অনাথ চৌধাৰীয়ে এইদৰে লক্ষ্মীকান্তৰ প্ৰতিপাল আৰু শুশ্রূষাৰ ঠিকঠাক কৰি আৰু হলকান্ত বৰুৱাক বঢ়াই-বুজাই খুৱাই সুকীয়াকৈএটা খোটালিত শুৱাই থৈ তেৱোঁ নিশা হ'লত নিশ্চিন্ত মনে শুলেগৈ। তেওঁৰ আদেশমতে পমীলা, মনোমতী, তিলোত্তমা, ছটা মানুহ আৰু কবিৰাজ জনাও লক্ষ্মীকান্তৰ ওচৰত বহি থাকিল । আৰু মাজে মাজে তেওঁৰ মুখত ঔষধ আৰু অলপ অলপ কোৱাঠৰ পানী দিলে। কবিৰাজৰ আদেশ মতে মানুহ দুটাই পাল-বদল কৰি তেওঁৰ হাতভৰি পিহিলে । প্রবল জ্বৰৰ প্ৰকোপত লক্ষ্মীকান্তই মাজে মাজে ভ্রম কোবালে। তেওঁ এবাৰ ক'লে— “মিঙ্গিমাহা পিশাচ ! অধম!” এবাৰ ক'লে “হায় ! মানৰ তিৰুতা হ'ল ।” ডেক। বৰুৱাৰ এইবিলাক প্ৰলাপত মনোমতীয়ে তললৈ মূৰ কৰি কেৱে নজনাকৈ চকুৰ পানী টুকিলে। এইদৰে ওৰে নিশা প্ৰকোপিত জ্বৰত ভুগি বাতি পুৱাওঁ পুৱাওঁ হওঁতে লক্ষ্মীকান্তই অলপ সকাহ পালে । বেজৰ ঔষধৰ বলত তেওঁৰ গাটো পুৱতী নিশাৰ সময়ত জুৰ জুৰ কৰি ঘামিল। ডেকা বৰুৱা নিধাল খাই পৰিল। বেজে ৰোগীৰ অৱস্থা ভাল দেখি মনত সন্তোষ দেখুৱাই গাভৰু তিনি জনাক ক'লে— “আইদেউসকল! তোমালোক এতিয়া যোৱাঁ ৷ ৰোগীৰ জ্বৰ এৰিছে। তেওঁ কিছুমান পৰ পৰি থাকিব । তোমালোকে গৈ ৰোগীৰ পথ্যৰ ব্যৱস্থা কৰা।” বেজৰ এই কথাত গাভৰু তিনিজনাই ৰোগীৰ ওচৰৰ পৰা উঠি গৈ মুখহাত ধুই ৰোগীৰ নিমিত্তে আখৈ ভাজিলে ; মন্দ পগালে। এনেতে অনাথ চৌধাৰীও উঠিল। ৰঙা ৰদ উঠাত সিফালৰ মইনবৰিৰ পৰা শান্তিৰাম ভকতো আহি পালে। তেওঁ আহিয়েই পোনেই অনাথ চৌধাৰীকে গৈ লগ ধৰিলে । অনাথ চৌধাৰীয়ে সুধিলে— “আতৈ! চণ্ডী বৰুৱাক আনিলেনে ?” শান্তিৰাম— “বাপ ! চণ্ডী বৰুৱাক নাপালোঁ।” অনাথ চৌধাৰী — “কিয় ? কাৰণ কি ?” শান্তিৰাম—“বাপ্ ! মানহঁতে মইনবৰিতে হেনো সকলো- বিলাক বন্দীকে কাটি-ছিঙি নাশ কৰি হাদিৰালৈ গৈছে। মোৰ বিশ্বাস সিহঁতে চণ্ডী বৰুৱাকো কাটিলে।” শাস্তিৰাম ভকতৰ মুখে এই কথা শুনি অনাথ চৌধাৰীয়ে চণ্ডী বৰুৱাৰ নিমিত্তে শোক কৰিবলৈ ধৰিলে ; এনেতে সিখোটালিৰ পৰা হলকান্ত বৰুৱাও আহি শান্তিৰামৰ মুখে চণ্ডী বৰুৱাৰ মৃত্যুৰ বাতৰি পাই নিজকে সকলো অনৰ্থৰে মূল বিবেচনা কৰি চণ্ডী বৰুৱাৰ নিমিত্তে শোক কৰিলে। সিফালে পমীলা, মনোমতী, তিলোত্তমা তিনিউ ৰোগীক অলপ পথ্য খুৱাই গা ধুই জলপান কৰিলে । শাস্তিৰামেও অনাথ চৌধাৰীৰ আদেশ মতে গা ধুই গুৰুসেৱা কৰি অলপ জলপান খাবলৈ গোসাই-ঘৰলৈ গ'ল । এনেতে পমীলা ভিতৰৰ পৰা ওলাই আহি শান্তিৰাম ভকতৰ ওচৰ চাপি
সুধিলে— “আতৈ? দেউতা আহিছেনে ?” শাস্তিৰামে হাতেৰে ইঙ্গিত কৰি পমীলাক অলপ পৰ মনে মনে থাকিবলৈ কৈ জলপান কেইটা খাই মুখ ধুলে ; এনেতে ভিতৰৰ পৰা মনোমতী ও ওলাই আহি শাস্তিৰামক সুধিলে— “আতৈ! আতৈ! কওঁকচোন দেউতা আহিছেনে ?” শান্তিৰাম—“আইদেউ ! অধীৰ নহবচোন ! সকলো কথা কম।” মনোমতী—“নহয় আতৈ! কওকচোন আমাৰ দেউতা ক'ত ?” শান্তিৰাম—“আইদেউ ! অথিৰ নহব । ঠাই গৈ মইনবৰিত মানক নেপালোঁ । সিহঁত হেনো হাদিৰালৈ গ'ল। দেউতাকো তালৈকে লৈ গ'ল হবলা ।” মনোমতী— “আতৈ! মানহঁতে ইবিলাক বন্দীকো লৈ গৈছেনে ?” শান্তিৰাম —“মানহঁতে হেনো বন্দীবিলাকক কাটি-মাৰি নাশ কৰি গৈছে ।” শাস্তিৰামৰ এই কথা শুনি মনোমতী অচেতন হৈ পৰিল। তেওঁৰ বাপেক-মাক সৰুতে মৰাৰ নিমিত্তে তেওঁ চণ্ডী বৰুৱাকে নিজৰ পিতৃৰ দৰে দেখিছিল আৰু ভক্তি কৰিছিল । এতিয়া তেওঁৰ সেই আশ্রয়দাতাৰ অশুভ সম্বাদ শুনি তেওঁ শোকতে মূৰ্চ্ছিত হৈ পৰিল । পমীলাইও উচপি উচুপি কান্দিবলৈ ধৰিলে। মনোমতীক মূচ কচ্, গৈ পৰি যোৱা শুনি সিফালৰ পৰা তিলোত্তমা ওলাই আহি মনোমতীক বিছিবলৈ ধৰিলে। তেওঁবিলাকৰ যত্নত মনোমতী সুস্থিব হৈ বিনালে—“আই ঔ মোৰ দেউতা ঔ। তই কলৈ গলি ঔ।” মনোমতীৰ এই আৰাও আৰু বিননিত সকলোৱেই কান্দিলে। হলকান্ত বৰুৱাই এটাইতকৈ বেছি কৰি কান্দিলে৷ শোকে তেওঁৰ হৃদয়ক খুন্দিয়াবলৈ ধৰিলে । অনাথ চৌধাৰীৰ ঘৰৰ ঘৰোৱাহেই কান্দিলে। মনোমতীক পমীলা আৰু তিলোত্তমাই বুজাবলৈ ধৰিলে। এইদৰে দুখে-মুখে সেই দিনটোও বন্দীসকলৰ অনাথ চৌধাৰীৰ ঘৰতে গ'ল । হলকান্ত বৰুৱাই ঘৈণীয়েকৰ শৰাধৰ ব্ৰত ধৰিলে ।
ছয় সাত দিনৰ মূৰত লক্ষ্মীকান্ত বৰুৱা ভাল হ'ল। তেৱোঁ মাকৰ শ্ৰাদ্ধৰ ব্ৰত ধৰিলে ৷ এইদৰে এমাহৰ মূৰত লক্ষ্মীকান্তই অনাথ চৌধাৰীৰ ঘৰতে এত ধৰি মাকৰ শৰাধ কৰি শুচি হ'ল ।
ঘৈণীয়েকৰ শৰাধ কৰি হলকান্ত বৰুৱাই সকলোকে তাতে এৰি অনাথ চৌধাৰীক তেওঁৰ ঘৰৰ পৰা যাবলৈ বিদায় খুজিলে। আৰু জীয়েক পুতেক সকলোকে আশীৰ্ব্বাদ কৰি অনাথ চৌধাৰীৰ ঘৰ এৰি হলকান্ত বৰুৱাই পচিম উত্তৰ মুখেদি গৈ চাউলখোৱা নৈ পাৰ হৈ ৰূপসী মৌজাৰ অগাধ অৰণ্যত প্ৰবেশ কৰিলে ।