এজন ৰাজনীতিজ্ঞ, এজন সাহিত্যিকৰ স্ত্রী হবলৈ পোৱাটো যেনেকৈ সৌভাগ্যৰ কথা সেইদৰে কষ্টকবও। বুটিছৰ দিনৰ চৰকাৰী চাকৰিয়ালৰ জীয়ৰী হৈ এটা সম্পূর্ণ বেলেগ পৰিৱেশত ডাঙৰ হৈ, এজন ৰাজনীতিজ্ঞৰ জীৱন সঙ্গিনী হবলৈ আগবাঢ়ি আহোতে কিমানখিনি অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিলো, সেইটো সহজেই অনুমেয়। সময়ে সমযে উজুটিও যে ঘোরা নাছিলো, এনে নহয়। কিন্তু যিমান কঠিন হ'ব বুলি ভাবিছিলো, সিমান নহ'ল। তাব কাবণ, মোৰ স্বামীৰ এটা সহানুভূতিশীল মন, এখনি সংবেদনশীল অন্তৰ।
আমাৰ বিয়া হৈছিল ১৯৪৭ চনত। ১৯৪২ চনৰ আন্দোলনৰ কথা, জেলত বন্দী হৈ থকাৰ সময়ৰ কঠোৰ জীৱনৰ কথা, কুশল কোঁৱৰব ফাঁচী আদি ঘটনাবোৰ পোনতে মানুহজনৰ মুখত শুনি স্তম্ভিত হৈছিলো। সেই আন্দোলনক কেন্দ্র কবি আচম্বিতে আছি পৰা ঘৰুৱা গানখিত নোহোৱা অৱস্থাৰ কথা যেতিয়া মানুহজনৰ মুখত শুনিছিলো, তেতিয়া নিজৰ জীৱনৰ এৰি অহা উনৈশটা বছব একেবাৰে অর্থহীন যেন লাগিছিল। কলেজৰ শিক্ষা সাং কৰাৰ পিছৰে পৰা বিয়াল্লিছৰ গণ-আন্দোলনৰ কালছোৱাত হোরা নিৰাপত্তাহীন ঘটনাবহুল দিনবোৰকে ধৰি চাকৰি জীৱনত থানধিত লাগিব নোৱাৰা সময় ছোৱালৈকে মানুহজনৰ জীৱন নানা ধৰণৰ তিতা-মিঠা অভিজ্ঞতাৰে ভৰা। অৱশ্যে মিঠা অভিজ্ঞতাতকৈ তিতা অভিজ্ঞতাই বেছি। কেতিযাব। এই তিত। অভিজ্ঞতাবোৰৰ কথা আমাৰ আগত সোর বণ কৰে। কিন্তু তেনে তিতা অভিজ্ঞতাব লগত জডিত থকা একোজন মানুহক যেতিয়া এখেতে হাঁহি মুখেবে, অকপটভাৱে ব্যৱহাৰ কৰা দেখোঁ, তেতিয়া আচবিত নহৈ নোৱাৰোঁ। এনেবোৰ কথা দেখি-শুনি তেখেত যে প্রকৃততে গান্ধীবাদী আছিল, আজি মই ডাঠি কব পাৰোঁ।
বাজনীতিজ্ঞৰ জীৱন কষ্টকর। তাৰোপৰি মানুহজনে সোণৰ চামুচ মুখত লৈ জন্ম লোরা নাছিল। আনহাতে বিৰোধী দলত থাকি ৰাজনীতি কৰিবলৈ গলে যে পদে পদে কিমান বাধা পাব লাগে, সেই কথা সহজেই অনুমান কৰিব পাৰি। বাজনীতি আৰু সাহিত্য হুযোটাবে ভাৰসাম্য বক্ষ। কৰাটো যে কিমান কঠিন, সেইয়া স্বচক্ষেই দেখিলো। এবাৰ তেখেতে দিল্লীব পৰা অসমৰ এগৰাকী স্বনামধন্য। লেখিকালৈ চিঠিত লেখিছিল: "মই পালা- মেণ্টৰ কাম আৰু সাহিত্য-১৮। ছয়োটাৰ কাম কেনেদৰে চলাইছো, দেখিলে আপোনাৰ পুতে উপজিব। নিশা এঘাৰ বজালৈকে পার্লামেন্টৰ কাম কৰি আঁতাই দুই, আঢ়ৈ বজালৈকে বহি যি পাৰে। সাহিত্য-চর্চা কৰোঁ।" কথাষাৰ আৰ্থবে আখৰে সঁচা । স্কুলীয়া ল'ৰা-ছোৱালীয়ে দিনটোৰ পাঠ যুগুতোরাব দৰে দিনত সংসদত কি কি কৰিবলগীযা থাকে, সেই বিষয়ে নিজকে সাজু কৰি নিব লাগে। পুরা উঠি বাতৰি কাকতখন শেন দৃষ্টিৰে চাই কি প্রশ্ন কৰিব পাৰি, চালি-জাবি চোরাই হ'ল প্রথম কাম। মুখৰ আগত দি খোরা চাহ পিয়লাও চেচা হৈ যায়। শৰীৰত আড়ষ্টতা নাই, চকুত টোপনিৰ জাল নাই। শেন দৃষ্টিৰে কেরল বাঁতৰি কাকতখন চাইছে আৰু চাইছে। প্রয়োজন অনুসৰি প্রশ্ন টাইপ, কৰাব পৰা সকলো কার্য নিজেই কৰে। তেখেতৰ প্রাইভেট চেক্রেটৰী নাছিল-মাহে দুশ, আঢ়ৈশ টকা দি এজন চেক্রেটৰী ৰখাৰ সামর্থ্যও নাছিল। গতিকে ময়েই যি পাৰোঁ, মোৰ সাধ্যানুসৰি তেখেতক সহায় কৰিছিলো। সন্ধিয়া সংসদৰ পৰা উভতি আহিও সেই একেই ব্যস্ততা। এটোপা চাহ বিচৰাৰ পৰিৱৰ্তে বিচাৰে দিনৰ ডাকত অহা চিঠিবোৰ। চিঠিবোৰৰ উত্তৰো ততালিকে লেখি পেলায়। পোনতে গোট গোট আখৰেৰে ধুনীয়াকৈ নিজেই চিঠিবোৰ লেখিছিল। পিছলৈ কিন্তু হাতখন কঁপিবলৈ লোৱাৰ কাৰণে ময়েই এই কামত সহায় কৰিছিলো। দিল্লীত থকা সময়ত তেখেতলৈ অসমৰ পৰা যোৱা চিঠি-পত্ৰৰ উত্তৰ কোনেও কিজানি "নাই পোরা” বুলি কব নোৱাৰিব। সক ডাঙৰ সমস্যাৰে তৰা চিঠিৰ পুঙ্খানুপুঙ্খৰূপে উত্তৰ দিয়াৰ উপৰিও, এনে কিছুমান চিঠি পাইছিল, তাৰ উত্তৰো তেখেতে আগ্ৰহেৰে দিছিল: এনে চিঠি আহিছিল সাধাৰণতে স্কুল-কলেজীয়া ল'ৰা- ছোৱালীৰ পৰা। নানা ধৰণৰ প্রশ্ন যেনে, 'সাহিত্য-চর্চা কৰিবলৈ হলে পোনতে কি কৰা উচিত?' 'ভাল ইংৰাজী লেখিবলৈ কি পন্থা লোৱা উচিত?' মই মন কৰিছিলো, এনেবোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ পালে তেখেতৰ মুখমণ্ডল এক বিমল আনন্দত উদ্ভাসিত হৈ উঠিছিল। সেইদৰে একোজন তীক্ষ্ণবুদ্ধিৰ উদীয়মান যুৱকক সৎভারে কাম কৰি যোৱা দেখিলে বৰ ভাল পাইছিল। এবাঝ কেন্দ্রীয় গৃহ মন্ত্রী দপ্তৰৰ উচ্চ পদস্থ অসমীয়া ডেকা এজনক দেখি তেখেতে মোক কৈছিল: "এনে ধৰণৰ ল'ৰা দেখিলে, মই অন্তৰত কিবা এটা উদ্দীপনা পাওঁ।" এনে একোজন ব্যক্তিলৈ আঙুলা- য়াই তেখেতে আমাৰ ল'ৰাহঁতেকো উপদেশ দিয়ে। সদায় মই দেখিছিলো, উদাহৰণ আৰু আদৰ্শৰে ল'ৰা দুটাক গঢ় দিবলৈ যত্ন কৰিছিল। ঢোকা শাসন, মাৰধৰ কৰা মই দেখা নাছিলো। কেতিয়াবা কিবা কথাত সিহঁতৰ ওপৰত অসন্তুষ্ট হলে, সেই অসন্তুষ্টিৰ ভাবখিনি তেখেতৰ মুখত প্রকট হৈ উঠিছিল, যেন কিবা এটা গভীৰ দুখত, হতাশাত তেখেত ভাগি পৰিছে। ছদিন মানলৈ মৌন হৈ আছিল। মই লক্ষ্য কৰিছিলো, এই মৌন- তাই ল'ৰাহালৰ অন্তৰত বাৰুকৈয়ে বেখাপাত কৰিছিল।
মানুহজনৰ অন্তৰখন আছিল অতি কোমল। কোনোবা মানুহ বিপদত পৰা দেখিলে তেখেতৰ অন্তৰখনে কান্দি উঠে। তাব কিবা এটা প্রতিকাৰ কৰিব নোৱাৰালৈকে মনটো অশান্ত হৈ থাকে। সংসদৰ অধিবেশন ওৰ পৰাৰ লগে লগে ঢাপলি মেলে অসমলৈ। গুৱাহাটীত থকা পাৰ্টিৰ শ্রীবিশ্ব গোস্বামীলৈ আগতীয়াকৈ চিঠি দিয়ে সমষ্টিলৈ যাবলৈ কাৰ্য্য-তালিকা কৰিবলৈ। গুরাহাটা পায়েই সেই কার্য্য-তালিকা মতে সমষ্টিলৈ গৈ ৰাইজৰ অভার-অভিযোগৰ ভু লয়। বানপানী, দুর্ভিক্ষ-অনাটন আদি হলেতো কথাই নাই। যদি সামর্থ্যই কুলায়, খাদ্য সামগ্রী লৈ পীড়িত অঞ্চললৈ গৈ যিমান দূৰ পাৰে ৰাইজৰ দুখ মোচন কৰিবলৈ যত্ন কৰে। নোৱাৰিলে, এষাৰ মাত দি মানুহক সান্ত্বনা দিয়েগৈ। এইদৰে সমষ্টিত ঘূৰি ফুৰোঁতে সম্মুখীন হোরা কিছুমান করুণ ঘটনাৰ কথা আমাক পিছত বিবৰি কয় আৰু আর্থিক সাহায্য পঠাবলৈ তৎপৰ হৈ পৰে। তেনে উদাহৰণ বহুতো আছে। সেই বুলি আমি দিল্লীত থকা কালছোৱাত নানা প্ৰকাৰে ঠগিবলৈ ওলোরা কিছুমান লোকক তেখেতে অকণো প্রশ্রয় নিদিছিল। তেনেকৈ বিমুখ কৰাত সময়ে সময়ে সেই ধৰণৰ মানুহৰ কটু কথাও শুনিব লগাত পৰিছিল। অরশ্যে তেনেটো প্রবঞ্চনাৰ বলি যে আমি নোহোৱাকৈ আছিলো, তেনেও নহয়।
মানুহজনৰ জাতিবিচাৰ সমূলি নাছিল। তেখেতৰ চকুত কেরল মানুহজন সৎ হব লাগে। সকলোকে সমান চকুৰে চোৱাটো তেখেতৰ জন্মগত স্বভার আছিল। সৰু-বৰ ধনী-দুখীয়াৰ ভেদাভেদ পাহৰি সকলোকে সমভাৱে ব্যৱহাৰ কৰিব পাৰিছিল ৰাখেই
জনসাধাৰণৰ মনৰ মাজত তেখেতে সোমাই যাব পাৰিছিল। দিল্লীত থকা কালছোরাত আমি আবেলি সদায় ফুৰিবলৈ ওলাই গৈছিলো। এঘণ্টা সময় আমি খোজ কাঢ়িছিলো। তেখেতৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই নিয়ম কৰিছিলো। মানুহজনে কোনো এটা কাম ভাল বুলি হাতত ললে, কেতিয়াও সেই কামন্ত ক্ষতি নকৰিছিল। এবাৰ শ্রীবিপিন পাল দাস দৰং কলেজৰ অধ্যক্ষ হৈ থাকোঁতে দিল্লীলৈ গৈ আমাৰ ওচৰবে ঘৰু এটাত আছিল। সন্ধিয়া প্রায়ে তেখেত আমাৰ ঘৰলৈ আহিছিল। আগতে একেটা দলতে আছিল কাৰণেই হবলা হয়ো ছয়োকো তয় হিয়াকৈ মাতিছিল। স্বর্গীয় হৰেশ্বৰ গোস্বামীৰ লগতো একে সম্বন্ধই আছিল। শ্রীদাসে তেতিয়াই এখেতক যোগাসন কৰিবলৈ উপদেশ দিছিল। আনকি যোগাসনৰ বিষয়ে এখন কিভাপো আনি দিছিল। মানুহজনে সেইযে যোগাসন কৰাৰ অভ্যাস কৰিলে, সেই অভ্যাস উনৈশ শ বাসত্তৰ চনলৈকে নিজে চলিমেলি কুবিয় পৰালৈকে নেবিলে। মানুহজনৰ মুখত প্ৰায়ে এষাৰ কথা শুনিছিলো। তেখেতে কৈছিল "ষি কামকে কৰা, একাগ্রচিত্তেজৰ কৰি যাবা। কোনো কামতে ফাঁকি নিদিবা। কামত ফাঁকি দিয়া মানুহ কেতিয়াও মহৎ হব নোৱাৰে। একাগ্রচিত্তেৰে কাম কৰিলে, আজি নহলেও দহ বছৰৰ অন্তত পুফল নিশ্চয় পাবা।" এতিয়া লৰাহঁতে যেতিয়া দেউতাকৰ আহি আগত ৰাখি কামত ফাঁকি নিদি একাগ্রচিত্তেৰে কাম কৰি যোরা দেখোঁ, তেতিয়া মোৰ অন্তৰখন আনন্দত নাচি উঠে।
এইদৰে আবেলি ফুৰিবলৈ যাওঁতে আমি লিখাপড়াৰ বিয়য়ে আলোচনা কৰিছিলো। তেখেতে কেনেকৈ কি লিখাৰ কথা ভাবিছে মোক কয়, কেনে হব পৰামৰ্শ বিচাৰে। তেখেতক পৰামর্শ দিব পৰা ধৃষ্টতা মোৰ নাই। তথাপি মই উদগনি দিওঁ। ময়ো কি লেখিম, কেনেকৈ লেখিম আদি কথা আলোচনা কৰো, পৰামৰ্শ বিচাৰোঁ। কোনো এটা নতুন কথা শিকাৰ প্রতি গোড়ামি তেখেতৰ মুঠেই নাছিল। নতুন শব্দ এটা শুনিলে সেই শব্দ সৰুৰ পৰাই হওক, নাইবা কোনো নিৰক্ষৰ এজন মানুহৰ মুখৰ পৰাই হওক কথা নাই, ততালিকে শিকিছিল। ১৯৭২ চনত সাহিত্য সভাৰ স্বর্গীয় বেণুধৰ ৰাজখোৱা আৰু স্বর্গীয় কনকলাল বন্ধুরা শতবার্ষিকী উৎসরত ধেমাজিলৈ যাওঁতে, কলেজীয়া ছাত্রী গোমা আগৰৱালাৰ মুখত "পচলা খাওঁতেই দাঁত ভাগিব" কথা- যাৰ শুনি বৰ ৰং পাইছিল। বাৰে বাৰে কথাষাৰ আওৰাইছিল। জর্জ অবৱেলৰ "এনিমেল ফার্ম" খন অনুবাদ কৰি থাকোঁতে মই "মুখ শুকাই চুমৈ যেন হল" বুলি এটা বাক্য লেখিছিলো। 'চুমৈ' শব্দটো তেখেতে বৰ ভাল পাইছিল। সেইদৰে স্কুলীয়া ছাত্ৰ অৱস্থাত বুঢ়ীমাকৰ পৰা "তোৰ নাকত তুলা দি ধাতু চাম" কথাষাৰ শিকি থৈছিল। পিছত আমাক তাৰ গূঢ়াৰ্থ বুজাই কৈছিল। 'পাতিহাহক পালেং' খণ্ডবাক্যটিও তেখেতে শিকিছিল। এইদৰে শিকিবলৈ পালে বৰ বং পাইছিল।
অধ্যয়নে মানুহৰ মন পুষ্ট কৰে। মানসিক শক্তি বিকশিত হয়, এইষাৰ কথা তেখেতে মনে-প্রাণে বিশ্বাস কৰিছিল। অধ্যয়নৰ প্রতি প্রৱল ধাউতি তেখেতৰ পঢ়াকালৰ পৰাই আছিল। কলিকতাত এম. এ. পড়ি থাকোঁতে কেনেবাকৈ ছপইচা ৰাহি কৰিব পাৰিলে, ভাবে কিতাপ এখন কিনিব পাৰিলেছে তেখেতে শান্তি পাইছিল। জে. বি. কলেজত কাম কৰি থকাৰ সময়ত এদিন সন্ধিয়া জহান্ বয়াৰৰ "গ্রেট হাঙ্গাব" নামৰ কিতাপখন পঢ়িবলৈ আৰম্ভ কৰি শেষ কৰোঁতে পুবত ঢল ফাঁট দিলে। ওৰে ৰাতি হেনো শুবলৈকে নহল। সংসদী সদস্য হৈ থাকোঁতেও সংসদৰ লাইব্ৰেৰীৰ এটা চুক তেখেতৰ বাবে আছুতীয়াকৈ আছিলেই। সংসদত বিশেষ কাম নাথাকিলে, লাহেকৈ লাইব্ৰেৰীৰ সেই ঠাইডোখৰ পায়হি। তেখেতে সকলো ধৰণৰ কিতাপ পঢ়িছিল। তেখেতেৰ মতে, "জ্ঞানৰ সীমাবিভাগ নাই। কেরল যিমান পাৰি জ্ঞান আহৰণ কৰিব লাগে।” স্বর্গীয় ফিৰোজ গান্ধীয়েও হেনো এনে কাম কৰিছিল। অতি কথাচৎকা আছিল যদিও, ফিৰোজ গান্ধীয়ে দিনটো আড্ডা দি নাথাকি, ছেগ বুলি ফালৰি কাটি লাইব্ৰেৰী পাইছিলহি।
মোৰ ব্যক্তিগত জীৱনত মানুহজনৰ প্রভার এটা উল্লেখযোগ্য ঘটনা। চোকা শাসন, বাধ্যবাধকতাৰ চিন ক'তো লেশমানো নাই। মানুহজনৰ অফুবন্ত কর্মক্ষমতা, কিতাপ পঢ়াৰ প্ৰতি ধাউতি, একাগ্রতা আদিয়ে মোক যেনেকৈ প্রভারান্বিত কৰিছিল, গোটেই ঘৰখনকো তেনেকৈ কৰিছিল। দিল্লীত, ঘৰুৱা অৱস্থাৰ কাৰণে পড়াশুনা এৰিবলগীয়া হোরা পঞ্চনমান শ্রেণীত পঢ়া লৰাটোৱে মোৰ লৰাহঁতৰ পুৰণা কিতাপ আজৰি সময়ত পটি শেষলৈ সি ইংৰাজীতে আমালৈ চিঠি লেখিবলৈও পৰা হল। আনকি সিদিনা মানুহজনৰ মৃত্যুৰ বাতৰি পাই দিয়া তাব চিঠিখনে মোৰ হৃদয়তন্ত্রী কঁপাই তুলিলে। সেইদৰে আমাৰ ঘৰত বর্তমান থকা শ্রীমান নৰেনেও এই আদর্শকে আগত লৈ অধ্যয়নৰত হৈ আছে। ভগবানে তেওঁৰ নিশ্চয় কল্যাণ কৰিব।
মোৰ লেখামেলাৰ ক্ষেত্ৰতো তেখেতৰ উৎসাহ-উদ্দীপনাই মূলধন। কেতিয়াবা কিবা এটা লেখোঁ বুলি ভাবো, সমল গোটায়ো থওঁ। কিন্তু কার্য্যত হৈ হুঠে। আলহীৰ জঞ্জাল, তেখেতৰ লেখামেলাৰ কাম, তাৰোপৰি ঘৰুরা যাবতীয় কামবন বোৰ থাকেই—তাৰ মাজত নিজাকৈ কিবা এটা কৰিবলৈ শক্তিয়েও নাটে, এলাহো লাগে। কিন্তু তাৰ মাজতে যদি কেনেবাকৈ মোৰ মনৰ পৰিকল্পনাটো তেখেতৰ আগত প্রকাশ কৰোঁ, তেন্তে ৰক্ষা নাই। ধকরাই ধৰাব দৰে মোৰ হতুৱাই কামটো কৰাইহে এৰিব। মোৰ "দিল্লীৰ ডুখৰীয়া ছবি", "অন্তস্তবা", "সাগৰ দেখিলে।", "সূর্যমুখী" আদি কিতাপ তেখেতৰ তাগিদাতেই সৃষ্টি হোৱা বস্তু। "পখীৰ দেশত অঙ্কুমণি" বোল। কিতাপখন যুগুত কৰোঁতেও সংসদৰ লাইব্ৰেৰীৰ পৰা বহুতো কিতাপ-পত্র আনি মোক সহায় কৰি দিছিল। দুখৰ কথা, জারনৰ শেষলৈ তেখেতৰ পুৰা এনেধৰণৰ তাগিদা তো নাপাইছিলোরেই, কিবা এটা লেখি পঢ়ি শুনাব খুজিলেও শুনাৰ বৰ আগ্রহ এটা দেখা নাছিলো। আবেলি ফুৰিবলৈ ওলাই আমি কেতিযাবা শ্ৰীসমৰ গুহৰ ঘৰ পাইছিলোগৈ। শ্রীগুহ সংসদী সদস্য আৰু এজন সাহিত্যিকো। বঙ্গালী সাহিত্যলৈ তেখেতৰ অৱদান লেখত লবলগীয়া। আমি শ্রীগুহব লগত সাহিত্য বিষয়ে আলোচনা কৰিছিলো। তেওঁৰ ভ্রমণ কাহিনী "উত্তৰাপথ" মই অসমীয়ালৈ অনুবাদ কৰিছিলো। আন এজন সংসদা সদ্য শ্রীসমবেন্দু কুণ্ডু। এওঁ অতি কম বয়সতে ৰাজনীতি কৰাৰ উপৰিও সাহিত্য জগতত শুনাম অর্জন কৰিছিল। বিশেষকৈ গল্প লেখে। বৰ্ত্তমান জনতা চৰকাৰৰ এওঁ বৈদেশিক ৰাজ্যমন্ত্রী। এওঁৰ লগতো আমি উৰিয়া সাহিত্যৰ বিষয়ে আলোচনা কৰিছিলো। শ্রীকুন্ডুরে মোক কেবাটাও গল্পৰ প্লট দিছিল।
কেতিয়াবা আমাৰ ঘৰতো এইদৰে সাহিত্যৰ আলোচনা হৈছিল। আটাইকেইজন বাজনীতিবিদ গোট খাইছিল যদিও সেই সময়ত ৰাজনীতিৰ আলোচনা মুঠেই নহৈছিল। সেই কাৰণেই সম্ভৱতঃ আলোচনাবোৰ বেছি সবস হৈ পৰিছিল। এই আলোচনালৈ আৰু এজন সদস্য আহিছিল, তেখেত হল তেতিয়াৰ ৰাজ্যসভাৰ সদস্য ডঃ গোপাল সিং। ডঃ গোপাল সিং পাঞ্চারী সাহিত্যৰ এজন খ্যাতনামা লেখক। তেখেতে স্বৰচিত কৱিতাৰ পুথি এখন এখেতক উপহাৰ দিছিল। ডঃ সিঙৰ কেইটামান গল্প মই অসমীয়ালৈ অনুবাদ কৰিছিলো। ডঃ সিং ক্রছেল লৈ ৰাষ্ট্রদূত হৈ যোৱাৰ পিছত তেখেতক লগ পোৱাৰ সৌভাগ্য আমাৰ আৰু নহল।
এবাৰ আমি ডঃ কৰণ সিঙৰ ঘৰলৈ বাতিৰ সাজ খাবলৈ নিমন্ত্রণ পাইছিলো। তেখেতৰ প্রকাণ্ড সুসজ্জিত ড্রইংরুমৰ এটা কোনত তবলা, চেতাৰ আদি বাদ্যযন্ত্র ধুনীয়াকৈ সজাই থোরা দেখি পোনতে ভাবিছিলো, তেখেতৰ ল'বা-ছোৱালীয়ে শিকে বুলি। কিন্তু পিছত যেতিয়া ডঃ কৰণ সিওে স্কুললিত কণ্ঠেৰে উচ্চাঙ্গ সঙ্গীত গোরা শুনিলো, তেতিয়া স্তব্ধ নহৈ নোৱাৰিলো। এজন মন্ত্রীৰ দায়িত্ব বহন কৰিও তেখেতে এই চর্চা কেনে নিখুঁত ভাৱে কৰি আছে, আচৰিত নহৈ নোৱাৰি। তেখেতৰ পৰিবাৰো এগৰাকী ভাল গায়িকা। আন এগৰাকী সংসদী সদস্যা শ্রীমতী তাৰকেশ্বৰী সিন হায়ো সেইদিনা ধুনীয়া বঙালী গান এটা গাইছিল। সেইদিনা ঘৰলৈ উভতি আহি বাৰে বাবে এখেতে কৈছিল, "ভগরানে মোৰ কণ্ঠত খুব নিদিলে।” এইখিনি অভার তেখেতে মোৰ মাজত পূৰণ কৰিবলৈ বিছাৰিছিল। দুখৰ কথা, এটা অপাবেচনৰ পিছত ময়ো এই কণ শক্তি হেৰোৱালো।
মানুহজনৰ কণ্ঠত শুৰ নাছিল সঁচা, কিন্তু তেখেতে অতি শুরলাকৈ করিতা আবৃত্তি কৰিছিল। জীৱনানন্দ দাসৰ করিতা, ববিঠাকুৰৰ করিতা তেখেতে মাজে মাজে আবৃত্তি কৰি আমাক শুনায়। সেই আবৃত্তিৰ মাজেৰে এখন নিখুঁত ছবি আমাৰ চকুৰ আগলৈ আনিবলৈ তেখেত সক্ষম হৈছিল। কলেজত পঢ়াই থকা কালত শ্রেণীত Skylark করিতা বুজাই থাকোতে নিজেই যেন এজনী স্কাইলার্ক চৰাই হৈ আকাশৰ বুকুলৈ উৰা মাৰিব, এনে এটা ভাবত করিতা আবৃত্তি কৰিছিল, ছাত্রছাত্রীৰ চকুলৈ এখন ছবি আনি দিছিল। তেওঁলোকেও চকুৰ আগত ধৰা দিয়া কল্পনাৰ ছবিখন চাই তন্ময় হৈ পৰিছিল। সেইদৰে "ধনবৰ আৰু ৰতনী" করিতা আবৃত্তি কৰি ধনববৰ অন্তৰৰ বেদনা খিনি ইমান ধুনীয়াকৈ ফুটাই তুলিছিল যে সমবেদনাত সকলোৰে অন্তৰ সিক্ত হৈ পৰিছিল ।
প্রথমবাৰ, ১৯৬৭ চনত আমি বিদেশ ভ্রমণলৈ ওলাইছিলো। বিদেশ ভ্ৰমণৰ অভিলাষ মোৰ কোনো দিনে নাছিল। সেই কাৰণে যাবলৈ মনটো অকণো সাজু কৰিব পৰা নাছিলো। তেখেতে তেতিয়া বাৰে বাৰে কৈছিলঃ "ওলোরা। তুমি লগত থাকিলে মোৰ ভাল লাগে, সাহস পাওঁ।” পিছলৈ পাটাত পৰি থাকোতে তেখেতে ঘনাই মোক এইষাৰ কথা কৈছিল। এবাৰ এজন ভাতৃ প্রতিম বন্ধুরে মোক কৈছিল "ছাব মানুহজন শকত আরত প্রকাণ্ড মাম্রহ হলেও, অন্তৰখন এটা সবল শিশুৰ দৰে। ছাৰৰ অন্তৰখনে এটা অৱলম্বন বিচাৰে, নহলে তেখেত বৰ অসহায়।" এইষাৰ কথা সাঁচা। তেখেতৰ মানত মই আছিলো সময়ে সময়ে অভিভারক, সময়ে সময়ে বন্ধু, সময়ে সমযে মাতৃ স্বৰূপা-যেন মই নহলে তেখেতৰ ঢাকোন নোহোর। চকৰ লেখীয়া অৱস্থা হব। এবাৰ মঙ্গলদৈৰ এখন সভাৰ অন্তত 'বলা মা' বুলি মোক কোরা কথাষাৰে সভাৰ ভালেমান মানুহক আকৃষ্ট কৰিছিল। আমাৰ লগে লগে থকা তেখেতৰ এজন ছাত্রই তেখেতসকলৰ আগত এই বিষয়ে ব্যাখ্যা দিব লগা হৈছিল।
সংসদী সদস্য এইচ ভি. কামাথ, পুৰেন্দ্র নাথ দ্বিবেদী, এন. জি. গোৰে, এইসকলৰ ওচৰত এখেত আছিল এটা যেন অবাধ্য তৃষ্ট লৰা, যেন তেখেতসকলে এখেতক শাসন কৰি পাৰ পোৱা নাই, এখেতক সোবোপা বুলিও ভাবিছিল। কেতিয়াবা তেখেত- সকলে মোৰ ওচৰত ধেমালিতে গোচৰো কৰিছিল। আমি কামাথ, দ্বিবেদী আৰু গোৰেক 'দাদা' বুলি মাতিছিলো। তেখেত- সকলেও আমাক নিজৰ ভায়েক-ভাই বোৱাৰীয়েক জ্ঞান কৰিছিল। আমি বিদেশলৈ যাওঁতে কামাথ দাদা সেই সময়ত লণ্ডনত আছিল। আমি গৈ পোৱাৰ গম পায়েই লণ্ডনৰ হৃদপিণ্ড পিকাডেলী ছার্কাচত থকা 'ভিগা' নামৰ এখন ভিজিটেৰীয়েন ৰেষ্টোৰালৈ আমাক তেখেতে লৈ গৈছিল ছপবীয়া খাবলৈ। এই বিষয়ে মোৰ ভ্ৰমণ কাহিনী "সাগৰ দেখিলে।"ত বিতংভারে লেখিছো। গোৰে দাদাহঁতৰ লগত আমি ছাউথ এভিনিউত একেলগে ওচৰাওচৰিকৈ আছিলো। সন্ধিয়া খোরা-বোৱাৰ পিছত আমাক কফি খাবলৈ ফোন কৰি মাতি নিয়ে। ভাবীজীয়ে (মিছেছ গোবেই) আমাক ক্রীম দিয়া গৰম কফি কৰি খুৱায়। সেই সময়ত তেখেতসকলৰ ওচৰত আমাৰ নিজকে সৰু ল'বা-ছোৱালী এহাল যেন লাগে, কেতিয়াবা আকৌ তেখেত সকলে ফোন কৰে মোৰ হাতৰ বন্ধা খাব বুলি। আটাইতকৈ বিপদত পৰিছিলো কামাথদাদাই খাব বুলি কলে। তেখেত হল নিৰামিষাহাবী! ইপিনে মই যে খুব কমেই জানো নিৰামিষ বন্ধাবঢ়া। তথাপি তেখেত সদাশিৱৰ দৰেই আশুতোষ। যিহকে কাঁহীত সজাই দিওঁ, তাকেই শলাগি শলাগি খায়। এই সকলৰ মৰমসনা একোখনি চিঠি যেতিয়া আজিও পাওঁ, তেতিয়া মই অভিভূত নহৈ নোৱাৰোঁ। তেখেত- সকলৰ ওচৰত মোৰ নিজা চিনাকি কিয়েই বা আছে? তথাপি মৰমৰ এনাজৰী গছি ছিঙিব পাৰিছে জানো?
এখেতৰ লগত নাথ পাইৰ সম্বন্ধ শুকীয়া আছিল। এনে এজন সহৃদয়, বন্ধুক ইমান সোনকালে, ইমান আচম্বিতে হেৰুৱাই আমি সঁচাকৈয়ে ভাগি পৰিছিলো। কেতিয়াবা নাথ পায়ে কোন কৰে: Arnu, what about your illustrious husband? Is he still sleeping? ময়ে? কথাষাৰ জমাবলৈকে কর্ত: হয়, তেখেত শুই আছে।' মোৰ উত্তৰ শুনি তেখেতৰ কথাৰ ফুলজাৰি ফোনত উফৰি আহে। সঁচাকৈয়ে নাথ পাইৰ মুখত ইংবাজী ভাষাটোরে চমৎকাৰ ৰূপ লয়, এবাৰ শুনিলে শুনি থাকিবৰে মন যায়। সেইজন প্রতিভাশালী ব্যক্তি ইমান সোন- কালে হেৰাই গ'ল, ভাবিলে আজিও মই বিচলিত হৈ পৰোঁ। নাথ পাইৰ পৰিবাৰ এগৰাকী বিদেশী মহিলা। এগৰাকী উচ্চ শিক্ষিতা মহিলা, অথচ তাৰ চিন কতো লেশ মানো নাই। এবাৰ তেখেতে দুখ কৰি মোক কৈছিল "চাওক মিছেছ বকরা, আমি খুব যত্ন লওঁ কাৰণেই কিজানি আমাৰ নাথ পাই, আপোনাৰ মিঃ বকরা ইমান অসুখীয়া। বহুতো এম-পি অকলে আছে, অকলে থাকে, ক'তা, তেখেতসকলৰতো কোনো অসুখ হোরা মুশুনো।" কথাষাৰ মই মর্মে মমে উপলব্ধি কৰিছিলো। বম্বেৰ এখন মিটিঙত ভাষণ দিয়াৰ পিছত হঠাতে নাথ পাই অসুস্থ হৈ পৰে, সেই নিশাই বম্বেতে তেখেতৰ মৃত্যু হয়। পুরতি নিশা যেতিয়া এই আকশ্মিক দুঃসংবাদটো আমি পাইছিলো, তেতিয়া মানুহ গৰাকীৰ এইষাৰ কথাই মোৰ অন্তৰত তোলপাৰ লগাইছিল। তেওঁতো অন্তিম সময়তো নাথ পাইক নাপালে-নিয়তিৰ কি ইচ্ছা!
আমাৰ বুৰীয়া জীৱনটো, আচলতে কবলৈ গলে, এখন মুকলি কিতাপ। স্ত্রী হিচাবে মই তেখেতৰ বিষয়ে যিখিনি কথা জানো -আমাৰ অন্তৰঙ্গ বন্ধুবর্গই যাৰ লগত আমি এটা পৰিয়ালৰ দৰে আছিলো তেওঁলোকেও জানে। কোনো কথা লুকঢাক কৰিব লাগে বুলি আমি কাহানিও নাভাবিছিলো। যাৰ জীৱনটো ইমান নিকা, ইমান পোনপটীয়া-সেইজনৰ জানো কিবা লুকুৱাবলগীয়া কথা থাকে? অতি অন্তৰঙ্গ বন্ধুজনকো অন্যায় কথাত পোন পটীয়াকৈ নিৰাশ কৰিব পাৰিছিল। সংসদী সদস্য হৈ থকা কাল- ছোৱাত এবাৰ এজন বন্ধুরে কিবা এটা মন্ত্রীৰ হতুৱাই কৰাই দিবলৈ অনুৰোধ কৰি, বিনিময়ত এখন নতুন এম্বেছেডৰ গাড়ী উপহাৰ দিব খুজিছিল। এখেতে এই অনুৰোধ একে আষাৰে প্রত্যাখ্যান কৰিলে। এবাৰ এজন ব্যক্তিয়ে দহ হেজাৰ টকাৰ চেক্ এখন হাতত গুজি দিছিল। মানুহজনে নিজৰ গাড়ীৰে আনি ঘৰত নমাই থৈয়ো গৈছিল। ঘৰ সোমায়েই মোক কথাষাৰ কৈছিল আৰু মোক পৰীক্ষা কৰিবলৈকে হয়তো মোক কৈছিল: "দহ হেজাৰ টকা তোমাক লাগে নেকি কোরা, লাগে যদি কাইলৈ খুজি আনি দিম।" মই একে আষাবে কৈছিলোঃ “নালাগে, সেই দহ হেজাৰ টকা নহলেও আমার চলিব।"
সেইদৰে এবাৰ সংসদৰ উপাধ্যক্ষ পদলৈ যেতিয়া এজন বিৰোধী পক্ষৰ সদস্য নিযুক্ত কৰাৰ কথা উঠিল, তেতিয়া তদনান্তীন প্রধান মন্ত্রী শ্রীমতী ইন্দিৰা গান্ধীয়ে তেখেতৰ মন্ত্রীসভাৰ দুজন মন্ত্রী শ্রীদীনেশ সিং আৰু শ্রীৰঘুৰামায়াৰ হতুৱাই শুকীয়া শুকীয়াকৈ এখেতক এই পদ লবলৈ কোরাইছিল। তেতিয়াও এখেতে মোক পৰীক্ষা কৰিছিল: "কোরা, তুমি যি কোরা মই তাকে কৰিম।" অৱশ্যে তেখেতে কি কৰিব, ঠিক কৰিয়েই থৈছিল। কেরল মোক পৰীক্ষাহে কৰিছিল। তেতিয়া মই কৈছিলোঃ "চাওক, আপুনি উপাধ্যক্ষ হলে আমি ডাঙৰ ঘৰ পাম, গাড়ী পাম, বহুত টকা পাম। লুখেৰে থাকিম, সন্দেহ নাই। কিন্তু আপুনি যে ৰাইজৰ মৰমৰ পৰা বঞ্চিত হব। ৰাইজৰ মৰমৰ বাবেইতো আপুনি আজি সংসদৰ সদস্য হৈছে।" মনে প্রাণে উপলব্ধি কৰিছিলো, মানুহৰ সঁচাকৈয়ে আমি ছয়ো মৰমেৰেই আমি জীয়াই আছো। আজিও মই ভাবো মানুহৰ মৰমেই মোক জীয়াই থকাৰ প্রেষণা দিছে।
এনে এটা নিকা জীরন যাপন করাৰ পিছত, মধ্যকালীন নির্বা- চনৰ সময়ত কেইজনমান মানুহে যেতিয়া কিছুমান জঘন্য অপপ্রচাব কৰিলে, তেতিয়া তেখেতে খুব আঘাত পালে। এদিন মোক কৈছিল: "নির্বাচনত প্রার্থী হবলৈ গণতান্ত্রিক অধিকাৰ সকলোবে আছে। সেই বুলি মোৰ বিষয়ে এনে অপপ্ৰচাৰ কৰিব নালাগিছিল।" এই কথাটোরে মানুহজনক ভিতৰি ভিতৰি পীড়ি পেলালে। ফলত অসুস্থ হৈ পৰিল। লাহে লাহে অসুস্থ হৈ ১৯৭৩ চনৰ মাক্ত ভাগৰ পৰা একেবাৰে অচল হৈ পৰিল। শ্রদ্ধেয় শ্রীদেৱকান্ত বৰুৱাৰ সহায়ত দিল্লীৰ মেডিকেল ইনষ্টিটিউটত চিকিৎসা কৰোৱা হল যদিও মানুহজনৰ স্বাস্থ্যৰ কোনো উন্নতি নহল। ১৯৭৩ চনৰ মাজ ভাগৰ পৰা ৭৭ চনলৈকে এইছোরা কাল মোৰ জীৱনৰ এটি অবিস্মৰণীয় করুণ অধ্যায়। এই কালছোৱাৰ প্রতিটো সৰু ডাঙৰ কথাই আজি মোক আমনি কৰে। সেই প্রকাণ্ড সভা শুরুনি মানুহজনে খোজকাঢ়িব নোৱাৰা হ'ল, কথা কব নোৱাৰা হ'ল-শেষত গৈ খাবও নোৱাৰা হ'ল। প্রকাণ্ড মানুহজন লোণ পমাদি পমি গ'ল। শেষলৈ তেখেতক চাবলৈ বহুত মানুহ আহিছিল। তিৰোতা মানুহৰ কথা নকওঁরেই, মতা মানুহেও চকুত কমাল লৈ ওলাই গৈছিল। কোনো কোনোক সান্ত্বনাও দিছিলো। সান্ত্বনা দিছিলো যদিও সেই সময়ত মোৰ মনটোৱে কিমান হাঁহাকাৰ কৰি উঠিছিল, আনে শুবুজিব।
শবীবৰ অৱস্থা দিনে দিনে কাহিল হৈ পৰিছিল যদিও মনটো কিন্তু সবল, সতেজ হৈ আছিল। তাৰ প্ৰমাণ পাইছিলো যোরা নিৰ্বাচনৰ সময়ত। চাৰিওপিনে যেতিয়া নির্বাচনৰ বতাহ বলিছিল, তেতিয়া আমাৰ কথাবতৰাৰ পৰাই হওক, নাইবা বেডিঅ'ত শুনিয়েই হওক-মনটো কিজানি সাজু কৰিছিল, নিজকে প্রার্থী কৰিবলৈ। মোক কৈছিল: "অনু মই নির্বাচনত উঠিব পাৰো নহয়।" কথাষাৰ শুনি মই পলম হোৱা বুলি কোরাত অক্ষট স্বৰেৰে কৈছিল: "বিধান সভালৈ উঠিব পাৰো নহয়!" শৰীষত শক্তি নাছিল। এটা কথা কোৱাৰ শক্তি নাই, এটা খোজ দিবলৈ শক্তি নাই-সেইজন মানুহে যেতিয়া নির্বাচনত প্রার্থী হৈ ৰাইজৰ কাম কৰিবলৈ উদ্যত হয়, ইয়াতকৈ হৃদয় বিদাৰক কথা কিষা কব পাৰেনে? চকু মুদি ভগবানক সোঁরবো- "ভগবান, এয়ে তোমাৰ বিচাবনে?"
. অন্তৰখন ভাঙ্গি ডোখৰ ডোখৰ হৈ যায়। বাহিৰত প্রকাশ নকৰি প্রবোধ দিওঁ, "এতিয়াও বিধান সভাৰ নির্বাচনলৈ সময আছে নহয়, আপুনি গাটো ভাল পাই লওকচোন।" কিন্তু মই বঢ়িয়াকৈ জানো সেইজন মানুহ আৰু কেতিয়াও ভাল হৈ উঠিব নোৱাৰে।
সুখৰ কথা, যোৱা নিৰ্বাচনৰ ফলাফল তেখেতে সম্পূর্ণ কৈ জানি গৈছে। প্রতিক্রিয়া অৱশ্যে জানিব নোৱাৰিলো। সেই সময়ত কেৱল মুখেৰে এটা শব্দহে ফুটি ওলাইছিল। অন্তৰৰ অব্যক্ত বেদনাখিনি সেই শব্দবেই প্রকাশ পাইছিল।
"মোৰ দেশ” বিশেষ সংখ্যাটোৰ প্ৰত্যেকটো কবিতা, প্রবন্ধ মই পঢ়ি শুনাইছিলো। সেই সংখ্যাতে ওলোৱা মোৰ চিঠিখনত এটা বাক্য মই লেখিছিলো: "দত্ত, আমাৰ এই দুখৰ ৰাতি দুপুরাব নেকি?” এই বাক্যটো শুনি তেখেতে শব্দ কৰি কান্দি উঠিছিল। দুচকুৰে দুধাৰি চকুলো বৈ আহিছিল।......... অন্তিম সময়তো চকুপানী বৈ আহিছিল-মই সেই চকুলো মচি দিছিলো। মই বুজিব পৰা নাছিলো-সেইয়া যে আছিল তেখেতৰ শেষ চকুলো, বিদায়ৰ চকুলো। সদায় যোৱাৰ দৰে মই গৈছিলো গোঁসাইৰ আগত চাকি এগছি জলাবলৈ। যি সময়ত মই গোঁসাইৰ আগত চাকিগছি অলালো-সেই সময়তে হয়তো তেখেতে নম্বৰ দেহা ত্যাগ কৰি অনন্তধামলৈ গুছি গ'ল, মোক যাওঁ বুলি এষাৰ মাত দিবলৈকে বাট নাচালে। "তুমি লগত থাকিলে সাহস পাওঁ বুলি কোৱা মানুহজনে মোক অকলশৰীয়াকৈ এৰি থৈ গুছি গ'ল। হয়তো এই প্রস্তুতি তেখেতৰ আগৰ পৰাই আছিল, নহলেনো "এখন চিঠিত" লেখেনে?
"সর্ব্বশেষত, তোমাক একেষাৰ অনুৰোধ কৰে।: এইযে আমাৰ লৰা ছটা, সিহঁতক কেতিয়াও পিতৃৰ অভার অনুভৱ কৰিবলৈ নিদিবা। সিহঁতক মাথোন একেষাৰ কথাকে কবা: যি মৃত্যুরে দহক জীরন দিয়ে সেই মৃত্যু আত্মাৰ দৰেই অবিনশ্বৰ।"