shabd-logo

দুই

13 January 2024

0 দৰ্শন কৰা হৈছে 0

এইয়া ১৯৩৬ চনৰ কথা।

মৈমনচিত্তৰ কথা।

বংগদেশৰ কথা।

দুই

নাৱাব জমীদাৰ, জোতদাৰৰ বিলাস প্রভার প্রতিপত্তি দব দবাইব কথা। ভাৰতৰ বৃটিছ ৰাজত্বৰ একচ্ছত্রিতাৰ কালৰ কথা। জমীদাৰব মাটি বুকুত সাবটি প্রাণান্ত সংগ্রাম কৰি জীয়াই থাকিবৰ চেষ্টা কৰি কৰি মৰা ভূমিহীন কপর্দকহীন খেতিয়কৰ দুৰ্য্যোগভাৰাক্রান্ত সময়ৰ কথা। বংগদেশত ফজলুল হক, নাজিমুদ্দিন, ছোহৰাৱদিৰ শাসনকালৰ কথা। অসমত ছাৰ চাহুল্লা, ৰোহিণী চৌধুৰী, মূনকব্বৰ আলিৰ মন্ত্রীবৰ কালৰ কথা।

বিদেশী সাম্রাজ্যবাদ শোষণৰ চেপাত জুৰুলা হোৱা অস্থি চর্মসাৰ ভাৰতীয় কৃষকৰ কথা।

ভাৰতীয় কৃষক তেতিয়া অসম্মান, অমৰ্য্যাদাৰ শেষ চাপত, সিহঁত পানীৰ ওপৰত ওপত্তি থকা পুনি, শিয়াই মাটি নোছোরে, সিহঁত পানীৰ সোঁতৰ লগে লগে গৈ থাকে, ওপত্তি থাকে।

সিহঁতে লোকৰ মাটিত খেতি কৰে, সিহঁতে বিয়া কৰে, সিহঁতে নিকাহ কবে, তালাক দিয়ে, ল'ৰা ছোৱালীৰ জন্ম দিয়ে, কাজিয়া কবে, মাৰপিট কবে, নামাজ পড়ে, বোজা ৰাখে, ধনী দুই চাৰিটাই হচ্ছে। কবে, জাকাতো দিয়ে।

কোনো কোনোরে ধন ধাবলৈ দি সুদো খায়, যদিও জানে- সুদ হাৰাম।

মাটিৰ বুকুত সিহঁতে জীৱন বিচাৰে, নদীৰ বৰ চাপৰিত, গহন হাবিত সিহঁতে মাটি বিচাৰে। মাটিক সিহঁতে মৰম কৰে নিজৰ মাকক মৰম কৰাৰ নিচিনাকৈ, নিজৰ ল'ৰা ছোৱালীৰ মাকজনীক মৰম কৰাৰ নিচিনাকৈ নাৰীৰ গৰ্ভত জীৱনৰ কঠীয়া সিঁচাৰ নিচিনাটেক মাটিৰ গর্ভতো সিহঁতে কঠীয়া সি'চে-শম্ভু উৎপাদনৰ কাৰণে, মৰাপাটৰ সোণালী সূতা উৎপাদন কৰিবৰ কাৰণে।

এই খেতিয়ক মানুহখিনিৰ কাৰণে জীৱন বিচৰা মানে মাটি বিচৰা, মাটি মানে জীৱন বিচৰা, মঙহ-খোৱা বনৰীয়া জন্তুৱে চিকাৰৰ বস্তুৰ গোন্ধ লৈ ফুৰাৰ দৰে সিহঁতে মাটিৰ গোন্ধ লৈ ফুৰে, য'তে খেতিৰ মাটি আছে তালৈকে সিহঁত যাব, যিমান দূৰ নহওক কিয় যিমান দুর্গম নহওক কিয়, খেতিৰ মাটিয়ে সিহঁতক মাতে, সিহঁতৰ শৰীৰৰ সিৰা- উপসিৰাত সেই আহবানৰ কঁপনি উঠে। মাটিৰ গোন্ধ পালে মাটিৰ সন্ধান পালে সিহঁত উচ্ছ্বাউল হয়। মাটি মানেই জীৱন।

মাটিৰ মোহ সিহঁতে এৰিব নোৱাবে, সেই বাবেই নানা উৎপীড়ন অত্যাচাৰ সহ্য কৰিও সিহঁতে জমীদাৰৰ মাটিকে আঁকোৱালি ধবি থাকে। মাটিৰ কাৰণেই খাটি দিয়ে, মাটিৰ কাৰণেই ভায়ে ভায়ে কটাকটি কবে, কজিয়া কবে, মোকদম। কৰে।

সিহঁতে আৰু কাকো নেজানে, চকুৰে নেদেখা আল্লাক জানে, আৰু মাজে মাজে চকুৰে দেখা পোৱা জমীদাৰক জানে। ক'ৰবাত বিলাতত নে দিল্লীত ইংৰাজ চৰকাৰ থাকে, সিহঁতে দেখা নাই, ক'ৰবাত কলিকতা নে ঢাকাত কোনোবা ফজলুল হক, কোনোবা নিজামুদ্দিন কোনোবা প্রাইম 'মিনিষ্টাৰ থাকে-সিহঁতে নেজানে।

সোণাপাড়া গাঁৱৰ কৃষক জহুবহঁতে জানে গাঁৱৰ মাজৰে বাজ অট্টালিকাত থকা জমীদাৰ মোহম্মদ মোদকিবৰ হবিব কিন্তু বিয়া চৌধুৰী চাহেবক, সিহঁতৰ মুখে মুখে জমীদাৰ পৰিয়ালৰ দহ পুৰুষৰ নানান মুখৰোচক সাধুকথা। অবিশ্বাস্য হ'লেও যিবোৰ সাধুকথাক মিছা বুলি কোৱাৰ সাহস কাৰো নাই।

বর্তমানৰ জমিদান হবিব কিন্তু বিয়া দেখনিয়াৰ মানুহ, শিক্ষিত মাম্বুহ। ঢাকাত পঢ়িছিল, কলিকতাত পঢ়িছিল, বিলাভলৈকো গৈছিল। বিলাতলৈ গৈ মেম বিয়া কৰাই ঘূৰি অহা নাছিল কিন্তু বংগদেশৰ অন্তান্ত জমীদাৰৰ ল'ৰাৰ নিচিনাকৈ বিলাতৰ পৰা কমিউনিষ্ট, ছ'ছিয়ালিষ্ট বা এনার্কিট হৈও খুবি অহা নাছিল। জমীদাবৰ ল'বা জমীদাৰ হৈয়ে খুৰি আহিছিল।

মানুহজন চৌখীন। জমিদাৰীৰ আয় প্রচুব, ব্যয় সামান্স-এটা হস্পিতাল পতা, ছুটা স্কুল পতা, তিনিটা মছজিদ সজোয়া, চাবিটা আলিবাট বন্ধোরা ইত্যাদি।

বাকী খৰচ হয় জমীদাৰৰ নতুন ঘৰ সজোৱাত, নতুন ফুলনি পতাত, ডাঙৰ পুখুৰী খনোৱাত, মটৰ গাড়ী কিনাত, বিলাতী বন্দুক বারুদ কিনাত, ঘোঁৰা কুকুৰ কিনাত।

আৰু খৰচ হয় দামী দামী কাপোৰকানি, আ-অলংকাৰ কিনাত, অন্য জমিদাৰীৰ জমীদাৰক নিমন্ত্রণ কৰি খুউৱাত, গানৰ গজলব মজলিছ পতাত, বজাঘৰীয়া বিষয়া আহিলে আদব আপ্যায়ন কবি ভোজভাত খুউব্রাত।

হবিব কিব, বিয়া চৌধুৰীয়ে বিয়া কৰাইছে। বিয়া কৰাবৰ ভালেমান বছৰ হ'ল। চৌবিহু বছৰ বয়সতে ঢাকাৰ ফালৰ কোনোবা জমীগ। শৰ ঘৰৰ ছোৱালী বিয়া কৰাইছিল। এতিয়া তেওঁৰ ডাঙৰ পুতেকৰ বয়সেই হ'ল উনৈছ বছৰ। ঢাকাত কলেজত পড়িছে, শনিবাৰ, দেওবাৰ, বন্ধ, ছুটি যেতিয়াই মন যায় ঘৰলৈ আহে। বাপেকৰ বন্দুক লৈ চিকাৰ কৰে, মানুহ লগাই পুখুৰী বিলত মাছ মৰোৱায়, নিজেও বরুণী বায়, আৰু কেতিয়াবা কেতিয়াবা নিজৰ জমীদাবীৰব ভিতৰৰ আৰু ওচৰ-পাঁজৰৰ গাঁৱৰ বিখ্যাত বাউল ভাটিয়ালী মুর্শিদা সীত গোৱা গায়ন মতাই আনি গানৰ আসৰ পাতে।

ডেকা জমীদাবে আয়োজন কৰা এনে সংগীত উৎসর কেরল জর্মীদাবব পৰিয়ালৰ উপভোগৰ কাষণে আছুতীয়াকৈ বখা নহয়, এনে উৎসৱ সকলো প্ৰজাই উপভোগ কৰাৰ সুবিধা পায়। তাৰ বাবে প্রয়োজনীয় ধন খৰচ কৰাত জমীদাৰ কিব, বিয়াই অকণো কার্পণ্য নকৰে।

এনে গীত মাতৰ সভাত মুকলিভারে যোগদান কৰিবলৈ সুযোগ দিয়াৰ কাৰণে প্রজাবিলাকে ডেকা জমীদাৰ মোজাম্মিল চৌধুৰীক ভাল পায়, শ্রদ্ধা ভক্তি কৰে। কেতিয়াবা এনেকুৱা গীত উৎসৱৰ কাৰণে মোজাম্মিলে লগৰ ডেকাল'ৰাও লৈ আহে।

আসব জমে।

গায়কহঁতে প্ৰাণৰ দৰদ দি ভাটিয়ালী গায়, বাউল গায়, জাৰী গায়, দৰবেশী গায়।

জীৱনৰ সকলো দুখ নিগৰি অহা অন্তর্দাহী বেদনাৰ গীত নিৰক্ষৰ কৃষকৰ কণ্ঠৰপৰা যেতিয়া বতাহত বিয়পি পৰে তেতিয়া কাৰোবাৰ চকুপানী ওলায়, কাৰোবাৰ ডিঙি শুকায়, কাৰোবাৰ বুকু ঢিপঢিপ কৰে।

আনকি দুখ কি বুজি নোপোৱা জমীদাৰ পৰিয়ালৰ লোকসকলো এক অজানিত বেদনাত অভিভূত হয়, এক প্রাচীন চিবন্তন বেদনাৰ স্পর্শ ই সকলোকে সমান কবি পেলায়।

উৎসৱ হৈ যোৱাৰ ভালেমান দিনৰ পাছলৈকে গাঁৱৰ ল'ৰা ছোৱালীবোৰে গীতবোৰ চিয়'ৰি চিয়'বি গায়।

কোনোবাই সুৰত গায়।

কাৰোবাৰ বেসুৰা হয়।

সমগ্র অঞ্চলটো গীতৰ সুৰেৰে ভৰি পৰে।

এইবোৰ গীতৰ কথা আৰু সুৰ জীৱনৰ বাহিৰৰপৰা অহা নহয়। এইবোৰ গীত আছে মাটিৰ বুকুৰপৰা, নদীৰ বুকুৰপৰা, অৰণ্যৰ বুকুৰপৰা, মুকলি পথাৰৰ শৃক্ততাৰ বুকুৰপৰা, কৃষকৰ উশাহ নিশাহৰ কঁপনিৰ বুকুৰপৰা। এই গীতবোৰৰ সুৰে জীৱন আৰু মৰণক একাকাৰ কৰি দিয়ে, সমগ্র মাটি সুৰেৰে সুৰময় হৈ উঠে। 

মাঘ শেষ হ'ল।

ফাল্গুনবো আধাআধি গ'ল।

উদাস বসন্তৰ মোহন আবেষ্টনী। জাব কমি গৈছে। ধান দোৱা চপোৱা শেষ কৰাৰ আনন্দত সোণাপাড়া গাঁরণ খেতিয়কহঁতৰ মনভ আনন্দ। খেতিয়কর্তৃতে এতিয়াও দিনবোৰ পথাৰতে কটায়। তথাপি যেন এতিয়া বাৰিষাৰ শালী খেতিৰ দিনৰ অমৰ কঠোৰতা নাই।

এদিন কথাটো অঞ্চলটোৰ ইমূৰৰপৰা সিমূবলৈ বনজুই নিরূপাদি

বিয়পি গ'ল, কণাকণি, কোরাকুই, চিয়' বা চিয়'বি।

"শুনিছ, ডেকা জমীদাৰে গানৰ আসৰ পাতিছে?"

"এইমাত্র শুনিলো, সঁচাতো?"

"তাৰিখ ক'ব পাৰ? দিন বাৰ জান?"

"এইবাৰ কাক কাক মাতিব? ঢাকা কুমিল্লা ছিলেট চট্টগ্রামবো

গায়েন আহিব বোলে?" "আমাৰ ইয়াৰ ফজলু ওস্তাদ, হালিম ফকীব, জয়নুল মিঞাক এইবাৰ নেমাতিষ নেকি?"

"এইবাৰ বোলে গ্রামোফোনত গান বেকর্ড কৰা কোনোবা

গায়কো আহিব।"

"গায়ক নে গায়িকা?"

"বাক আমাৰ যে জহুৰৰ পুতেক বাবৰ। সিতো বৰ ভাল বাউল

গায়-"

"ভাটিয়ালীও ভাল গায়-"

"ভাৰ গলাও বৰ মিঠা।"

"তাক বাক গাবলৈ মাতিবনে?"

"মোজাম্মিল চৌধুৰীয়ে বা তাৰ কথা জানেনে নেজানে?" নানাজনে নানা আলোচনা কৰিলে। বিয়ে আহক যা দিয়ে নাহক, যাকে মাতক বা যাকে নেজাতক জমিদাববাবীষ গামষ আসব যে হ'ব, সেইটোকেই সকলোবে কারণে অভি আনন্দব কথা।

ডাঙৰ বভা দিব। সকলোকে বহিবলৈ দিব। দিন যেন পোহৰ দিয়া লাইট আলিব। আহিবপৰা বুঢ়া, ডেকা, ল'ৰা, ছোৱালী সকলো আহিব। জমীদাৰ বাৰীৰ জমীদাব জমীদাৰনীহঁতো আহিব। হিষাট উৎসৱ হ'ব, আনন্দমেলা হ'ব।

গোটেই বাতি-এদিন নহয়। দুদিন নহয়, তিনি দিন গান চলিব। গাঁৱৰ মানুহবোৰ গান শুনি শুনিয়ে টোপনি যাব। কিযে মজাৰ কথা হ'ব!

কিমান যে আনন্দৰ কথা হ'ৰ।

অৱশেষত কথাটো সঁচা বুলি জনাজনি হ'ল।

আসৰ হ'ব। কোনোবা কোনোবাই ক'লে যে এইবাৰ গান ডাঙৰ কৰা যন্ত্র এটাও হেনো আনিব।

এই অঞ্চলৰ ভিতৰত জমিদাৰবাৰীৰ ভিতৰৰ মছজিদৰ ইমাম আৰু মোরাজ্জিন কালাম ছেখৰ মাতেই আটাইতকৈ ডাঙৰ আক স্থললিত। কালাম ছেখে যেতিয়া আজান দিয়ে তেতিয়া বাটন বাটকরায়ে। দূৰ দূৰণিৰপৰা থৰ লাগি বৈ শুনে। শুনিলে শুনি থাকিবৰ মন যায়। কালাম ছেখৰ ফজৰৰ আজানৰ মাত তিনিখন গাঁয়ে শুনে।

কিন্তু মাত ডাঙৰ কৰা যিটো যন্ত্র অনাৰ কথা কৈছে তাৰে হেনো মাতটো ইমান ডাঙৰ কৰিব পাৰি যে ঢাকাত কথা ক'লে মৈমনচিত্তত শুনিব পাৰি।

সেই যন্ত্রটো যদি সঁচাকৈয়ে আনে, তেনেহলে গাঁৱৰ মাইকী মানুহবোৰে ঘৰতে থাকি গান-বাজনা শুনিব পাৰিব। ঘৰৰপৰা সাহিলেও হ'ব।

গাঁৱৰ কোনেও এভিয়ালৈকে সেই যন্ত্রটো দেখা নাই। সি কেনেকুৱা হ'ব পাৰে তাকে লৈও কিছু আলচ-বিলচ হ'ল। 

প্রত্যেকে নিজৰ নিজৰ কল্পনা ধাৰণামতে ক'লে, কাজিয়া হওঁ হওঁ হৈও নহ'ল, কোনোবাই গুরুগম্ভীৰ মন্তব্য দিলে, "আনে যদি সকলোরে দেখিবি। নেদেখাকৈরে কাজিয়া কৰি মৰিছ কিয়, তহঁতে কৈছ হয় মোৰ কিন্তু বিশ্বাস হোৱা নাই। মানুহৰ মাতটো কেনেকৈ ডাঙৰ কৰিব অ'?'

অংশেষত ফাল্গুনৰ ২৩ দিন যোৱাত জমীদাৰ বাৰীৰ গানৰ আসব হ'ব বুলি ঘোষণা কৰা হ'ল।

ঈদ-বকৃবিদ ঘৰে ঘৰে চুষুবিয়ে ডুবুবিয়ে হয়, তাতো আামোদ আহলাদ হয়।

কিন্তু এই উৎসৱৰ আনন্দই সুকীয়া। এই বিষয়ত আমাৰ জমীদাৰক কোনো ছালাই নোৱাৰে।

বাববে ভাটিয়ালী বেয়া নেগায়। তাৰ মাতটো বৰ মিঠা। জহুৰেও কেতিয়াবা মন ভাল লাগিলে বাউল, মুর্শিদা গায়, কিন্তু তাৰ মাতটো আগৰ নিচিনা মিঠা হৈ থকা নাই। আৰু ইমান খাটনি খাটিব লাগে যে গান তান গাবলৈ আজবিকে নেপায়।

বাবৰ দিনে দিনে ডেকা হৈ লাহিছে। তাৰ গলাও খুলি আহিছে। আৰু মাজে মাজে সি গৈ চৰকাৰপাড়াৰ অৰবিন্দ ওস্তাদন তবলাৰ লগত মিলা হয়।

গান গায় হেনো।

অৱশ্যে এই কথা গাঁৱৰ মানুহে বহুতে নেজানে।

বাবৰকো ভাটিয়ালী গাবলৈ দিবৰ বাবে জমীদাৰক অল্পবোধ জনাবলৈ মছজিদৰ ইমাম কালাম ছেখক কোনোবা কোনোবাই ক'লে, বাববে কোবাণৰ কেৰাত যে বৰ ভাল পড়ে কালাম ছেখে জানে।

কালাম ছেখে ক'লে, "ভাব গান কোনোবাই শুমিব জানো? তহঁতৰ যিটো ভাল লাগে, সেইটো জানো জমীদাবৰ ঘৰব নালুহৰ ভাল লাগিব? মই বাক ক'ম। গাবলৈ দিয়া নিদিয়া তেওঁলোকৰ কথা। তাক বাক ভালকৈ শিকি থবলৈ ক।"


ছায়েদ আব্দুল মালিক দ্বাৰা অধিক কিতাপ

1

বৰ জাৰ পৰিছিল।

13 January 2024
0
0
0

ডাঠ কুঁৱলীও আছিল। মাঘ মাহৰ আগভাগ, জাৰবোৰ কুঁৱলী হৈ আকাশৰ বুকৰপৰা তললৈ নামি আহিছিল। জমীদাৰ মোহম্মদ মোদবিৰ হবিব কিষ বিয়া চৌধুৰীষ তিনি মহলীয়া দালানটো কুঁৱলীৰ মাজত প্রায় অদৃশ্য হৈ পৰিছিল। ফুলনিখনৰ বাওনা

2

দুই

13 January 2024
0
0
0

এইয়া ১৯৩৬ চনৰ কথা। মৈমনচিত্তৰ কথা। বংগদেশৰ কথা। দুই নাৱাব জমীদাৰ, জোতদাৰৰ বিলাস প্রভার প্রতিপত্তি দব দবাইব কথা। ভাৰতৰ বৃটিছ ৰাজত্বৰ একচ্ছত্রিতাৰ কালৰ কথা। জমীদাৰব মাটি বুকুত সাবটি প্রাণান্ত সংগ্রা

3

তিনি

13 January 2024
0
0
0

যিবোৰ মামুহৰ আজৰি আছে, যিবোৰ মানুহৰ সময়ৰ লেখ লোৱাৰ অৱকাশ আছে, সেইবোৰ মানুহে বাহিৰৰ পৃথিৱী আৰু মনৰ ভিতৰৰ পৰিৱৰ্তনবোৰব খৰৰ ৰাখিব পাৰে। সেইবোৰ মানুহৰ কাৰণে বেলেগ বেলেগ ঋতুৰ বেলেগ বেলেগ নাম আছে, বেলেগ বেল

---

এখন কিতাপ পড়ক