মানৰ মেল
সেই নিশা মানহঁতৰ
বাহৰত এইবিলাক ঘটনা হৈ যোৱাৰ পিছদিনা ৰাতিপুৱা সকলোবিলাক মানেই শুই উঠি মুখহাত ধুই
চেলুৱই খাই মিঙ্গিমাহাৰ ঘৰলৈ আহিল। মিঙ্গিমাহাই এটাইবিলা- ককে বহিবলৈ দিলে ।
সিহঁতে দিহাদিহি বহিলত মিঙ্গিমাহা তিলোৱাই আগ নিশা আহি পোৱা মান কটকীটোক মতাই আনি
তাৰ হাতৰ পৰা চিঠিখন লৈ সেই চিঠিখন দোৱনীয়া এটাক পঢ়িবলৈ দিলে। দোৱনীয়াটোৱে
চিঠিখন পঢ়ি শুনালে । তাত লেখা আছিল—
(ক) “মানৰ
সেনাপতি—
তোমাৰ চিঠি
পাইছোঁ। তুমি চন্দ্ৰকান্ত ৰজাক
সহায় নকৰিবলৈ আমাক হুমিয়াই চিঠি লিখিছা। মানৰ গৰজনিলৈ কোম্পানি বাহাদুৰে
তিলাৰ্দ্ধ মাত্রও ভয় নকৰে এইটো ধুৰুব বুজিবা । চন্দ্ৰকান্ত ৰজাক সহায় কৰা নকৰাৰ
বিষয়ে এতিয়াও একো থিৰাং হোৱা নাই। শুনিছোঁ তোমালোকৰ অত্যাচাৰত হেনো অসম দেশ
জ্বলা-কলা হ'ল৷ যি কি নহওঁক
তোমালোকে এটা কথাত সাৱধান থাকিবা। অসম ৰজাৰ ৰাজ্যত যি কৰিছা কৰিছা, কিন্তু তোমালোকে
কোম্পানিৰ ৰাজ্যৰ ভিতৰত
মনোমতী
এখোজকে ভৰি
নিদিবা। যদি তোমালোকে কোম্পানিৰ ৰাজ্যৰ ভিতৰত কোনো মানুহৰ ওপৰত অত্যাচাৰ কৰা অথবা
কোম্পানিৰ ৰাজ্যৰ ভিতৰত সোমোৱা তেন্তে নিশ্চয় বুজিবা কোম্পানিৰে সৈতে তোমালোকৰ
যুঁজ লাগিব । কোম্পানি বাহাদুৰৰ বৰ হিলৈৰ আগত— তোমালোক বৰ্ম্মিজ শিমলুতু লা উৰাদি
উৰিবা। সাৱধানে থাকিবা।” ইতি
“গোৱালপাৰা”,}
“চহি—কাপ্তান ডেভিড চন্”
১৮২৩।
মহাত্মা ডেভিড
চন্ চাহাবৰ এই চিঠি শুনি মানহঁত খঙতে জ্বলি উঠিল । ডেকা তৰপৰ মানবিলাকে দম্ভালি
কৰি কবলৈ ধৰিলে—“কি! ফিৰিঙ্গি বেপাৰীহঁতৰ ইমান সাহ ! আমি মানক এইদৰে চিঠি লেখে !
মৰোঁ বা জীওঁ এবাৰ সিহঁতকো চাম। সেনাপতিয়ে আদেশ কৰিলে আমি কোম্পানিৰ লগতো
যুঁজিম।” সিহঁতৰ এইবিলাক কথাত মিঙ্গিমাহাই কলে – “ডেকাহঁত ! অলপ মনে মনে থাক। মই
আৰু কিছু কথা সুধি লওঁ।” সেনাপতিৰ এই কথাত মান ডেকাহঁত নিজম পৰিল। মিঙ্গি- মাহাই
চিঠি লৈ অহা মানটোক সুধিলে— “কামডেও ! অসমৰ ৰজা ক'ত আছে ? তই গোৱালপাৰাত কি
শুনিলি ?” মানটোৱে ক'লে—“সেনাপতি! মই ভালকৈ
জানি আহিছোঁ চন্দ্ৰকান্ত ৰজা হেনো গোৱালপাৰাৰ ইপাৰে হাদিৰা চকিত কোঠ মাৰি আছে।”
মানৰ মেল
মিঙ্গিমাহা—
“হাদিৰা চকিতনো তেওঁ কি কৰিছে ?
কামডেঙ—“তেওঁ হেনো আমাৰ লগত ৰণ দিবলৈ মন কৰি সৈন্য
গোটাইছে।”
মিঙ্গিমাহা—“তেওঁনো
কিমান সৈন্য গোটাইছে আৰু কেনে বিধৰনো সৈন্য গোটাইছে ?”
কামডেঙ –“তেওঁ
হেনো চাৰি পাঁচ হাজাৰ অসমীয়া সৈন্য গোটাইছে। আৰু তাৰ লগতে বৰ ডাঙৰ ডাঙৰ পাগুৰিৰে
সৈতে বৰ দীঘল দীঘল ক'ৰবাৰ কেতখিনি
সৈন্য আনিছে।”
কামডেঙে এই কথা
কৈ উঠাৰ পাছত মিঙ্গিমাহাই তেওঁৰ ৰণুৱাবিলাকক সুধিলে— “ভাইহঁত ! সকলো কথা শুনিলি ।
এতিয়ানো আমাৰ কি কৰা যুগুত ? আমাৰ সিজাক ৰণুৱাও এতিয়ালৈকে আহি নাপালে। আমি সিহঁত অহালৈ
ৰৈ থাকিম নে এতিয়াই যুঁজলৈ যাম ?” “ তহঁতৰ কি মত?” মিঙ্গিমাহাৰ এই কথা শুনি ডেকা
তৰপৰ মানবিলাকে একেমুখে গজনি মাৰি কলে – “ সেনাপতি। আদেশ কৰক আমি অতি শীঘ্ৰে
যুঁজলৈ যাওঁ।” সিহঁতৰ এই কথা শুনি মিঙ্গিমাহাই বুঢ়া তৰপৰ মানবিলাকক সুধিলে—
“ভাইহঁত তহঁতৰ কি অভিপ্রায় ?” মিঙ্গিমাহাৰ এই কথাত লাইপুঙ, নামেৰে বুঢ়া মান এটাই কলে— “ সেনাপতি! মোৰ বিবেচনাৰে হলে আমাৰ সিজাক
মানলৈ ৰৈ থকা যুগুত।” লাইপুঙৰ
এই কথা ডেকা তৰপৰ
মানবিলাকে ভাল নাপালে। মিঙ্গিমাহা ক্যাডেউঙে কিন্তু এইটোকে সজ বুধি
যেন ভাবি ডেকাহঁতক
মনোমতী
বুজাই কবলৈ ধৰিলে
– “ভাইহঁত ! মোৰ মনেৰে হলে আমাৰ সিজাক মানলৈ বাটচোৱা যুগুত। চন্দ্ৰকান্ত ৰজাই যেনে
তেনে এইবাৰ মৰোঁ জীওঁ কৰি যুঁজিব । তেওঁ ভাটীৰ ফালৰ পৰাও সৈন্য আনিছে। তাৰ ওপৰঞ্চি
যুঁজখনো কোম্পানিৰ ৰাজ্যৰ ওচৰতে হব। কি জানি কোম্পানিয়ে তলে তলে চন্দ্রকান্ত ৰজাক
সহায়কে কৰেই । এনেবিলাক স্থলত আমাৰ মান অলপকৈ গ'লে আমি সেই যুঁজত ঘাটিব পাৰোঁ । সেই দেখি আমি
ইয়াতে সিজাক সৈন্যলৈ বাট চাওঁ । দক্ষিণ পাৰৰ শ্যাম আৰু বগলি ফুকনলৈকো সম্বাদ
পঠাওঁ।” মিঙ্গিমাহাৰ এই কথাত সকলোবিলাকেই মান্তি হ'ল আৰু সকলোৱে মেল ভাঙি ঘাঘৰি
গ'ল ।