হলকান্ত বৰুৱাৰ
যুদ্ধযাত্রা
সেইদিনা
সন্ন্যাসীয়ে সৈতে কথা বতৰা হৈ যোৱাৰ দুদিনৰ পিছত হলকান্ত বৰুৱাই দুপৰীয়া খাই বৈ
উঠি তেওঁৰ মাল ঘৰতে খাট এখনত পাটি পাৰি বহি আছিল আৰু মনে মনে অলপ কিবাকিবি গুণাভবা
কৰিছিল। কিছুমান সময় এইদৰে গুণিভাবি থাকি তেওঁ ঘৈণীয়েকক মাতিলে – “বপাৰ মাক আছানে
? এই ফালে এবাৰ
আহাচোন ।” হলকান্ত বৰুৱাৰ এই কথাত তেওঁৰ ঘৈণীয়েক বিচিত্রী তামোলৰ বটাটো লৈ ওলাই
তাহিল আৰু হেঙুলীয়া ম'ৰাপীৰা এখনৰ ওপৰত
বহি তামোল কাটিবলৈ ধৰিলে। হলকান্ত বৰুৱাই কলে—“বপাৰ মাক ! মই কাইলৈ দুহেজাৰ ৰণুৱা
লৈ গুৱাহাটীলৈ যাম । ” ঘৈণীয়েকে কলে—“দেউতা ! আপুনি মানৰ যুঁজলৈ নগলে নহয়নে ? সৈন্য সামন্ত দি
এজন মুখিয়াল মানুহক পঠাই দিলেও হয় দেখোন। আপুনিনো নিজে যাব লাগিছে কেলেই ?”
হলকান্ত—“নহয়
বপাৰ মাক ! তুমি নুবুজা। মই এই যুঁজত পিছ পৰি থাকিলে মানুহে মোক ভয়াতুৰ আৰু
কাপুৰুষ বুলিৰ। এই ৰণত মই নিজে যাব লাগিব।”
বিচিত্রী (হলকান্ত বৰুৱাৰ
ঘৈণীয়েকৰ নাম বিচিত্রী বুলি
হলকান্ত বৰুৱাৰ
যুদ্ধযাত্রা
আগেয়ে কোৱা হৈছে) “দেউতা
! যদি নগলেই নহয় তেন্তে বৰনগৰৰ চণ্ডী বৰুৱাকো লগ লগাই সৰহ সৈন্য সামস্তেৰে যাওক ।
হলকান্ত—“বপাৰ মাক । তুমি মোক সেই কথা নকৰা ।
মই সেই ঢেকেৰিৰ সহায় নিবিচাৰোঁ। এনেয়ে সি ঢেকেৰিয়ে সদায় ওফন্দি গঙ্গাটোপটো যেন
হৈ থাকে। এতিয়া মই তাৰ লগ বিচাৰিলে সি মোক দুৰ্ব্বল বুলি ভাবিব। বিশেষ সি মোৰ
পিতৃকলীয়া শত্ৰু।”
বিচিত্রী—“দেউতা ! এনে আপদৰ সময়ত পুৰণি শত্রু
হলেও লগ লব লাগে । আপুনি মই বেটীৰ কথা শুনক । যেনে তেনে আপুনি চণ্ডী বৰুৱাৰ তালৈ
মানুহ পঠাওক। তেওঁৰ ফৈদ আৰু আমাৰ ফৈদ লাগিলে আমাৰ বল বাঢ়িব।”
হলকান্ত—“তুমি মোক আৰু এই
কথা দুনাই নকৰা । আকাশত পূবৰ সূৰ্যটো যদি পশ্চিমফালে উঠে তেও মই ঢেকেৰিক মোৰ
পিতৃবৈৰীক নামাতোঁ। লক্ষ্মী বপা কলৈ গ'ল ?”
বিচিত্রী—“সি শুই আছে হবলা ?”
হলকান্ত—“তাক মাতাচোন ।”
হলকান্তৰ এই কথাত
ঘৈণীয়েকে পুতেকক মাতিবলৈ ধৰিলে —“হেৰ বপা ! দেউতাৰে মাতিছে ওলাই আহচোন।” মাকে
এইদৰে মতাত লক্ষ্মীকান্ত ওলাই আহিল আৰু খোচ্মোচ্ কৰি বাপেকৰ আগত আহি মাটিত বহিল।
হলকান্তই কলে— “বপা। কাইলৈ শুক্লা পঞ্চমী তিথি। মই যেনে তেনে দুহেজাৰ ৰণুৱা লৈ যাম
। তই দুহেজাৰ ৰণুৱা লৈ ইয়াতে তিনি দিন
মনোমতী
অপেক্ষা কৰিবি ৷
মোৰ মনে এনে লাগিছে যে মই বৰফুকনক গৈ কিজানি লগ নেপাম। মান ভটিয়াই আহিব লাগিছে।
যদি মান ভটিয়াই অহা বুলি বাটতে শুনো তেন্তে পৰা পক্ষত মইও উলটি আহিম। মই উলটি আহি
নোপোৱালৈকে তই মানুহ দুনুহ লৈ বৰ সাৱধানে থাকিবি। তিনিদিনৰ ভিতৰত যদি আৰু বিশেষ
বাতৰি একো নেপাৱ তেন্তে তইয়ো গাঁৱত মুঠতে পাঁচশমান ভাল সাহিয়াল বণুৱা থৈ বাকি
পোন্ধৰশ ৰণুৱা লৈ চেঙ্গাৰ বাটেৰে যাবি । যদি এই তিনি দিনৰ ভিতৰতে মান এইখিনি আহি
পোৱা বুলি শুন, তেন্তে তই মাৰকে
ভনীয়েৰকে লৈ গোৱালপাৰাৰ কোম্পানিৰ ৰাজ্যত সোমাবিগৈ। মোলৈ তহঁতে চিন্তা নকৰিবি।”
হলকান্ত বৰুৱাৰ এই কথাত তেওঁৰ ঘৈণীয়েকে কলে – “দেউতা আপোনাক এৰিনো আমি কেনেকৈ যাম
?”
হলকান্ত—“বপাৰ
মাক ! মোলৈ তোমালোকে মুঠেই চিন্তা নকৰিবা । মই যেনেতেনে ভালে কুশলে তোমালোকক
কোম্পানিৰ ৰাজ্যত লগ লমগৈ !” লক্ষ্মীকান্ত—“দেউতা ! আপুনিয়েই আইকে আৰু ভনীজনীকে
ৰাখি ইয়াতে থাকক । মই
মানৰ যুঁজলৈ যাওঁ।”
হলকান্ত—“বপা ! তোক মই
অকলৈ মানৰ যুঁজলৈ যাব দিব নোৱাৰে।। তই ইয়াত থাকিব লাগিব। মান অহা বুজি পালে চাবি
যেন লৰালৰিকৈ নাও এখনত মাৰকে ভনীয়েৰকে লৈ কোম্পানিৰ ৰাজ্য পাৱ এইটো মনত ৰাখিবি ।”
হলকাস্ত বৰুৱাৰ
যুদ্ধযাত্রা
লক্ষ্মীকান্ত—“দেউতা।
তেন্তে মই এতিয়াই ইফালে আইকে আৰু ভনীজনীকে কোম্পানিৰ ৰাজ্যত থৈ আহে৷ গৈ ৷”
হলকাত্ত— “বপা! মাৰকে ভনীয়েৰকে তাত এতিয়াই অকলৈ কেনেকৈ এৰিবি। আগেয়ে বৰফুকনৰনো
কি হ'ল, মাননো যুঁজত
জিকিলেই নে হাৰিলেই এইটো চাব লাগে । লৰা- লৰিকৈ সকলো বয়বস্ত এৰি গলে এইখন ঘৰ
বেয়া নহবনে ? সেই দেখি অলপ
ছদিন চাই চিন্তি গলেও হব।” লক্ষ্মীকান্ত—“ভাল তেন্তে।”
সেইদিনা এইদৰে বুধি
পৰামৰ্শ কৰি তাৰ পিছ দিনা হলকান্ত বৰুৱাই খাই বৈ উঠি সন্ন্যাসীয়ে কোৱামতে ক্ষণ পল
চাই ৰণুৱা দুহেজাৰ লৈ ওলাল । যাবৰ পৰত জীয়েক ঘৈণীয়েকে বৰকৈ কন্দা-কটা কৰিলে।
হলকান্তই তেওঁবিলাকক প্ৰবোধ দি মানৰ যুঁজলৈ গ'ল ।