নানাবিধ ৰঙৰ সমাবেশত শুনিপুণ চিত্ৰকৰে 'কেন্ভাচত' বিভিন্ন বিষয়-বস্তুৰ চিত্র আঁকে। সেই একেই চিন্তাৰ বশৱৰ্তী হৈ ফটোগ্ৰাফাৰে ৰঙীন আৰু ক'লা-বগা ফিল্মৰ সহায়ত নানা তৰহৰ ছবি তোলে। চিত্ৰকৰে ছবি আঁকে, ফটোগ্ৰাফাৰে ছবি তোলে। বিশ্বৰ দুই-এজন চিত্ৰকৰে আকৌ নিজেই নিজৰ প্রতিকৃতি আঁকি থৈ গৈছে, তেনেদৰে ফটোগ্ৰাফাৰ দুই-এজনেও কেমেৰাৰ 'ছেফ্ল-এক্সপোজাৰ'ৰ সহায়ত ‘ছেলফ, প্রট্রেইট,' তুলি থৈ গৈছে। হেম বৰুৱা দেৱেও ওপৰোক্ত শিল্পীসকলৰ দৰেই কলীয়া আখৰেৰে 'ছেলফ, প্রট্রেইট,' আঁকি থৈ গৈছে । এই কথাৰ উমান আমি তেখেতৰ বিস্তৃত লিখনিসমূহৰ মাজত পাওঁহঁক । হেম বৰুৱাই কেইবাখনো অসমীয়া আৰু ইংৰাজী ছপা কিতাপ পঢ়ুৱৈ-সমাজলৈ বুলি এৰি থৈ গৈছে। তাৰে মাজৰ এখন হ'ল 'পছোৱাৰ ৰেঙণি । এইখন কিতাপৰ আগকথা 'পছোৱাৰ এসোডা'ত হেম বৰুৱাই এঠাইত এনেদৰে ব্যক্ত কৰিছে,—'এই- খিনিতে একেষাৰ কথা মনত পৰিছে । এখন চহৰৰ এজন এজেন্টে আলোচনীখনৰ প্ৰথম সংখ্যাৰ পৰাই এটা ফুটা কড়িও দিয়া নাছিল। এবাৰ নিজে ধন আদায় কৰে। বুলি গাঠিৰ ধন ভাঙি বাছেৰে সেই চহৰখনলৈ গলে।। বাহিৰে বাহিৰে গৈ এজেণ্টৰ ঘৰত উপস্থিত হলো। আদৰ অভ্যৰ্থনা কৰি এজেন্টে এঠা দৈৰে কোমল চাউলৰ জন্মপান এটা খাবলৈ দিলে । জল-পানটোত এটা মালভোগ কলো আছিল। জলপানটো খাই ইমান তৃপ্তি পালে। যে বাকী থকা ধনৰ কথা এজেণ্টক আৰু ক'বলৈ নহ'ল। আকৌ ৰাছত উঠি নিজৰ বাসভূমি পালোঁহি । ....... এইখিনি কথাৰে, এইখিনি শব্দ সম্ভাৰেৰে হেম বৰুৱাই ‘ছেলফ, প্রট্রেইটভ' জানো নিজকেই চিত্ৰিত কৰি থৈ যোৱা নাই ?
হেম বৰুৱা আছিল মোৰ এজন বিশিষ্ট বন্ধু, 'কমৰেড'। গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত লেলিহান শিখাৰ জুইত হেম বৰুৱাৰ নশ্বৰ দেহ ভস্মীভূত হোৱাৰ শেষত অকলশৰে বিষাদক্লিষ্ট মন এটা লৈ ঘৰলৈ উভতি অহাৰ পৰত এটা প্রশ্ন জাগিছিল, 'বন্ধু কাক বোলে ? প্রকৃত বন্ধুৰ সংজ্ঞা কি ? উত্তৰ পালে। ভাৰতীয় শিক্ষা সংস্কৃতিৰ অমৰণ, অস্তগন অমৃত ৰাণী ! - 'উৎসৱে ব্যসনে চৈব হৰ্ভীক্ষে ৰাষ্ট্ৰ বিপ্লৱে ৰাজদ্বাৰে শ্মশানে চ
য তিষ্ঠতি স ৰাস্কর।'
হেম বৰুৱা মোৰ সুখৰ আৰু দুখৰ দিনৰ, সমাজবাদী আন্দো- লনৰ, তেল শোধনাগাৰ আন্দোলনৰ সময়ত ৰাজদ্বাৰৰ, তথা কাৰা- গাৰৰ সংগী আছিল। তেখেতৰ মৃত্যুৰ পূৰ্বতে মোৰ মৃত্যু হোৱা হলে নিশ্চয় হেম বৰুৱায়ো মোৰ দৰেই মৃত বন্ধুৰ শ্মশানত উপ- স্থিত থাকি প্রকৃত বছৰ পৰিচয় দিলেহেঁতেন বুলি মই বিশ্বাস কৰে। ই মোৰ অন্ধবিশ্বাস নহয়, আত্মপ্রত্যয়হে। নহলেনো যাৰু এই পৃথিৱীত বহুতো গুণী, জ্ঞানী লোক থকা সত্বেও মোৰ দৰে এজন সামান্য মানুহক তেখেতৰ পুথি 'পছোৱাৰ ৰেঙণি'খন মোকেই উদ্দেশ্য কৰি আগবঢ়াই বাৰু যায়নে ? হেম বৰুৱাৰ সৈতে গঢ় লৈ উঠা মোৰ বন্ধুত্বৰ স্থায়িত্ব প্রায় ত্ৰিশ বছৰৰো অধিক কালৰ হব। অৱশ্যে মহাকালৰ বিচাৰত তেখেতক মই আৰু সোঁশৰীৰে দেখা নাপাওঁ যদিও মোৰ স্মৃতিৰ ৰূপোৱালী পটভ হেম বৰুৱাক চিৰদিনলৈ বিচৰা মাত্ৰকেই দেখা পাম। এই মাত্র মই অনুভৱ কৰিছোঁ, ভেখেতে যেন মোৰ সমুখত থকা চকীখনত ভৰি তুলি আৰামেৰে বহি লৈ মই একান্ত মনে লিখি থকা মোকেই চাই আছে। মুখত এমোকোৰা তামোল । সমুখত পিতলৰ বঁটা, তামোল-পাণ আৰু চূণ-চাধাৰে পৰিপূৰ্ণ । পিন্ধনত শুভ্র খন্দৰ ! মূৰৰ আগচুলি কেইডালে কপালত পৰি আমনি কৰাৰ কাৰণে খং নকৰি শান্ত, সংযতভাবে সোঁহাতখনেৰে পুনৰ মূৰৰ আগৰ ঠাইত থৈ দিছে মৰমেৰে, আলফুলকৈ ! ঠিক যেন পাঠ দিয়াৰ সময়ত কলেজৰ শ্ৰেণীত বহি থকা অস্থিৰ মনৰ ছাত্ৰজনক মৰমেৰেহে কৈছে, “সোণা, কিয় তেনেখন কৰিছা ? অলপ সংখত হোৱাটোন !”—-পাণবজাৰৰ অমলালয়ৰ বাৰাণ্ডাৰ তক্তাপোছত বহি শিশুবাবুৱে সি দিয়া আঠুৰ সীমান্ত পাৰ হৈ ভৰিৰ কলাফুললৈকে ওলমি পৰা বগা খদ্দৰৰ পাঞ্জাবীটোৰ আগটোৰে চছমাজোৰৰ কাঁচ দুখন এবাৰ মছি লৈ আকৌ পিন্ধি ললে! ইতিমধ্যে মুখৰ তামোলখন শেষ হৈছে । বটাৰ পৰা আৰু এখন তামোল মুখত ভৰালে । বঁটাৰ কাষত থকা চাধা নগলে। চোলাৰ তলৰ জেপৰ পৰা ৰূপৰ সৰু টেমা এটা বাহিৰ কৰিলে। তাত নগাৱঁৰ পৰা অনা অমূল্য মুখত খোৱা ধপাত্ত আছে। খায়ো ভাল লাগে, চোকটোও অলপ বেছি! আগেয়ে হেম বৰুৱাই চিগাৰেট খাইছিল, পিছত এৰি পেলাইছিল । এতিয়া তামোলখনৰ এটা ৰচিয়া পাগ উঠিছে ! এসময়ৰ তেখেতৰ অতি প্ৰিয় চিগাৰেট 'ৰিজেন্ট' এটা আজি অনালে !...আহ! কি আৰাম ! মনে মনে নিঃশব্দে হয়তোবা তেখেতৰ প্ৰিয় কবি ইলিয়টৰ কবিতা আওৰাইছে ! - "Dawn points, and another day
Prepares for head and Silence,
but at sea the dawn wind Wrinkles and slides.".
সুঠাম পুরুষ। ১৯৪৭ চনৰ কথা মই কলিকতাৰ পৰা আহি গুৱাহাটী পায়েই শুনিলো বন্ধুবৰ নাট্যকাৰ ঐলক্ষ্যধৰ চৌধুৰীৰ খুব টান অসুখ হৈ গ'ল। এতিয়া অলপ ভাল। ছপৰীয়া ভাত-পানী খাই জিৰাই সভাই আবেলি চাৰিমান বজাত উজান বজাৰ পালে।। বিছনাত চৌধুৰী দীঘল দি পৰি আছে। ওচৰতে থকা চকী এখনত বহি লাহে ধীৰে কথা পাতি আছো। এনেতে প্রবেশ কৰিলে খদ্দৰৰ ধুতি আৰু দীঘল চোলা পিন্ধা এজন ওখ-পাখ বয়স প্রায় চৌত্রিশ, পয়ত্রিশ হব, গতিকে যুবকেই বুলিব পাৰি। চকুত চচমা মুখত তামোল হাতত চিগাৰেট । লক্ষ্য চৌধুৰীয়ে উভয়কে উভয়ৰ সৈতে পৰিচয় কৰি দিলে--- *এখেত হেম বৰুৱা, এখেত কমল চৌধুৰী। দুয়ো দুয়োৰে নাম আগৰ পৰাই জনা । গতিকে বন্ধুত্বৰ দুৱাৰ একপ্ৰকাৰ মুকলি হৈয়েই আছিল। অলপ পৰ কথা পতাৰ পিছতেই দুয়োৰে হৃদয়- মন্দিৰত সহৃদয়তাৰ দ্বৈত-সংগীতৰ মধুৰ সুৰ বাজি উঠিল। স্বাভাৱিকতেই আচম্বিতে এনেদৰে এজন সৎ, আমোদী বন্ধু লাভ হোৱাত বৰ আনন্দ লাগিল। বন্ধুৰ তালিকাত আৰু এটা সংখ্যা যোগ হোৱাত বছৰৰ লক্ষ্য চৌধুৰীক ধন্যবাদ জনালোঁ। যিকেইদিন গুৱাহাটীত আছিলো, কেউদিনে হেম বৰুৱাৰ লগত দেখা সাক্ষাৎ হৈছিল। কেতিয়াৰা তেখেতৰ ঘৰত, ছ'চিয়েলিষ্ট পাৰ্টিৰ অফিচত, বি-বৰুৱা কলেজৰ অফিচ ৰুমত আৰু কেতিয়াবা পাণ- বজাৰৰ শিশুবাবুৰ দোকানত। সেই সময়ত কলিকতা আছিল মোৰ কৰ্মভূমি, গতিকে পুনৰ কৰ্মভূমিলৈ বুলি জন্মভূমিৰ মায়া এৰাই যাবলগীয়া হ'ল।
১৯৫০ চনৰ মে' মাহত কলিকতাৰ পৰা গুৱাহাটীলৈ আহিছিলে। অৱসৰ বিনোদনৰ কাৰণে। অৱশ্যে ১৯৪৮ আৰু ১৯৪৯ চনত ঐ প্রবীণ ফুকনৰ 'মণিৰাম দেৱান', শ্ৰীলক্ষ্য চৌধুৰীৰ 'ৰক্ষ কুমাৰ' ৰেকৰ্ড-নাট্য আৰু স্বৰ্গীয় তিলক দাস প্রযোজিত 'পাৰঘাট' ফিল্ম সংক্রান্ত কামত গুৱাহাটীলৈ আহোতে হেম বৰুৱাৰ লগত সাক্ষাৎ নকৰাকৈ থকা নাছিলোঁ। এইবোৰ কামতো হেম বৰুৱাই শিক্ষা, সাহিত্য আৰু ৰাজনীতিৰ ক্ষেত্ৰত দেখুওৱা নিষ্ঠা, একাগ্ৰতা আৰু সক্ৰিয় বৰঙনী আগবঢ়োৱাৰ দৰে সমানেই আগ্ৰহ প্ৰকাশ কৰিছিল । তুই এটা গ্রহণীয় পৰামৰ্শ আগবঢ়াই আমাৰ যথেষ্ট উপকাৰ সাধন কৰিছিল। হেম বৰুৱা আছিল প্ৰকৃতাৰ্থত এজন সংস্কৃতিপৰায়ণ ব্যক্তি । যি ফেৰা গুণৰ কাৰণে ৰাজনীতিত সক্রিয় ভূমিকা গ্ৰহণ কৰিও পণ্ডিত-প্ৰবৰ প্ৰয়াত ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণণৰ দৰে বিচক্ষণ ব্যক্তিৰপৰা পাইছিল হেম বৰুৱাই এডুখৰি অমূল্য মাণিক সদৃশ 'চেনেহৰ আশীৰ্বাদ !'- যি ডুখৰি ৰত্ন অদৃশ্যমান ! অথচ প্ৰেৰণাৰ অফুৰন্ত উৎস! সাৰ্থক জীৱনৰ অনন্ত পাধেয় ! —যি পাথেয়ৰ বলত হেম বৰুৱাই জীৱন নাটৰ শেষ দৃশ্যত অনন্ত ধূপৰ অগ্নিশিখা বুকুত বান্ধি সৌৰভৰ ধোঁৱা অনন্ত বিশ্বৰ চৌদিশে বিলাই পরিত্র, সুন্দৰ আৰু স্বৰ্গীয় কৰি তুলিবলৈ সক্ষম হৈছিল । হেম বৰুৱা আজি ইহু সংসাৰত নাই সঁচা, কিন্তু তেওঁৰ আদৰ্শ ? - হেম বৰুৱাৰ আদৰ্শ অমৰ ! — সেয়েহে তেওঁ চিৰ বৰ্তমান :- চিৰ আয়ুষ্মান !!
এছাটি নতুন বতাহ
১৯৪৯ চনত 'পাৰঘাট' কথাছবি মুক্তি লাভ কৰাৰ সময়ত গুৱাহাটীলৈ আহিছিলোঁ। হেম বৰুৱাৰ সৈতে দেখা হৈছিল । অসমীয়া ফিল্মৰ স্থায়ী বুনিয়াদ গুড়ি উঠাৰ বাটত থকা অন্তৰায় সমূহৰ বিষয়ে আমাৰ মাজত খোলা-খুলিকৈ আলচ হৈছিল । পৰম আগ্ৰহেৰে মোৰ পৰা হেম বৰুৱাই চিত্ৰজগতৰ ভিতৰচ'ৰাৰ তিস্তা-কেঁহা অভিজ্ঞতাবোৰ নিজৰ জ্ঞান-ভাণ্ডাৰত এপদ-স্থপদকৈ সঞ্চয় কৰি থৈছিল। (সেইবোৰ যথাসময়ত উপযুক্ত স্থানত পৰবৰ্তী কালত প্ৰয়োগ কৰিছিল সংসদ সদস্বৰূপে । হেম বৰুৱাক এসময়ত চেলৰ বোৰ্ড, ৰাষ্ট্ৰীয় বোলছবি পুৰস্কাৰ সমিতি আদিৰ সভ্যৰূপে ভাৰত চৰকাৰে মনোনীত কৰিছিল ।)
ধান খেৰৰ মাধ মহীয়া মেজি দপ দপকৈ জ্বলি, দুই-এটা শা কৰি পুনৰ নিতাল মাৰে। ছাই-ভস্মবোৰ পৰি ৰয়। তেনেকৈয়ে 'পাৰঘাট'ৰ প্ৰযোজকেও একমাত্র ফিল্ম কৰি নিতাল মাৰিলে । এদিন অনাতাঁৰ কেন্দ্ৰৰ স্থায়ী চাকৰি আৰু উজ্জ্বল ভবিষ্যত ক নেওচা দি অসমীয়া ফিল্ম নিৰ্মাণৰ পঞ্চবার্ষিক বিৰতি ভংগ কৰাৰ মানসে অনিশ্চিত, বন্ধুৰ পথৰ পথিক হৈছিলোঁ বহুতো আশা বুকুত লৈ ।......... .... কিন্তু আমাৰ ইয়াত কথাৰ ফুলজাৰী ফুলে, কৰ্মৰ যোগ সাধনা নহয় । - হেম বৰুৱাৰ আগত মনৰ কথা কৈ দুখ কৰে।। হেম বৰুৱাই সান্ত্বনা যাচে । অনুপ্ৰেৰণা যোগায় । ১৯৪৯ চনৰ ডিচেম্বৰ মাহত পুনৰ প্ৰবাসী হওঁ। কর্ম ভূমি কলিকতালৈ বুলি পুনৰ সংগ্ৰামৰ ৰখত উঠি ৰাওনা কৰে।। কথাতে কয় বোলে, যিজনে কম' নকৰি অঞ্চল বহিয়েই থাকে, তেওঁৰ ভাগ্যইও বহিছে থাকে। বিজ্ঞন গতিশীল, কর্মযোগী তেওঁৰ ভাগ্যও গতিশীল, লগে লগে থাকে। কলিকতা পায়েই ইয়াৰ হুবহু প্ৰমাণ পালো । কলিকতাৰ মোৰ আন এগৰাকী বন্ধু, ফিল্মবিদ কল্যাণ গুপ্তই আহি মোক খবৰ দি গ'ল যে এখন ইংৰাজী ভাষাৰ টেকনিকলাৰ ফিল্ম নিৰ্মাণ হ'ব কলিকতাৰ বৰাকপুৰ অঞ্চলৰ 'গোৱালিয়ৰ হাউচ্চ'ত। ভাত চাৰিজন সহকাৰী পৰিচালক থাকিব। সেই চাৰিজনৰ ভিতৰত ময়ো এজন ।
পৰিচালক হ'ল পৃথিৱী বিখ্যাত ফৰাচী দেশৰ স্বয়ং জাঁ ৰেশোর।। কাহিনীকাৰ বিখ্যাত ইংৰাজী লেখিকা কমাৰ গৰ্ভেচ। কিশ্বৰ 'নাম 'দি ৰিভাৰ' । জন্মভূমি গুৱাহাটীত 'পাৰঘাট' কৰাৰ অন্তত যি rate) আৰু আৰ্থিক দুৰ্গভিরে পরিছিল, কর্মভূমি কলিকতাত 'দি বিস্তাৰ'ৰ দয়াত সেই ছখ আঁতৰ হ'ল। এটা স্বস্তিৰ উশাহ লৈ কৰ্মক্ষেত্ৰত জপিয়াই পৰিলে।। কি বিচিত্র জগত ! পৃথিৱী বিখ্যাত শিল্পী খনিকৰৰ দলৰ এজন হৈ লভিলোঁ নিতে নব অভিজ্ঞতা ! প্রায় ছয়মাহ কাল ধৰি 'খুটিং' কৰাৰ পিছত মোৰ কাম শেষ হ'ল। কলিকতাত থকাৰ সময়ত মোৰ ৰচিত ৰেকৰ্ড নাটিকা 'খহীদ টিকেন্দ্রজিৎ' আৰু কিছু সংখ্যক বৰগীত, লোকগীতৰ ৰেকৰ্ড কৰি ১৯৫০ চনৰ মে' মাহৰ কোনোবা এটা দিনত পুনৰ বিশ্ৰামৰ কাৰণে গুৱাহাটী আহি ওলালোঁহি । গুৱাহাটীত কিছুদিন থকাৰ পিছত আকৌ কলিকতালৈ উভতি যাব লাগিব। ইতিমধ্যে কলিকতাৰ ফিল্ম আৰু ৰেকৰ্ড-জগডত এখন নিজৰ বিস্তৃতভূমি ৰচিত হৈছে। কিন্তু গুৱাহাটীত কেইদিনমান থকাৰ পিছতে গাত এছাটি নতুন বতাহ লাগিল । দেশৰ বুকুৱেদি প্ৰগতিৰ গংগাৰ বিমল সোঁত বৰলৈ ধৰিছে । অজ্ঞানতাৰ শিল্পৰ জটাত আৱদ্ধ হৈ থকা সমতাৰ বাৰিধাৰা বসুমতীলৈ নমাই আনিছে দেশৰ এদল যুৱ-বাহিনীয়ে ! এওঁলোক হ'ল অসমৰ নৱ ভগ্নীৰণৰ দল !...... সমাজবাদৰ শ ফুঁকাৰি নিনাদি, গৰজি দেশত নতুন ৰাভাবৰণ সৃষ্টিকাৰীসকলৰ মা জিলিকি আছিল অসমৰ মানস প্রতীক 'হেম বৰুৱা !
১৯৫০ চনৰ আগষ্ট गा । ৬ তাৰিখৰ ৰাতিপুৱা লোকরি গোপীনাথ বৰদলৈৰ মৃত্যু হয়। লোকপ্রিয় নাছিল এখন সর্ব- ভারতীয় নেতা। এনেছেন জন পুরুষ বহুমতী অধীৰা, চঞ্চলা হ'ল। দেশও দুৰ্যোগৰ, অমংগলৰ বায়ু বলিবলৈ লাগিল। ঠিক এনেকৈয়ে প্রায় এশ বছৰ পূৰ্বতে অসমী আইৰ সুযোগ্য পুত্র মণিৰাম দেৱানক হেৰুৱাই আই বসুমতী অপ্রকৃতিস্থা হৈ পৰিছিল ।
*চালত মলঙিলে চালে দৈ কোমোৰা কলহত মলঙিলে লোণ, মাটিত মলঙিলে মণিৰাম দেৱান ঐ নেকান্দি থাকিব কোন গোপী বৰদলৈক হেৰুৱাই ৰাইজে কান্দিলে। প্ৰকৃতি দেৱীয়েও
ৰণচণ্ডী মুৰ্তি ধাৰণ কৰিলে। মৃতকৰ প্ৰেতকাৰ্যৰ দিনা গিৰিৰাজ হিমালয়ৰ পূৰ্বশাখাৰ শৃংগবোৰ প্ৰলয়ংকরী ভুইকঁপত চুৰ্ণ-বিচূর্ণ হৈ ছিটিকি পৰিল। শান্তমুকুলনন্দন অশান্ত হৈ পৰিল । বৰ লুইত বলীয়া হ'ল । এয়াও যেন নটৰাজৰ এক সুকীয়া প্রলয় নাচোন । সেই ক্ষয়ংকৰী ক্ষণত অসমৰ অশেষ ক্ষতি হ'ল। লোকপ্রিয় বৰদলৈৰ মহাপ্ৰস্থান আৰু '৫০ৰ বৰ ভুইকঁপ। মানুহ আৰু প্ৰকৃ তিৰ ৰহস্যময় সাদৃশ্য! মানুহ, 'বৰদলৈ।' প্রকৃতি 'ব-ভুইকঁপ' !! বৰদলৈ অবিহনে বিশ্বৰ বৰ সবাহত অসমক প্রতিনিধিত্ব কৰিব কোনে ? সেইযাৰ কথাকেই যেন প্রকৃতিদেৱীয়েও অসমীয়া মানুহৰ হৃদয়ৰাজ্যত মহাকম্পনৰ সৃষ্টি কৰি সকীয়াই দিলে, 'বৰদলৈৰ পিছত কোন ?' লোকপ্ৰিয় বৰদলৈ আছিল দূৰদৃষ্টিসম্পন্ন ৰাজনৈতিক নেতা। প্রকৃতার্থত আছিল এজন লাচিত বৰফুকনৰ ভক্ত। যি জনে মনেপ্রাণে বিশ্বাস কৰিছিল 'দেশতকৈ মোমাই ডাঙৰ নহয়।' সেয়েহে তেখেতৰ উত্তৰাধিকাৰীৰ বিষয়ে জীবদ্দশাতেই তেখেতে চিন্তা কৰিছিল। অসমৰ ভাবীকালৰ নেতৃত্ব তৈয়াৰ কৰাৰ মানসে লোকপ্ৰিয়ই তেখেতৰ প্ৰিয় উত্তৰ-পুৰুষসকলৰ ভিতৰত এজন যুৱককেই প্রিয়তম বুলি বাছনি কৰিছিল আৰু সেইজনেই আছিল হেম বৰুৱা । বিয়াল্লিছৰ আন্দোলনৰ সময়ত যোৰহাট-জেলত হেম বৰুৱাক বৰদলৈদেৱে নিচেই ওচৰৰ পৰা চোৱাৰ সুবিধা পাইছিল। হেম বৰুৱা আছিল তৃতীয় শ্ৰেণীৰ ফাটেকিয়াল, আৰু বৰদলৈ আদি শীর্ষস্থানীয় লোকসকল আছিল প্রথম শ্ৰেণীৰ বন্দী। হেম বৰুৱাৰ দায়িত্ব আছিল এইসকল নেতাক পৰিচৰ্যা কৰাৰ পৰম আনন্দেৰে হেম বৰুৱাই এওঁলোকক সেৱা কৰিছিল। বৰদলৈ আছিল এজন প্রকৃত গান্ধীবাদী লোক। সত্যাগ্রহী। সেয়েছে হেম বৰুৱাৰ জেলৰ ভিতৰত শাস্ত, সংযমী আচৰণত বৰদলৈ মুগ্ধ হৈছিল। পুত্রবৎ স্নেহ কৰিছিল। নিজৰ ভাগৰ ৰুটি, মাখন, কণী মৰমেৰে খাবলৈ দিছিল । পৰবৰ্তী কালত গোপীনাথ বৰদলৈয়ে হেম বৰুৱাক গুৱাহাটীলৈ আনি থিতাপি লগোৱাৰ ক্ষেত্ৰত কেনে দৰে আগভাগ লৈছিল সেই কথা আজি সর্বজনবিদিত ।
লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত গুৱাহাটী বিধান সভাৰ শূন্য আসনৰ বাবে ১৯৫১ চনত উপ-নির্বাচন পতা হয়। এইছোৱা সময়লৈকে হেম বৰুৱা মোৰ অকল এজন বন্ধুহে আছিল। তেতিয়ালৈকে মই সক্ৰিয় ৰাজনীতিত যদিও যোগদান কৰা নাছিলে। তথাপিও হেম বৰুৱাৰ সাংস্কৃতিক আৰু ৰাজনৈতিক আদৰ্শৰ এজন মাথো নিষ্ক্রিয় সমর্থক হৈহে আছিলোঁ। এই উপনির্বাচনক কেন্দ্ৰ কৰিয়েই ময়ো হেম বৰুৱাৰ দলৰ দহজনৰ এজন হৈ পৰিলোঁ । গুৱাহাটীৰ পৰা ১৯/২০ মাইল আঁতৰৰ ৰামপুৰ নামৰ ঠাইত শাসক দলৰ হৈ এখন ৰাজহুৱা নিৰ্বাচনী সভাৰ আয়োজন কৰিছিল। সেই সভাত কংগ্ৰেছ আৰু সমাজতন্ত্রী দলৰ অসংখ্য সমর্থক গোট খাইছিল। দুর্ভাগ্যক্রমে হেম বৰুৱা, হৰেশ্বৰ গোস্বামী আ নিৰ্বাচনৰ কামত অন্য কেন্দ্ৰত আৱদ্ধ হৈ থকাৰ বাবে বিৰোধী পক্ষৰ কালৰ কোনো এজনো বক্তাই সেই সভাত উপস্থিত নাছিল। সেয়েহে সমৰ্থকসকলৰ মাজত হতাশা আৰু উত্তেজনাই দেখা ময়ো এজন সমাজতন্ত্রী দল সমর্থক হিছাপেহে সেই সভাত উপস্থিত আছিলো। অগত্যা উপায় নাপাই সমর্থক- সকলে সমাজতন্ত্রী দলৰ প্রার্থী হৰেশ্বৰ গোস্বামীৰ হৈ মোকেই আগবঢ়াই দিলে ৰক্তৃতা দিবলৈ । মোৰ জীৱনত আছিল সেয়েই ৰাজনৈতিক মঞ্চত উঠি দিয়া প্রথম বক্তৃতা। গতিকে বক্তৃতা দিয়াৰ আগমুহূৰ্তত এবাৰ মনে মনে প্ৰাৰ্থনা জনাইছিলোঁ— 'হে আই সৰস্বতী! পু-বক্তা হেম বৰুৱাক তুমি যেনেদৰে আশীৰ্বাদ জনাই আহিছা, তেনেপ্ৰকাৰে আজি এই নির্বাচনী সংগ্ৰামৰ সি ক্ষণত মোৰ কণ্ঠতো থিতাপি লৈ আমাৰ দলৰ সন্মান ৰক্ষা কৰা'। নকলেও হ'ব, সেই যাত্ৰাত আই সৰস্বতীযে কৃপা কৰিছিল। এই সফলতাৰ বাতৰি পাই গুৱাহাটীত পিছদিনাখন সাবটি ধৰি হেম বৰুৱাই মোৰ ডিঙিত্ত প্ৰীতিৰ হেমহাৰ পিন্ধাই কৈছিল, 'চৌধুৰী। এডিয়াৰ পৰাই, আজিৰ পৰাই সমাজবাদী প্ৰচাৰৰ কামত মোৰ সংগী হওক। জনতাৰ মুক্তিৰ কাৰণে, সাংস্কৃতিক মুক্তিৰ কাৰণে আমাক বহুতো কৰ্মীৰ প্ৰয়োজন হৈছে।” সেই দিন ধৰি হেম বৰুৱাৰ ৰাজনৈতিক জীৱনৰ সৈতে এনেদৰে জড়িত হৈ পৰিছিলে৷ যে মোৰ কলা সাধনা এক প্ৰকাৰ গৌণ হৈ পৰিছিল। গান্ধীজীয়ে কৈছিল, 'Show them truth first, they will find beauty afterwards.' - হেম বৰুৱাই কৈছিল,– প্রতিভা শানত দিয়া কথা এষাৰ আছে যদিও মানুষ, মানুহ বাবেই মহৎ। অন্তৰৰ সৎগুগৰাশিৰ উৎকৰ্ষ সাধন কৰিব নোৱাৰিলে কোনো মানুহ কেতিয়াও মহৎ হব নোৱাৰে।
হেম বৰুৱা আছিল মোৰ এজন প্ৰকৃত বান্ধর। কিন্তু এই ৰত্ব চিৰদিন সজীৱ হৈ আছিল ৰাজনৈতিক পৰিক্ৰমাৰ কেন্দ্ৰ * দুখৰ বিষয় আজি আমাৰ স্বাধীন দেশ বিভিন্ন ৰাজ- নৈতিক চিন্তাধাৰাৰ প্ৰকোপত পুৰি শত শিবিৰক্ত পৰিণত হৈছে, সেই বাবে বিস্তৃত ৰূপত হেম বৰুৱাৰ সৈতে লাভ কৰা অভি অভাসমূহৰ বিৱৰণী দিয়াৰ পৰা বিৰত হৈ থকাৰ চেষ্টা কৰিলেও এটি সময়ৰ কিঞ্চিৎ বর্ণনা দিয়াৰ লোভ সামৰিব নোৱাৰিলোঁ । ইয়াক দলীয় ৰাজনৈতিক দৃষ্টিৰে পঢ়ুৱৈ সমাজে বিচাৰ নকৰি ঐতিহাসিক দৃষ্টিৰে দৃষ্টিপাত কৰিলে আমি ধন্য মানিম। যিহেতু বৰ্ণনাটিৰ প্ৰধান নায়ক জনতাৰ বিবেকসম জয়প্রকাশ নাৰায়ণ । তদুপৰি হেম বৰুৱা আছিল জয়প্ৰকাশৰ প্ৰিয়তম ব্যক্তি। গেয়েছে এই প্রয়াস ।
১৯৫২ চন। সমগ্ৰ দেশৰ গাত সাধাৰণ নিৰ্বাচনৰ বতাহ লাগিছে। বিভিন্ন ৰাজনৈতিক দলে অসম ৰাজ্যতো নির্বাচনী প্ৰচাৰ কাৰ্য প্রবল গতিত চলাইছে। নির্বাচনী প্রতীক ট্রাক এখনও সজাই পৰাই পহিল৷ জানুৱাৰীৰ সন্ধিয়াৰপৰা আমাৰ দলৰো প্ৰথম নির্বাচনী প্ৰচাৰ কাৰ্য আৰম্ভ কৰা হ'ল। সেই প্ৰচাৰ কাৰ্যৰ মুখ্য বক্তাৰ ভাৰ পৰিল মোৰ ওপৰত । নকলেও হ'ব যে ভাষণৰ Talking point অর্থাৎ বক্তব্যৰ মূল কথাবোৰ মোক হেম বৰুৱাই আগধৰি কৈ থৈছিল। মোৰ আজিও হেম বৰুৱাৰ এষাৰ কথা স্পষ্টভাৱে মনত আছে। তেখেতে কৈছিল, 'চৌধুৰী ! সদায় মনত ৰাখিব— দেশতকৈ পাৰ্টি ডাঙৰ নহয়। উত্তৰত ময়ো কৈছিলোঁ, আপোনাৰ এইষাৰ উক্তি লাচিত বৰফুকনৰ “দেশতকৈ মোমাই ডাঙৰ নহয়” অমৰ বাণীৰেই নতুন সংস্কৰণ।' ইংৰাজী নতুন বছৰৰ প্ৰথম তাৰিখৰ পৰাই পূর্ণোদ্যমে দল নির্বাচনী প্ৰচাৰ কাৰ্য চলিবলৈ ধৰিলে। সেই সাধারণ নির্বাচন উপলক্ষে জয় প্ৰকাশ নাৰায়ণো কেইদিনমানৰ কাৰণে অসমলৈ আহিছিল । জয়প্রকাশ নাৰায়ণক 'জেপি' বুলিয়েই আনে সম্বোধন কৰিছিল । মেরেছে হেম বৰুৱায়ো তেখেতক 'জেপি' বুলি সম্বোধন কৰিছিল আৰু 'জে-পিংয়ে হেম বৰুৱাক 'হেম' নাইবা 'বৰুৱা' বুলি নামা হেমবৰুৱা' বুলিয়েই সম্বোধন কৰিছিল। সম্ভৱতঃ নামটো ছুটি হোৱাৰ কাৰণেই তেনেদৰে মাতিছিল। জে পি আৰু হেম বৰুৱা ! এই দুজন মহাপ্রাণ ব্যক্তিৰ নির্বাচনী সভাবোৰৰ সংগী হ'বলৈ পাই কি গৌৰৱ, আনন্দ আৰু শাস্তি পাইছিলোঁ তাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰে। মাথোঁ সি অনুভৱৰহে বস্তু, বৰ্ণনাৰ নহয়। সেই সভাবোৰত মোৰ মাথে। ছটা কাম আছিল । সভাস্থলীত 'মাইক-লাউদ স্পীকাৰ ঠিক ৰখা আৰু সভাৰ আৰম্ভনী গীত গোৱাৰ । গীতটি আছিল হিন্দী ভাষাৰ মূল ৰচকৰ নামটো পাহৰিলে। যদিও প্রথম শাৰী কথা মনত আছে, 'মেহনত কচ, উঠ, হোশমে আ, হাতমে ঝাণ্ডা লাল উঠা।' ইত্যাদি ।
১৯২১ চনত মহাত্মা গান্ধী অসমলৈ আহিছিল। গুৱাহাটী, তেজপুৰ আদি ঠাইত মহাত্মাজীৰ হিন্দী ভাষণ অসমীয়াত অনুবাদ কৰি শ্ৰোতা-জনতাৰ মন মুহিছিল দেশভক্ত তৰুণ ৰাম ফুকনে । তেনেদৰে একত্ৰিছ বছৰৰ পিছত জয়প্ৰকাশৰ হিন্দী ভাষণ ৰাইজক অসমীয়াত অনুবাদ কৰি লগে লগে ৰাইজক সফলতাৰে কৈ গৈছিল হেম বৰুৱাই। শাৰীৰিক অসুস্থতাৰ বাবে জয়প্রকাশে মঞ্চৰ ওপৰত চকীত বহি বহিয়েই ভাষণ দিছিল সুমধুৰ হিন্দীৰে আৰু আন এটা মাইকৰ আগত থিয় হৈ একেই মধুৰভাৰে শুৱলা অসমীয়াত হেম বৰুৱাই ক'তো খোকোজা নলগাকৈ, সলসলীয়া ভাষাৰে, গলগলীয়া মাতেৰে ৰাইজক মন্ত্রমুগ্ধ কৰি ৰাখিছিল । হাজো, শোৱালকুছি আদি ঠাইৰ সভাবোৰত উপস্থিত থকাৰ বাবে সেই ঐতিহাসিক ঘটনাবোৰৰ কথা আজিও মোৰ জলজল পটপটকৈ মনত আছে। মনত আছে-হেম বৰুৱাৰ কথা। জয়প্ৰকাশৰ কথা। সেই সময়ত গান্ধীজী, তরুণ ফুকনৰ মণিকাঞ্চন যোগ ছোৱাৰ দৰেই জয় প্ৰকাশ, হেম বৰুৱাৰো মণিকাঞ্চনযোগ হৈছিল অনর্থ 'মাটিত। পূর্বপুরুষ তরুণ ফুকনৰ শূন্য আসন পূর্ণ কৰাৰ কাৰণে উত্তৰ পুৰুষৰ মাজৰপৰা হেম বৰুৱাক পাই গভীৰ আনন্দত গৰ্বৰোধ কৰিছিলোঁ। ভাবিছিলোঁ অসমৰ মাটিত 'নল মৰি গজালি ওলাল।'
হেম বৰুৱা আছিল জয়প্ৰকাশৰ প্ৰিয়তম ব্যক্তি । সেয়েহে হেম বৰুৱাৰ ব্ৰহ্মদেশলৈ প্রথম বিদেশ যাত্রার প্রাক্কালত জয়প্রকাশে কৈছিল— 'হেম বৰুৱা! বিদেশত ৰক্তৃতা দিয়াৰ সময়ত ৰাষ্ট্ৰপিতা মহাত্মা গান্ধী আৰু সাংস্কৃতিক-পিতা গুৰুদেৱ ৰবীন্দ্রনাথৰ কথা কবলৈ নাপাহৰিবা। এই ছজন পিতৃৰ বাণীসমূহৰ মাজতেই ভাৰতীয় সমাজতন্ত্রী দলৰ মূল চিন্তা-দর্শন লুকাই আছে। ভাৰতৰ আত্মা নিহিত হৈ আছে।' হেম বৰুৱাই জয়প্রকাশৰ এই উপদেশ পৰৱৰ্তী কালত আখৰে আখৰে মৃত্যুৰ দিনালৈকে পালন কৰি মানৱীজীৱন সাঞ্চল কৰি গ'ল। নিকা জীৱন, নিকা বসন ভূষণ আৰু নিক৷ ৰাজনীতি কৰি এটা শুরু, বুদ্ধ, শুভ্র জীৱন দৰ্শন সৰ্বকালৰ বাবে এৰি থৈ গ'ল ।
১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনত গুৱাহাটী বিধানসভাৰ ছ'চিয়েলিষ্ট প্রার্থী স্বৰূপে হেম বৰুৱাই প্রতিদ্বন্দ্বিতা কৰিছিল। ধনবল আৰু জনবলৰ অভাৱত হেম বৰুৱা নিৰ্বাচনত ঘাটিল। "ভোট গণনাৰ অন্তত গুৱাহাটীৰ উপায়ুক্ত মিঃ কার্ভেলোরে অতি দুখেৰে ফলাফল ঘোষণা কৰিছিল। তেওঁ দুখ কৰা দেখি জনৈক বিপক্ষৰ নেতাই প্ৰশ্ন কৰিছিল, 'আপুনি ৰাজকৰ্মচাৰী হৈ এনেদৰে হেম বৰুৱাৰ ৰাবে ছব কৰাটো জানো ভাল হৈছে ? ই জানো পক্ষপাতিত্বৰ কথা নহয় ?' হাতত থকা বেতৰ লাঠীডালত ভৰ দি মিঃ কাৰ্ত্তেলোৱে উত্তৰ দিছিল, 'নিৰ্বাচনত বিজয়ী হোৱা জনক জানো মই কৰম'ন কৰি অভিনন্দন কৰা নাছিলো? আচল কথা কি জানে ? মই হেম বৰুৱাৰ এজন গুণমুগ্ধ লোক।' উপায়ুক্তৰ অফিচৰ বাহিৰত আমি কেজনমানে হেম বৰুৱাৰ কাৰণে বাট চাই আছিলোঁ।
অৱশ্যে হেম বৰুৱাৰ পৰাজয়ৰ বাতৰি ইতিমধ্যে পাইছো । মিঃ কার্ভেলোৱে হেম বৰুৱাক হুৱাৰমুখলৈ আগুৱাই দিলে । বাহিৰত আমাৰ মলিন মুখবোৰলৈ লক্ষ্য কৰি মিঃ কাৰ্ত্তেলোৱে আমাক সান্ত্বনা বাচিলে — You have fought well. Be prepared for the next fight. মহৎহাদয়ৰ মিঃ কাৰ্ডেলো আছিল গোৱাৰ এজন বৃষ্টিয়ানধৰ্মী লোক। আজি নাজানো তেখেত ক'ত? তথাপিও তেখেত য'তেই নাথাকক কেলেই হেম বৰুৱাৰ মৃত্যুৰ বাতৰি ৰেডিঅ', বাতৰি কাকতত পাই যে মিঃ কাৰ্ত্তেলোৱে ছখ কৰিছিল সেই বিষয়ে কোনো সন্দেহ নাই । কাৰণ মিঃ কাৰ্ডেলে৷ আছিল হেম বৰুৱাৰ এজন প্ৰকৃত গুণমুগ্ধ লোক !
'হাৰিয়া জিনয় কেছে। জিনিয়া হায় । কোনো কালে ক্ষত্ৰিয়ৰ নাহি পৰাজয় ।।' ১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনত এবাৰ পৰাজয় স্বীকাৰ কৰিলেও হেম বৰুৱাই বিপদত ক্ষত্ৰিয়ৰ দৰে আচৰণ কৰাৰ মনোবল সঞ্চ কৰি দ্বিতীয়বাৰৰ কাৰণেও পৰাজয় বৰণ কৰিছিল। অৱশেহত ১৯৫৭ চনত নির্বাচনী যুদ্ধত আমি জয়ী হলে। । হেম বৰুৱাৰ ডিঙিত্ত প্রফুল্লিত ৰাইজে জয়মাল, পিন্ধাই দিলে। হেম বৰুৱা বিৰোধীদলৰ সংসদী হৈ দিল্লীলৈ যাত্ৰা কৰিলে। বৰঝাৰ বিমান কোঠও আমি মুষ্টিমেয় কর্মীয়ে হেম বৰুৱাক আগবঢ়াই খোৱাৰ সময়ত আমাৰ মনোৰাজ্যত কি যে এক অনিবনীয় সুখ অনুভব কৰিছিলো কি কম? সেই মধুস্কৃতি আজিও মোলান পৰা নাই। সুদীর্ঘ চৈধ্য বছৰকাল হেম বৰুৱাই লোকসভাৰ মজিয়াত সংসদ সদস্যৰূপে কেনে বিধৰ ভূমিকা গ্ৰহণ কৰিছিল, আর কথা সংসদৰ ইতিহাসত সোণালী আখৰেৰে লিপিৱদ্ধ হৈ এসময়ত মই আছিলো প্রবাসী হৈ আৰু হেম বৰুৱা আছিল গৃহবাসী হৈ। এতিয়া হেম বৰুৱা হ'ল প্রবাসী আৰু মই হলো গৃহবাসী। এই সুদীর্ঘকাল ছোৱাৰ সময়ত আমাৰ মাজত নিয়মিত ভাবে চিঠিৰ আদান-প্রদান হৈছিল। তাৰে কিছুমান চিঠি আজিও মই সযত্নে ৰাখি থৈছে।। সেই চিঠিবোৰত নিহিত হৈ আছে হেম বৰুৱাৰ পবিত্ৰ জীৱনৰ, দেশভক্তিৰ, গণভক্তিৰ উজ্জল ইতিহাস ! সঙ্ঘ-প্ৰীতিৰ, বন্ধুপ্ৰীতিৰ কোমল কবিতা !!
'আজি ৰাম ৰজা হ'ব কাদি অধিবাস।
কিন্তু কোনে জানিছিল হ'ব বনবাস ।। ' বিধি আৰু বিধিৰ বিধান! তাক স্বয়ং শ্ৰীৰামচন্দ্ৰইও খণ্ডন কৰিবলৈ অপাৰগ হৈছিল। মানুহ কোন চাৰ? হেম বৰুৱাৰো বিধিলিপি বিধাতাই আগধৰি ৰচনা কৰি থৈছিল। ১৯৭১ চনৰ নির্বাচনত অভাৱনীয় ভাবে হেম বৰুৱাৰ পৰাজয় ঘটিল। তথাপিও হেম বৰুৱাই ৰাইজৰ ৰায় গণতন্ত্ৰত বিশ্বাসী লোকৰ দৰে মানি লৈছিল যদিও হিয়াৰ গভীৰতলিৰ পৰা এটা বেদনাৰ সুৰ নিৰ্গত হৈছিল। সেই দিনাৰ কথা আজিও মনত পৰে। শিলপুখুৰীৰ পার্টি অফিচত আমি কেইজনমান কর্মীবন্ধুরে মন মাৰি বহি আছো। ৰাতি সাতমান বজাত ক'লা কোট আৰু ৰুগীয়া দেহমন লৈ হেম বৰুৱাই দুৱাৰ মুখত থিয় হৈ যিখিনি কথা ক'লে, মনত পৰিলে এতিয়াও অন্তৰ দহি যায়! বেজাৰৰ চকুলো ওলাব খোজে ! হেম বৰুৱাই কৈছিল— 'আপোনালোকে মোৰ হৈ যথেষ্ট খাটিলে । ৰাইজে নিবিচাৰিলে কি কৰিব? জীৱনযুদ্ধত জয়-পৰাজয় আছেই, কিন্তু কিছুমান আমাৰেই সমগোত্রীয় তথাকথিত বিৰোধী শিল্পী- ৰাজনীতিজ্ঞই মোৰ নামত, মোৰ পৰিয়ালৰ নামত মিছা অপবাদ ৰচনা কৰি লেতেৰা ৰাজনীতি কৰাৰ বাবেহে দুখ পাইছো !' afe, ঃখিত হেম বৰুৱা দুখৰ বিননি শুনি মোৰ মনলৈ আহিছিল সীতা গোসানীৰ বিলাপৰ কথা !
'এহি বুলি মহামৰ্মে গোসানী জানকী। পৃথিবীত পৰিয়া কান্দন্ত মকমকি | সীতাৰ সন্তাপে দেখস্তাৰো মৰ্ম চৰে । হুমহুমি কাদে শোকে লোতক নিগৰে ৷৷ কোপে অপমানে আতি চিত্ত হহি ধিৰ । হিয়াত পশিল শাল নোলাই গোসানীৰ ।।.........
-- ইমানপৰে বগা কাগজত কলীয়া আখৰেৰে অতীতৰ মধুস্মৃতি ৰোমন্থন কৰি ক্লান্তি আহিছে। হাতৰ কলম খন্তেকৰ বাবে থমকি ৰৈছে ! পূৰ্বতেই অনুভৱ কৰা হেম বৰুৱাৰ উপস্থিতি নোহোৱা হৈ আহিছে! মোৰ সমুখৰ চকীখন শুদা ! বঁটাত তামোল-পাণ নাই! হেম বৰুৱাও নাই ......... -কোঠালিৰ চৌপাশে উৰি ফুৰিছে শুভ্র, সুগন্ধী কিছুমান ধোঁৱা ! ধূপৰ ধোঁৱা ! সুগন্ধী ধোৱা বিলাই ধুপকাঠিৰ জ্বলি থকা অকমানি জুইখিনি দেখি মোৰ হেম বৰুৱাৰ জ্বলন্ত জীৱনৰ দৰে লাগিল !......... হেম বৰুৱাৰ প্ৰীতিৰ হেমহাৰডালৰ অদৃশ্য পৰশত পুলক জাগিল ! জ্বলন্ত ধূপৰ ধোৱাত অফুৰন্ত সুগন্ধ ! মাধোঁ সুগন্ধ !! বন্ধুপ্ৰীতিৰ অমৃতলোকৰ পৰা বিলোৱা চিৰ আনন্দময় অমৃতবাণী !! .......... 'যুক্তিৰ ঊষা কিৰণত স্নান কৰি হোৱা মহীয়ান।'