"How richly glows the waters breast- Before us, tinged
with evening hues While facing thus crimso west- The boast her silent
coursepursues And see how dang baskward stream A little moment past so
smiling"-
- Wordsworth
বেলিপ্রায় পাতত বহিছে। আকাশসুন্দৰ নিৰ্মল। হেঙুলীয়া আকাশৰ ছাঁ সোৱণশিৰী নৈতপৰি সোৱণশিৰী নৈৰ পানীকো হেঙুলীয়াবৰণ কৰিছে। সোৱণশিৰী নৈৰ বুকুত মৃদু-মন্দ বতাহ বইছে।ৰিপ ৰিপ সুৰে আইসোৱণশিৰী বব লাগিছে। ইফালেদূৰৈত মিৰি গাঁৱত জুইজ্বলিছে। দুই-এটিকৈ বিহুঢোল মিৰি গাঁৱত বাজিছে।
এনেইসোৱণশিৰী নৈখন বহল। দুয়োকাষে সবুজ ৰঙৰ ঘাঁহ,
ঠায়ে ঠায়ে চিকুণ বালিৰ চৰ৷ মুঠতে পাঁচমাইলমান দূৰৈতে পাহাৰৰ চিকুণ দৃশ্য; তাতে সন্ধিয়া কালতমৃদু-মন্দ বাতহ সিফালেপূবৰ ফালৰ পৰা বেলিলৌ মাৰ যাওঁতেই পূৰ্ণিমাৰজোনটিয়ে দেখা দিছে। সোৱণশিৰীনৈখনে কেনে যে চিকুণদৃশ্য এটি ধৰিছে তাকবৰ্ণই শেষ কৰিব নোৱাৰিআৰু আমাৰো সিমান শক্তি নাই। কোনোবাই যদিকেতিয়াবা এনে সময়তে ঠিকএনে দিনত নাৱৰে সোৱণশিৰীৰ
“পথালি পাম” (ক) খণ্ডৰ ওচৰত ফুৰিবলৈ পাইছে সেয়েই আমি বিৱৰণ দিয়া এই দৃশ্যটোনো
কেনে তাক বুজিব পাৰি। আৰু কবিত্ব শক্তি থাকিলে তাকে বর্ণাই এখন পুথিও লেখিব পাৰিব।
বাস্তৱিক পক্ষতে কাতি-আঘোণ মহীয়া এনেকুৱা সময়ত সোৱণশিৰীৰ বুকুত ফুৰিবলৈ বৰ চিকুণ।
স্বভাৱৰ সৌন্দৰ্য্যত মন মোহিত হয়। আৰু কৰুণাৰ সাগৰ পৰমেশ্বৰৰ এনেবিলাক দৃশ্য দেখি
তেওঁলৈ ভক্তিৰ সঞ্চাৰ হয়। নিতান্ত অভাবুকেও ভাব পায়।
এনেকুৱা সময়তে
এনে মন মোহিত হোৱা কালতে এখন সৰু নাৱত পাঁচজনী মিৰি গাভৰু উঠি সোৱণশিৰীৰ ওপৰেদি নাও
বাই বাই যাবলৈ ধৰিছে। পাঁচোজনী দেখিবলৈ ভাল, পাঁচোজনীৰ মুখতেই হাঁহি-ধেমালি । পাঁচোজনীৰ
গাতে ভাল চাফ-চিকুণ ৰিহা- মেখেলা। সিহঁত উঠা নাওখন ইমান সৰু যে আনকি অইন এতৰপীয়া মানুহে
পাঁচোটা দূৰৈতে থাকক তিনিটাও যাবলৈ টান পাব। কিন্তু আমি আগেয়ে কৈছোঁ সোৱণশিৰী আইৰ
মিৰি জাতিৰ ওপৰতে চেনেহ বেছি। সেইদেখি মিৰি জাতি সকলোৱে আনকি সৰু তিনি-চাৰি বছৰ বয়সীয়া পৰ্য্যন্ত আইৰ
বুকুত ইমান সৰু নাৱতে উঠি নির্ভয় চিত্তে আহা-যোৱা কৰিব পাৰে। যি সময়, যেনে দৃশ্য
আৰু মিৰি গাভৰু কেইজনীৰ যেনে গঢ় এটাইবিলাককে একেলগে দেখি এনেছে বোধ হয় যেন সৰগৰ ইন্দ্ৰৰ
সভাৰ পৰা পাঁচজনী অপেশ্বৰী মৰ্ত্যলৈ ৰং কৰিবলৈ নামি আহিছে। অথবা পাঁজনী জলকুঁৱৰী পানীৰ
পৰা ওলাই ধেমালি কৰিছে। অথবা আই সোৱণশিৰীৰ নিজৰ পেটৰে পাঁচজনী জীয়ৰীৰ বাহিৰলৈ আহি
উমলিছে। দুজনী গাভৰুৱে দুই মূৰে বহি বঠা চলাইছে। তিনিজনীয়ে নাৱৰ বুকুতে থিয় হৈ গাইছে,
তাৰে এজনীয়ে থিয়ৈ থিয়ৈ বিহু সুৰত গগনা (খ) বজাইছে। আহা! কি মধুৰ গগনাৰ সুৰ। ভেকুলী
মাতৰ দৰে গোঁ গোঁ শব্দত চুটি চুটি বিহুনাম উঠিছে। ধন্য মিৰি গাভৰুহঁতৰ এনে এটা সামান্য সঙ্গীত যন্ত্ৰ উলিওৱা
বুদ্ধিও।
৩।৪ বাৰ গগনা
চলিল। এজনীয়ে গগনা বজাইছে, আন দুজনীয়ে হাতত চাপৰি দিছে। পাঠক! গগনা বজোৱা সেই মিৰি-
জীয়ৰীজনী কোন চিনি পাইছেনে? তায়েই আমাৰ পানেই। পাঁচোজনী গাভৰুৱেই নিজ হাতে (গ) কৰা
ভূঁই ৰখিবলৈ গৈছিল আৰু এতিয়া গধূলি হোৱাত ঘৰলৈ ফিৰি আহিছে। গগনা বজাই বজাই সুখ নিমিটিল।
তেতিয়া ৰকমী নামেৰে এজনী গাভৰুৱে পানেইক কলে-”পানেই এটা নাম গা৷” পানেয়ে গালে:-
(১১)
উজায়নাৱে বোলে মোৰ দনচেনেঙ-
বামেলৰি মাৰে লেদেঙ-
চকুৰপানীৰে গালে তিতি গলে-
গামততিতি গলে কাপোৰ-
গীতগোৱা শেষ হল। তেতিয়াৰকমীয়ে পানেইক কলে,-"পানেই
মই এটা গাওঁ শুনঃ”-
(১২)
“উজাইআয়িলে কোম্পানীৰ জাহাজ ঐ
পৃতিবীটলেবলাই-
চপাইদে চপাই দে কলিকতাজাহাজ ঐ মনেমতাৰ বাতৰি সোদোঁ । ”
এই গীত গোৱা শেষহলতে পাঁচোজনী গাভৰুৱে কিৰিলি পাৰি হাঁহিব ধৰিলে।তাৰ পাছত কিমায় নামেৰেআন এজনী গাভৰুৱে কবলৈধৰিলে-
“হেৰপানেই, হেৰ পানেই, তোৰঅলপতে বিয়া হব। কমুদে জোঁৱাইখাটিবলৈ যাব নহয় ? ”
পানেইজানো কব নোৱাৰোঁ।
কিমায়-তই বাৰু পোৱানাইনে? তই আৰু অলপতেজীয়ৰী গুচিবি, লৰাৰ মাক হবি।
পানেইকি ধেমালি কৰ কিমায়। মইকালেকো নাযাওঁ । বাৰু গাঁওশুন।
(১৩)
“যাতিয়েযে পানী কায় ওলাকেগুলোকি
ময়েযে পানী কায় কালত-
আমিও যে কনেও ঐকালৈকো যে নেযাওঁ ঐযদায় যে ডাকিম গৰত । ”
পানেয়েনাম গোৱা শেষ হল।ৰকমীয়ে মাত লগালে হয়পানেই- তই কাইলৈকে গুচিযাবিগৈ, ভেভিয়া আমাক পাহৰিবি হবনা।তোৰ মুখৰ কথা মুখতেইথাকিল।
পানেয়েৰকমীৰ এই কথাৰ উত্তৰদিবলৈ নৌ-পাওঁতেই দূৰৈতআৰু এখন নাৱত স্পষ্টমতা গলেৰে কোনোবাই গাব ধৰিলে। পাঁচোজনীগাভৰুৱে কাণ পাতি শুনিবধৰিলে।
(১৪)
কেই দিনত আয়িমে গুৰি-
তিনি দিনত আয়িমে গুৰিঐ লায়ৰী- তিনি দিনত আয়িমেগুৰি। "
“উজায়যাৱেগে মোৰে দন কনেঙা-
পৰমেকম্পানে যদি তাকো বালে-
কোনেএই নাম গালে। এইবিষয়ে মিৰি গাভৰুহঁতৰ ভিতৰতআন্দোলন হল ধৰিলে। কাৰমাত এনেকুৱা ! এই কথা এটায়েভাবিব ধৰিলে।
কিন্তুপানেয়ে এইবিলাক বিষয়ে একোকে নুলিয়ালে । প্রণয়িনীয়ে প্রণয়তড়িত-শক্তিৰ বলত বুজিব পাৰিলেএই মাভ আন কাৰোনহয় তাইৰ হৃদয়ৰ ধনচকুৰ মণি- অঙ্কি; ভাইহাঁহি হাঁহি সি চাৰিজনী ছোৱালীককলে তহঁতে বুজা নাইনে? সেইটোঅঙ্কিে গাইছে। তাৰে মাত হন পায়।
তেতিয়াৰকমীয়ে কলে, এৰা পানেই,
ভই জঙ্কিৰ মাতটো বৰিহাকৈ বুজিলি, তাৰে মাত হয়।এই কখন মখন হোৱাৰপাছতে পানেয়ে কলে- আমাৰ সেইবিলাকশুনিবৰ সকাম নাই-আহআমি গাওঁ।
(১৫)
“নৈৰপানী যে বাঢ়িবৰ বেগিঐ চেনেঙ ঐ- নৈ পানীবাঢ়িবৰ বেগি। আগৰটি দিলে ঐ নাচাবিচেনেও ঐ- হবি দুবগীয়মন।।”
পানেয়েনাম গাই উঠিল মাথোন,
আকৌ দূৰৈৰ পৰা সিহঁতে
শুনিবপালে -
(১৬)
“তোকেযে কেনেকৈ ঐ-
পামেযে মোৰ কনে ঐ-
তোকে যে কেনেকৈয়ে পাম
হঠাইযে এৰি ঐ-
পামেগৈ যে কনে ঐ-
মনেমা যে নর্তকা তাই।”
এই নামৰ লগে লগেসিখন নাও আছি মিৰিগাভৰুহঁতৰ নাৱৰ ওচৰ চাপিল।সেই নাৱত থকা মানুহটোৰসৈতে কথা বতৰা নৌহওঁতেই পানেয়ে আকৌ গালে।
(১৭)
“উলটিযে নাচাবি-
পালটিযে নাচাবি মোক গৰা যেকুমলীয়া পিছলি যে পৰিবি মোৰেগাত যে নিদিবি দোষ।।”
এইবাৰপানেইৰ নাম গোৱাও শেষহল, নাওখনো আহি সিহঁতৰ নাৱৰওচৰ পালেহি। তেতিয়া এটাইকেইজনী গাভৰুৱে কলে, অ ভয়েছে?
জঙ্কিএৰা ময়ে।
ৰকমী-ভই কলৈ গৈছিলি?
জঙ্কিতামেন গামৰ চুকলৈ। ৰকমী-কেলেইনো গৈছিলি?
জঙ্কি-
এটা মানুহৰ পৰা মোৰ ৰূপদহ টকা পাবলগীয়া আছিল।তাকে সাধিবলৈ।
পানেইপালিনে?
জঙ্কি-
আজি নাপালোঁ, কাইলৈ দিম বুলিছে।
পানেই-
এতিয়া ঘৰলৈ যাৱনে?
জঙ্কিপানেই?
পানেইকি করও জঙ্কি ?
জঙ্কিমই আৰু তিনিদিনৰ মূৰতঘৃণাসুঁতিৰ গাঁৱলৈ যামগৈ ভাদৈ ভই আৰুআমাৰ গাঁও এৰিলি।
জঙ্কিএৰা ভাদৈ, কিন্তু মাজে মাজে তহঁতৰগাঁৱলৈকো আহি থাকিব।
তুলাই-এৰা আহি থাকিবিদেই। তই থকাত বৰবাৰু আছিল। আমি বৰ ৰঙে-ধেমালিয়ে আছিলোহঁক।
জঙ্কি-কি কৰিম তুলাই।যাব লগাত পৰিলোঁ।
পানেইজঙ্কি
জঙ্কি-
কি কর পানেই ?
পানেই-তই যোৱাৰ আগেয়েএদিন মোক লগ ধৰিবিদেই। তোৰে সৈতে মোৰএটা কিবা কথা কবলগীয়াআছে। জঙ্কি বাৰু পানেই।
এইদৰেকথা-বতৰা পাতোঁতে পাতোঁতেনাও দুখন পাৰ চাপিল।তেতিয়া সকলো ঘৰাঘৰি গল।
পঞ্চমঅধ্যায়ৰ মিৰি ভাষাৰ শব্দৰভাঙনি
(ক)
“পথালিপাম” এইনামেৰে লক্ষীমপুৰ মহকুমাত এখন ঠাই আছে,
তাত আজিকালি এখন চাহ বাগিচাওআছে।
(খ)
“গগনা”
মিৰি গাভৰুহঁতৰ এটি যন্ত্র। সৰুএছাটি বাঁহৰ মূৰত এডাল মুগাৰসূতাৰ ডোল বান্ধি লয়।বাঁহদুটা মুখৰ ভিতৰতে সুমাইডোলডাল টানিলে ভেকুলীৰ মাতৰ দৰে এটিশব্দ হয়। সেই শব্দতেমিৰি গাভৰুহঁতে বিহু ভোলে। যেয়েসেয়ে নিশিকাকৈ গগনা বজাব নোৱাৰে।
(গ)
নিজ হাতে কৰা ভূঁই-মিৰি গাভৰুহঁতে পৰিয়ালটোৱেবঙা মাটিত বাজেও নিজে নিজে এহালিচাবা দুহালিচা মাটিত কোৰ মাৰি সৰিয়হবয়। সেই সৰিয়হ বেচিযি ধন পায় সেইধনেৰে তেল-সেন্দুৰ কিনি পিন্ধে।