shabd-logo

পঞ্চবিংশ অধ্যায় - “ধীৰে সমীৰে যমুনাতীৰে বসতি বলে বনমালী”

4 November 2023

0 দৰ্শন কৰা হৈছে 0

আজি কালি কৰি দুমাহ সময় হৈ গ'ল। মহাত্মা ডেভিড স্কট চাহাবৰ অনুগ্ৰহত দেশত শাস্তি স্থাপিত হ'ল। লক্ষ্মীকান্ত আৰু বদন দুইও বীৰ সম্পূৰ্ণ আৰোগ্য হ'ল। চাৰিউফালে মানুহবিলাকে নিজ নিজ বিষয় কৰ্ম্মত মন দিবলৈ ধৰিলে । বৰপেটীয়া মানুহবিলাকৰ উদ্যোগত বৰপেটাৰ কীৰ্ত্তন ঘৰ সজা হ'ল। কলীয়া ঠাকুৰক প্ৰতিষ্ঠা কৰি থাপনা কৰিলে ৷ মানুহৰ মনত সুখ শান্তিয়ে দেখা দিলে। বদনৰ ঘৰতে লক্ষ্মীকান্ত, অনাথ চৌধাৰী, মনোমতী, পমীলা এটাইবিলাকেই সুখেৰে এই দুমাহ কটালে। ভিন গাৱঁৰ মানুহবিলাক নিজ নিজ গাৱলৈ অথবা নতুন ঠাই লৈ তালৈ গ'ল ।

এই দৰে এই দুমাহ গত হোৱাৰ পিছত এদিন লক্ষ্মীকান্ত, বদন, অনাথ চৌধাৰী, শান্তিৰাম ভকত চাৰিও দুপৰীয়া খাই-বই উঠি চৰাঘৰত মেল পাতিবলৈ ধৰিছে; সকলোৱে নিজৰ নিজৰ সুখদুখৰ কথাবিলাক কোৱাকুই কৰিছে। এনেতে সিফালৰ পৰা এজন বৰ ডাঙৰ দীঘল হটঙা, জটাজুটধাৰী বাবাজী, লগত এজন চেলাৰে সৈতে আহি তেওঁবিলাকৰ আগত ওলাল। বাবাজীক দেখিয়েই চাৰিউজনে উঠি আদৰ কৰি তেওঁক বহিবলৈ দিলে। সন্ন্যাসীজনায়ো “শিবোহং শিবোহং শিবোহং” বুলি চালপীৰাত বহিল। এনেতে লক্ষ্মীকান্ত ডেকা বৰুৱাই সন্ন্যাসীৰ সেই চেলাজনক একেচাবে গৈ “মোৰ দেউতা ! মোৰ দেউতা !” বুলি ভৰিত দীঘল হৈ পৰিল আৰু সন্ন্যাসীক “আমাৰ জটিয়া বাবাজী” বুলি ভৰিত দীঘল হৈ দণ্ডৱ‍ কৰিলে । লক্ষ্মীকান্তৰ এই আনন্দ উলাহৰ ধ্বনিত ভিতৰৰ পৰা মাইকী মানুহবিলাকো লৰি আহি চোতালৰ পৰা বেৰ জুমি চাবলৈ ধৰিলে আৰু সন্ন্যাসী আৰু তেওঁৰ চেলাক চিনি পাই তেওঁবিলাকেও আনন্দ উলাহ কৰি সকলোটিয়েই গৈ বুলনি ঘৰত বহি তামোল চালি কাটিবলৈ আৰু মেল কৰিবলৈ ধৰিলে। অনাথ চৌধাৰীয়েও হলকান্ত বৰুৱাক চিনি পাই আকোৱালি ধৰি সুধিলে— “আপোনাৰ এই বেশ কেলেই ? আপুনি ইমান দিন আছিল ক'ত ?” হলকান্তই কলে—“আপোনাৰ ঘৰৰ পৰা ওলাই আহি মই এনিশা জৈনা গাৱঁত থাকোঁ । তাৰ পিছদিনা ৰাতিপুৱাই মই সেই গাওঁ এৰি আন গাৱঁলৈ যাব ওলাইছিলোঁ মাথোন, এনেতে কুৰিটা মান জৈনা গাৱঁলৈ আহিল। মানৰ হাতত এনেই মাছ-পহুৰ দৰে মৰাতকৈ সিহঁতক মাৰি মৰাই ভাল এইটো বিবেচনা কৰি মই সেই গাৱঁৰ মানুহবিলাকৰ হতুৱাই সেই মান কেইটাক মৰাওঁ । মানক মাৰি উঠি জৈনা গাৱঁৰ সকলোবিলাক মানুহেই সেই সেই দিনাই বৰপেটাৰ ফালে আহিল। ময়ো তেওঁবিলাকৰ লগে লগেই আহিলোঁ। বেছিকৈ বেগাই খোজ কাঢ়িব নোৱাৰাত মই সেই মানুহজাকৰ পিছ পৰে৷ আৰু বাট হেৰুৱাওঁ। বাট হেৰুৱাই মই অগাধ অটব্য অৰণ্যত পৰিলোগৈ । হাবিয়ে হারিয়ে গৈ থাকোঁতে থাকোঁতে বেলি মাৰ গ'ল । ৰাতি হোৱা দেখি মই সেই ঘোৰ অৰণ্যত অকলে পৰি বিবুদ্ধি হলো। মোৰ জীৱনৰ আশা নোহোৱা হ'ল। ম‍ই শেষত একো উপায় নেপাই মৰণকে সাৰোগত কৰি সেই 'হাবিৰ মাজতে পৰি ৰলোঁ। কিন্তু আচৰিত কথা সেই অগাইধ অৰণ্যৰ ভিতৰতো মোৰ একো নহল । পিছ দিনা ৰাতিপুৱা মই আকৌ হাবিৰ মাজে মাজে যাবলৈ ধৰিলোঁ । ওৰে ৰাতিপুৱাৰ বেলাটো ঘূৰি ঘূৰি অৱশেহত বেলা দুপৰীয়া হাবিৰ মাজত এডাল শিমলু গছৰ তলত বাবাজীক দেখিলোঁ। বাবাজীয়ে মোক মৰম কৰি সেই দিনাৰে পৰা তেওঁৰ চেলা কৰি লৈছে ৷ এইয়ে মোৰ কাহিনী।” হলকান্ত বৰুৱাৰ এই কথাত গোটেইবিলাক মানুহেই তথা খালে। তাৰ পিছত বদনে সন্ন্যাসীক আনি ধপাত দিলে । সকলোবিলাকেই মানৰ কথাবিলাক উলিয়াই দুখশোক কৰিবলৈ ধৰিলে; এনেতে ভিতৰৰ পৰা এজনী বেটী ছোৱালী লৰি আহি বদন চৌধাৰীক কলে— “দেউতা! ভিতৰুৱা বাটেদি মানুহে ছনুহে সৈতে দোলাৰে এজনা মাইকী মানুহ আহিছে। তেওঁৰ লগতে এটা লৰাও।” বেটী ছোৱালীজনীৰ এই কথা শুনি বদন চৌধাৰীয়ে সেই মাইকী মানুহজনাক ভিতৰলৈ নিয়াবলৈ কলে আৰু লৰাটোক চৰা ঘৰলৈ মতাই আনিলে। সেই লৰাটো চৰা ঘৰ আহি পোৱাত এটাইবিলাকেই সেই লৰাটোৰ ফালে চাবলৈ ধৰিলে। অৱশেহত অনাথ চৌধাৰীয়ে লৰাটোক সুধিলে—“বাছা! তই থাক ক'ত ? তোৰ নাম কি ? তোৰ বাপেৰ কোন ? লৰাটোৱে তললৈ মূৰ কৰি কলে – “মোৰ নাম যজ্ঞনাৰায়ণ । ম‍ই চণ্ডী বৰুৱাৰ পুতেক।” লৰাটোৰ এই কথা শুনি অনাথ চৌধাৰীয়ে তেওঁক মাতি নি কাষত বহুৱাই মৰম কৰিবলৈ ধৰিলে। সন্ন্যাসীয়ে তেওঁৰ কপালৰ ভস্ম এফো লৰাটোৰ কপালত ঘঁহি দি মূৰত ধৰি আশীৰ্ব্বাদ কৰিলে । হলকান্ত বৰুৱাই লৰাটোৰ ফালে চাই তললৈ মূৰ কৰি চকুৰ পানী টুকিলে । সিফালে ভিতৰতো এখন মহা হুলস্থুল লাগিল। মনোমতীয়ে বৰুৱানীৰ গলত ধৰি চণ্ডী বৰুৱাৰ নিমিত্তে কান্দিবলৈ ধৰিলে । পমীলাৰো চকুৰে ধাৰাসাৰে লো বলে। তেওঁবিলাক তিনিজনক বন্দী দেখি তিলোত্তমা আৰু বদনৰ মাকেও কান্দিবলৈ ধৰিলে। এই দৰে কান্দিকাটি উঠি বদনৰ মাকে বৰুৱানীক শান্ত কৰি সুধিলে— “আই কচোন ? তহঁত ইমান দিনে ক'ত আছিলি ?” বৰুৱানীয়ে কলে – “মানে আমাৰ হাউলি আক্ৰমণ কৰাৰ নিশা সিহঁত আহি আমাৰ টোল সোমোৱাৰ অলপ আগখিনিতেই আমি নাৱেদি পলালোঁ । হাবিৰ মাজে মাজে নাও মৰাই আমি ছদিনৰ মূৰত মানাহত ওলালোঁগৈ! আৰু সেই ঘাই মানাহেদি গৈ আমি বিজনী পালোঁ। বিজনীত আমাক জমিদাৰৰ মানুহে লগ পাই আমি ক'ৰ পৰা আহিছোঁ, কলৈ যাম এই কথা সুধিলে। আমিও সিহঁতৰ আগত আমাৰ সকলোবোৰ বৃত্তান্ত কলোঁ । সিহঁতে গৈ আমাৰ বৃত্তান্তবোৰ জমিদাৰত জনালে । বিজনীৰ জমিদাৰে তেতিয়া দোলা-পাল্কী পঠাই আমাক নিয়াই তেওঁৰ হাউলিৰ ভিতৰতে বেলেগে এযোৰা ঘৰত ৰাখিলে।” চৌধাৰিণী — “আই বিজনীৰ জমিদাৰৰ ঘৰে আৰু তহঁতৰে দেখোন আগেয়ে বৰ শতুৰালি আছিল। তেওঁনো তহঁতক পুতৌ কৰিলেনে ?” বৰুৱানী—“আই। আমাৰ দেশৰ দস্তৰেই এইটো হবলা—সুখৰ দিনত গোত-জ্ঞাতিয়ে, ওচৰ চুবুৰীয়াই সমনীয়া মানুহক হিংসা কৰে আৰু সেই সমনীয়া মানুহকে আকৌ দুখত পৰিলে মৰমো কৰে।” চৌধাৰিণী—“হয় আই ! তই এইটো যথার্থ কলি। এনে কথা আমাৰ গাটো পুৱাইছে । তাৰ পিছত তহঁত ইমান দিনলৈকে বিজনীতে আছিলিনে ?” বৰুৱানী —“বিজনীতে আমি এই দৰে পোন্ধৰ দিন মান থাকোঁ। তাৰ পিছত গৌৰীপুৰৰ জমিদাৰে কাৰবাৰ মুখে আমাৰ দুখৰ বিলাইবিলাক শুনিয়েই হব পায় আমাক নিয়াবলৈ দোলা, পাল্কী, লয়-লস্কৰ দি বিজনীৰ জমিদাৰলৈ চিঠি লিখি পঠায়। বিজনীৰ জমিদাৰেও সেই চিঠিতে আমাক গৌৰীপুৰৰ জমিদাৰৰ ভাগী বুলি জানি সেৱা-সৎকাৰ কৰি আৰু কিছু সৰহকৈ ধন-সোণ দি পঠাই দিলে। আমি গৌৰীপুৰলৈ গলোঁ৷ তাত আমাক বৰুৱাই মাটি-বৃত্তি, বেটী, বন্দী দি সুখে ৰাখিছে। তাতে আজি এই ডেৰমাহ থাকোঁ। তাৰ পিছত মোৰ স্বদেশলৈ আহিবলৈ বৰ ইচ্ছা হ'ল ৷ জমিদাৰক কোৱালোঁ৷ তেওঁ এই মানুহ-দুনুহ দি পঠাইছে। আহিবৰ পৰত আমাক আকৌ তেওঁৰ ৰাজ্যলৈকে উলটি যাবলৈ বৰকৈ কৈ পঠাইছে। এতিয়া মানহঁত গ'ল। দেশ সুস্থিৰ হ'ল। তাকে আই মোৰ এই ধৰ্ম্মীয়া জীজনীক লৈ যাবলৈ আহিছোঁ।”এই দৰে কথা-বতৰা হোৱাৰ পিছত বদনৰ মাকে আলহী সকলক যথাবিধি জলপান কৰালে । সুখে দুখে সেই দিনটো গ'ল । সন্ধ্যা হ'ল। সকলোবিলাকে কাবৌ কোকালি কৰি সন্ন্যাসীক পূজাৰ আৰু ভোগৰ আয়োজন কৰি দিলে। সন্ন্যাসীয়েও সেৱা পুজা কৰি চাইটা খাই-বই উঠিল। ইসকলেও দিহা-দিহি খাই বই উঠিল। মতাবিলাকে আহি সন্ন্যাসীক আগত লৈ চৰাঘৰত মেল পাতিবলৈ ধৰিলে। তিকতাসকলে ভিতৰত বুলনি ঘৰত বহুি মেল পাতিলে । এনেতে সন্ন্যাসীয়ে বদন চৌধাৰীৰ আগত কলে যে তেওঁ চণ্ডী বৰুৱাৰ বিধৱাক কিবা কব খোজে। বদন চৌধাৰীয়ে সন্ন্যাসীৰ কথা শুনি যজ্ঞনাৰায়ণক ভিতৰলৈ পঠালে ! যজ্ঞনাৰায়ণে গৈ বৰুৱানীক মাতি আনিলে । বৰুৱানীৰ লগতে বদনৰ মাক আৰু পমীলাও আহি বেৰৰ আৰত চৰাঘৰৰ সি খোটালিত বহিল। সন্ন্যাসীয়ে কলে – “মা! মোৰ এটা নিবেদন আছে।” চণ্ডী বৰুৱাৰ বিধৱাই কোৱালে — “কি নিবেদন কওক।” সন্ন্যাসী—“মা! মই আপোনাক খাটিলোঁ আপুনি আপোনাৰ ধৰ্ম্মীয়া ছোৱালীজনীক মোৰ চেলাৰ পুতেকৰে সৈতে বিয়া দিয়ক।” সন্ন্যাসীৰ কথা শুনি সকলোবিলাক পুৰুষেই তললৈ মূৰ কৰিলে। চণ্ডী বৰুৱাৰ বিধৱাই কোৱালে তেওঁ তেওঁৰ স্বামীবৈৰীৰ পুত্ৰলৈ ছোৱালী দিব নোৱাৰে। মনোমতীলৈ দৰা নেপালে বৰং মনোমতী কুমাৰী হৈয়ে থাকিব তেও বৰুৱাৰ পুতেকক নিদিয়ে।” সন্ন্যাসীয়ে কলে— “মা ! আপুনি উচিত কৈছে। তথাপি মই আপোনাক খাটিলে। আপুনি ম‍ই বুঢ়া সন্ন্যাসীৰ বচন ৰাখক। লৰাই ছোৱালীয়ে যোৰ হৈছে। বিশেষ দুইকো দুয়ো ভালো পায়। এনেস্থলত আপুনি বাধা নিদিব এইটো স‍কাম কৰক। আপোনাৰ স্বামীক হলকান্তই মৰাওঁ বুলি মৰোৱা নাই। যি হইছে সকলো ঈশ্বৰৰ ইচ্ছাতে ৷ আপুনি কোপ এৰক ৷ হোৱা ঘৰখন হবলৈ দিয়ক। আৰু অঘৰীৰ স্মৰ এখন কৰি দি পুণ্য সাচক। সন্ন্যাসীৰ এই কথাৰ মূৰতে হলকান্ত বৰুৱাই মাত দি কলে— 'মই অধমেও এষাৰ কথা কওঁ। অৱশ্যে মই অতি গর্হিত কাম কৰিছোঁ। মোৰ মুখ সাধুজনে চাবই নেপায় । মই স্বদেশদ্রোহী। ম‍ই নাৰকী। মোৰ পৰাচিতৰ সীমাই নাই । ম‍ই চণ্ডী বৰুৱাৰ লৰা-তিৰুতাক যেনে দুখ দিয়ালে। ঈশ্বৰে মোকো তেনে দুখকে দিয়ালে । মই পাপিষ্ঠৰ কুকৰ্ম্মতে মোৰ তিৰুতায়ো মোক অকালতে এৰি গ'ল । এতিয়া মই মোৰ পৰাচিত স্বৰূপ সংসাৰ ত্যাগ কৰি সন্ন্যাসী হবলৈ ওলালোঁ । মোক আৰু লৰাই বা লাগিছে কেলেই, ছোৱালীয়েই বা লাগিছে কেলেই। লক্ষ্মীকান্তত মোৰ স্বত্ব নাই। তিলোত্তমাত মোৰ অধিকাৰ নাই । সিহঁতৰ মাক মৰিল। আজিৰ পৰা ময়ো মৰিলোঁ বুলিয়েই ধৰক। সেই দেখি এই মাউৰা লৰা-ছোৱালী হালক আপোনাকে সপি দিলোঁ । আপুনিয়েই সিহঁতৰ মাক হওক । ম‍ই নাৰকীয়ে দোষ কৰিছোঁ বুলিতে৷ মোৰ এই লৰা-ছোৱালী হালে দোষ কৰা নাই। ইহাকে ভাবিচিত্তি যি হয় কৰক। হলকান্তৰ এই অনুতাপ বাক্যত সকলোটি সমজুৱায়ে তেওঁৰ কথাত ভৰ দি বিধৱাক কলে—“আই! আপুনি সম্মতি দিয়ক।” বদন চৌধাৰীৰ মাকেও বিধৱাক কলে – “আই চাচোন । মইনো এতিয়া কি কৰিম । তোৰ যেনে বিলাই মোৰো দেখোন তেনেকুৱাই । মোৰো স্বামী দেখোন মানৰ হাতত মৰিল । এতিয়ানো মই কাক ধৰিম । আই তই ইমানবিলাক মানুহৰ কথা নেপেলাবি।” সমজুৱাসকলে আৰু বদনৰ মাকে এইদৰে হেঁচি ধৰাত বিধৱা নিৰুত্তৰ হ'ল। সন্ন্যাসীয়ে ‘মৌনং সম্মতি লক্ষণং' বুলি আনন্দ কৰিবলৈ ধৰিলে । কোমল মনৰ আৰু ক্ষমাশীলা হিন্দু বিধৱাই সম্মতি দিলে! এনেতে বদন চৌধাৰীৰ মাকে কলে – “ সমজুৱাসকলৰ আগত ময়ো এটা কথা কওঁ। বৰুৱাৰ জীয়েক তিলোত্তমাই দুখৰ কালত মোৰ ঘৰতে আছিল । এতিয়াও মোৰ ঘৰলৈকে আহিছে। ছোৱালীজনীত মোৰ মৰম সোমাইছে। মইনো তাইক এতিয়া কলৈ খেদি পঠাম । বৰুৱাই যদি অনুমতি কৰে ছোৱালীজনী মোৰ বপা বদনলৈকে ৰাখি থব খোজোঁ। আদেশ কৰিলে তাইক বদনে সৈতেই বিয়া দিওঁ।” বদনৰ মাকৰ এই কথাত বদনে তললৈ মূৰ কৰিলে । অনাথ চৌধাৰীয়ে কলে— “আই ! বৰ সুখৰ কথা। আমি ছখন বিয়া চাবলৈ পাম।” হলকান্তইও সন্তোষ মনেৰে কলে — “কোনো কথা নাই।” সমজুৱাসকলে আনন্দ কৰিবলৈ ধৰিলে। এনেতে পমীলাই ভিতৰৰ পৰা এখন চিঠি দি পঠালে। মেলুৱাই সকলে সেই চিঠি মেলি পঢ়িবলৈ ধৰিলে। সেই চিঠিতে লেখা আছিল— শ্রীকৃত

শান্তিৰাম স্বামী দেউতাৰ শ্ৰীচৰণ কমলেষু—

দেউতা—

আজি পাপিনীয়ে দেউতাৰ শ্ৰীচৰণত কেইটামান শেষ কথা নিবেদন কৰোঁ। বন্দীশালত লগ পাইও দেউতাক সকলো কথা ভাঙি কব নোৱাৰিলোঁ ।

আপুনি আমাক ৰঙ্গপুৰত এৰি থৈ গুৱাহাটীলৈ অহাৰ প্ৰায় ছমাহৰ মূৰত মান আহি ৰঙ্গপুৰ পালে। তিনিজনা ডাঙৰীয়াই চাৰিঙ্গীয়া ফুকনক খেদাৰ পাছত আমাৰ দেউতাই ম‍ই পাপিনীক আপোনাৰ শ্ৰীচৰণত সপিবলৈ মন কৰি আপোনাক বিচৰালে । পাপিনীয়ে সেই কথাত বৰ ৰং পালোঁ। অনেক দিনৰ দুখ কষ্টৰ পিছত দেউতাৰ শ্ৰীচৰণ সেবিবলৈ পাম বুলি বৰ আনন্দ লভিলোঁ। কিন্তু কলে কি হব ইয়াৰ অলপ পিছত মান আছি ৰংপুৰ পালে। বুঢ়াগোঁহাই ডাঙৰীয়াৰ ফৈদৰ লগত আমাৰ দেউতাই মানৰ লগত ৰণ দিলেগৈ। কিন্তু সেই ৰাতি দেউতা মৰিল । বুঢ়াগোঁহাই ডাঙৰীয়াই বিষ খাই মৰিল । মানে নগৰ ললে। ৰাক্ষসহঁতে বুঢ়াগোঁহাইৰ ফৈদৰ সকলোকে কাটিলে । তাৰ লগতে পাপিনীৰো আই, ভাই, ককাই সকলোকে কাটিলে । কেৱল সংসাৰত পাপ বঢ়াবলৈ মই পাপিনীক জীয়াই ৰাখিলে। মোক দেখিবলৈ ৰূপহী দেখি অধৰমী মিঙ্গিমাহাই ৰজাক আৰু নাৰকী বৰফুকনক কৈ মোক তাৰ তিৰুতা কৰিলে। মই সেই সময়ত এডোখৰ বিহু পোৱা হলেও খাই মৰিলোহেতেন, কিন্তু মোৰ পাপৰ নিমিত্তেই বিহো নাপালোঁ। হৰিণাৰ মাংসৰ দৰে মোৰ ৰূপেই মোৰ কাল হ'ল ৷ পাপিষ্ঠ মিঙ্গিমাহাই মোক অনেক প্ৰবন্ধ কৰি মৰিবলৈ নিদিলে। এইদৰে সকলো পিনে নিৰূপায় হৈ কপালমূৰ ঢাকুৰি জীয়াই থাকি মিঙ্গিমাহাৰ লগত মানৰ দেশ, অসম দেশ গোটেইখনতে ফুৰিলো। মানহঁতে অসমীয়া মানুহৰ কি বিলাই কৰিলে মই দেখি ফুৰিলোঁ। শেহত মনত এটা ভাব হ'ল যে বিপদ কালত মানুহে সৎকৰ্ম্ম কৰিব লাগে তেহে হেনো পাপ কটা যায়। মহাভাৰতত পঢ়িছিলোঁ ঘটোৎকচে হেনো মৰিবৰ সময়তো পাগুবৰ উপকাৰ কৰি গ'ল । ইয়াকে ভাবি আৰু যেতিয়াই মোৰ গা চুৱা গ'ল তেতিয়াই মই সেনাপতিয়ে সৈতে ভাল হোৱাহে উচিত ইয়াকে ভাবি মিঙ্গিমাহাক ম‍ই মৰম কৰিবলৈ ধৰিলোঁ। সিও মোৰ মৰমত বশ হ'ল। মই তাক গীত গাই, মদ খুৱাই আদৰ কৰি মোহিত কৰিলোঁ আৰু সেই দৰে মৰম কৰিয়েই তাৰ হতুৱাই মনে মনে যতে পাৰিলোঁ ততে অসমীয়া মতা-মাইকী বন্দী পলুৱাই পলুৱাই দিয়ালোঁ । মানহঁতে কিন্তু সেই কথা ভাল নাপাই সকলোবিলাকেই মোক হিংসা কৰিবলৈ ধৰিলে। কিন্তু সেনাপতিৰ ভয়ত মোক একো কৰিব নোৱাৰিলে। এই দৰে দেশে দেশে ফুৰি মইনবৰিত আপোনাৰ শ্ৰীচৰণ দেখিলোঁ। আপোনাক দেখিবৰে পৰা মোৰ হৃদয়ত একুৰা জুই জ্বলিল। সেই নিশা ৰাতি সপোন দেখিলোঁ যেন মোৰ আয়ে স্বৰ্গৰ পৰা আহি মোক মাতিছে “বাছা! তই আৰু থাকিব নেলাগে। সোনকালে আহ ৷ তোৰ দেউতাৰে মোক তোক নিবলৈ পঠাইছে।” মই এনেতে সাৰ পালোঁ। সাৰ পাই উঠি মোৰ চকুৰে দুধাৰ লো বলে । মই আপুনি তাহালি- শিকোৱা গীতটো গুণ গুণ কৰি গালোঁ—

“কিয়নো সব্জিলে বিধি পাপী পানীপিয়া বৃক্ষডালে পৰি কান্দে পানী এটোপ দিয়া ওলালে ডাৱৰ চটা সুনীল আকাশে । উলাহতে নাচে পক্ষী মনৰ হৰিষে ॥ ঠেও ধৰি মাতে পক্ষী “পানী পিউ পিউ”। অমিয়া মাধুৰী পিয়া ৰাখোঁ মোৰ জীউ ॥ এনেতে আহিলে বায়ু অতি খৰতৰ । উৰি গলে মেঘচটা পশ্চিম দিশৰ ৷ ছিগিল আশাৰ জৰী দুখী বিহঙ্গৰ । পিয়াহতে মৰে পক্ষী কৰ ধৰফৰ ॥ ”

দেউতা। দৰাচলতে আপোনাৰ বা কেনে হৈছিল কব নোৱাৰোঁ। কিন্তু মোৰ হলে ঠিক তেনেকুৱা বিলায়েই হৈছিল। মোৰ এটা শেষ কথা আছে। মোৰ মনত আজি এনে লাগিছে যে মইও অতি শীঘ্ৰে আই বোপাইৰ লগ পামগৈ। আৰু তাত আপোনাৰ শ্ৰীচৰণলৈ বাট চাই থাকিম। পিশাচ মানহঁতে পাপিনীৰ পৰাচিতৰ বাট মুকলি কৰিছে ৷ কাইলৈ আৰু পাপিনী জীয়াই নেথাকোঁ ।মোৰ এই চুলি এড়াল দিলোঁ। মোলৈ মৰম আছে যদি ইয়াক এটা বিষিৰ ভিতৰত সুমুৱাই হাতত ৰান্ধি ৰাখিব । মৰম নাই যদি চুলিডাল পুৰি পেলাব। ইয়াৰ লগতে মোৰ অলঙ্কাৰ কেইডালো দিলোঁ। পাপিনীৰ বস্তু বুলি ঘিণ কৰি দলিয়াই নেপেলাব। পাপিনীলৈ শোক কৰি অসুখী নহব । আপোনাৰ খাব লবৰ ভালেমান দিন আছে। মনৰ জোখাৰে এজনী ছোৱালী বিয়া কৰাই গৃহবাস কৰিব । যি ভাগ্যৱতীক আপুনি বিয়া কৰায় সেই ভাগ্যৱতীকে মোৰ এই অলঙ্কাৰ কেউডাল দিব । দেউতা! ইহ জনমলৈ বিদায় ললোঁ। পাপিনীৰ সকলো দোষকে সকলো পাপকে মৰ্ষণ কৰিব । মোৰ ভনী মনোমতী আৰু বাইটি পমীলাৰ সতীত্ব ঈশ্বৰে ৰক্ষা কৰিছে। সন্দেহ নকৰিব। ইতি।

আপোনাৰ পাপিনী

“হুম”

পছমীৰ এই চিঠি শুনি শান্তিৰাম মূৰ্চ্ছিত হৈ পৰিল ৷ লক্ষ্মীকান্ত আৰু বদনে চকুৰ লো টুকি টুকি শাস্তিৰামক সাট মাৰি ধৰি তেলপানী দি বিচিবলৈ ধৰিলে। সমজুৱাসকলেও চকুৰ লো টুকি টুকি কবলৈ ধৰিলে – “ধন্য পহুমী! ধন্য!” বুঢ়া সন্ন্যাসীয়েও চকু চলচলীয়া কৰি “শিবোহং শিৰোহং” উচ্চাৰণ কৰিবলৈ ধৰিলে। শান্তিৰামে ভালেমান পৰৰ মূৰত চেতন পালে। চেতন পাই কান্দিবলৈ ধৰিলে। সিফালে ভিতৰত তিকতাসকলেও কান্দিলে। এইদৰে সুখে দুখে সকলোবিলাকেই নিশাটো কটালে।

ইয়াৰ ছয় সাত দিনৰ মূৰত লক্ষ্মীকান্ত আৰু মনোমতীৰ শুভ বিবাহ বদন চৌধাৰীৰ ঘৰতে হৈ গ'ল । সেই ৰিয়াত সকলোৱেই উলাহ মনেৰে কাৰবাৰ কৰিলে । ভালেমান ছ কষ্ট মূৰত মোৰ এই ডেকা-গাভৰু হাল সুখী হ'ল ।

লক্ষ্মীকান্তৰ বিয়া হৈ যোৱাৰ পাঁচ দিনৰ মূৰতে তিলোত্তমা আৰু বদনৰো বিয়াখন হ'ল। ইও ছজন ডেকা-গাভৰু সুখী হ'ল। এই দুখন বিয়াৰ পিছত অনাথ চৌধাৰী নিজৰ গাৱলৈ উলটি গ'ল। হলকান্ত বৰুৱা আৰু সন্ন্যাসীও গ'ল। তেওঁ যাবৰ পৰত জীয়েক, পুতেক, বদন, বদনৰ মাক, বোৱাৰীয়েক সকলোৱেই তেওঁক সন্ন্যাস এৰি গৃহবাস কৰিবলৈ বৰকৈ খাটিলে। বৰুৱাই কিন্তু কাৰো কথা নুশুনি সকলোকে প্রবোধ দি, জীয়েক, পুতেক, জোয়ায়েক, বোৱাৰীয়েক সকলোকে আশীর্ব্বাদ দি সন্ন্যাসীৰ পাছে পাছে গ'ল ।

আচৰিত কথা। সন্ন্যাসী আৰু হলকান্ত বৰুৱা যাবৰ দিনৰে পৰা বদনৰ ঘৰৰ পৰা শাস্তিৰামে৷ নিৰুদ্দেশ হ'ল ।

57
প্ৰবন্ধ
মনোমতী
0.0
অসমৰ তৃতীয়খন অসমীয়া চিনেমাৰ নাম মনোমতী (মনোমতি)। ইয়াৰ প্ৰযোজনা আৰু পৰিচালনা ৰোহিনী কুমাৰ বৰুৱাই। ১৯৪১ চনত মুক্তি পোৱা এই চিনেমাখন ১৯০০ চনত ৰাজনী কান্ত বৰদলৈৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত আছিল মনোমোটি। ঐতিহাসিক কল্পকাহিনী গ্ৰন্থ মনোমোটিৰ কাহিনীভাগ অসমৰ আহোম ক্ষমতাৰ অন্তিম কেইটামান বছৰত সংঘটিত হৈছে। চিনেমাখনত মূল চৰিত্ৰত অভিনয় কৰিছিল মোহিনীয়ে। মনোমাটিৰ সংগীতৰ তদাৰক কৰিছিল কমল নাৰায়ণ চৌধুৰীয়ে।
1

আৰম্ভণ

13 October 2023
0
0
0

 আৰম্ভণ     আমাৰ এই অসম দেশৰ ভিতৰত বৰপেটা এখন পৱিত্ৰ ঠাই। ইয়াত এখন ডাঙৰ মহাপুৰুষীয়া সত্র আছে। এই সত্ৰ শঙ্কৰদেৱৰ প্ৰিয়শিষ্য মাধৱদেৱে থাপনা কৰা। ইয়াৰ শিষ্য আৰু ভকতৰ সংখ্যাও অনেক। ইয়াৰ কীৰ্ত্তনঘ

2

প্রথম অধ্যায়

13 October 2023
0
0
0

 মনোমতী     প্রথম খণ্ড     প্রথম অধ্যায়   বৰপেটাৰ কীৰ্ত্তনঘৰত     ফাগুন মাহ। ভৰ দুপৰীয়া ৷ আকাশ ধুৱলি-কুৱঁলি । পশ্চিম ফালৰ পৰা খৰাং পচোৱা মাৰিছে। বাটে-পথে হাবি পোৰা ছাইবিলাক উৰি উৰি পৰিছে ৷

3

দ্বিতীয় অধ্যায়

14 October 2023
0
0
0

 নৈৰ বুকত         কীৰ্ত্তনঘৰৰ পৰা ওলাই আমাৰ এই ৰূপহী গাভৰুজনী লগৰ আন আন গাভৰু আৰু বুঢ়ীয়ে সৈতে পোনেই উত্তৰলৈ মুখ কৰি গ'ল ৷ আমাৰ এই ডেকাজনো প্ৰায় দুকুৰিজন মানুহে সৈতে তেওঁৰ পাছে পাছে গ'ল। এইদৰে

4

তৃতীয় অধ্যায়

14 October 2023
0
0
0

 বৰনগৰীয়া বৰুৱা   আৰু হলকান্ত বৰুৱ|      মতা জাকৰ নাওঁ   দুখান যত চাপিছিল সেই ঠাই ডোখৰৰ নাম “যুগীৰ পাম ৷” এই ঠাই ডোখৰ মানাহ নদীৰ পাৰতে -বৰপেটাৰ পৰা চাৰি মাইল মান দূৰ ৷ আজিকালি ( ১ ) ইয়াত কুৰিঘৰ বৰ

5

চতুর্থ অধ্যায়

16 October 2023
0
0
0

মনোমতী         বৰনগৰীয়া চণ্ডীবৰুৱাৰ ঢোলটো আজিকালি “বৰুৱাবাৰি” বোলা ঠাই ডোখৰত মানাহ নদীৰ পাৰত আছিল। তেওঁৰ টোলটোৰ চাৰিউফালে প্ৰায় চাৰিহাত ওখ চাৰিপুৰা মাটিৰ বেৰৰ এটা ইটাৰ গড়। সেই গড়ৰ ঘাই দুৱাৰম

6

পঞ্চম অধ্যায়

16 October 2023
0
0
0

 বাপেক পুতেক       হলকান্ত বৰুৱা গুৱাহাটীৰ বৰফুকনে পতা যোগকান্ত বৰুৱাৰ পুতেক।— গদাধৰ সিংহৰ দিনতে তেওঁৰ বাপেক ৰঙ্গপুৰৰ পৰা পলাই আহে আৰু বৰফুকনক মচলমানৰ যুঁজত সহায় কৰি বৰুৱা বিষয় পায়। হলকান্ত সৰ

7

সপ্তম অধ্যায়

16 October 2023
0
0
0

 জটীয়া (১) বাবাজীৰ মন্ত্ৰণা      সেই দিনাখন পুতেকে সৈতে কথাবতৰা পাতি উঠি হলকাস্ত বৰুৱাই বেলি অলপ লহিৱাত নিজৰ ঘৰৰ পৰা ওলাই তেওঁৰ হাউলিৰ অলপ আঁতৰত থকা এটি সন্ন্যাসীৰ আধাৰালৈ আহিল ; আৰু সন্ন্যাসীজন

8

ষষ্ঠ অধ্যায়

16 October 2023
0
0
0

 দুই সখী   মনোমতীৰ হাতত যিজনী গাভৰুৱে ধৰিছিল সেই গাভৰু - জনীৰ নাম পমীলা । পমীলা মনোমতীতকৈ ছয় সাত বছৰমানে ডাঙৰ। সকৰে পৰা মনোমতীক তেওঁ নিজৰ ভনীৰ দৰে চেনেহ কৰিছিল। মনোমতীৰে সৈতে তেওঁৰ এক গল এক নল আছ

9

অষ্টম অধ্যায়

17 October 2023
0
0
0

 পশীলা     সেই নিশা সখীয়েকে সৈতে কথা বতৰা পাতি তাৰ পাছদিনা দুপৰীয়া পমীলাই ভাত-পানী খাই বই উঠি মনোমতীৰ মূৰ- শিতানত থকা চালপিৰাখনৰ জপা এটা মেলিলে আৰু এযোৰ ভাল নিকা মুগাৰ ৰিহামেখেলা উলিয়ালে । এখন

10

নৱম অধ্যায়

17 October 2023
0
0
0

 হলকান্ত বৰুৱাৰ যুদ্ধযাত্রা      সেইদিনা সন্ন্যাসীয়ে সৈতে কথা বতৰা হৈ যোৱাৰ দুদিনৰ পিছত হলকান্ত বৰুৱাই দুপৰীয়া খাই বৈ উঠি তেওঁৰ মাল ঘৰতে খাট এখনত পাটি পাৰি বহি আছিল আৰু মনে মনে অলপ কিবাকিবি গুণ

11

দশম অধ্যায়

17 October 2023
0
0
0

 শান্তিৰাম ভকত  বৰনগৰীয়া চণ্ডীবৰুৱাৰ হাউলিৰ ভিতৰত শাস্তিৰাম নামে এজন কেৱলীয়া ভকত আছিল । মানুহজনৰ বয়স দেড়কুৰি বছৰমান হৈছিল। তেওঁ বৰণত তেজগোৰা । তেওঁৰ মুখখন চকলা, মূৰত পাহৰখা চুলি। মানুহজন বৰ ওখ

12

ত্রয়োদশ অধ্যায়

18 October 2023
1
0
0

 টেঙৰে টেঙৰে        বাপেক এইদৰে যুঁজলৈ যোৱাৰ পিছ দিনা—ইফালে লক্ষ্মী- কান্তই দুপৰীয়া খাই বৈ উঠি তেওঁৰ ফৈদৰ ৰণুৱাবিলাকৰ দুটা মুখিয়াল মানুহক মতাই আনিলে আৰু সিহঁতক ৰণুৱাবিলাকক সাজু ৰাখিবলৈ কলে । সি

13

দ্বাদশ অধ্যায়

18 October 2023
0
0
0

 হলকান্ত বৰুৱা           হলকান্ত বৰুৱাই সেইদিনা ৰণুৱা দুহেজাৰ লৈ “যুগীৰপাম” এৰি চাউলখোৱা মানাহ নদী পাৰ হৈ বেলি ছদাড়মান থকাত চেঙ্গা গাওঁ পালেগৈ। তাতে তেওঁ সেই নিশা থাকিবলৈ মন কৰি চাউলখোৱা নৈৰ পাৰ

14

ত্রয়োদশ অধ্যায়

18 October 2023
0
0
0

 পমীলাৰ দৌত্য         শাস্তিৰাম ভকতে লক্ষ্মীকান্ত ডেকা বৰুৱাক যুগীৰ পামত দেখি আহিবৰ পিছদিনা পমীলাই দুপৰীয়া খাই বৈ উঠি মনোমতীৰ ঘৰত সোমাই নিজৰ পেৰাৰ পৰা ধুনীয়া ধুনীয়া কানিকাপোৰ বিলাক উলিয়াই পিন

15

চতুর্দ্দশ অধ্যায়

19 October 2023
0
0
0

 অহম-বঙাল        হলকান্ত বৰুৱাক মানহঁতে নি যেতিয়া সিহঁতৰ সেনাপতিৰ আগ কৰিলে তেতিয়া মানৰ সেনাপতি মিঙ্গিমাহাই তাৰ চকু দুটা ওৰফুল যেন ৰঙা কৰি হলকান্তক সুধিলে— “তই কোন ? কেলেই মোৰ নাওখন ৰাখিবলৈ কৈছিল

16

পঞ্চদশ অধ্যায়

19 October 2023
1
0
0

 ৰাজধানী পমীলা      কদম গছৰ তলৰ পৰা পমীলা, শান্তিৰাম ভকত, আৰু লক্ষ্মীকান্ত ডেকা বৰুৱা, তিনিও আহি প্ৰায় সাজ লাগোঁতে বৰুৱাৰ হাউলি পালে। তাতে শাস্তিৰাম ভকতে আৰু পমীলাই আলচ কৰি লক্ষ্মীকান্ত ডেকা বৰ

17

ষোড়শ অধ্যায়

20 October 2023
0
0
0

 নাৱত      মানহঁত সেই নিশা চেঙ্গা গাৱঁতে থাকি তাৰ পাছ দিনা ৰাতিপুৱাই আকৌ নাৱত উঠি চাউলখোৱা নৈৰে ভটিয়াবলৈ ধৰিলে। মিঙ্গিমাহাই হলকাস্তুক নারত তুলি ললে আৰু সুধিলে—“সখি! এই নৈৰে গৈ আমিনো ক'ত উঠিম ?” হ

18

সপ্তদশ অধ্যায়

20 October 2023
0
0
0

 ডেকা-গাভৰু      বৰনগৰীয়া বৰুৱানীৰ অনুমতি লৈ পমীলা মনোমতী দুয়ো হাতত ধৰাধৰি কৰি ফুলনি পালেগৈ । তাত দুয়ো জোনৰ পোহৰত পুখুৰীটোৰ পাৰত বহি পুখুৰীৰ পানীলৈ, নিৰ্ম্মল আকাশলৈ আৰু ফুলগছ বিলাকলৈ চাবলৈ ধৰিল

19

অষ্টাদশ অধ্যায়

20 October 2023
0
0
0

 যুগীৰ পাম      যুগীৰ পামৰ পৰা  ডেকা-বৰুৱা বৰনগৰলৈ  যাবৰ  দিনাই গধূলি চেঙ্গা গাৱঁৰ হলকান্ত বৰুৱাই পঠোৱা সেই মানুহ কেইটা আহি “যুগীৰ পাম” পালে আৰু বৰুৱানীৰ আগত মান  যে ভটিয়াই আহিব লাগিছে এই কথাটো

20

ঊনবিংশ অধ্যায়

21 October 2023
1
0
0

 বনগৰ আক্ৰমণ      পমীলাই মনোমতীৰ তাৰ পৰা ওলাই আহি ফুলনিত বহি অলপ পৰ শোক কৰি নিজৰ মনক প্রবোধ দি চণ্ডী বৰুৱাৰ চৰাঘৰলৈ আহিল । পমীলা যেতিয়া এইদৰে আহিছিল তেতিয়া চণ্ডী বৰুৱাই চৰাঘৰত বৰ ওখ গাৰু এটাৰে

21

দ্বিতীয় খণ্ড প্রথম অধ্যায়

21 October 2023
0
0
0

 দ্বিতীয় খণ্ড  প্রথম অধ্যায়  নাৱেৰে     এইদৰে মিঙ্গিমাহা ক্যাডেউঙে বৰনগৰীয়া বৰুৱাৰ গড় আক্ৰমণ কৰি আৰু বৰুৱাৰ সোণৰ হাউলিক শ্মশানত পৰিণত কৰি তাৰ পিছদিনা বাতি পুৱাই হলকান্ত বৰুৱাক ক্ষন্তেকো জিৰা

22

দ্বিতীয় অধ্যায়

23 October 2023
0
0
0

 মইনবৰি গাৱঁত         বৰপেটা মহকুমাৰ পৰা প্ৰায় পঁচিশ মাইল পশ্চিমে বগুৰিবাৰি মৌজাৰ ভিতৰত মইনবৰি নামে এখন গাওঁ আছে। এই গাওঁখন চাউলখোৱা নৈৰ পাৰত উত্তৰা-দক্ষিণাভাৱে আছে। গাৱঁৰ সমুখতে এখন মুকলি সৰু

23

তৃতীয় অধ্যায়

23 October 2023
0
0
0

 মিজিমাছা আৰু পাছুমী         মইনবৰি গাৱঁত মানৰ সেনাপতি মিঙ্গিমাহা যিটো হাউলিত আছিল সেই হাউলিটো ডাঙৰ । তাৰ সমুখতে এখন চোতাল, সেই চোতালৰ দুইওকাষে উত্তৰে আৰু দক্ষিণে দুখন ডাঙৰ বাৰী । হাউলিটোৰ সোঁ

24

চতুর্থ অধ্যায়

23 October 2023
0
0
0

 পমীলা — মনোমতী—মিলিমাহা      মানহঁতে পমীলাকে আৰু মনোমতীকে একেলগে থোৱাত মনোমতীৰ দুখতো অলপ সুখ হৈছিল । ৰাঙ্গধালী পমীলাই মনোমতীক নানা তৰহৰ কথা-বতৰা কৈ উছাহ দি আছিল ; আৰু সেই বিপদৰ সময়তো খুহুতীয়া ক

25

পঞ্চম অধ্যায়

25 October 2023
0
0
0

 মানৰ উপদ্ৰৱ        বৰনগৰীয়া বৰুৱাৰ গড় আক্ৰমণ কৰিবৰ পিছ দিনা মিঙ্গিমাহাৰ আদেশ মতে হলকান্ত বৰুৱাই ইজাক মান লৈ বৰনগৰৰ আমবাৰী, চক্‌চকা ইত্যাদি ঠাইলৈ গ'ল। সেই ঠাইবিলাকত লুটপাট কবি মানহঁতে ৰূপসীব

26

পঞ্চম অধ্যায়

25 October 2023
0
0
0

 মানৰ উপদ্ৰৱ        বৰনগৰীয়া বৰুৱাৰ গড় আক্ৰমণ কৰিবৰ পিছ দিনা মিঙ্গিমাহাৰ আদেশ মতে হলকান্ত বৰুৱাই ইজাক মান লৈ বৰনগৰৰ আমবাৰী, চক্‌চকা ইত্যাদি ঠাইলৈ গ'ল। সেই ঠাইবিলাকত লুটপাট কবি মানহঁতে ৰূপসীব

27

ষষ্ঠ অধ্যায়

25 October 2023
0
0
0

 শান্তিৰাম ভৰুত        মিঙ্গিমাহাত বিদায় লৈ পদুমী বন্দীঘৰবিলাকৰ ওচৰলৈ আহিল। আৰু এটি দুটিকৈ বন্দীঘৰবিলাক চাই শাস্তিৰাম ভকত থকা থকা ঘৰটোৰ দুৱাৰমুখত থিয় দিলেহি। তেওঁ দুৱাৰমুখত থিয় হোৱা মাত্ৰেই দ

28

সপ্তম অধ্যায়

25 October 2023
0
0
0

 মানৰ মেল     সেই নিশা মানহঁতৰ বাহৰত এইবিলাক ঘটনা হৈ যোৱাৰ পিছদিনা ৰাতিপুৱা সকলোবিলাক মানেই শুই উঠি মুখহাত ধুই চেলুৱই খাই মিঙ্গিমাহাৰ ঘৰলৈ আহিল। মিঙ্গিমাহাই এটাইবিলা- ককে বহিবলৈ দিলে । সিহঁতে দিহ

29

অষ্টম অধ্যায়

25 October 2023
0
0
0

 মোহিনী পছমী     সেই দিনা গধূলি হ'লত মিঙ্গিমাহা সেনাপতিয়ে আকৌ তাৰ ঘৰৰ ভিতৰত শোৱা খোটালিতে আগদিনাৰ দৰে মদ এহাড়ি লৈ বহিল। পদুমীয়ে আকৌ তাৰ কাষত বহিল— আৰু তাক মদ খুৱাবলৈ ধৰিলে। মিঙ্গিমাহাই মদ খাই খ

30

অষ্টম অধ্যায়

25 October 2023
0
0
0

 মোহিনী পছমী     সেই দিনা গধূলি হ'লত মিঙ্গিমাহা সেনাপতিয়ে আকৌ তাৰ ঘৰৰ ভিতৰত শোৱা খোটালিতে আগদিনাৰ দৰে মদ এহাড়ি লৈ বহিল। পদুমীয়ে আকৌ তাৰ কাষত বহিল— আৰু তাক মদ খুৱাবলৈ ধৰিলে। মিঙ্গিমাহাই মদ খাই খ

31

পঞ্চম অধ্যায়

26 October 2023
0
0
0

 মানৰ উপদ্ৰৱ        বৰনগৰীয়া বৰুৱাৰ গড় আক্ৰমণ কৰিবৰ পিছ দিনা মিঙ্গিমাহাৰ আদেশ মতে হলকান্ত বৰুৱাই ইজাক মান লৈ বৰনগৰৰ আমবাৰী, চক্‌চকা ইত্যাদি ঠাইলৈ গ'ল। সেই ঠাইবিলাকত লুটপাট কবি মানহঁতে ৰূপসীব

32

পঞ্চম অধ্যায়

26 October 2023
0
0
0

 মানৰ উপদ্ৰৱ        বৰনগৰীয়া বৰুৱাৰ গড় আক্ৰমণ কৰিবৰ পিছ দিনা মিঙ্গিমাহাৰ আদেশ মতে হলকান্ত বৰুৱাই ইজাক মান লৈ বৰনগৰৰ আমবাৰী, চক্‌চকা ইত্যাদি ঠাইলৈ গ'ল। সেই ঠাইবিলাকত লুটপাট কবি মানহঁতে ৰূপসীব

33

ষষ্ঠ অধ্যায়

26 October 2023
0
0
0

 শান্তিৰাম ভৰুত        মিঙ্গিমাহাত বিদায় লৈ পদুমী বন্দীঘৰবিলাকৰ ওচৰলৈ আহিল। আৰু এটি দুটিকৈ বন্দীঘৰবিলাক চাই শাস্তিৰাম ভকত থকা থকা ঘৰটোৰ দুৱাৰমুখত থিয় দিলেহি। তেওঁ দুৱাৰমুখত থিয় হোৱা মাত্ৰেই দ

34

সপ্তম অধ্যায়

26 October 2023
1
0
0

 মানৰ মেল     সেই নিশা মানহঁতৰ বাহৰত এইবিলাক ঘটনা হৈ যোৱাৰ পিছদিনা ৰাতিপুৱা সকলোবিলাক মানেই শুই উঠি মুখহাত ধুই চেলুৱই খাই মিঙ্গিমাহাৰ ঘৰলৈ আহিল। মিঙ্গিমাহাই এটাইবিলা- ককে বহিবলৈ দিলে । সিহঁতে দিহ

35

অষ্টম অধ্যায়

26 October 2023
0
0
0

 মোহিনী পছমী     সেই দিনা গধূলি হ'লত মিঙ্গিমাহা সেনাপতিয়ে আকৌ তাৰ ঘৰৰ ভিতৰত শোৱা খোটালিতে আগদিনাৰ দৰে মদ এহাড়ি লৈ বহিল। পদুমীয়ে আকৌ তাৰ কাষত বহিল— আৰু তাক মদ খুৱাবলৈ ধৰিলে। মিঙ্গিমাহাই মদ খাই খ

36

নৱম অধ্যায়

26 October 2023
0
0
0

 কৰ্ম্মকুশলা পদুমী        শাস্তিৰাম ভকতক পলুৱাই দিয়েই পছমী ঘৰৰ ফাললৈ আহি হাতত সাৰে, ভৰিত সাৰে মিঙ্গিমাহাৰ ওচৰ চাপি চালে মিঙ্গিমাহা শুইছে নে সাৰে আছে। তেওঁ দেখিলে যে মিঙ্গিমাহাৰ দুৰ্ঘোৰ নিদ্ৰা আহ

37

দশম অধ্যায়

26 October 2023
1
0
0

 মানৰ উদ্যোগ      এইবিলাক ঘটনা হৈ যাবৰ পিছদিনা অর্থাৎ মানহঁতে মইনবৰি পাবৰ চতুৰ্থ দিনা মিঙ্গিমাহা সেনাপতিয়ে হাদিৰাৰ যুদ্ধৰ নিমিত্তে সকলোবিলাক মানক লগ কৰিবলৈ চাৰিউফালে কটকী পঠালে । প্রায় দুশ মান

38

একাদশ অধ্যায়

2 November 2023
0
0
0

দক্ষিণ পাৰৰ পৰা উলটি আহি সেই নিশা টেঙ্গুলাই পমীলা মনোমতীৰ পৰীয়া মানটোক লগ ধৰি ছইও কিবাবিকি আলচ কৰি সেই নিশালৈ টেঙ্গুলা শুই থাকিল । সেই নিশাও সিহঁত ছুইও সিহঁতৰ অসদ্ অভিপ্ৰায় সিদ্ধ কৰিবলৈ নোৱাৰিলে ।

39

দ্বাদশ অধ্যায়

2 November 2023
0
0
0

এইবিলাক ঘটনা হৈ যোৱাৰ পিছ দিনা অর্থাৎ মানহঁত মইনবৰিত থাকিবৰ তেৰ দিনৰ দিনা মানৰ বাহৰত আকৌ মহা আনন্দ উৎসৱ মিলিল ৷ লগৰ এটাই কেউজাক মান আহি পোৱা দেখি মিঙ্গিমাহাই সেই দিনা বৰভোজ এটা পাতিবলৈ আয়োজন কৰিলে ।

40

ত্রয়োদশ অধ্যায় বন্দীশাল—শালে শিঙিয়ে

2 November 2023
0
0
0

বৰভোজৰ আগদিনা মিঙ্গিমাহাই যি মুহূর্ততে হলকান্ত বৰুৱাক বন্দী কৰালে সেই মুহূর্ততে হলকান্ত বৰুৱাৰ জ্ঞানচকু মুকলি হ'ল। তেতিয়াতে তেওঁ বিশদরূপে বুজিলে তেওঁ কেনে গর্হিত কাম কৰিছে ৷ তেতিয়াহে তেওঁ বুজিলে স্ব

41

চতুর্দশ অধ্যায় মানহঁতৰ দেওপুজ৷—প্রতিমা বিসর্জ্জন

2 November 2023
0
0
0

পিছদিনা ৰাতি পুৱাল ৷ মানহঁতৰ সকলোৱেই মুখ হাত ধুই চেলুৱই খাই দহোটা মান সিহঁতৰ সেনাপতি মিঙ্গিমাহা ক্যাডেউঙৰ ওচৰলৈ গ'ল আৰু সেনাপতিক ক'লে – “ সেনাপতি। কাইলৈ আমাৰ যুঁজলৈ যাব লাগিব নহয় ?” সেনাপতিয়ে ক'লে—

42

পঞ্চদশ অধ্যায় কলৰা গাওঁ

2 November 2023
0
0
0

মইনবৰি গাৱঁৰ পূব-দক্ষিণ কোণত ব্ৰহ্মপুত্ৰৰ পাৰত প্ৰায় মইনবৰিৰ পৰা এবেলাৰ বাটত কনৰা নামে এখন গাওঁ আছিল। সেই গাৱঁত মানৰ শেষ আক্ৰমণৰ সময়ত প্ৰায় চাৰিকুৰি ঘৰ মানুহ আছিল। সেই গাওঁখন মানৰ উপদ্ৰৱৰ পৰা ৰক্ষা

43

ষোড়শ অধ্যায়

3 November 2023
0
0
0

আজি মাঘ মাহৰ পঞ্চমী তিথি । ৰাতি পুৱাইছে মাথোন । সূৰুয দেৱতাই পূৱৰ ফালৰ পৰা টল্‌বলীয়া হৈ একুৰা জুইৰ দৰে ৰঙা হৈ ওলাইছে। আকাশ নিৰ্ম্মল। ক'তো এফেৰিও মেঘৰ চিন নাই। কেৱল সূৰুয দেৱতাৰ দুইওকাষে পূৱৰ ফালে ছচট

44

সপ্তদশ অধ্যায় - অনাথ চৌধাৰীৰ ঘৰত

3 November 2023
0
0
0

নিশা হ'লত শান্তিৰাম ভকতে অনাথ চৌধাৰীয়ে সৈতে আলচ যুগুতি কৰি মানুহ দুনুহ লৈ আকৌ মইনবৰিলৈ আহিল । হলকান্ত বৰুৱাক অসঁজাতি ভাবি শাস্তিৰামে তেওঁক কই মেলি এৰি থলে। লগত নানিলে। হলকান্ত বৰুৱাইও পুতেকৰ বেমাৰ টা

45

অষ্টাদশ অধ্যায় - মানৰ শেষ কাল

3 November 2023
0
0
0

হাদিৰাত কোঠ মাৰি অসভ্য মানহঁত তাতে এমাহ মান ৰ'ল আৰু সিহঁতে আজি কালি কৰি ওচৰৰ গাওঁভূই বিলাক লুটপাট কৰি, মানুহ দুনুহ মাৰি দেশ উপাত্ত কৰিলে। সিহঁতৰ অত্যাচাৰত হাদিৰা চকিৰ পৰা ইফালে সাৰগাৱলৈকে মানুহ নোহোৱা

46

ঊনবিংশ অধ্যায়

3 November 2023
0
0
0

অনাথ চৌধাৰীয়ে এইদৰে লক্ষ্মীকান্তৰ প্ৰতিপাল আৰু শুশ্রূষাৰ ঠিকঠাক কৰি আৰু হলকান্ত বৰুৱাক বঢ়াই-বুজাই খুৱাই সুকীয়াকৈএটা খোটালিত শুৱাই থৈ তেৱোঁ নিশা হ'লত নিশ্চিন্ত মনে শুলেগৈ। তেওঁৰ আদেশমতে পমীলা, মনোমত

47

বিংশ অধ্যায় - মান ভঙনি

3 November 2023
0
0
0

এইবাৰ দুৰ্ব্বল অসমীয়া জাতিৰ কৰুণ আৰাও ঈশ্বৰে যেন কাণ পাতিহে শুনিলে । নিচলা অসমীয়া জাতিক উদ্ধাৰ কৰিবলৈ কৰুণাময় পৰমেশ্বৰে এইবাৰ তেওঁৰ অনুগৃহীত বৃটিশ সিংহৰ হৃদয়ত খুন্দিয়ালে। বহু ছথ যাতনাৰ শেষত পিশাচ

48

একবিংশ অধ্যায়

3 November 2023
0
0
0

কনৰ৷, জৈনা চাপৰি ইত্যাদি গাৱঁৰ মানুহবিলাক ভাঙি বৰপেটাত গৈ আশ্ৰয় লোৱাৰ পিছদিনা ৰাতি পুৱাই বৰপেটাৰ কেৱলীয়াহাটীৰ দুই চাৰিজনকৈ ভকতে হাত-মুখ ধুই গা-পা তিয়াই তেওঁবিলাকৰ নিত নিয়ম অনুসৰি বৰপেটাৰ কীৰ্ত্তন

49

দ্বাবিংশ অধ্যায় - বৰপেটীয়া মেল

4 November 2023
1
0
0

পাঠক সকল! বিশেষ মোৰ বৰপেটীয়া বন্ধু সকল ! আপনালোকক এটি কথাৰ বাবে খাটিবলগীয়াত পৰিলোঁ। উপাখ্যান বা উপন্যাসৰ অনুৰোধত পৰি আজি আমি এফো কথা লিখিবলৈ ওলালোঁ। আপোনাসকলে কিজানি সেই কথাৰ বাবে আমাক বেয়াকে পায়।

50

ত্রয়োদশ অধ্যায় - উল্‌টা বুঝিলি ৰাম।

4 November 2023
0
0
0

পাঠক! আমি আমাৰ কাহিনীৰ মাজতে এটা কথা কবলৈ ওলালোঁ। তাহানিখন হেনো এজন সন্ন্যাসীয়ে বাটে দি গৈ থাকোঁতে খোজ কঢ়াত ভাগৰ লাগি ভাবিলে ডাঙৰ ডাঙৰ মানুহবিলাকে ঘোঁৰাৰে ফুৰে। তেওঁবিলাকে সেই ঘোঁৰাব ওপৰত উঠি ফুৰাৰ

51

চতুর্বিংশ অধ্যায় - দুখৰ শেষে

4 November 2023
0
0
0

ৰিচাৰ্ডচন্ চাহাবে মানক বৰপেটাৰ পৰা খেদি সেই নিশাৰ নিমিত্তে বৰপেটাৰ মেটুয়াকুচি পথাৰত বাহৰ কৰিলে। মান পলাই যোৱা শুনি বৰপেটাৰ মানুহবিলাক হাবি বননিৰ পৰা ওলাই আহিল। গোটেইবিলাক মানুহে যেতিয়া আকৌ বৰপেটা চা

52

পঞ্চবিংশ অধ্যায় - “ধীৰে সমীৰে যমুনাতীৰে বসতি বলে বনমালী”

4 November 2023
0
0
0

আজি কালি কৰি দুমাহ সময় হৈ গ'ল। মহাত্মা ডেভিড স্কট চাহাবৰ অনুগ্ৰহত দেশত শাস্তি স্থাপিত হ'ল। লক্ষ্মীকান্ত আৰু বদন দুইও বীৰ সম্পূৰ্ণ আৰোগ্য হ'ল। চাৰিউফালে মানুহবিলাকে নিজ নিজ বিষয় কৰ্ম্মত মন দিবলৈ ধৰিল

53

সামৰণি

4 November 2023
0
0
0

শাস্তিৰাম ভকত বদনৰ ঘৰৰ পৰা নিৰুদ্দেশ হবৰে পৰা পমীলাৰ মুখত আৰু আগৰ সেই হাঁহিমাত নোহোৱা হ'ল । সদায় হা হুমুনিয়াহুতে তেওঁৰ দিন যাবলৈ ধৰিলে। মনোমতীয়ে সখীয়েকৰ দুখ বুজি তেওঁক বৰকৈ যতন কৰিবলৈ ধৰিলে আৰু মা

54

টীকা প্রথম খণ্ড প্রথম অধ্যায়

4 November 2023
0
0
0

হেৰুতীয়া যাহ দিলে—এই ক্রিয়াটো ভাহানিখন কৃষক তেওঁৰ লগৰীয়া গোৱালসকলে গৰু চাৰোঁতে বনফল আনি দিয়া শ্ৰুতিৰ আহি লৈ কৰা হয় । তৃতীয় অধ্যায় ১। আজিকালি — অর্থাৎ ১৮৯৭ চনৰ ভূমিকম্প হোৱাৰ আগেয়ে । ১৮৯৭ চন

55

দ্বিতীয় খণ্ড দ্বিতীয় অধ্যায়

4 November 2023
0
0
0

দ্বিতীয় খণ্ড দ্বিতীয় অধ্যায় (১) ইংৰাজ গবর্ণমেণ্টে কিয় চন্দ্ৰকান্ত ৰজাক সহায় নকৰিলে এই বিষয়ে জোনাকীত ৰত্নেশ্বৰ মহন্তৰ "অসমত মান" এই প্ৰৱন্ধ চাৰ । ৰত্নেশ্বৰ মহন্তে প্রত্নতত্ত্ব বিষয়ে ভালেমান অন

56

চপলাৰ উপন্যাসৰাজি

4 November 2023
0
0
0

মনোমতী ৰাজর্ষি কৃষ্ণকান্তৰ উইল বিদ্রোহী সংসাৰ চিত্ৰ আনন্দ মঠ বিদায়ৰ আকৰ্ষণ পৰিণীতা দেৱী চৌধুৰাণী আজিৰ মানুহ জীৱনৰ গতি সপোন যেতিয়া ভাজে দেৱদাস ধুমুহাৰ পাছত দুজন বেকাৰ আজিৰ সমাজ কামিনী

57

চপলাৰ বিবিধ সংগ্রহ

4 November 2023
0
0
0

নাৰীৰত্ব পপীয়া ভৰা গল্পগুচ্ছ ছোৰাৰ ৰুপ্তম ভেঁকো ভাৱনা কাব্যভুমি মৰুভূমিৰ ফুল সুখৰ সপোন মাটিৰ মোহ তপোবন ৰামায়ণৰ ৰহঘৰা নগা কোঁৱৰ বিসর্জ্জন চিত্রাঙ্গদা মেৱাৰ সন্ধ্যা কথা দশম কাব্য কাহিন

---

এখন কিতাপ পড়ক