ডাঠ কুঁৱলীও আছিল।
মাঘ মাহৰ আগভাগ, জাৰবোৰ কুঁৱলী হৈ আকাশৰ বুকৰপৰা তললৈ নামি আহিছিল।
জমীদাৰ মোহম্মদ মোদবিৰ হবিব কিষ বিয়া চৌধুৰীষ তিনি মহলীয়া দালানটো কুঁৱলীৰ মাজত প্রায় অদৃশ্য হৈ পৰিছিল। ফুলনিখনৰ বাওনা গছবোৰ আৰু ফুলবোৰ ধু'রলীয়া কুঁৱলীবে সজা একোটা থৰ লাগি থকা শিলৰ মূর্তি যেন লাগিছিল।
জমীদাৰ চৌধুৰীৰ ঘৰৰ চাকৰ বাকৰ, লওরা লিচৌবোৰ আধা বাতিতে উঠি নিজ নিজ কামত লাগিছিল। গার্শ্বৰ ধীৰোৱাই গাখীৰ ধীৰাইছিল, মুর্গী হাঁহৰ আলপৈচান ধৰোঁতাই কুকুৰা হাঁহুক খান চাইল দানা দিছিল, ঘৰৰ মজিয়া মচোতাই মজিয়া মচিছিল, চকী মেজ ঠিক কৰোঁতাই চকী মেজ মচি মোহাৰি চক্চকীয়া কৰিছিল।
কিন্তু কাৰো মুখত মাত নাছিল। কিবা কথা ক'লেও চেপা মাতেবে, সক সককৈ, ফুচফুচাই কৈছিল। নিশৱদে মানুহবোবে অহাযোৱা কৰিছিল, সিহঁতবোৰৰ সকলোৰে ভবি গুনা, কাবো ভৰিত জুতা নাই, আনকি প্রতিটো বিভাগৰ চৰ্দাৰবোৰৰ ভৰিতো জুতা নাই। কিন্তু সিহঁতৰ গাত চোলা আছিল, আক কোনোরে একোখন কাপোৰ, কোনোরে জমীদাবে বকৃছিছ দিয়া কোট যা আধাপুৰণি চুৱেটাৰ পিন্ধিছিল। কাৰোবাৰ গাত আছিল মাত্র একোটা ফটা বনিয়ন নাইবা একোখন গামোচা।
হুটামানৰ গাত লুভিখনৰ বাহিৰে একোৱেই নাছিল।
সিহঁতৰ চুলি দাড়ি আক গোঁকত লাগি নিয়ৰবোৰ ওলমি আছিল। কোনো কোনোরে এখন লুভী কঁকালত পিন্ধিছিল আৰু এখন
গাঁঠি দি কাপোৰ হিচাপে গাত লৈছিল।
শব্দ হৈছিল ৰান্ধনিশালত।
সিও সক সক টুংটাং শব্দ।
ডাঠ কুঁৱলী ভেদি সেই শব্দ বেছি দূৰলৈ নগৈছিল।
কামত ব্যস্ত থকা মানুহবোৰে মাজে মাজে বৈহুকা চিলিমত মলা ধপাত খাইছিল, চিলিমৰ মুখত জোৰেৰে কোপা মাৰি সিহঁতে ধপাতৰ ৰাগী লগোৱাৰ লগতে চিলিমৰ জুইৰ তাপকণ শোহা মাৰি বুকুৰ ভিতৰলৈ টানি ল'ববহে যত্ন কৰিছিল।
খৰধৰকৈ, লৰাচপৰাকৈ কাম কৰা আৰু মলা ধপাতৰ চিলিমৰ জুইবে অকণমান উত্তাপ গোটোৱাৰ বাহিৰে জাৰৰপৰা ৰক্ষা পৰাৰ আন কোনো উপায় মানুহবোৰৰ নাছিল।
বেলি তেতিয়াও ওলোৱা নাছিল। পূব কালে ডাঠ কুঁৱলীৰ সিপাৰে, বেলিৰ পোহৰৰ অস্পষ্ট আভাস দেখা গৈছিল, ব্যস্ত মানুহবোৰে মাজে মাজে কামৰ মাজতে একোবাৰে সেইফালে মূৰ তুলি চাইছিল-পোহৰৰ কাৰণে নহয়, অকণমান ৰ'দৰ উত্তাপৰ আশাত।
এই হাড়ফঁপা জাৰৰপৰা ৰক্ষা পৰিবৰ কাৰণে ৰ'দৰ তাপেই সিহঁতৰ একমাত্র নিশ্চিত আশ্রয়।
জমীদাৰ-বাৰীৰ কম্পাউণ্ডৰ বাহিৰত থকা মছজিদৰ পৰা তেতিয়া হাফিজ চাহেবৰ কণ্ঠৰ কোৰাণ পঢ়াৰ শব্দ ওপত্তি আহিছিল, শব্দবোৰ অস্পষ্ট হৈ এটা সুৰব, এটা গভীৰ ৰাগৰ ৰূপ লৈছিল। হাফিল্ম চাহেবে কোৰাণ যথেষ্ট চিয়'ৰি পঢ়িছিল-যেন জমীদাৰৰ কাণত পেলাবব কাবণেই।
জাববোৰ ডাঠ কু'রলী হৈছিল।
কুঁৱলীবোৰ জাৰ হৈছিল।
বেলিটোৱে মুখ দেখা দিবৰ যত্ন কৰিছিল।
মানুহবোৰে ব্যস্তভাৱে অহাযোরা কৰিছিল। জমীদাৰৰ ঘৰৰ ওপৰ মহলাত তেতিয়াও সকলোকে কোমল দামী লেপৰ মিঠা উমে হেঁচি ধৰি আছিল। কাৰোবাৰ টোপনি ভাগিছিল যদিও, বিচনা এবি কোনোৱেই উঠি অহা নাছিল। প্রয়োজনো নাছিল।
জমীদাৰ বাৰীৰ চউদিশ ওখ পকা বেষ দি থেৰা। ৰাতি তলা মাৰি বন্ধ কৰি ৰখা হয় লোহাৰ গেট, তথাপি সশস্ত্র দাবোয়ান গোটেই ৰাতি দুৱাৰত খিয় দি থাকে।
তাৰ উপৰি বাহিৰ চ'ৰাৰ বাৰান্দাত বন্ধা থাকে প্রকাণ্ড হুটা এছেছিয়ান কুকুর, জমীদাৰ মোহম্মদ মোদবিহ্বৰ হবিব কিব বিয়া চৌধুৰী খান্দানী খিতাপী সুৰক্ষিত বিখ্যাত ধনী প্রতাপশালী জমীদাৰ। গোটেই বংগদেশত তেওঁৰ নামখ্যাতি বৈ বৈ বোরা। বৃটিছ চৰকাৰে জমীদাৰক দিছে খান বাহাছৰ খিতাপ, মোদকিব্বব চৌধুৰী জমীদাব, হবিব কিব বিয়া জমীদাৰ, খান বাহাদুৰ জমীদাৰ- যিয়ে যি বুলিয়ে নকওক, সেই একেজন জমীদাৰকে বুজায়-প্রখ্যাত চিকাৰী, প্রখ্যাত ধনী, প্রখ্যাত মানী খান বাহাদুৰ চৌধুৰী জমীদাৰ চাহেব!
কান্ধত মেটমবা ভাবখন লৈ জহুৰ মিয়া আছি জমীদাব বাবীন লোহাৰ পেটখনৰ বাহিৰত ৰ'লহি।
জজবৰ পিন্ধনত এখন আধাফট। পাতল পুর্বাণ চাবখানা লুভী, পাত কোনো চোলা কাপোৰ নাই। মুখত এমুখ দাড়ি, মাজে মাজে দুই, এডাল পকিছে। মূৰৰ চুলি চুটিকৈ কটোরা-প্রায় পুবোৱাৰ নিচিনাই।
গধুৰ ভাৰখন কঢ়িয়াই অনাৰ কাৰণে সি এই জাবতো ঘামিছিল। চোলা কাপোৰ নোহোৱা তাৰ বুকুখনৰ ওপৰত ঘামৰ টোপালবোৰ গোট মাৰিছিল। নিয়ৰ লাগি তাৰ দাড়ি গোঁফবোৰ সেমেকিছিল, তাৰ মূৰত পিন্ধি থকা তেল চিকতি লগা কপাহী কাপোৰৰ বগা টুপীটো মূৰতে লিপিট খাই লাগি ধৰিছিল।
জহুৰ মানুহটো হটঙা, বৰ ওখ নহয় যদিও, চাপৰো নহয়, নিয়মীয়া। হাত ভৰিবোৰ আটিল, গাঠলু। কঠোৰ কায়িক শ্রম কৰাৰ কাৰণে মাংসপেশীবোৰ বলিষ্ঠ।
ভাৰখন নমাই থৈ জহুৰে এবাৰ ভিতৰৰ ফালে চালে, তাৰ পাছত হাতখনেৰে দাঢ়ি আৰু গোফত লাগি অহা নিয়ৰবোৰ মোহাৰিলে। তাৰ পাছত ভাৰৰ পাচি এটাৰ এচুকে ভৰাই অনা ধপাতৰ চিলিমটো উলিয়াই আনি ফুরাই অলালে আৰু খিয়ে ঘিয়েয়ে ধপাত হুপিব ধৰিলে।
এনেতে ভিতৰৰ পৰা কোনোবা এটা আহিল, তাৰ মুখলৈ এবাৰ চালে তাৰ পাছত প্রকাণ্ড ছবি এটাৰে গেটৰ প্রকাণ্ড পিতলৰ তলাটো খুলিলে।
এনেতে আৰু এখন ভাৰ লৈ এটা চেমনীয়া ল'ৰা জহুৰৰ কাষতে ৰ'লহি। তাৰ মূৰত টুপী নাই, এখন লুঙী আৰু এটা গেঞ্জী পিন্ধিছে। তাৰ বয়স চৌধা-পোন্ধৰ বছৰমান হ'ব। ল'ৰাটো মিঠাবৰণীয়া, গায়ে গাঢ়ীয়ে জহুৰৰ নিচিনাই আটিল, থাউকাল।
গেটখন মেল খালত জহুৰে ভাৰখন কান্ধত তুলি ল'লে, তাৰ পাছত ভিতৰলৈ সোমাই গ'ল, তাৰ পিছে পিছে কান্ধত ভাৰেৰে ল'ৰাটোও গ'ল। গেটখন খোলা থাকিল।
ক্রমে বেলিৰ পোহৰ কুঁৱলী ভেদি উজ্জ্বল হৈ উঠিছিল। জাৰ কিন্তু অকণো কমা নাছিল।
চর্দাৰটোৰ পিছে পিছে জহুৰ আৰু ল'ৰাটো জমীদাৰৰ দাল্লানব বাহিৰ চ'ৰাৰ কাষেদি বৈঠকখানাৰ বাৰান্দাৰ কাষলৈ আগ বাঢ়িল।
ইতিমধ্যে ৰান্ধনিশালৰপৰা তিনিটা মানুহ ওলাই আহিল, ভিতৰৰ পৰাও আৰু হুটা মানুহ ওলাই আহিল। সকলোৱে জজবব ভাবন পাচি দুটালৈ চালে। এটাই গণনা কৰিল: ছয়োটো পাচিতে মুঠতে তেৰটা ৰৌ আৰু বাহু মাছ। একেবাৰে জীয়া হুটামান অলপ আগতে মৰিছে। হুটামানে এতিয়াও কাণ জোকাৰি চটফটাই আছে।
ল'ৰাটোৰ পাচিত বৰ বৰ ফুলকবি, বৰ বেঙেনা, ধনীয়া আৰু পালেং শাক। থোবালি থোবালি কেঁচা শাক, ক'তো এখিলাও শুকান বা জহি বা মৰহি যোরা পাত নাই।
"কোন বিলৰ অ'-?" এটাই সুধিলে।
"জমীদাৰ চাহেবে অঞ্চ বিলৰ মাছ খায় নেকি? চব গাজীৰ বিলব। চকু নথকায়ো দেখিলেই চিনিব পাৰিব।" জহুবে ক'লে।
এটাই হাতেৰে লাৰিচাৰি চাই, এটা মাছলৈ দেখুৱাই ক'লে, "এইটে। অলপ কম ৰঙা যেন দেখিছো। এইটোও গাজীৰ বিলব নে বাক?"
জহুৰে আৰু টান মাতেৰে ক'লে, "কিমান কম ৰঙা দেখিলি অ'? তোৰ সৰুজনী ঘৈণীয়েৰৰ মুখখনতকৈ বেছি বঙা-ভালকৈ এবাৰ চাইল।"
তাৰ ঘৈণীয়েকৰ প্ৰসংগটো ওলোৱাৰ কাৰণেই হয়তো আৰু তাৰ ঘৈণীয়েকৰ মুখখনৰ ৰঙা বঙা বুলি কোৱাৰ কাৰণেই হয়তো সি খং নকৰি ক'লে, “গাজীৰ বিলৰ বৌ মাছ বঙা নহৈ জজৰ মিয়াৰ ঘৈণীয়েকৰ-"
"এই চুপ,-" এনেতে কোনোবা এটাই ক'লে।
সকলো চুপ হৈ গ'ল।
ওপৰৰপৰা চিবিয়েদি জমীদাৰ চাহেব আৰু সমবয়সীয়া জান এজন মানুহ গহীন গহীনকৈ খোজ দি নামি আহিছে। সকলো সন্ত্রস্ত হ'ল। জহুবে এবাৰ পাচিব মাছখিনিৰ ফালে আৰু এযাব ভিতৰৰ ফালে চালে। তাৰ চকুত শংকা আৰু আশা স্পষ্ট হৈ উঠিল।
জমীদাৰ চাহেব আহি ৰাৰান্দাত ৰ'লহি। লগৰজনো ৰ'ল। আটায়ে কপাললৈ হাত তুলি চালাম কৰিলে। জমীদাবে কাৰো চালামৰ জৱাব নিদিলে। আগেও নিদিয়ে।
"জহুৰে মাছ আনিছে হুজুৰ।"
জহুৰে জাৰত ফটা ওঁঠ ছুটাত এটা হাঁহি ফুটাই তুলিবৰ যত্ন কৰিলে।
"কোন বিলব?" জমীদাৰ চৌধুৰীয়ে সুধিলে।
"হুজুব-গাজীৰ বিলৰ, শেহ ৰাতি মাৰি আনিছো।" চৌধুৰীয়ে চকুৰে ইংগিত দিলে। মাছভাৰ তেওঁৰ ওচৰলৈ নিয়া হ'ল। তেওঁ মাছখিনিলৈ এবাৰ চালে।
"চাওঁ, এটা উঠাচোন--" এটা মানুহে প্রায় ৮ সেৰ ওজনৰ ৰৌ এটা চকুৰ আগত দাঙি ধৰিলে। "এইটো কিমান দীঘল, জোখ-" সেইদৰে ধৰি থকাতে এটাই হাতৰ জোখ দি মাছটো জুখিলে,
এহাত এমুঠন হ'ল।
"মই তোক কিমান ডাঙৰ ৰৌ ধৰিবলৈ হুকুম দিছিলো?"
কঠোৰ মাতেৰে জমীদাৰ চৌধুৰীয়ে ক'লে।
এনেতে হাতত এডাল সৌকা লৈ এটা মটহা গোফাল মানুহ জমীদাৰৰ কিছু আঁতৰত থিয় দিলেহি।
ভয়ত কুচিমুচি জহুৰে দুয়ো হাত যুৰি কলে, "গোটেই ৰাতি জাল বালো হুজুৰ। ইয়াতকৈ ডাঙৰ ৰৌ আৰু ধৰা নপৰিল। বিলত নায়েই কিজানি।"
"হাছিমপুৰৰ জমিদাৰ আজি মোৰ ঘৰত আলহী। এমুঠি খানা খুল্লাম। মই কোৱা নাছিলোঁ চব বৌমাছ হুহাত দীঘল হ'ব লাগিব। ডেঢ়হতীয়া বৌ খুৱালে এই জমীদাৰৰ ইজ্জত বক্ষা পৰিব? উজ্জল সিং-"
হাতত সৌকা লৈ উজ্জ্বল সিং জমীদাৰৰ সন্মুখত থিয় হ'ল।
গাজীৰ বিলত দশ দশ হাত লম্বা বৌ থাকে। বেঈমানে দ' পানীত নেনামি বামবপৰা এই কণ কণ বৌ পোৱালিকেটা ধৰি আনিছে, তাক অলপ বখছিছ দে।"
কোৱাৰ লগে লগে উজ্জল চিঙে জহুনৰ পিঠিত গান বলেবে সৌকাৰ কোব বহুৱাই দিলে। জহুবে অকণো লৰচৰ নকৰি থৰ লাগি ৰৈ থাকিল। হাছিমপুৰৰ জমীদাবে হাঁহি হাঁহি ক'লে, "বেঈমানী কৰা ইহঁতৰ স্বভারেই। সৌকাৰে কোবাই এই বেঈমানহঁতক ইমানদাৰ কৰিব নোৱাৰে।"
ছয়ো জমীদাৰ ফুলনিৰ ফালে গ'ল। জহুৰৰ পিঠিৰপৰা তেজ বৈ আহিল।
নিশ্চল স্থিৰ মাতেৰে জহুৰে ক'লে, "মোৰ পিঠিত বেত মাৰিলে পাচিৰ ডেড়হতীয়। বৌ মাছ দুই হতীয়া হৈ নেযায়। গোটেই ৰাতি এই মাঘমহীয়া জাৰত পানীত বুৰ মাৰি মাৰি জাল মাৰিছো। বিলত মাছ নেথাকিলে মই টানি এহতীয়াক দুহতীয়া কৰিব পার্বোনেকি?"
কোনোবা এটাই কলে, “যা যা, ছহতীয়া দিয়া হ'লেও ছকোব নোখোৱাকৈ সাৰি যাব নোৱাৰিলিহেঁতেন, আমাৰ পিঠিভো আল্লাই জমীদাৰৰ সৌকাৰ কাৰণেই বনাইছে। এই ল'ল' মাছবোৰ নে, সোনকালে কুটাবছা নকৰিলে সময়মতে জমিদাৰব খানা নহ'বগৈ।"
জমীদাৰহঁত কিছু দূৰলৈ আঁতৰি যোর। দেখি এটাই হুকাত চিলিম জ্বলাই আনি, ছহোপামান মাৰি জত্বৰলৈ আগবঢ়াই দিলে, জহুবে লৈ হুকাত মুখ দি যোৱাবোৰ পেটলৈ গিলি দি নাকেৰে উলিয়াই দিব ধৰিলে। হুকাত মুখ দি সি যেন জাৰ লগাৰ কথা, মাৰ খোৱাৰ কথা' সকলো পাহৰি গ'ল। তাৰ কাহে ধৰিছিল, কাহটো সামৰি সি এটাক ক'লে, "ঐ কোনোবা বৌ এটা বৰ বঙ। নহয় বুলিছিলি নহয় নে, মোৰ পিঠিৰপৰা তেজ ওলাইছে, তাবে অলপ সানি দে।. জমীদাৰে খাই সোৱাদ পাব।"
তাৰ কথাটোত সিহঁতে দামোদ পালে।
এটাই ক'লে, "বৰ ভাল কথাষাৰ কৈছ দে। তাতকৈ গাজীৰ বিলত নামি তোৰ গাৰ তেজবোৰ ধুই পেলাগৈ, পানীও বঙা হৈ যাব, মাছো ৰঙা হৈ যাব।"
মাছবোৰ বাকি দি ভাৰ পাচিযোৰ লৈ জহুৰে ক'লে, "মাৰ পিট চব সহ্য কৰিব পাৰোঁ বুজিছ-কিন্তু এই বেঈমান বুলিলে বৰ টান লাগে, একদম কাটি দিবৰ মন যায়।"
"বুলিব লাগে কোনে আক বোলে কোনে" এটাই নিজকে কোরাদি ক'লে।
তাৰ পাছত আঁতৰি গ'ল। অতপৰে থিয় দিয়াতে থৰ লাগি শাকৰ ভাৰ অনা ল'ৰাটো বৈ আছিল। তাৰ চকুহাল ডাঙৰ হৈ গৈছিল। তাৰ দাঁত ছপাৰি লগ লাগি গৈছিল। ইমান জাৰতো তাৰ গাটো ঘামি গৈছিল, সি বুজিব নোৱৰা ধৰণে মানুহবোৰলৈ চাইছিল।
তাৰ ফালে ঘুৰি চাই জহুৰে ক'লে, "বস্তুবোৰ দে, যাওঁ ব'ল, বহুত কাম পৰি আছে।"
ল'ৰাটোরে এবাৰ জজৰৰ মুখৰ ফালে খঙেবে চালে, তাৰ পাছত পাচিৰ কাঠচাঠবোৰ মাটিত ঢালি দিলে আৰু কাকো একো নোকোৱাকৈ পাচি ছুটা আৰু কাণমাৰিডাল লৈ জমীদাৰৰ ঘৰৰ পকা বেৰ দিয়া বাৰীৰ সীমাৰ বাহিৰ ওলাই আহিল।
অলপ পাছতে জহুৰো ওলাই আহিল।
তেতিয়া কুঁৱলীৰ বুকু ফালি ৰ'দ মুকলিকৈ ওলাইছিল, জাৰ কিছু কমিছিল। আলিবাটেদি মানুহবোৰ অহাযোৱা কৰিছিল, জমীদাৰৰ হাউলিৰ হাঁহি খিকিন্দালিব শব্দ চাৰিওফালে বিয়পি পৰিছিল।
সিহঁত হয়ো খবধুজীয়াকৈ ৰাজআলি এৰি ধাননি পথাৰৰ মাজেদি ওলোৱা বাটেদি ঘৰমুৱা হৈ আগ বাঢ়িছিল।
কিছু দূব নিবরে পাৰ হ'ল।
"বাবা-"
"তোক কেলেই মাৰিলে?"
"তই তাৰ কথাকে এতিয়াও ভাবি আছনেকি, সেইবোৰ একো কথা নহয়, তই ভবাৰ দৰকাৰ নাই।" জহুবে ক'লে।
"মই আগে কোনো দিন এই জমীদাৰ বাৰীৰ ভিতৰলৈ অহা নাই, আজি আহিছিলোঁ, আৰু নাহো।"
তাক বুজোৱাৰ ধৰণে জহুবে ক'লে, "চৌধুৰী খান্দানী জমীদাব, কত কালৰপৰা জমীদাৰী কৰি আহিছে। আমাৰ চৌধাপুৰুষ জমীদাৰৰ প্ৰজা হৈ আহিছো। হাছিমপুৰৰ জমীদাৰ আহিছে-সমান জমীদাৰ। জমীদাৰ পৰিয়ালৰ ইজ্জত ৰক্ষা কৰাটো আমাৰ প্ৰজাৰ কর্তব্য। আলতীক খুৱাবলৈ দুই দুই হাত দীঘল বৌ মাছ লাগে, মই আজি ধৰিব নোৱাৰিলোঁ। চাৰি আঙুলকৈ চুটি হ'ল, ইজ্জতৰ কথা। জমীদাৰব ইজ্জত, ইজ্জত ৰক্ষা কৰিব নোৱাৰিলে আমি বেত খাবই লাগিব।"
কিছুপৰ একো নোকোৱাকৈ গৈ থাকি হঠাৎ ল'ৰাটোৱে কৈ উঠিল, "তহঁত চব মানুহ নহয়নেকি? বেতো দিব আকৌ বেঈমান বুলি গালিও দিৰ। মই হ'লে জমীদাৰ চমীদাৰ একো নেমানো, এই কাণমাৰিবে ঠিক কৰি দিলোহেঁতেন।"
"তেনেকৈ নক'বি বাবৰ। অল্লাই কাৰোবাক বজা জমীদাব কৰিছে, কাৰোবাক গোলাম প্রজা কৰিছে। আমি নিজে হওঁ বুলি কিবা এটা হ'ব নোৱাৰোঁ, সকলো আল্লাৰ ইচ্ছা।"
বাবৰ সন্তুষ্ট হ'ব নোৱাৰিলে। তাৰ চৈধ্য বছৰীয়া মনটো বিদ্রোহী হৈ উঠিল। কিন্তু জমীদাৰৰ ওপৰত খং উঠাভকৈ তাৰ বাপেকৰ ওপৰতহে বেছি খং উঠিল। কেলেই সি বুজিব নোৱাৰিলে।
• ৰ'দজাক তাৰ ভাল লাগিছিল। ঠেটুয়ৈ এবা জাৰত গোটেই ফাতি শিল কেন চেঁচা পানীত নামি মাছ ধবি থাক অথনিবপৰা জাবত থাকি এতিয়া ৰ'দজাক তাৰ বৰ সোৱাদ লাগিল। ক'ৰবাত বহি এচিলিম ধপাত খাই, অলপ জিবাই ল'বৰ মন গৈছিল তাৰ। কিন্তু সময় নাই। মাঘ সোমালেই নৈপৰীয়া মাটিখিনি বাম খেতিৰ কাৰণে উলিয়াব লাগে। বেঙেনা কবি মূলা জলকীয়াবোৰৰো তলিতো কাম কৰিব লাগে।
কিন্তু প্রথমে ঘৰ পাই পানী তপতোরাই গাটো ধুই ল'ব লাগিব। তেজবোৰ পিঠিত চেকুৰা বান্ধিছে। ধুই পেলাব লাগিব। বেলেগে ৰ'দ ল'বৰ সময় নহ'ব। পথাৰত কাম কৰি থাকোতেই পিঠিত ৰ'দজাক পেলাই কাম কৰিব লাগিব।
ৰঙালাওবোৰ ফুলিছেই হ'বলা, বঙা হালধীয়া কোমল কোমল ফুলবোৰ বৰ মৰম লাগে।
সৰিয়হবোৰো ফুলিছে-গোটেইখন সোণ যেন হৈ পৰিছে। তুপৰীয়া সাজ খাবৰ কাৰণে তাৰে মাছ এটামান ঘৰত থৈ যাব পৰা হ'লহেঁতেন। নেলাগে, খালে দোঙে ক'ৰবাত গৰৈ কাৱৈ ছটা ধৰি যেনে তেনে ভাতমুঠি খাম। বেঈমানী কৰিব নেপায়। যাৰ কপালত আল্লাই যি ৰাখিছে, আমি না-চকুৰ হ'ব নেপায়।
বাম খেতি কৰা পথাৰখনৰ কথা ভাবি ভাবি জহুৰ আগ বাঢ়িল। বাবৰ বাটৰ কাষৰ কোনোবা এঘৰত সোমাল। তাৰ সমনীয়া জাকন আছে। হুয়ো একেলগে জমীদাৰে পাতি দিয়া মাদ্রাহাত পঢ়িছিল, আজি দুবছৰৰ আগতে দুয়োটাই পড়া এৰি দিছে। ইতিমধ্যে অৱক্সে সিহঁতৰ কায়দা আমপাৰা আৰু কোৰাণ শৰীফৰ কিছু অংশ পড়া হৈ গৈছিল, বোজা-নামাজৰ নিয়তো মুখস্থ হৈছিল আৰু নামাজ পঢ়িবৰ জোখাৰে কোৰাণৰ কেইটামান চুৰাও মুখস্থ হৈছিল।
মাজাহান মৌলবীয়েই সিহঁতক অলপ উদ্বুও পঢ়াইছিল আৰু বঙলা পঢ়িবলৈ শিকাইছিল গাঁৱৰে হাফিজ মাষ্টবে। ইংৰাজী শিকাবো ইচ্ছা আছিল। বাববে আনকি কেটা কলিত লেখি লেখি শিকিছিলো, কিন্তু সিমানেই। হাইস্কুললৈ গৈ ইংৰাজী বঙলা পড়া আৰু নহ'ল। খোদা বহুলক চিনিবৰ কাৰণে আনবী উর্দু শিকিব পাৰিলেই যথেষ্ট। বাকী চুনীয়াদাৰীৰ কাৰণে ইংৰাজী বঙলা নিশিকিলেও কোনো ক্ষতি নাই।
সেই সময়ৰ সেই ঠাইত প্রচলিত জোখেৰে বাববে 'ইলিম' যথেষ্ট হাচিল কৰিলে। বোপা ককাৰ দিনৰপৰা খেতি কৰি মাছ মাৰি খাই আহিছে। এতিয়াও জহুৰৰ পৰা বাববে হাকিম মাষ্টৰ হ'বলৈ নেযায়, খেতি কৰি, মাছ মাৰি খাব, বিমানখিনি বিদ্ধা আয়ত্ত কৰিছে, সেইয়া এক প্ৰকাৰ বেছিয়েই, তাৰ বয়সৰ গাঁৱৰ অন্ত্য ল'ৰাই ছটা আলিফ বে' শিকিয়ে মক্তব মাত্রাছা এৰে।
বাবৰ ল'ৰাটোৰ পড়াশুনাৰ ফালে ধাউতি অলপ বেছি বুলিহে। জহুৰে আনকি ডাঙৰ কথাই মনে মনে চিন্তা কৰিছিল: বাববে যদি পড়ে। বোলে, আৰু কিবা বকমে তাক যদি ইংৰাজী কিছু পড়াব পাৰি, সি কিজানি কেতিয়াবা এট। মণ্ডল হ'বগৈয়ে পাৰে। বংশৰ ল'ৰা এটা মণ্ডল হোৱাতকৈ বেছি আনন্দ আৰু গৰ্ষৰ কথা কি হ'ব পাৰে।
কিন্তু সমনীয়াবোৰৰ লগতে বাবৰেও পড়া এবি দিলে। জহুবে আপত্তি নকৰিলে। জহুবৰ তিনিজনী ঘৈশীয়েকৰ ভিতৰত ছোৱালী সাতজনী আৰু ল'ৰা মুঠেই দুটা, বাহুবেই ডাঙৰ, ছোৱালী তিনিজনী পর্দা হ'লেই, সিহঁত ৰোৱা তোলা কৰিবৰ কাৰণে আজিকালি পথাৰলৈ নেযায়। জহুবে অকলে কিমান কাম কৰিব? গতিকে বাববে এতিয়া বাপেকক খেতি পথাৰত সহায় কৰি নিদিলেই নহয়। সি ওখ পাখও হৈছে বেছ। কাম কৰিবলৈকো ভয় নকৰে, চৌধ বছৰ হৈ গ'ল। এই সময়তে ল'ৰাবোৰক টানি কামত লগাব লাগে, নহ'ল্পে সিহঁতৰ মন ইফালে সিফালে যায়।
জহুবহুতেই লগ লাগি সিহতৰ গাঁও সোণাপাবাব মছজিদটো সাজিছে। জমীদাৰ চৌধুৰীয়েও বিহু টকা দিছিল মছজিদ সাজিবব কাবণে। জজবৰ ঘৰৰপৰা অলপ নিলগতে মছজিদটো, গাঁরষ সাহুহ সকলো নামাজী। জহুৰে পুতেক বাবৰকো নামাজী কৰি তুলিছে। পুতেক সদায় নামাজ পঢ়িবলৈ মছজিদলৈ ঠিকমতে যায়নে নেষায়, জহুৰে চকু ৰাখে।
বাবৰ যায়। তাৰ সমনীয়া আন ল'ৰাবোৰো যায়।
জহুৰৰ আনটো ল'ৰা সৰু-পাঁচ বছৰীয়া। সাতজনী ছোৱালী নহৈ সাতটো ল'ৰা হোৱা হ'লে জহুৰ বৰ সুধী হ'লহেঁতেন। কিন্তু খোদাৰ কামত নাৰাজ হ'ব নেপায়। আল্লাই যি দিছে তাতে খুছী হ'ব লাগে।
সাতজনী ছোৱালীৰ সাতোটা জোঁৱাই হ'ব। সিও বেয়া নহয়, জোঁৱাইকেটায়ো পথাৰে সমাবে লাগি মেলি নিদি নেথাকে। সৰু ল'ৰাটোও লাহে লাহে ডাঙৰ হ'ব।
জহুৰৰ এটা ডাঙৰ দুখঃ তাৰ নিজৰ বুলিবলৈ এডৰা মাটিও নাই। সকলো জমীদাৰৰ মাটি, নৈৰ মাজৰ বালি চাপৰিত খেতি কৰা আৰু জমীদাৰৰ মাটিত খেতি কৰা একে কথা। চাপৰিৰ খেতি বাৰিষাৰ বাণে উটাই নিৰ পাৰে, জমীদাৰৰ মাটিৰ খেতিৰ শইচ জমীদাৰে মন গ'লে কাঢ়ি নিব পাৰে। নিজৰ ববীয়াকৈ আনকি কবৰ ল'বলৈকো মাটি অকণ নাই।
আৰু কিবাকৈ ছপইচা গোটাই হুডৰা মাটি নিজৰ কৰি কিনি ল'বলৈকো কোনো দিন এটা টকাও ৰাহি কৰিব নোৱাৰে। ধান সৰিয়হ বেচি, মাছ শাক বেচি যি ছপইচা পায় তাৰে ঘৈণীয়েকহঁতৰ আৰু ল'ৰা ছোৱালীৰ কাপোৰকানি কিনোতেই যায়। তাৰ উপৰি খেতি কৰি খাই থকা জমীদাবৰ মাটিকেডৰা তাৰপৰা আন কাৰোবাক যাতে দি নিদিয়ে তাৰ কাৰণেও মণ্ডল, দেৱানীহঁতক সন্তষ্ট ৰাখিব লাগে, ধন বাচিব ক'ৰপৰা?
জমীদাবৰ মাটিতে হ'লেও নিজে দেহেকেছে খাটি হ'লেও জহবে যে ল'ৰা ছোৱালীৰ মুখত ভাতমুঠি দি থাকিব পাৰিছে তাতে সি সন্তুষ্ট।