সেই নিশা পানেই গাঁৱৰ ওচৰৰ হাবিৰ
মাজতে থাকে। ৰাতি পুৱালত ভাই হাবি ফালি উত্তৰ ফাললৈ মুখ কৰি যাবলৈ ধৰিলে। বাঘ, বালুক ইত্যাদিৰ
ভয়ত তাই আঁঠুকি আঁঠুকি দৌৰিবলৈ ধৰিলে। তাই কলৈনো যাব কিনো কৰিব ইয়াৰ একোকে থিৰ
কৰিব নোৱাৰিলে। তথাচ ভাই যাবলৈকে ধৰিলে। দিনটো গৈ গৈ ভাগৰ লাগিল। ৰাতি হল, এজোপা গছৰ তলতে
প্ৰাণৰ মায়া এৰিও পৰি থাকিল। পিছদিনা ৰাতিপুৱাই তাই আকৌ যাবলৈ ধৰিলে। আৰু এইদৰে
তিনিসাজ লঘোণ থাতি গধূলি এখন হিন্দু গাঁও পালেগৈ। ভাত হাবিৰ পৰা ওলাই সেই গাঁৱৰে
এঘৰ মানুহৰ ঘৰত চাপিল আৰু আঙুৰ মাতেৰে পানী এটোপা খুজি খাই নিশাটো তাতে থাকিবলৈ মন
কৰিলে।
যি মানুহৰ ঘৰত পানেই চাপিছিল গাঁৱৰ
ভিতৰত সেই মানুহঘৰেই চহকী। সেইঘৰৰ দুই-তিনিটা ডেকা আছিল। ডেকাকেইজনে অলপ অলপ
লেখা-পঢ়া ও জানিছিল। এজনে ছাত্রবৃত্তি পৰীক্ষাও পাছ কৰিছিল। এই ডেকাটোৰ বয়স
প্রায় পঁচিশ বছৰ। সি পানেইক দেখিলে যে ভাই মিৰিয়নী হলেও দেখিবলৈ শুৱনি। ভাইনো কৰ, কৰ পৰা আহিছে, কিয়নো এনেকৈ
হাবিৰ মাজে মাজে ফুৰিছে,
এইবিলাক কথা তাৰ জানিবলৈ ইচ্ছা হল।
ডেকাজনে যে গাঁৱৰ একেবাৰে চহা বিধৰ
মানুহ সেইটি নহয়। ভৰিত সদায় জোতা। মূৰটিও সদায় চিকুলে মেলোৱা । এইবিলাকৰ লগে লগে
তেওঁৰ গাত বাবুৱনিৰ আন আন চিনবিলাকো
আছিল। তেওঁ গাঁৱত থাকিয়েই ইংৰাজী সুৰাও খাবলৈ শিকিছিল। আনকি সভ্য সমাজত ঠায়ে
ঠায়ে গণ্যও হৈ ফুৰিছিল।
পানেইক পানী-দুনী খুৱাই অলপ ঠাণ্ডা
কৰি গধূলি হৈ আহিলত ডেকাজনে লাহে লাহে হাতত এটা বটল, গিলাচ এটাৰে সৈতে লৈ চৰা ঘৰত বহি তেওঁ চাকৰক ধঁপাত খুজিলে।
চাকৰে ধঁপাত আনি দিলে। তেতিয়া তেওঁ ধঁপাত খাই খাই পানেইক সুধিলে-
“তই
দশাত কারনে?”
পানেই- "কাওঁ।”
তেতিয়া ডেকাটোৱে আগ্ৰহেৰে সৈতে
পানেইক চিলিমটো দিলে। পানেয়েও ধঁপাত খাব ধৰিলে। তেতিয়া ডেকাটোৱে বটলৰ পৰা গিলাচত
সুৰা ঢালি পানেইক আকৌ সুধিলে,
“তই আসং (ক) কারনে?
”
পানেয়ে এই কথাত পেটে পেটে ভাবিলে
যে ভাহি আজি তিনিদিন অনাহাৰ। শৰীৰত বৰ ভাগৰ লাগিছে। সদায় খাই-বই থকা এটুপি আপং
পালে ভাইৰ শুকান গললৈ ৰস আছে। ভাগৰ লগা দেহটোত অলপ বল হব ইত্যাদি ভাবি চিন্তি তাই
ইচ্ছা প্রকাশ কৰিলে। তেতিয়া আমাৰ এই ডেকাজনে গিলাচে গিলাচে পানেইক মদ দিবলৈ
ধৰিলে। আৰু নিজেও খাবলৈ ধৰিলে। পানেয়ে তিনি- চাৰি গিলাচ মদ পেটত পেলালে, তেও তাই অথিন
বা মতলীয়া নহল। কিন্তু ডেকাজন নিতান্ত অথিৰ হৈ উঠিল। তাৰ প্ৰথমেই ভাব হল
পানেই গাভৰু: তাৰ পাছত ধুলো ধুলো চকু দুটাৰে চাবলৈ ধৰিলে। দেখিলে পানেই শুৱনি ।
তেতিয়া সি কবলৈ ধৰিলে-”তই দেখিবলৈ বাৰু অ'।”
পানেই- "জানো। অলে অব পাৰোঁ।
"
ডেকা-”হয় আৰু নয়য়নো কেলেই। ”
পানেই-”অলুয়েই বা কিনো অল।”
ডেকা-"একো নাই য়োয়াভো। তোৰ
নামটোনো কি?”
পানেই- "পানেই। "
ডেকা-"তোৰ নামটোও বাৰু।”
পানেই-"এৰা মোৰ অকলো বাৰু।”
ডেকাজনে এই কেইফাকি কথা-বতৰা
হৈয়েই উত্ৰাৱল হল। পাঠক! কবলৈ লাজ লাগে-ডেকাজনে অত্যাচাৰ কৰিব মনেৰে পানেইৰ সৈতে
দবৰা দৰি লগালে। কিন্তু ধন্য মোৰ মিৰি জীয়ৰীৰ বল। ভাইক সি বলে নোৱাৰিলে, সি তাইৰ সতীত্ব
নষ্ট কৰিবলৈ পাৰগ নহল। শেহত অতি নৈৰাশ মনেৰে সি পানেইক কলে-
“পানেই
মই বৰ বেয়া পালোঁ।”
পানেই- "ছিঃ ভই এনেবোৰ লাজ
লগা কথা বৱ। এইবিলাক পাপ।”
ডেকা-"মই ভোক পালে সকলো পাপকে
কৰিব পাৰো। মই যাওঁ যাম নৰকলৈ। কিন্তু পানে। তই মোৰ আশা ছেদ কৰিব নালাগিছিল।
"
পানেই-"ছিঃ তই বাল মানু যৈ
আমাৰ মিৰিয়নীতো চকু দিয়। আমি ভয়তৰ বেটীৰ জোৰৰো নয়ও।" ডেকা-"পানেই তই
যদি বেটী ছোৱালীও হলিহেঁতেন,
তথাচ ভোক
মই নেৰিলোহেঁতেন। পানেই মোৰ প্ৰাণ
শীতল কৰ। "
এইবুলি ডেকাজনে আকৌ জাঁপ মাৰি, পানেইক ধৰিলে।
কিন্তু ধন্য মিৰি জীয়ৰী মোৰ। তাই লক্ষ্যভ্রষ্ট নহল । নিজৰ সতীত্ব ৰক্ষা কৰিলে, অথচ চিঞৰ-বাখৰ
নকৰিলে। ডেকাটো ভাগৰি আঁতৰ হলতে ভাই কবলৈ ধৰিলে-
“চাচোন? মই কত দুখ পাই
আই বোপাইকো এৰি পলাইছোঁ। এতিয়া নিশা ভয়তৰ গৰতে চাপিলোঁ, কি জানি এই
দুককৰ অয়াৰতো মই এপেৰা নিকা চাইদাৰ জিৰাবলৈকো পাওঁ। কিন্তু তই মোৰ আশ্ৰয়দাতা
হৈয়ো মোক অইনায় কৰিবলৈ বিচাৰিলি। যেন জানি বাগে থাওক বালুকে থাওক মই যাওঁগৈ” এই
বুলিয়েই উচাট মাৰি ভাই ওলাই গল।
পাঠক। আমাৰ এই ডেকাটোও নিতান্ত
চিত্তহীন নহয়। তাৰ নিচা এৰিলত পানেইৰ ভেজোনয় শেষৰ কথা কেইফাকিয়েই ভাৰ জ্ঞানচকু
মুকলি কৰিলে। সি জানিব পাৰিলে প্ৰকৃততে সি বৰ গর্হিত কাম কৰিছে। নিজৰ মনটো দুখিত
হল আৰু মনে মনে প্রতিজ্ঞা কৰিলে যে সি আৰু এনেকুৱা কাম নকৰে।
দুখিত অন্তঃকৰণেৰে সৈতে সি পানেইক
কবলৈ ধৰিলে - "পানেই তই নাযাবি। আজি নিশা ইয়াতে থাই-বই থাক। তোক আৰু মই
বেজাৰ নিদিওঁ। যিমান পাৰোঁ ভোক সহায়হে কৰিম। "
ডেকাটোৰ এই কেইফাকি কথাত পানেই
উলটিল। আৰু চিত্তেৰে সৈতে ডেকাটোক শলাগিলে। ৰাতি সিহঁতৰ ঘৰতে থাই-বই পৰি থাকিল।
কিন্তু ৰাতি পুৱাওঁ পুৱাওঁ হওঁতেই তাই সিহঁতৰ ঘৰ এৰি আকৌ হাবিলৈ পলাল।
ত্রয়োদশ অধ্যায়ৰ মিৰি ভাষাৰ শব্দৰ ভাঙনি
(ক) আপং-মদ।