মনোমতী
প্রথম খণ্ড
প্রথম অধ্যায়
বৰপেটাৰ
কীৰ্ত্তনঘৰত
ফাগুন মাহ। ভৰ দুপৰীয়া ৷ আকাশ ধুৱলি-কুৱঁলি । পশ্চিম ফালৰ
পৰা খৰাং পচোৱা মাৰিছে। বাটে-পথে হাবি পোৰা ছাইবিলাক উৰি উৰি পৰিছে ৷ এজোপা জৰি
গছৰ আগৰ পৰা একো একোবাৰ উৰামাৰি এহাল ফেঁহুচৰায়ে এই ছাইবিলাক ওপৰতে ধৰি ধৰি
খাইছে। এনে এদিনত আজি বৰপেটাৰ চাৰিউফালৰে পৰা হাজাৰ হাজাৰ মানুহে কীৰ্ত্তনঘৰলৈ লৰ
ধৰিছে। আজি ফাকুৱাৰ শেষ দিন। আজি প্ৰভু শ্ৰীকৃষ্ণৰ ঘুমুচাৰ “বাড়িৰ” পৰা লক্ষ্মী
আইৰ “গৃহলৈ” উলটি অহাৰ দিন । সেই দেখিয়েই আজি বৰপেটাত মানুহৰ ইমান ভিৰ। আজি সকলো
মানুহ ফাকুৰে ৰাঙলি ৷
আমি যি সময়ৰ কথা লিখিছোঁ সেই সময়তো বৰপেটাৰ সত্ৰখন
মহকুমাৰ দক্ষিণ পূব কোণাতে আছিল। আজিকালি এই সত্ৰৰ চাৰিউফালে প্ৰায় চাৰিপুৰা
মাটিৰ বেৰৰ এটা ইটাৰ গড় আছে এই গড়ৰ ঘাই দুৱাৰমুখ পচিম ফালে । সেই হুৱাৰ-
মনোমতী
মুখত এটা পকি বাটৰ সেই বাটঘৰটোৱেদি সোমায়েই চকুৰ আগতে
কীৰ্ত্তনঘৰটো দেখি। কীৰ্ত্তনঘৰটোৰ ওপৰখন টিনৰ, রেৰবিলাক ইটাৰ। তিনিওফালে তিনিখন কাঠি। ঘৰটো ইমান ডাঙৰ আৰু
দীঘল যে দেখিলেই মানুহৰ মন স্তম্ভিত হয় আৰু ভাবুকৰ মনত কত ভাবৰ যে সঞ্চাৰ হয় তাক
নিজে দেখা ভাবুক এজনেহে বুজিব পাৰে। গড়ৰ উত্তৰ পচিম কোণত ফাকুৱাৰ দৌলটো। সেই
দৌলটো সাতঠাক ওখ । তাৰ ওপৰত এটা বৰ ডাঙৰ মঠ। কীৰ্ত্তনঘৰৰ পূব-মূৰত কলীয়া ঠাকুৰৰ
মন্দিৰ । সেই মন্দিৰৰ পূবে প্ৰায় লগালগি এটা চাঙ্গঘৰ । এই চাঙ্গঘৰৰ দুয়োফালে
উত্তৰে দক্ষিণে দুটা পুৰা পশ্চিমা দালান। সেই দালান ছুটি ৺বহুল৷ আতা, ৺মঠুৰা আতাৰ
মন্দিৰ ৷ কলীয়া ঠাকুৰৰ মন্দিৰৰ কাষতে মহাপুৰুষ গুৰুৰ মঠটো। মহাপুৰুষ গুৰুৰ মঠৰ
পশ্চিমে সমুখতে এটা পানীৰ নাদ । সেই নাদৰ ওপৰত এটা সৰু ঘৰ। এই সৰু ঘৰটোৰ
পশ্চিম-ফালে গড়তে লগ৷ আৰু এটা পূবা পচিমা চাঙ্গঘৰ। গড়ৰ বাহিৰে পূবে এটি কুণ্ড।
দৰাচলতে বৰপেটাৰ কীৰ্ত্তনঘৰটো মঠে- মন্দপে ইমান ধুনীয়া আৰু হৃদয়গ্রাহী যে এই
মঠ-মন্দপ, কীৰ্ত্তন- ঘৰৰ
প্ৰশংসা কৰাৰ লগে লগে আমি বৰপেটীয়া মানুহকো নশলাগি নোৱাৰে।।
আমি যি সময়ৰ কথা লিখিছোঁ অৰ্থাৎ মানৰ দিনৰ আগেয়ে বৰপেটাৰ
সত্ৰত ইমানবিলাক মঠ-মন্দিৰ আছিল নে নাই কৰ নোৱাৰোঁ৷ কিন্তু এইটো আমি সঠিককৈ
জানিছোঁ মানৰ দিনৰ
বৰপেটাৰ
কীৰ্ত্তনঘৰত
আগেয়েও এই গড় এই মঠ—আৰু এই কীৰ্ত্তনঘৰেই আছিল। কেৱল
বাটঘৰটোৰ বাজে ইবিলাক ঘৰৰ চালবিলাক খেৰি আছিল।
বেলি ভাটি দিলে। হাজাৰ হাজাৰ মানুহ গৈ কীৰ্ত্তন ঘৰত খুপ
খালে। গড়ৰ ভিতৰে বাহিৰে মানুহ হ'ল। বাট-পথৰ সন্ধি নোহোৱাত পৰিল । এনেতে গায়নে, বায়নে, ঢুলীয়াই, ডগৰীয়াই খলক
লগাই পেলালে । বামুণ আৰু ভকত সকলে মহাপ্রভুক দৌলৰ পৰা নমাই এখন খাটোলাত বহুৱালে।
শঙ্খ, ঘণ্টা, ডবা, কাহ, ঢোল, খোল ইত্যাদিৰ
শব্দত বৰপেটা খলক লাগিল । তিৰুতাবিলাকে উকলি দিবলৈ ধৰিলে। মহাপ্রভু কুৰিপঁচিশজন-
মান দোলাভাৰিৰ কান্ধত উঠি ঘুমুচাৰ “বাড়ি” পৰা লক্ষ্মী আইৰ “গৃহলৈ” আহিবলৈ ওলাল।
হেন্দোলদোপ কৰি সেই সাগৰ- সদৃশ প্ৰজা খাটোলাৰ পাছে পাছে লৰ ধৰিলে। বাটে বাটে
গায়নে গাবলৈ আৰু বায়নে বজাবলৈ ধৰিলে। ফাকু গুৰিৰে আকাশ ৰঙা হ'ল তিৰুতাবিলাকে
জাউত জাউত কৰি গাবলৈ ধৰিলে :-
(ক) কোকিলে কুহৰে
ৰাৱ তমালৰ গাছে।
বৃন্দাবনৰ মাঝে
প্ৰভু ! গোপী লৈয়া নাচে ।।
বৃন্দাবনে খেলে
খেড়ি নিকুঞ্জ বিহাৰি ।
গোপী সৱে বেঢ়ি ধৰি মাৰে ফিকাৰি ।
মনোমতী
নামাৰা নামাৰা গোপী
কুঙ্কুম ফিছকাৰি ৷
দেখিলে কৰিব ৰোষ ৰাধা
পটেশ্বৰী ॥
বৃন্দাবনৰ মাঝে প্রভু
আছিলা লুকাই ভালেতে৷
গোপিনী কান্দে বিচাৰি
নাপাই ॥
যেই বনে বিচাৰিলোঁ সেই
বনে নাই ।
হায় হৰি বঞ্চিতা কৰিলে
বিধতাই ॥
বৃন্দাবনে বিচাৰিলোঁ নাই
ৰাধাৰ নাথ।
দেখা দিয়া কৃষ্ণ মোক
অনাথৰ নাথ ॥
নদীৰ কূলে কি কৰিবোঁ
যাইবোঁ বৃন্দাবনে ৷
দেখা দিয়া কৃষ্ণ মোক
দুখানি চৰণে ॥
ডেকাবিলাকে ইটোৱে সিটোৰ গাত, সিটোৱে ইটোৰ গাত ফাকু-গুৰি চটিয়াবলৈ ধৰিলে। লৰাবিলাকে
ইটোৱে সিটোৰ মুখত, সিটোৱে ইটোৰ মুখত ফাকু
ঘঁহাঘঁহি কৰিবলৈ ধৰিলে । কুক্কুম ফিকাৰি আৰু
ফাকুৰ গুৰিৰে আকাশ বাঙলি হ'ল; আৰু সেই অপৰিমিত প্ৰজাৰে সৈতে মহাপ্রভু “দক্ষিণপথাৰ” পালেগৈ
৷ সিফালে “বাৰাদি” “পাটবাউসি' এই দুই ঠাইৰ পৰাও দৌলৰ
গোঁসাই আহি লগ লাগিল। হাজাৰ হাজাৰ মানুহেৰে দক্ষিণ- পথাৰ ভৰি পৰিল । দক্ষিণ পথাৰত ভকত সকলে মহাপ্ৰভুৰ খাটোলাখন মাটিত নমালে। ভকতৰ সৰু সৰু লৰাবিলাকে
পথাৰৰ পৰা বিচাৰি বিচাৰি আনি মহাপ্রভুক হেকতীয়া মাহ দিলে। (১) হলি খেলা
মানুহবিলাকে হলি গাবলৈ ধৰিলে। তিৰুতাবিলাকে ৰঙ-ধেমালি চাবলৈ ধৰিলে। এইদৰে সেই
মনোমতী
নাচিবলৈ ধৰিলে। এইদৰে মহাপ্ৰভুৰ খাটোলা সাতবাৰ
ঘূৰিল ।
সাতবাৰ কীৰ্ত্তনঘৰ প্ৰদক্ষিণ কৰি হেনো
মহাপ্ৰভুৰ ভাগৰ লাগিল। মহাপ্ৰভুৱে কীৰ্ত্তনঘৰৰ দুৱাৰমুখত গৈ থিয় দিলে। পোনেই
লক্ষ্মী আইৰ ফলীয়া এজন খাটনিয়াৰে মহাপ্ৰভুক নিন্দা কৰি বচন মাতিবলৈ ধৰিলে।
মহাপ্ৰভুৰ ফালৰ পৰাও এজন খাটনিয়াৰে উত্তৰ দিবলৈ ধৰিলে; আৰু এইদৰে কীৰ্ত্তনঘৰতো গোঁসাই গোঁসানীৰ খাটনিয়াৰ ছজনে
বাকবিতণ্ডা কৰিলে। মহাপ্রভুক বাহিৰতে ৰৈ থকা দেখি বুঢ়ী বুঢ়ী কেইজনীমান ভকতনীয়ে
গাবলৈ ধৰিলে :-
“ককালে কিঙ্কিনি বান্ধিছে টানি।
পাত নেপুৰ পিন্ধিছে আনি ॥
আমাক এৰিয়া গোপীক পাই।
কিনো রূপে-গুণে মোহিলে
তাই ॥
বাহিৰে কলীয়া ভিতৰে ক'লা ।
লোকেহে জানয় কলীয়া ভালা
॥
বাহিৰে ভিতৰে শ্যাম বৰণ ।
কেৱলে নিদয় নন্দেৰ নন্দন
॥
থাকোক কলীয়া গোপিনী চোৰ
।
আহোক সুভা বলাই মোৰ ॥”
বৰপেটাৰ কীৰ্ত্তনঘৰত
এইদৰে যাৰ যি বাব, সি সেইদৰে কৰিছে। কীৰ্ত্তনঘৰৰ পিৰালিয়ে চোতালে প্রায় ছয়
সাত হাজাৰ প্ৰজা হৈছে। মতাই মাইকীয়ে, ডেকাই গাভৰুৱে, লৰাই ছোৱালীয়ে একো চিন ভিন নোহোৱা হৈছে। প্ৰায় ছয় সাত শ
মান দূৰণিবটীয়া ছোৱালী, গাভৰু আৰু বুঢ়ী
কীৰ্ত্তনঘৰৰ দুৱাৰমুখত আৰু পিৰালিত থিয় দি আছে। তেওঁবিলাক ৰঙা, বগা, ক'লা, হালধীয়া, সেউজীয়া ইত্যাদি সকলো বিধ কাপোৰেৰেই ৰাঙলী। সকলোৰে গা সোণ
ৰূপৰ অলঙ্কাৰে ভৰা। মঠৰ আগত আৰু আন আন ঠাইতো অলেখ অসংখ্য তিকতা মানুহ জুমাজুমে ভাল
মামুহৰ ডেকাবিলাকে ফাকুৱাৰ চোঁহঁতৰ ৰঙ্গ চোৱাৰ লগে লগে ভালবেয়া গাভৰুহঁতকে৷ চকু
ফুৰাই চাইছে। গাভৰুহঁতেও ডেকাবিলাকৰ ভাল বেয়া চাইছে। এইদৰে আজি কীৰ্ত্তনঘৰত মহা
উৎসৱ মিলিছে ।
কীৰ্ত্তনঘৰৰ পিৰালিত থিয় দি থকা গাভৰুবিলাকৰ
ভিতৰত এজনী প্রায় চৈধ্য পোন্ধৰ বছৰীয়া বৰ চিকণ গাভৰু আছিল । তেওঁৰ মুখখান কোমল ; চুলিটাৰ দীঘল, মূৰত এটা ডাঙৰ খোপা, কঁকালত কিংখাপৰ মেখেলা। নাকত নাকফুল, কাণত কড়িয়া, আৰু হাতত সোণৰ মুঠিখাক।
তেওঁক পাছফালৰ পৰা তেওঁতকৈ বয়সিয়াল গাভৰু এজনীয়ে সাবট মাৰি ধৰি আছিল। আটাই-
বিলাক গাভৰুৰ ভিতৰত তেৱেই দেখিবলৈ শুৱনী আছিল। ৰূপহী সমাজত তেৱেই তৰা জিলিকাদি
জিলিকিছিল ।
ভাল মানুহৰ ডেকাবিলাক ভিতৰতো এজন বৰ ধুনীয়া।
মনোমতী
ডেকা আছিল। তেওঁৰ বয়স একুৰি দুবছৰ মান হৈছিল।
তেওঁৰ মুখখান বহল : অলপ অলপ গোফ ঠুটিয়াইছে। নাকটো দীঘল বৈ পৰা। ওঠ ছুটা ঘূৰণীয়া।
তেওঁৰ বৰণ বগা, হাত- ভৰিবিলাক সুঠাম আৰু
শকত আরত। বুকুখন বহল, গাটো নোদোকা ৷ তেওঁ বৰ
দীঘলো নহয়, চুটিও নহয়। আমাৰ এই
ডেকাজনে প্রায় দুকুৰি মানুহেৰে সৈতে ফুৰিছিল।
মহাপ্ৰভুৰ খাটোলাৰ পাছে পাছে ফুৰি থাকোতে এই
ডেকাজনে এবাৰ কীৰ্ত্তনঘৰৰ পিৰালিত থিয় দি থকা গাভৰুজনীৰ ফাললৈ অলপ কেৰাহিকৈ চালে।
গাভৰুজনীয়েও ডেকাজনৰ ফাললৈ চালে। চাৰিচকুৰে মিলন হ'ল। হুইকো হুইও
অলপ পৰ চাই ৰ'ল। এনেতে মহাপ্ৰভুৰ খাটোলাখন
ঘূৰি আহি সেইখিনি পোৱাত সেই মনুষ্য-সাগৰৰ ঢৌত পৰি ডেকাজন গাভৰুজনীৰ চকুৰ পৰা আঁতৰ
হ'ল
লক্ষ্মী আইৰ খাটনিয়াৰে সৈতে তৰ্ক কৰি
মহাপ্ৰভুৰ খাটনিয়াৰ হাৰিল। মহাপ্ৰভুৱে ৰূপ তিনি শ দড় পেলাই মন্দিৰলৈ সোমাল।
গধূলি হ'ল। ফাকুৱাও শেষ হ'ল। সকলো মানুহেই ঘৰাঘৰি গ'ল।