পানেই পলাবৰ আৰু অঙ্কিয়ে তাইক
বিচাৰি যাবৰ ছমাহ হল। এই হুমাহে সিহঁতৰ একো খৱৰ নোলাল। পানেইৰ মাক-বাপেক পানেইৰ
শোকত দিনে দিনে ক্ষীণাই যাব ধৰিলে। নিৰমাযে মাজে মাজে বুকুত ভুকুৱাই কান্দিব
ধৰিলে। দুবাৰ এবাৰ বুঢ়া তামেদকো গালি-গালাজ কৰিবলৈ নেৰিলে। ইফালে কমুদে টকা-
সিকাও নাপালে, পানেইকো
নাপালে। সি তামেদৰ ওপৰত গোচৰ লগালে। পাঠক,
আমি এবাৰ ডালিমীক চাওঁগৈ বলা। ডালিমীয়ে জঙ্কিক ফিৰি অহা নেদেখি সদায় পুৱা-গধূলি
একোবাৰ নৈৰ ঘাটলৈ যাব ধৰিলে আৰু আই সোৱণশিৰীৰ ফাললৈ চাই চাই মাজে মাজে দুই-একোটা
দীঘল হুমুনিয়াহ কাঢ়িব ধৰিলে। এইদৰে দুয়োখন গাঁৱতে চাৰিটা প্ৰাণীয়ে কষ্ট পালে।
এদিন বুটী নিৰমাই শুই আছে। এনেতে
সপোন দেখিলে যেন ভাইৰ পানেই আৰু জঙ্কি দুয়ো আগতকৈও বৰ ধুনীয়া হৈ চিকুণ সাজেৰে
ভাইৰ আগত দেখা দিছে। ভাই যেন হাত বাও দিদি দুয়োটাকে মাতিলে। সিহঁত যেন এটা পৰ্বতৰ
ওপৰত দুয়ো হাতভ ধৰাধৰিকৈ ফুৰিছে। নিৰমায়ে দুয়োটাকে মাতিলে “বাছা তহঁত আহ।”
সিহঁত দুযো উত্তৰ কৰিলে "আই যাব নোৱাৰোঁ, ইয়াৰ পৰা নামিব নোৱাৰোঁ।” বুঢ়ীয়ে ফেঁকুৰি ফেঁকুৰি
কান্দিব ধৰিলে। টোপনি ভাগিল। কান্দি কান্দি চকু মুখ মোহাৰি দেখে যে ৰাতি পুৱাইছে।
ৰঙা ৰদে দেখা দিছে। হাতে কাষে কলহ লৈ বুঢ়ী সোৱণশিৰীৰ ঘাটলৈ পানী আনিবলৈ গল। ভাত
গৈ দেখে দ পানীত কিবা দুটা ভাঁহি আছে। পানী লৈ ৰুটী উভতি আহিল। মনতে খুঁহ-খুঁহ কৰি
কথাটো তামেদক কলে। তামেদে গাঁৱৰ মানুহ দুনুহ লৈ গল । লগতে নিৰমা
আৰু সোৱণশিৰীৰ পাৰৰ এটি অতি বয়সিয়াল বুঢ়া সোণাৰীও গল।
চৰি বঠাৰে সেই বস্তু দুটা
খুচি-বিন্ধি চাই দেখে যে দুটা শৱ। পাৰলৈ চপাই আনি দেখে যে দুয়ো যোৰা লগা। ইটোৰ
ওপৰত সিটো তলে ওপৰে বন্ধা। সিহঁত দুইৰো গলেদি এডাল শাল। দুই হাতত দুডাল শাল। দুই
ভৰিত দুডাল শাল। বুকুত এডাল,
কঁকালত এডাল।
বুঢ়া সোণাৰীয়ে তত্ক্ষণাত্ কব
ধৰিলে -”এইটো গাছি মিৰিৰ কাম?"
শৱ দুটা বালকৈ ওলটাই লাৰি-চাৰি চাই
দেখে যে সেই দুটা “পানেই” আৰু “জঙ্কি”ৰ। আচাৰ খাই বুঢ়া-বুঢ়ী মাটিত পৰিল। সাবট
মাৰি শৱ দুটা ধৰিলেগৈ। গাঁৱৰ আন আন মানুহ,
ৰকমী,... ভাদৈ
ইত্যাদিয়ো চাপিল । সকলোৱে কান্দিব ধৰিলে। কান্দি কান্দি চকুৰ লো টুকি ৰকমী
ভাদৈয়ে সিহঁত দুইওটাৰ গালৈকে ফুল ছটিয়াব ধৰিলে। শৱ দুটি গাঁৱৰ মানুহে লৈ গল। আৰু
মিৰিৰ দা-দত্তৰ মতে ভুলি নি ক্রিয়াকলাপ কৰিলে।
আৰু পাঠক। ডালিমী। ডালিমীয়েও এই
বাতৰি শুনিলে মানুহৰ আঁৰে আঁৰে ভাই কান্দিলে। ভাই সোৱণশিৰীৰ পাৰলৈ গৈ এবাৰ পানীলৈ, এবাৰ আকাশলৈ, এবাৰ মিৰি
ডফলাৰ পৰ্বতলালীৰ ফাললৈ চাব ধৰিলে এইবাৰ হৃদয়ৰ আশালতা একেবাৰে উচ্ছেদ হল।
পানেই জঙ্কিৰ প্ৰণয়ৰ বিষময় ফল
ফলিল। টকাৰ লোভে কি কৰে ইয়াকো বুঢ়া তামেদে ভাল শিক্ষা পালে। আমাৰ হতভাগিনী মিৰি
জীয়ৰীৰ দুখ লগা কাহিনী খতম কৰিলোঁ। আশাকৰো ইয়াতে এতিয়াৰ পৰা মিৰিৰ ঘৰে ঘৰে সুফল ফলিব।