"আজি এই আগলি বতাহে কই গ'ল আহিছে পছোরা সারধান ধনীৰ দুলাল; ধন ঢালি মিছা সভ্যতাৰ মিছাৰেই সঁচা বন্দী কৰা সজা ভাঙ্গি পখীটি ওলাল।"
-ভরপ্রসাদ মুলকৰাজ আনন্দৰ "কুলী" উপন্যাসৰ বঙলা ভাঙনিখন কিনি মই প্রথম পাতটোতে ওপৰৰ কবিতা ফাকি লিখি থৈছিলো। কবিতা ফাকি 'পছোরা' মাহেকীয়া আলোচনী খনৰ প্ৰথম সংখ্যাৰ প্ৰথম পাতটোৰ মুৰতে মাত্র ছুট। দীঘলীয়া শাৰীৰে লিখি ছপাই দিয়া হৈছিল। কব পাৰি যে নতুন আলোচনী খনৰ মূলমন্ত্র স্বৰূপে। "কুলা" খন শ্রীহৰি বৰকাকতিৰ ঘৰত (ডুমডুমা) দেখি সম্পাদক হেম বকরাই হেনো হাঁহি মাৰি মন্তব্য কৰিবছিল, বতাহে ছুইছেহি তেনে! (ঠিক এই ভাষাত অৱশ্যে নহয়।)
ঘটনা-চক্রটো আকস্মিক, সন্দেহ নাই। তথাপি সংযোগটোক অর্থপূর্ণ নহয় বুলিবও নোৱাৰি। সময়টো স্বাধীনতাৰ ঠিক পৰবর্তী কাল। আমি সামাজিক পৰিবৰ্তনৰ আশাবে উন্মুখ ডেকা লিখক। যশস্বী লিখক মূলকবাজ আনন্দৰ লেখাত দলিত-পীড়িত জনৰ প্রতি আস্তবিক সহানুভূতিৰ ছাপ স্পষ্ট-আমি তেওঁৰ কুলী, আন্টাচেবল, টু লীভছ এণ্ড এ বাড আদি বিচাৰি-খোচাৰি পঢ়িছো। ডেকা চামৰ নেতা হেম বৰুৰাৰ নতুন ধৰণৰ মাহেকীয়া আলোচনীখনে দেশ-বিদেশৰ ন-ন বতৰা কঢ়িয়াই আনিছে, অসমীয়া সাহিত্যৰ গতানুগতিকতা ভাঙ্গি (সেই কাৰণে পছোৱা বতাহৰ পৰা নামটোও লৈছে?) তাক ন-ৰূপত সজাবলৈ ওলাইছে, আমাৰ তেনেকুৱা ভাব, ধাৰণা। আমি লেখা পঠিয়াই ৰুদ্ধশ্বাসে ৰৈ আছো, পছোরাই ছপাইছে, কি উৎসাহৰ কথা! শোলীৰ দৰে পছোরাব লগতে আমাবো উৰিবৰ মন। তাতে আমাৰ প্ৰিয় কবি ভরপ্রসাদ ৰাজখোৱাৰ মিঠা মিঠা, বাছকবনীয়া শব্দৰ ক্ষীপ্রগতি ভাষাৰ এনে অর্থপূর্ণ পংক্তি এটা পাই 'কটেশান' কৰি তুলি নিদিয়াকৈ থাকিব পাৰোনেকি?
হেম বকরাক সাংবাদিক ৰূপে বৰকৈ গণ্য কৰা দেখা নাযায়। বোধহয় ৰাইজৰ মনত তেওঁৰ জননেতা আৰু সাহিত্যিক ৰূপ ছটাই তেওঁৰ সেই দিশটো উজলি উঠিবলৈ দিয়া নাছিল। পছোরা খন বেছি দিন বর্তি নথকা- কাৰণেও সেইটো হব পাবে। কিন্তু এই আলোচনী খনৰ জৰিয়তে তেওঁ অসমীয়া আলোচনীৰ এটা নতুন, বিশিষ্ট গঢ় দিবলৈ চেষ্টা কৰিছিল। সম্পাদকীয় প্রবন্ধ নোহোৱাকৈয়ে পছোরাই নিজস্ব দৃষ্টিভঙ্গী এটাৰ প্রভাৱ অনুভৱ কৰাইছিল। দেশ-বিদেশৰ সাহিত্য-সংস্কৃতিৰ নতুন নতুন প্রচেষ্টাসমূহৰ পৰিচয়েৰে আমাৰ নতুন সমাজৰ মানসিকতাৰ গঢ় দিবলৈ যত্ন কৰিছিল। যুদ্ধোত্তৰ আৰু স্বৰাজোত্তৰ যুগৰ আশা- আকাঙ্ক্ষাৰ প্ৰকাশ দিবলৈ চেষ্টা কৰিছিল। সমাজবাদৰ আদর্শ প্ৰচাৰ কৰিছিল, যি আদর্শ লাহে লাহে নতুন ভাৰতৰ ৰাজনৈতিক আদৰ্শত পৰিণত হৈ আহিল। বহুতেই নাজানে যে হেম বকরাই দৈনিক 'অসমীয়া' কাকতত নাম নিদিয়াকৈ প্রবন্ধ-পাতি লিখি দিছিল; তেওঁৰ বিশিষ্ট বন্ধু শ্রীদেৱকান্ত বৰুৱাই সম্পাদনা কৰা 'অসমীয়া'ৰ কাৰ্য্যালয়লৈ তেওঁ প্রায়েই গৈছিল। ইংৰাজী-অসমীয়া বাতৰি কাকতবিলাকত তেওঁৰ ভালেমান প্রবন্ধ প্রকাশ হৈছিল। 'ষ্টেটছমেন' প্ৰমুখ্যে ভাৰতৰ বিশিষ্ট পত্রিকাই প্রবন্ধ-পাতি লিখিবলৈ তেওঁক আমন্ত্রণ জনাইছিল। হেম বৰুৱাই আমাৰ আগত মত প্রকাশ কৰিছিল যে আজিকালিৰ লিখা-মেলাৰ ওপৰত জার্নেলিজমব বিশেষ প্রভাৱ পৰিছে, আজিৰ লেখা জাৰ্ণেলিষ্টিক হৈ পৰিছে। 'অসম বাতবি' কাকতলৈ চিঠিৰ আকাৰত লিখা প্রবন্ধবিলাক (পিছত 'ডাক-পখিলী' গ্রন্থত সংকলিত) তেওঁৰ এনে ৰচনাই আছিল। জীৱনৰ শেষৰ ফালে হেম বৰুৱাই গুৱাহাটীৰ পৰা নতুনকৈ প্রকাশিত ইংৰাজী 'আসাম এক্সপ্ৰেছ'ৰ প্ৰথম সম্পাদকৰ বাব গ্রহণ কৰি সম্পূর্ণ সাংবাদিকৰ ৰূপত দেখা দিছিল। এইখন কাকতৰ সম্পাদকীয় স্তম্ভত তেওঁৰ বিশিষ্ট ইংৰাজী ৰচনাৰ স্পষ্ট ছাপ বৈ গৈছিল। গতিকে তেওঁৰ সংবাদসেৱাৰ দিশটোক একেবাবে অস্বীকাৰ কৰি যোরা টান।
'পছোরা' মাত্র এবছৰহে ওলাইছিল, ১৯৪৮ চনৰ জুন মাহৰ পৰ্য্য ১৯৪৯ চনৰ মে' মাহলৈ, মুঠ সংখ্যা ওলাইছিল ১০ টা মাত্র- তাৰে এটা অলপ বুজন আকাৰত বিহু-সংখ্যা কপে। কিন্তু তথাপি আলোচনীখনে কেবাটাও দিশৰ পৰা আধুনিক অসমীয়া সাহিত্যত নিজৰ স্বাক্ষৰ থৈ গ'ল। আলোচনীখনৰ বিষয়ে ইতি- পূর্বে প্রকাশিত ছুটি মন্তব্য ইয়াতে উদ্ধৃত কৰা হ'ল। এটা আমাৰ নিজৰে বক্তব্যঃ "যদিও 'বামধেনু' মাহেকীয়া আলোচনীয়েই যুদ্ধোত্তৰ যুগৰ অসমীয়া মানসিকতাক সাহিত্যৰ যোগেদি প্রকৃষ্ট- ভারে প্রকাশ দিয়ে, তথাপি যিহক প্রকৃততে আধুনিক ধাৰা বুলিব পাৰি তাৰ সূচনা কৰে মাহেকীয়া 'পছোরা' আলোচনীয়েছে। শ্রীহেম বৰুৱা সম্পাদিত পছোৱাৰ প্ৰকাশ আৰম্ভ হয় ১৯৪৮ চনৰ জুন মাহত, আৰু ই মাত্র এবছৰ জীয়াই থাকে। এই এটা বছৰতে এই আলোচনীখনে কেবাটাও বৈশিষ্ট্য আনি দিয়ে: নানান চিন্তাশীল বিদেশী-বিভাষী প্রবন্ধৰ অনুবাদ, লেখকলৈ বঁটা-পাৰি- শ্রমিক দান, 'জয়ন্তী'য়ে কমলনাবায়ণ দেৱৰ নেতৃত্বত প্রবর্তন কৰা নতুন কবিতাক এটা স্থৈর্য্য দান। সম্পাদক বৰুৱা নিজেই জয়ন্তীৰ কবিতা আন্দোলনৰ কেন্দ্র-স্থলত আছিল; তেওঁ পৰবৰ্তী ৰামধেনুৰ লগতো সম্বন্ধ ৰক্ষা কৰি আছিল; বামধেনুরে পছোরাই কাটি দিয়া বাটেৰেই আগুৱাই যায় বুলিব পাৰি।" ("মধ্যবিংশ শতিকাৰ অসমীয়া সাহিত্য", ১৯৭৪)
'দ্বিতীয়টি মন্তব্য শ্রীনন্দ তালুকদাৰৰ সদ্য প্রকাশিত "হেম বৰুৱা" গ্রন্থৰ (১৯৭৮) পৰা তুলি দিয়া হৈছে: "প্রগতিশীল সাহিত্য সৃষ্টিত 'পছোরা' আলোচনীৰ বৰঙণি অনন্য। সাম্প্রতিক যুগৰ ভালেকেইজন লব্ধপ্রতিষ্ঠ কবি-সাহিত্যিকৰ জন্ম আৰু বিকাশ পছোরা আলোচনীৰ জৰিয়তে। জয়ন্তীৰ পিছত আধুনিক কবি- তাৰ জয়যাত্ৰা সূচনা 'পছোরা' আলোচনীৰ পাততে। ৰামধেনুৰ জন্ম ইয়াৰ পিছত। অকালতে মৃত্যু বৰণ কৰিলেও পছোরা আলোচনীখনে নতুনৰ বার্তা বহন কৰিব পাৰিছিল।" এইবিলাক ধাৰণাৰ সাৰবত্তা বোধহয় সমকালীন কোনো পাঠকেই দুই কৰিব নোৱাৰে। এই কাৰণেই যুদ্ধোত্তৰ যুগৰ অসমীয়া সাহিত্যৰ গতি-প্রকৃতি নিৰ্দ্ধাৰণ কৰাত এই আলোচনীখনৰ বিশেষ ভূমিকা আছিল বুলিও স্বীকাৰ কৰিব লাগিব।
সর্বশ্রী চক্ৰেশ্বৰ ভট্টাচার্য্য, নরকান্ত বৰুরা, বীবেন্দ্রকুমাৰ ভট্টাচাৰ্য্য, বীবেন বৰকটকী, হৰি বৰকাকতি, নলিনীধৰ ভট্টাচাৰ্য্য, হোমেন বৰগোহাঞি, কমল নাৰায়ণ চৌধুৰী, বিদ্যাকান্ত হাজৰিকা, ঘনকান্ত চেতিয়া ফুকন, ৰবীন গোহাঁই, স্বর্ণ বৰুরা (হেম বৰুরা) আদিৰ কবিতা আলোচনীখনত ওলাইছিল। এইসকল ডেকা কবিৰ ভালেমানেই যে ৰামধেনুৰ কালত বিশেষ প্রতিষ্ঠা লাভ কৰি নতুন কবিতাৰ আন্দোলনত সক্রিয় ভূমিকা গ্রহণ কৰিছিল এই কথা আজি বুৰঞ্জী হৈ গৈছে। এই ফালৰ পৰা চাবলৈ গলে শুপ্রতিষ্ঠিত বর্তমান যুগলৈ উত্তৰণৰ নিমিত্তে পছোরাই কটকটীয়া সাকোৰ কাম কৰিছিল বুলি কব লাগিব। কিয়নো জয়ন্তীৰ যোগেদি কমলনাৰায়ণ দেৱ আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্য্যই নতুন কবিতা আন্দো- লনৰ পাতনি মেলিছিল, তাৰ সৈতে হেম বকরা নিজেও জড়িত আছিল। ৰামধেনুব সফল কবি-গোষ্ঠীয়ে নতুন কবিতাক যি দিশ আৰু প্রকৃতি প্রদান কৰিলে তাৰ ৰূপ জয়ন্তীৰ কবিতাতকৈ বেলেগ হ'ল। এই পবিবর্তন, এই উত্তৰণত প্রধান ভূমিকা ললে পছোরাই। পছোৱাই দৰাচলতে নতুন কবিতাক এটা স্থিৰতা, এটা দৃঢ়তা দিলে বুলি কব লাগিব। উল্লেখ কৰি যাব পাৰি যে পছোরা বন্ধ হবৰ বাৰ বছৰমান পিছতহে ৰামধেনু আলোচনীখন এক বিশিষ্ট ৰূপত ওলাবলৈ আৰম্ভ কৰে। গতিকে এই কবিতাক হেম বৰুরাই নিজে ভালেখিনি নেতৃত্ব দি আগুৱাই নিয়াৰ উপৰি ইয়াক প্রতিষ্ঠা দিবৰ কাৰণেও পছোৱাৰ যোগেদি হাতে-কামে লাগি দিছিল। গল্প-বিভাগত আমি এইসকল লিখকৰ নাম পাওঁ-সর্বশ্রী দীন শর্মা, চৈয়দ আব্দুল মালিক, কীর্তিনাথ হাজৰিকা, বীৰেন্দ্ৰকুমাৰ ভট্টাচার্যা, কুল গগৈ, পজিকদ্দিন আহমদ, হবি বৰদলৈ, প্রবোধ গোস্বামী, চন্দ্রপ্রসাদ শইকীয়া, আনন্দেশ্বৰ বৰঠাকুৰ, যোগেশ দাস ইত্যাদি। শ্রীগগৈয়ে ইয়াতে এজন কনিষ্ঠ গল্পকাৰ ৰূপে বিশেষ সম্ভারনা দেখুৱাইছিল। আব্দুল মালিক দেরে নতুন টেনিকৰ মনোৰম গল্প লিখি পছোরাব পাঠকবর্গক চমক খুৱাইছিল, আৰু পোন প্রথম সংখ্যাত প্রকাশিত তেওঁৰ "সিহঁতে নতুন পথ ৰচে" গল্পটোৰ কাৰণে "পছোৱাৰ তৰফৰ পৰা এখনি ১০, দহ টকীয়া 'চেক' উপহাৰ" পাইছিল। এই কথা ঘোষণা কৰাৰ প্ৰসঙ্গতে পৰিচালকসকলে পাঠক-পাঠিকাসকলৰ পৰাও পছোৱাত প্রকাশিত ৰচনা বাজিব গুণাগুণ সম্বন্ধে মতামত আহ্বান কৰিছিল। এই- সকল গল্পকাৰৰ কিমানে পৰবৰ্তী ৰামধেনু যুগত অসমীয়া গল্প সাহিত্যৰ পৰিধি বিস্তৃত কৰিলে আৰু গভীৰতা দান কৰিলে এই কথা সকলোরে জানে।
'আলোচনা', 'ভাঙনী', 'বাজনীতি-অর্থনীতি-সমাজনীতি', 'পুথি আলোচনা', 'বঙিয়াল ঘৰ' ইত্যাদি বিশেষভারে প্রস্তুত হেডিং- ব্লকৰ তলত ন-ন সাহিত্যৰ শিতান পছোরাই মুকলি কৰিছিল। ইয়াৰ ভিতৰত পুথি-আলোচনা আৰু বঙিয়াল ঘৰৰ আলোচনা বিলাক বিশেষ উচ্চ খাপৰ আৰু অনুপ্ৰেৰণামূলক হৈছিল। কাৰণ সম্পাদকে একোখন বিশিষ্ট গ্রন্থব দীঘলীয়া, পাণ্ডিত্যপূর্ণ পৰিচয়- মূলক আলোচনা দাঙি ধৰাইছিল; আৰু নাট্য-জগৎ তথা সাং- স্কৃতিক আন্দোলনৰ বিষয়েও তেনেকুৱা প্রবন্ধ-পাতিকে যুগুতাই দিয়া হৈছিল। এইবিলাক আলোচনাই যে সাধাৰণ পাঠক শ্রেণীক নানান নতুন সম্পদৰ যোগান ধৰিছিলেই, লগে লগে আমাৰ ভাষাত পাব নোৱাৰা ন-ন বসৰ সন্ধানো দিছিল। আমাৰ ভাষাত পাব নোৱাৰা বিষয়ৰ সম্পৰ্কত এই আলোচনীৰ ভাঙনিবিলাকে বিশেষ বৰঙণি যোগাইছিল। ভাঙনি প্ৰকাশৰ প্ৰসঙ্গত কব লগা হয় যে সম্পাদকে মৌলিক ৰচনাৰ অভাবতে, ঘাইকৈ তেওঁৰ গুৰু ডঃ কাকতিৰ পৰামর্শ অনুযায়ী, দেশী-বিদেশী বিবিধ বচনাৰ পৰা অনুবাদ কৰিব আৰু কৰাব লগা হৈছিল। যষ্ঠ সংখ্যাত প্রকাশিত গোহাৰিত সম্পাদকে লিখিছিল:
"প্রবন্ধ, গল্প, কবিতা আদিৰ অভারত 'পছোরা' চলোৱা বৰ টান হৈ পৰিছে। আমি আন ঠাইৰ পৰা সৰহীয়াকৈ ভাঙি দিবলৈ বেয়া পাওঁ। অন্ততঃ 'পছোৱা'ৰ অধিকাংশ বস্তু আমাৰ লেখক-লেখিকাৰ পৰা পাবলৈ আমি আশা কৰো। অসমত শিক্ষিত সমাজ বাঢ়ি আহিছে। আমি তেখেতসকলক অনুৰোধ জনাওঁ যাতে তেখেতসকলৰ বাহুকবনীয়া বচনাবে আমাৰ কাকতন খোঁতা বড়ায়।"
মূলকবাজ আনন্দ, বাৰট্রান্ড বাছেল, আন'ষ্ট উলাব, রীকহাম ষ্টীড, এমিল বার্ন'চ, তিঙ, লিঙ, চিচিল ডে লুইজ, হঝপ্রদাফ ঝাঞ্জী, প্রেম চন্দ, নবেন্দ্র দের, জরাহৰলাল নেহৰু, মোপাছা, এভবজনী আলমাজত, মহাত্মা গান্ধী, জয়প্রকাশ নাবায়ণ, গার্ল ৰাক্ত আদিৰ ৰচনাৰ পৰা নানান ধৰণৰ লেখা অনুযাদ কবি প্রকাশ কৰা হৈছিল-অনুবাদত ডঃ প্রফুল্লদত্ত গোস্বামী আৰু শ্রীনবেন শৰ্মাৰ নাম উল্লেখযোগ্য। বিভিন্ন ইংৰাজী পত্রিকাৰ বছা বছা ৰচনাও অনুবাদ কৰি দিয়া হৈছিল-সেইবিলাকত লিখকৰ নাম নাই। চীনা আৰু জাপানী কবিতাব ভাঙনিখিনি বিশেষভারে উল্লেখযোগ্য, কিয়নো জাপানী কবিতাই পিছলৈ আমাৰ কেই জনমান ডেকা কবিক বিশেষৰূপে প্রভারিত কৰা দেখা যায়। এইবিলাক অনুবাদে সর্বসাধাৰণ অসমীয়া পাঠকক বিশ্ব-সাহিত্যক একোটা আভাস দিছিল। আজিও আমাৰ ভাষাত বিশ্বব বিভিন্ন ভাষাত কি কি হৈছে তাৰু সহজভারে জানিবৰ কাৰণে কোনো বিশিষ্ট অেেলাচনী নাই। এজন সাধাৰণ অসমীয়া পঢ় রৈয়ে ফেরুল অসমীয়াতে পঢ়ি বিশ্ব-সাহিত্যৰ এটা আভাস আৰু অলপ স্কোৱাদ লোৱাৰ তেনে কোনো ভাল সুবিধা নাই। পথোরাই হজে এই দিশত ভালেখিনি কাম কৰিবলৈ চেষ্টা কৰিছিল। যুদ্ধখনে আমাৰ মাজলৈ যি বিৰাট পৰিবৰ্তন আনিলে তাৰ পৰিপ্রেক্ষিস্তস্ত আমাৰ মনৰ দিগন্ত আগতকৈ বহল কৰি লবৰ প্রয়োজন হ'ল। স্বাধীন অবস্তুত ৰাজ্যিক ভাষাবিলাকৰ গুৰুত্ব বাঢ়ি আহিল। এই ছটাক দৃষ্টিকোনৰ পৰাও পছোরাক প্রবন্ধ-পাজিয়ে সমুচিজ্ঞভারে অসমীয়া পড় রৈসকলক সহায় কৰিছিল।
বিসকলে মৌলিক, গধুৰ প্রবন্ধ-পাড়ি পছোরার লিপিজিক্স জেওঁলোকৰ ভিতৰক্ত উল্লেখযোগ্য ডঃ মহেশ্বৰ নেওগ, ডাঃ হখ বৰদলৈ, ডঃ প্রফুল্লদত্ত গোস্বামী, শ্রীসদা চলিহা, শ্রীউমা শর্মা ইত্যাদি-হেম বকরাই নিজেই ভালেমান প্রবন্ধ লিখিছিল। প্রথ্যাভ কথা-শিল্পী শ্রীমা দাশ আৰু নবীন গল্পকাৰ শ্রীমেদিনী চৌধুৰীষ্ম এটিকে কবিতাও পছোরাত ওলাইছিল।
সম্বাজষাদক বাজনৈতিক আদর্শ ৰূপে হেম বৰুৱাই কংগ্রেঞ্জক লগত স্বাধীনতা আন্দোলনত জড়িত থাকোতেই গ্রহণ কৰিছিল। ভেওঁৰ আলোচনীত যে এই দৃষ্টিকোনৰ পৰা সামাজিক-অর্থনৈতিক বিশ্লেষণ থাকিব সেইটো নিতান্তই স্বাভারিক কথা। সেই বাবে পছোৱাত এই দৃষ্টিভঙ্গীৰ পৰা কৰা আলোচনা-বিলোচনাই প্রায় প্রতি সংখ্যাতে ঠাই পাইছিল। এনে ধৰণৰ প্রবন্ধ-পাতি হয় ভাঙ্গনি কৰি নহয় মৌলিকভারে লিখাই তেওঁ প্রকাশ কৰিছিল। নবেন্দ্র দের, জয়প্রকাশ নাৰায়ণ, অশোক মেহতা আদিব অনুবাদৰ উপৰি উমা শৰ্মা, অজিত শর্মা, আনন্দেশ্বৰ বৰঠাকুৰ, ভূপেন্দ্র চৌধুৰী আদিয়ে এই দৃষ্টিকোনৰ পৰা আলোচনা কৰি মৌলিক প্রবন্ধ লিখিছিল। নলিনী ভট্টাচার্য্য, বীৰেন ভট্টাচার্য্য, ভরপ্রসাদ ৰাজখোৱা আৰু আনন্দিৰাম দাসে মানুহৰ জয়গান গাই, শোষণৰ অন্ত পৰিল বুলি ধ্বনি দি কবিতা লিখিছিল। মূলকবাজ আনন্দ আৰু প্রেম চন্দৰ গল্প যে অনুবাদ কৰি প্ৰকাশ কৰা হৈছিল তাকো এই দৃষ্টিভঙ্গীৰ পৰাই কৰা হৈছিল।
যিসকল নতুন পাঠকে পছোরা দেখা নাই তেওঁলোকে ওপৰৰ আলোচনাৰ পৰা অনুমান কৰিব পাৰিব যে এই আলোচনী খনৰ এটা বিশেষ গুৰুত্ব আছিল; আলোচনী খন ভালেমান বছৰ চলি থকা উচিত আছিল। কিন্তু দুখৰ বিষয় যে আলোচনী খন মাত্র এটা বছৰহে জীয়াই থাকিল। আধুনিক অসমীয়া সাহিত্যলৈ যেন মাত্র এছাটি পছোরাহে বৈ আহিছিল। কি কাৰণে পছোরা বন্ধ হৈ গ'ল সেইটো অৱশ্যে অনুমান কৰি লোৱা টান নহয়। আর্থিক অসচ্ছলতা সকলো অসমীয়া আলোচনীবে অকাল মৃত্যুব কাৰণ। সম্পাদক হেম বকরাই ইয়াৰ আভাস এটাও এঠাইত দি গৈছে। যি নহওক আলোচনী খনে এটা স্পষ্ট পথৰ সন্ধান দি যাবলৈ সমর্থ হৈছিল, যি পথেদি পৰবৰ্তী অসমীয়া সাহিত্যই গতি লৈছে আৰু আজি সি জগৎ সভাত বাট হেৰুৱাই ফুৰিব লগীয়া হোরা নাই। হেম বকরাই কবিতাত নতুন ধৰণে কথ্য ভঙ্গীক স্থান দি অভিনৱত্ব কৰি দেখুৱাইছিল; তেওঁ গতানুগতিক পদ্ধতিৰে আলোচনী সম্পাদন নকৰি এক নতুন পদ্ধতিৰে সেই কাম কৰিও অভিনর স্বাদৰ যোগান ধৰিলে। 'জানো মই গতি নাই গতিৰ বাহিৰে' বুলি কবলৈ ভাল পোৱা মানুহ জনে গতিশীলতাৰেই এইদৰে নতুন নতুন কাম কৰি দেখুৱাইছিল।