shabd-logo

তৃতীয় অধ্যায় : মিৰি গাঁৱত I

7 October 2023

0 দৰ্শন কৰা হৈছে 0

 "The
bashful virigin's side-long looks of love- 

  

The
Matrons' glance that would those looks reprove- These were thy charms, sweet
village 

  

Spots
like these with sweet succession- 

  

Taught
Even toil to please" 

  

Goldsmith 

  

আমি
আগৰ অধ্যায়ত বিৱৰণ দিয়া ঘটনাবিলাক হৈ যাবৰ ছমাহ হল। আজি কাতি মাহৰ সাদিন যায়। শোৱণশিৰীৰ
পাৰত থকা মিৰিগাঁৱত ৰাতি পুৱাইছে মাথোন। মিৰিগাঁৱত বৰ ধুমধাম। ডেকা-গাভৰুৱে চিকুণ চিকুণ
কানি কাপোৰ পিন্ধি ঘৰে ঘৰে হাতত খৰাহি লৈ চাউল, লোণ, তেল, মাহ তুলিছে। ঘৰে ঘৰে পাত,
কাঁহী ইত্যাদি গোটাইছে। সিফালে বাৰটামান মানুহে ছটামান গাহৰি (ক) ভাৰ কৰি আনিছে। দুটা
মানুহে এটা বৰ ডাঙৰ খাঙত প্ৰায় দুকুৰিমান কুকুৰা চৰা (খ) ভাৰ কৰি নিছে। ডাঙৰ ডাঙৰ
টৌ, ঘটী, বাটি ঘৰে ঘৰে বুঢ়ী মাইকীবিলাকে উলিয়াই দিছে। 

  

আনন্দ
উলাহতে ডেকা-গাভৰুৱে হতা-হাতি কৰি নিছে। কাচি ৰদ প্ৰায়ে পূৰঠ হল। সকলো মাল - বস্তু
মৰঙ ঘৰত (গ) চাপিলগৈ। লাহে লাহে গাঁৱৰ বুঢ়া-বুঢ়ী, লৰা-ছোৱালী সকলো মৰঙ ঘৰলৈ লৰ ধৰিলে।
এটাইবিলাক মানুহ মৰঙ ঘৰত উঠিলগৈ, আৰু দিহাদিহি বহিল। এই বুঢ়া মিৰিহঁতৰ অধিকাংশই
ৰাতি সেৱাৰ ভকত। ( ঘ ) পকা ভকতসকলে কেঁচা ভকতসকলৰ
পৰা সুকীয়া আসন ললে। তেওঁবিলাকৰ শৰীৰৰ পৰা অলপ আঁতৰি তেওঁবিলাকৰ সাধুৱে এখন বেলেগ
আসন গ্ৰহণ কৰিলে। ইফালে দেওধাইকে (ঙ) প্ৰমুখ্য কৰি কেঁচা পন্থৰসকল বেলেগ এশাৰী হৈ বহিল।
এইদৰে সকলোৱে দিহাদিহি বহা হলত পকা ভকতসকলে তেওঁবিলাকৰ সাধুৰ চকুলৈ চালে। সাধুৱে তেতিয়া
“ও” এই শব্দটি উচ্চাৰণ কৰিলে। তত্ক্ষণাত্‌ পাঁচোটা কুকুৰা, দুটা
গাহৰি ধুৱাই-পখলাই আনি ভকতৰ মাজত পেলালে। লগে লগে ৰান্ধোনৰ আন আন দ্রব্যবিলাকো ডেকা-
গাভৰুৱে আনি ভকতৰ মাজত থাপিলে । থপা হলত সাধু পুৰুষজনে দুবাৰমান ইফালে সিফালে চাই আকৌ
“ও” উচ্চাৰণ কৰিলে; তেতিয়া মৰঙত থকা সকলো ডেকা-গাভৰুৱে শাৰী
পাতি ভকতৰ আগত আঁঠু লৈ পৰিল। তেতিয়া ভকতজনে শ্ৰীগুৰু শঙ্কৰ-মাধৱৰ নাম স্মৰি ডেকা-গাভৰুক
আশীৰ্বাদ কৰিবলৈ ধৰিলে। 

  

“বোলা
তোৰা সকলে শ্ৰীগুৰুৰ চৰণক চিন্তি তেওঁ যেন আমাৰ এই ডেকা-গাভৰুহঁতক আকৌ আহে বছৰলৈ তেওঁৰ
চৰণত এনেকৈ সেৱা কৰিবলৈ শক্তি দিয়ে। এইবিলাক যেন ভালে কুশলে থাকে, এটাইৰে মনত যেন
সদায় ৰং-ধেমালি থাকে। আছে বছৰলৈ যেন খেতি-বাতি বাৰু হয়। মেঘে আৰু বিজুলীয়ে যেন অইনায়
নকৰে। শ্ৰীগুৰুৰ চৰণে যে আমাক শীতলে ৰাখে অ' ৰাম, অ' হৰি।” 

  

এইদৰে
আশীৰ্বাদ দিয়া শেষ হল। ডেকা-গাভৰু উঠিল। তেতিয়া অনুমতি লৈ ৰান্ধনি উঠিল। সাজ ৰান্ধিবলৈ ধৰিলে। ইফালে ভকতসকলে বাটিয়ে বাটিয়ে অমৃত পান কৰিবলৈ ধৰিলে।
ভকতসকলে নিজে বাটি ধৰিব নোৱাৰে। একোজন ভকতনীয়ে তোৰাসকলক অমৃত পান কৰাই দিব লাগে। তেহে
তেৰাসৰলৰ অমৃত পান হয়। এইদৰে অমৃতৰ শৰাধ শেষ হল। ভকতীয়া চিয়াৰ পাল পৰিল। সাধুৱে
লগাই দিলেঃ- 

  

প্ৰভু
জীৱই (চ) আছে ৰৈ ঐ “মৰা নদীৰ পাৰ জাৱই আছে ৰৈ- 

  

দেখা
দেখা বন্ধু সৱ মোৰ ভেলৰ বিলৈ ঐ ভেলৰ বিলৈ । কাউৰী-শগুণি-শৃগাল মহাদানী ঐ-শৃগাল মহাদ্বানী- 

  

শগুণিয়ে
দোকান দিয়ে মাংস খায় টানি ঐ 

মাংস
খায় টানি।” 

  

এইদৰে
চিয়া গোৱা শেষ হল। সিফালে ৰান্ধোন-বাঢ়োন চলিল। পকা ভকতসকলে আশীর্বাদ দিয়া ডেকা-গাভৰুসকলৰ
ভিতৰত আমি দ্বিতীয় অধ্যায়ত উনুকিওৱা ডংকি আৰু পানেয়ো আছিল। কব নোৱাৰো কিৰ শক্তিতনো
সিহঁত দইও আশীর্বাদ লওঁতেও লগালগি হৈহে আঁঠু লবলৈ পাৰিলে। আমি দুয়োটাৰ ভিতৰত ইটো-সিটোৱে
কথা-বতৰা পতা মুঠেই নেদেখিলোঁ। তথাপি কি শক্তিৰ বলতনো এনেকুৱা এটা মহত্‌ ক্রিয়াতো
ইহঁত দুইও একেলগে বৰ মাগিব পালে তাক আমি এতিয়াও তত ধৰিব নোৱাৰিলোঁ। যি কি নহওক যথা
সময়ত সাজ তৈয়াৰ হল । সমস্ত দিহ তেনেই চৰুৱে হাড়ীয়ে আনি ভকতসকলৰ মাজত পেলালে। বাঢ়নী
উঠিল। সাজ বাঁটি দিবলৈ ধৰিলে। গোটেই বিলাক বুঢ়া-বুঢ়ী, পকা ভকত, কেঁচা ভকতে আনন্দ মনেৰে সাজ লব ধৰিলে। ডেকা-গাভৰুবিলাক
নবহিল। ইবিলাকে সাজ লওঁতে সিহঁতে আঁঠু লৈ থাকিল। 

  

  

  

এইদৰে
ভকতীয়া ক্ৰিয়াৰ সমাপ্তি হল। আশীৰ্বাদ কৰি কৰি বেলি এটামান বজাত পকা ভকত-ভকতনীসকল
ঘৰা-ঘৰি গল । তেতিয়া হাঁহি-খিকিন্দালি, ৰং-ধেমালি কৰি কৰি ডেকা- গাভৰুবিলাকে ভকতৰ
অৱশিষ্ট লব ধৰিলে। ডেকাসকল এশাৰী হল। গাভৰুহঁতে এশাৰী হৈ খাব ধৰিলে; কিন্তু কি আচৰিত
কথা। থাবৰ পৰতো পানেই-জঙ্কি দয়ো মুখা-মুখি হৈহে বহিব পাৰিলে। এইদৰে খাওঁতে বওঁতে দিনটো
গল। ৰাতি হল। ডেকা- গাভৰুবিলাকে কলহে কলহে মদ চালৰ পাছত ইমূৰৰ পৰা সিমূৰলৈ আঁৰিব ধৰিলে।
তাৰ পাছত দেওধাই মহাপুৰুষে হাত- ভৰি ধুই মৰঙত উঠিল। ডেকা-গাভৰু, কেঁচা ভকত সকলোৱে তেওঁক
মাজত সুমাই ললে। ততক্ষনাৎ দেঔধায়ে লগাই দিলে:- 

  

(ছ) 

  

“দৰমিসি তুলায় ঐ ত্ৰিৰমেকে তিৰমাঙায়
অকবে কম্বং আগুনে ৰেয়েপে ৰেয়াবায়” মিৰি ডেকা-গাভৰুৱে সমস্বৰে ধৰিলে:- “দমিসি
তুলায় ঐ তিৰমেকে তিৰমাঙায় অকবে কম্বং আগুনে ৰেয়েপে ৰেয়ানায়” 

  

নাম
গোৱা হলতে ঢোলৰ কোব পৰিল। দেওধাইক মাজ কৰি ডেকা-গাভৰুবিলাকে কছাৰীৰ মাদল কোৱোৱা নাচৰ দৰে বা
চাওঁতালৰ জুম নচাৰ দৰে ঢোলৰ শব্দত এটি নতুন নিয়মে ঘূৰি ঘূৰি নাচ পাতিলে। নাচ শেষ হল।
তেতিয়া আকৌ দেওধায়ে লগাই দিলে:- 

  

“দমিসি তুলায় ঐ তিৰমেকে ত্ৰিৰমাঙায় অকবে
কম্বং আগুনে ৰেয়েপে ৰেয়াবায়” আগৰ দৰে আকৌ নাচ চলিল, আকৌ গান হল। আকৌ
নাচ- গান শেষ হল। তেতিয়া দেওধায়ে চাঙত ডাঙৰকৈ এহাতমান ওপৰলৈ এটা জাপ মাৰি লগাই দিলে:- 

(জ)“ভকেমনে-তাৰে লিকৰে” 

 ডেকা-গাভৰুৱে গালে :- 

 “দমিসি তুলায় ঐ তিৰমেকে তিৰমাঙায় অকবে কম্বং
আগুনে ৰেয়েপে ৰেয়াবায়" আকৌ  

দেওধায়ে জাঁপ
মাৰি লগালে:- 

  

(ঝ) 

  

“কাংৰে বকায়গা” 

ডেকা-গাভৰুৱে
গালে:- 

  

“দৰমিসি তুলায় ঐ তিৰমেকে তিৰমাঙায়  

অকবে কম্বং
আগুনে খেয়েপে ৰেয়াবায়” 

  

এইবাৰ দেওধাই
ডেকা-গাভৰু এটাইৰে ভাগৰ লাগিল। এটাইবিলাকে উঠি চালৰ কামীত আঁৰি থোৱা অমৃত বাটিয়ে বাটিয়ে
পান কৰিব ধৰিলে। অমৃত পান কৰা শেষ হল। তেতিয়া আকৌ আগৰ দৰে সিহঁতে জুম পাতিলেগৈ। এইদৰে
দেওধায়ে নতুন উত্সাহেৰে লগাই দিলে:- 

  

(ঞ)
দাদাম বনেও বনেও দাদিও 

 পেকামা কামদামা কলসি-কলসি 

 কামদা নিতুঙা কলপি - কলসি 

  

ততক্ষণাত ডেকা-গাভৰুৱে
সমস্বৰে ধৰিলে :- 

  

দাদাম বনেও
বনেভ দাদিও 

 পেকামা কামদামা কলসি-কলসি 

 কামদাঙ নিতুঙা কলপি-কলসি 

  

আকৌ ঢোল-খোল
বাজিলয ডেকা-গাভৰুবিলাকে নাচিব ধৰিলে। লাও বাহি (ট) ভাল ইত্যাদিৰ শব্দত গাঁওখন খলকি
পৰিল। ৰাতিও বেছি হৈ আছিল। এইদৰে মিৰিৰ চাঙদোপ (ঠ) ক্রিয়া চলিব ধৰিলে। এই চাঙদোপ ক্ৰিয়াৰ
লগে লগে মদ চলিব ধৰিলে। দেওধাইৰ গাত দেও চৰি আহিল। ক্ৰমে মিৰি দেৱতাৰ নাচবিলাক আৰু
দেওধাইৰ পদবিলাক আৰু গহীন হবলৈ ধৰিলে। ৰাতি পুৱাওঁ পুৱাও হল। ভভক্ষণাত দেওধায়ে লগালে:- 

  

(ড) 

  

“পাঙ্কেয়া ৰেগৰেগে পামিয়া ৰেগৰেগে” 

  

এইদৰে দেওধাইৰ
গাত দেৱে সম্পূর্ণে লম্ভিল। ৰেগি ৰেগামৰ পৰা কার্চিং কার্টান নামি আহি দেওধাইক লাগ
দিলে। দেওধাই ভেতিয়া অচেতন হৈ পৰিল । ডেকা-গাভৰুৱে আঁঠু লৈ সুধিব ধৰিলে - 

  

হে প্রভু। কওকচোন
আহে বছৰলৈ আমাৰ খেতি-বাতি বাৰু হৱনে? 

  

দেওধাই-”হৱ”। 

  

বিজুলীয়ে 

  

আমাক একো অইনাই
ডেকা-গাভৰু-”মেঘে নকৰিবনে?” 

  

দেওধাই-”মোক
ভালকৈ পূজা দিলে একো হানি-বিঘিনিয়ে নাপাব।' 

  

ডেকা-গাভৰু-"গাঁৱত
পানী লগা জ্বৰ নৰিয়া নহবতো?” 

  

দেওধাই-
"নহব। কিন্তু মোক ভালকৈ পূজা দিব লাগিব।” 

  

ডেকা-গাভৰু-"দিম
বাৰু কওকচোন আমি সকলো ডেকা-গাভৰু ভালে থাকিম নে?” 

  

দেওধাই-
(কিছুমান পৰ ৰৈ) “ও থাকিবি কিন্তু এটা বেয়াও আছে।” 

  

ডেকা-গাভৰু-”কওকচোন
প্রভু। বেয়াটোনো কি? ” 

  

ডেকা-গাভৰুৰ
এই প্রশ্নত দেওধাই ভালেমান পৰ মনে মনে থাকিল। অৱশেষত কিছুমান আইলাং বাইলাং বকিব ধৰিলে।
ডেকা-গাভৰৰে তাক বুজিব নোৱাৰিলে। এনেতে তাৰ গাৰ পৰা 

  

দেৱে
এৰা দিলে। দেওধাই উঠি বহিল আৰু একোকে কব নোৱাৰাত পৰিল। (চ) এইদৰে চাঙদুপি ঠিকনা চোৱাৰ
লগে লগে ৰাতি পুৱাল। ভেভিয়া এটাইবিলাকে নৈত গা-পা ধুই আহি জুৰৰ পূজাৰ (ণ) আৰম্ভ কৰিলে।
সেই পূজা কৰোতে বেলি দুপৰীয়া হল। কাৰ্চিং-কাটান, মত্তবে, চিনেক, দহমুখ, দণ্ডকভ লৌজি-লেইভাং,
মুগলী:-মিমো, ইত্যাদি সকলো দেৱভাই মদ, গাহৰি, কুকুৰা ইত্যাদিৰ পূজা থাই স্বস্থানলৈ
গুচি গল। দেওধায়ে পূজাৰ অৱশিষ্ট খাই-বই উঠি ৰূপ পাঁচ টকা, কাপোৰ, এযুৰি পাই ঘৰ পালেগৈ।
আন আন বয়সিয়াল মিৰিবিলাক ঘৰাঘৰি গল । কিন্তু ডেকা-গাভৰুৰ বিহু নাভাঙিল। বেলি ভাটী
দিলে। ডেকা- গাভৰুৱে মৰঙৰ আগতে আনন্দেৰে বিহু পাতি তোলপাৰ লগালে। জুমে জুমে নাচ চলিল,
যি যি জাকলৈ যাবলৈ বাল পালে সি সেই জাকলৈকে গল। পানেই আৰু জঙ্কি দুইও একে ডাকতে থাকিল,
এৰা এৰি নকৰিলে। এইবাৰ পোনেই জঙ্গিয়ে বিহু লগাই দিলে:- 

  


 

চতে
যাই যাই বয়াগে পালেয়ি-  

পুলিনে
বেবেলি লতা।  

কইনো
তাকে মানে ওৰকৈ নপৰে-  

সৰুটি লেদেঙৰ কতা।। 

  

জঙ্কিৰ
গোৱা শেষ হল। ঢোল বাজিল। পানেইকে প্ৰমুখ্য কৰি গাভৰুহঁতে নাচিব ধৰিলে। নাচ শেষ হল-
এইবাৰ পানেয়ে লগালে:- 

  

চৰাই
মনেমতি শুযুৰি মাৰিলে- 

  

৮ 

কোটায়ি
বেঙেনাৰ তলত।  

কিনো
দায়ে জগৰ লগালো চেনেঙ ঐ 

নামাতে
গদূলি পুৱা৷ 

  

  

আকৌ
এজাকত এজন ডেকায়ে লগালে :- 

  

৯ 

কাকিনী
তামোলত কুপৌ বায়ে ললে- 

  

পৰে
যেন পৰে যেন দেকোঁ। 

সৰুটি
মনেমা নৰিয়া পৰিলে-  

মৰে
যেন মৰে যেন দেকোঁ।। 

  

ইয়াৰ
পাছতে এজনী গাভৰুৱে লগালেঃ- 

  

১০ 

চাপৰি
চাপৰি মই তোলো বাবৰি-  

আৰাম
(ত) বিৰিকৰে কৰি। 

 যাকে চাই পুৰো তাকে যে নেদেকো  

কিনো জুয়ে লগা চকু।। 

  

এনেকুৱাবিলাক
নৃত্য-গীত চলিল। নৃত্যৰো ওৰ নপৰে; গীতৰো ওৰ নপৰে। এনেয়ে মিৰি ডেকা-গাভৰু সদায় ৰঙিয়াল।
এতিয়া আকৌ তাতে অমৃত ৰসে সিহঁতক উত্ৰাৱল কৰি তুলিছে। এইদৰে নাচি থাকোঁতে জংকিয়ে ছেগ
চাই এবাৰ পানেইক অকলে লগ পাই কলেঃ-” পানেই, মোক এবাৰ এঠাইত দেখা দিব পাৰিবিনে ? মোৰ
তোৰে সৈতে চাৰি আষাৰমান কথা কবলগীয়া আছে।” 

  

জংকিৰ
এই কথাত পানেয়ে কলে:-”বাৰু এতিয়া আমি থাকোঁ, ছেগ চাই মই সোৱণশিৰীৰ বালিলৈ যাম, তইও
তালৈকে যাবি কি কথা কবলৈ খুজিছ কবি।” 

পানেই
আৰু জঙ্কিৰ মাজত মুহূৰ্তৰ ভিতৰতে কথা-বতৰা পতা হল, কোনোৱে তত ধৰিব নোৱাৰিলে। নাচ- বাগ
ৰাতিও চলিব ধৰিলে। আকৌ ডেকা-গাভৰুৰ খাবৰ সময় হল। তেতিয়া পানেয়ে নিজৰ কথামতে এটা
চল দেখুৱাই সোৱণশিৰীৰ বালিলৈ অকলৈ অকলৈ গল। জঙ্কিয়েও “মই ঘৰৰ পৰা আহোঁ” বুলি ঘৰলৈ মুখ কৰি গল হয়, কিন্তু প্ৰকৃততে ঘৰলৈ নগৈ সোৱণশিৰীৰ
বালি পালেগৈ; চকুৰ নিমিষতে তড়িতৰ বলতেনে সি পানেইৰ ওচৰ চাপিল। তাৰ পাছত কব ধৰিলে
- পানেই 

  

পানেই-জঙ্কি ! 

  

জঙ্কি তই আহিছ? 

  

পানেই
আহিছো জঙ্কি ! 

  

জঙ্কি
তোক এটা কথা সুধিবলৈ মন কৰিছোঁ। পানেই কি কথা জঙ্কি সোধ! - 

  

  

  

জঙ্কি
কচোন পানেই তই মোক ভাল পাৱনে? 

  

পানেই
(হাঁহি হাঁহি ) কেলেইনো লাগিছে ভোক এই কথা জঙ্কি ? 

  

জঙ্কি
পানেই তই বেজাৰ পালি নেকি? ভেন্তে একোকে নোসোধোঁ । 

  

পানেই-
(আকৌ হাঁহি হাঁহি) সোধ। নোসোধনো কেলই- 

  

জঙ্কি
তেন্তে কচোন তই মোক মৰম কৰনে? 

  

পানেই
মই কব নোৱাৰোঁ। 

  

জঙ্কি-
মই বুজিলো পানেই! তই মোক ভাল নাপাৱ। নহলেনো আজিৰ নাচত তই মাজে মাজে কমুদ্ৰৰ ফালে কেলেই
বাৰে বাৰে চাইছিলি? 

  

পানেই-এ
আয়! তই কি কথাবিলাক কৱচোন! 

  

জঙ্কি-এৰা
পানেই মই বঢ়িয়াকৈ বুজিছোঁ। তই মোক ভাল নাপাৱ। তই কমুদকহে ভাল পাৱ। তাহানি সৰুৰে পৰা দুয়ো যে একেলগে ভূঁই ৰখিছিলোঁ, ভালুক ওলাওঁতে যে একেলগে
লৰ মাৰিছিলোঁ, নাৱত উঠি যে নাম গাইছিলোঁ, তাৰ পাছত যে দুয়ো অনেক ঠাইত একেলগে হাতত
ধৰাধৰি কৰি ফুৰিছিলোঁ, তই সকলোকে পাহৰিলি হৱলা পানেই। ম‍ই হলে পাহৰা নাই। তোৰ আশাতহে
ইমান দিন জীয়াই আছোঁ পানেই! এতিয়া তই যদি মোক ভাল নাপাওঁ বুলি কৱ তেন্তে আৰু মোৰ
থাকিবলৈ ঠাই নাই। পানেই! মোৰ আই বোপাই সৰুতে মৰিল। লৰাকালৰে পৰা তোৰে লগত ডাঙৰ হলোঁ।
তোকেহে মই আপোন বুলি জানিছিলোঁ। পানেই তইও এতিয়া মোক ভাল নোপোৱাত পৰিলি। 

  

পানেয়ে জঙ্কিৰ
এইবিলাক কথা তবধ মনেৰে শুনিব ধৰিলে। মোৰ আজলী মিৰি জীয়ৰীৰ মৰমত বেথা লাগিল। ভাই এতেদিনে
অতি যতন কৰি যে জানৰ মুখটি বান্ধি থৈছিল আজি জঙ্কিৰ বাক্যৰূপ কোব চাবত তাই হৃদয়ৰ সেই
জানৰ মুখটি মুকলি হল। খুন্দা খাই থকা নৈটি ববলৈ ধৰিলে। আজলী পানেইৰ চকুৰ পৰা গিৰ গিৰ
কৰি পানী ওলাল। তাই কথা কব নোৱৰাত পৰিল। তেতিয়াই জঙ্কিয়ে তাইক সাবট মাৰি ধৰি তাইৰ
চকুৰ পানী মচি দিলে। 

  

  

পানেয়ে
তাৰ পাছত কলে- “জঙ্কি, তোক মই ভালপাওঁ তই আজি মিছাই মোক কমুদলৈ চোৱা কথাটো ধৰিলি।” 

  

জঙ্কি
- ” পানেই, মোৰ দোষ থেম। বেজাৰ নকৰিবি। লাহৰী ঐ। এই জনম থাকে মানে মইও তোকে ভাল পাম।
পানেই তই নেৰিবি। কচোন, তই মোত বিয়া সোমাবিনে?” 

  

পানেই-”আয়ে
বোপায়ে দিলে তোলৈ যামতো!” - 

  

জঙ্কি
-”মাৰ বাপেৰে কিজানি তোক মোলৈ নিদিয়ে। মোৰ কেৱে নাই। হাতত টকা-কড়িও নাই।” 

  

পানেই-জঙ্কি
দুখ কৰিলে তোৰ টকা হৱ৷ তই দুখ কৰি কেটামান টকা গোটাবলৈ দিহা কৰ। যেতিয়ালৈকে তই টকা
গোটাই আই-বোপাইক দি মোক নিনিয় মানে মইও কালৈকো নাযাওঁ। মই তোলৈকে যাম। আজি এই সোৱণশিৰীৰ
বালিত থিয় হৈ কাৰ্চিং কার্টানক সাথী কৰিলোঁ। 

  

জঙ্কি-”পানেই,
তই আজি মোৰ গাত নতুন বল দিলি। যাওঁ দেই পানেই-মই আৰু আজিৰ পৰা বৰ দুখ কৰিও টকা-শিকা
গোটাই তোক নিম। তোক নাপালে মই এই জীৱনটোক নাৰাখোঁ। ” 

  

এই
কথা-বতৰা হোৱাৰ পাছতো দুয়ো দুফাললৈ গুচি গল। আকৌ মৰঙ ঘৰত বিহুত যোগ দিলেগৈ। এইবাৰ
পানেই আৰু জঙ্কি দুয়ো বেছি উত্সাহেৰে সৈতে নাচিব ধৰিলে। এইদৰে দিনৰ পাছত বিহু ভাঙিল। 

  

তৃতীয়
অধ্যায়ৰ মিৰি ভাষাৰ শব্দৰ ভাঙনি 

  

(ক-থ)
এইবিলাক বস্তু বহাগৰ বিহুত উঠা ধনেৰে কিনি আনে। 

  

(গ)
মৰঙ ঘৰ: এইটি সিহঁতৰ ৰাজহুৱা ধৰ্ম ঘৰ। প্ৰায় সকলো মিৰিয়েই চাঙ ঘৰত বাস কৰে। সিহঁতৰ
মৰঙ ঘৰতো চাঙ আছে। 

  

(ঘ)
অসমত ৰাতি সেৱা বুলি এবিধ ধৰ্ম আছে। ই বৰ গুপুত ধর্ম। এই সম্প্রদায় মাহবিলাকক “পকাভকত” বোলে। ইয়াত সকলো জাতিৰে মানুহ আছে। ধর্মটোনো কি এতিয়াও
কোনো উলিয়াব পৰা নাই। ৰাতিয়েই সেৱা বহে ৰাতিয়েই সেৱা ভাঙে। ইয়াত কেবাটাও বেলেগ
বেলেগ ক্রিয়া থকা বুলি আমি শুনিছোঁ। গোপীধৰা, নগাকীৰ্ত্তন, ফুলকীৰ্ত্তন, দিগম্বৰী
ইত্যাদি ক্ৰিয়াৰ নাম শুনিবলৈ পাইছো। কিন্তু এই ক্রিয়াবিলাকভনো কি কৰে বাস্তুবিকে
আজিলৈকে কোনেও এই কথা উলিয়াব পৰা নাই। সকলো দেশতে এনেকুৱা একোটি “গুপ্তধর্ম” আছে বুলি শুনো। শ্বিলং জৈন্তিয়াত ‘কিশোৰী ভজন' নামেৰে এটা
গুপ্তধৰ্মৰ কথা শুনিছোঁ। পচিমৰ সভ্য জগততো ইউৰোপীয়ৰ মাজতো লজ বা ফ্লিমশ্যন নামেৰে
এটা ক্রিয়া আছে। আজি ২০০০ বছৰেও এই ক্ৰিয়াৰ মূল কথা কি কোনেও উলিয়াব পৰা নাই। যি মানুহে জানিবৰ অভিপ্ৰায়ে
এনেবিলাক দলত ভুক্ত হয় তেওঁ যদি হাজাৰ বিদ্বান বা ধনী- মানী মানুহ হয় তত্রাচ এবাৰ
দীক্ষিত হলে আৰু অদীক্ষিত মানুহক আনকি নিজৰ লৰা-তিৰোতাকো নকয়। কিয় নকয়, কিয় ধৰ্মৰ
বা জ্ঞানৰ পোহৰ সংসাৰত এটায়ে জানিব পৰাকৈ প্ৰচাৰ নকৰে ইয়াৰ একোকে বুজিব নোৱাৰি৷ 

  

(ঙ)
মিৰিহঁতে সিহঁতৰ পুৰোহিতক দেওধাই বা মিবুয়া বোলে। ডালটন আৰু ইন্টাৰ প্ৰভৃতি ইংৰাজ
লেখকৰ পুখিবিলাকত দেওধাইনো কি আৰু কেনেকৈ হয় ইয়াৰ আচৰিত বিৱৰণ আছে। যিজন মানুহে দেওধাই
হব তাৰ সৰুৰে পাৰ এটা বেলেগ চিন বয়সিয়াল আৰু উপযোগী হলে মিৰি দেওবিলাকে তেওঁবিলাকৰ
অনুগ্ৰহৰ ভাজন হৈ মানুহটিক প্ৰথমেই এবাৰ লম্ভে। সি হাবিলৈ পলাই গুচি যায়। তাতে হেনো
জকে। তাৰ পাছত দেৱতাসকলে সৈতে সাক্ষাত দেখাদেখি হৈ ঘৰলৈ উভতি আছে। সেইদিনাৰে পৰা তেওঁ
দেওধাই বা মিবুয়া নাম পায়। আছে। 

  

(চ)
এইটি ভকতীয়া পন্থৰ দেহ-বিচাৰ গীত। 

  

(ছ)
এইবিলাক মিৰিসকলৰ জাতীয় কীৰ্ত্তনৰ নাম। ইয়াৰ অৰ্থ আমি কি যেই সেই মিৰিয়েও কব নোৱাৰে।
দেওধাইসকলেহে জানে। 

  

(জ)
এই দুফাকি পদৰ অৰ্থ- হে মোক প্ৰজোতা দেৱতাসকল তোমালোকে এটাৱে”। 

  

(ঝ) শিকাই দিয়া। 

  

(ঞ)
এই ফাকি “ঘোষা”। ইয়াৰো অৰ্থ আমি নাপাওঁ। 

  

(ট)
এইটি সাপমেলা অঘৰীহঁতৰ নিচিনা। মিৰিয়ে “নৰাছিগা” বিহুতহে
এই বাঁহী বজায়। 

  

(ঠ)
পদে, ঘোষায়, নচায়-বগা যিসকল ক্রিয়া সেই গোটেইবিলাকক “চাচদোপ” বা “দেওদোপ” ক্রিয়া বোলে। মিৰি, নগা ইত্যাদি প্রায়
সকলো পৰ্ব্বতীয়া জাতিৰে এনে একোটি ক্রিয়া আছে। ই এটা মঙল চোৱা প্ৰণালী। আমাৰ অসমীয়াৰ
মাজত জকি উঠা নিয়মৰ দৰে। 

  

(ড)
এই দুফাকিও ঘোষা। ইয়াৰো অর্থ কি আমি বুজিব নোৱাৰিলো কিন্তু শুনাত শুনিছো মিৰিৰ ধৰ্ম্ম-বিজ্ঞানত
“ ৰেগি ৰেগাম” নামেৰে এখন পৰ্ব্বত আছে। এই পৰ্ব্বততে
সিহঁতৰ সকলোবিলাক দেও থাকে। ইহ জন্মত সত্ ক্ৰিয়া কৰিলে মানুহ মৰি এই ৰেগি ৰেগাম পায়গৈ।
হণ্টাৰ চাহাবৰ ষ্টেটিচটিকেল একাউন্ট চোৱা:-” They have a region which is the
abode of all their Gods and from whose bourne no traveller returns” দেওধায়ে ৰেগি
ৰেগামৰ নাম লোৱাৰে পৰা এইটো অনুমান কৰিব পাৰি যে ৰেগি ৰেগামৰ পৰা “পাঙ্কেয়া” আৰু “পানেয়া” দেও আহি তাৰ গাত লম্ভিলে। সি এই ঘোষা
দুফাকিৰে এনেটো কথা বুজালে। 

  

(ঢ)
মতা আৰু মাইকী তৰাৰ দেৱতা। 

  

(ণ)
এইটি মিৰি জাতিৰ ৰাজহুৱা সবাহ। গোটেইখন গাঁও লগ 

  

লাগি
ধন-বিত তুলি কৰে। এই পূজা নৰাছিগা বিহু উপলক্ষে আৰু কেতিয়াবা কেতিয়াবা গাঁৱত বসন্ত
আৰু মহামাৰী হলে কৰে। ইয়াতো স্বভাৱৰ প্ৰধান প্ৰধান দেৱতাবিলাকক মদ, গাহৰি, কুকুৰা
দি পূজে। 

  

(ত)
আৰাম বিৰিকৰে হাৰাম বিৰিখৰে। লক্ষীমপুৰ চহৰৰ মিৰিহঁতে সাধাৰণতঃ বৰ বৰ হাবি ভাঙি আহু,
সৰিয়হ ভূঁই কৰে; সেই মাটিত তিনি চাৰি বছৰেকলৈ ভাল খেতি হয়। তাৰ পাছত মাটি বেয়া হৈ
পৰে। খেতি নহয়। তেতিয়া সিহঁতে সেই ভূঁই এৰি পেলায়। এনেকুৱা এৰা ভূঁইক মিৰিহঁতে
“হাৰাম” বোলে। হাৰামত গজা গছ সাধাৰণভঃ কোমল। শুকাই
জুই ধৰিবলৈকো ভাল।  

19
প্ৰবন্ধ
মিৰি জীৱৰি
0.0
ভাবনাৰ দিক দেখি দিয়া হৈছে। এই গল্পটি অসমীয়া সাহিত্যত এটি মহত্ত্বপূৰ্ণ স্থান অধিকল কৰা হৈছে আৰু সমাজত এটি এক বিশেষ ভূমিকা ভৰা আছে। এই গ্ৰন্থটিৰ মাধ্যমে, রজনীকান্ত বৰদলৈ নিজৰ অদ্ভুত ভাবনা আৰু শৈলীৰ মাধ্যমে সৃষ্টি কৰা হৈছে যা পঢ়াকৰ অহলে থাকে। "মিৰি জীৱৰি" হৈছে সৈতেয়া রজনীকান্ত বৰদলৈৰ সৃষ্টিত এটি সুন্দৰ আৰু মূল্যবান গ্ৰন্থ, যি অসমীয়া সাহিত্য মঞ্চত এক অমূল্য স্থান ধাৰণ কৰা হৈছে।
1

প্রথম অধ্যায় : নৈৰ পাৰত

6 October 2023
0
1
0

 এই অসম দেশৰ লক্ষীমপুৰজিলাত সোৱণশিৰী নামেৰে এখন নৈ আছে।এই নৈখন অসমৰ উত্তৰতথকা মিৰি আৰু ডফলাৰপৰ্বতলানীৰ পৰা ওলাই উত্তৰলক্ষীমপুৰৰ মাজেদি বাগৰি মাজুলীৰ খেৰকটীয়া নৈত পৰিছেগৈ। খেৰকটীয়াএখন বেলেগ নৈ নহয়।

2

মিৰি সকলৰ বিষয়ে

7 October 2023
0
0
0

 (ক) মিৰিসকলৰ নিজৰ ভিতৰত এনেকুৱাপ্ৰবাদ আছে যে তেওঁবিলাকআগেয়ে শদিয়াৰ ওপৰৰ বৰ আবৰৰলগৰ মানুহ আছিল। তাৰ পিছত দেশত, সদায় খেলে খেলে কটা-ছিঙা হৈ থকাততাত থাকিবলৈ শঙ্কা যেন বিবেচনা কৰিআমাৰ ভৈয়ামলৈ নামি আ

3

দ্বিতীয় অধ্যায় : লক্ষীমপুৰ নগৰৰ ওচৰত

7 October 2023
0
0
0

 আজিবহাগৰ ঘাই দিন। ঘৰেঘৰে অসমীয়া কি ভাল মানুহকি ইতৰ মানুহ সকলোৰেমনত ৰং-ধেমালি হৈছে।ঘৰে ঘৰে খোৱা-লোৱাৰধুমধাম পৰিছে। বছেৰেকৰ সকলো দুখ ভাগৰ, হাই-দন এৰি আজিঅসমীয়া মানুহে বছৰেকৰ বিহুত উত্ৰাৱল হৈছে। বন্ধ

4

তৃতীয় অধ্যায় : মিৰি গাঁৱত I

7 October 2023
0
0
0

 "The bashful virigin's side-long looks of love-     The Matrons' glance that would those looks reprove- These were thy charms, sweet village     Spots like these with sweet succession-    

5

চতুর্থ অধ্যায় : পালেইৰ ঘৰত

7 October 2023
0
0
0

 (ক) নৰাছিগা বিহু যাবৰ আজি দুমাহ হল। সেই ৰাতি জন্মিয়ে সৈতে কথা বতৰা হবৰে পৰা পানেইৰ আৰু আগৰ ভাব, আগৰ কথা-বতৰাবিলাক নোহোৱাত পৰিল। তাইৰ মুখত আৰু আজি- কালি বৰ বেছিকৈ ৰং-ধেমালিৰ চিনবিলাকে নেখেলে। বৰং

6

পঞ্চম অধ্যায় : সোৱণশিৰী নৈৰ বুকুত

8 October 2023
1
0
0

 "How richly glows the waters breast- Before us, tinged with evening hues While facing thus crimso west- The boast her silent coursepursues And see how dang baskward stream A little moment past so

7

ষষ্ঠ অধ্যায় : ভূঁইতুলিত আৰু ঘৰত

8 October 2023
0
0
0

 পিছদিনাৰাতি পুৱাল। সেইদৰে যথা সময়ত পানেয়েআকৌ ভূঁই ৰাখিবলৈ গল।জঙ্কিয়ে আগৰ দিনৰ কথাঅনুসৰি আকৌ তামেন গামৰচুকলৈ বুলি সৰু নাওএখনি লৈ ওলাল। যাওঁতেবাটতে পানেইৰ ভূঁই; পানেযেনো কেলেই মাতিছিল এই কথাকে শুনিয

8

সপ্তম অধ্যায় :মিৰি গাওঁ দুখনত

8 October 2023
0
0
0

 সেইদিনাভূঁইতলিত পানেইৰ পৰা বিদায় লৈজঙ্কিয়ে সেইখন মিৰি গাঁও এৰিঘৃণাসুঁতিৰ মিৰি গাঁৱলৈ গল।তাত মাহীয়েকৰ ঘৰত আশ্রয় ললেগৈ।মিৰি ডেকাবিলাকৰ ভিতৰত জঙ্কি যতে-ততে এজনদেখনিয়াৰ মিৰি ডেকা আছিল।তাতে সি যি বিহ

9

অষ্টম অধ্যায় : এন্ধাৰ নিশা

8 October 2023
0
0
0

 জঙ্কিয়েসেই কথা কবৰ দিনাৰেপৰা ডালিমীৰ হৃদয়ত এডাল শেল বাজিল।তাই কেতিয়াও নাভাবিছিল যে জঙ্কিয়ে ভাইকএনেকুৱা মর্মভেদী কথা কব ।ভাই কেতিয়াও নাভাবিছিল যে জঙ্কিয়ে তাইকভাল নাপালেও তাই দেখিবলৈ বেয়াএনে এটা

10

নৱম অধ্যায় : হাবিৰ মাজত

8 October 2023
0
0
0

 সোৱণশিৰী নৈৰ পাৰত হাবি। সেই হাবি বৰ ডাঠ। আনকি অহা-যোৱা কৰাই কষ্টকৰ। সেই হাবিৰ মাজতে এযুৰি পঁজা। এই পঁজাৰ ভিতৰত এহাল মানুহ। এটা মতা, এজনী মাইকী; অথবা এটা ডেকা, এজনী গাভৰু৷ পাঠক ইহঁত কোন চিনি পাইছেন

11

দশম অধ্যায় :লক্ষীমপুৰ নগৰত

8 October 2023
0
0
0

 লক্ষীমপুৰ নগৰত ৰাতিপুৱা প্ৰায় বেলি আঠ-ন মান বাজিছে। দুই-এজন আমোলা ৰাতিপুৱাই কাছাৰিলৈ গৈছে। কেইজনমানে ৰাতিপুৱাই দল বান্ধি ডাক ঘৰলৈ মুখ কৰি ফুৰিবলৈ গৈছে। দুই-এজনে আকৌ এক বাবুৰ ঘৰত বিহ কথা বতৰা পাতি

12

একাদশ অধ্যায় :আকৌ সোৱনশিৰী নৈৰ বুকুত

10 October 2023
0
0
0

    মিৰিহঁত হাকিমৰ এই হুকুমমতে দিহাদিহি গল। প্রেমিক-প্রেমিকা হালৰ বিচ্ছেদ হল। জঙ্কি ঘৃণাসুঁতিৰে মাহীয়েকৰ ঘৰলৈ গল, পানেযে নিজৰ ঘৰ পালেগৈ আৰু আকৌ সৰুৰে পৰা তুলি তালি     ডাঙৰ কৰা মাক-বাপেকৰ আশ্ৰয

13

দ্বাদশ অধ্যায় :ঘৃণাসুঁতি গাঁৱত

10 October 2023
0
0
0

  Thine am I my faithful fair Thine my lovely Nancy- Every purpose along my veins To the bosom lay my heart There to throb and languish- Though despair had wrung its core that would heal its anguis

14

ত্রয়োদশ অধ্যায় : পানেই

10 October 2023
0
0
0

 সেই নিশা পানেই গাঁৱৰ ওচৰৰ হাবিৰ মাজতে থাকে। ৰাতি পুৱালত ভাই হাবি ফালি উত্তৰ ফাললৈ মুখ কৰি যাবলৈ ধৰিলে। বাঘ, বালুক ইত্যাদিৰ ভয়ত তাই আঁঠুকি আঁঠুকি দৌৰিবলৈ ধৰিলে। তাই কলৈনো যাব কিনো কৰিব ইয়াৰ একোকে

15

চতুর্দশ অধ্যায় : জঙ্কি

10 October 2023
0
0
0

   জঙ্কিয়ে আজি চাৰিদিনে পানেইক বিচাৰিবলৈ কম নকৰিলে। দিনে-ৰাতিয়ে লঘোণ-ভোক থাটিও হাবিয়ে-বননিয়ে, গাঁৱে-ভূঁইয়ে ভাইক বিচাৰিলে; কিন্তু কতো তাইৰ বাতৰি নাপালে। হাবি সালেই সি একো একোবাৰ আলচিব ধৰিলে যে

16

পঞ্চদশ অধ্যায় : পৰ্বতৰ ওপৰত

10 October 2023
0
0
0

 এইদৰে পৰ্বতৰ ওপৰত প্ৰণয়ী যুগলৰ দুমাহ সময় অতীত হৈ গল। এই দুমাহৰ ভিতৰত মুঠেই এদিন জঙ্কিয়ে পানেইৰে সৈতে কথা-বতৰা পাতিবলৈ সুবিধা পালে। পানেয়ে জঙ্কিক কলে- ”জস্কি মোক ভেবেলিচুকৰ পৰা চিলি মিৰিয়ে ধৰি

17

ষষ্ঠদশ অধ্যায় : বাৰেগামৰ পাল

10 October 2023
0
0
0

 আজি পৰ্বতীয়া মিৰি গাঁৱত বৰ মেল। গাছিহঁতৰ প্ৰায় তিনি কুৰিমান মানুহ চাপিছে। মূৰত বেতৰ টুপী, কঁকালত বেতৰ কোষাৰি, হাতত দা, মুখত একোটা বাঁহ, পিতল বা আধতুৱাৰ ধঁপাত খোৱা নল। অসভ্যইতে একোটা নলত কেভথিন

18

সপ্তদশ অধ্যায় :

10 October 2023
0
0
0

 চোৰ চুৰুনীয়ে পাপ কৰিছে । ইহঁতক নৈৰ পাৰলৈ লৈ যাব লাগে।     তত্ক্ষণাৎ নৃশংস, দয়া-মায়া নোহোৱা পশুতকৈও অধম চাৰিটা মিৰিয়ে পানেই জঙ্কি দুয়োকে একেডাল ডোলেৰে আকৌ টানকৈ বান্ধিল।     হতভাগা হতভাগ

19

সামৰণি : আকৌ সোৱণশিৰী নৈৰ বুকুত

10 October 2023
0
0
0

   পানেই পলাবৰ আৰু অঙ্কিয়ে তাইক বিচাৰি যাবৰ ছমাহ হল। এই হুমাহে সিহঁতৰ একো খৱৰ নোলাল। পানেইৰ মাক-বাপেক পানেইৰ শোকত দিনে দিনে ক্ষীণাই যাব ধৰিলে। নিৰমাযে মাজে মাজে বুকুত ভুকুৱাই কান্দিব ধৰিলে। দুব

---

এখন কিতাপ পড়ক