shabd-logo
Shabd Book - Shabd.in

Mrityorma Amritang Gamaya

Ruplekha Devi

0 অংশ
0 মানুহে কিনা কৰিছে
0 পাঠকসকল
13 March 2023 তাৰিখে সম্পূৰ্ণ কৰা হৈছে
ISBN নম্বৰ : 9789324400185
আৰু উপলব্ধ Amazon

জীৱন-মৃত্যুৰ যুজত অৱতীৰ্ণ হৈ মৃত্যুক সাময়িকভাবে হ’লেও জয় কৰাজনৰ অভিজ্ঞতাক মূলধন হিচাপে লৈ কৰা সৃষ্টি কৰ্মই সকলোকে আকৰ্ষিত কৰে| অসমীয়া ভাষাত এনে অভিজ্ঞতামূলক লেখা যথেষ্ট নহয় যদিও তাৰ মাজত এক ব্যতিক্ৰম নৱ প্ৰজন্মৰ লেখিকা ৰূপলেখা দেৱীৰ উপন্যাস “মৃত্যোৰ্মা অমৃতং গময়”| এগৰাকী অভিনেত্ৰী যাৰ জীৱন সৌন্দৰ্য আৰু প্ৰাণ-প্ৰাচুৰ্যৰে ভৰা আছিল| দুৰ্ভাগ্যবশতে কম বয়সতে মগজুৰ এক কঠিন ৰোগত আক্ৰান্ত হৈ শয্যাগত হ’ল| চিকিত্সকৰ আশ্বাস বাৰে বাৰে ভুল প্ৰমাণিত হ’ল| প্ৰতিটো মুহূৰ্ততে এটা ধাৰণাই ঘৰ কৰি ল’লে- মৃত্যু যে সন্নিকট| এক দীঘলীয়া সময়ত কেতিয়াবা সৰু-সুৰা ৰসাল ঘটনাই বা অতীত স্মৰণে ক্ষন্তেক আনন্দ দিয়ে যদিও পিছ মুহূৰ্ততে দৈহিক যাতনাই সকলো আনন্দ গ্ৰহণৰ দৰে গ্ৰাস কৰে| ব্যক্তিগত জীৱনৰ অভিজ্ঞতাৰ দস্তাৱেজ, আত্মোপলব্ধি মৃত্যোৰ্মা অমৃতং গময়ত লুম্বিনী নামৰ চৰিত্ৰটোক মৃত্যুৰ চেতনাই বাৰে বাৰে বিপৰ্যয় কৰাৰ পাছতো মৃত্যুৰ ভাৱনাৰ ওচৰত পৰাভূত হ’বলৈ দিয়া নাই| এক মৃত্যুঞ্জয়ী, সাহসী, বিচিত্ৰ যাত্ৰাৰ দস্তাবেজখনে মানসিকভাবে হতাশাগ্ৰস্তসকলৰ বাবে নিশ্চিতভাৱে প্ৰেৰণাদায়ক| উপন্যাসখন এক আত্মজীৱনীমূলক উপন্যাস হ’ব খুজিও আত্মজীৱনী নহয়| ইয়াত অসমৰ পৰা দাক্ষিণাত্যৰ অনেক চৰিত্ৰ, পৰিবেশ, জীৱনশৈলীৰ সমাৱেশ ঘটিছে যিবোৰে উপন্যাসখন দিছে এক বিশালতা| উপন্যাসখনে ‘সদৌ অসম লেখিকা সমাৰোহ সমিতি’ৰ ২০১৪-২০১৬ বৰ্ষৰ শ্ৰেষ্ঠ উপন্যাস হিচাপে বিবেচিত হয়| Read more 

Mrityorma Amritang Gamaya

0.0(0)

অন্য জীৱনীমূলক স্মৃতিগ্ৰন্থ কিতাপ

Book Highlights

no articles);
কোনো প্ৰবন্ধ পোৱা নগ'ল
---

এখন কিতাপ পড়ক