টেঙৰে টেঙৰে
বাপেক এইদৰে যুঁজলৈ যোৱাৰ
পিছ দিনা—ইফালে লক্ষ্মী- কান্তই দুপৰীয়া খাই বৈ উঠি তেওঁৰ ফৈদৰ ৰণুৱাবিলাকৰ দুটা
মুখিয়াল মানুহক মতাই আনিলে আৰু সিহঁতক ৰণুৱাবিলাকক সাজু ৰাখিবলৈ কলে । সিহঁতে
তেওঁৰ “আদেশ পালিম” বুলি শলাগি গ'ল ৷ তাৰ পিছত লক্ষ্মীকান্তই মেলচৰাতে খাট এখনৰ ওপৰত
দুপৰীয়া ভাগৰ পলাবলৈ মন কৰি অলপ বগৰাবাগৰি কৰিলে। এইদৰে তেওঁৰ চাৰিৰ্দাড় মান
সময় গ'ল। বেলি ভাটী
দিলে। এনেতে সিফালৰ পৰা হাতত এডাল লাখুটি আৰু এটা খঞ্জুৰি লৈ আমাৰ শান্তিৰাম ভকত
আহি আগত ওলাল আৰু “গুৰু পৰম বস্তু” বুলি মাটিতে বহিল । তাৰ পিছত লক্ষ্মীকান্তক চাই
কবলৈ ধৰিলে – “বাপ ! ভিক্ষা মাগিবলৈ আহিলোঁ । অলপ নাম কীৰ্ত্তন গাম নে ?” লক্ষ্মীকান্ত
—“বাৰু গাওক আতৈ!” শান্তিৰামে তেতিয়া খঞ্জুৰিটো লৈ পোনেই দুটি এটিকৈ তাত চাপৰ
মাৰিবলৈ ধৰিলে তাৰ পাছত মাতটো মুকলি কৰি লৈ গাবলৈ ধৰিলে—
“অ! গুৰু মোকে
দয়া নছাৰিবা এ ।
মই বৰ পাতকিৰ
পাপী—গুৰু চৰণে ৰাখিবা ৷৷
অ! গুৰু ইকুলো
নহলো সিকুলো নহলোঁ ।
মনোমতী
মাজ সাগৰত পৰি জাজি হৈয়া
ৰৈলোঁ—
জাজি হৈয়া ৰৈলোঁ গুৰু!
মাণিকৰ আশে-
সাগৰ শুকাল মাণিক লুকাল
মোৰ কৰ্ম্মদোষে ॥”
তালে মানে সুৰে শাস্তিৰাম
ভকতে এই গুৰু বন্দনাটি গালে । তেওঁৰ বজোৱাৰ পাৰ্গতালি আৰু সুৰৰ লালিত্যই
লক্ষ্মীকান্তৰ মন মোহিলে ৷
লক্ষ্মীকান্তই কলে—“আতৈ! আৰু এটা গাওক।”
শান্তিৰামে
ধৰিলে—
“প্ৰাণনাথ নকৰা বঞ্চিত
তোমাৰ
বিয়োগে অগ্নি দহে মেৰি চিত্ত—এ বন্ধু মাধৱ হে
পতি, সুত, সুহৃদ সোদৰ বন্ধুজন ৷
সব সুখ তেজি তেৰি ভজিলোঁ
চৰণ ৷
সোহি প্রাণনাথ তুহোঁ যাহা
কাহাঁ লাগি ।
নৰহে জীৱন মেৰি তেৰি লাগি
আগি ॥
সব তেজি তোহাৰি চৰণ কৈলু
আশ !
ভকতবৎসল স্বামী নকৰা
নৈৰাশ ॥
বিনে তুহো জীৱন ৰহব নাহি
মোই ।
তুহোঁ বিনে হামাৰি বান্ধব
নাহি কোই ৷
হাস্য নিৰীক্ষণ তেৰি মধুৰ
আলাপ ।
সুমৰি সুমৰি মেৰি মিলে
মনতাপ ৷৷
ধৰণী লুটিয়া গোপী কৰয়ে
ক্ৰন্দন ।
কহয় মাধৱ গতি নন্দেৰ
নন্দন ॥
টেঙৰে টেঙৰে
এই নাম গাই উঠি শান্তিৰাম ভকতে কলে—“বাপ ! এটা
লেচাৰী গাই এৰিব খোজো।” লক্ষ্মীকান্তই কলে—“ভাল আতৈ !” শান্তিৰামে ধৰিলে –
তোমাৰ বিৰহত হে হৰি
মূৰ্চ্ছা গলে ৰাধা
পটেশ্বৰী
ৰাখা ৰাখা ৰাখা ৰাধাৰ
জীৱন ধন ।
আকৰী আজলী গোপৱালী
নেদেখি তোমাক পৰে ঢলি
তোমাক লাগিয়া ৰাধাৰ আকুল
মন ॥
চন্দনব লেপ শৰীৰৰ
লাগে বিষ যেন জজৰ
তপত নিশাহ সঘনে কাঢ়িছে
আতি।
তোমাৰ হৰিহে গুণ স্মৰি
কৃষ্ণ কৃষ্ণ বুলি দেয়
গেৰি
শোকতে আকুল তোমাৰ ৰাধিকা
সতী
সুকোমল শয্যা বিতোপন
শৰীৰত বিন্ধে কাটা হেন
ক্ষণে উঠে ৰাই ক্ষণে ঢলি
ঢলি যাই
বৃন্দাবনৰ মাজত হে হৰি !
এৰিনো আহিলা কেনে কৰি
তোমাৰ কলীয়া আতি নিঠুৰ
চিত ।
মনোমতী
স্বৰূপ কহিলোঁ জগৎস্বামি
নাৰীবধি হৈবা প্ৰভু তুমি
কৰিয়ো বিহিত তযু মনে
যেবা লয়
কহয় মূখ ৰামদাসে
ৰাধাৰ বিৰহ অনুপম
শুনি সাধুলোক হোৱা ভৱনদী
পাৰ ৷৷
শান্তিৰাম ভকতে এই নাম তিনিটা এনে মিঠা মাতেৰে
সুৱলা সুৰেৰে গালে যে লক্ষ্মীকান্তৰ মন মোহিত হ'ল৷ নাম কেইটাৰ
ভাবে তেওঁক ইমান মুগ্ধ কৰিলে যে তেওঁৰ শান্তিৰাম ভকতলৈ এটা আন্তৰিক শ্ৰদ্ধা আৰু
আগ্ৰহ হ'ল ৷ সেই ভকতৰ নাম কি, ধাম ক'ত ইত্যাদি কথা জানিবলৈ
ডেকা বৰুৱাৰ ইচ্ছা হ'ল। তেওঁ ভকতক
সুধিলে—“আতৈ! আপোনাৰ নাম কি ?” ভকতে উত্তৰ কৰিলে – “বাপ
! মোৰ নাম শান্তিৰাম ।”
লক্ষ্মীকান্ত—“আপুনি থাকে
ক'ত ? ”
শান্তিৰাম—“মই বৰনগৰীয়া
বৰুৱাৰ হাউলিত থাকোঁ।”
লক্ষ্মীকান্ত ডেকা বৰুৱাই
এইদৰে শান্তিৰাম ভকতৰ মুখে তেওঁ যে বৰনগৰীয়া বৰুৱাৰ হাউলিত থাকে এই কথা শুনি ভকতৰ
পৰা আৰু কেতখিনি কথা জানিবলৈ মন কৰিলে । তেওঁ ভকতৰ পৰা বৰনগৰীয়া বৰুৱাৰ বিষয়ে, আৰু পাৰিলে কীৰ্ত্তনঘৰত দেখা সেই ৰূপহী গাভৰুজনীৰ বিষয়েও
অলপ কথা বতৰা জানিব পাৰিব বুলি ভাবি তেওঁ ভকতক আকৌ সুধিলে—
টেঙৰে টেঙৰে
“আতৈ ! বৰনগৰীয়া বৰুৱাইনো
সদ্যহতে কি কৰিছে ?” শাস্তিৰাম—“বাপ !
বৰ-নগৰীয়া বৰুৱা ঘৰতে আছে।”
লক্ষ্মীকান্ত—“তেওঁ আমাৰ এই দেশ-কালৰ কথাবতৰা
বিলাকৰ ভূ পায়নে ?
শান্তিৰাম — “বাপ ! কি বা দেশ-কালৰ কথা ?”
লক্ষ্মীকান্ত — “কিয় ? মান যে ভটীয়াই আহিব লাগিছে তেওঁ এই বিষয়ে নেজানে নে ?”
শান্তিৰাম—“ক’তা ? তেওঁ কি আমি কোনো মানুহেই এই কথাৰ গম নাপাওঁ। বাপ। আপুনিনো
ক'ৰ পৰা কি শুনিলে কওকচোন শুনো।”
লক্ষ্মীকান্ত—“আতৈ! মই এই
কথা এইবাৰ কীৰ্ত্তন ঘৰলৈ দৌল চাবলৈ যাওঁতে কেইযোৰামান সোৱালকুচীয়া মানুহৰ মুখে
শুনিলোঁ। শুনিলোঁ মান হেনো ভটীয়াই আহিব লাগিছে । আমাৰ ৰজাই হেনো ৰংপুৰতে মানে
সৈতে এটা ৰণ দিছিল ; সেই ৰণত হেনো তেওঁ
সম্পূৰ্ণৰূপে হাৰি পলাই গুৱাহাটীলৈ আহি বৰফুকনৰ লগ লাগিছে। বৰফুকনে হেনো মানৰ লগত
ৰণ দিবলৈ কাৰবাৰ কৰি চাৰিউফালে কটকী পঠাইছে। আমাৰ দেউতা আজি ৰাতিপুৱা দুহেজাৰ
ৰণুৱা লৈ বৰফুকনক সহায় কৰিবলৈ গৈছে। আপোনালোকৰ বৰুৱাইনো এইবিলাক কথাৰ একো গমকে
নেপায় নে ?”
শান্তিৰাম—“তেওঁ একো গম পোৱা নাই।”
লক্ষ্মীকান্ত —“বৰ আচৰিত
কথা! বৰনগৰীয়া বৰুৱাৰনো
মনোমতী
এনে চেনেহৰ পুত্ৰ পৰিয়াল নাইনে যে সেই পুত্ৰ
পৰিয়ালৰ অৰ্থে তেওঁ মানৰ লগত যুঁজি সেই পুত্ৰ পৰিয়ালসকলক মানৰ হাতৰ পৰা ৰক্ষা
কৰে। তেওঁৰনো এনে বুদ্ধিমান ল'ৰা বা সুদক্ষ মানুহ নাইনে
যে তেওঁক দেশ-কালৰ কথা-বতাবিলাক জনায় ? এইবাৰ কীৰ্ত্তন ঘৰলৈনো
দৌল চাবলৈ: তেওঁৰ কোনো মানুহ যোৱা নাছিল নে ?”
শান্তিৰাম—“বাপ ! আমাৰ বৰনগৰীয়া বৰুৱাৰ তেনে
সুদক্ষ মানুহ আজি কালি নাই। এইবাৰ দৌল চাবলৈ তেওঁৰ ধৰ্ম্মীয়া 'জীয়েকজনীহে গৈছিল। তেনেকুৱা সুদক্ষ কোনো মানুহ যোৱা নাই ৷”
লক্ষ্মীকান্ত—“কীৰ্ত্তনঘৰলৈ যে সেই গাভৰুজনী
গৈছিল সেইজনী তেওঁৰ ধৰ্ম্মীয়া জীয়েকনে ?”
শাস্তিৰাম—“এৰা।”
লক্ষ্মীকান্ত—“তেওঁনো কেনে ধৰ্ম্মীয়া জীয়েক ? তেওঁৰনো পৰিয়ালৰ ভিতৰত কোন কোন আছে ?
শান্তিৰাম – “বাপ ! আজি বাৰ বছৰমান হ'ল— আমাৰ বৰনগৰীয়া বৰুৱাৰ কলিতাজাতৰ ধৰ্ম্মেশ্বৰ নামেৰে এজন
চৌধাৰী আছিল। সেই চৌধাৰীজনা বৰ বীৰ আৰু প্ৰায় সৰ্ব্বগুণী আছিল। তেওঁৰ
বাহুবলতে—বৰুৱাই অকণ্টকা ৰাজ্য ভোগ কৰিছিল । তেওঁৰ মন্ত্ৰণা মতেই সকলো কামতে
চলিছিল। তাৰ পিছত আজি বাৰ বছৰমান হ'ল সেই চৌধাৰীজন তেওঁৰ
পৰিবাৰে সৈতে সংসাৰত মুঠেই এজনী মাউৰী ছোৱালী এৰি
টেঙৰে টেঙৰে
মৰে। মৰিবৰ সময়ত তেওঁ সেই মাউৰী ছোৱালীজনীক
আমাৰ বৰুৱাক সপি যায়। বুজৰ বৰুৱাইও তেওঁৰ মৰণকালৰ কথা অনুসৰি সেই ছোৱালীজনীক
বয়ে-বস্তুয়ে আনি আজি বাৰবছৰে নিজৰ জীৰ দৰে মৰম কৰি ডাঙৰ দীঘল কৰিছে। সেই
গাভৰুজনীৰ নাম মনোমতী। তাৰ পিছত সেই মনোমতী গাভৰুকে লৈ থৈ ডাঙৰ দীঘল কৰা পমীলা
নামেৰে আৰু এজনী এজন কলিতা জাতৰে পটোৱাৰীৰ ছোৱালী আছে। তেৱো বৰনগৰীয়া বৰুৱাৰ নিজৰ
জীয়েকৰ দৰে। বৰনগৰীয়া বৰুৱাৰ নিজৰ ছোৱালী দুজনী। এজনী ন-দহ বছৰীয়া, এজনী সাত-আঠ বছৰীয়া আৰু এটা পাঁচ বছৰীয়া লৰা । তেওঁৰ
আগেয়ে ঘৈণী দুগৰাকী আছিল । আজি তিনি বছৰ হ'ল তেওঁৰ বৰ ঘৈণী জনা
ঢুকাইছে। এই সকলত বাজে তেওঁৰ বেটী বন্দী ভালেমান আছে।”
লক্ষ্মীকান্ত—“বাৰু আতৈ! বৰনগৰীয়া বৰুৱাৰ
পৰিয়াল সকলৰ বিষয়ে জানিলোঁ। তেওঁনো মানুহ কেনে ? তেওঁৰনো সৈন্য
সামন্ত কিমান ?”
শান্তিৰাম — “বৰনগৰীয়া
চণ্ডী বৰুৱা মানুহ উদাৰ প্ৰকৃতিৰ আৰু সৰল চিত্তৰ । তেওঁ পৰোপকাৰী। দোষৰ ভিতৰত এই
যে তেওঁ শোপাটিলা বিধৰ । তেওঁৰ তেৰ চৈধ্য হেজাৰ কোঁচ সৈন্য আছে। সেই সৈন্যবিলাকৰ
ওপৰত তিনিজন সেনাপতি আছে। মই কিন্তু শুনাত শুনিছোঁ সেই তিনিজন সেনাপতি ভাল ৰণুৱা
নহয়।”
মনোমতী
লক্ষ্মীকান্ত—“আতৈ ! বৰনগৰীয়া বৰুৱা ৰণবিগ্ৰহ কৰাত নো
কিমান নিজে নিপুণ ?”
শাস্তিৰাম – “বাপ !
বৰনগৰীয়া বৰুৱা নিজে তিমান ভাল যুঁজাৰু নহয়। তেওঁৰ সেই ধৰ্ম্মেশ্বৰ চৌধাৰীয়েই
বৰ বীৰ আছিল ; কিন্তু তেওঁ ঢুকাবৰে পৰা
বৰনগৰীয়া বৰুৱা দুৰ্বল হৈ পৰিছে। সেই কাৰণেহে (১) আজি বাৰ তেৰ বছৰে বিজনীৰ
জমিদাৰৰ ঘৰে তেওঁৰ প্ৰজা সকলক ইমান দৌৰাত্ম্য কৰিবলৈ ধৰিছে।”
লক্ষ্মীকান্ত—“ তেনে
হলেতো এইবাৰ মান আহিলে তেওঁৰ আত্মৰক্ষা কৰাই টান হব। বৰফুকনে সৈন্য সামন্ত খুজি
পঠালে তেওঁ ভাল সেনাপতি দিব নোৱাৰিব।”
শাস্তিৰাম — “এৰা ! তেওঁৰ এইবাৰ তেনেবিলাক লেঠা
হব।” ভকতৰ মুখে এইবিলাক কথা শুনি লক্ষ্মীকান্ত ডেকা বৰুৱাই দীঘলকৈ হুমুনিয়াহ এটা
কাঢ়ি মনে মনে ৰ'ল ! তেওঁক তেনেকুৱা কৰা
দেখি এইবাৰ টেঙৰ শাস্তিৰামে সুধিলে— “বাপ ! দীঘলকৈ হুমুনিয়াহ কাঢ়ি দেখোন মনটো
মাৰি পেলালে ?”
লক্ষ্মীকান্ত—“আতৈ! মন মাৰিবৰ কাৰণ আছে ৷ মোৰ
মনত এনে ভাব আছিল যে এই বিপদৰ সময়ত আমি দুইও ঘৰ বৰুৱা লগ লাগিম আৰু আমাৰ তুইওজাক
সৈন্য লগ কৰি লৈ মানৰ লগত যুঁজি আমাৰ দেশ, আমাৰ ল'ৰা-তিকতা, আমাৰ ভেটি- মাটি ৰক্ষা
কৰিম। কিন্তু দুখৰ বিষয় ঈশ্বৰে সেইটো হব নিদিয়ে।”
শান্তিৰাম — ঈশ্বৰেনো
কিয় হব নিদিয়ে ? আপোনাৰে আৰু আমাৰ বৰুৱাৰে
লগ লগাতনো কি বাধা আছে ?” –
টেঙৰে টেঙৰে
লক্ষ্মীকান্ত—“কিয় আতৈ! আপুনি নেজানেনে আপোনা-
লোকৰ বৰুৱাৰে আৰু আমাৰ দেউতাৰে বিৰোধ ভাব আছে। আপোনালোকৰ বৰুৱাইনো আমাক নিখিণাবনে ?”
শাস্তিৰাম – “বাপ ! এই বিষয়ে আপুনি আমাৰ
বৰুৱাৰ ওপৰত মিছা সন্দেহ কৰিছে। আপোনালোকৰ দেউতাই আমাৰ বৰুৱাক ঘিণায় যদিও আমি কব
নোৱাৰোঁ, কিন্তু বৰ- নগৰীয়া
বৰুৱাৰ বিষয়ে হলে মই ডাঠকৈ কব পাৰে৷ তেওঁৰ মনত আপোনালোকলৈ বেয়া ভাব নাই । তেওঁৰ
পূৰ্ব্ব পুৰুষে আৰু আপোনাৰ পূৰ্ব্ব পুৰুষে বিৰোধ ভাব যদিও আছিল, বৰনগৰীয়া বৰুৱাই কিন্তু আজিকালি সেই ভাব ৰখা নাই ।”
লক্ষ্মীকান্ত—“আপুনি বৰনগৰীয়া বৰুৱাৰ যথাৰ্থতে
এনে ভাব নাই বুলি কৈছেনে ? আপুনিনো কেনেকৈ জানিলে
তেওঁৰ মনত কি ভাব আছে কি ভাব নাই।”
শান্তিৰাম—“মই বৰনগৰীয়া বৰুৱাব লগত থাকোঁ। মই
তেওঁৰ ঘৰৰ এজন মানুহ বুলিলেও হানি নাই। তেওঁৰ লগত থাকি তেওঁৰ মনৰ ভাব নেজানো নে ?”
শাস্তিৰাম ভকতৰ মুখে এই কথা শুনি লক্ষ্মীকান্ত
ডেকা বৰুৱাৰ মনত এটা প্ৰফুল্লতাৰ ভাবে দেখা দিলে। তেওঁ শাস্তিৰাম ভকতক—“আতৈ অলপ
বহক” বুলি কৈ ভিতৰলৈ গ'ল । শাস্তিৰাম ভকতে পেটে
পেটে ভাবিলে “কথাই খেও খাইছে। ” অলপ পৰৰ মূৰতেই লক্ষ্মীকান্ত ডেকা বৰুৱাই ভিতৰৰ
পৰা ৰূপ এটকা লৈ ওলাই আহিল আৰু সেই ৰূপটকা ভকতৰ হাতত দি
মনোমতী
কলে—“আতৈ! এই ফেৰিকে গ্ৰহণ কৰক।” শাস্তিৰাম
ভকতে টকাটো হাতত লৈ কলে – “বাপ ! মোৰ জনমতো মই ইমান ধন পোৱা নাই । আমাক কোনেও বৰ
বেছি হলেও চৰতীয়া এটাতকৈ সৰহ ধন নিদিয়ে। আপুনি আজি মোক আশাৰ অতীত ধন দিলে৷ মোৰ
গুৰুক মই খাটিলে। আপোনাক ঈশ্বৰে সুখী কৰক। সুন্দৰী লক্ষ্মীযুক্তা ভাৰ্য্যা এজনী দি
গিৰস্থালী বঢ়াওক। বাপ ! এতিয়া যাওঁ।”
লক্ষ্মীকান্তই কলে—“ভাল আতৈ! আপুনি খোজ লওক, মইও আপোনাক অলপ আগবঢ়াই থওঁ । মোৰ অলপ বিশ্বাসী কথা আছে।”
শান্তিৰামে কলে— “ভাল বাৰু !” এই কথাবতৰাৰ পাছত
লক্ষ্মীকান্ত বৰুৱা শান্তিৰাম ভকতৰ লগে লগে ওলাল । কিছুমান দূৰ গৈ ডেকা বৰুৱাই
ভকতক সুধিলে— “আতৈ ! বৰ নগৰীয়া বৰুৱাৰ ধৰ্ম্মীয়া জীয়েক এজনী আছে বুলি কৈছে
নহয়।”
শাস্তিৰাম “এৰা আছে।” –
লক্ষ্মীকান্ত—“ তেওঁ জাতত কলিতা নহয় নে ?”
শান্তিৰাম—“হয় কলিতা !
তেওঁ ধৰ্ম্মেশ্বৰ চৌধাৰীৰ
জীয়েক।”
লক্ষ্মীকান্ত —“তেওঁ এইবাৰ দৌল চাবলৈ গৈছিল
নহয় নে ?”
শান্তিৰাম—“গৈছিল ।”
লক্ষ্মীকান্ত — বৰনগৰীয়া বৰুৱাৰ সেই
ধৰ্ম্মীয়া জীয়েকৰ কৰবাত সম্বন্ধ স্থিৰ হৈছে নে ?”
টেঙৰে টেঙৰে
শাস্তিৰাম—“নাই হোৱা ।”
লক্ষ্মীকান্ত —“ তেওঁৰ লগত কীৰ্ত্তনঘৰত সেই
দিনা আৰু এজনী মানুহ দেখিছিলোঁ তেওঁ কোন ?"
শান্তিৰাম—“ তেওঁ বৰুৱাৰ জীয়েকৰ সখীয়েক নাম
পমীলা । তেওঁ সদায় খাওঁতে বওঁতে উঠোতে- বহোতে সখীয়েকৰ লগ নেৰে।”
লক্ষ্মীকান্ত—“আতৈ ! মই কাইলৈ এবাৰ বৰুৱাৰ
জীয়েকৰ সখীয়েকক লগ পাম নে ?”
শান্তিৰাম—“ক’তবা লগ পাব লাগে ?”
লক্ষ্মীকান্ত—“আতৈ! মই
কাইলৈ ভাটী বেলীয়া খাই-বই উঠি এবাৰ বৰুৱাৰ নগৰৰ ফালে যাম। তাতে তেওঁ মোক বাটত সেই
কদমগছ জোপাৰ তলত লগ ধৰিলেই হব।”
শাস্তিৰাম—“বাপ! সকাম বা
কি ?”
লক্ষ্মীকান্ত—“আতৈ! বাৰু
মই আপোনাক মোৰ বন্ধু বুলি বিবেচনা কৰিলে।। মোৰ পেটৰ কথা কওঁ শুনক। এইবাৰ
কীৰ্ত্তনঘৰলৈ মই দৌল চাবলৈ গৈছিলোঁ। তাতে মই বৰনগৰীয়া বৰুৱাৰ সেই ধৰ্ম্মীয়া
জীয়েকজনীক দেখিলোঁ। তেওঁক দেখিবৰে পৰা মোৰ মনত কিবা এটা হৈছে। এনেহে ইচ্ছা হৈছে মই
যেন সেইটী ৰত্নৰ অধিকাৰী হম। কিন্তু মোৰ পক্ষে দেখোন তেনে কুৱা আশা কৰাও অন্যায়, কিয়নো মই জানো তেওঁৰে মোৰে বিবাহ হবৰ আশা নাই । তেওঁ দেখোন
মোৰ মনে বুজনি নলয় — তেওঁক দেখোন ভাল পাবলৈ ইচ্ছা যায়। দেউতাৰ আদেশ
মনোমতী
অনুসাৰে মই পৰহিমানলৈ পোন্ধৰশ সৈন্য লৈ মানৰ
যুঁজলৈ যাম । সেই যুঁজত মৰোৱেই নে বাটোৱেই ঠিকনা নাই । কিন্তু মই যুঁজলৈ যোৱাৰ
আগেয়ে বৰুৱাৰ সেই ধৰ্ম্মীয়া জীয়েকৰনো মোলৈ কি মনৰ ভাব জানিব পৰা হলে সুখী
হলোহেতেন।”
শাস্তিৰাম—“আপুনি দেখোন চৌধাৰীৰ জীয়েকক
দেখিয়েই মোহিত হ'ল। কিন্তু আপোনাক জানো
তেওঁ ভাল পায় ? আপুনিনো কেনেকৈ জানিলে যে
তেওঁ আপোনাক ভাল পায় ?”
লক্ষ্মীকান্ত—“তেওঁ মোক
ভাল পায়নে নেপায় সেইটো সঠিককৈ কব নোৱাৰোঁ। কিন্তু কীৰ্ত্তনঘৰত মই যেনেকৈ তেওঁলৈ
ৰ লাগি চাই আছিলোঁ, তেৱোঁ দেখোন মোলৈ তেনেকৈ
ৰ লাগি চাই আছিল । মোৰ মনে ধৰিছে যে তেওঁ মোক ঘিণ কৰিব নেপায়। যি কি নহওক,—তেওঁ মোক ভাল পাওকে বা নেপাওকে মই কিন্তু তেওঁৰ মুখখনি
পাহৰিব নোৱাৰোঁ। তেওঁক মই ভাল পাওঁ৷ আপুনিয়েই কইছে তেওঁ জাতত কলিতা আমিও কলিতা, তেৱোঁ ভাল মানুহৰ ঘৰৰ জীয়াৰী আৰু আমিও হীন বংশৰ নহওঁ।
এনেবিলাক স্থলত ঈশ্বৰে কৰিলে তেওঁক পালেও পাব পাৰোঁ। মই জানো আমাৰ দেউতাৰে আৰু
আপোনা- লোকৰ বৰুৱাৰে আজো আখেজি ভাব আছে। আপোনালোকৰ বৰুৱাৰ নহলেও আমাৰ দেউতাৰ আছে।
কিন্তু মই সেইটি বিঘিনি আঁতৰাবলৈকো অহোপুৰুষাৰ্থ কৰিম । দেউতাক বৰ নগৰীয়া বৰুৱালৈ
শত্রুভাব পৰিত্যাগ কৰিবলৈ চৰণত ধৰি খাটিম।
টেঙৰে টেঙৰে
ইমান কৰিও যদি মই সেই ৰত্নটী নেপাওঁ তেন্তে
সংসাৰৰ সকলো সুখকে ত্যাগ কৰি বাণপ্রস্থী হন।”
শাস্তিৰাম—“আপুনি এনে
অঙ্গীকাৰ কৰিব নেলাগিছিল । কি জানি আমাৰ মনোমতী আইদেৱে আপোনাক ভালকে নেপায় ? আপোনাক আমাৰ বৰুৱাৰ শত্ৰু বুলি ঘিণায় ?”
লক্ষ্মীকান্ত—“আতৈ! তেওঁ ভাল নাপালেও মই ভাল
পাম । তাকে আতৈ ! আপুনি তেওঁৰ সেই সখীয়েকজনীক মোক লগ ধৰিবলৈ কবনে কওক।”
শান্তিৰাম—( মিচিকিয়াই
হাঁহি ) “ভাল কম। বাপ ! এতিয়া
বিদায় হওঁ।”
লক্ষ্মীকান্ত—“ভাল আতৈ!
কিন্তু কথাটো যেন নেপাহৰে ।”
এই কথাবতৰাৰ পিছত
লক্ষ্মীকান্ত বৰুৱা উজ্জ্বল মনেৰে ঘৰলৈ উলটিল। শান্তিৰামেও বৰনগৰীয়া বৰুৱাৰ
হাউলিৰ ফাললৈ খোজ ললে । তেওঁ যাবৰ পৰত ভাবি গ’ল— “ইয়াকে বোলে ৰূপত বলীয়া হৈ
সকলোকে কাতিকৈ থোৱা । ”