shabd-logo

কাৰেঙৰ লিগিৰী

27 November 2023

0 দৰ্শন কৰা হৈছে 0

আপোনাৰ সৌন্দৰ্য্যৰ যশ। কুসুম কোমল সুৰভিৰে ভৰা. কত আৰু কতবোৰ পৰিমল বেণু, ফুল মধু আনি তুমি ভৰাই ছকৰ নিজে শিলাকুটি হৈ ভাস্কর্য্য নিপুণ তুমি গড়িছাহে আপোন হাতেৰে নন্দন বিজয়ীবীৰ কুসুম কোঁৱৰ। কবি কল্পনাৰ ইন্দু নিন্দি পৰকাশী, অধিশ্বৰী হেৰা অবিনাশী সৌন্দৰ্য্যৰ কিনো বিশ্বব্যাপী আবৰণ আচলৰ । তপস্যাৰ সিন্ধু মথি তুমিহে তাপসী নিজৰেই উপবন ভাঙ্গি কৰি চুৰ পিন্ধিছাহে নিজে চৰ্ম্মবাস। বাসনাৰে লিপ্ত কত শত উপবন কৰি পুণ্য কৰি তপোবন, তপস্যাৰ মন্ত্র বাকি কৰ্ণকুহৰত নিজ হাতে কৰিছা স্থাপন, অপূর্ব্ব আতমা শুভ্র নিষ্কাম তাপস। আজি জনালাহে প্রকৃতি বিপুল, বিশ্বগ্রাসী বিৰাট সুন্দৰি অন্তৰত মোৰ, প্ৰণয়ৰ দীপ্ত হুতাসন। জলোক দ্বিপতি তাৰ ভেদি উঠি আৱৰণ দুৰ দিগন্তৰ আন্ধাৰৰ ।

জাগি উঠ প্রণয়ৰ সুন্দৰি প্রতিমা।

তোৰ যোজন বিয়পা যজ্ঞ বেদী অন্তৰত মোৰ

আজি হৃদয় মন্দিৰ মোৰ আলোকৰে কলিপুৰ, জলিলে

সাত বৰণীয়া অগ্নি শিখা

প্রকৃতিৰ প্ৰাণময় প্রণয় যজ্ঞৰ।

"হোমানল মথি তই যা-অ' সুন্দৰি!

বিতৰ বিতৰগৈ শুভ্র তোৰ নিৰ্ম্মল পোহৰ উৎসৱময়ী কৰি নিমাত নিতাল

যত বিৰহীৰ মৌন প্রণয়ৰ

কুঞ্জ শত শত,

উজলালে আশাৰে আলোকি

উদাসী মুখ খনি প্ৰেমিকৰ ।

কুসুম কোমল যাৰ প্ৰণয়ৰ কুঞ্জ মনোহৰ,

হল কালে কাইটনি বন,

কাঢ়িলে সি মাথো এটি তপত হুমুনিয়া

নিচুকি থাকিলে বহি ভাৰ লৈ ব্যৰ্থ প্রণয়ৰ ।

তাৰে সি নিকুঞ্জ খনি উৎসবময়ী পুন্ন কৰ তই

উৎসবময়ী পুনু কৰ।

[ বহুতপৰ তন্ময় হৈ খাকি, তাৰ পাছত শিলৰপৰা

অধীৰ হৈ উঠি আহি ]

দৃষ্টি, দৃষ্টি, দৃষ্টি দিয়া মোক।

স্পর্শ স্পর্শ স্পর্শ দিয়া বোক                                                                                                                             মোৰ ইন্দ্রিয় অন্ধকূপ।

দৃষ্টিৰ প্ৰসাৰ মোক দিয়াহে সুন্দৰি

চাবলৈ অন্তহীন রূপ। ইকি। বিশ্ব বিমোহিনী সৌন্দর্য্যতো সৌন্দর্য্য অপৰূপ।

৮১

[অনঙ্গৰ মুখ এক দিব্য আভাত উদ্‌ভাসিত হৈ পৰে। তাৰ পাছত মাটিত বহি শিলত মুৰ থৈ, থৰ লাগি চাই থাকে। বতাহ বলে। বতাহ গছৰ পাতত লাগি দূৰৰ বাঁহীৰ দৰে অন- বৰত ঠুনুস্ঠানাককৈ ভগাছিগা শুবৰ দৰে শব্দ আহি সেই ঠাইডোখৰ বুৰাই পেলায়হি। সেই ফালে অনঙ্গ নিতাল মাৰে। অলপ অলপ আন্ধাৰ হৈ আহে। এনেতে কণুক, জুনুক, ঠুমুক হাতত পোৰা আলু কচু লৈ আহে। কণুকৰ হাতত এডাল আঁবিয়া।

কণুক- অ-উ', উ, উ, মিতা, উ, উ। জুনুক-উ, উ, উ, মিতা। সেইটো হবলা (কণুকৰ চকু অনঙ্গৰ ওপৰত পৰে)

ঠুমুক- এ কণুক এইটো হব পায়। এ জলকা লাগি পৰি আছে

উ, উ, মিতা উ।

অনঙ্গ-(উঠি) কি হ'ল কণুক।

কণুক- মিতা মিতা তয় ইয়াত নেথাকিবি।

অনঙ্গ-কিয়?

কণুক- বজাৰ নগৰৰপৰা বহুতো মামুহ আহি হাতে হাতে আঁৰিয়ালৈ আমাৰ গাঁৱত কিবা বিচাৰি ফুৰিছে। তোক ধৰি নিব।

অনঙ্গ- (হাঁহি) মোক মোক মোক ৰজাৰ একো প্রয়োজন নাই।

কণুক-তেন্তে মইনাক নিবলৈ আহিছে।

অনঙ্গ কোন মইনা?

কণুক- আজি ভয়ামৰপৰা এজনী ছোৱালী আহিছে নহয়।

অনঙ্গ- (আচৰিত হৈ) কেনেকুৱা।                                                                                                                    কণুক- তাই কান্দি থাকে। মাজে মাজে হাঁহে। তাইক আমি লুকুৱাই থৈছো। তাইক ৰজাৰ মানুহে পালে হেনো কাটিব। অনুঙ্গ- (কিছুপৰ ভাবি থাকি) তাই বাৰু কত আছে? কণুক- নকওঁ।

অনঙ্গ- মোক নকৰনে? বলচোন মই চাওঁগৈ। তাইক ভালকৈ এঠাইত লুকাই নথলে তহঁতৰ হাতৰপৰা ৰজাৰ মানুহে ধৰি লৈ যাব।

কণুক- (ভয় খাই) তেন্তে আমি তাইক কত থম? কি কৰিম? অনঙ্গ- মোক বাক তাইৰ ওচৰলৈ লৈ বল। মই তাইক আটাই- 'বোৰ কথা সুধিলেহে কত থলে ভাল হব কব পাৰিম।

সৌবোৰ দেখিছনে ৰজাৰ মানুহবোৰে কেনেকৈ আঁৰিয়া আৰু জোৰ লৈ পিয়া পি দি ফুৰিছে। সৌৱা কিছুমান এই ফালেও আহিছে। কণুক- বল তেনে মিতা আহ বেগাই আহ।

অনঙ্গ- বল।

[তিনিজনী নাগিনী আৰু অনঙ্গ ওলাই যায় আৰু অলপ পৰৰ পাছতে সেই বাটেদি আঁবিয়া লৈ লৈ কিছুমান মানুহ যায়হি। এইদৰে কিছুপৰলৈ সেই ঠাই ডোখবেদি আঁৰিয়া লে মানুহ দলে দলে অহা যোৱা কৰি থকা দেখা যায়]

আঁৰ কাপোৰ                      

3
প্ৰবন্ধ
কাৰেঙৰ লিগিৰী
0.0
এই নাটখনি আজি প্রায় দহ বছৰৰ আগতে লিখা। নাটকৰ সকলো চৰিত্ৰ আৰু ঘটনা কাল্পনিক। ইয়াক বিশেষকৈ অসমীয়া গঢ় দি অসমীয়া সাজ-সজ্জাৰে উলিয়াবৰ কাৰণেহে, অসমীয়া বুৰঞ্জী- মূলক নাটকৰ ঠাচত লেখা হৈছে। ৰাজমাও, বুঢ়াগোহাই, ইত্যাদি আহোমীয়া নামবোৰ এই নাটকত ৰাজমাতৃ, মন্ত্রী ইত্যাদিৰ অসমীয়া প্রতি শব্দ বুলিহে ব্যৱহাৰ কৰা হৈছে। আহোম সমাজৰ চানেকি বা আহোম চৰিত্ৰ দেখুৱা হিচাবে এই নাটক লিখা হোৱা নাই আহোম সম্প্ৰদায়ৰ কোনো লোকে এই বিষয়ে ভুল ধাৰণা কৰে বুলিহে এই কথাষাৰি লিখা হল। এই নাটৰ "সোণব পালেঙত অ' মনতৰা” গীতৰ ঠাচত শ্ৰীযুত দণ্ডীনাথ কলিতাদেৱৰ জয়মতী নাটত এটা গীত দিয়া হৈছে। এই নাটৰ সেই গীতটি কিন্তু কলিতাদেৱৰ জয়মতী 'ওলোৱা প্রায় পাঁচ বছৰ আগতে লিখা হৈছিল আৰু প্ৰচাৰো হৈছিল। সেই কাৰণে পাঠকসকলে এই গীত শ্রীযুত কলিতাদেৱৰ গীতৰ অনুকৰণেৰে লিখা হৈছে বুলি যেন নাভাবে। ইতি ৰাইজৰ আশীর্ব্বাদ ভিখাৰী
1

প্রথম অঙ্ক প্রথম দর্শন

25 November 2023
1
0
0

সুন্দৰ-আইতা, তুমি মোৰ মূৰটো ঘোলা নকৰা মানে নেৰা নেকি? দিন নাই ৰাতি নাই সেই একেটা কথা। তোমাৰ আৰু ভাবিবলৈ কৰিবলৈ একো নোহোৱা হল নেকি? [বৰ বিৰক্তিৰে ৰাজমাওৰ ওচৰৰপৰা আঁতৰি গৈ বৰপীৰাত বহি পুথিবোৰ লৰাই চৰা

2

কাৰেঙৰ লিগিৰী

27 November 2023
0
0
0

আপোনাৰ সৌন্দৰ্য্যৰ যশ। কুসুম কোমল সুৰভিৰে ভৰা. কত আৰু কতবোৰ পৰিমল বেণু, ফুল মধু আনি তুমি ভৰাই ছকৰ নিজে শিলাকুটি হৈ ভাস্কর্য্য নিপুণ তুমি গড়িছাহে আপোন হাতেৰে নন্দন বিজয়ীবীৰ কুসুম কোঁৱৰ। কবি কল্পনাৰ ইন্

3

পঞ্চম অঙ্ক প্রথম দর্শন

27 November 2023
0
0
0

[ এটা ওখ টিলাৰ ওপৰত এখন অকলশৰীয়া নগা চাং। ওখ ওখ গছে ঠাই ডোখৰ ছাটি থৈছিল। বহুত দুৰণিৰ নামনিৰ দৃশ্য দেখা গৈছিল। আকাশত জোনটো ওলাই পোহৰ দি আছিল। ঠাই ডোখৰ নিজান নিস্তব্ধ। নগা চাঙ্গৰ পৰা অলপ ওপৰত নামনিৰ দৃশ

---

এখন কিতাপ পড়ক