আজি মাঘ মাহৰ পঞ্চমী তিথি । ৰাতি পুৱাইছে মাথোন । সূৰুয দেৱতাই পূৱৰ ফালৰ পৰা টল্বলীয়া হৈ একুৰা জুইৰ দৰে ৰঙা হৈ ওলাইছে। আকাশ নিৰ্ম্মল। ক'তো এফেৰিও মেঘৰ চিন নাই। কেৱল সূৰুয দেৱতাৰ দুইওকাষে পূৱৰ ফালে ছচটা ৰঙা মেঘে ৰেঙাইছিল। সেই ৰঙা মেঘৰ ছাঁ আৰু সূৰুয দেৱতাৰ ৰশ্মিয়ে ব্ৰহ্মপুত্ৰ নৈৰ পানীত পৰি নৈৰ পানীকো হেঙুলীয়া কৰিছিল। ব্ৰহ্মপুত্ৰৰ পানী থিৰ। নিজৰ গতিক বিৰোধ কৰিব পৰা সমান বলী শত্রু নাপাই যেন আজি ব্রহ্মপুত্র বাবাই থিৰ, নিতাল আৰু গম্ভীৰ ভাৱেৰে তেওঁৰ সকাম সাধি যাবলগীয়া ঠাইলে গৈ আছিল। ঠিক এনে সময়তে, এনে দিনতে ৰাতিপুৱাই ব্ৰহ্মপুত্ৰ নৈৰ পাৰত গোৱালপাৰা নগৰৰ উত্তৰ পাৰে হাদিৰা চকিৰ চাপৰি এটাত হাতে হাতে শেল, জাঠি, তৰোৱাল, হিলৈ লৈ পাঁচ হেজাৰ মানুহ গোট খাইছিল। এই মানুহ চাৰি দল । তেওঁবিলাকৰ পিছত অলপ আঁতৰত এখন চন্দ্ৰাতপ তৰি তাৰ তলত ৰূপৰ শৰাই এখন আগত লৈ এজন ৰজা৷ এই ৰজাজনেই অসমৰ শেষ ৰজা স্বৰ্গীয় চন্দ্ৰকান্ত সিংহ। মানৰ লগত গুৱাহাটীত এবাৰ যুঁজি মানক বলে নোৱাৰি তেওঁ গোৱালপাৰালৈ পলাই ডেভিডচন ছাহাবক সহায় খুজি সহায় নাপাই মৰণত শৰণ দি হাদিবালৈ পাৰ হৈ আহি চাৰি পাঁচ হেজাৰ সৈন্য গোটাই আৰু পঞ্জাবৰ পৰা পাঁচশমান শিখ আনি মানৰ লগত আজি এটা শেষ ৰণ দিবলৈ সাজু হৈছিল। কিন্তু তেওঁৰ মইনবৰিত থকা মানক আগচি গৈ ধৰিবলৈ বুধিফাকি নহ'ল ।
আগদিনাই—কটকী পঠাই মান ক'ত আছে, কি কৰিছে বুজ লোৱাই তেওঁ আজি তেওঁৰ সৈন্যবিলাকক যুঁজলৈ শাৰী কৰিলে। তেওঁৰ ৰণুৱা চাৰি ফৈদ। এজাক শিখ, এজাক আহোম, এজাক মচলমান আৰু এজাক অসমীয়া কোচ, কচাৰি, কলিতা। শিখজাকৰ চৈতন্য সিং, আহোম জাকৰ চাক, মচলমান জাকৰ মিৰদৌলা আৰু অসমীয়া জাকৰ কৃষ্ণৰাম নামেৰে চাৰি জন সেনাপতি।
শিখ আৰু মচলমানবিলাকে হাতে হাতে তৰোৱাল লৈ যুদ্ধক্ষেত্ৰৰ সোঁ হাতে, আহোমহঁত বাওঁ হাতে, আৰু অসমীয়া জাক মাজত আছিল । কোচ কচাৰি ৰণুৱাহঁতৰ হাতে হাতে শেল, জাঠি, ধনু আৰু কাড় । বাৰমান আহোমৰ হাততো ধনু আৰু কাঁড়। আহোমহঁতৰ আগত চাইটা বৰটোপ পতা ।
ৰণুৱাবিলাকে এইদৰে শাৰী হৈ সাজু হ'লত স্বৰ্গদেৱে সেনাপতি চাৰিজনকে মতাই নিয়ালে। তেওঁবিলাকে ৰজাৰ আগত গৈ আঠু ললে। ৰজাই পোনেই ৰূপৰ শৰাইৰ পৰা নিজহাতে তামোলপান লৈ শিখ সেনাপতি চৈতন্য সিংহক দি ক'লে—“সেনাপতি! মই শুনিছোঁ তোমালোকৰ সদৃশ বীৰ হেনো পৃথিবীত নাই । মোৰ এই ৰাজ্য মানে ছাৰখাৰ কৰিলে । আজিৰ যুঁজত যদি তুমি চন্দ্ৰকান্ত ৰজাক তেওঁৰ হৰোৱা সিংহাসন লৈ দিব পাৰা তেন্তে তুমি অসমৰ ৰজাক চিৰকৃতজ্ঞতাৰ জৰীৰে বান্ধি ৰাখিলা। জগতত তোমালোকৰ অক্ষয়' কীৰ্ত্তি ৰব।” ৰজাক এই সাদৰ সম্ভাষণত চৈতন্য সিংহে ক'লে— “মহাৰাজ ! মোৰ ৰণুৱাবিলাকে সৈতে স্বৰ্গদেৱৰ অৰ্থে নিজৰ মূৰ দিম । আপুনি জানিব যেতিয়ালৈকে শিখৰ গাত একবিন্দু তেজ থাকে, তেতিয়ালৈকে শিখে ৰণত পিছ ভৰি নকৰে।” ৰজাই ক'লে— “বীৰ ! তোমালোকৰ বীৰত্বক জগতে বখানে। বাৰু তুমি যোৱা।” ৰজাৰ এই আদেশ পাই চৈতন্য সিংহ নিজৰ ফৈদলৈ গ'ল । তেতিয়া শিখহঁতে “জয়। আসাম মহাৰাজা কী জয়” বুলি জয়ধ্বনি কবিলে।
চৈতন্য সিংহক সম্ভাষণ কৰি উঠি ৰজাই মিৰদৌলা আৰু কৃষ্ণৰামকো সেই দৰে গুৱা-পান দিলে। তেওঁবিলাক দুজনেও “আমি স্বৰ্গদেৱৰ অৰ্থে প্ৰাণ দিম” বুলি নিজ নিজ ফৈদলৈ গ'ল ৷ তেতিয়া তেওঁবিলাকৰ ৰণুৱাহঁতেও “জয় স্বৰ্গদেৱৰ জয় !” বুলি জয়ধ্বনি কৰিলে।
এই তিনিজন সেনাপতিক গুৱাপান দি এটাই ৰজাই চাৰুক মতাই নি ক'লে—“ভাই চাৰু ! চাচোন মানে আমাক কি কৰিবলৈ এৰা নাই। আমাক ৰাজ্যৰ পৰা খেদিলে৷ আমাৰ ৰাজ্য ছাৰখাৰ কৰিলে৷ আমাৰ লৰা তিৰুতা মাৰিলে । আজি যেন মানক ইয়াৰ উচিত প্রতিফল দিব পাৰ। আজি যেন মানৰ হাতৰ পৰা অসমৰ সিংহাসন কাঢ়ি লঙর। আজি যেন আহোমৰ নাম ৰয়।” চাৰুৱে ক'লে— “স্বৰ্গদেৱ ! আজিৰ যুঁজত মৰিমেই বা মাৰিমেই। হয় আজিয়েই আমাৰ ৰাজ্য ওলটাই কাঢ়ি লম, নহয় আজিৰ পৰাই আমাৰ আহোমৰ নাম মুমাওক,” এই দৰে কই তেৱোঁ ফৈদৰ ভিতৰলৈ আহিল । ইয়াৰ পিছতেই আহোমহঁতে ধনঞ্জয় ঢোল কোবাবলৈ ধৰিলে। এইদৰে ধনঞ্জয় ঢোল কোবোৱা হ'লত ৰজাৰ ওচৰৰ পৰা এজন বিখ্যাত ভাৱৰীয়া উঠি গৈ আহোম আৰু অসমীয়া সৈন্যক উছাহ দি গালে—
( 1 )
উঠা বীৰ সৱ উঠা কাচি পাৰি ৷ সমুখ ৰণত হোৱা শাৰী শাৰী ৷ লোৱা অস্ত্ৰ তুলি যাৰ ভাগে যেনে । বধাহে মানক আজিৰ ৰণে ॥
( 2 )
তোমাৰ দেশক নিলে মানে কাঢ়ি । তোমাৰ ভেটিত গজালে দুবৰি ৷৷ তোমাৰ ৰজাক পেলালে খেদি । লাগেনে আৰু বিলাই বিপতি ?
তোমাৰ কিনো নকৰিলে মানে ? তোমাৰ শিশুক বধিলে প্ৰাণে ॥ তোমাৰ ভাইক পেলালে কাটি । তোমাৰ তিৰীৰ মাৰিলে জাতি ৷
(8)
বীৰ যদি হোৱা তোমাসকলোৱে । লোৱা অস্ত্ৰ তুলি যাৰ ভাগে যেনে ৷ কৰাহে সইত দেৱতালৈ চাই । কাটিম মানক আজিৰ ৰণে ৷৷
( 5 )
বধিম মানক সমুলঞ্চে আজি । নথওঁ নথওঁ নথওঁ মান ৷৷ থুকুচি থুকুচি কাটিম মান । তেবেসে জুৰাম তাপিত প্ৰাণ ॥
(৬) ৰাক্ষস পিশাচ পাষণ্ড মান ৷ কাটিম কাটিম কৰি খান খান | গুচাম গুচাম দেশৰ বৈৰী । ৰাখিম কীৰিতি জগত জুৰি ৷৷
জয় অসমীয়াৰ জয়
জয় স্বৰ্গদেৱৰ জয়
গোৱা বীৰসৱ সৱে বাহু মেলি । কৰাহে সইত দেৱতালৈ চাই ৷
ৰাক্ষস পিশাচ পাষণ্ড মান ।
কাটিম কাটিম কৰি খান খান ৷
ভাৱৰীয়াজনে এইদৰে উছাহ পদ গোৱা হ'লত সৈন্যবিলাকে
একেমুখে— “জয় অসমীয়াৰ জয় !” “জয় স্বৰ্গদেৱৰ জয়!”
এইদৰে জয়ধ্বনি কৰি সাজি কাচি ৰ'ল ।
বেলি অলপ অলপ কৰি লাহ দিলে। চন্দ্ৰকান্ত ৰজাৰ ৰণুৱাহঁতে সাজি কাচি ৰৈ আছে; এনেতে পূব ফালৰ পৰা মূৰত ৰঙা আৰু হালধীয়া কাপোৰ মেৰাই অসংখ্য মান হাদিৰাৰ ফালে আহিবলৈ ধৰিলে। মানহঁতক অহা দেখি স্বৰ্গদেৱৰ ৰণুৱাবিলাকে হাতে হাতে অস্ত্ৰ লৈ যুঁজৰ নিমিত্তে সাজু হ'ল; মানহঁতেও হাদিৰালৈ আহি সমুখতে অসমীয়া ৰণুৱা দেখি যুঁজৰ শাৰী পাতিলে আৰু কিৰিলি মাৰি বাৰিষাৰ বৰষুণৰ দৰে অজস্ৰ কাড় মাৰিবলৈ ধৰিলে। অসমীয়া সৈন্যেও “জয় স্বৰ্গদেৱৰ জয়” এই বুলি জয়ধ্বনি কৰি কাঁড় মাৰিলে। চাই থাকোতে থাকোঁতেই মানৰে আৰু অসমীয়াৰে তুমুল যুঁজ লাগিল ৷ চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে দুইও সৈন্যৰ যুঁজ লাগোতেই নিজক আপদৰ পৰা আঁতৰত ৰাখিবলৈ মন কৰি ততাতৈয়াকৈ তেওঁৰ চৰা নাৱত উঠিলগৈ আৰু নাও অলপ ভটিয়াই দি পুৰৈৰ পৰা যুঁজৰ শেষ ফললৈ বাট চাই ৰ'ল ।
ইফালে দুইও সৈন্যব ঘোৰ যুঁজ চলিল। চাৰু সেনাপতিৰ আহোমবিলাকে একে একে ছটা বৰটোপ মাৰিলে । তাতে প্রায় হেজাৰ বাৰশ বগুৱা পৰিল। মানৰ শৰত অসমীয়াৰে৷ হেজাৰ বাৰশ ৰণুৱা পৰিল। অসমীয়া ৰণুৱাই বৰটোপ মৰা দেখি মানহঁতে মনতে ভয় পাই আঁতৰব পৰা যুঁজ কৰি অসমীয়াক বলে নোৱাৰিব বুলি জানি সকলোৱে একেমত হৈ হাতত মুকলি তৰোৱাল লৈ খেদি আহি অসমীয়া ৰণুৱাৰ ওপৰত পৰিল । মানব সৈন্য পোন্ধৰ ষোল হেজাৰ ; অসমীয়াৰ মুঠেই চাৰি হেজাৰ । এদগুমান বেলি ছইও দলৰে ঘোৰ হতাহতি ৰণ হ'ল । অৱশেহত মানৰ সৰহ সৈন্যৰ আগত অসমীয়া সৈন্য ৰব নোৱাৰাত পৰিল। অসমীয়া সৈন্য অলপ চিৰিলি বিৰিলি হবলৈ ধৰিলে । মানহঁতে ইয়াকে দেখি উলাহমনে কিৰিলি মাৰি আকৌ ঘোৰ হতাহতি ৰণ কৰিলে। সেই বাৰৰ ৰণত আহোম সেনাপতি চাৰু পৰিল। চাৰুক পৰা দেখি আহোমবিলাক পলাবলৈ ধৰিলে ৷ আহোমক পলোৱা দেখি কৃষ্ণৰামৰ ৰণুৱাহঁতেও পলাবৰ অভিপ্ৰায় কৰিলে। ইয়াকে দেখি কৃষ্ণৰামে ক'লে— “ বীৰ সৱ ! তোমালোক যদি পলোৱা তোমালোকৰ জীৱনক ধিক্ মানে তোমাৰ কিনো নকৰিলে ভাবি চোৱা । পলাবৰ সকাম নাই। পলাই তিৰুতাৰ দৰে মৰাতকৈ ৰণত মৰি বৈকুণ্ঠী হোৱা ভাল । যাৰ সাহ আছে সি যেন পিছ নোহোঁহকে। চা মই মৰিবলৈ ভয় নকৰে৷” এই বুলিয়েই কৃষ্ণৰাম আকৌ ঘোৰ ৰণত সোমাল । তেওঁৰ তেজোময় বাক্যত উৎসাহিত হৈ আকৌ গোটেইবিলাক ৰণুৱায়ে যুঁজৰ মুখে উলটিল ।
ইফালে মিৰদৌলা আৰু চৈতন্য সিংহৰ ফৈদত অপূৰ্ব্ব যুঁজ চলিল। মিৰদৌলাৰ মচলমানহঁত আৰু চৈতন্য সিংহৰ শিখহঁত ৰণত মুঠেই পিছ ভৰি নহল। মচলমানহঁতে “আল্লা হু আকবৰ” বুলি ধ্বনি কৰি আৰু শিখহঁতে গুরুনানকক স্মৰি মৰণত শৰণ দি মানহঁতে সৈতে হতাহতি যুঁজ কৰিলে । অসভ্য মানহঁতক থুকুচি থুকুচি কাটিলে ; কৃষ্ণৰামেও চৈতন্য সিংহ আৰু মিৰদৌলাৰ লগত লগ লাগি উলাহ মনেৰে মানক কাটিলে ; এইদৰে চাৰিদাড় সময় তুমুল যুঁজ হ'ল। কিন্তু অসমীয়াৰ সৈন্যৰ সংখ্যা মানৰ সৈন্যৰ সংখ্যাৰ লগত তুলনাত নিচেই কম হোৱাত মানক পিছ হোঁহকাব নোৱাৰিলে। মানৰ সৈন্যৰ অস্ত্ৰৰ মুখত অসমীয়া সৈন্যৰ সংখ্যা ক্রমে কমি যাবলৈ ধৰিলে । অৱশেহত দৃশমান মচলমান, তিনিশমান শিখ আৰু পাঁচশ মান কোচ আৰু কচাৰিত বাজে অসমীয়াৰ সৈন্য নোহোৱাত পৰিল । মানহঁতে ইয়াকে দেখি কিৰিলি মাৰি আকৌ যুঁজ আৰম্ভ কৰিলে । সেই বাৰৰ যুঁজত মচলমানৰ সেনাপতি মিৰদৌলা পৰিল । মচলমানহঁতে তেওঁবিলাকৰ সেনাপতি পৰাতো যুঁজ নেৰিলে ।
চৈতন্য সিংহ যুঁ জি থাকোঁতে এবাৰ কৃষ্ণৰামক লগ পাই ক'লে —“ভাই ! তেওঁবিলাক দুজনতো গলেই । আহা আমিও অসমীয়া ৰজাৰ অৰ্থে প্ৰাণ উছৰ্গা কৰোঁ।” কৃষ্ণৰামে ক'লে— “এৰা বীৰ !
ৰজাৰ হকে আমাৰ যুঁজি মৰাই ভাল” এই বুলি ছইও বীৰে ওচৰা ওচৰি কৰি হাতত তৰোৱাল লৈ যুঁজিলে । পঞ্জাবী সকলে আৰু মচলমান কচাৰিবিলাকেও জীৱনৰ আশা এৰি মানৰ লগত যুঁজিলে। এইদৰে আকৌ হুদণ্ডমান বেলি হতাহতি ৰণ হ'ল। অৱশেহত অসমীয়া সৈন্যৰ সংখ্যা নিচেই তাকৰ পৰিল । চল্লিশ পঞ্চাশজনমান শিখ, ত্রিশ চল্লিশ জন মচলমান আৰু পঞ্চাশজন মান কচাৰিত বাজে অসমীয়াৰ সৈন্য নোহোৱা হ'ল । মানহঁতে দুইওজন সেনাপতিকে বেঢ়ি লৈ অস্ত্ৰ চলাবলৈ ধৰিলে । অৱশেহত যুঁজত ভাগৰ লাগি কৃষ্ণৰাম অৱশ হ'ল। তেওঁৰ হাতৰ তৰোৱাল শুলকি পৰিল। চৈতন্য সিংহলৈ চাই ক'লে— “বীৰ মই আহিলোঁ।” চৈতন্য সিংহে ( ১ ) ক'লে— “ভাই যোৱা ৷ মইও যাব লাগিছে৷” এই বুলি চৈতন্য সিংহ আকৌ যুঁজত সোমাল। কৃষ্ণৰামক মানহঁতে বেঢ়ি ধৰি অস্ত্ৰ চলালে। কৃষ্ণৰাম লাহে লাহে অৱশ হ'ল। ঈশ্বৰক স্মৰি বীৰ কৃষ্ণৰামে অনস্ত কাললৈকে চকু মুদিলে ।
ইফালে মানৰ যুঁজত বীৰ চৈতন্য সিংহ পৰিল। তেৱো গুৰু নানকক স্মৰি অসমীয়া ৰজাৰ অৰ্থে প্ৰাণ এৰি বৈকুণ্ঠী হ'ল ।
হাদিৰাৰ যুঁজত মানৰ জয় হ'ল। অসমীয়া ৰজাৰ সিংহাসন পোৱাৰ আশা একেবাৰে গ'ল। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে চকুৰ লো টুকি টুকি নাও ভটিয়াই দিলে। মানহঁতে হাদিৰা চকিত কোঠ মাৰিলে ।