চোৰ চুৰুনীয়ে পাপ কৰিছে । ইহঁতক
নৈৰ পাৰলৈ লৈ যাব লাগে।
তত্ক্ষণাৎ নৃশংস, দয়া-মায়া
নোহোৱা পশুতকৈও অধম চাৰিটা মিৰিয়ে পানেই জঙ্কি দুয়োকে একেডাল ডোলেৰে আকৌ টানকৈ
বান্ধিল।
হতভাগা হতভাগিনীৰ ডেডনিয়ে গগন
উষালে। জানিয়ে নিজৰ গা নিজে কামুৰিবলৈ ধৰিলে। হাতযোৰ কৰি আঁঠু লৈ বাৰেগাম আগত
বিনাই কব ধৰিলে-
*
বাৰেগাম মোক মাৰ । এই আজলী মোৰ কনেঙক নামাৰিবি। আই ঔ! কনেও ঔ! মই ভোৰ দোষৰ
ভাগী হলো। আই ঔ। মোৰ কাৰ্টান ঔ ৰক্ষা কৰ। বাৰেগাম! ভাইৰ পেটত এটা সন্তান আছে।
বাৰেগাম। আমি ভৈয়ামত থাকোতে অশেষ কষ্ট পাইছো। বাৰেগাম। ভাই মোৰ তিৰোতা। বাৰেগাম।
ভাইক নামাৰিবি, বাৰেগাম।
ভাই মাক বাপেককো এৰি মোলৈকে বুলি পলাইছিল। বাৰেগম! সোৱণশিৰীৰ বালিত থিয় হৈ দুয়ো
কাৰ্চিং-কার্টানক সাক্ষী কৰি আমি বিয়া কৰিছোঁ বাৰেগাম। তাইৰ পেটৰ লৰাটোৰ বধৰ ভাগী
নহবি। বাৰেগাম। আমাক মাৰি তহঁতৰ লাভ নহয়। বাৰেগাম! মোৰ এই কনেঙক বধা পাসে তহঁতক
পাব। বাৰেগাম! ভাইক এৰি দে।”
বাৰেগামৰ চিত্ত অটল। যি নৃশংসহঁতে
বিনা দোষে বিনা কাৰণে মানুহ মাৰিবলৈ কুণ্ঠিত নহয়, যি নৃশংসহঁতে ই গাঁৱে সি গাঁৱে সামান্য এটা মেথোন বা গাহৰি
বা দেওঘটিৰ নিমিত্তে কাজিয়া লাগিলে নিশা চোৰৰ দৰে গৈ এখন গাঁৱে আন এখন গাঁৱৰ
মানুহক কাটি-ছিঙি লৰা-তিৰোতাক বন্দী কৰি অনাই ধৰ্ম, সিহঁতক কি জঙ্কি আৰু পানেইৰ আৰ্তনাদে গলাব পাৰে?
বাৰেগামে উত্তৰ কৰিলে-
বাৰেগামৰ হুকুমৰ লৰচৰ নাই
ভেতিয়া সিহঁত দুয়োকো হাতত খিলি
মাৰি আঠোটা নৰ পিশাচে টানি লৈ গল। বাটে বাটে জঙ্কিয়ে কবলৈ ধৰিলে - "পানেই, তই মোৰ
নিমিত্তে মাৰ-বাপেৰকো এৰি আহি মৰিলি;
ময়ে তোৰ দোষৰ ভাগী হলোঁ।” এইবুলি জঙ্কিৰ চকুৰ পৰা গিৰ গিৰ কৰি পানী ওলাবলৈ
ধৰিলে। মোৰ আজলী আঁকৰী মিৰি জীয়ৰীৰ চকুৰেও ধাৰাসাৰ লো বলে। হাতভাগিনীয়ে বুজিলে
আৰু অলপ পৰৰ মূৰতেই সিহঁতে এই সোণৰ সংসাৰ দেখিবলৈ নাপায়।
কান্দি কান্দি বিনাই মোৰ জুই লাগি
কপালীয়ে গাবলৈ ধৰিলে-
“নকৰিবি
বয়ে ঐ
নাকান্দিবি চেনেঙ ঐ
মনলৈ যে নানিবি শোক
ইপুৰি যে এৰি ঐ
পামেগৈ যে ৰেগাম ঐ
দুখৰে যে পৰিব ওৰ।“
পাঠক! ক্ষমা কৰিব। আমি আৰু সেই
ভীষণ দৃশ্য চাবলৈ পানেই আৰু জঙ্কিৰ পাছে পাছে যাব নোৱাৰোঁ।