বৰনগৰীয়া বৰুৱা আৰু হলকান্ত বৰুৱ|
মতা জাকৰ নাওঁ দুখান যত চাপিছিল সেই ঠাই ডোখৰৰ নাম “যুগীৰ পাম ৷” এই ঠাই ডোখৰ মানাহ নদীৰ পাৰতে -বৰপেটাৰ পৰা চাৰি মাইল মান দূৰ ৷ আজিকালি ( ১ ) ইয়াত কুৰিঘৰ বৰনগৰৰ আৰু বৰপেটাৰ
পমুৱা মানুহৰ ঘৰ আছে ৷ ইয়াত বাজে এই যুগীৰ পামৰ তিনিউফালে হাবি। সেই হাবি অগাধ
অটব্য । ভালুক আৰু বাঘেৰে ভৰা । আন কি সাঁজ লাগিলেই অকলশৰীয়াকৈ দুই এজন মানুহ ৰাজ
আলিয়েদিও যাব নোৱাৰে৷ আমি যি (২) সময়ৰ কথা লিখিছে৷ সেই সময়ত বৰপেটাৰে পৰা
“চাউলখোৱা মানাহৰ” ইপাৰ সিপাৰ লোকে লোকাৰণ্য আছিল। ডোঙ্গৰকুচিৰে পৰা ইফালে আজি-
কালি বজালীলৈ যোৱা বাটলৈকে সিফালে বেঁকীলৈকে মানুহৰ বসতি আছিল। ঈশ্বৰৰ ইচ্ছাত
আজিকালি এই বিলাক ঠাই অগাধ-অটব্য অৰণ্যত পৰিণত হৈছে। “যুগীৰ পামৰ” তিনি চাৰি মাইল
মান আঁতৰত উত্তৰে আজিকালি “হাউলি” নামেৰে এডোখৰ মুকলি ঠাই আছে। এই ঠাইডোখৰ প্ৰায়
আধা মাইল দীঘল আৰু প্ৰায় পোৱা মাইল বহল। এই ঠাইডোখৰৰ উত্তৰ আৰু পূবেদি মানাহ নদী।
ইয়াত আজিকালি দহবাৰ ঘৰমান নেপালীৰ ম'হৰ খুটি আৰু কেইঘৰমান পমুৱাৰ বস্তিত বাজে আন একো নাই।
হাউলিৰ পচিমে এডোখৰ হাবি আছে ।
বৰনগৰীয়া বৰুৱা আৰু হলকান্ত বৰুৱা
এই হাবিৰ ভিতৰত এটা পুখুৰী আছে। মাজে মাজে ভগা ইটা, ভগা শিল পৰি পৰি আছে ৷ হাতীৰে নহলে আজিকালি ইয়াত সোমোৱা
টান । এই ডোখৰ হাবিৰ নাম “বৰুৱাৰ বাৰি।” “বৰুৱাৰ বাৰিৰে” পৰা এমাইলমান পশ্চিমলৈকে
এডোখৰ বৰ ইকৰাণি হাবি আছে। এই ইকৰাণি হাবি এৰালেই আজিকালি আলিৰ উত্তৰে এটা
ডাকবঙ্গলা পোৱা যায়। এই ডাকবঙ্গলাৰ সাত আঁঠ নল আঁতৰতে উত্তৰে “মানাহ” নদী। এই
ঠাই- ডোখৰৰ নাম “হল| পাকৰি”। “হলা
পাকৰিৰ” সমুখতে প্রায় আধামাইল বহল এডোখৰ ইকৰাণি হাবি ৷ এই ইকৰাণি হাবিৰ মূৰতে
দক্ষিণে এখন বৰ ডাঙ্গৰ ঝাৰণি হাবি আছে। এই ঝাৰণিৰ নাম “নগৰঝাৰ”। “ নগৰঝাৰৰ”
পশ্চিমে “ঘিলাঝাৰ নামেৰে আৰু এডোখৰ ঝাৰণি আছে। হলা পাকৰিৰ পচিম- ফালেও এডোখৰ বৰ
ডাঙৰ ইকৰাণি হাবি এৰাই এখান ডাঙৰ ঝাৰণি পোৱা যায় ৷ এইখন ঝাৰণিৰ নাম “বৰবৰিৰ ঝাৰ।”
এই তিনিওখন ঝাৰণিৰ ভিতৰতে ভালেমান ফলৱতী গাছ, আলি পঙ্গুলিৰ চিন, পুখুৰি ইত্যাদি দেখিবলৈ পোৱা যায় ৷
আমি যি সময়ব কথা লিখিছোঁ
সেই সময়ত এই আটাইবিলাক ঝাৰণিয়েই একো একোখন নগৰ আছিল । ঈশ্বৰৰ ইচ্ছাত সেই সময়ৰ
নগৰবিলাক আজিকালি ঝাৰণি হৈছে।
“নগৰঝাৰ” বুলি যি
ডোখৰ ঝাৰণি আছে এই ডোখৰ হেনো কোচবিহাৰৰ নৰনাৰায়ণ ৰজাৰ নগৰ আছিল। তেৱেই এইখন নগৰ
থাপনা কৰিছিল । নৰ-নাৰায়ণ ৰজাক হেনো বাৰ বছৰ
মনোমতী
শনিয়ে পাইছিল।
তেওঁৰ দৈবজ্ঞ সকলে তেওঁক শনিৰ কোপ এৰাবলৈ বাৰ বছৰ নিজৰ ৰাজ্য এৰি প্ৰবাস খাটিবলৈ
আৰু সেই প্রবাসৰ ভিতৰত যিমান পাৰে সংকৰ্ম্ম কৰিবলৈ উপদেশ দিয়ে। তেওঁ সেই উপদেশ
অনুসাৰে কোচবিহাৰ এৰি আমাৰ কামৰূপত এই নগৰখন থাপি ইয়াতে বাৰ বছৰ থাকে। এই সময়তে
তেওঁ বৰপেটাৰ কীৰ্ত্তন ঘৰটো সাজি দিয়ে আৰু ঠায়ে ঠায়ে মঠ-মন্দিৰ কৰাই নিজৰ
অক্ষয় কীৰ্ত্তি ৰাখে ।
বাৰ বছৰ প্ৰবাস
খাটি নৰনাৰায়ণ মহাৰাজ নিজৰ দেশলৈ গ'ল। আৰু তেওঁৰ সুদিন হোৱাত তেওঁ চাৰিউফালে আন আন দেশবিলাক
জয় কৰিবলৈ মন কৰি তেওঁৰ ভায়েক চিলাৰায়ক পঠায়। চিলাৰায়ে অলপ দিনৰ ভিতৰতে
কামৰূপ, জৈন্তিয়া
ত্ৰিপুৰা, শ্রীহট্ট, কাচাৰ ইত্যাদি
দেশ জয় কৰে; আৰু কোচ- বিহাৰৰ
ৰাজ্য ইফালে অসম, সিফালে
ত্ৰিপুৰালৈকে বিস্তাৰ কৰে । ইয়াৰ পাছতে নৰনাৰায়ণ ৰজাৰ গৌড়ৰ নবাবে সৈতে যুঁজ
লাগে । সেই যুঁজত তেওঁ হাৰে। তেওঁৰ ভায়েক চিলাৰায়ক গৌড় নবাবে বন্দী কৰি নিয়ে।
চিলাৰায় গৌড়ৰ নবাবৰ তাত বন্দী হৈ থাকোঁতেই নবাবৰ মাকৰ এটা শকত নৰিয়া হয়।
চিলাৰায়ে দৰব খুৱাই নবাবৰ মাকক ভাল কৰে। ইয়াতে নবাবে সন্তুষ্ট হৈ তেওঁক এৰি
দিয়ে আৰু গঙ্গানদীকে কোচবিহাৰ আৰু গৌড়ৰ সীমা থিব কৰে। ইয়াৰ কিছুমান দিনৰ পাছত
চিলাৰায় মৰে। চিলাৰায়ৰ ৰঘুৰায় নামেৰে এটি সন্তান থাকে। নৰনাৰায়ণ ৰজা বুঢ়া
কাললৈকে নিঃসন্তান আছিল। সেই দেখি তেওঁ ৰঘুৰায়কে
বৰনগৰীয়া বৰুৱা
আৰু হলকান্ত বৰুৱা
নিজৰ পোষ্য লবলৈ থিৰ কৰিছিল। কিন্তু ৰঘুৰায়ৰ
দুৰ্ভাগ্যক্ৰমে নৰনাৰায়ণ ৰজাৰ বুঢ়া বয়সত এজনা কোঁৱৰ জন্মিল। সেই কোঁৱৰৰ নাম
লক্ষী নাৰায়ণ । ৰঘুৰায়ে খুৰাকৰ সন্তান হোৱা দেখি ৰাজ্য পাবৰ আশা এৰি কিছুমান
মানুহ লৈ তেওঁৰ খুৰাকে পতা বৰনগৰলৈ আহিল । আৰু তাতে নতুনকৈ খিলা বিজয়পুৰ নামেৰে
এখন নগৰ পাতি থাকিল । সেই নগৰেই আজিকালিৰ ঘিলাঝাৰ । ৰঘুৰায় পলাই অহা দেখি খুৰাকে
“পাৰাকাজি” নামেৰে এজনক ৰঘুৰায়ক ধৰাই নিবলৈ পঠালে । ৰঘুৰায়ে “পাৰাকাজিৰ” লগত নগৈ
“পাৰাকাৰ্জিয়ে সৈতে যুঁজপাতি পাৰাকাজিক হৰুৱাই পঠালে । তাৰ পাছত ৰঘুৰায়ে আকৌ এবাৰ
“বাইৰবাঁকু” নামেৰে নৰনাৰায়ণ ৰজাৰ নগৰ এখন লুটিলে । নৰনাৰায়ণ ৰজাই এই কথাত বেজাৰ
পাই সৈন্যসামন্ত গোটাই লৈ ৰঘুৰায়ক শাস্তি দিবলৈ আহিল; কিন্তু
সৌভাগ্যক্রমে খুৰাক ভতিজাকৰ ভিতৰত যুঁজ নহল। বুদ্ধিমান নৰনাৰায়ণ ৰজাই ৰঘুৰায়ক
তেওঁৰ একখণ্ড ৰাজ্য এৰি দিলে আৰু সোণকোষ নদীকে ৰঘুৰায়ৰ আৰু তেওঁৰ লক্ষ্মীনাৰায়ণৰ
ৰাজ্যৰ সীমা থিৰ কৰিলে ।
কালক্ৰমে ৰঘুৰায় আৰু
নৰনাৰায়ণ ৰজা দুয়ো পৰকাল প্ৰাপ্ত হ'ল। নৰনাৰায়ণ ৰজাৰ পুতেক লক্ষ্মীনাৰায়ণ থাকিল । ৰঘুৰায়ৰ
পৰীক্ষিতকে আদি কৰি পাঁচজন সস্তান ৰ'ল। ৰঘুৰায় আৰু নৰনাৰায়ণ মৰাৰ পাছত পৰীক্ষিতৰ
লক্ষ্মীনাৰায়ণে সৈতে মনোবাদ হৈ যুঁজৰ আয়োজন হ'ল। লক্ষ্মীনাৰায়ণে পৰীক্ষিতৰ বল বেছি যেন দেখি
দিল্লীৰ সম্ৰাটৰ সহায় লয়। ১৬১৪ শকত দিল্লী
মনোমতী
সম্ৰাটৰে আৰু পৰীক্ষিতৰে
এটা যুঁজ হয়। সেই যুঁজত পৰীক্ষিত সম্পূৰ্ণৰূপে হাৰে। দিল্লীৰ সম্রাটে পৰীক্ষিতৰ
সমস্ত ৰাজ্যকে কাঢ়ি লয়। পৰীক্ষিতৰ চন্দ্ৰ নাৰায়ণ আৰু বিজিত নাৰায়ণ নামেৰে দুজন
কোঁৱৰ থাকে। বিজিত নাৰায়ণে মচলমানৰ বশতা স্বীকাৰ কৰাত দিল্লীৰ সম্রাটে তেওঁক
সোণকোষৰে পৰা মানাহলৈকে এই ভূখণ্ডত ৰাজ্য পাতিবলৈ দি মিত্ৰ ৰাজ্য কৰি ৰাখে ।
বৰ্ত্তমান বিজনীৰ জমিদাৰৰ ঘৰ এই বিজিত নাৰায়ণৰে বংশ। বাপেকে সৈতে মচলমানৰ যুঁজ
লগাত বলি নাৰায়ণ উজাই পলাই আহে আৰু আহোম ৰজাৰ আশ্ৰয় লয়। আহোম ৰজাই বলি নাৰায়ণক
দৰঙ্গত ৰাখি বৰনগৰত এজন কায়স্থক তেওঁলোকৰ প্রতিনিধি স্বৰূপে দুৱৰীয়া বৰুৱা পাতে।
এই বৰুৱাৰে ঘৰ আজিকালিৰ “বৰুৱা-বাৰি” বোলা ঠাই ডোখৰত আছিল । হাউলিত তেওঁৰ
বেটী-বন্দীবিলাক আছিল। এই বৰুৱাৰ বংশৰে আমি যি সময়ৰ কথা লিখিছো সেই সময়ত
“চণ্ডীবৰুৱা” ( ৫ ) নামেৰে এজন দুৱৰীয়া বৰুৱা এই ঠাই ডোখৰত আছিল। লৰা ৰজাৰ দিনত
গদাধৰ সিংহ গুৱাহাটীত পলাই থকাত গুৱাহাটীৰ বৰফুকনে সৈতে মচলমানৰ আকৌ এটা যুঁজ হয়।
সেই যুঁজত লৰ৷ ৰজাৰ অত্যাচাৰত বঙ্গপুৰৰ পৰা ভাগি অহা যোগকান্ত নামেৰে এজন কলিতা
ভাল মানুহে ফুকনক সহায় কৰে। মুচলমানক জিকি উঠি বৰফুকনে যোগকান্তক আজিকালিৰ “যুগীৰ
পাম” বোলা ঠাই ডোখৰৰে পৰা সিফালে হাউলিলৈকে ইফালে বজালিৰ ওচৰলৈকে বৰুৱা পাতি
বেটী-বন্দী, মাটি বৃত্তি দি ৰাখে
।
বৰনগৰীয়া বৰুৱা
আৰু হলকান্ত বৰুৱা
যোগকান্ত বৰুৱা
পাতিবৰ সময়ত বৰনগৰীয়া বৰুৱাই এই কথা ভাল নেপাই অলপ হকা বধা কৰিছিল। কিন্তু
বৰফুকনে সেই কথা মুশুনি যোগকান্তক বৰুৱা পাতে। তাৰে পৰাই এই দুখৰ বৰুৱাৰ (৬)
পৰম্পৰ পেটে পেটে হিংসাহিংসি চলি থাকে। আমাৰ বৰ্ত্তমান কাহিনীৰ হলকান্ত বৰুৱাই এই
যোগকান্তৰ পুতেক আৰু হলকান্তৰ পুতেকেই আমাৰ এই কাহিনীৰ নায়ক লক্ষ্মীকান্ত।
কীৰ্ত্তনঘৰত দেখা সেই ৰূপহী গাভৰুজনী বৰনগৰীয়া চণ্ডী বৰুৱাৰ ধৰ্ম্মীয়া জীয়েক
নাম “মনোমতী” ।