শান্তিৰাম ভৰুত
মিঙ্গিমাহাত
বিদায় লৈ পদুমী বন্দীঘৰবিলাকৰ ওচৰলৈ আহিল। আৰু এটি দুটিকৈ বন্দীঘৰবিলাক চাই
শাস্তিৰাম ভকত থকা থকা ঘৰটোৰ দুৱাৰমুখত থিয় দিলেহি। তেওঁ দুৱাৰমুখত থিয় হোৱা
মাত্ৰেই দুৱাৰ-ৰখীয়া মানটোৱে কলে —“আই! বন্দীশালৰ ভিতৰলৈ সেনাপতিয়ে কাকো সোমাবলৈ
নিদিয়ে।” পদুমীয়ে কলে – “মোক সেনাপতিয়ে সোমাবলৈ অনুমতি দিছে। বাৰু হয়নে নহয়
এই আঙঠিটো চা” এই বুলি আঙঠিটো দেখুৱালে। দুৱাৰৰখীয়৷ মানটোৱে তেতিয়া দুৱাৰ এৰি দি
নিজৰ বহালৈ গ'ল । পদুমীয়ে
লাহে লাহে গৈ শান্তিৰাম ভকতৰ ওচৰ পালে আৰু তেওঁৰ কাষত বহিলগৈ ।
যেতিয়া পছমী গৈ ঘৰৰ
ভিতৰত সোমাইছিল, শাস্তিৰাম ভকতে
তেতিয়া খেৰ একোচাৰ ওপৰত পৰি তন্দ্ৰা গৈ আছিল ।
ভকতৰ আজি
চাৰি-পাঁচ দিন ভাত-পানী নাই । মানহঁতে বল কৰি তেওঁৰ মুখত মদ-ভাত কঁটিয়ালেও, তেওঁ সেই মদ-ভাত,
গলৰ পৰা সিফাল
নকৰিছিল। অনাহাৰে মৰিব তেও অবস্তু স্বইচ্ছায় ভোজন নকৰিব এইটো দৃঢ় প্রতিজ্ঞা মনতে
ৰাখি তেওঁ
মনোমতী
আজি চাৰি পাঁচ
দিনে জলগ্ৰহণ কৰা নাছিল ৷ ভোক লঘোনৰ বাই-জাইত তেওঁ খেৰ এসোপাব ওপৰত পৰি তন্দ্ৰা গৈ
আছিল । সেই তন্দ্ৰাৰ ভিতৰতে কিবাকিবি সপোন দেখিছিল। তেওঁ দেখিছিল তেওঁ যেন
তাহানিখনৰ ৰংপুৰত আছে। তাত যেন তেওঁ এটি চিকন বস্তু পাইছে । সপোনতে ভকতে ফেকুবি
ফেকুৰি কান্দি উঠিল ; আক এবাৰ শুনা
নুশুনাকৈ “পছমী” বুলি চিয়ৰ মাৰি উঠিল। এনেতে তেওঁৰ তন্দ্ৰা ভাঙিল । সিবাগবৰ পৰা
ইবাগৰ মাৰি চকু মেলিলে। চকু মেলিয়েই দেখিলে যে দৰাচলতে তেওঁৰ ওচৰতে এজনী গাভৰু
বহি আছে। শান্তিৰামে গাভৰুজনী বহি থকাটোও আচল নে সপোন এইটো থিৰ কৰিবলৈ চকু দুটা
মোহাৰিলে । চকু মোহাৰি চাই দেখে যে সেই গাভৰুজনী তেতিয়াও তেওঁৰ চকুৰ আগতে বহিয়েই
আছে। শেহাই শেহাই সুধিলে— “কোন তুমি? কেলেই ইয়ালৈ আহিছা ?” পদুমী—“মই পদুমী।” শান্তিবামে উচাব খাই কলে – “তুমি পহুমী ? তুমি মোৰ সেই
প্ৰাণৰ পহুম ? জীউ, আহা তোমাক বুকৰ
ভিতৰত সুমাই থওঁ।” পছমী—“মোক নুচুব। মোক চুই দেহটো অশুচি নকৰিব।” শাস্তিৰাম —
“কিয় পহুম ? কিয় ?” পদুমী— “মোৰ
দেহটো অশুচি হৈছে। আপুনি এতিয়াও ভালে আছে।” শান্তিৰামে পছমীব এই কথা শুনিলে। কথাৰ
ধাল বুজিব পাৰিলে। ৰ লাগি একুৰা জুইৰ পোহৰত শান্তিৰামেও পছমীৰ ফাললৈ
চাই ব’ল, পদুমীয়েও
শাস্তিৰামৰ ফালে চাবলৈ ধৰিলে । তুইকে| দুইও এইদৰে
নামাত-নাবোল হৈ ভালেখিনি পৰ চাই –
শাস্তিৰাম ভকত
দুইৰো চকুৰে
দুধাৰ লে| ববলৈ ধৰিলে। অলপ
মনক সুস্থিৰ কৰি শান্তিৰাম ভকতে কলে – “পদুমী! তুমি মোক এৰি ইমান দিনে কেনেকৈ
আছিলা ? বুকৰ জীউ ! মই
তোমাক নেপাই কিমান যে কান্দিছোঁ তাক ঈশ্বৰেহে জানে। মোৰ অন্তৰখনক এতেদিনে একুৰা
তুইৰ জুয়ে পুৰি দেই মাৰিছে। আজি তোমাক দেখি আৰু তোমাৰ কথা শুনি মোৰ নুমুৱা
জুইকুৰা শতগুণে জ্বলি উঠিল। লাহৰি ! এতেদিনে ক'ত আছিল৷ কি কৰিছিলা কোৱাচোন।” পছমীয়ে ভকতৰ এই কথা শুনি
চকুৰ লো টুকি টুকি কবলৈ ধৰিলে – “আপুনি শোক নকৰিব । শান্ত হওক । মই সকলো কথাকে কম।
সাহতে আপুনি আজি এই কেইদিন লঘোনে আছে। মই আপোনালৈ অলপ বস্তু আনিছোঁ খাওঁক।” পদুমীৰ
এই কথাত শান্তিবাম ভকতে কলে – “পছমি ! মোৰ ভোকেই বা কি লঘোনেই বা কি, খোৱাই বা কি মৰাই
বা কি, সকলো সমান।”
পছমী— “ নহয় প্রিয়তম ! দুখনি চৰণত ধৰিছোঁ মই দুটি ফল আনিছোঁ খাব লাগে। খাই অলপ
সুস্থ হব লাগে ।” পদুমীৰ এই কথাত শান্তিৰামে কলে— “বাৰু ! কি আনিছা দিয়া” এই বুলি
হাত মেলিলে, পদুমীয়ে
নাৰিকলটো আৰু টেঙাটো আগবঢ়াই দিলে। শান্তিৰাম ভকতে কটাৰীৰে জৰা টেঙাটো কাটিলে, নাবিকলটো ভাঙিলে ; তাৰ পাছত ইষ্ট
দেৱক স্মৰণ কৰি পদুমীৰ আক্রোশ এবাব
নোৱাৰি সেই টেঙা আৰু নাৰিকল খাই সুস্থ হৈ পছমীক সুধিলে—
“কোৱাচোন পতুমি ! তুমি এতেদিনে ক'ত আছিলা, কি কৰিছিলা ?” পহুমীয়ে
মনোমতী
কলে — “প্রিয়তম ! আপুনি
আমাক ৰংপুৰত এৰি থৈ আহিবৰ ছমাহ মানৰ মূৰত এই মানহঁত আহি ৰংপুৰ পালে ৷ তাতে সিহঁতে
আন আন মানুহৰ লগে লগে মোৰো আই, ভাই, বোপাই, ককাই এটাইবিলাককে কাটিলে।
আমাৰ থকা ঘৰ- দুৱাৰবিলাক জুই লগাই পুৰিলে । সকলোকে কাটিমাৰি পিশাচহঁতে অকল
পাপিনীকে সংসাৰত পাপ বঢ়াবলৈ জীয়াই ৰাখিলে।” শাস্তিৰাম—“তোমাকনো মানহঁতে কিয়
নাকাটিলে ? তুমিনো তাৰ পাছত কি
কৰিছিলা ? ” পহুমী—“ বেটীৰ পাপৰ কথা
কি কম । বেটীৰ ৰূপেই হৰিণাৰ মাংসৰ দৰে বৈৰী হ'ল। পিশাচহঁতৰ সেনাপতিয়ে
মোক প্ৰাণে নামাৰি মোৰ গাটো চুৱা কৰিলে। মই এতিয়া
মানৰ সেনাপতিৰ তিৰুতা।”
শান্তিৰাম— ( কান্দি আৰু চকুৰঙা কৰি ) “কি ! মানৰ সেনাপতিৰ তিৰুতা! হায় বিধতা। তুমি মোক এই কথা শুনাবলৈকেহে এতেদিন জীয়াই ৰাখিছিলা ? মোৰ মূৰত ইন্দ্ৰৰ চৰ নপৰিল কেলেই! মই আগেয়ে মৰিব নেজানিলোঁ কেলেই।” এই বুলি
শাস্তিৰাম ভকতে আকৌ কান্দিবলৈ ধৰিলে ৷ ভালেখিনি পৰৰ মূৰত শোক সামৰি চকুৰ লো মছি কবলৈ ধৰিলে—
“পদুমি ! লাহবি ! তোমাক মই নোদোখোঁ। মোৰ এই কপালখনকহে দোষিম;
তুমি কি কৰিবা।
সকলো সেই নজনা-জনায়ে কৰিছে।
কিন্তু মই এতেদিনলৈ জীয়াই থাকিব নেলাগিছিল। বাৰু
পছমি! এটা কথা সোধোঁ । কোৱাচোন, এনেকুৱা অৱস্থাত মৰাটো
সুখ নে দুখ।” পদুমী – “মই সেই কথা কেনেকৈ কম।
শাস্তিৰাম ভকত
মৰিব পৰাটো সহজ
হোৱা হলে মইয়ে এতেদিনে জীয়াই নেথাকিলোঁহেতেন।” শাস্তিৰাম – “বাৰু মই যদি আজি
মৰোঁ মোৰ লগতে তুমিও মৰিব পাৰিবানে ?” পহুমী—“মোৰ এতিয়াও মৰিবলৈ সাহ নহয় । মই নিজে মৰিম বুলি
মৰিব নোৱাৰোঁ। সদাহতে মোৰ মৰিবলৈ ইচ্ছাও নাই। মোৰ অলপ কাম সাধিবলৈ বাকী আছে।”
শান্তিৰাম – “তুমি মৰিবলৈ ভয় কৰিলা । বাৰু মই অকলৈ মৰিলে তোমাৰ মনত কিবা বেজাৰ
হবনে ?” পহুমী— “মই
পাপিনীৰ কথা শুনে যদি আপুনি মৰিবৰ বাঞ্চা এৰক। আত্মহত্যা মহাপাপ । আত্মঘাতীৰ হেনো
ইকালতো সুখ নাই আৰু সিপুৰীতো গতি নাই। আপোনাৰ ভালেমান দিনকাল আছে। সংসাৰত যি কামৰ
নিমিত্তে আহিছে আগেয়ে তাক কৰক । যেতিয়া মৰিবৰ সময় আহে তেতিয়া মৰিবইতো ।
সদ্যহতে মই উপায় কৰি আপোনাক পলুৱাই দিওঁ ৷ আপুনি ওলাই গৈ মোলৈ সকলো মৰমকে ত্যাগ
কৰি সুখেৰে আকৌ গৃহস্থী কৰকগৈ । মোৰ নিচিনা পাপিনী তিৰোতা এজনীৰ নিমিত্তে আপোনাৰ
বহুমূলীয়া জীৱনটোক কেলেই কষ্ট দিব লাগিছে ?” শাস্তিৰাম – “লাহৰি ! মানুহে হেনো সংসাৰত আশাৰ বলতেহে
জীয়াই থাকে ৷ মোৰ জীৱনৰ
দেখোন সকলো আশাই লোপ পালে ;
এনেস্থলত মোৰনো
জীয়াই থকাৰ সকাম কি ? মই ইয়াতেই
থাকিম ৷ মানহঁতে মোক কাটি পেলাওক সিও ভাল হব।” পদুমী – “আপুনি এইটো অবুজৰ কথা কলে । আপুনি জনা
বুজা মানুহ ৷ আপুনি
ইয়াৰ পৰা ওলাই যাব পাৰিলে
মনোমতী
এক উপায় কৰি
আপোনাৰ আশ্রয়দাতা বৰনগৰীয়া বৰুৱাক, তেওঁৰ জীয়েক আদিক উদ্ধাৰ কৰিব পাৰিব।” শান্তিৰাম— “পছমি ।
মইনো তেওঁবিলাকক উদ্ধাৰ কৰিবৰ কোন ? সকলো হৰিৰ ইচ্ছা। তেওঁ উদ্ধাৰ কৰিব লাগে যদি কৰিব।” পছমী—
“মোৰ সামান্য বুধিৰে এইটো বুজে৷ যেই সেই কামকে হৰিৰ ইচ্ছা বুলি একো নকৰি হাত সাবটি
বহি থাকিলে হৰিয়ে আহি সেই কাম কৰি নিদিয়ে। পুৰুষৰ পুৰুষাৰ্থ সততে কৰা যুগুত। সেই
দেখি মই আপোনাক খাটিছে৷ আপুনি দৰাচলতে যদি পুণ্য “সাঁচিব খোজে তেন্তে আপুনি ওলাই
গৈ বৰনগৰীয়া বৰুৱা আৰু আন আন বন্দী সকলৰ উদ্ধাৰৰ চেষ্টা কৰকগৈ । মই যেনে তেনেকৈ
কৈ মেলি আপোনাক পলুৱাই দিওঁ।” শান্তিৰাম— “লাহৰি ! তোমাৰ কি হব ?” পদুমী—“মই নিজৰ
বিষয়ে থিৰ কৰি থৈছোঁ। আপুনি চিন্তা নকৰিব।” শান্তিৰাম—“কি থিৰ কৰিছা কোৱাচোন
শুনো।” পদুমী – “মোক আপুনি সেই কথা মুসুধিব। কাৰ্য্যান্তৰে জানিব পাৰিব। বাৰু মই
আপোনাক এটা কথা সোধোঁ । মইও যদি ইহঁতৰ হাতৰ পৰা পলাই যাব পাবে৷ তেনেহলে আপুনি জানো
মোক গ্রহণ কৰিব ?” শাস্তিৰাম –
“কোনো কথা নাই। মই গ্ৰহণ কৰিম।” পদুমী – “কিন্তু মই যে চুৱা গৈছোঁ ?” শান্তিবাম—“পৰাচিত
কৰি তোমাক শুদ্ধ কৰি লম।” শাস্তিৰামৰ এই কথাত পছমীৰ চকুৰে দুধাৰ লো ব'লে । তাৰ পাছত
সেই লো মুছি কলে – “প্রিয়তম ! ঈশ্বৰে কৰে যদি মইও ইহঁতৰ হাতৰ পৰা পলাই যাম ।
আপুনি চিন্তা নকৰিব।”
শাস্তিৰাম ভকত
শাস্তিৰাম —
“পছমী ! ধন্য তুমি। বাৰু মই আৰু অলপ কথা সোধোঁ ৷ আমাৰ বন্দীবিলাকনো কোন ক'ত আছে ?” পদুমী— “প্রিয়তম
! আপোনাৰ এই ঘৰৰ সৌ পচিমৰ ঘৰটোত বৰনগৰীয়া বৰুৱা আছে। আপোনাৰ সৌ উত্তৰৰ ঘৰটোত এজন
ডেকা বৰুৱা আছে। গাৱঁৰ ওচৰৰ সৌ ঘৰটোত বৰনগৰীয়া বৰুৱাৰ জীয়েক আৰু তেওঁৰ সখীয়েক
আছে।” শাস্তিৰাম—“মানহঁতে কেলেইনো আমাক এনেকৈ বন্দী কৰি থৈছে ?” পদুমী- “প্রিয়তম
! এই পিশাচহঁতৰ একো সঁজাত নাই। সিহঁতে কৰিব নোৱাৰ৷ একোৱেই নাই। কেতিয়াবা সিহঁতে
আমাৰ মানুহ- বিলাকৰ যাকে যাকে সাহিয়াল দেখে তাকে তাকে সিহঁতৰ সাজ-পাৰ পিন্ধাই
জাতকুল মাৰি দোৱানীয়া কৰি লয়। কেতিয়াবা সিহঁতে বন্দীবিলাকক কাটি পেলায় আৰু
কেতিয়াবা কেতিয়াবা বন্দীবিলাকক ঘৰৰ ভিতৰত সুমাই লৈ দুৱাৰ বান্ধি ঘৰটোত জুই লগাই
দি পুৰি মাৰে।” শান্তিৰাম—“মাইকী মানুহবিলাককো তাকে কৰেনে ?” পদুমী— “প্রিয়তম
। ইহঁতে মাইকী মানুহবিলাককো প্রায় তাকে কৰে। কিন্তু ৰূপহী গাভৰু পালে জাতকুল মাৰি
সিহঁতৰ তিৰুতা কৰি লয়।” শাস্তিৰাম—“তুমি কব পাৰানে বৰনগৰীয়া বৰুৱাৰ ধৰ্ম্মীয়া
জীয়েক আৰু তেওঁৰ সখীয়েকক মানহঁতে ভালে ৰাখিছেনে নাই ?” পদুমী—“প্রিয়তম
! ইহঁতে তেওঁবিলাকৰ জাতকুল এতিয়াও মাৰিব পৰা নাই। কিন্তু আজি সেনাপতি তেওঁবিলাকৰ
ঘৰলৈ মদ খাই গৈছে । আজি তেওঁ
মনোমতী
বিলাকৰ জাতকুল ৰ'লেহে ৰোৱা ।”
শান্তিৰা— “ঈশ্বৰে যেন তেওঁবিলাকক ৰক্ষা কৰে।” পদুমী – “এৰা মইও হৰিৰ চৰণত খাটিছোঁ
তেওঁবিলাকৰ ধৰ্ম্ম যেন ৰক্ষা পৰে।” এইদৰে কথা- বতৰা পাতি উঠি পদুমীয়ে কলে –
“প্রিয়তম । এতিয়া মই যাওঁ বিদায় দিয়ক। কাইলৈ আহি মই আপোনাক মুকলি কৰি দিম । ”
এই কথা কৈ পহুমী ঘৰলৈ আহিল । শান্তিৰাম ভকত আকৌ বন্দীশালতে মৰাৰ দৰে পৰি থাকিল ।