সত তাতকৈ সক ডাঙৰ ল'বা ছোৱালীবোৰে যেতিয়া তাক বেড়ি ধৰি গান গাবলৈ জোবকৈ কয়, এটা গোৱাৰ পাছস আৰু এটা তাৰ পাছত আৰু এটা গাবলৈ টানি ধৰে, তেতিয়া তাৰ নিজৰ এটা বিশেষত্ব থকা যেন লাগে।

কেতিয়াবা ল'ৰা ছোৱালী কিছুমানৰ লগ লাগি সি মোমারেকষ ঘৰৰপৰা কিছু দূৰ আঁতৰি যায়গৈ আৰু নৈৰ বালি চাপৰিত বহি নাইবা মুকলি পথাৰৰ মাজত জহি যোৱা সবানিৰ ওপৰত বহি ওপৰলৈ মুকৈ শুই তাৰ গলগলীয়া মিঠা মাতটোবে সি এটাৰ পিছত এটাকৈ মুর্শিদা, ভাটিয়ালী গাই যায়। ল'বা ছোৱালীবোবে মনে মনে থাকি ভাব গান শুনে, গানৰ কথাৰ অর্থ সিহঁতে বিচাৰিব নেজানে। খুবেই যথেষ্ট।

গানৰ আক কিষা অর্থ থাকেনেকি?

প্রথমে নেগাওঁ নেগাওঁ কৰি শেষত বাববে গাই যায়: দোহাই বন্ধু মাথা খাও, আমায় ছাইড়্যা কইবা যাও,

বন্ধুবে-

বৈদেশে গেলে আমি

তোমাৰ সঙ্গ ছাড়ুম না।

যখন তুমি কৰলে গীবিত

গাঙ্গে আইলো যান। এক নিমেষে আইলো বুকে

পূর্ণিমাৰও চান্দ।

কাঠাল গাছে ধৰলো কাঠাল,

আমেৰ গাছে আম।

আমের মাঝে লেখা আছে

সোণা বন্ধুৰ নাম।

বন্ধুবে তুমি যাওগো ভাটি গাঙ্গে,

আমি যাই মোৰ বাড়ী,

বেলা থাকতে না গেলে মোৰ

শুকাইবেনা শাড়ী।

আমাৰ সঙ্গ না যাও ছাড়ি।

দোহাই বন্ধু মাথা খাও,

আমায় ছাইড়্যা কইবা যাও

বৈদেশে গেলে আমি

তাৰ পিছত আৰু এটা।' তাৰ পিছত আৰু এটা। কথাবোৰ মিঠা। শুনবোৰ আাক মিঠা। 

চ'ত্তৰ আবেলিৰ মিঠা ব'দে ক্রমে পশ্চিমব হাবিখনৰ সিপাৰে শুই পৰাৰ আয়োজন কৰে, সিহঁতৰ বাবৰৰ গীত শুনি ভাগৰ নেলাগে, কিন্তু গধূলিৰ আগে আগে ঘৰলৈ হুভতিলে মাক বাপেকে খং কৰিব। সেয়ে সিহঁত উঠি ঘৰমুৱা হয়।

মৰীয়মে কয়-"যাওঁ ব'ল।" সমনীয়া কোনোবা এজনীয়ে কৈ উঠে:

"বেলা থাকতে না গেলে মোব

শুকাইবেনা শাড়ী-"

মৰীয়মে কৈ উঠে-"যা যা ঘৰলৈ গৈ তিতা শাড়ী গুফোরাগৈ,

তোৰতো-

দোহাই বন্ধু মাথা খাও--

আমায় ছাইড়্যা কইবা যাও" সিহঁতৰ খেদাখেদি লাগে, এই ধৰণৰ জোকোৱাজুকুরি সিহঁতৰ ভাল লাগে।

বাববেও উঠি কয় "ব'ল ব'ল মোৰ লগত বিদেশলৈ কোন কোন যাবি ব'ল। মই এতিয়া যাম-" "মৰীয়মকে তোৰ লগত লৈ যা-" কেনোবা এজনীয়ে কৈ উঠে। ভাৰ পাছত গাই উঠে:

বন্ধুবে-

যখন তুমি কৰলে পীফিত

গাঙ্গে আইলো বান- এক নিমেষে আইলো বুকে

পূর্ণিমাৰও চান্দ

মবীয়দে কর "মই ক'লী মলী ছোৱালী, তইছে পূর্ণিমাৰ জোন। যা বাবৰৰ লগত, ঘৰবাৰী পোহৰ কৰগৈ-"

সিহঁত গুচি আছে। বাসব ঘবলৈ গুচি আছে।

তাৰ কিশোৰ মনটো ভালকৈ বুজিব নোৱৰা কিছুমান অনুভূতিবে উপচি পৰে।

তাৰ আকৌ মৰীয়মহঁতৰ গাঁৱলৈ, সিহঁতৰ ঘৰলৈ যাবৰ মন যায়।

কিন্তু সি নেযোৱাকৈ থাকে এনেয়ে।

ঘৰত সি পথাৰে পাঁজবে বাপেককো সহায় কৰি দিব লাগে। তাৰ বয়সৰ অন্ত্য এটা ল'ৰাৰ ধেমালি কৰি সময় কটাবলৈ হাবিয়াস কৰাটো তেনেই স্বাভাৱিক কথা হ'লহেঁতেন, কিন্তু দুখীয়া খেতিয়কৰ ল'ৰা বাবৰৰ সেই সৌভাগ্য আৰু সুযোগ নাছিল। ডাঙৰৰ সমানেই নোৱাৰিলেও, ডাঙৰৰ দৰেই সি ভিতৰে বাহিৰে কাম নকৰিলে নচলে। কামৰ মাজে মাজে যিকণ আজৰি পায়, তাতে সি ঘৰ এৰি বাহিৰ

ওলায়।

উদ্দেশ্যহীনভাৱে পথাৰে হাবিয়ে ঘূৰি ফুৰে-

গান গায়-

সমনীয়া ল'ৰা ছোৱালীৰ লগত খেলে-

বনভোজ খায়।

কাৰোবাৰ লগত কাজিয়া কৰে-

নবীয়মৰ লগতো কেতিয়বা তাৰ ঠোটামোজা লাগে--

তর্ক খৰিয়াল লাগে-কিবা কাজিয়া লাগি নমতা নোৱোলাকৈ

থাকে।

কিন্তু দুদিনমান আঁতৰা আঁতৰি হৈ থকাৰ পাছতে সিহঁত অধৈর্যা হৈ পৰে, কিবা সুবিধা কৰি বাবৰ আহি মোমায়েকৰ ঘৰ ওলায়হি ভাৰ পাছত মৰীয়মৰ লগত দেখাদেখি হ'বলৈ আৰু বেছি সময় বাট চাবলগীয়া নহয় ।

তেতিয়া সিহঁতৰ কেইদিনমানৰ আগৰ দন কাজিয়াৰ কথা অকণো মনত নেখাকে।

মৰীয়ম মোমায়েকৰ ঘৰত থাকে। তাইৰ বাপেক মরিছে। মাকক অন্ত এখন গাঁত্তৰ এটা মানুহে বিয়া কৰালে, মাকৰ লগত ভাইক নিনিলে, তাই মোমায়েকৰ লগতে থাকি গ'ল। তাতেই তাই আজি ছবছৰ্মান আছে, মোমায়েকহঁতৰো ল'ৰা ছোৱালী আছে। তথাপি তাইক মৰম কৰে। কিন্তু বোবহানহঁতে মুখৰ কথাৰে মৰম কৰিব নেজানে। ভাত কাপোৰ দিয়া, ঘৰত থাকিবলৈ দিয়া, অসুখ বিসুখ হ'লে কোনোৱা গাঁৱলীয়া বেজৰপৰা ছুট। বড়ি আনি দিয়া, কাৰোবাৰ লগত দন হাই লাগিলে মৰিল্লমৰ হকে এষাৰ মাত দিয়া-তাৰ নামেই মৰম।

মৰীয়মৰ কাৰণেও সেয়ে বস্তুত। কেতিয়াবা তাইৰ মাক আছে। কিন্তু মাকেও তাইক মৰম কৰিব নেজামে, এনেই কিবাকিবি সোধে, তায়ো কিবাকিবি উত্তৰ দিয়ে-

সিমানেই।

মাকক তাইৰ আপোন যেন নলগা হৈ আহিছে। বোৰহানে মাথোন এটা চিন্তাই কৰি আছে:

মৰীয়মৰ ১১ বছৰ হৈ গ'লেই, আক তিনি বছৰমান তাইক বাধিব লাগিব। তাৰ পাছত তাইক কাৰোবাৰ লগত বিয়া দি দিব লাগিব। সবহু দিন ৰাখি থব নোৱাৰি।

বাঘৰৰ লগত তাইৰ বন্ধুত্বৰ কথা সিহঁতে গম নোপোৱাকৈ থকা নাই।

যদি হয় বাববলৈকো তাইক বিয়া দি দিব। সিও ডেকা হ'লে কিবা আর্জন কৰি খাৰ পাৰিব। দুখীয়াৰ ঘৰব হলেও সি মজবুত ল'ৰা। হাল কোবলৈ সি ভয় নকৰে। ডেকা হ'লে সি এমুঠি উলিয়াই খাব পাৰিব। 

ছায়েদ আব্দুল মালিক দ্বাৰা অধিক কিতাপ

1

বৰ জাৰ পৰিছিল।

13 January 2024
0
0
0

ডাঠ কুঁৱলীও আছিল। মাঘ মাহৰ আগভাগ, জাৰবোৰ কুঁৱলী হৈ আকাশৰ বুকৰপৰা তললৈ নামি আহিছিল। জমীদাৰ মোহম্মদ মোদবিৰ হবিব কিষ বিয়া চৌধুৰীষ তিনি মহলীয়া দালানটো কুঁৱলীৰ মাজত প্রায় অদৃশ্য হৈ পৰিছিল। ফুলনিখনৰ বাওনা

2

দুই

13 January 2024
0
0
0

এইয়া ১৯৩৬ চনৰ কথা। মৈমনচিত্তৰ কথা। বংগদেশৰ কথা। দুই নাৱাব জমীদাৰ, জোতদাৰৰ বিলাস প্রভার প্রতিপত্তি দব দবাইব কথা। ভাৰতৰ বৃটিছ ৰাজত্বৰ একচ্ছত্রিতাৰ কালৰ কথা। জমীদাৰব মাটি বুকুত সাবটি প্রাণান্ত সংগ্রা

3

তিনি

13 January 2024
0
0
0

যিবোৰ মামুহৰ আজৰি আছে, যিবোৰ মানুহৰ সময়ৰ লেখ লোৱাৰ অৱকাশ আছে, সেইবোৰ মানুহে বাহিৰৰ পৃথিৱী আৰু মনৰ ভিতৰৰ পৰিৱৰ্তনবোৰব খৰৰ ৰাখিব পাৰে। সেইবোৰ মানুহৰ কাৰণে বেলেগ বেলেগ ঋতুৰ বেলেগ বেলেগ নাম আছে, বেলেগ বেল

---

এখন কিতাপ পড়ক