সুন্দৰ-আইতা, তুমি মোৰ মূৰটো ঘোলা নকৰা মানে নেৰা নেকি? দিন নাই ৰাতি নাই সেই একেটা কথা। তোমাৰ আৰু ভাবিবলৈ কৰিবলৈ একো নোহোৱা হল নেকি?
[বৰ বিৰক্তিৰে ৰাজমাওৰ ওচৰৰপৰা আঁতৰি গৈ বৰপীৰাত
বহি পুথিবোৰ লৰাই চৰাই খংমুৱা হৈ বহি থাকে।। বাজমাও-[গং উঠে যদিও নিজকে চন্তালি কোমল মাতেৰে]
তইনো কেনেকৈ জানিলি মই সেই একে কথাকে- শুন্দ-জানিবলৈ আৰু ভাবিব লাগিছেনে? সেই একেটি কথাৰ বাহিৰে তোমাৰ আৰু কি কথা থাকিব পাৰে? তোমাৰ আজি এই কেবছবে চিন্তা সেইটিয়েই। কামৰ ভিতৰত মোক সেই একোটি কথাকে দিনটোত দহবাৰ শুনাই চৌধবাৰ আমনি কৰিবা। রাজমাও-আজি বা আন কথাকে-
সুন্দৰ-আজি তেন্তে ভূতৰ ওপৰতে দানহ। (ৰাজমাওলৈ চাই) কিনো আকৌ ন বতৰা ?
ৰাজমাও স্বৰ্গদের ঈশ্বৰ বুঢ়া হৈছে। ৰাজ্যভাৰ তোমাক দি ধৰ্ম্ম কাৰ্য্য
সাধিবৰ মন।
সুন্দৰ-পিতৃৰ বোজা পুত্রই বব। তাতনো সুধিবৰ কি আছে? [ ৰাজমাও কিছুপৰ মনে মনে থাকি যাব খোজে-পিছে কওঁ নকও কৈ ৰাজমাও-পিছে ৰজা হৈ বহিবলৈ গলে-
সুন্দৰ-বিবাহ কৰিব লাগিব। তাকে কোরা, তাকে কোরা। [ ডাঙৰকৈ হাঁহে। ৰাজমাও অপ্রস্তুত হয়। সুদর্শন আৰু নঙ্গবাম সোমাই আহে। দুয়ো সুন্দৰৰ বয়সীয়া। সুদর্শন গৌৰ বৰণৰ মুখ ঘূৰণীয়া। অনঙ্গবাম শাও বৰণীয়া আৰু দীঘলীয়া মুখৰ আৰু কুন্দত কটা গচৰ। অনঙ্গই' এবাৰ সুন্দৰৰ ফালে আৰু এবাৰ ৰাজমাওৰ ফালে তীব্র ভাবে চাই, তেওঁলোকৰ ভিতৰত হোৱা কথাৰ আভাস পাবলৈ যেন চেষ্টা কৰে।] অনঙ্গ-। হাঁহি হাঁহিবৰ নো কি কথা হল মোৰ বান্ধ?
সুন্দৰ-(ডাঙৰকৈ হাঁহি) অনঙ্গ মোৰ বান্ধ তিৰোতা বান্ধ। তিৰোতার বুদ্ধি মূৰৰপৰা নোলায পেটৰপৰাহে ওলায়। (হাঁহে) ৰাজমাও- (সুদৰ্শনক) বাপা সুদর্শন, ঠিক জানিলো ইয়ার কিবা
মুৰৰ বিকাৰ হৈছে। ইযাক শাস্ত্রই মুশুজে। [সুন্দৰে আকৌ ডাঙৰকৈ হাঁহে। এইবাৰ ৰাজমারে "নোৱাৰে। তোৰ লগত মোৰ বোপাই” বুলি তাৰপৰা ওলায যায]
সুদর্শন-কিনো কথাত হাঁহা। মইয়ো মুবুজাকৈযে হাঁহিছো। কথাৰ গুৰিনো কত?
সুন্দৰ-এ, আমাৰ আইদেউতাৰ মূৰৰ কটুৰ মাটিত। আজি মোৰ আইযে ৰাজমুকুটৰ ভিতৰত কইনা এজনী লুকাই আনিছিলে
মোৰ বান্ধ ৰাজমুকুটৰ ভিতৰতে।
অনঙ্গ-(ক্বত্ৰিমালিৰে) বৰ ভালবে কথা। পিছে বান্ধই বা কি কলে সুন্দৰ-ৰাজকুটটো গধুৰ। তাৰেই ভাৰ দুৰ্ব্বহ। আৰু নো তান এটা ভাৰ তাত কিয় ?
[ অনঙ্গ আৰু সুদর্শনে হাঁহে।
সুন্দৰ-(চিন্তাযুক্ত হৈ) বন্ধু, তোমালোকে যিযেই কোরা লাগে, মই আইব এনে প্রস্তাৱত মত নিদিও। বন্ধু, ইযাৰপৰা মোক তোমালোকে উদ্ধাৰ কৰিব 'নাৱাৰানে?
সুদৰ্শন মোৰ কিন্তু যত আন। বিগ্রহ বান্ধনিত সামাজিক আৰু শাৰীৰিক ভাবে সোমাইও তুমি মন আঁতৰত ৰাখিব পাৰা। সিযে হলে সামাজিক প্রথাও উলঙ্ঘন নহয়, মাতৃ আজ্ঞা আৰু
প্ৰজাৰ আগ্রহো ৰয়। একো ক্ষতি নহয়। সুন্দৰ-হব। তিৰোতা আৰু খোঁচৰা ব্যাধি একে স্বল্প। তাই এম সংস্পর্শত আহিলে সি তোমাক জুৰি লব। সেই কাৰণে মুক্তি আৰু শান্তি প্রয়াসী মুনি ঋষি সকলে, আমাৰ ধৰ্ম্মৰ বহু শাস্ত্রই কামিনী কাঞ্চন ত্যাগ কৰি তাক দূৰতে বিদূৰ কৰিবলৈ ঈকৈছে। তেওঁলোকৰ বহু গবেষণা, চিন্তা আৰু অভিজ্ঞতাৰ লত এনে এটা পন্থাৰ উদ্দেশ আমি পাইছো যে সেই পন্থা যেতিয়া মোৰ মনঃপূত হৈছে; তোমালোকে বলেৰে মোক কিষ আন বাটেদি নিব খুজিছা?
সুদশন-সেইবোৰ শাস্ত্ৰকাৰ আৰু মুনি-ঋষিৰ মনৰ বেমেকরা অৱস্থাত সপোনত দেখা পন্থা। সেইবোৰ মাত্র অলঙ্কাৰ আৰু চন্দ শাস্ত্র-সম্মত শেক ছন্দৰে লিখা মিছা যুক্তিপূর্ণ প্রলাপৰ বাহিৰে আন একো নহ্য।
সুন্দৰ-বেগ বেগ, বেছ কলা কিন্তু। নেই বুলি সহজে তোমাৰ যুক্তিত মই পতিবন যাম বুলিও নাভাবিবা। বন্ধু, তোমাৰ তৰ্কৰূপৰা তামাক ৰেহাই দিব লাগে। তৰ্কৰ জালেৰে বুকৰ ভাব বন্দী নহয। (কিছুপৰ তলকা মাৰি থাকি) নহয় নহয়, মোব বিবাহ নহব। মোৰে সৈতে আৰু তর্ক নকৰিবা। বিৱাৰ বভৎ ঘৰৰ তলেদি অগ্নিক সাক্ষী কৰি, কন্যাৰ আঁচলৰ গাঠিত হে যদি মোৰ বাজকুট আহিবৰ বাট-তেন্তে সি দূৰতে পাওক। সম্বন্ধ নথকা! কথাৰে বিশেষ সম্বন্ধ পাতি তাক অছেদ অভেদ বুলি চেধুৱাব পৰা অলীকপ্রিয় তিৰোতাৰ ইও এটা ওজা কাৰিকৰী।
[যাজসাও যব শওমুরা হৈ শৌদ্ধাই আহে।
এই ইয়ালৈকে শাস্ত্র পড়িলি। বেঙ্গ এইয়োধ ভাবতে বাড় সাজা কৰিবলৈ কয়? (বৰ অধৈর্য্য হৈ) মোৰ বাপ! আজি তিনি বছৰে মাৰক তিল তিল কৈ পুচি। আৰু নো কিমান দিন মোক এনে কষ্ট দিবি? তর্কেৰে ৰাজ্য নচলে, বুড়া বাপের সন্তুষ্ট নহয়। জনম দিয়া মাৰৰ পেটৰ পোৰাণ মুগুচে। [অনঙ্গ উঠি ৰাজমাওৰ ওচৰলৈ আহি]
অনঙ্গ-ৰাজমাও দেউতা, অধৈর্য্য হবৰ একো কাংণ নেদেখো। অপেক্ষা কৰোক মাও। সুন্দৰৰ মতি-গতিৰো সালসলনি হবৰ সময় আছে। বিবাহৰ বয়সো উকলি যোৱা নাই। ইজনী ক্যাত অমত হবও পাৰে। আন কন্যা চাইচিতি সুন্দ্ৰৰ মত সুধিলেও হব মাও। খব-খেদানো কিয়? শান্ত হওক।
সুন্দৰ (ৰাজমাওক) তুমিও মোৰ যেনে মাও, মইয়ো তোমাৰ তেনে সন্তান। তুমিও নেৰা মইয়ো নেৰো। তুমি আৰু মোক আমনি একত্রিবা। মোক বিবাহব কারণে এনেকৈ আমনি কৰিলেই কাৰেঙ ৰাজ্য এৰি দি গুচি যাম। বিয়া সুন্দৰে নকৰায় ।
অনঙ্গ-বান্ধ তুমি দিনে দিনে লৰা হৈহে আহিছা-বলা ইয়াৰপৰা, আহা।
[ এই বুল্লি বাহুত ধৰি সুন্দৰক সোঁফালৰ দুৱাৰোদ লে যায়। সুদর্শনে। পাছে পাছে যাওটন। বাজমারে তাত কিছুপৰ পিয় দি থাকি দীঘলকৈ হুমুনিয়াহ পেলায়। যৰিপকি কোঠাটোৰ চাৰিও- ফালে চাবলৈ ধৰে। বৰশৰাইখন ওচৰলৈ গৈ পুথি-পাঁজিবোৰ লুটিয়াই- পুটিয়াই চাই পুথিবোৰৰ ওপৰত বৰ বিৰক্তিৰ ভাব প্রকাশ কৰে।]
ৰাজমাও -এই পুথি-পাঁজিবোৰেই ইয়াৰ কোমল মতি অবাটে নিলে। এইবোৰে ইয়াৰ মূৰটো ঘোলা কৰিলে।
[বাঁওফালে ছোৱালীৰ হাঁহি-পিকিম্বালি। সাজাদায়ে সেইফাদের কোন সেই কেজনী তাত? ৰাজমাও-অ' শেৱালি ৰেৱতী! এইফালে আহহঁক! [ভিতৰৰপৰা "আমি ৰাজমাও দেউতা”]
[ শেৱালি বেরতী লবাচপৰাকৈ সোমাই আহে। শেৱালিয়ে এজোৰ কলপতীয়া গাত বগা ফুলীয়া বিহা-মেখেলা পিন্ধে, বয়স প্রায় সোতৰ ওঠৰমান। দেখিবলৈ বৰ ধুনীয়া আৰু বগা। মুখত এটা কোমল করুণ ভাব। ওখ, পাতল গঢ়ৰ আৰু লাহী কঁকালৰ। খোজত গান্তীয্য। বেৱতীৰ গাত ৰঙা ফুলাম ৰিহা-মেখেলা। বৰ ওখ নহয়। স্বভারতে লচপচী। শাওবর্ষণীয। সুন্দৰী। চকুত এটা আক্ৰোহৰ আৰু বিৰক্তিৰ ভাব বর্তমান, বয়স ২০ মান হব।]
তহঁতৰ গাত কি লাগিছে। হাঁহি খিকিন্দালিত কাৰেঙ উৰাব - ধৰিছ। কিনো কৰিছিলি তাত?
বেৱতী- (অলপ পৰ ৰৈ) মূৰ মেলাইছিলো ৰাজমাও দেউতা। ৰাজমাও- (বিদ্রূপৰে) মূৰ মেলাইছিলে মোৰ অপেচৰীতে। ঘৰৰ বন- বাৰী এৰি আইদেউহঁতে দাপোণ চাই সেওতা ফালিছিলে। ধুন মাৰি, ধুন মাৰি, গা দেখাই গা দেখাই মোৰ লৰাটোক বলিয়া কৰিলে। (শেৱালি বেৰতীক তলমূৰ কৰি থকা দেখি) এতি অপেচৰী আইটীহঁত-নখে মাটি লেখি থাকিব নালাগে। হাতে হাতে বন ধৰিব পায়। পুথি-পাজিবোৰ সিচতিকৈ কেনেকৈ থৈ গৈছে-সজাই থঃক।
[ তাৰ পাঞ্ছত খঙেৰে নিজে গৈ পুথি কিছুমান থাক কৰি] তাৰ মূৰত কিবা যখিনী শাকিনীয়েহে বাহ লৈছে। শাস্ত্র-শাস্ত্র
পড়িছে। শাস্ত্র পঢ়ি অশাস্ত্রীয় মতৰ বৰভেটি বান্ধিছে। [ ৰাজমাও বেগেৰে বাঁওফালেদি ওলায় যায়গৈ। শেৱালি আৰু ৰেৱতীয়ে ৰাজমাওৰ ফালে চাই থাকে। ৰাজমাও ওলাই গলত বেরতীরে মুখখন বেকেটা কৰি গাটোৰে বিৰাগসূচক ভঙ্গি কৰি উচাট মাৰি ঘোরাদি গৈ পালেঙত সিচৰতি হৈ থকা পুথিবোৰ গোটাবলৈ লাগি শেৱালিৰ ফালে ডিঙি বেকা কৰি চায়। শেৱালিয়ে তলমূৰকৈ বিহাৰ আঁচলগে চিকুটা-টিকুটিকৈ থকা দেখি] বেবতী-বোলো শেৱালি ভনীটীৰ গাত ব্ৰকৈ বাজিলে নেকি? (আনফালে মুখ ঘুৰাই) বাজিবতো। শেৱালী- (অভিমানেৰে) তোৰ নালাগিব পাৰে। মইতো তোৰ দখে
মানুহৰ মন ভুলাবলৈ গোন্ধতেল ঘঁহি নুফুৰো নহয়। বেবতী-উ-এতিয়া মোৰ গাতহে খোপটো লাগিলগৈ? মইয়ে চাওনে আন কোনোবাই, বুজোতাই বুজি কৈ গল নহয়। উলুৰ লগতে মই মাজতে বগৰী পুৰিলো।
[ শেৱালি কিছুপৰ মাতিব নোৱাৰা হৈ থাকে । ( ওঠত এটা দুষ্টালিৰ হাঁহিৰে) ভনীটি, বোলে। মাত-বোল্ হৰিল দেখোন? কথা গৈ গাজত লাগিল গৈ হবলা। শেৱালি-তোৰহে ভিতৰি ভিতৰি তেনে মন হব পায়। মোৰ কথা কোৱাৰ ছলেৰে নিজৰ মন উবুৰিয়াই দিছ।
ৰেৱতী-উ-আমি এতিয়া কুঁৱৰীজনী হবলৈহে আশাপালি আছো। (হাঁহি) এৰা এবা এইবাৰ কুঁৱৰী হৈ বহি শেৱালি সতিনীক চুলিত ধৰি বনবাস দিম। মোৰ গোসাই ঐ-ডেক।বুঢ়াটোলৈ তোৰ মন খালে বুলি আটাইৰে মন খাবনে? আমি কোঁৱৰ দৰা বিচাৰি ফুৰা নাই নহয়।
কাঁহীত নাখাও
বাটিত নাখাও,
নাখাওঁ সঁফুৰাত গুৱা, মনৰ জোখাই
নাপাওঁ মানে
দেহাকো নকৰো চুৱা। শেৱালি-তই মুখ ৰাখি কথা কোৱ। ভাল, বুজিছ। ৰেৱতী-অ' তোৰ বুকত হবলা বেজাৰে পুন্দামাৰি ধৰিলেগৈ। পিতা নেচেল, যিয়েই আলটা মিছা। কুঁৱৰী হবলৈ নোপো পৰ্ব্বতত কাছকণী, সাগৰত জুই, তাক নিবিচাৰি থাকিবা শুই। কোঁৱৰে তোক অলপ মৰম কৰে দেখি হবলা বৰকৈ মুখ মেলিছ? অস অস আশাধাৰী জীৱ ঐ!
শেৱালি-অ' সেইহে হবলা তোৰ চকু চৰহিছে! ৰেবতী-এৰা এৰা হয়তো। সেইফেৰিৰ তুমিয়েই গৰাকী হোৱা। আমাৰ ভাত নোযোৱা হোৱা নাই। লাজো নালাগে কটা! ভালেটোহে ৰাজমাৱে গেজেৰ কৰে সেইষাৰ মাৰি গল। শেৱালি-থাক তেনে তয়ে ইয়াতে।
[এই বুলি শেৱালিয়ে কন্দনামুরা হৈ বাঁওফালেদি ওলাই যাবলৈ দুরাবমুখ পাওতেই ভিতবৰপৰা বপুবা আহি আগভেটি ধৰেহি। শেৱালিযে তাৰপৰা আঁতৰলৈ আহি তললৈ চাই চকু মোহাৰে। বপুবা আহি একো কথা-বতৰা নকৈ শেৱাসিব ভৰিৰপৰা দুৰলৈকে >সই-তললৈ মূৰকৈ জুমি চকুৰ পানী চায়। বপুৰা বয়সত যদিও মাসুহটে। বুঢ়া অঁহীয়া, তেনেই চুটি চাপৰ আৰু গাঠলু। মুখত বৰ ডাঢ়ি গোফ গজা নাই। পাহ কটা চুত্রি। শাওবৰণীয়া। নুপপন দেখিনেই হাহি উঠ।। নোম-টেঙৰ। আঠুমুৰীয়া চুবিয়া আৰু ক'লা হাতপৰা গা ঢোল' পেন্ধা; কাণত কেক, ডিঙিত সৰু মাদলী।]
বপুৰা--বোলো মেঘৰ গাজনি নেয়াৰোতেই দেখোন হোৰ হোৰকৈ
বৰষুণ ?
শেৱালি যা যোৰে সৈতে চুপতি নকৰিবি।
বপুরা- । দেখেলীয়া ভাবে আচৰিত হৈ) ও আই টোরাথকে নোৱাৰি
দেখোন !
[ ব্ৰেতীৰ ওচৰলৈ গৈ ফুচফুচাই কিব। সোন্ধ]
বেরতী (ভেকাহি মৰাব দবে) কি ডালনো মই কবলৈ যাম।
মোৰ কিহে পাইছে। যি কব লাগে সেয়ে কৈছে। বপুৰ-কোনে কোনে? কি কলে? বেরতী (অনফালে মুখ ঘূৰাই, পালেঙৰ কাপোৰ টনা-আজোৰা কৰি) ৰাজমাও জানো কেচুৱা ছোৱালীজনী। কাৰ কেনে পাঙ-নুবুজে জানো? বপুৰা-পাঙ? কি পাঙ? এইখননো আকৌ কি টাং বাং! শেৱালি [ খঙত ৰেৱতীৰ ওচৰলৈ আহি] তই এনেকৈ সঁচাই মিছাই এইবোৰ কৈ নাথাকিবি। তই এনে নিলাজী বুলি-
ৰেৱতী (উভতি) মই নিলাজী নে আন কোনোবা-
বপুৰা- চেংকলি নিকলি কাঁহী-বাটি মুধুলি ঠেহ পাতি নাখালি ভাত, সাতপুৰীয়া সেন্দুৰৰ গোন্ধ তেল ঘহিলি গাত ।
[ এই বুলি দুয়ো দুয়োৰে ফালে খঙ ভাৱত পৰ লাগি প্রাষ চুক্তিষ
চুলি কৰা ভাব দেখুৱায়। তাকে দেখি বপুবাই গা ভেঙুৰা-ভেঙুৰি কৰি
যোৰ ফোট মাৰিলি
। শেৱালি-বেৱতীয়ে হাঁহি ৰাখিব নোৱৰ। হৈ মুখত সোপা দিয়ে]
ৰেৱতী-বা কটা এই পাট।
বপুৰা- (ক্বত্রিম ক্রোধেৰে) ওঁ কি কলি? কি কলি? মই লিগিৰী বৰাক 'এই পাট' বুলিলি? বৰ সাহ পালি দেখোন? অ' [ চকু টেলেকা কৰি তাইৰ ভৰিৰপৰা মূৰলৈকে চায় আৰু নাকেৰে মাতি] এই (শেৱালিলৈ আঙুলিয়াই) কলি কঠালটোৰ এঠা উলিয়াই মই বুঢ়াটোকো টুকুৰিয়াই চাইছ হবলা? একেপাট
চৰতে শালিম বুলি জনা নাই! জিভাত লেগাম লগাই কথা করি।' [ৰেৱতী উচাট মাৰি ভোঁ ভোঁ করে তাৰপৰা ওলায় যায়গৈ। বপুৰাই তাই যোৱা ফালে কিছুপৰ খঙ ভাবেৰে চাই থাকি পাছত, 'ইফালৰপৰা সিফালে টহলি শেৱালিৰ ওচৰলৈ আহি] 'অ' তাই বেটী কম নহয়। (অলপ ইঁহা যেন কৰি) আন্দাজটো পিছে হওতে হয় দেইবা ।
শেৱালি-(আচৰিত হৈ) কি হওতে হয়? বপুৰা - [নিজৰ অনুমানতে বিশ্বাস থাপি] হোঁহো হো হো ৰাজমাকে
কথাটো টং কৰিছে। আাটায়ে কৰিছে, পিছে তইছে "ৰিটং” কৰিছ।
শেৱালি কি কর অ' এইটোৱে। ঠাৰে চিয়াৰে কোৱা কথাবোৰ মই নুবুজো 'পাই।
বপুৰা- (নিজৰ অনুমানত সন্দেহ কৰি) তোকনো ৰেৱতীয়ে কি কৈছিল?
শেৱাদ তেৰাই দিছিল ।
বপুৰা- (ব্ৰ ৰংপাই) হে হে দিবতো নিদিব কিয়? তোকে মোকে সকলোৱে ভাল যোৰ হব বুলি দেখিছে দেখিছে আকৌ! শেৱালি--কটা লাজো নালাগে! তোৰে সতে-তোবে সতে হবলা?
বপুৰা কাৰ সতে নো!
শেৱালি- ( তললৈ মুৰকৈ) কোঁৱৰৰে সতেছে! (সককৈ) মি-ছা কয়ে।
বপুল-' অতি বিৰক্তিৰে) ক-টা! (শেৱালিৰ ভাব-ভঙ্গিলৈ সন্দেহেৰে লক্ষ্য কৰি অলপ দূৰলৈ আতৰি যায়-আৰু গহীন হৈ) বাৰু তাইক মই ইয়াৰ পৰতিফল দিম। বাৰু তই এতিয়া তোৰ বনত ধৰ (বিচাৰকৰ গাম্ভীৰ্য্যৰে) বাৰু মই ইয়াৰ শোধ কৰিম।
[ এই বুলি বপুৰা বৰ অসন্তোষ মনেৰে, কিন্তু গহীন ভাবে সোঁ দুৱাৰলৈ যায় আৰু উভতি উভতি শেৱালিলৈ চায়। একো উভতি কথা পাতিবলৈ শেৱালিয়ে সুবিধা দিয়া নেদেখি ওলাই গৈ দুৱাৰখন ধুম কৰে জপায় যায়; শেৱালি তাত কিছুপৰ নিমাত হৈ গুণা-গথাকৈ থাকি লাহে লাহে পালেঙৰ ওচৰলৈ গৈ পুথিবোৰ সজাই দিহা লগাই পবলৈ ধৰে। মাজে মাজে কিবা ভাবি-গুণি ব লাগি বৈ থাকে। লাহে লাহে তাই আপোন-বিভোৰা হৈ আহে। আগতকৈ খৰ- ধৰকৈ অহা যোৱা কৰে। তাইক অলপ উত্রাৱল যেন দেখা যায়। হটাৎ এবাৰ খৰকৈ গৈ দাপোণৰ ওচৰত বয়গৈ। মুৰৰ চুলি ভালকৈ লয়। আকৌ পালেঙ সজোৱাত লাগে। কিবা মুখৰ ভিতৰতে গুণগুণাবলৈ ধৰে। লাহে লাহে তাই কিবা সুখ-সপোনত পাগলী হোৱাৰ দৰে তাই কোঠাটোত ঘূৰি ফুৰি মাজে মাজে দাপোণ চাই, আপোনপাহৰা হৈ নাম গাই মতলীয়া হৈ থাকে]
নাম
সোণৰে পালেঙত অ' মনেতৰা সোণৰে পালেঙত অ' মনেতৰা !
ধুনীয়া কোঁৱৰৰ ঘুমটি নাহিলে
কপাহৰে তলিচা পৰা মনেতৰা
সোণৰে
চাতোনৰ তলিচা পাৰি দিম শুবলৈ অ' মনেতৰা বগলীৰ পাখীৰে গাৰু দিম শুবলৈ অ' মনেতৰ! ওপৰে তৰি দিম ম'ৰাৰে পাখীৰে
চান্দোৱা তৰাফুল বছা মনেতৰা
পদুমৰ পাহিৰে গুঠি দিম বিচনী বা দিম সুৰভি ভৰা মনেতৰা কাষতে লিগিৰী বহিনো নামে গাম কোনোবা বিতোপন দেশৰে সাধু কম নিশাটো কাষতে বহি মনেতৰা আহিব টোপনি অ' মনেতৰা। দ্বিতীয় দর্শন
[ ৰাজ আলি বাট। দুয়ো কাষৰ ওখ ওখ পাকৰী গছবোৰে বাটটোৰ ওপৰত চালি ধৰি, হাবিতলীয়া বাট যেন কৈ থৈছিল। পাতৰ মাজে মাজে জোনৰ পোহৰ আহিছিল। গাত খনীয়া এখন লৈ মূৰত আধা- সোলোকা পাগ এটাৰে, সুদর্শনক বেগাবেগিকৈ অহা দেখা পালে। পাছৰ পৰ৷ বপুৰা ফোপাই-জোপাই লৰি আহি "ৰব মোৰ ঈশ্বৰ" বুলি ৰৈ ফোপাবলৈ ধৰে। সুদর্শন উভতি ]
হুদর্শন- (আচৰিত হৈ) বপুৰা দেখোন কি হল?
বপুৰা- (ফোপাই) আপোনাক লগ পাবলৈ- উস- অ-ফো-অ-ফো চেকুৰি আহিছো নহয়। (কিছু শান্ত হয়।।
সুদর্শন - কি হল বা?
পুবা (বৰ কিবা গূঢ়তত্ত্ব আবিষ্কাৰৰ আনন্দ আৰু উৎসাহেৰে) আজি সোপাই ধৰা পৰিল নহয়! কোঁৱৰে বিয়া নকৰোৱাৰ লেঠাটো কোনখিনিত আজি বপুৰাৰ তেনেয়ে হৃদয়ঙ্গম হল। সুদর্শন-(উৎসুক আৰু কৌতুহলী হৈ) কেনেকৈ?
'ৰপুৰা-- এঃ কটা কবলৈকো লাজ লাগে। নকলেও বেয়া। (কিছুপব টলকা মাৰি) বুজিছে সাউদৰ পুতেক দেউতা, কোঁৱৰে বিয়া নকৰোৱাৰ কাৰণটো ঘৰতে। মিছাকৈয়ে আপোনালোকে পুথি-পাঁজিবোৰ চলাথ কৰিছে। তাইক মই এতিয়াহে চিনি পালো।
সুদর্শন - কাক অ কাক?
ৰপুৰা-তাই বেটীৰ নিশাটো কাষতে থাকি বহি বহি নাম গাই থাকিবৰ মন-
শুধর্শন কাৰ অ কাৰ? ৱপুৰা- এ পদুমৰ পাহিৰে হেনো বিচনী এখন গোঠে।
সুদর্শন- কোনে?
বপুৰা- কি কম সাউদৰ পুতেক দেউতা, বুকৰ সোণে। সুদর্শন-খপৰাই নকর কিয়?
বপুৰা- দীঘল আলিবাটটো নো কেনেকৈ খপৰাই চমু কবো মোৰ গোঁসাই! তাই ভিতৰি ভিতৰি এনেকৈ সিন্ধি দিছে
বুলিনো কোনে কব পাৰিব। সুদর্শন- এঃ তই নকৱ যদি মই যাওঁ।
বপুৰা- এ শুনক, কথাটো হৈছে এই-দোলেনে-উদ্ উদ্ উদ্। সুদর্শন- (অলপ গমি) কোনে শেৱালিয়ে, নহয় নে? বপুৰা- মই ইমান দিনৰেপৰা যিটো থিৰাংকৈ আহিছিলো, সিয়েই ঠিক
সুদর্শন- কি ঠিক?
বপুৰা- আপুনি যে সৰবজান।
সুদর্শন-তাই বাৰু তেনে কেতিয়া কৰিছিলে?
বপুৰা- এই এতিয়া। মই এতিয়া তাৰেপৰাহে আহিছো থাকৌ। ৰেৱতীৰে সতে তাই চুপতা-চুপতিকৈ আছিল-কোঁৱৰৰে কথা পাতি। এই বেটা ৰেৱতীয়ে কথাবোৰ জানে ইল্লা দেই। পিছে ৰেৱতীক মই কিবা এটা কওঁতেই তাই ভোঁ ভোঁ কবে "উ আই- ক'ত খাওঁ ক'ত যাঁওঁ, কাহুকণী বিচাৰি পৰ্ব্বত ব্রগাও দেখোন।
গুচি গল। মইও বাপেকে এই বনবোৰ দিহা লগাই কৰেনে নকৰে চাওঁ বুলি মনে মনে চোৰাংকৈ চাই আছিলো। পিছে-
সুদর্শন- (কঠোৰতা অংক ককর্থনাবে) এই দেখ বপুৰা, মিছাক'য়ে মনতে এইবোৰ কথা ভাবিছ। তাই তেলেঙ্গ নাম এটা গালে বুলিয়েই তই তেনে কথা ভবা ভাল হোৱা নাই। সাৱধান—মোৰ আগত যি তই এনে কথা কলি আৰু কাৰো আগত নকবি, বুজিছ?
আপুনি যিয়েই বোলক লাগে। বপুৰা- ইস ইস কেলেই আনক কম। মোৰ মনৰ খুকুৰি আপোনাক নোকোৱাকৈও বেয়া নহয়। মোৰ মনেৰে এইটো হলে ঠিক কোঁৱৰে সেই কাৰণেহে বিয়া নকৰায়। মই ঠিক জানিলো। তাইক কাৰেঙত থলে কোঁৱৰৰ বিয়াখন হাতীকণীৰ ভিতৰত। অজগৰে হৰিণাক মেৰিওৱাদি তাই কোঁৱৰক মেৰিয়াই চেপি, চেপি জোল পিব লাগিছে। তাৰ দৰৱ আছে সাউদৰ পুতেক দেউতা-তাৰ দবৱ আছে। (জ্ঞানী ভাবেৰে মূৰ দুপিয়াই)
-হুদর্শন- কি দৰব?
বপুৰা- আছে আছে। সেই দৰৱ পালী দিলে কোঁৱৰৰ বিকাৰো যাব বপুৰা – আছে আছে। সুদর্শন- কচোন?
আৰু নবোৱাৰী আহি একেচাটেই কাৰেঙৰ বৰ ভেটি গচকিব।
সুদর্শন কচোন বাক কি?
বপ্ৰা -( কিছুপৰ কেৰো-ঘেঁহোকৈ পাকি) হেঃ সাউদৰ পুতেক দেউতা, হেঃ এই বপুৰাৰ লগত তাইৰ ৰাহি-যোৰা আমাৰ তিনি পুৰুষ আগৰেপৰা মিলি আছে-হে হৰি-হে হৰি, [বঙ্গুবাই উদ্বিগ্ন হৈ সুদৰ্শনৰ মুখলৈ চাই থাকে]
সুদর্শন (হাঁহি) বাক বুজিছো বপুৰা এতিয়া ৰাতি হল যা। কিন্তু তোৰ এইবোৰ সন্দেহ তেনেয়ে অমূলক। মোৰ কথা মনত বাখিবি। এইবোৰৰ নিযণে ছনাই কথা পতা শুনিলে কিন্তু তোৰ দেয়া হব' ৱপুৰা- হৰি হৰি-তেনে কথা কয়নে? গছৰ মুঢ়া এটাৰ আগতো
নকও নহয়। হৰি হৰি।
সুদর্শন - এৰা নকবি।
[ওলাই যায় গৈ]
বপুৰা- (বহুপৰ গুণি-গাথি থাকি বেজাৰমুৱা হৈ লাহে লাহে
যায় গৈ)
ইয়াকে বোলে-
ভেলেকা বহুবা থাকিল চায় গোলোকা বাপুরে সুপুৰ সুপুৰ খায়।
তৃতীয় দর্শন
[আগ নিশা। বুঢ়া গোহাইৰ টোল। বুঢ়া গোহাইৰ একেঞ্জন জীয়েক কাঞ্চনমতী আইদেউৰ তাতসূত বোৱা পাছ ফালৰ ঘৰ এটা এটা খোটালি। কোঠাটোৰ সোঁফালে এখন জাপ-দুৱাৰ। মাজ বেবৰ সোঁ মাজেদি দীবে-পথালিয়ে দুহাত জালিকটা। তাই ওপৰ হেঙুল হাই ভাল বোলোরা ডাঙি থোরা জাপ। কোঠাটোৰ বাঁও চুক: বেৰৰ দাঁতিত দলিচা এখন পাবি কাঞ্চনমতীষে যতৰ এটাত মন্তব ফুৰাই আছে। বয়স ওঠব উনৈশ। ভকভকীয়া বগা আত দেখিবলৈ অভিকৈ শুরূণী। গাত গোঁসানীৰ গাম্ভীর্য্য। চকু পদুমৰ পাহি যেন তেওঁৰ গাত পদ্মিনী তিৰোতাৰ সকলো লক্ষণ বর্তমান। তেওঁৰ ওচ এতে বেৰত কিছুমান যুগাহুতা আৰু কপাহৰ শুভাৰ উঘা আওজাই গোৱ। আচে। চেৰেকী লেটাই ইত্যাদি কিছুমানো তাত দেখা-গৈছে এল ৰূপৰ গাত তিনি গহি শলিতা লগোরা আছে। ওচৰতে তেঙ ক হাংটাল বোগোরা ঠগিত এখন পুখি। আগত ভামোল-পাণব বটা খালিত ওপৰত এখন বগা তৰা ফুলীয়া ৰঙা চান্দোরা তৰা আতে পা রিব বেম্ববোৰ পৰ্বর ভীমা ঢেকীয়াব, পিতলৰ চকচকীয়া কামিবে বেৰ ১১:যোৰ হাই চালেৰে বোলোরা আক চিত্র বিচিত্র করা। মনীষ তললৈ ১২ করি একান্ত মনেবে মল্লবা ফুৰাই দাে সোঁফালৰ দুৱাৰখন লাহেকৈ মুকলি কৰি আদবয়সীয়া তিৰোতা এজনী সোমাই আহে। তাই কোঠাটোৰ চাৰিওফালে চাই চোৰৰ দৰে আহি কাঞ্চনমতীৰ কিছু ওচৰ পায়হি। কাঞ্চনমতীয়ে মূৰ দাঙি চাই আকৌ মহুৰা ফুৰোৱাত মনযোগ দিয়ে। মানুহজনী আহি কুঁৱৰীৰ বাওফালে অলপ দূৰত মাটিত লেপেটাকাঢ়ি বহেৰ্হি। কাঞ্চনমতীয়ে দূৰ দাঙি প্রশ্নসূচক দৃষ্টিবে মানুহ জনীৰফালে চায়। তাই কিবা এটা কব খুজি কোঠাটোৰ ছালে- বেৰে এবাৰ চকু ফুৰাই হোহোকা মাৰি কাঞ্চনৰ ওচৰ চাপি আহি সৰু কৈ) মানুহজনী-আইদেউ অনঙ্গ বোপা দেউতাই আপোনাক এবাৰ নিৰলে
লগ পাব খোজে।
কাঞ্চনমতী- (বৰ আচৰিত হৈ) কিয়? কিয়? ইমান নিশা?
মানুহজনী- জানো বোলে বৰ জৰুলি কথা আছে। কাঞ্চনমতী--বাই-(বুলি অলপ পৰ তলকা মাৰি থাকি) বাই মই এনে নিশা লগ দিব নোৱাৰো বুলি কোৱাগৈ।
মানুহজনী- পাবই লাগে বুলি কৈছে আকৌ।
কাঞ্চনমতী-নহয় যোৱা (দীঘলকৈ হুমুনিয়াহ পেলাই) লগ পালেনো হব কি? নহয় বাই যোৱা কোৱাগৈ বোলে লগ নাপায়! ভাইগে সাজি দিয়া ঘৰটোৰ বৰথুটা মানুহে লৰাবলৈ টান। সি কষ্ট বঢ়ায়, খুঁটা উভাল নাখায়।
মানুহজনী- পিছে আইদেউ তেখেতে মনত বৰ বেজাই পাব নহয়। কাঞ্চনমতী-মুনিহ মানুহে বেজাই সহিব পাৰিব লাগে। [ মানুহজনীযে কাঞ্চনমতীক অলৰ-অচৰ দেখি আৰু আমনি নকৰি যাবলৈ পিয় হয়]
মানুহজনী- লগ তেনে দিব নোৱাৰিব আক?-
[ কাঞ্চনে অসম্মতিচক মূৰ জোকাৰি মহুৰা ফুৰাবলৈ ধৰে। মতৰাটোলৈ একেথৰে চাই, যন্ত্রই চলোৱাদি যতৰ চলায়। কাঞ্চনমতীযে তন্ময় হৈ মহুৰা ফুৰাই থাকোতেই, অনঙ্গবাম বৰ উদ্বিগ্ন হৈ, নিঃশব্দে দুৱাৰখন লাহে লাহে মেলি হাতত সাবে ভৰিত সাৰে সোমাই আি পিন্ন হয়। তেওঁক বৰ উত্তেজিত দেখা গৈছিল।] অনঙ্গৰাম- (গহীনকৈ সৰু মাতেৰে) কাঞ্চন-তুমি-(কাঞ্চনমতীয়ে উচপ খাই
উঠে-ঘঁতৰৰপৰা হাত এৰাই-বৰ সন্তুষ্ট হৈ অনঙ্গৰ ফালে হতবিশ্ব হৈ চাই থাকে] মোক লগ পার নোখোজা। কিন্তু মোৰ লগ পোৱাৰ আৱশ্যক হৈছে। এনেকৈ অহাৰ বাবে ক্ষমা কৰিবা।
কাঞ্চনমতী- (কঁপা মাতেৰে) আপুনি কি কৰিব খুজিছে? এনেকৈ- এনে সময়ত? মানুহে মোক ব্যভিচাৰিণী বুলিব। অনঙ্গৰাম- (শিলকঠুৱা হৈ) মানুহে একো মিছা কথা নকব।
কাঞ্চনমতী-তাৰ অৰ্থ?
অনঙ্গৰাম- ফটফটীয়া।
কাঞ্চনমতী-আপোনাৰ মনতো।
অনঙ্গ-নিংসন্দেহে।
কাঞ্চনমতী-ব্যভিচাৰিণীৰে সতে আপোনাৰ প্রয়োজন বা কি?
অনঙ্গ-আছে।
কাঞ্চন- কি?
অনঙ্গ-তাকে তোমাক হবলৈ নিদিয়া।.
কাঞ্চন-সিতো অতি সহজ!
অনঙ্গ-অতি সহজ?
কাঞ্চনমতী-এৰা আপুনিয়েই বুলিছে-আপুনি নহয় বুলিলেই নহলো।
অনঙ্গৰাম-বাক্যৰ চাতুৰি নেখেলিবা। তাৰ সময় নহয়। তোমাক মই বুজি পালো। কাঞ্চনমতী তুমি মোৰ ইমান আন্তৰিক চেনেহ এইদৰে তলসৰা শুকান পাত গচকাদি গচকি নাষাবা
বুলি ভবিছিলো। তুমি মোৰ সকলো সপোন ভাঙিলা। কাঞ্চনমতী (ঝঢ় ভাবে) কাৰো সপোন কোনেও ভাঙিব নোৱা慮ে! সপোন নফলিয়াইছে। অনঙ্গৰাম । অন্তৰে অস্তবে জ্বলি উঠে আৰু কিছু একো কব নোৱাৰি খামি যামি একেকাৰ হয়। তুমি মিছলীয়া-মিছলীয়া। কাঞ্চনমতী-মই একো মিছা কোৱা নাই আগলৈকো নকওঁ। অনঙ্গৰাম-নোকোৱা? নোকোরা? মোক ভাল পাওঁ বুলি কোবা
নাছিলা?
কাঞ্চনমতী (অতি ধীৰ ভাবে) কৈছিলো আৰু সঁচা কথাই কৈছিলো। অনঙ্গ-যদি সঁচাই তেন্তে ক্ষন্তেকতে সি কেনেকৈ নাইকিয়া হল। কাঞ্চনমতী- (অলপো বিচলিত নহে) আছে।
অনঙ্গ-(উত্তৰত আচৰিত হৈ) আছে?? আছে??? এতিয়াও কোন মুখেৰে কৈছা। তোমাৰ কথাত এতিয়াও মোক পতিয়ন যাবলৈ তুমি আশা কৰানে? তিৰোতাই সঁচাকৈয়ে মুনিহবোৰক ভুৱা দিব পাৰে বুলি বিশ্বাস কৰে হবলা। কাঞ্চন- নিদিয়ে আৰু নকৰেও।
অনঙ্গ- (উত্তেজিত হৈ কেথোজমান আগবাঢ়ি) নাই নাই আৰু নকবা। মই আৰু সৰু লৰাটিৰ দৰে তোমাৰ কথা কাণ পাতি শুনি বিভোল হোৱা দিন গল। তোমাৰ চেনেহত মোৰ আশা নাই, কিন্তু শেষ কথা কে'টামান কবলৈ আহিলো মাথোন। বাৰু যদি তুমি মোক ভাল পোরা, তেন্তে মোক বিয়া নকৰোৱা কিয়? কাঞ্চন- আমাৰ দেশৰ ছোৱালীয়ে যাকে ইচ্ছা অরণ্যে তাকে ভাল পাব পাৰে, কিন্তু যাকে ইচ্ছা তাকে বিয়া কৰাব নোৱাৰে। চকক সুধি চাউল নবহায়। অনঙ্গ- ইচ্ছা কৰিলেও নোৱাৰেনে?
কাঞ্চনমতী বিয়াৰ বিষয়ে আমি ছোৱালীয়ে আই-বোপাইৰ ইচ্ছায় ভিতৰেদিহে ইচ্ছা কৰিব পাৰো। নিজৰ ইচ্ছাৰে বিয়া কৰিবলৈ গলে সি বিয়া নহৈ বেমেজালিও হোৱাৰ সম্ভব। এই কথা আপুনি জানে। - মৰমে যদি তোমাক সেই বেমেজালিত পৰিবলৈ মনত বল
অনঙ্গ
আৰু বুকত সাহ নিদিয়ে, নিশ্চয় তাক সোণসেৰীয়া ভালপোৱা বুলিব নোৱাৰি। তুমি যদি সঁচাকৈয়ে মোক ভাল পালাহেঁতেন তেন্তে সুন্দৰৰে সতে তোমাৰ বিয়া ৰোধিবলৈ নিশ্চয় চেষ্টা কৰিলোহেঁতেন।
[কাঞ্চন কুঁৱৰীয়ে বহু পৰ অনঙ্গৰ চকুৱে চকুরে চাই থাকে] তিৰোতাৰ মন-সাগৰৰ তলিলৈ পুরুষ কেতিয়াও নার্মির নোৱাৰে-বোধকৰো তলিও নাই।
কাঞ্চনমতী-তলি নিশ্চয় আছে, তিমান তলিলৈ নামিবৰ পুৰুষষছে বদ্ধিৰ অভাৱ। তিৰোতাৰ মন-সাগৰৰ ঢৌত চলচলাই কুবীকেই হে সৰহ, গভীৰ তলিলৈ বুৰিয়াই নামিব পৰা অতি বিৰল অনঙ্গ-বুদ্ধি নহৈ ভাল হৈছে। নামিব পাৰিলেও পণ্ডশ্রম। অনুন্ধাৰ ঘোপমৰা তলিলৈ নামিলেও একো নেদেখে-বুজিব নোৱাৰে
কাঞ্চনমতী-স্বপ্ন দৃষ্টিৰ বস্তি লগাই চালে দেখিব। অনঙ্গ- হু' (বুলি মনে মনে থাকে)
কাঞ্চনমতী- বাৰু আপুনি যে মোক দোষিছে আপুনি মোক ভাল পায় নে?
অনঙ্গ-অ (হাঁহি) সেই কথা নাজানিছিলা দেখিয়েই হবলা একো চেষ্টা কৰা নাই। যদি পাও বোলো? কাঞ্চনমতী-তেন্তে আপুনি সুন্দৰৰে সৈতে মোৰ বিয়া ভাঙিবলৈ কি
চেষ্টা কৰিছে?
[অমঙ্গ মাতিব শোয়াৰা হৈ বহুপৰ ৰৈ থাকে তাৰ পাছত দোষী ভাববে । অনঙ্গ- কাঞ্চন তোমাৰ কথা সঁচা। মই একো কৰা নাই। পিছে মইতো একো কৰিব নোৱাৰো। কাঞ্চনমতী-কিয় সুন্দৰ কোঁৱৰক আপুনি কিয় হাক নিদিয়ে। তেওঁক
সকলো কথা কলে, তেওঁ যদি আপোনাৰ প্ৰকৃত বন্ধু হয়
নিশ্চয় শুনিব।
অনঙ্গ- মই তাকে কৰিলে, তোমাৰে মোৰে প্ৰণয়ৰ কথা ওলাই পৰিব। কাঞ্চনমতী ওলাই পবিলে কি হব?
অনঙ্গ- সমাজে কি বুলিব?
কাঞ্চনমতী - তাৰমানে আপোনাৰ সমাজলৈ ভয়। আপুনি মুনিহ মানুহ হৈ যেতিয়া সমাজলৈ ভয় কৰিছে, আমি তিৰোতা সমাজৰ আঠুৱা তলৰ মহ হৈ ভয় কৰিলে আপুনি কিয় আচৰিত হয়? অনঙ্গ- তুমিতো সমাজৰ বিৰোধী কাম একো কৰিবলৈ যোৱা নাই, তুমি কোনো কাৰণ উলিয়াই সুন্দৰলৈ বিয়া নহও বুলি নিশ্চয় কব পাৰা।
কাঞ্চননতী সমাজৰ নিয়ম যে, মাক-বাপেকিয়ে নিজ ইচ্ছাৰে যাক দিব জীয়েকে কোনো প্রতিবাদ নকৰাকৈয়ে তালৈকে যাব লাগিব। পিতা-মাতাৰ ইচ্ছাৰ বিৰুদ্ধে বিয়া হোৱাতকৈ সমাজৰ নিয়মৰ বিৰুদ্ধে বিয়া হোৱা হল। অনঙ্গ- তেন্তে তুমি কোনো প্রতিবাদ কৰিব নোখোজা?
কাঞ্চনমতী-সমাজে প্রতিবাদ কৰিবলৈ কোনো অধিকাৰ দিয়া নাই। অনঙ্গ- (হুমুনিয়াহ পেলাই) ওঁ বুজিলো, সোণৰ মূল্যই এই জগতত সবাতোকৈ সবহ। সোণৰ চিকমিকনিত প্ৰণয় সুন্দৰীৰ চকুত জলক-তবক লাগে। -হু কিছুপৰ ৰৈ) পোনাই কলেই হল-মোক ভাল নোপোৱা বুলি কাঞ্চনমতী-আপোনাৰ পাটীৰ তিৰোতা নোহোৱাকৈ জানো আপো নাক মই ভাল পাব নোৱাৰো?
[ অনঙ্গই কাঞ্চনৰফালে থৰ লাগি চাই হতাশৰ হুমুনিয়াহ পেলার কাঞ্চনৰ আওপকীয়া কথাৰ গঢ়ত বিৰক্ত হৈ পাছলৈ খোজদি গৈ দুৱাৰ মুখত ৰয়গৈ।]
অনঙ্গ-(ভাবত গদ্গ হৈ) কাঞ্চন-সমাজৰ নিয়ম তেন্তে কেতিয়াও লঙ্ঘন নকৰিবা।
(এই বুলি অনঙ্গ সাউৎকৰে দুৱাৰ মেলি, বিজুলী, যোরাদি গুচি যায়। কাঞ্চন বহাৰপৰা উঠি দুৱাৰত ৰৈ, দুৱাৰ অলপ মেলি বহুপৰ বাহিৰলৈ চাই থাকে। তাৰ পাছত দুৱাৰ জপাই, মুখত হাত দি হুক্ হুক্ কৰে ক. ন্দেবলৈ ধৰে। বুকত হাত দি কান্দি কাদি মাটিত লেপেটা কাড়ি বহে আৰু কান্দি কান্দি মাটিত উবুৰি খাই পৰে।১
চতুর্থ দর্শন
ৰাজ আলিবাট। দুপৰীয়া। টোমে টোমে গাখীৰ, গুৰ, কোমল চাউল লৈ জোৰে জোৰে মানুহ যাব লাগিছে। কল কুঁহিয়াৰ, আৰু নানা বয়বস্তু, হোৰা হোৰে কঢ়িয়াই নি থকা দেখা গৈছে। জাকে জাকে পাইক বোৰে, কলগছ, বাহু ইত্যাদি নানা বস্তু লৈ আহিছে গৈছে। তাৰ মাজে মাজে বৰা, হাজৰিকা, বিষয়া এজন দুজন আহিছে গৈছে। এখন দোলাত এজন ডাঙৰীয়া আৰোৱানৰ আঁৰ হৈ সেই বাটেদি যায়
পঞ্চম দর্শন
[কাৰেঙত সুন্দৰৰ কোঠা (প্রথম দর্শনৰ) বাতি। সুন্দৰ চাল- পীবাত বহি আছে। ৰাজমাত্রে ওচৰতে চকুপানী মচি বহি আছে।। সুন্দৰ-আইতা, তুমি. এনে অবুজ হলে কেনেকৈ হব? সামান্ত কথাৰ হকে তুমি এইদৰে নাখাই-নবই থাকিব লাগিছে কিয়? ৰাজমাও মৰিম, মৰিম মই নাখাই-নবই মৰিম। মোৰ পেটৰ পোৱালি হৈ তই মোক এনে লাজত পেলাব খুজিছ। আজি বাদে কাইলৈ জোৰোণ পিন্ধাব লাগিব-তই এতিয়াও বিনা কাৰণত-
সুন্দৰ- কাৰণৰ কথা নকবা। কাৰণৰ কথা তুমি কেতিয়াবা বুজিবলৈ চেষ্টা কৰিছানে?
ৰাজমাও- কি কাৰণটোনো আছে। কিছুমান অজাতৰীয়া শাস্ত্র "গোটাই লৈ বিৰাগী হব খুজিছ।
সুন্দৰ- আইতা-
ৰাজমাও- বুজিছ সুন্দৰ, দহমাহ গর্ভধৰা জননীৰ আশাত এনেকৈ কুঠাৰ মৰা, ভাল নহয়। তই বংশটোৰ নাম নুমাব খুজিছ। তই মোৰ একেটা লৰা। তই বিয়া নকালে বংশটো কেনেকৈ ৰক্ষা পৰিব? মাকক এনেকৈ কষ্ট দিয়া মহাপাপ। মোক তই মানুহৰ আগত মুখ উলিয়াব নোৱাৰা কৰিব খুজি-নে? বিয়াৰ সকলো দিহা পোহা হল। বস্তু-বেহানি গোটাই-পিটাই বিয়াৰ দিন বাৰ ঠিক-ঠিকনা কৰি ৰাইজ মতা হল। এতিয়া সেইবোৰ ভেকোভাওনা হে হব আৰু। সুন্দৰ- মোৰ মত নোহোৱাকৈ তুমি-
ৰাজমাও তোৰ মতটো কেলেই? মাইকী-বাপেকিয়ে নিজৰ কৰ্ত্তব্য কৰিবই। তোক আমিতো গড়খাব্রৈত পেলাবলৈ পাঙপতা নাই নহয়। যিটো দেশ-দস্তুৰ, ভগৱন্তই বান্ধি দিয়া বিধান, তাক আমি পালিবলৈ আগবাঢ়িছো মাথোন। ক'ত দেখিছা, ক'ত শুনিছা মাক-বাপেকিয়ে বিয়া দিব খোজাত লৰাই এনেদৰে বিধি-পথালি দিছে বুলি। সুন্দৰ- ওঁ, তেন্তে মোৰতো মাতিবলৈ একো নাই। তেন্তে যোকনো অক কিয় সুধিব-পুছিব লাগিছে?
ৰাজমাও-তই অকৰামতীয়া হৈছ দেখিহে আকৌ তোৰে সৈতে
যুঁজ বাগৰ কৰি আছো।
সুন্দৰ- সুধিছাই যদি আৰু মোৰ মতৰ ওপৰতেই যদি মোৰ বিয়া নির্ভৰ কৰিছে তেন্তে আইতা, বিয়া ভাঙিবলৈ এতিয়াও বহু সময় আছে। এতিয়াও ৰাইজক, প্রজাক আৰু ডাঙৰীয়া সকলক আনভাগে বুজাই দিয়াগৈ।
[ "সুন্দৰ" এই বুলি ৰাজমাও তাৰপৰ! উঠি উচাট মাবি গুতি যায় পে আৰু বাঁও ছৱাৰেদি ওলায় যায়। "আইদেউতা” বুলি সুন্দৰ পাছে পাছে যায়। সুদর্শন সোঁফালৰ দুৱাৰেদি সোমাই আছে।'
সুদর্শন- (কোঠাটোত চাই) কতা সুন্দৰ নাই দেখোন? [ সুদর্শনে ইফাল নিফাল কৰোতেই ভিতৰৰপৰা বেৱতী ভোৰভোৰাই আহি তাত ওলায়হি "কি শনি সোমাল অ' কাৰেঙত-দিনে বাতিয়ে দেপোন বাক বিতণ্ড। মুগুচা হল" সুদর্শনক দেখি থমকি বয়]
বেবতী-এ সাউদৰ পুতেক ককাইদেও-হে, মোৰ দেউতাটি! সৌ কোঁৱৰক আইদেউতাৰ ওচৰৰপৰা লৈ আহোক গৈ। বলকনিৰ প্রতাপত এতিয়া আইচু দেউতাৰ যিকেইডাল কেচা চুলি আছে তাকো পকাবগৈ।
সুদর্শন-কিনো কৰিছে?
বেৰতী-আজি দিনটো কাৰেঙত কেঁয়ে ভাত-পানী খাব পৰা নাই,- আইচু দেউতাৰ অৱস্থা দেখি। জানো কি শনি সোমাইছে কোঁৱৰৰ। বিয়াখননো পাতিলে কি হয়। আইচু দেউতাই গাজি তিনি চাৰি সাজ নাখাই-নবই কান্দিকার[ এনেতে সুন্দৰৰ যাত শুনা গল] সুন্দৰ-( ভিতৰত) মাতৃৰ মতেই মত। পুত্ৰৰ তেনে মাতিবলৈ।
একো নাই। [সুন্দৰ আহি সোমায়হি। সুদর্শনলৈ নাচাই বেরতীক। কি হল? তোৰে মোৰে সতে কিবা তর্কবাদ আছে নেকি? নালাগে, নালাগে- যা যা মোৰ বিয়া পাতিব! ৰজাৰপৰা প্ৰজালৈকে, ডাঙৰীয়াৰপৰা পাইকলৈকে সকলোৱে কেৱল বিয়া-বিয়া-বিয়া।
[বেরতী ওলায় যার ]
সুদৰ্শন-(বৰ গহীন হৈ) মোৰ বিবেচনা মতে সুন্দৰ তুমি বিয়া কৰোৱা। জন্ম মৃত্যু আৰু বিবাহ ই বিধাতাৰ নিবন্ধন।
সুন্দৰ- তুমিও-তুমিও-(এইবুলি সুন্দৰ হতাশ হোৱাৰ দৰে আহি বৰপীৰাত বহে) তেন্তে বন্ধু বুজিলো বিধাতাৰ শিলৰ ৰেখা এই আঙুলিৰে মচিব খুজিছো। (বহুপৰ ৰৈ থাকি) সুদৰ্শন-
তুমিও-তাকে কোৱা।
সুদর্শন-এৰা বন্ধু-মই কওঁ তুমি বিবাহত সম্মতি দিয়া। সুন্দৰ- হৃদয়ৰ দেৱতাৰ বেদীৰ ওচৰতে তোমাৰ ঠাই-তুমিতো জানা। নাজানানে বন্ধু-ৰুদ্ধ মোৰ প্ৰাণৰ দুৱাৰ, তিৰোতাৰ প্ৰবেশৰ তাত নাই অধিকাৰ?
সুদর্শন-(আাক গহীন হৈ) অধিকাৰ দান কৰা।
সুন্দৰ- অসমৰ্থ।
সুদর্শন-নিজৰ সত নাষাই আনে কৰক।
সুন্দৰ- মই জানি, চকুৰ আগতে দেখি, হাত সাবটি- সুন্দৰ
সুদর্শন-সময় বিশেষে অৱশ্যে।
- বন্ধু-তোমাৰ মতৰ বিচিত্ৰতা আছে বুলি মই স্বীকাৰ নকৰি নোৱাৰো। তুমি তেন্তে জানিও ভুল কৰিবলৈ কোৱা। ইচ্ছাক্বত ভুল! সুদর্শন- ইচ্ছাকৃত ভুলতো আনন্দ আছে। তুমি উচ্চাৰণ কৰা "ইচ্ছা ক্বত ভুল” শব্দটোৰ ঠাইত মই "ত্যাগ” শব্দটো বহুৱালে কোনেও মোক ভুল ধৰিব নোৱাৰিব। তোমাৰ বৈৰাগ্য পন্থা মাতৃৰ সন্তুষ্টিৰ কাৰণে ত্যাগ কৰা।
[বহুপৰ সুন্দৰ নমতাকৈ থাকি হঠাৎ তাতি চঞ্চল হৈ] তেন্তে সেয়ে হোক—সেয়ে হোক। ত্যাগৰ ৰথত উঠি স্বার্থই দ্বিগ্বিজয় কৰোক।
[ শেৱালি সোমাই আহে]
শেৱালি- সাউদৰ পুতেক ককাইদেউক ৰাজমাও দেউতাই বিচাৰিছে। সুদর্শন- বাৰু সুন্দৰৰ ফালে চাই) তেন্তে, সুন্দৰ- সুন্দৰ- তেন্তে আৰু কি বান্ধ। মোক কি সুধিছা। যোৱা বান্ধ
সুদর্শন-যোৱা যি ইচ্ছা তাকে কৰা-আয়ে যি ইচ্ছা তাকে কৰক। দেশ-দস্তৰ কাৰো মতৰ কাৰণে-কোনো যুক্তি তৰ্কৰ কাৰণে কাৰো আপত্তি-বিপত্তিৰ কাৰণে অপেক্ষা নকৰে। আইৰ সন্তুষ্টি হওঁক, প্ৰজাৰ সন্তুষ্টি-হওক। (সুদর্শন তললৈ মূৰ কবি থাকে, সোঁফালৰপৰা অনঙ্গ সোলাই আহি)
অনঙ্গ- বন্ধু!
সুন্দৰ- তুমি আৰু মোক একো কব নলাগে-আক আৱশ্যক নাই।
অনঙ্গ- কি?
সুন্দৰ- তুমিও তাকেইহে কবা। তোমালোক বন্ধু হৈ মোক নুবুজিলা। মোৰ মনৰ ৰাজ্যত মই ইমান অকলণৰীয়া-তুমি শুনি সুখী হবা-মুদর্শনে আইৰ ওচুৰলৈ মোৰ বিবাহৰ মত লৈ গৈছে।
অনঙ্গ (বৰ বিচলিত হৈ) তুমি মত দিলা সুন্দৰ তেন্তে-সঁচাকৈ-1 সুন্দৰ- (বর্ষ কর্কশ ভাবে) মত লৈ গৈছে। অনঙ্গ- তেন্তে তোমাৰ মত নোহোৱাকৈ বলেৰে তেওঁ কংলৈ গৈছে নেকি? তেন্তে?
সুন্দৰ- একো নাই-সন্তুষ্টি সকলোৰে সন্তুষ্টি হওক, কেৱল মোৰ হৃদয়ত ঠাই দিব নোৱাৰা এটা বস্তু লৈ গোটেই জীবন জলি পুৰি মৰো।
অনঙ্গ- নহয় নহয়-সুদর্শনে এইটো মহা ভুল কবিছে। সঁচাকৈয়ে যদি তোমাৰ মত নাই তেন্তে কিয়? কিয়? ববা-বাৰু মই যাও (বুলি-অনঙ্গ বেগেৰে যাব খোজোতেই বা ফালৰ দুৱাৰেদি সুন্দৰে যাবলৈ হাক দি ৰখাই)
সুন্দৰ- বান্ধ হব মোৰ বিয়া হব। বন্ধু, জন্ম মৃত্যু আৰু বিবাহ বোলে অনিবার্য্য-সি বোলে হবই। বন্ধু হবলগীয়া তেন্তে হৈ যাওক- সংসাৰ তাৰ আপোন ইচ্ছাও বুলি যাওক। সংসাৰৰ ৰীতি সমাজৰ নিয়ম, বোপা ককাৰ সহজ, গুৰুজনৰ আজ্ঞা, মাইব হেঁপাহ প্ৰজাৰ আগ্রহ সকলো ৰণ্ডক-মাপো মই সকলোবে গচকত মষিমূৰ হৈ যাও। প্ৰাণৰ অগনিত মনৰ শান্তি, জীবন ভস্ম হৈ, ছাই হৈ-ধূলি হৈ উৰি যাওক-কেৱল আগ্রহ পাওক, হেপাহ থাওক সমাজৰ নীতি সমাজব ৰীতি থাওক আৰু মোৰ বাহিৰে গোটেই সংসাৰৰ সই হওক