shabd-logo

সংসদত হেম বৰুৱা শ্রীবিজয়চন্দ্র ভাগৱতী

22 November 2023

0 দৰ্শন কৰা হৈছে 0

১৯৪২ চনৰ গণ-বিপ্লর। ভাৰতৰ স্বাধীনতাৰ চূড়ান্ত সংগ্রাম। 'হয় মুক্তি নহয় মৃত্যু'-এই পণ লৈ বীৰ-বীবাজনায়কলে স্বাধী- নতাৰ বেদীমূলত নিজৰ জীৱন উৎসর্গা কৰিলে। অসমত সেই বিপ্লৱৰ ঢৌৱে প্রচণ্ড ৰূপ ললে। উদীয়মান ডেক। অধ্যাপক হেম বৰুরা সেই বিপ্লরত জপিয়াই পৰিল। যোৰহাটত তেওঁ কাৰাৰুদ্ধ হ'ল। তেওঁৰ দৃষ্টান্তই অসমৰ স্বাধীনতা আন্দোলনত বিশেষ উৎসাহ-উদ্দীপনা সৃষ্টি কৰিলে। হেম বৰুৱা আছিল অসমৰ ডেকাসকলৰ অবিসম্বাদী নেতা। তেওঁৰ আদৰ্শত ডেকাসকল উদ্বুদ্ধ হ'ল।

ভাৰতৰ স্বাধীনতা আন্দোলনত হেম বৰুৱাৰ অৱদান উল্লেখ- যোগ্য। সেই আন্দোলনৰ মাজেদি তেওঁ জনসাধাৰণৰ লগত ঘনিষ্ঠ সম্পর্কলৈ অহাৰ দুযোগ পায়। ই তেওঁৰ ভবিষ্যত ৰাজ- নৈতিক জীৱনৰ ধাৰাই যে নিৰূপিত কৰে এনে নহয়, ইয়াতেই তেওঁৰ সাহিত্য সৃষ্টিৰ উহো বিচাৰি পোৱা যাব। তেওঁৰ বাগ্মিত। আৰু লিখাৰ মাজেদি হেম বকরাই জনসাধাৰণৰ প্ৰাণৰ ভাষা প্রকাশ কৰিছিল। ৰাজনীতি আৰু সাহিত্যত তেওঁৰ কৃতকাৰ্য্যতাৰ এয়ে চাবি-কাঠী।

লোকসভাৰ সদস্য হিচাপে হেম বৰুৱাই সব ভাৰতীয় ক্ষেত্রত যেনেকৈ নিজক প্রতিষ্ঠা কৰিছিল, সি অসমৰ কাৰণে গৌৰবৰ কথা। বিচাৰধাৰা আৰু মতামত সম্পর্কে, তেওঁৰ লগত যিসকলৰ মিল নাই, তেওঁলোকেও স্বীকাৰ কৰিব লাগিব যে হেম বৰুৱাই 'পার্লামেন্টেৰিয়ান' হিচাপে তেওঁৰ কামত বিশেষ পাৰদর্শিত। দেখুৱাইছিল আৰু পার্লামেন্টৰ আগশাৰীৰ কেজনমান সদস্যৰ লগত সমানে ঠাই পাইছিল। গণতন্ত্রত বিৰোধী দলৰ ভূমিকা বিশেষ গুৰুত্বপূর্ণ। বিৰোধী দলৰ সদস্য হিচাপে প্রতিটো ৰাজহুরা প্রশ্ন সম্পর্কে হেম বৰুৱা সততে সজাগ আছিল। সদনত উত্থাপিত প্রতিটো প্রশ্ন সম্পর্কে, প্রয়োজন মতে, হেম বৰুৱাই নিজৰ মতামত দাঙি ধৰিছিল। বাকপটুতা আৰু তৰ্কত, তেওঁ সদনৰ ভিতৰত আৰু বাহিবতো বহুতৰে পৰা অভিনন্দন লাভ কৰিছিল।

১৯৫৭ চনৰ পৰা ১৯৭০ চনলৈকে লোকসভাত হেম বকরাই বিভিন্ন বিষয়ত যি ভারে অংশ গ্রহণ কৰিছিল, সি প্রমাণ কৰে কিমান নিষ্ঠাৰে সৈতে তেওঁ নিজৰ কাম কৰিছিল আৰু কিমান বেছি পৰিশ্ৰম কৰিছিল। হিচাপ পোরা মতে এই কেবছৰত হেম বৰুৱাই সদনত কমেও ৮৫০ টা বিষয়ত নিজব মতামত বাখিছিল। ই নিশ্চয় যি কোনো 'পার্লামেন্টিয়াৰণৰ লগত প্রতিযোগিতা কৰিব পৰা ৰেকর্ড।

১৯৫৮ চনত লোকসভাত আন্তর্জাতিক পৰিস্থিতিৰ বিষয়ে ভাষণ দি হেম বৰুৱাই কৈছিল-

"Besides the problem of Formosa, there is another very big problem in South East Asia. This is the collapse of democratic system of government in our neighbouring countries, and the emergence of mili- tary dictatorship, particularly in countries like Thai- land, Burma and Pakistan. This is a vital problem. One thing is true that India cannot be a silent spectator of these shifting scenes in international politics. Whenever there are political revolutions in our neighbouring countries, India cannot remain indifferent to them. This slaughter of democracy in our neighbouring countries must serve as a warning to us all, and we must see that the poisonous wind wated from these countries do not percolate into our climate and endanger the democratic system that we have so assiduously built.up."

স্বাধীনতা লাভৰ পিছত, পৃথিবীৰ সর্ব বৃহৎ প্রজাতন্ত্র হিচাপে গণতন্ত্র ৰক্ষা কৰাত, ভাৰতবৰ্ষৰ দায়িত্ব সম্পর্কে হেম বৰুৱাই কোরা এই কথাকেষাৰ গণতন্ত্ৰৰ এজন সতৰ্ক প্ৰহৰীৰ উপযুক্ত সতর্কবাণী বুলি কব লাগিব।

শিক্ষা বিভাগৰ বাজেটৰ আলোচনাত অংশ গ্রহণ কৰি হেম বৰুৱাই ১৯৫৯ চনত লোকসভাত কৈছিল-

"I have always felt that our journey to educa- tional progress, accomplishments, and achievements needs a pole-star, an aim and purpose and when this purpose is missing from our educational policy, the policy tends to become lopsided. At the same time, it adversely affects the social objectives to which all educational policies are to be wedded."

শিক্ষাৰ মূল উদ্দেশ্য নিৰ্দ্ধাৰণ সম্পর্কে কোৱা এই কথাষাৰ আজিও সমানেই প্রযোজ্য। এজন অভিজ্ঞ শিক্ষক হিচাপে লোক- সভাত শিক্ষাৰ বিষয়ে হোরা আলোচনাত ভাগ লৈ হেম বকরাই সদায় মূল্যবান পৰামর্শ আগবঢ়াইছিল। ১৯৬২ চনত বিজ্ঞানৰ গবেষণাৰ বিষয়ে হোরা লোকসভাৰ আলোচনাত ভাগ লৈ হেম বকরাই কৈছিল-

"The amelioration of the living conditions of the people from the state of medieval backward- ness and poverty to a state of economic growth and national development is a tough job, and so it is a very welcome thing that the Ministry is trying to improve the conditions through scientific research and technological research. But I would say that science and technology alone are not enough; they might bring material comforts, but material com- forts would be meaningless as a barren desert un- less and until they are imbued with a will and opportunity to draw sustenance from the living waters of a nation's greatness, and if the Ministry can achieve this purpose, I think the stirrings of the deeper waters of the nation's soul would be reflected in it."

বিজ্ঞান আৰু কলাৰ সমন্বয় সাধন আজিৰ যুগৰ এটা মৌলিক প্রশ্ন। ভাৰতৰ সংস্কৃতিৰ মূল ধাৰাৰ লগত সম্পর্ক ৰাখি, ভাৰতৰ আত্মাৰ যি মূল উৎস তাৰ লগত সংযোগ ৰাখি ভাৰতত কেনেকৈ বিজ্ঞানৰ আৰু যন্ত্র বিজ্ঞানৰ সাধনা কৰি, জনসাধাৰণৰ আর্থিক সমস্যা সমাধান কৰিব পাৰি, সেই বিষয়ে হেম বৰুৱাই চৰকাৰ আৰু দেশৰ সুধী সমাজলৈ এটা প্রশ্ন ৰাখি গৈছে।

উত্তৰ-পূব সীমান্ত অঞ্চলৰ বিশেষ সমস্যা সম্পর্কে হেম বৰুৱাই সদনত নানা ভারে নানা প্রশ্ন উত্থাপিত কৰিছিল। অসমৰ অশান্তিকৰ পৰিস্থিতিৰ বিষয়ে হোরা আলোচনাত ভাগ লৈ ১৯৬০ চনত লোকসভাত কৈছিল যে এনে ঘটনাৱলীৰ নিন্দা কৰিলেই, প্রকৃতভাৱে সমস্যাৰ সমাধান কৰা নহ'ব কেনেকৈ এনে ঘটনা ঘটিব পৰা অৱস্থা সৃষ্টি হয়, তাৰ কাৰণ বিলাকো ভালকৈ পৰীক্ষা কৰি চাব লাগে।

সদনৰ আলোচনাত কথা কটা-কটি কৰাত হেম বৰুৱা পটু আছিল। এবাৰ কথা প্রসঙ্গত সদনত হেম বৰুৱাই কৈছিল:- "Are there no parrots in the Treasury Benches ?" তেতিয়াৰ বিত্ত মন্ত্রী শ্রীকৃষ্ণমাচাৰীয়ে কলে, "There are no parrots here." হেম বৰুৱাই কলে, "Perhaps they are eagles and kingfishers." কৃষ্ণমাচাৰীয়ে কৈছিল: "If it is a matter of semantics, my hon. friend who speaks English with almost a foreign lisp can have the pleasure or satisfaction that what he has said has happened." হেম বকরাই উত্তৰ দিছিল: "I find the same thing in the Finance Minister's English as well."

সদনত দিয়া বক্তৃতা আদিৰ উপৰিও, অসমৰ সকলোৱেই জানে যে স্বাধীনতা আন্দোলনৰ দিনৰে পৰা ৰাজহুৱা সভাত, আলোচনা চক্রত, পণ্ডিত সমাজত, সাহিত্যিকৰ চ'ৰাত হেম বৰুরাষ বক্তৃতাই সদায় শুনোতাসকলক মুগ্ধ কৰিছিল। কেবাটাও দিশৰ পৰা হেম বৰুৱাৰ জীৱনৰ আলোচনা কৰাৰ প্রয়োজন আছে। তাৰ দ্বাৰা বহুত কথা জনা যায় আৰু উঠি অহা পুরুষ উপকৃত হ'ব। মই হেম বৰুৱাৰ স্মৃতিৰ প্ৰতি মোৰ শ্রদ্ধা নিবেদন কৰো।

লোকসভাত বিভিন্ন বিষয়ৰ আলোচনাত হেম বকরাই কেনে ধৰণে জনকল্যাণৰ দৃষ্টিভঙ্গীৰে অংশ গ্রহণ কৰিছিল তাৰ প্রমাণ তলত উল্লেখ কৰা তেওঁৰ ভাষণৰ সাৰাংশ কেইটাৰ পৰাই বুজিব পৰা যাব।

(১) বিজ্ঞান আৰু সংস্কৃতি - বৈজ্ঞানিক গৱেষণা আৰু সাংস্কৃতিক মন্ত্রী দপ্তৰৰ বিষয়ে হোরা বিতৰ্কত তেওঁ আনল্ড টয়ন্দ্বি, চালছ লেম্ব আদিব উক্তিৰ উল্লেখ কবি কয় যে বৈজ্ঞানিক আৰু কাৰিকৰী শিক্ষা বিষয়টো নিৰস বুলি সর্বসাধাৰণৰ ধাৰণা। কিন্তু এই বিষয়তো ঔৎস্থক্য জগাই তোলাৰ অৱকাশ আছে। আমাৰ গৱেষণাগাৰবিলাকত আদর্শ আৰু চিন্তাশীলতাৰ ভাব সৃষ্টি কৰিব লাগিব। কিন্তু তেনে চেষ্টা চলোরা দেখা নাযায়। আমি যদি বিজ্ঞানীৰ বিশ্বাস আৰু স্বপ্নক স্বপ্নত পৰিণত কৰি দিব নোৱাৰো মাজত জনপ্রিয় হৈ উঠিব নোৱাৰে। জনসাধাৰণৰ বিশ্বাস আৰু তেনেহলে বিজ্ঞান ৰাইজৰ ফলস্বৰূপে মানুহৰ বৈষয়িক প্রয়োজন পূৰণ কৰা কেইজনমান টমাছ আলভা এডিছন আমি সৃষ্টি কৰিব পাৰিম, কিন্তু জগতক নতুন দৃষ্টি দান কৰা এজন আইনষ্টাইন সৃষ্টি কৰিব নোৱাৰিম। আমাৰ উন্নয়নমুখী অর্থনীতিৰে সৈতে বিজ্ঞান শিক্ষাক খাপ নতুন নিৰ্দ্ধাৰণ হোৱা উচিত। যি তেওঁলোকৰ কামৰ প্ৰতি খুৱাই তুলিবলৈ পাঠ্যক্ৰমৰ সম্পূর্ণ আমাক এনে এদল বিজ্ঞানী লাগে সম্পূর্ণ অসুৰক্ত আৰু কষ্টসহিষ্ণু। বিদেশত কাম কৰি থকা আমাৰ ভালেমান বিজ্ঞানী নিশ্চয় আছে, কিন্তু সিদিনা প্রধান মন্ত্রীয়ে তেওঁলোকক স্বদেশলৈ আহি সেরা আগবঢ়াবলৈ আহ্বান জনাওঁতে কেরল প্রতিধ্বনিয়েহে সহাৰি জনাইছিল। প্রধান মন্ত্ৰীৰ পৰামর্শ মতেই কবীৰে বিজ্ঞানীৰ 'পুল' এটা গঠন কৰিলে। বোধহয় অধ্যাপক ১৯৫৮ চনত ইয়াৰ সংখ্যা আছিল ১০০, এতিয়া (১৯৬২) ৩০০ হৈছেগৈ। কিন্তু প্রকৃততে কি হৈছে? বিজ্ঞানীসকলে পুলত সাঁতুৰিছেহে সাঁতুৰিছে, তেওঁলোকে কৰবাত নিযুক্ত হোৱাৰ কোনো আশাই দেখা নাই। মাননীয় মন্ত্রীয়ে তেওঁলোকক উপযুক্ত বানচ দিব লাগিব যাতে অকল ক্ষুধা নিবৃত্তিয়েই নহয়, ভালদবে জীরন-যাপনো কবিব পাৰে। কাৰিকৰী গৱেষণাৰ ক্ষেত্ৰত কি হৈছে? বৈজ্ঞানিক গৱেষণাৰ যি সুফল লাভ হৈছে তাৰ সৈতে উদ্যোগৰ সংযোগ ঘটা নাই। এই দুই ক্ষেত্ৰৰ সহযোগিতাৰ নিতান্ত প্রয়োজন। বিভিন্ন প্রতিষ্ঠানৰ গৱেষণাৰ মাজত সমন্বয় ঘটিব লাগিব।

সংস্কৃতিৰ বিষয়ত কব লাগিব যে বিভিন্নতাই হৈছে ভাৰতৰ নিয়তি, ভাৰতৰ সৌন্দর্য্য। এই বিভিন্নতাক ধ্বংস কৰি পেলাব নালাগে। এপাহ পছম ফুলৰ গোন্ধটো তাৰ বিভিন্ন পাহিৰ সমষ্টি হোৱাৰ দৰেই এই দেশৰ বিভিন্ন সাংস্কৃতিক চানেকিৰ সমষ্টিয়েই হৈছে ভাৰতীয় সংস্কৃতি। গতিকে এক অঞ্চলৰ সংস্কৃতিৰ কথা অন্য এক অঞ্চলক জানিবলৈ দিয়াৰ ব্যৱস্থা থাকিব লাগে। ঠাকুৰ শতবার্ষিকী পালন কৰাৰ কাৰণে ধন্যবাদ দিবলগীয়া। কিন্তু যিবিলাক অনুষ্ঠান পতা হ'ল তাৰপৰা ৰবীন্দ্রনাথ ঠাকুৰৰ বিষয়ে এটা কণিকাও সর্বসাধাৰণে বুজিব পাৰিলেনে? তেওঁৰ বিষয়ে কোনো সমালোচনামূলক বিশ্লেষণ নহ'ল, অনুষ্ঠানবিলাক কেরল উৎসর হৈ থাকিল। বিজ্ঞান ভরনত ডঃ ৰাধাকৃষ্ণণে মুকলি কৰা অনুষ্ঠানত ভৱনৰ তিনি-চতুর্থাংশ খালি হৈ থাকিল। ইফালে, এইবিলাক উৎসৱৰ কাৰণেই ঠাকুৰ হৈ পৰিল বিলাসৰ সামগ্রী। এইবিলাকত লিপষ্টিক ঘঁহা আধুনিক ৰমণীয়ে আপোনাক লগ ধৰি এইখন ইঙ্গ-ভাৰতীয় দিল্লী চহৰত "টেজোৰ এজন আশ্চর্য্যজনক ব্যক্তি নহয়নে” বুলি কবলৈ ধৰা হ'ল-টেগোৰ গুচি টেজোৰ হ'ল, আৰু সেয়ে হ'ল এইবিলাক অনুষ্ঠানৰ ফললাভ।

আমাৰ তিনিটা একাডেমী আছে। একাডেমী কেইটাই চৰকাৰৰ অতি শক্তিশালী প্রভাৱৰ পৰা নিজকে মুক্ত কৰিবলৈ চেষ্টা কৰিব লাগে, যাতে ইবিলাকৰ বল-শক্তি বাড়ে। লগে লগে চৰকাৰে ইবিলাকৰ কাৰ্য্য-কলাপৰ ওপৰত চকু ৰাখিব লাগে, কিয়নো ইবিলাকক আমাৰ ৰাজহুৱা ভৰালৰ পৰা বিত্তীয় সাহায্য দিয়া হয়। এটা একাডেমীয়ে লজ্জাজনক বিত্তীয় অনিয়মত পৰাৰ কাৰণে ইয়াৰ দৰকাৰ হৈছে।

(২) লেফাৰ ভাষা প্রসঙ্গ-১৯৫৭ চনত কেন্দ্রীয় চৰকাৰৰ সাধাৰণ শিক্ষা নীতিৰ আলোচনাত অংশ গ্রহণ কৰি হেম বৰুৱাই কয় যে উত্তৰ-পূব সীমান্তত অশান্তি হৈছে, অকল বাজনৈতিক- অর্থনৈতিক অশান্তি নহয়, সাংস্কৃতিক-সামাজিক অশান্তিও। বৃটিছ ৰাজে ইনাৰ লাইন ৰেগুলেচন (১৮৭৩) আৰু ফ্রন্টিয়াৰ ট্রেক্টছ ৰেগুলে- চনৰ (১৮৮০) দ্বাৰা পৰ্বত আৰু ভৈয়ামৰ মাজত লৌহ যৱনিকাৰ সৃষ্টি কৰিছিল। স্বাধীনতাৰ পিছত ভাৰত চৰকাৰৰ উচিত আছিল এইসকল লোকৰ মাজত এটা পূর্ণাঙ্গ ভাৰতীয় মানসিকতা গঢ় দিয়া। কিন্তু আমি আজি সেইটো দেখিবলৈ পোৱা নাই। বৃটিছৰ বিচ্ছিন্নতাবাদী নীতিকে আজিও অনুসৰণ কৰি থকা হৈছে। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিততে নেফাৰ বাসিন্দাসকলৰ ভাষাৰ প্ৰশ্নটো বিবেচনা কৰিব লাগিব। কিন্তু তেওঁলোকৰ ধমনীৰ উমান নোপোরা, তেওঁলোকৰ বর্ণাঢ্য জীৱনৰ বিষয়ে একো নজনা আমোলাতন্ত্রই এটা ভুল নীতি অনুসৰণ কৰি আছে। এই সদনত এইসকল জন- জাতীয় লোকে দাখিল কৰা স্মাৰকপত্র সম্বন্ধে আলোচনা হৈছিল। তেওঁলোকে দাবী কৰিছে যে স্কুলত শিক্ষাৰ মাধ্যম অসমীয়া হব লাগে। কিন্তু কেনেবাকৈ অসমীয়াক মাধ্যম নকৰি হিন্দীক জোৰ কৰি জাপি দিয়া হৈছে। ৰাষ্ট্রীয় ভাষা ৰূপে হিন্দীৰ বিকাশ হওক, কিন্তু ইয়াক আন ভাষা বিচৰা লোকৰ ওপৰত জাপি দিয়া উচিত নহয়। মহাত্মা গান্ধীয়ে শিশুৰ মাতৃভাষাকে মাধ্যম কৰাৰ পোষকতা কৰিছিল। জনজাতীয় দোরানবিলাককো উপযুক্তভারে বিকাশ কৰি অকল প্রাথমিক স্তৰতে নহয়, মাধ্যমিক স্তৰতো মাধ্যম কৰিব লাগে। এইসকল লোকে একাধিক স্মাষকপত্র যোগে ভাৰত চৰকাৰৰ ওচৰত দাবী জনাইছে যে প্রাথমিকৰ পাছৰ স্তৰত অসমীয়া মাধ্যম হব লাগে, কিয়নো অসমীয়া এইসকল লোকৰ স্বাভারিক উমৈহতীয়া ভাষা (লিঙ্গুরা ফ্রাঙ্কা)। সংবিধানত এটা ব্যৱস্থাও দিয়া আছে যে মূৰকত নেফা অঞ্চলটো অসমৰ লগত চামিল কৰা হব। সেইটো কার্য্যকৰী হৈ উঠিব লাগিলে তেওঁলোকক এনে এটা ভাষাত শিক্ষা দিব লাগিব যি ভাষা তেওঁলোকে বুজিব, পাৰে। (অধ্যাপক বঙ্গই প্রশ্ন কৰে-আপুনি কি লিপিৰ পোষকতা কবে? অসমীয়া লিপি?) এই অসমীয়া লিখিবৰ কাৰণে অসমীয়া লিপিয়েই প্রয়োগ কৰিব লাগিব। অন্যান্য অহিন্দী অঞ্চলত কৰাৰ দৰে হিন্দী ভাষা নেফাৰ ওপৰৰ স্তৰবিলাকত প্রবর্তন কৰিব লাগে। হিন্দীৰ সেই 'মৰ্য্যদা থাকিব। কিন্তু অসমীয়া তেওঁলোৰ স্বাভা- রিক ভাষা।

পার্বত্য অঞ্চলবিলাকত হিন্দী বা ইংৰাজী ভাষাতকৈ অসমীয়া ভাষাৰ উপযোগিতা যে বেছি সেই কথা উপলব্ধি কৰি ডঃ হাটুন, ডব্লিউ. চি. স্মিথ, জে. পি. মিল্ছ, ভন ফুৰাব-হেইমেনডফ আদি পণ্ডিতসকলেও পর্বতত অসমীয়া ভাষা প্রয়োগৰে পোষকতা কৰি গৈছে। ৫০টা গোষ্ঠীত বিভক্ত নেফা অঞ্চলৰ জনজাতীয় ৰাইজৰ দাবী অসমীয়াৰ পক্ষে উঠিছে ঐতিহাসিক কাৰণত। মাৰ্ঘেৰিটাৰ জনজাতীয় বাইজে নেফা শাসনৰ ভাৰ লৈ থকা অসমৰ ৰাজ্যপালৰ ওচৰত স্মাৰকপত্র দাখিল কৰি অসমীয়া ভাষাৰ দাবী কৰিছে। একেই উদ্দেশ্যে লোহিত ডিভিজনৰ জনজাতীয় ৰাইজে ৰাজ্য চৰ- কাৰৰ ওচৰত আন এখন স্মাৰকপত্র দাখিল কৰিছে। ৯ জুনৰ দিনা অসম সাহিত্য সভাই নেফাৰ ভাষা দিৱস পালন কৰিছিল। এই উদ্দেশ্যে পতা সভাবিলাকত অসমীয়াক শিক্ষাৰ মাধ্যম কৰিবলৈ দাবী জনোরা হয়। মাৰ্ঘেৰিটাৰ বেছিক ট্রেইনিং স্কুলত পঢ়ি থকা জনজাতীয় ছাত্ৰসকলৰ উপৰিও ছজন জনজাতীয় নেতা শ্রীঅবাং আৰু শ্রীখংপাযেও বক্তৃতা দি অসমীয়াক মাধ্যম কৰাৰ দাবী তোলে। গতিকে জনসাধাৰণৰ আশা-আকাঙ্ক্ষাৰ বিৰুদ্ধে গৈ হিন্দী জাপি দিব নালাগে। নেফা অঞ্চলৰ বাসিন্দাসকলৰ কাৰণে এই বিষয়ত ন্যায় বিচাৰ কৰিব লাগে।

(৩) ক্রীড়া জগৎ-আমাৰ ক্রীড়া জগতৰ ক্রমান্বয়ে অৱনতি ঘটিছে, বিশেষকৈ ক্রিকেটত। তাৰ কাৰণ অতিমাত্রাই মনোমালিন্য, অমিল-অসূযা, টনা-আজোৰা যেন লাগে। ১৯৩১ চনৰ পৰা ৫৭ খন অফিচিয়েল মেচ ভাবতে খেলে ইংলেণ্ডৰ বিৰুদ্ধে খেলা ১৯ খনৰ ভিতৰত মাত্র এবাৰহে জিকে, তাকে। ১৯৫২ চনত দ্বিতীয় শ্রেণীৰ এম-চি-চি টীমৰ লগত। অস্ট্রেলিয়া বা ওরেষ্ট ইণ্ডিজৰ লগততো এবাৰো জয়লাভ কৰা নাই। অথচ আমাৰ গৌৰৱময় অতীতত বঞ্জী, দলীপ, নাইড, অমৰ সিং, মার্চেন্ট, মুস্তাক, মানকড এই- সকল সমুজ্জল ব্যক্তি আছিল। আজি কিয় তেনে খেলুরৈ ওলোরা নাই? ভাষতব ক্রিকেট জগতত আজি গতিশীল নেতৃত্বব অভার, এই কথা অস্বীকাৰ কৰিবৰ উপায় নাই। আমাৰ ক্ৰিকেটৰ এনে দুৰৱস্থাৰ কাৰণে সম্পূৰ্ণৰূপে দায়ী ব'র্ড অর কণ্টল। ব'ৰ্ডৰ বিষয়ববীয়াসকলে অকল কেন্দ্ৰৰে নহয় ৰাজ্যিক সংস্থাবিলাকৰ ওপৰতো প্রভুত্ব বিস্তাৰ কৰিছে। দেশৰ ক্রীড়া জগতৰ প্রতি তেওঁলোকৰ আগ্রহ নাই। ক্রীড়াতকৈ অন্য বিষয়ৰ প্ৰতিহে তেওঁলোকৰ আগ্রহ। এটা সময় আছিল যেতিয়া ক্রীড়াৰ কাৰণে মানুহে সর্বস্ব দান কৰিছিল; এতিযা এনে লোক আছে যি ক্রীড়াব পৰা সৰ্বস্ব নিজৰ কাৰণে লবহে খোজে। বাজকুমাৰী স্প'টছ ক'চিং স্কীমত টকা পোরা যায় কাৰণে এনে লোকৰ মাজত ক্ষমতা দখলৰ মনোবৃত্তি গঢ় লৈ উঠিছে। বোম্বাইত নৱেম্বৰত ৬০ জন ক্রিকেট খেলুৱৈৰ প্ৰশিক্ষণৰ কাৰণে ২৫ হাজাৰ টকা খৰচ কৰা হয়। ভ্রমণ বানচত টকাৰ অপব্যয় কৰা হয়। কমিটী মিটিং- বিলাক পতা হয় টেষ্ট খেলৰ সময়ত, যাতে সদস্যসকলে খেলো চাব পাৰে, ভ্রমণ বানচৰ সুবিধাও লব পাৰে। এনে অধঃপতন হোৱা ক্রিকেটৰ আজি মৰাশটোহে আছেগৈ। ডেকা খেলুৱৈৰ কাৰণে আমি ক'চিঙৰ সুবিধা, উন্নতিৰ সুবিধা দিব লাগিব। বিশ্ববিদ্যালয় আৰু কলেজবিলাকত এই সুবিধা দিব লাগিব। তাতেইহে আমাৰ দেশৰ আদর্শ ক্রিকেটাৰৰ সৃষ্টি হব। আমি ফাষ্ট ব'লাব উলিয়াব পৰা নাই। বোম্বাই বিশ্ববিদ্যালয়ৰ ৰমাকান্ত দেশায়ে ফাষ্ট ব'লাৰ ৰূপে দেখা দিলে, কিন্তু ক্রিকেট জগৎখন নিয়ন্ত্রণ কৰোতাসকলৰ চকুত পৰাৰ আগতে তেওঁ বিশ্ববিদ্যালয়ৰ চাৰিবেৰৰ মাজতে পচিব লগা হৈছিল। বন্ধী ট্ৰকীৰ নিচিনা খেল ঘনাই পাতি প্রতিযোগিতাৰ সুবিধাও দিব লাগিব। আমাব খেলুরৈসকলে প্রশিক্ষণ লব পৰাকৈ বিখ্যাত খেলুৱৈসকলৰ পুযোগ লব লাগে, দেশৰো আৰু বিদেশৰো। বিদেশলৈ পঠাবলগীয়া টীমৰ বাছনিত বব পলম কৰা হয়। ইংলীছ লীগত খেলিবলৈ ঘোরা ওরেষ্ট ইন্ডিজ টামটো যথেষ্ট আগতেই নির্বাচন কৰা হয়। শ্রীমানকডে বোধহয় ঠিকেই কৈছিল যে তেওঁক লবলৈ হলে অন্ততঃ দুবছৰ আগতে জনাব লাগে। আমি শেষ মুহূর্তলৈকে ৰৈ থাকো কিয়? ক্রিকেট ব'র্ডে নানান অজুহাত উলিয়াই আনৰ ওপৰত দোষ জাপি দিবলৈ চেষ্টা কৰে। তেওঁলোকৰ অন্য উদ্দেশ্য থাকে। (৪) অসমৰ পৰিস্থিতি- (১৯৬০ চন) পৰিস্থিতি উন্নত হৈ আহিছে, প্রায় স্বাভারিক হৈ আহিছে। গতিকে এই সদনত কিবা আলোচনা হব লাগিলে গোটেইটো পৰিস্থিতিৰ এটা নিৰপেক্ষ আৰু উত্তপ্ততাহীন পৰ্য্যান্ডলাচনা হোৱা উচিত। যি কাৰণতে

নহওক, এই সদনৰ এজন দায়িত্বশীল সদস্যই এতিয়ালৈকে কোৱা কেতবোৰ কথা আমাৰ পৰিস্থিতিৰ শুদ্ধ ৰূপায়ণ নহয়। যদি আলোচনা হবই লাগে তেন্তে অন্ততঃ দুদিন ধৰি হব লাগে, যাতে এখনি শুদ্ধ ছবি ফুটাই তুলিব পৰা হয়। কিছুমান ঘটনাৰ কাৰণে আমি অত্যন্ত দুঃখিত। কিন্তু তাৰ কাৰণে পৰিবেশ সৃষ্টি কৰিছে অকল উচ্চ স্তৰত থকা চৰকাৰী আমোলাতন্ত্ৰয়েই নহয়, বৰং কিছুমান স্বার্থজড়িত মানুহে, কিছুমান সম্প্রদায়ৰ ব্যক্তিয়ে। জনসাধাৰণৰ মনত গভীৰ অসন্তোষ আছে। অসমীয়া ৰাইজে কংগ্ৰেছ আৰু গান্ধীজীৰ নেতৃত্বত বৃটিছৰ বিৰুদ্ধে যুঁজ দিছিল। তেতিয়া তেওঁলোক শাস্তিপূর্ণ আৰু অহিংস আছিল। কিয় তেনেহলে তেওঁলোক হিংসাত্মক হৈ উঠিল? নিশ্চয় সুগভীৰ কাৰণ আছে। ক্রোধৰ ভাব ধূপ খাই আছে। আমি সমগ্র পৰিস্থিতিটোৰ শুদ্ধ পৰ্য্যালোচনা হোরা বিচাৰোঁ।

চি-কে ভট্টাচার্য্য যেতিয়া গুরাহাটীত সান্ধ্য আইন প্রত্যাহাৰ কৰা হয় শ্রীহেম বকরাই নিজেই কর্তৃপক্ষক প্রত্যাহ্বান জনায় যে তেওঁ ৰাতি এটা সমদলযাত্রা উলিয়াই ছাত্ৰসকলৰ সৈতে সান্ধ্য আইন ভঙ্গ কৰিব। গুৱাহাটীত সান্ধ্য আইন জাৰি কৰা হয়। যেতিয়া তাক উঠাই দিয়া হ'ল তেতিয়া অগ্নি-সংযোগ আৰু অন্যান্য অনভিপ্রেত কাম কৰা হয়।

হেম বকরা-মই পিছত ইয়াৰ উত্তৰ দিম। কিন্তু এইষাৰ কৈ থওঁ-২১ মে'ৰ দিনা সমগ্র ব্রহ্মপুত্র উপত্যকা শান্ত আছিল। সেই দিনাই কিন্তু শ্বিলঙত তথাকথিত সংখ্যালঘু সম্প্রদায়ৰ কিছুমান লোকৰ নেতৃত্বত ছমাইল দীঘল সমদলযাত্রা বাহিৰ কৰা হৈছিল।

(৫) আন্তঃৰাষ্ট্রীয় পৰিস্থিতি-কিছুদিন ধৰি আন্তঃৰাষ্ট্রীয় উত্তেজনা দক্ষিণ-পূর্ব এছিয়াৰ পৰা মধ্য-প্রাচ্যলৈ স্থানান্তৰিত হৈছে। কিন্তু সেয়ে হলেও দক্ষিণ-পূর্ব এছিয়া সমস্যাযুক্ত হোরা নাই। ইয়াৰ প্রধান সমস্যাটো বৈ গৈছে, সেয়ে হৈছে ফৰমোছাৰ প্রশ্ন। ই বিশ্ব-বাজনীতিত এটা ভয়াবহ ছায়া স্বৰূপ হৈ পৰিছে। বণাহবানৰ লেখীয়া কাম-কাযৰ পৰিবৰ্তে ফৰমোছা প্রশ্নটো শান্তিপূর্ণভাবে সমাধান কৰিব নোৱাৰিনে? ৰাষ্ট্ৰসংঘৰ প্রতিনিধি স্বৰূপে কোনো কোনো নিৰপেক্ষ দেশৰ উদ্যোগত গণভোট গ্রহণৰ দ্বাৰা এই কাম সমাধা কৰিব নোৱাৰিনে? ফৰমোছাৰ ৰাইজে জনগণতান্ত্রিক চীনৰ লগত থাকিব খুজিলে তাতেই কথাটোৰ ওৰ পৰে। আৰু যদি তেওঁলোকে সিংহলৰ দবে স্বাধীন ৰাষ্ট্ৰ হৈ থাকিব খোজে তেনেহলেও তেওঁলোকৰ ভৱিষ্যত নির্ধাবিত হৈ যায়।

ফৰমোছাৰ উপৰি দক্ষিণ-পূব এছিয়াত আন এটা ডাঙৰ সমস্যা আছে--থাইলেণ্ড, ব্রহ্মদেশ, পাকিস্থান আদি চুবুৰীয়া দেশত গণ- তান্ত্রিক পদ্ধতিব চৰকাৰৰ পতন ঘটি সামবিক একনায়কত্ববাদৰ উত্তর হৈছে। এই এক গুৰুতৰ সংকট। ভাৰত ইয়াৰ নিবর দর্শক হৈ থাকিব নোৱাৰে। সিংহল আৰু ভাৰত চৌপাশে অগণ- তান্ত্রিক সামৰিক একনায়কত্ববাদৰ দ্বাৰা পৰিবেষ্টিত ক্ষুদ্র গণতন্ত্র হৈ পৰিছে। প্রধান মন্ত্রীয়ে কবৰ দৰে কৰাচীৰ পৰা সময়ে সময়ে আয়ুব খানে দি থকা বিবৃতিবিলাকত বেছি গুৰুত্ব দিব নালাগে। কিন্তু এই কথাও ঠিক যে একনায়কত্ববাদ অকল তাৰ সৃষ্টিকাবী দেশৰেই বিপদ নহয়, ওচৰ-পাজৰৰ দেশবিলাকৰো বিপদৰ কাৰণ।

পাকিস্থান এখন সমস্যা-সংকুল দেশ। পাকিস্থানৰ সমস্যা- বিলাক ইমান জটিল যে সিবিলাকক কোনো দিনেই সমাধান কৰিব পৰা হোৱা নাই। শাসনৰ পিছত শাসন আহিছে, প্রত্যেকৰে পতন ঘটিছে। প্রত্যেকটো আমোলেই সমস্যা সমাধান করাতকৈ বৃদ্ধিছে কৰি দিছে। জেঃ আয়ুব খানৰ ৰাষ্ট্ৰপতিত্বত যি সামৰিক শাসন প্রতিষ্ঠিত হৈছে সিও কোনো সমস্যাৰ সমাধান কৰিব নোৱাৰে যেন বোধ হৈছে। প্রত্যেক সামৰিক একনায়কত্ববাদৰে এটা নিহিত বিশেষত্ব থাকে-তেওঁলোকে ক্ষীপ্রভাবে কাম কৰিব খোজে, আৰু যেতিয়া তাত ব্যর্থ হয় তেতিয়া বিদেশ অভিযানত লিপ্ত হয়। তেওঁলোকে মাখনতকৈ বন্দুকক আগঠাই দিয়ে, কাৰণ বন্দুকৰ কথা বেছিকৈ বুজে। এতিয়ালৈকে পাকিস্তানৰ সংসদী গণতন্ত্ৰী চৰকাৰৰ সৈতে আমাৰ সম্পর্ক ঘটি আছে, আৰু তথাপিও তেওঁলোকৰ সৈতে থকা আমাৰ কোনো সমস্যাৰেই সমাধান হোৱা নাই। সামৰিক একনায়কত্ববাদব সৈতে সম্পর্ক বাখিবলৈ যাব লগা কাৰণে আমাৰ মনোভাৱ পৰিবতিত হব লাগিব। ইয়াৰ গুৰুত্ব বাঢ়িছে কিয়নো সেই দেশক সামবিক সাহায্য দিয়া হৈছে আৰু সেইটোরে বিপদৰ সম্ভাৱনা সৃষ্টি কৰিছে। ফল স্বৰূপে ছটা প্রশ্নব উদয় হৈছে -সামৰিক প্ৰশাসনক স্বীকৃতি দিয়াত আমাৰ ৰাইজৰ মৌলিক দর্শন আৰু আশা-আকাঙ্ক্ষাৰ ওপৰত আঘাত হানিছে; দ্বিতীয়তে, কমলরেলখ হৈছে কিছুমান সংসদী শাসনত বিশ্বাসী দেশৰ সংস্থা; এতিয়া এই নতুন অতিথি, পাকিস্থানৰ সামৰিক প্রশাসন আহি পৰাত কমনওৱেলথৰ গৃহীত গাথনিত ব্যাঘাত পৰা নাইনে? প্রধান মন্ত্রীয়ে এই ছটা বিষয়ত ব্যাখ্যা দিব লাগে।

18
প্ৰবন্ধ
হেম বৰুৱা এড. ১ম
0.0
হেম বৰুৱা অসমৰ ৰাজহুৱা জীৱনত এটি অতি জনপ্রিয় নাম । কাব্য-সাহিত্য চৰ্চাৰে পৰা দিল্লীৰ ৰাজনৈতিক মহললৈকে চাঞ্চল্য সৃষ্টিকাৰী হেম বৰুৱাৰ প্ৰতিভা বহুমুখী আৰু বৰঙনিও প্রভূত । ১৯৭৭ চনৰ এপ্ৰিল মাহৰ ৯ তাৰিখে হেম বৰুৱাই ইহ জগতৰ পৰা মেলানি মাগিলে। অসম সাহিত্য সভাৰ এগৰাকী বিশিষ্ট প্রাক্তন সভাপত্তি ৺বৰুৱাৰ স্মৃতিত এখনি স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিবলৈ সিদ্ধান্ত কৰা হৈছিল। 'হেম বৰুৱা' উক্ত সিদ্ধান্তৰে ফল । পুথিখনৰ সম্পাদক অধ্যাপক যোগেশ দাস আৰু অসম সাহিত্য সভাৰ কৰ্মকৰ্তাসকললৈ আন্তৰিক কৃতজ্ঞতা জনাইছো ।
1

হেম বৰুৱা এটি জীৱনালেখ্য শ্রীমন্দ তালুকদাৰ

17 November 2023
0
0
0

হেম বৰুৱা একেৰাহে সাহিত্যিক, শিক্ষাবিদ আৰু ৰাজনীতি- বিদ। অসমীয়া সাহিত্যৰ ভৰাল টনকিয়াল কৰিবলৈ ইংৰাজী আৰু অসমীয়া ভাষাত বিধে বিধে কবিতা, ভ্রমণ কাহিনী, আলোচনা গ্ৰন্থ ৰচনা কৰা এইজনা সাহিত্যিকৰ ৰচনাৰ সংখ

2

প্ৰীতিৰ হেমহাৰ হেম বৰুৱা শ্ৰীকমল নাৰায়ণ চৌধুৰী

18 November 2023
0
0
0

নানাবিধ ৰঙৰ সমাবেশত শুনিপুণ চিত্ৰকৰে 'কেন্‌ভাচত' বিভিন্ন বিষয়-বস্তুৰ চিত্র আঁকে। সেই একেই চিন্তাৰ বশৱৰ্তী হৈ ফটোগ্ৰাফাৰে ৰঙীন আৰু ক'লা-বগা ফিল্মৰ সহায়ত নানা তৰহৰ ছবি তোলে। চিত্ৰকৰে ছবি আঁকে, ফটোগ্ৰা

3

ব্যক্তিত্বৰ মোহ শ্রীমহিম বৰা

20 November 2023
0
0
0

স্কুলীয়া দিনতে 'আরাহনত' "কল্পকীৰ কাহিনী" পড়ো। লিখক শ্রীযুত হেমকান্ত বকরা, এম, এ। 'আৱাহনৰ' এজন গ্রাহক, তেওঁৰ পৰা 'আরাহন' নানান কৌশেলেৰে আৰু বাটেৰে আহি মোৰ হাতত পৰোতে তিনি মাহ লাগে। তেতিয়া গো-গ্রাসে গিল

4

পত্নীৰ দৃষ্টিৰে শ্রীমতী অণু বৰুৱা

20 November 2023
0
0
0

এজন ৰাজনীতিজ্ঞ, এজন সাহিত্যিকৰ স্ত্রী হবলৈ পোৱাটো যেনেকৈ সৌভাগ্যৰ কথা সেইদৰে কষ্টকবও। বুটিছৰ দিনৰ চৰকাৰী চাকৰিয়ালৰ জীয়ৰী হৈ এটা সম্পূর্ণ বেলেগ পৰিৱেশত ডাঙৰ হৈ, এজন ৰাজনীতিজ্ঞৰ জীৱন সঙ্গিনী হবলৈ আগবাঢ়ি

5

হেম বৰুৱা ছাৰৰ স্মৃতি শ্রীপবনাথ শর্মা

20 November 2023
0
0
0

স্বর্গীয় হেম বকরা ছাৰ এসময়ত আমাৰ শিক্ষক আছিল আৰু আছিল বাজনীতিৰ ক্ষেত্ৰত আমাৰ বৰেণ্য নেতা। ছাৰক লগ পোৱাৰ পিছত এখন মনোৰম আৰু মহৎ গ্রন্থ অধ্যয়ন কৰাৰ দবে লাগিছিল। তেখেতৰ বসাল, খোলা অন্তৰৰপৰা কোৱা কথাবোৰলৈ

6

ছাত্ৰ আৰু সতীৰ্থৰ দৃষ্টিৰে ডঃ প্রমোদচন্দ্র ভট্টাচার্য

21 November 2023
0
0
0

হেম বৰুণা, অসম গৌৰৱ শিক্ষাবিদ, শিক্ষাব্রতী সাহিত্যিক আৰু সংসদী ৰাজনীতি বিশাৰদ এজন আগশাৰীৰ অসমীয়া লোক বুলি বৰেণ্য আৰু স্বীকৃত হৈছে। হেম বৰুৱাৰ গুৱাহাটীয়া কাৰ্য্যকালৰ বিদ্যায়তনিক পৰিবেশৰ ১৯৪৪ চনৰ প্ৰথম

7

মই জনা মানুহজন ডঃ নিৰ্মলপ্রভা বৰদলৈ

21 November 2023
0
0
0

সম্বন্ধত মোৰ হয় মামা। আমাৰ শিৱসাগৰৰ ঘৰত প্ৰায়েই গৈ থাকেগৈ। বিশেষকৈ সক্রিয় ৰাজনীতিত দেশৰ ইমূৰৰপৰা সিমূৰলৈ ঘূৰি ফুৰা সময়খিনিত। দেউতা ৰাজনীতিৰ মানুহ নাছিল। কিন্তু দেউতাই গুণী, ব্যক্তিত্বপূর্ণ, পুৰুষাৰ্থ

8

ভাতৃ হিচাপে শ্রীপ্রফুল্ল কুমাৰ বৰুৱা

21 November 2023
0
0
0

তেতিয়া ককিলামুখ আৰু গুৱাহাটীৰ মাজত আব. এছ. এন. আৰু আই জী. এন. কোম্পানীৰ জাহাজ চলিছিল। আৰ এছ এন- কোম্পানীৰ জাহাজবোৰ আছিল "কুকী", "ডফলা", "মিৰি", "মিচিমি", "লুচাই", "শিখ" আৰু আই. জী. এন. কোম্পানীৰ জাহাজ

9

জনতাদৰদী হেম বৰুৱা শ্রীঅতুলচন্দ্র হাজৰিকা

22 November 2023
1
0
0

আভিধানিক হেম বৰুৱাকে প্রমুখ্য কৰি কেবাজনো হেম বক্করাক অসমীয়া সাহিত্যই লগ পাইছে। সেইসকলৰ মাজত দুজন হেম বৰুৱাৰ ভালেখিনি সাদৃশ্য আমাৰ চকুত পৰে। এজন ত্যাগবীৰ হেম বকরা, আনজন এম-পি হেম বক্করা বা অধ্যক্ষ হে

10

সংসদত হেম বৰুৱা শ্রীবিজয়চন্দ্র ভাগৱতী

22 November 2023
0
0
0

১৯৪২ চনৰ গণ-বিপ্লর। ভাৰতৰ স্বাধীনতাৰ চূড়ান্ত সংগ্রাম। 'হয় মুক্তি নহয় মৃত্যু'-এই পণ লৈ বীৰ-বীবাজনায়কলে স্বাধী- নতাৰ বেদীমূলত নিজৰ জীৱন উৎসর্গা কৰিলে। অসমত সেই বিপ্লৱৰ ঢৌৱে প্রচণ্ড ৰূপ ললে। উদীয়মান ডেক।

11

জনজীৱনৰ দৃষ্টিত শ্রীশশী শর্মা

22 November 2023
0
0
0

অসম বিখ্যাত হেম বৰুরা কেবাজনো। কিন্তু সম্প্রতি হেম বৰুৱা বুলিলে প্রাক্তন সংসদী সদস্য, সু-সাহিত্যিক হেম বৰুৱা বুলিহে জনা যায়। হেম-কোষৰ হেম বৰুৱা আৰু যুক্তি-সংগ্ৰামৰ অন্যতম শ্রেষ্ঠ গুৰীয়াল হেম বৰুৱাৰ কথ

12

ৰাজনৈতিক সহকর্মীৰূপে চুজাউদ্দীন আহমদ

22 November 2023
0
0
0

হেম বকরা এটি সৰু নাম। তাৰ মাজতেই লুকাই আছিল এটি অগ্নিফুলিঙ্গ প্রচণ্ড বিস্ফোৰণৰ জুইশলা কাঠি। বিৰাট ব্যক্তিত্ব-সম্পন্ন, মহা-মহীৰূহ সদৃশ এই প্রতিভাধব মহান পুৰুষজনৰ কথা মনলৈ আহিলেই চকুৰ আগত ভাহি উঠে এখন ব

13

আধুনিক অসমীয়া সাহিত্যত হেম বৰুৱাৰ স্থান শ্রীত্রৈলোক্য নাথ গোস্বামী

23 November 2023
0
0
0

যিটো সময়ত হেম বৰুরাই কাপ হাতত লৈছিল, সেই সময়ত অসমীয়া সমাজৰ মাজত নতুন নতুন ভাবধাৰাৰ অনুপ্রবেশ ঘটিছে। দেশৰ মুক্তি-আন্দোলন বিযপি পৰি দেশবাসীৰ মাজত সঞ্চাৰ কৰিছে নর জাগৰণ; দ্বিতীয় মহাসমৰৰ দ্রুত বিস্তাবে দে

14

হেম বৰুৱাৰ জীৱন দৰ্শন আৰু সাহিত্য শ্রীঅতুলচন্দ্র বৰুৱা

23 November 2023
0
0
0

মানুহৰ জীৱন কামৰ সমষ্টি মাথোন। এই কৃতি বা কাম আৰু ৰচনা বা সাহিত্যৰ মাজেদি বাগ্মীনেতা হেম বৰুৱাৰ জীৱন দর্শনৰ মূল সূত্র কি আছিল তাকে অলপ বিশ্লেষণ কৰি চাব খুজিছো। ১৯৩৭ চনতে 'আরাহন'ত 'হিয়াৰ মিলন' গল্প প্

15

হেম বৰুৱা আৰু তৎকালীন কবি-গোষ্ঠী শ্রীনৱকান্ত বৰুরা

23 November 2023
0
0
0

'আরাহন'ত ওলাইছিল কন্নকী আৰু কভালানৰ কাহিনী- লেখকৰ নাম পাইছিলোঁ, শ্রীযুত হেমকান্ত বৰুরা এম. এ.। খবৰ পাইছিলো, জে. বি. কলেজত ইংৰাজী পঢ়ায়। তেওঁৰ শ্রেণীবোৰ হেনো ইংৰাজীৰ শ্রেণী হৈ নাথাকে-অসমীয়াকে ধৰি বিশ্ব-

16

হেম বৰুৱাৰ ইংৰাজী ৰচনা শ্রীউপেন্দ্রনাথ শর্মা

23 November 2023
0
0
0

হেম বৰুৱাই অসমীয়া সাহিত্যত অবিস্মৰণীয় অৱদান দি থৈ গৈছে। তেখেত আধুনিক অসমীয়া কবিতাৰ আন্দোলনৰ গুৰি ধৰোঁতা। জনমুখী ৰাজনীতি আৰু ভাৰতীয় পৰম্পৰাৰ প্রতি থকা আনুগত্যৰ বাবে তেখেতে অসমীয়া কবিতাৰ সন্ধিক্ষণত এই ক

17

হেম বৰুৱাৰ ভ্ৰমণ-সাহিত্য ডঃ হেমন্তকুমাৰ শৰ্মা

24 November 2023
1
0
0

একেধাৰে কবি, সমালোচক, সাংবাদিক, বক্তা, শিক্ষাবিদ আৰু বাজনীতিজ্ঞ পুৰুষ হেম বৰুৱা অসমীয়া সাহিত্যত ভ্রমণ-কাহিনী- ৰচয়িতা হিচাপেও বিশেষভাৱে পৰিচিত। এতিয়ালৈকে হেম বৰুরাকেই শ্রেষ্ঠ ভ্রমণ-কাহিনীকাৰ বুলি ক'ব প

18

এছাটি পছোৱা শ্রীযোগেশ দাস

24 November 2023
0
0
0

"আজি এই আগলি বতাহে কই গ'ল আহিছে পছোরা সারধান ধনীৰ দুলাল; ধন ঢালি মিছা সভ্যতাৰ মিছাৰেই সঁচা বন্দী কৰা সজা ভাঙ্গি পখীটি ওলাল।" -ভরপ্রসাদ মুলকৰাজ আনন্দৰ "কুলী" উপন্যাসৰ বঙলা ভাঙনিখন কিনি মই প্রথম পাতটোত

---

এখন কিতাপ পড়ক