ভাৰতবৰ্ষৰ অন্যতম শক্তিপীঠ কামাখ্যা কেৱল এখন তীৰ্থস্থানেই নহয়, এই পীঠ বাৰেৰহনীয়া সংস্কৃতিৰ ৰহঘৰাও| কামাখ্যা ধামৰে জীয়ৰী ৰূপলেখা দেৱীৰ নিজস্ব অভিজ্ঞতা, পটভূমি আৰু বিষয়বস্তুৰ গভীৰ অধ্যয়নৰ ফচল “অন্যত্ৰ বিৰলা দেৱী”| আধুনিক অসমীয়া মান্যভাষা আৰু কামাখ্যা ধামৰ কথিত ভাষাৰ সমন্বয়ৰে ৰচিত উপন্যাসখনৰ ৰচনাশৈলী ভিন্ন অথচ অভিনৱ| উপন্যাসখনে স্বৰাজ আন্দোলন আৰু স্বাধীনোত্তৰ কাল দেৱীপীঠৰ ধৰ্মীয়, অৰ্থনৈতিক, সামাজিক, ভাষিক, ৰাজনৈতিক জীৱনৰ পটভূমিত সুখ-দুখ, আশা-আকাংক্ষা, ৰাগ-অনুৰাগ, মান-অভিমান, প্ৰেম-যন্ত্ৰণাৰ চিত্ৰবোৰ শব্দৰে আঁকি উলিয়াইছে| এটা সময়ৰ সমাজখনৰ সত্য, জীৱন্ত দস্তাৱেজখনত আছে বহু লোক-কথা, গীত-পদ, তন্ত্ৰ-মন্ত্ৰ সাধনা, সাধু-সন্ত, ঐতিহাসিক চৰিত্ৰ, কিংবদন্তী যিবোৰে মেজিকৰ দৰে পঢ়ুৱৈৰ মন জোকাৰি যায়| লগতে গৱেষক, আলোচকলৈ এটা বাট তৈয়াৰ কৰি দিয়ে| আধুনিক উপন্যাসৰ ৰীতি যেনে সংস্মৰণ, অৱৰোপণ বা কলাধৰ্মী, ব্যঞ্জনাধৰ্মীতাই ইয়াক অনন্য মাত্ৰা প্ৰদান কৰিছে| দেৱপীঠৰ প্ৰতিপত্তিশালী বুঢ়াবৰদেউৰি বা বৰপূজাৰী পৰিয়ালক কেন্দ্ৰ কৰি আৰম্ভ হোৱা কাহিনীৰ চৰিত্ৰবোৰ লাহে লাহে পটভূমিৰ বিস্তীৰ্ণতাৰ মাজত সোমাই পৰে| এফালে সৰ্বোচ্চ শক্তি দেৱীমাতৃৰ পূজা অন্যহাতে কন্যাসকল শিক্ষাৰ পৰা বঞ্চিত, বাল্যবিবাহ, গৃহিণী চিন্তাৰহিত শ্ৰমিক, সন্তান উত্পাদনৰ যন্ত্ৰ, ব্ৰাহ্মণ বিধৱাসকলৰ আজীৱন মৃত্যুসম যন্ত্ৰণা লগতে সমাজৰ সকলোস্তৰত জাতি-ভেদ| শেষত নৱ-জাগৰণে অনৰ্থক ৰূঢ়তাৰ শিকলি ছিঙি কাহিনীভাগ আশাব্যঞ্জক দিশলৈ গতি কৰে| ইয়াত দেৱী কামাখ্যা কোনো চৰিত্ৰ নহয় যদিও পটভূমিত যেন তেওঁ সৰ্বত্ৰ বিৰাজমান বা গাইডিং স্পিৰিট| বহুপঠিত, বহুচৰ্চিত উপন্যাসখন ইতিমধ্যে বাংলা ভাষালৈ অনুদিত হৈছে| ২০১০ চনত উপন্যাসখনে সন্মানীয় মুনীন বৰকটকী বঁটা লাভ কৰে| Read more