সেইদিনাভূঁইতলিত পানেইৰ পৰা বিদায় লৈজঙ্কিয়ে সেইখন মিৰি গাঁও এৰিঘৃণাসুঁতিৰ মিৰি গাঁৱলৈ গল।তাত মাহীয়েকৰ ঘৰত আশ্রয় ললেগৈ।মিৰি ডেকাবিলাকৰ ভিতৰত জঙ্কি যতে-ততে এজনদেখনিয়াৰ মিৰি ডেকা আছিল।তাতে সি যি বিহুৰপেঁপা বজায়, তাৰ শব্দ শুনিলেইমিৰি গাভৰু মাত্রেই উত্ৰাৱল নোহোৱাকৈ থাকিব নোৱাৰে। সেই দেখি ঘৃণাসুঁতিগাঁৱতো সি অলপ দিনৰভিতৰত তাৰ ডেকা-গাভৰুদলৰ এজন ঘাই ডেকাহৈ পৰিছিল। বিহু হলেই জঙ্কিযেপেঁপা লৈ বিহুত উপস্থিতহব লাগে, তেহে গাভৰুহঁতৰ গাউঠে। দুই-চাৰিজনী গাভৰুৱেঅলপ দিনৰ ভিতৰতে জঙ্কিকমৰম কৰা ভাবো দেখুৱাৱধৰিলে।
কিন্তুএনেকৈ ৰং-ধেমালি কৰিফুৰিলেও জঙ্কিৰ যি পানেইলৈ হৃদয়ৰমৰম নুগুচিল। সময়ে সময়ে তাৰ এনে বেজাৰোলাগে যে সি বিহুকেআদি কৰি কোনো আমোদলৈনোযোৱাত পৰে। কিন্তু নগলেওআন আন ডেকা-গাভৰুৱেতাক বলেৰে টানি বিহুলৈ লৈযায়।
সেইগাঁৱৰে গাভৰুবিলাকৰ ভিতৰত ডালিমী নামেৰে এজনী গাভৰু আছিল।তাইৰ বয়স প্রায় তেৰ-চৈধ্য বছৰ। তাই এজনীসেই গাঁৱৰে গামৰ জীয়ৰী। মিৰিগাভৰুবিলাকৰ ভিতৰত তায়েই এটাইতকৈ ভাল নাচনী। সেইদৰেআমাৰ জঙ্কি ও এজন পেঁপাদাৰওস্তাদ। সেই দেখি ডালিমীগাভৰুৰ হৃদয়ত লাহে লাহেকৈ জঙ্কিলৈএটি আকর্ষণ হব ধৰিলে। যিদিনাজঙ্কি বিহুত থাকে সেইদিনাই ডালিমীৰোনাচ- বাগৰ উত্সাহ বেছিহয়। যিদিনা জঙ্কি জঙ্কি মই কব নোৱাৰোঁ।
ডালিমী-অ তই
মোক বিশ্বাস নকৰ। বাৰু আজিৰ পৰা আৰু মই তোৰ লগত বিহু নানাচোঁ। ওই মাতিলেও নাযাওঁ।
জঙ্কি ডালিমী।
বেজাৰ পালি নেকি? মোৰ কথা জানিলে নো
তোৰ কি লাভ
হব?
ডালিমী এনেযে
জানিम চান বাৰু?
জঙ্কি কবলৈ
দুখ লাগে ডালিমী, তই জান নহয় নে মই আগেযে
সোৱণশিৰী মিৰি
গাঁৱত আছিলোঁ।
ডালিমী- এৰা
জানো, তাৰ পিছত কি হল? জঙ্কি তাতে মোক পানেই নামৰ এজনী গাভৰুৱে ভাল পাইছিল।
জঙ্কিয়ে এই
কথা কোৱা মাত্রেই ডালিমীৰ মুখ অলপ কলা পৰিল। জঙ্কিয়ে তাক তত ধৰিব নোৱাৰিলে। আকৌ ডালিমীয়ে
সুধিলে- তাৰ পিছত ?
জঙ্কি তাৰ পিছত
তাই মোক কৈছিল ভাই হেনো মোলৈকে আহিব। তাই শপতো খাইছিল। কিন্তু এতিয়া মোক দুখীয়া দেখি
কেও কিছু নথকা দেখি তাইৰ মাক বাপেকে কমুদ নামেৰে আন এটা জোঁৱাই লৰা চপালে। কিজানি মোৰ
কপালখনত জুই লাগিল ।
ডালিমি তাইক
আন কোনোবাই নিয়ে তেন্তে তযো জানো এজনী নাপারি?
অঙ্কিতাই সমান মই কাকো নেদেখোঁ।
জঙ্কি।হোজা মিৰি ডেকা ! তইকি সর্বনাশ কৰিলি। সৰল প্ৰাণেৰে ভইকেলেই তোৰ হৃদয়ৰ অৱস্থাকলি তোৰ এই আষাৰকথাই আৰু এজনক যেমর্মভেদী দুখ দিলে বাদিব পাৰে, তাক ভই নুবুজিলি। কিন্তু কি কৰিম ভইহোজা মিৰি ডেকা। ওইসংসাৰত শিক্ষিত মানুহৰ কৃত্ৰিমान কথাৰ মোল নাপাৱ।সৰল প্ৰাণত যিহকে আছে তাকে কৈপলায়। যাহক, তাই যি অনিষ্টকৰিব লাগে কৰিলি। এতিয়াআৰু তাৰ উপাই নাই।জঙ্গিয়ে এই কথাফাকি কোৱাহলত ডালিমীয়ে জঙ্গিক কবলৈ ধৰিলে - "জঙ্কিমই যাওঁ দেই- " অঙ্কি-
যাগৈ যা ডালিমী।
পাঠক।এতিয়া বলা, আমি এবাৰচাওগৈ পানে যেনো কিকৰিছে।
কমুদকপানেইৰ মাক বাপেকে জোৰকৰি জোঁৱাই ৰাখিলে হয়, কিন্তু পানেয়েসেই জোঁৱাই লৰাক এফোও চিত্তনিদিলে। ভাই সদায় তাৰপৰা আঁতৰত থাকে। নিমাতী পানেযো দদুৰী হল। মাক বাপেকেসৈতে সদায় হাই-কাজিয়া হবলৈধৰিলে। মাক- বাপেকেও অনেকসময়ত তাইক গালি-গালা,
শিকনি বুজনি, লগ- সমনীয়াৰ হতুৱাইবুদ্ধি ভৰসা ইত্যাদি দিওৱাতকম নকৰিলে। কিন্তু আকৰী যি কথাতলাগে ভাতে লগা আমাৰগাভৰুৰ মন ফিৰাবলৈ শক্তিবাননহল। অনেক সময়ত মাক- বাপেকেইচ্ছা কৰি পানেইক আৰুকমুদকে অকলৈ এৰি যায়।কমুদে পানেই ওচৰ চপা দূৰৈতেথাকক কথা পাতিবলৈকো সাহনকৰে। এইদৰে চাৰিটা প্ৰাণীৰে সুখ নোহোৱাত পৰিল।পানেইৰ একার ইচ্ছা বৰংভাই চিৰ কুমাৰী হৈয়েথাকিব তেও কমুদৈ নাযায়,
কিয়নো কমুদে তাইৰ চেনেহৰ বস্তু,
ভালপোৱাৰ গৰাকী তাম্ভিক (বয়া মাত মাতিগাঁৱৰ পাৰ খেদি পঠাইছে।তাৰে ওপৰত আকৌ ভাই
"জলি যাম বুলি সোৱণশিৰীবালিত কাটিং কার্ডানক সাক্ষী কৰিছিল।
কমুদোহটা বিধৰ মানুহ নহয়।ভাৰ পেটত এনেকুৱা ভাবেখেলিছে যে, সি যদিএজনী গাভৰুকে তাৰ বশলৈ আনিবনোৱাৰে তেন্তে তাৰো ডেকা নামধৰাটো বৃথা। তাক সমনীয় ডেকাবিলাকেহাঁহিব ।
পানেইৰমাক বাপেকৰ দৃঢ় সংকল্প পানেযেকমুদলৈকে যাव লাগিব। মিৰিজাতি হোজা এক কুৰীয়াসেইদেখি যেয়ে যিহলৈ মন কৰে সিহঠাতে সেই কথা কেতিয়াওনেৰে। চৈধ্য ব্রহ্মাও গোটেইখন কথা কব কিন্তুঘূৰি আকৌ নিজৰ মূলউদ্দেশ্যতোষ সৰিব।
পাঠক,
বুজিবই পাৰিছে সুদৰ জোঁৱাই ঘটাকথাডাকি कमान সুখকৰ হৈছে।তাতে সি ওলালেই গাঁৱৰগাভৰুহঁতে তাক বগা কাউৰীযেন দেখে। এনেয়ে বেইতাক ধৰি মিৰি গাভৰুৱেজোৰা নাম দিয়াত বৰপকা, তাতে আকৌ কমুদেপানেইক বলে পৰা নাই।সি গাঁৱলৈ ওলালেই পোনেই ৰকমীয়ে ধৰে :-
(১৯)
“বেইতালৈনকৰোঁ বয় ঐ চেনেওঐ বেইভালৈ নকৰোঁ বয়- কটাৰপো বেইতাটকাৰ যে গৰাকী চেনেঙৰগৰাকী মই। ”
সিফালেকিৰমায়ে মাত লগায়:-
(২0
)
“কোবাইদে বগৰি অৰক নিচিনাদৰব ঐ আনিবি চেনেঙঐ- বেইতাক কুয়ামে সাম। ”
গাভৰুহঁতৰএইবিলাক ঠাট্টা, পানেইৰ তুচ্ছ-তাচ্ছিল্য ইত্যাদি কমুদ্ৰৰ ভাল নলগাত পৰিল।অৱশেষত এদিন লগৰ এজনডেকাৰ হতুৱাই পানেইৰ মাক বাপেকক খোলা-খুলিকৈ কোৱালে যে তাৰ সেইদৰেজোঁৱাই খাটিলেনো কি হব। হেনজানি টকা- সিকা ওভতাইদিয়ক, সি সকলো এৰিপেলাব। বুঢ়া তামেদ আৰু নিৰমায়ে এইকথা শুনি মনত বৰবেজাৰ পালে আৰু পানেইকওচৰলৈ মাতি নি কলে-
পানেই,
“চাচোন ভয়ে আমাৰ একেজনীজীয়ৰী, ভই আমাক এনেকৈনোদুখ দিব লাগেনে? ” পানেইমই জানো তহঁতক দুখদিছোঁ? তহঁতেহে মোক দুখ দিছ।মই কেতিয়াও কমুদলৈ নাযাওঁ।
তামেদকালৈ যাবি?
পানেই-দিয় যদি মইজঙ্কিলৈহে যাম। আৰু নহলেমই সদায়
ঘৰতেথাকিম।
তামেদ-সেই খাবলৈ নোপোৱাকুকুৰটোলে ?
পানেই-
এৰা ভালৈকে।
নিমা-পানেই। এতিয়া তোক শাসিম দেই।আমি মাৰ-বাপেৰৰ মনতদুখ দিলে তোৰ সুখনহব।
পানেইমই একো দুখ দিয়ানাই।
তামেদমোৰ জানিবা ছোৱালী নাই। অকল ভয়েইআছিলি।
তইওজানিবা মৰিলি।
পানেইমই যদি মৰিলোঁৱেই তেনেহলেনোতহঁতে আকৌ কেলেই
মৰাশৱটোকে বেচি খাব ওলাইছ?
নিমা-তই অলপতে নষ্টযাবি।
পানেইদে শাও। পাৰ মানেদি থাক। কপালত যিআছে সেয়ে
হব।
তামেদ-চুপতি নকৰ। আজি ৰাতিয়েইতোক মই ধৰি বান্ধিকমুদলৈ দিম। জোৰ কৰিসি তোৰ ধৰ্ম নষ্টকৰিলেতো যাবি।
মিৰিচাংখন আকৌ কঁপিব ধৰিলে।আজলী কিন্তু এতিয়া মাক-বাপেকৰ অবাধ্য।পানেয়ে উচুপি উচুপি কান্দিব ধৰিলে।