বৰভোজৰ আগদিনা মিঙ্গিমাহাই যি মুহূর্ততে হলকান্ত বৰুৱাক বন্দী কৰালে সেই মুহূর্ততে হলকান্ত বৰুৱাৰ জ্ঞানচকু মুকলি হ'ল। তেতিয়াতে তেওঁ বিশদরূপে বুজিলে তেওঁ কেনে গর্হিত কাম কৰিছে ৷ তেতিয়াহে তেওঁ বুজিলে স্বদেশদ্রোহীৰ কি পৰিণাম । তেতিয়াহে তেওঁ জানিলে পৰলৈ হুল চাচিলে সেই হুলত নিজেও ফুটি মৰিব লাগে । মানহঁতে তেওঁক বন্দী ঘৰলৈ লৈ যাওঁতে তেওঁ খঙতে বেজাৰতে আৰু অনুতাপত দাঁত- মুখ কামুৰি গ'ল। কিন্তু তেওঁ তেতিয়া দাঁতমুখ কামুৰিলেও তেওঁৰ একো উপায় নহ'ল ; কাৰণ তেওঁ আগেয়েই হাতৰ কুঠাৰ কপালত মাবিছে। মানহঁতে তেওঁক টানি নি চণ্ডী বৰুৱা থকা ঘৰটোত সুমাই খোৱাত তেওঁ ঘৰ সোমায়েই তেওঁৰ পূৰ্ব্বশত্ৰু চণ্ডী বৰুৱাক দেখা পালে । সেই মুহূৰ্ত্ততে তেওঁৰ ভালেমান কথা মনত পৰিল। জটীয়া বাবাজীয়ে তেওঁক কি মন্ত্ৰণা দিছিল ; তেওঁৰ গুণৱতী ভাৰ্য্যাই তেওঁক কি পৰামৰ্শ দিছিল সকলোবিলাক কথা মনত পৰি তেওঁ অথিৰ হ'ল। শোকতে আৰু মনৰ আবেগতে বন্দীঘৰৰ ভিতৰত অহঙ্কাৰী হলকান্ত বৰুৱাই হুক্ হুক্ কৰি কান্দিলে। ভালেখিনি পৰ কান্দি থাকোঁতেই চণ্ডী বৰুৱাই সাৰ পাই সুধিলে—“কোন তুমি কেলেই কান্দিছা ?” তেওঁৰ এই কথাত হলকান্ত বৰুৱাৰ শোক আৰু উথলি পৰিল। তেওঁ কেচুৱা লৰাৰ দৰে কান্দিবলৈ ধৰিলে। চণ্ডী বৰুৱাই আজি পোন্ধৰ ষোল্ল দিন একো নোখোৱাকৈ থাকিও থৰক-বৰক কৰি উঠি আহি তেওঁৰ হাতত ধৰি সুধিলে—“কোন তুমি ? কেলেই ইমানকৈ কান্দিছা ?” এইবাৰ হলকান্ত বৰুৱাই নেমাতি থাকিব নোৱাৰি ক'লে— “বৰুৱাদেৱ মই। মই হলকান্ত।” চণ্ডী বৰুৱাই ক'লে—“কি ! তুমি হলকান্ত বৰুৱা ৷ তুমি দেখোন মানৰ মিতিৰ—মোৰ প্ৰধান শত্ৰু । তুমিনো বন্দীঘৰৰ ভিতৰত সোমালাহি কেনেকৈ ? তুমি দেখোন মিঙ্গিমাহাৰ সখি । এজন মানৰ বৰফুকন।” হলকান্ত — “বৰুৱাদেৱ কটা ঘাত আৰু কলাখাৰ সানে কেলেই । মই মহাপাতক ! মোৰ মুখ সজ্জনে চাব নেপায় ; তোমাক হিংসা কৰাৰ ফল মই হাতে হাতে পালোঁ। মই সবংশে নাশ গলোঁ ৷ মোকো পিশাচহঁতে তোমাৰ দৰেই বন্দী কৰিছে। মানহঁতে আমাক দুইকো কাটিব । মৰিবৰ সময়ত তুমি মোৰ সকলো দোষকে ক্ষমা কৰিবা।” হলকান্ত বৰুৱাৰ এই কথাত চণ্ডী বৰুৱাৰ মনত কিবা এটা স্বৰ্গীয় ভাবৰ উদয় হ'ল। তেওঁ হলকান্ত বৰুৱাক একো উত্তৰ নিদি ওপৰলৈ চাই হাত দুইওখন যুৰি গাবলৈ ধৰিলে—
“ধ্যায়তো বিষয়ান্ পুংসঃ সঙ্গস্তেযুপজায়তে সঙ্গাৎ সংজায়তে কামঃ কামাৎ ক্রোধোঽভিজায়তে ক্রোধাদ্ভবতি সন্মোহঃ সন্মোহাৎ স্মৃতিবিভ্রমঃ স্মৃতিভ্রংশাদ্ধ দ্বিনাশো বুদ্ধিনাশাৎ প্রণশ্যতি।”
“কস্মাচ্চ তে ন নমেৰন্মহাত্মন্ গৰীয়সে ব্ৰহ্মণোঽপ্যাদিকত্রে অনস্ত দেবেশ জগন্নিবাস ত্বমক্ষৰং সদসত্ত পৰং য ত্বমাদিদেবঃ পুৰুষঃ পুৰাণত্ত্বমস্য বিশ্বস্য পৰং নিধানম্ বেত্তাঽসি বেদ্যঞ্চ পঞ্চ ধাম ত্বয়া ততং বিশ্বমনন্তৰূপ ।”
হলকান্ত বৰুৱাই ক'লে – “বৰুৱাদেৱ ! মই অতি গর্হিত কাম কৰিছোঁ। চন্দ্ৰ দিবাকৰ থাকে মানে মোৰ অখ্যাতি ৰ'ল । এতিয়া তুমি মোক ক্ষমা কৰা।” চণ্ডী বৰুৱাই হলকান্ত বৰুৱাৰ এই কথাত দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি ক'লে— “বৰুৱাদেৱ ! তোমাৰ হেপাহ পলালনে ? মইনো এতিয়া তোমাক ক্ষমা নকৰি কি কৰিম । মোৰনো কি উপায় আছে ? মানহঁতে আমাৰ সকলোটিকে নাশ কৰিব । এতিয়া মৰিবৰ সময়ত তোমাৰে সৈতেনো শতুৰালি ৰাখি মোৰ কি লাভ হব ? তুমিনো কি কৰিছা ? সকলো সেই নজনাজনায়ে কৰাইছে। সেই দেখি মই অকপট চিত্তেৰে তোমাক ক্ষমা কৰিলোঁ।” চণ্ডী বৰুৱাৰ এই উদাৰ ভাৱত হলকান্ত বৰুৱাই লাজ পালে আৰু মনে মনে থাকিল ।
এইদৰে বন্দীশালত দুয়ো শত্ৰুৰ পূৰ্ব্বৰ বিৰোধ জুইকুৰা নুমাল । এই বিৰোধ আগেয়েই নুমালহেতেন যদি তেন্তে আজি আমি এই কাহিনী লেখিবলৈ নেপালোঁহেতেন। কিন্তু ক'লে কি হ'ব ! সকলো ঈশ্বৰৰ ইচ্ছা। ঈশ্বৰে যেতিয়া যাক বেয়া কৰিব লাগে ; তেতিয়া তাৰ মনত সেইদৰে বেয়া বুধিও দিয়ে । সেই নিশাটো আৰু তাৰ পিছ দিনা দিনৰে দিনটো দুয়ো শত্ৰুৱে এইদৰে একেটা ঘৰতে বন্দী হৈ থাকিল । বৰভোজৰ নিশা গধূলিতে চাইটা মানে তেওঁবিলাকৰ ঘৰ সোমাই চণ্ডী বৰুৱাক হাতত ধৰি সেই ঘৰৰ পৰা উলিয়াই নি শাস্তিৰাম ভকত থকা উদঙ ঘৰটোত থলেগৈ । মিঙ্গিমাহাই দুইও বৰুৱাক একেলগে ৰখাটো উচিত নেভাবিয়েই হওক বা আন কোনো কাৰণেই হওক দুইকো এইদৰে বেলেগ কৰি থলে ।
বৰভোজৰ নিশ৷ লাহে লাহেকৈ অতীত হবলৈ ধৰিলে। হলকান্ত বৰুৱাই নিজৰ অৱস্থা গমি ভাবি থাকোতে থাকোঁতে ৰাতি দুপৰ হৈ গ'ল। তেওঁৰ চকুত অলপ টোপনি ধৰিলে এনেতে তেওঁ গম পালে ঘৰৰ ভিতৰত যেন কোনোবা এটা মানুহ সোমাইছে ৷ তেওঁক কাটিবলৈ কোনোবা মান আহিছে বুলি বৰুৱাই ভয়তে থৰ্ থৰ্কৈ কঁপিবলৈ ধৰিলে। এনেতে ঘৰৰ ভিতৰত সোমোৱা সেই মানুহজন আহি তেওঁৰ ওচৰ চাপিল আৰু হাতত সাৰে ভৰিত সাৰে ফুচফুচ্ কৰি সুধিলে— “আপুনি বৰুৱা হয়নে? হলকান্তই ক'লে— “হওঁ।” মানুহটোৱে ক'লে— “বাপ ! তেন্তে মোৰ লগতে এই সুৰঙেৰে ওলাই আহক।” মানুহজনৰ এই কথাত হলকান্তই ঈশ্বৰক নথৈ শলাগিলে আৰু সুৰঙেৰে চোৰৰ দৰে ওলাই দুইও লগ লাগি হারিয়ে হাবিয়ে বাট ললে আৰু কিছুমান দূৰ গৈ এজাক মানুহ লগ পালে ।”
ইফালে লক্ষ্মীকান্ত ডেকাবৰুৱাকো সেইদৰে আন এযোৰা মানুহে ঠিক একে সময়তে বৰভোজৰ নিশাই সুৰঙ্গ এটাৰে পলুৱাই নিলে ।