এইদৰে পৰ্বতৰ ওপৰত প্ৰণয়ী যুগলৰ
দুমাহ সময় অতীত হৈ গল। এই দুমাহৰ ভিতৰত মুঠেই এদিন জঙ্কিয়ে পানেইৰে সৈতে
কথা-বতৰা পাতিবলৈ সুবিধা পালে। পানেয়ে জঙ্কিক কলে- ”জস্কি মোক ভেবেলিচুকৰ পৰা
চিলি মিৰিয়ে ধৰি নিয়ে। সেই চিলি মিৰিৰ দেশত চাৰি মাহ থাকোঁ। তাৰ পিছত মই যি ঘৰত
আছিলোঁ সেই মানুহ ঘৰক ইহঁতে কাটি-মাৰি আমাক বন্দী কৰি আনিছে। ভইনো এইখিনি কেনেকৈ
পালিহি?”
এই কথাত জঙ্কিয়ে কলে -
"পানেই, মোকো
তোক বিচাৰি ফুৰোঁতে এই গাছি মিৰিহঁতে ধৰি আনে। বাৰু এতিয়া আমি পলাবৰ দিহা কৰিব
নোৱাৰোঁনে?
পানেয়ে কলে -”এই গাছি মিৰিহঁতে
সদায় আমাৰ ওপৰত চকু ৰাখে। পলোৱা বৰ টান। যাহক তই চল চাই এনিশা আহিবি। হাতত সাৰে
ভৰিত সাৰে বেৰত টিলিকি মাৰিবি। মই ওলাই আহিম,
দুয়ো পলাম।”
এই দুমাহৰ ভিতৰত জঙ্কিয়ে পানেই
সৈতে মুঠেই এইকেইষাৰ কথাহে কবলৈ পালে;
কিন্তু দুয়ো পলাবলৈ চল চোৱাৰ কম নকৰিলে। দুয়োৰে একে অৱস্থা, দুইকো দুঘৰ
পৰ্বতীয়া মিৰিয়ে বন্দী কৰি ৰাখিছে। এই দুমাহৰ ভিতৰত পানেই যি মিৰি ঘৰত আছিল সেই
মিৰি ঘৰৰ ৰেবাং নামেৰে এটা ডেকাই পানেইক তাৰ পৰ্বতীয়া দস্তুৰ মতে প্ৰণয়ো জনাইছিল আৰু তাইক তাৰ তিৰোতা
কৰিবলৈকো বিচাৰিছিল; কিন্তু
মোৰ চতুৰী মিৰি- জীয়ৰীয়ে এইবাৰো অনেক বুদ্ধি-কৌশল কৰি তাইৰ সতীত্ব ৰক্ষা কৰিছিল।
ভাই এইদৰে এনিশা শুই আছে; মনতে নিজৰ
অৱস্থা গুণিছে, মাক-বাপেকলৈ
মনত পৰি মোৰ আজলী মিৰি জীয়ৰীৰ চকুৰ লো ওলাল। কান্দোতে কান্দোতে মূৰ শিতান ভিতি গল
। লাহেকৈ আই নিদ্রাদেৱীয়ে তাইৰ চকু আকৰ্ষণ কৰিলে। চকু মুদোতেই তাই এটি সামাজিক
দেখিলে। তাই দেখিলে ভাই যেন ভাইৰ চেনেঙে সৈতে একেলগে হাতত ধৰাধৰি কৰি ফুৰিছে। তাই
দেখিলে যেন তাইৰ “চেনেঙে” সৈতে আকৌ আহুতলিত ভূঁই ৰখিছে, একেলগে নাও
খেলিছে আৰু একেলগে বিহুত নাচিছো। এনেতে যেন সিহঁতৰ গাঁৱৰে এজন বুঢ়া বয়সিয়াল
মিৰিয়ে সিহঁত দুইকো মাতি আনি কোলাত ললে আৰু সঘনে দুইৰো মুখভ চুমা খাই কব
ধৰিলে-"বাছাইভ তহঁতে বৰ দুখ পালি। বাছা তঁহত আৰু এইবাৰ আঁতৰা আঁতৰি হৈ থাকিব
নালাগে। তহঁতৰ সকলো দুখৰে ওৰ পৰিল।” এই বুলি যেন সেই মৰমিয়াল বুঢ়াজনে আকৌ সিহঁত
দুইকো দুটা চুমা খালে। ভাইও যেন ভাইৰ চেনেঙক লগতে দেখি মহা আনন্দ লভিল। এনেতে যেন
সিফালৰ পৰা চিকণ বিহু হল। এইদৰে সপোনটি দেখি থাকোঁতেই তাৰ সাৰ পালে। সাৰ পাই চকু
মুখ মোহাৰি দেখে যে তাইৰ চেনেও ওচৰতে। গলত সাবট মাৰি ধৰি ফুচ ফুচ কৰি কব ধৰিলে -
"অঙ্কি। কেনেকৈ আহিলি ?"
জঙ্গিয়ে কলে- "পানেই মই যাৰ
ঘৰত আছো সিহঁতৰ টোপনি যাওঁতে মই হাতত সাৰে ভৰিত সাৰে উঠি আহিছোঁ। পানেই।
মোৰ কনেও। আমি এতিয়া পলাব পাৰিলে
হয়। আহোঁতে মই মাৰ বাপেৰক দেখা কৰিছিলোঁ। মাৰ বাপেৰেও শপত খাইছে এইবাৰ হোনো ভোক
মই লৈ গলে আমাৰ দুইকো বিয়া দিব। তোৰ বাপেৰে মোক জোঁৱাই চপাই লব। মোক পো কৰি ৰাখিব
লাহৰি ঐ। পলাওঁ বল। পিছতো আৰু অনেক কথা-বতৰা হম পাৰিম।” পানেয়ে জঙ্কিৰ এই কথাত
আকৌ কান্দিব ধৰিলে। পেটে পেটে ভাবিলে ভাই কেনে অন্যায় কাম কৰিছে, ভাই যদি পলাই
ঘৃণাসুঁতিৰ ফালে গৈ অঙ্কিৰ লগত লগ লাগিলহেঁতেন, তেন্তে এভেদিনে কিজানি মাক বাপেকে ভাইক ক্ষমা কৰি অঙ্কিলৈকে
দিলেহেঁতেন। যাহক এভিয়া আৰু কান্দিবৰ সময় নাই। লৰালৰিকৈ পলাই লাগে।
এইবুলি চকু-মুখ মচি বিছনাৰ ওপৰৰ
পৰা গাটো দাঙি যাবলৈ মন কৰিছে মাথোন,
জন্মিয়ে থিয় হৈ ইফালে সিফালে চাইছে মাধোন, এনেতে কৰ পৰা কেনেকৈ তত্ক্ষণাত্ চকুৰ নিমিষতে ৰেবাং, কেদিং, তামেং, লাইপুর ইত্যাদি
চাৰিটা পৰ্বতীয়া মিৰিয়ে সিহঁতক বেঢ়ি ধৰিলে আৰু হাতে-ভৰিয়ে বান্ধি পেলালে।
পানেই- জঙ্কি দুইও কপালভ চপৰিয়াব ধৰিলে। সিহঁতৰ ডেডনিয়ে গগন উধালে। পৰ্বতীয়া
মিৰিকেইটাই সিহঁতক হাতে-ভৰিয়ে বন্ধ পেলাই থলে।
হে জগদীশ্বৰ। প্ৰভু। মোৰ নো এই
আজলা- আজলী মিৰি ডেকা- গাভৰুহাতে তোমাৰ চৰণত কি পাপ কৰিছিল? সিহঁতেনো কেলেই
ইমান কষ্ট পালে? জগদীশ্বৰ!
তুমি সিহঁতক প্ৰায় সুখৰ বাটলৈ আনিছিলা;
কিন্তু হঠাতে নো আকৌ কেলেই এনে বিসঙ্গতি ঘটালা? প্রভু! তোমাৰ মহিমা বুজা বৰ টান ।