হেৰুতীয়া যাহ দিলে—এই ক্রিয়াটো ভাহানিখন কৃষক তেওঁৰ লগৰীয়া গোৱালসকলে গৰু চাৰোঁতে বনফল আনি দিয়া শ্ৰুতিৰ আহি লৈ
কৰা হয় ।
তৃতীয় অধ্যায়
১। আজিকালি — অর্থাৎ ১৮৯৭ চনৰ ভূমিকম্প হোৱাৰ আগেয়ে । ১৮৯৭ চনৰ ভূমিকম্পত এই যুগীৰ পাম নষ্ট হৈছে।
২। যি সময়ৰ — অর্থাৎ মানৰ শেষ আক্ৰমণৰ আগলৈকে ।
৩। নৰনাৰায়ণ—কোচবিহাৰৰ নৰনাৰায়ণ ৰজা বৰ বিক্ৰমশালী আৰু ধাৰ্ম্মিক আছিল। অসমৰ বৈষ্ণৱ সম্প্ৰদায়ৰ সকলোবিলাক মহাপুৰুষেই তেওঁৰ সভাত আদৰ পাইছিল আৰু তেওঁৰ আশ্ৰয় লভিছিল। তেওঁৰ সভাত সকলো জাতৰে অসমীয়া মানুহ আছিল আৰু ভালেমান অসমীয়া মানুহৰ তেওঁ আশ্রয়দাতা আৰু অন্নদাতা আছিল। নৰনাৰায়ণ ৰজাই ৰামায়ণৰ দুই কাণ্ড, অষ্টাদশ পৰ্ব্ব মহাভাৰত, মূল সংস্কৃতৰ পৰা অসমীয়া ভাষালৈ ভঙায়। ইয়াত বাজেও ৰত্নমালাকে আদি কৰি অনেক পুথি তৈয়াৰ কৰায়। দুখৰ বিষয় আজি কালি তেওঁৰ ৰাজ্যত তেওঁৰ বংশধৰৰ ওচৰত অসমীয় মানুহে আশ্রয় পোৱা নাই। বঙালীসকলেহে তেওঁৰ পৰা অ আৰু আদৰ পাব লাগিছে । আমাৰ অসমীয়াৰ দুৰ্কপাল ।
। চণ্ডী বৰুৱা—এওঁ বৰনগৰীয়া দুৱৰীয়া বৰুৱা। এওঁক মানে কাটে সেই দেখি এওঁক কেৱে কেৱে “মানে কটা বৰুৱাও” বোলে । আমাৰ এই উপন্যাসত মানে তেওঁক কেনেকৈ কাটিলে তাৰে বিবৰণ দিয়া হৈছে। এওঁৰ বংশধৰ আজিকালি যি সকল আছে তেওঁবিলাকৰ অৱস্থা বৰ শোচনীয়। কামৰূপত বৰফুকনৰ তলতে উত্তৰ পাৰে চান্দকুচীয়া বুজৰ বৰুৱা, বৰনগৰীয়া দুৱৰীয়া বৰুৱা, হলিৰাজ দুৱৰীয়া বৰুৱা, দক্ষিণ পাৰে ৰাণীৰ ৰজা, লুকীৰ ৰজা, পানবাৰী ডুমৰীয়াৰ ৰজা, বেলতলীয়া ৰজা এই সকলেই ডাঙৰ আৰু ঘাই মানুহ আছিল। ইয়াত বাজেও কুমাৰকুচীয়া, চমাৰকুচীয়া, বাকেবিকুচীয়া, জিকেৰীয়া ইত্যাদি বৰুৱা, বৰ কাইঠ আছিল। পৰিতাপৰ বিষয় আজকালি এই সকলৰ বংশধৰ সকল দুখত পৰিছে। এনে কি আজিকালি এইবিলাক কোনো ঘৰৰ বংশধৰসকলক বাটৰ কুকুৰেও ঠাই দিব নোখোজে। অনেকৰেই মাটি-বৃত্তি একো নাই। কালৰ গতি! চণ্ডী বৰুৱাৰ পূৰ্ব্বপুৰুষসকল কনৌজৰ কায়স্থ বুলি প্ৰখ্যাত। আমি জনামতে বৰনগৰীয়া বৰুৱাৰ পুৰুবিনামা এই :-
মনোমতী
- ৫। এই দুঘৰ বৰুৱাৰ পাঠক। অকল এই দুঘৰ বৰুৱাইছে যে পৰস্পৰ হিংসাহিংসি কৰিছিল এনে নহয়। সেই সময়ত প্রায় সকলোবিলাক বৰুৱাফুকনেই আত্মকলহত ৰত হৈ অসমক মৰাণ-মানৰ হাতত জুৰুলা জুপুৰা কৰাইছিল। তেতিয়া কিয় আজি কালিও আমাৰ এই নিচলা, খাবলৈ নেপোৱে৷ অসমীয়া ভাইসকলৰ ইটোৱে সিটোক, সিটোৱে ইটোক হিংলা কৰা স্বভাব ফাকি যোৱ কলায় আছে।
এই পুৰুষিনামা আমি প্রযুত ৰজত নাৰায়ণ বৰুৱাৰ পৰা পাইছে।। ইয়াত যদি কিবা ভুল থাকে আশা কৰো আমাক জনাব। ঈশ্বৰৰ কৃপাত ৰাইজৰ অনুগ্ৰহত যদি কেতিয়াবা এই পুথিৰ দ্বিতীয় সংস্কৰণ কৰিবলৈ পাৰে। তেতিয়া শুধৰাম। ঐযুত ৰজত নাৰাৱণৰো অৱস্থা আজি কালি হীন। আশা কৰে। অচিৰেই ঈশ্বৰ অনুগ্ৰহত তেওঁৰ নিজৰ যত তেওঁৰ পুত্ৰ পৰিয়ালৰ অৱস্থা উন্নত হব।
একাদশ অধ্যায়
(১) প্রবাদ আছে বিজ্ঞানীৰ জমিদাৰৰ ঘৰে আৰু বৰনগৰীয়া বৰুৱাৰ ঘৰে বৰ মনোবাদ আছিল। সুবিধা পালে বিজনীৰ জমিদাৰৰ মানুহে বৰনগৰীয়া বৰুৱাৰ মানুহৰ ওপৰত দৌৰাত্ম্য কৰিছিল আৰু সেইদৰে বৰনগৰীয়া বৰুৱাৰ মানুহে বিজনীৰ জমিদাৰৰ মানুহৰ ওপৰত অত্যাচাৰ কৰিছিল।
ত্রয়োদশ অধ্যায়
(১) বঙ্গ প্রভৃতি আন আন দেশত কামৰূপৰ বিষয়ে কুসংস্কাৰ আছে যে, কামৰূপত বৰ ভোজযিতা আছে। ইয়াৰ মানুহবিলাকে হেনো বৰ যাদু আৰু মন্ত্ৰ জানে । কামৰূপলৈ আহিলেই হেনো বঙালী মানুহ ভেঁড়া হয়। এই প্রবাদ অনুসৰিহে আমি "মন্ত্রমুগ্ধ নেৰ ছাগ” এই কথাটো