শাস্তিৰাম ভকত বদনৰ ঘৰৰ পৰা নিৰুদ্দেশ হবৰে পৰা পমীলাৰ মুখত আৰু আগৰ সেই হাঁহিমাত নোহোৱা হ'ল । সদায় হা হুমুনিয়াহুতে তেওঁৰ দিন যাবলৈ ধৰিলে। মনোমতীয়ে সখীয়েকৰ দুখ বুজি তেওঁক বৰকৈ যতন কৰিবলৈ ধৰিলে আৰু মাজে সময়ে কবলৈ ধৰিলে – “সখি! তুমি চিন্তা নকৰিবা । তোমাৰ মনচোৰ আহি ওলাব।
ইফালে শান্তিৰাম ভকতে সেই নিশা বদনৰ ঘৰৰ পৰা ওলাই সন্ন্যাসী আৰু হলকান্ত বৰুৱাৰ পিছে পিছে যাবলৈ ধৰিলে। ভালেমান দেশ নগৰ তীৰ্থ ফুৰি ফুৰি বাবাজী আৰু বৰুৱাই কাশীধাম পালেগৈ । তাত শাস্তিৰাম ভকতে এদিন সন্ন্যাসীৰ আগত ওলাই দীঘলকৈ দণ্ডৱ দি পৰি কলে – “প্রভো! দাসকো কৃপা কৰি সন্ন্যাস দিয়ক। দাসেও সংসাৰ ত্যাগ কৰিলোঁ!” সন্ন্যাসীয়ে কলে— “বাছা! তোক মই এতিয়াও সন্ন্যাস দিব নোৱাৰোঁ। তোৰ ভালেমান খাবলবৰ দিন আছে। তই এই কোমল বয়সতে কঠোৰ সন্ন্যাস পালিব নোৱাৰিবি । সেই দেখি বাছা ! তই ঘৰলৈ উলটি যা। বিয়াবাৰু কৰাই গৃহস্থী কৰগৈ । সংসাৰ ধৰ্ম্ম পালন কৰি বাসনা পৰিতৃপ্ত কৰ।” শাস্তিৰাম— “প্রভু! সংসাৰৰ জঞ্জাল দেখোন বৰ বেছি। সেই দেখি মই উদাসীন ধৰ্ম্মকে লবলৈ মন কৰিছোঁ। বিশেষ আমাৰ মহাপুৰুষেও কৈছে কেৱল ধৰ্ম্মহে শ্রেষ্ঠ।” সন্ন্যাসী— “বাছা! কেৱল ধৰ্ম্ম অতি কঠোৰ। যেই সেই মানুহে পালিব নোৱাৰে । বোধ কৰোঁ তহঁতৰ মহাপুৰুষেও যাকে তাকে কেৱল ধৰ্ম্ম পালিবলৈ কোৱা নাই ৷ তহঁতৰ শঙ্কৰদেৱ নিজে গৃহস্থী আছিল। তহঁতে নুবুজিহে যেয়ে সেয়ে কেৱলীয়া হৱ । তাৰ পৰা তহঁতৰ অসমত ধৰ্ম্মৰ গ্লানিহে হৈছে। সেই দেখি বাছা! মই আদেশ কৰিছোঁ তই এতিয়াও গৃহস্থী কৰগৈ । বিশেষ তোক দিনে-ৰাতিয়ে এটি প্রাণীয়ে চিন্তা কৰিব লাগিছে। তই যদি সেই প্রাণীটিৰ আশা ছেদ কৰ তেন্তে তোৰ গাত পাপ লাগিব । সেই দেখি বাচ্ছা। তই মোৰ বুঢ়া সন্ন্যাসীৰ কথা ৰাখ ঘৰলৈ উলটি যা। তোৰ যদি ঈশ্বৰত ভক্তি থাকে তেন্তে গৃহস্থীতে তোৰ ধৰ্ম্ম সিজিব । ঈশ্বৰে যদি কৰিব দিয়ে তেন্তে বুঢ়া বয়সতো যেতিয়া তোৰ সকলোবিলাক বাসনাৰ পৰিতৃপ্তি হব তেতিয়া সন্ন্যাস লবি। মই যদি জীয়াই থাকোঁ বাৰু তোক মই তেতিয়া লৈ আহিমগৈ
সন্ন্যাসীৰ এইবিলাক বুজনিত শাস্তিৰামৰ মন স্থিৰ হ'ল । সন্ন্যাসী আৰু হলকান্ত বৰুৱাত বিদায় লৈ শাস্তিৰামে কাশীধাম দৰ্শন কৰি আকৌ লাহে লাহে বৰপেটালৈ উলটিল আৰু ছমাহ মানৰ মূৰত বৰপেটা পালেহি । শাস্তিৰামক উলটি অহা পাই বদন চৌধাৰীৰ ঘৰত আকৌ মহা আনন্দ উৎসৱ মিলিল। সকলোৱে শাস্তিৰামক তেওঁ কলৈ গৈছিল, কি কিৰিছিল এই বিলাক কথা সুধিলে। সময় পাই চতুৰী মনোমতীয়েও পমীলাক নথৈ বিদ্রূপ কৰিলে। মনোমতীয়ে কলে – “সখি! মোৰ কথা দেখোন মিছা বুলিছিল । এতিয়া দেখোন তোমাৰ মনচোৰ আহি পালে ? নাপাবহিয়েই বা কেলেই ? তুমি ইফালে পোৰা পাতিছিলা নহয় ?” পমীলাই হাঁহি হাঁহি কলে—“সখি। ভাল ছেগ পাইছা । বাৰু তোমাৰ যি ইচ্ছা তাকে কোৱা । ”
শান্তিৰাম আহি পোৱাৰ প্ৰায় এপষৰ মূৰতে মনোমতী আৰু তিলোত্তমাৰ খেচখেচনিত লক্ষ্মীকান্ত আৰু 'বদনে আলচ কৰি শাস্তিৰাম আৰু পমীলাৰ বিয়াখন পাতিলে । আটাই- ৰিলাক তিৰুতায়ে মহা উলাহেৰে বিয়াৰ কাৰবাৰ কৰিলে। শাস্তিৰাম ভকতক লক্ষ্মীকান্ত আৰু বদন চৌধাৰীয়ে হাঁহি খিকিন্দালি কৰি বৰ সজালে। তিকতাবিলাকে বিশেষ মনোমতী আৰু তিলোত্তমাই গাৱঁৰ কেইজনীমান গাভৰু লগ লগাই পাৰেমানে (২) যোৰানামবিলাক গালে। এইদৰে নামে পদে শান্তিৰাম আৰু পমীলাৰ বিয়াখন হৈ গ'ল । পমীলা আৰু শান্তিৰামৰ মুখত আগৰ ৰঙ-ধেমালিৰ ভাবিবিলাকে খেলাবলৈ ধৰিলে। ৰাংধালী পমীলাই উঠোতে বহোঁতে খাওঁতে শোওঁতে শান্তিৰামক জোকাবলৈ বাকী নেৰিলে । আহোতে এটি চিকুট, যাওঁতে কাষলতিৰ তলত সুৰসুৰাই দিয়া ইত্যাদি আমোদত পমীলাৰ দিনকাল সুখেৰে যাবলৈ ধৰিলে ।
সুখেৰে বদনৰ ঘৰত আৰু ছমাহ থাকি লক্ষ্মীকান্তই- বৰপেটাতে বেলেগে এখন ঘৰ কৰিলে। বৰনগৰীয়া বৰুৱানী আকৌ গৌৰীপুৰলৈ গ'ল। শাস্তিৰামেও লক্ষ্মীকান্তৰ ওচৰতে বেলেগে এখন ঘৰ কৰিলে । ছইও বন্ধা ভূটা ৰাখি খেতি আৰু বাণিজ্য কৰিবলৈ ধৰিলে । অলপ দিনৰ ভিতৰতে দুইও চহকী হ'ল হুইৰো ৰৌ ৰৌৱা গৃহস্থী হবলৈ ধৰিলে।