ৰাজধানী পমীলা
কদম গছৰ তলৰ পৰা
পমীলা, শান্তিৰাম ভকত, আৰু লক্ষ্মীকান্ত
ডেকা বৰুৱা, তিনিও আহি প্ৰায়
সাজ লাগোঁতে বৰুৱাৰ হাউলি পালে। তাতে শাস্তিৰাম ভকতে আৰু পমীলাই আলচ কৰি
লক্ষ্মীকান্ত ডেকা বৰুৱাক শাস্তিৰাম ভকতৰ বহাত নি সুমালে । পমীলা গড়ৰ ভিতৰলৈ গ'ল; শান্তিৰাম ভকতে
লক্ষ্মীকান্ত ডেকা বৰুৱাক কাবৌ কোকালি কৰি আৰু নিজে আলপইচান ধৰি চাইটা ভাত
ৰান্ধিবলৈ দিলে। লক্ষ্মীকান্ত ডেকা বৰুৱাইও ভকতৰ কথা পেলাব নোৱাৰি দুখে কষ্টে
চাইটা ভাত ৰান্ধি খালে । তেওঁৰ পাছত শান্তিৰাম ভকতেও ৰন্ধা বঢ়া কৰি চাইটা ভাত
খালে। এইদৰে দুইও খাই বই উঠি মেল পাতিবলৈ ধৰিলে। লক্ষ্মীকান্তই সুধিলে—“আতৈ
আপুনিনো আগৰ কৰ মানুহ ?” শাস্তিৰামে কলে –
“বাপ ! মই উজনিৰ ৰঙ্গপুৰৰ মানুহ।” লক্ষ্মীকান্ত—“আপুনিনো ইয়ালৈ কেনেকৈ আহিল ?” শাস্তিৰাম—“মই
উজনিত মানৰ উপদ্ৰৱত পলাই আহিছোঁ। উজনি এৰি আহিবৰ আজি তিনি বছৰ হ'ল।” লক্ষ্মীকান্ত
— “আপোনাৰনো উজনিত কোন কোন আছে ?” শাস্তিৰাম— “উজনিত মোৰ আৰু এতিয়া কেৱে নাই।” লক্ষ্মীকান্ত—
“আপুনিনো এইখিনি কেনেকৈ পালেহি ?” শান্তিৰাম — “বাটে বাটে তিনি মাহে খোজ কাঢ়ি আহি এইখিনি
পোৱা হৈছে।”
মনোমতী
লক্ষ্মীকান্ত—“আপুনিনো
এওঁ বৰুৱাৰ লগ লাগিল কেনেকৈ ? আপুনি দেখোন আমাৰ লগ লাগিব লাগিছিল । আপুনিও উজনীয়৷ আৰু
আমিও আগৰ অহমীয়া মানুহ।” শাস্তিৰাম— “বপা। মই গুৱাহাটীৰ পৰা ইয়ালৈ আহি বৰপেটাৰ
থানত কেৱলীয়া হাটীত দুবছৰ থাকে৷৷ তাৰ পাছত গল বছৰি মই এওঁ বৰুৱাৰ নাম শুনি এওঁৰ
ইয়ালৈ ভিক্ষ৷ মাগিবলৈ আহোঁ। আপোনাৰ আগত কালি গোৱাৰ দৰে এওঁক মই গীত গাই শুনাওঁ ।
কি কথা কব নোৱাৰে৷ বৰুৱাই দেখোন মোৰ গীত পদ শুনি মোক আৰু আন ঠাইলৈ যাব নিদিলে ।
মৰম কৰি মোক এই ঘৰযোৰ সজাই দিছে। সদায় মোক পোহপাল দি যত্ন কৰি ৰাখিছে। তেওঁৰ মৰমত
বন্দী হৈ মই আৰু আন কলৈকো যাব নোৱৰা হৈছোঁ ৷ মই সদায় তেওঁক গধূলি গধূলি গীত পদ
গাই শুনাব লাগে । এইয়ে হৈছে মোৰ বাব । আৰু মান পৰৰ মূৰত তেওঁৰ খোৱাবোৱা হৈ উঠিলেই
মোক মতাই পঠাব।” এইদৰে লক্ষ্মীকান্ত ডেকা বৰুৱাই আৰু ভকতে কথা বতৰা পাতিবলৈ ধৰিলে।
ইফালে পমীলাই
ডেকা বৰুৱাক শাস্তিৰাম ভকতৰ বহাত থৈ আহি গড় সোমাই মনোমতীৰ ঘৰলৈ গ'ল । পমীলা যি
সময়ত মনোমতীৰ ঘৰ সোমাইছিল সেই সময়ত মনোমতীয়ে তেওঁৰ শোৱা খোটালিত বহি বঁটাত
তামোলচালি কাটিবলৈ ধৰিছিল ;
এনেতে পমীলা গৈ
পালে । পমীলাক দেখিয়েই মনোমতীয়ে তামোল কাটিবলৈ ক্ষন্তেক পৰ এৰি সুধিলে—
ৰাঙ্গালী পমীলা
“সখি! আহিলানে, দেখোন বৰ পলম কৰিলা। তুমি কি কৰা, ক'ত ফুৰা তাক আৰু
আমি বুজিবই নোৱাৰোঁ।” পমীলা— “সখি ! বুজিব নোৱাৰিবাইতো। সখি! এটা কথা সোধোঁ ৷ ভাত
হলনে ?” মনোমতী—“ভাত
হৈছে। কিন্তু দেউতাই গা ধোৱা নাই।” পমীলা - সখি ! তুমি বহা তামোল কাটা ৷ মই
আইদেউতাৰ তাৰ পৰা আহোঁ।” মনোমতী—“তোমাৰ দেখোন ততেই নাই। একো দেখোন কথা বতৰাই নহলা ।
তুমি আজিকালি মোক ভাল নোপোৱা হবলা। সেই দেখিহে আমাৰ আগত কথা কবলৈ ঘিণ কৰা । ”
মনোমতীৰ এই কথাত পমীলাই চেনেহ চকুৰে মনোমতীলৈ ক্ষন্তেক পৰ চাই তাৰ পাছত মনোমতীক
আকোৱালি ধৰি চুমা এটি খাই কলে – “সখি । তুমিয়ে সৈতে মোৰ ভালেমান কথা বতৰা আছে ।
আমি খাই বৈ উঠি দুয়ো আজি ফুলনিলৈ জুৰ লবলৈ যাম দিয়া। তাতে জুৰো লম আৰু কথা বতৰাও
হয়।” এইদৰে মনোমতীক প্রবোধ দি পমীলা বৰুৱাৰ ঘৰৰ ফাললৈ গ'ল আৰু তাত
বৰুৱানীক দেখা কৰি ৰান্ধনি ঘৰৰ ফাললৈ গৈ দেখিলে ভাত হৈছে। বৰুৱাও গোঁসাই ঘৰত সোমাই
নাম লবলৈ ধৰিছে। ইবিলাক বেটী-বন্দী সকলোৱে খোৱা লোৱাৰ ঠাই অতোৱা ইত্যাদি কাৰবাৰত
উখল মাখল লগাইছে। তেওঁ বৰুৱানীক “আইদেউতা ! মই অলপ আহোঁ” বুলি বিদায় লৈ গড়ৰ
ভিতৰৰ পৰা ওলাই একেবেলিয়ে শান্তিৰাম ভকতৰ বহালৈ আহিল আৰু তাত শান্তিৰাম ভকতকে আৰু
ডেকা বৰুৱাকে
মনোমতী
বহি কথা বতৰা পাতি থকা লগ
পাই শাস্তিৰাম ভকতক একাষৰীয়া কৰি মাতি নি কাণৰ কাষত অলপ কিবাকিবি কৈ লক্ষ্মীকান্ত
বৰুৱাক কলে – “দেউতা ! মোৰ লগত আহক। সকাম আছে।” লক্ষ্মীকান্তই পমীলাৰ এই কথাত একো
উত্তৰ নিদি মন্ত্রমুগ্ধ এটি ভেড়াৰ দৰে পমীলাৰ পাছে পাছে গ'ল । পমীলাই তেওঁক
এটি ছুটিকৈ তিনটি গড় পাৰ কৰাই নি মনোমতীৰ ফুলনিত সুমুৱালে আৰু ফুলনিখন দেখুৱাই
শেহত নি জুৰ লোৱা ঘৰটোৰ পচিমৰ খোটালিটোৰ ভিতৰত থকা শয্যাখনত বহুৱাই কলে—“দেউতা !
ইয়াতে জুৰ লৈ বহি থাকক । সেই পোনে বটাতে তামোল আছে খাওক ৷ ভাগৰ লাগিছে যদি
শয্যাতে শোৱক। আজি নিশালৈ আপুনি নিৰ্ব্বিঘ্ন মনৰে এই ঘৰতে শোৱক ৷ মই এতিয়া আহোঁ
।” এই বুলি লক্ষ্মীকান্তক সকলো যতন কৰি দি বঢ়াই বুজাই থৈ পমীলা ঘৰলৈ আহিল। তেওঁ
এইবাৰ ঘৰ পাই দেখিলে বৰুৱাৰ খোৱা শেষ হৈ গৈছে আৰু বৰুৱা মেলচৰালৈ ওলাই গৈছে ।
তেতিয়া তেওঁ, মনোমতী, বৰুৱানী
এটাইবিলাকেই খোৱা বোৱা কৰিলে। আৰু এটাই বিলাকেই খাই বই উঠি বৰুৱানীৰ শোৱা খোটালিত
আহি বহিল। বৰুৱানীয়ে তামোল চালি কাটিবলৈ ধৰিলে । পমীলাই কলে— “আই দেউতা! আজি
নিশাটো বৰ চিকণ । নেদেখিছে পূৰ্ণিমাৰ জোনটি কেনে ফটফটিয়াকৈ জ্বলিছে। আই দেউতাই
অনুমতি দিলে আজি সখী আৰু মইয়ে আমাৰ ফুলনিত গৈ জুৰ লব
খোজো। আই দেউতাই জুৰ লবলৈ নে যায়নে ?” পমীলাৰ
ৰাঙ্গখালী পমীলা
এই কথাত বৰুৱানীয়ে কলে—“পমীলা ! তোমালোক যোৱা
। মোৰ আজি তিনিদিন মানৰ পৰা কি হৈছে কব নোৱাৰোঁ। মোৰ দেখোন ভাত পানী খাবলৈ মন
নেযায়। মাছ শাকত দেখোন, গোন্ধ পাওঁ। মোৰ
টোপনিও বেছি হৈছে। টোপনিতে দেখোন উচাৰ খাই খাই উঠে।।” পমীলা – “আই দেউতা ! ই একো
নহয়। জাৰকালটো গৈ জহ আহিছে। এই সময়ত প্রায় সকলোৰে এনেকুৱা হয়। নেদেখিছেনে আমাৰ
সখীও আজি কেইদিন মানৰ পৰা খাব বব নোৱাৰি শুকাই গৈছে।” বৰুৱানী— “হব পাৰে পমীলা !
বাৰু তোমালোক যোৱা৷ মই শোওঁগৈ।” এই বুলি বৰুৱানী লৰাই ছোৱালীয়ে শোৱা ঘৰলৈ গ'ল । পমীলা আৰু মনোমতী
দুইও ফুলনিৰ ফাললৈ বাট ললে ।