মিজিমাছা আৰু
পাছুমী
মইনবৰি গাৱঁত
মানৰ সেনাপতি মিঙ্গিমাহা যিটো হাউলিত আছিল সেই হাউলিটো ডাঙৰ । তাৰ সমুখতে এখন
চোতাল, সেই চোতালৰ
দুইওকাষে উত্তৰে আৰু দক্ষিণে দুখন ডাঙৰ বাৰী । হাউলিটোৰ সোঁ মাজতে আঠোটা ঘৰ ৷ আৰু
সেই ঘৰ- বিলাকৰ পচিমে এখন ডাঙৰ পাছবাৰী ৷ চৰাঘৰটো সমুখতে ; উত্তৰা-দক্ষিণা
ভাৱে । ঘৰটো দুপুলীয়া । দক্ষিণৰ পুলিটো সমুখে আৰু দক্ষিণে মুকলি। সেই দুফালে
একাটু মান ওখ, ওপৰত বাঁহৰ খবুৱা
খুউৱা দুখন ইকৰাৰ ছুটি বেৰ। উত্তৰ পুলিটো আঁৰ বেৰ দিয়া । দক্ষিণৰ পুলিটোত এখন খাট
পতা । চৰাঘৰৰ উত্তৰতে এটা টুপ লগোৱা ঘৰ । সেই ঘৰ পূবা-পশ্চিমা আৰু তাৰ দুৱাৰমুখ
ভিতৰ চোতালৰ ফালে । তাৰ ভিতৰত এখন পুথি থাপনা কৰা আছিল। চৰাঘৰৰ পৰা ভিতৰলৈ যাবলৈ দক্ষিণেদি
এটা বাট। ভিতৰ চোতালখনৰ দক্ষিণে এটা দীঘল পূবাপচিমা গোহালি। পশ্চিমে গিৰিহঁতৰ এটা
উত্তৰা-দক্ষিণা বৰ ঘৰ
আৰু উত্তৰে
তিনিটা উত্তৰা-দক্ষিণাকৈ শাৰী শাৰী কৈ পতা ভড়লি ঘৰ । বৰ ঘৰৰ আৰু গোহালিৰ মাজেদি পাছ বাৰীলৈ যাব পৰা এটা বাট। সেই
পাছবাৰীত বৰ ঘৰৰ গাৰে
পৰা তামোল পান, নাৰিকল, টেঙ্গা, জৰা, আম, কঁঠাল ইত্যাদিৰ
মিঙ্গিমাহা আৰু পছমী
গছ ইমান ঘনকৈ ৰোৱা যে
কাড়ীয়ে কাঁৰ মাৰিলেও সৰকিব নোৱাৰিছিল ।
মানৰ সেনাপতি মিঙ্গিমাহাই
গাওঁখনৰ ভিতৰত এইটো হাউলিকে ভাল পাই ইয়াতে আছিল। তেওঁ চৰাঘৰটোতে বাস লৈছিল। সেই
ঘৰৰ ভিতৰ পুলিটোত তেওঁ শোৱা শয্যা পাতি লৈছিল। বাহিৰৰ পুলিটোত বহামেলা কৰিছিল ।
মইনবৰি পাবৰ পিছ দিনা এই
চৰা ঘৰটোৰ বাহিৰৰ খাট এখনৰ ওপৰত—মিঙ্গিমাহাই এহাড়ি মদ আগত লৈ বহি আছিল। সেই সময়ত
বেলি মাৰ যাওঁ মাৰ যাওঁ হৈছিল ; গছে-পাতে ৰদ আছিল। আকাশখন
নিৰ্ম্মল। মিঙ্গিমাহাৰ কাষতে আমি তেওঁৰ নাৱত দেখা সেই গাভৰুজনী আছিল। তেওঁ সেই
দিনা বৰ ধুনীয়াকৈ সাজ পাৰ কৰিছিল ; আৰু মিঙ্গিমাহাৰ কাষত বহি
দাপোণ এখন চাই ভালকৈ মূৰটো মেলাবলৈ ধৰিছিল । মিঙ্গিমাহাই তাৰ সমুখত থকা মদৰ কলহটোৰ
পৰা মদ ঢালি ঢালি লৈ বাটিয়ে বাটিয়ে খাইছিল আৰু মাজে মাজে চেলুয়ই হুপিছিল। তাৰ
বাটিৰ একোটুপি মদ গাভৰুজনীকো খুৱাইছিল । গাভৰুজনীয়েও তাক সন্তোষ দিবৰ মনেৰেই হওক
বা আন কোন অভিপ্রায়েই হওক বাটিটো মুঠেই মুখত লগাই লগাই দিছিল আৰু মূৰ মেলাই উঠি
নিজ হাতে মদ ঢালি ঢালি মিঙ্গিমাহাক খুৱাইছিল। মিঙ্গিমাহাই সেই মদ আগ্ৰহেৰে সৈতে
খাইছিল আৰু মদৰ ৰাগীত একো একোবাৰ গীত গাইছিল;
একো একোবাৰ
গাভৰুজনীক আকোৱালি ধৰিছিল। গাভৰুজনীয়ে সি তেনেকুৱা
মনোমতী
কৰাত একো একোবাৰ
ভাবিমাৰি কৈছিল—“মিঙ্গিমাহা ! তই আজি কেলেই এনেখন কৰিছ ? অলপ কম কৰি খা।”
মিঙ্গিমাহা —“বুকুৰ জীউ ! তই নেজাননে আমাৰ মানৰ মদ ফটিকায়ে জীউটো ৰাখি থয় ? মোৰ আজি মনটো বৰ
ভাল লাগিছে অ। কলিজা! গীত গা।” গাভৰুজনীয়ে কলে – “তোৰ আৰু সময় অসময় নাই ৷ মইনো
এতিয়া কেনেকৈ গীত গাওঁ ?”
মিঙ্গিমাহা
—“নহয় মইনা ! নাগালেই নহয়।” গাভৰুজনীয়ে তেতিয়া তাৰ আক্রোশ এৰাব নোৱাৰি কলে
বাৰু ৰবি বীণখন লই আহোঁ” এই বুলি সিখোটালিলৈ গ'ল। মিঙ্গিমাহাই আকৌ বাটিয়ে বাটিয়ে মদ খাবলৈ ধৰিলে ।
মানৰ লগত থকা এই
গাভৰুজনীৰ নাম পদুমী । তেওঁৰ বয়স ঊনৈশ কি কুৰি বছৰ হৈছিল। তেওঁৰ চুলিবিলাক মিহি ।
মাজে মাজে ঢৌ খেলোৱাৰ নিচিনা ভাজ খোৱা আৰু দীঘল, কঁকাললৈকে পৰা অলপ অলপ ৰঙচুৱা । মুখখনি সুন্দৰ
ঘূৰণীয়া অলপ বহল। গাল দুখন পূৰ অলপ অলপ উঠা । তেওঁৰ বৰণ তেজগোৰা বগা, ঢেলঢেলীয়া বগা
নহয়। তেওঁৰ কাণ দুখন সৰু সৰু ঘূৰণীয়া । তাতে সৰু সৰু দুটি জঙি শিলিখাৰ সমান
কুণ্ডল। এই কুণ্ডল যুৰিয়ে গাল আৰু গলধনত এনে এটি সৌন্দর্য্য উলিয়াইছিল যে তাক কৈ
এটাব নোৱাৰি । কুণ্ডল যুৰিয়ে যেন কৈছিল—“গাল আৰু গলধন ! আমি তোমালোকৰ যোৰৰ হৈছে৷
নহয়নে ?” গাল আৰু গলধনে
যেন কৈছিল—'আমি এনেই শুৱনী তোমালোকক কেলেই লাগিছে ?” এই দৰে যেন উভয়ে
মিঙ্গিমাহা আৰু পহুমী
অৰিয়াঅৰি কৰি শেহত দুইৰো
ভিতৰত এনে এটা মিল দেখুৱাই- ছিল যেন সোণত সুৱগাহে মিলিছিল । পদুমীৰ চকুযুৰি
উজ্জ্বল আৰু ক'লা, ওপৰৰ ভূৰুযুৰি যেন তুলিৰেহে অঁকা। নাকটো দীঘল, টনটনীয়া, সাইলাখ বাঁহী এটিৰ দৰে
থুতৰিটো ঘূৰণীয়া । ডিঙিটো নিয়মৰ, চুটিও নহয় দীঘলো নহয়।
তেওঁৰ হাত দুখন ঠগুৱা। দুইওখন হাতেই ঘূৰণীয়া,
যেন কুন্দতহে
কটোৱা । আঙুলিবিলাক আগফালে সৰু, গুৰিৰ ফালে ঘূৰণীয়া ৷
হাত দুখনত দুডাল সোণৰ বালা। সোণৰ বৰণে বোলে মই চাৰ । হাতৰ বৰণে বোলে মই চাৰ ৷
পহুমীৰ গাটো শকত আরত কিন্তু সেই বুলি তেওঁ ধাধহী নাছিল। তেওঁৰ সেই গাত এটা চোলা
কঁকালৰ অলপ নামলৈকে পৰা । তেওঁৰ বুকুখন ওখ,
যেন তেওঁৰ যৌবনৰ
গোটেই ভৰটো তাতে থুপ খাইছিল আৰু তেওঁৰ যেন মানুহৰ আগত তেওঁৰ সেই যৌবনৰ ভৰটিয়ে
বুকু ফিন্দাইছে ফুৰিবলৈ দিছিল ।
পাঠক! আপোনাসকলে পছমীৰ
ৰূপৰ বিষয়ে যি ভাবে ভাবক। কিন্তু আমি শুনিছিলোঁ পছমী হেনো এজনা অসমীয়া গাভৰু
আছিল আৰু তেওঁ সৰুতে পাট গাভৰু থাকোঁতে হেনো তেওঁক তেওঁৰ লগ সমনীয়া ছোৱালীবিলাকে—
“হাতো পছমী ভৰিও পছমী
ৰুক্মিণীৰ পদুমী নাম”
ইত্যাদি বিধৰ নাম গাই জোকাইছিল
।
পদুমীৰ স্বভাৱ
হেনো সৰুতেও গহীন আৰু গোমোঠা বিধৰ
মনোমতী
আছিল। তেওঁ যেই
সেই মানুহকে সতকাই নামাতিছিল। কেনোবাই কোনো কথা সুধিলে হেনো মুঠতে “হোঁ বা নউ” এনে
এটি উত্তৰহে দিছিল। মন খুলি বা বৰকৈ হাঁহি মাতি কথা- বতৰা নকৈছিল। ইয়াতে হেনো
তেওঁক অনেকেই পাগল স্বভা- ৱৰ গাভৰু বুলি থিৰ কৰিছিল।
মিঙ্গিমাহাৰ লগত
পৰি তেওঁৰ সেই গোমোঠা স্বভাৱ বেছি প্রবলহে হৈছিল। তেওঁক মানুহে পোন ঢালতে দেখিলেই
গপাল স্বভাৱৰ বুলি বিবেচনা কৰিছিল; কিন্তু যেয়েই তেওঁৰ স্বভাৱ ভালকৈ বুজি চাবলৈ চেষ্টা কৰিছিল
সেয়েই ধৰিব পাৰিছিল যে তেওঁ আচল গোমোঠা আৰু নিমৰমিয়াল স্বভাৱৰ নাছিল। তেওঁ
দৰাচলে গহীন আছিল আৰু কিবা এটা মন্দ প্রাক্তনত পৰি পাতল স্বভাৱৰ তিকতাৰ দৰে “হাইঔ
বিয়ৌ” নকৰি এটি স্থিৰ প্রতিজ্ঞাৰ ভাৱহে ধাৰণ কৰিছিল। তেওঁৰ হৃদয়খনো মৰমেৰে ভৰা
আছিল। কিন্তু তেওঁ ৰাঙ্গধালী গাভৰুৰ দৰে সেই মৰম দেখুৱাব নেজানিছিল। মৰম দেখুৱাব
নাজানি হেনো ভিতৰতে দেই-পূৰি মৰিছিল। পদুমীৰনো পূৰ্ব্ব বৃত্তান্ত কি, তেওঁৰনো মন্দ
প্রাক্তন কেনেকৈ হ'ল, পাঠক! এই বিষয়ে
লাহে লাহে জানিব ।
ভিতৰৰ পৰা বীণখন
লৈ পদুমী ওলাই আহিল । ভালকৈ চূণ দি তামোল এখন খাই চুলি মেলি মিঙ্গিমাহাৰ আগত বহিল
। মিঙ্গিমাহাই সেই চুলিটাৰত হাত ফুৰাবলৈ ধৰিলে ৷ তাৰ পাছত কলে — “বুকুৰ জীউ !
গীতটো গা।” পছমীয়ে তেতিয়া
মিঙ্গিমাহা আৰু পদুমী
ৰীণখন টুং টুং টাং টাং
কৰি বজাই নিজে মোহিত হৈ আৰু মিঙ্গিমাহাকো মোহিত কৰি মিঠা মাতেৰে গাবলৈ ধৰিলে—
আহিলে
বসন্ত—সুমধুৰ ঋতু
জগং শীতল কৰি।
জগত শীতল — মলয়
সমীৰে
কৈক লাগি গৈল হৰি
|
গছে গছে
পৰি—কোকিলে কুহয়
পঞ্চমত ৰাৱ তুলি
।
পঞ্চমত বাৱে
সুমধুৰ সুৰে
ইটো প্ৰাণ নেয়
হৰি ৷৷
কেতেকী কুসুম—আৰ
ফুলচয়
গোন্ধতে আমোল মোল
৷
অশোক কিংশুক ফুলে
জমক -
ৰূপতে নাহিক তুল
॥
ৰূপতে আকুল— আমি গোপনাৰী
বসন্তে দহয়
প্রাণ ৷
এমুৱা
বসন্তে—নাহিলে কৃষ্ণাই
বিৰহে আকুল মন ॥
বিৰহে আকুল – আমি
অভাগিনী
প্ৰেমতে আকুল
হিয়া
প্ৰেমতে আকুল—আমি
ব্রজৱালা
চৰণে মাগিছো
ছাঁয়া ॥
মনোমতী
কৃষ্ণৰ
চৰণ-পঙ্কজকে আমি
লইলু আশ্ৰয় কৰি
৷
গোপীক এৰিয়া—
প্ৰাণৰ কলীয়া
কৈক লাগি গৈল চলি
॥
সুমধুৰ সুৰে
পদুমীয়ে বীণ বজাই বজাই এই নামটো গালে । মিঙ্গিমাহাই ধুলধুলীয়া চকুৰে পদুমীলৈ
চাবলৈ ধৰিলে তাৰ পাছত কলে— “বুকৰ জীউ ! তোক মই বৰ ভাল দেখোঁ ! তোক মই বৰ ভাল
পাওঁ।” পছমীয়ে কলে— “মিঙ্গিমাহা ! মইও তোক ভাল পাওঁ । বাৰু মই তোক এটা বস্তু
খোজোঁ তই দিবিনে ?” মিঙ্গিমাহা— “কি বস্তু পদুমী ?” পদুমী—“মই আজি
এবাৰ বন্দীবিলাকক চাওঁ বুলিলোঁ ৷ তই মোক সিহঁতক চাবলৈ ক্ষন্তেক পৰ এৰি দে।”
মিঙ্গিমাহা—“বাৰু তোক যাবলৈ দিলোঁ। মইও সেই তিকতা দুজনী কেনে আছে চাই আহোঁ।”
পদুমী—“বাৰু চাগৈ ; কিন্তু তই
সিহঁতলৈ মন নিদিবি।” মিঙ্গিমাহা—“বুকৰ জীউ ! তই কেতিয়াও মই তোক এলাগী কৰিম বুলি
নেভাবিবি। মুঠতে মই তাইহঁতে সৈতে ধেমালি কৰি আহোঁ” এই বুলি কৈয়েই মিঙ্গিমাহাই
ঘৰৰ পৰা ওলাই পমীলা মনোমতীৰ ঘৰৰ ফাললৈ বাট ললে। পদুমীয়েও সি ওলাই যোৱাৰ পাছতে
দিনতে আনি থোৱা নাৰিকল ছুটা, টেঙা ছুটা, কটাৰি এখানে সৈতে লৈ বন্দীঘৰৰ ফালে বাট ললে ।