আজি পৰ্বতীয়া মিৰি গাঁৱত বৰ মেল।
গাছিহঁতৰ প্ৰায় তিনি কুৰিমান মানুহ চাপিছে। মূৰত বেতৰ টুপী, কঁকালত বেতৰ
কোষাৰি, হাতত
দা, মুখত
একোটা বাঁহ, পিতল
বা আধতুৱাৰ ধঁপাত খোৱা নল। অসভ্যইতে একোটা নলত কেভথিনিমান গছৰ পাত ভৰাই ভাভে জুই
দি হুপিছে। দুটা গাহৰি পেলাই লৈ দুডাল শেল পোকৰেৰে বিন্ধি মুখেৰে উলিয়াই গাহৰি
হাল বধিলে। ভাৰ পাছত গাহৰি দুটাক গোটে গোটে জুইত সেক দি ভেজ-কুৰ বই থাকোঁতে
থাকোঁতেই ডোথৰে ডোথৰে কাটি খাবলৈ ধৰিলে। ৰাক্ষসহঁতৰ পেট ভৰিল। তেতিয়া একোটি
সাক্ষাত্ বনৰ পশু দৰে হাত সাবটি ভৰি মেলি মেলি বহিল।
সিহঁতৰ আজি বৰ মেল। বাৰেগাম
চাপিছে। কিবা এটা কভা হেনো বিচাৰ কৰিব। পশুহঁভৰ আজি জানিবা চেচন আদালত বহিল।
ক্ৰমে বেলি দুপৰ হল । সিহঁত এইদৰে
বহিয়েই আছে। প্ৰত্যেকৰে হাতত চোকা চোকা তৰোৱাল, ভীৰ,
ধনু ইত্যাদি। সিফালে সিহঁতৰ এটা দেওধায়ে দুটা কুকুৰা কণী লৈ হু হুঃ হাঃ হাঃ
ইত্যাদি শব্দ কৰি মঙল চাইছে।
এনেতে ৰেবাং, কেদিং, তামেং, লাইপুং
ইত্যাদিকে প্ৰমুখ্য কৰি এজাক মিৰিয়ে পানেই আৰু জাঙ্কিক আনি উপস্থিত কৰিলে। I হতভাগা
হতভাগিনী দুয়ো থকথক কৰি কঁপিবলৈ ধৰিলে। বুজিলে যে আজি সিহঁতৰ এই নৃশংসহঁতে কিবা
এটা কৰিব। দুয়োটাৰে কঁকালত দুডাল জৰী। সেই জৰী দুডাল আকৌ যোৰা লগা। অর্থাত্ দুইকো
একোডাল ডোলেৰে বন্ধা। সিহঁতে আহি আঁঠু লৈ বাৰেগামৰ আগত পৰিল। তেতিয়াই পৰ্বতীয়া
মিৰিবিলাকৰ ভিতৰত বেবেৰিবাং তর্ক-বিতর্ক হৱ ধৰিলে। তাৰ অৰ্থ মোৰ ডেকা-গাভৰুৱে
ভালকৈ বুজিব নোৱাৰিলে। সেই বাৰেগামৰ এটা বয়সিয়াল মিৰিয়ে সিহঁতে বুজি পোৱাকৈ
সুধিলে-
“তহঁত
চোৰ চুৰুণী হয়নে নহয় ?”
জঙ্কি ” কেতিয়াও নহয়।
ভেভিয়া সেই বুঢ়া গামটোৱে ৰেবাং, তেবাং ইত্যাদিক
মাতিলে। সিহঁত আহি উপস্থিত হল। তেতিয়া সিহঁতক সুধিলে-
“তহঁতে
এহেঁড হালক কত পাইছিলি?"
ৰেবাং-”দুইকো একেলগে নিশা মোৰ ঘৰতে ধৰিছোঁ।” বাৰেগাম-"এতিয়া চোৰ চুৰুণী
তহঁতে কি কর?” জঙ্কি”
একেলগে থাকিলেই যে আমি পাপ কৰিছিলো সেইটো নহয়। আমি একে গাঁৱৰে মানুহ, সৰুৰে পৰা
একেলগে আছিলো। সেই বাবে দুইকো দেখা হৈ মুঠেই কথা বতৰা পাতিছিলোঁ।” ৰেবাং -
"ভই মোৰ ঘৰত ৰাতি দুভাগতহে কথা পাতিবলৈ পাৰিছিলি?” তাৰ পাছত সি
বাৰেগামলৈ চাই কলে-
“বাৰেগাম। এই অপৰাধীহালক শাস্তি দিবই লাগে।
ইহঁতে (বাৰেগামলৈ চাই) পাপো কৰিছে আৰু এতিয়া বাৰেগামৰ আগত আকৌ মিছাও মাতিছে। ”
বাৰেগাম-”ৰবি; তহঁত আৰু অলপ পৰ ৰ।”
সেই অলপ পৰৰ ভিতৰতে সিহঁতৰ দেওধালে
কুকুৰা কণী দুটা লৈ হাজিৰ হল। কিন্তু বাৰেগামৰ ফাললৈ চাই কথা নৌ-কওঁতেই সি আমাৰ
ডেকা-গাভৰুলৈ এবাৰ চালে। ডেকা-গাভৰু হালক দেখি এই দেওধাইটোৰ হৃদয়তো কৰুণাৰ উদ্ৰেক
হল। কিন্তু তত্ক্ষণাত্ আকৌ ৰেবাঙৰ চকু তাৰ চকুৱে চকুৱে পৰিল। তত্ক্ষণাত্
দেওধায়ে মনতে কোচ থাই কলে-
“বাৰেগাম-ইহঁত দোষী। মঙ্গলে কৈছে। "
বাৰেগাম-” চোৰ চুৰুণী এতিয়া তহঁতে
কি কর?”
এইবাৰ পানেই জঙ্কিয়ে একোকে উত্তৰ
কৰিব নোৱাৰিলে। সিহঁতে জানিলে যে সেই পিশাচহঁতৰ পৰা সিহঁতে কেতিয়াও উচিত বিচাৰ
নাপায়। নিৰাশ মনেৰে ৰল। কিন্তু সিহঁতে তেতিয়াও নাজানিছিল সিহঁতকনো কি কৰিব।
তাৰ পিছত বাৰেগামে জঙ্কিলৈ চাই কব ধৰিলে-
“চোৰ। তই যে ৰেবাঙৰ ঘৰত চুৰ কৰিছিলি তই আমাৰ
বাৰেগামৰ দস্তৰমতে বাৰেগামক গাহৰি, মেথোন, মদ, ভাত ইত্যাদি দিব পাৰিবিনে? এই চুৰুণীক “দেওমণি” ( ক ) “দেওঘটি” (খ) দি নিব পাৰিবিনে?”
জঙ্কিয়ে জানিলে যে ভাৰ টকা-কাড়ি
যি আছিল তাকো আগেয়েই মিৰিহঁতে কাঢ়ি নিছে। এতিয়া সি পৰৰ ঘৰত আছে। কত টকা পাব।
উত্তৰ কৰিলে-"কত পাম?”
বাৰেগাম-"কত পাম? যদি নাপাৱয়েই তেন্তেনো ভই কুকুৰে কেলেই ৰেবাঙৰ ঘৰত চুৰ কৰিছিলি?” জঙ্কি -”মই চুৰ কৰা নাই। যদি কৰিছোঁও আমাৰ ভৈয়ামৰ মানুহকহে কৰিছোঁ।
ৰেবাঙৰ নিজা মানুহ কাকো চুৰ কৰা
নাই।”
বাৰেগাম- আমাৰ বাৰেগামৰ দেশত সকলো
সমান কথা। তেতিয়া বাৰেগামহঁতে বিং বিং বাং বাং কৰি অলপ পৰ নিজৰ ভিতৰতে মেল পাতিব
ধৰিলে। অৱশেষত হুকুম দিলে।
ষষ্টদশ অধ্যায়ৰ মিৰি ভাষাৰ শব্দৰ
ভাঙনি (ক) তিব্বতৰ ফালৰ পৰা পৰ্বতীয়া মিৰি আৰু ডফলাইতে কিছুমান ডাঙৰ ডাঙৰ মাৰবলৰ
মণি আনে। ভাৰে এজাতক দেওমণি বোলে। দেওমণিৰ দাম বৰ বেছি।
দেওঘটিঃএইটি আধতুৱাৰ। আমাৰ গোসাই
পূজাৰ ঘণ্টাৰ দৰে। ইও তিব্বতৰ পৰা আহে। আমাৰ চকুত ইয়াৰ এটকি দাম হলেই যথেষ্ট।
কিন্তু মিৰি আৰু ডফলাই সিহঁতৰ দেওঘটিক বৰ মূল্যবান বুলি ভাবে। আমাৰ সোণৰ খাৰুৰ যি
দাম সিহঁতৰ মনত দেওঘটিৰো সেই দামেই। বস্তুটো দেখিবলৈ আপচু তত্রাচ ইহঁতে একোটা
দেওঘটি দুই তিনিশ টকা দিও কিনে। দেওঘটিৰ নিমিত্তে পৰ্বতীয়া মিৰি ডফলাৰ সদায়
কটাকটি হৈ থাকে। দেওঘটি যাৰ ঘৰত থাকে সি তাক পুতি খয়। যাতে কত আছে সেই কথা কোনেও নাজানে।