সোৱণশিৰী নৈৰ
পাৰত হাবি। সেই হাবি বৰ ডাঠ। আনকি অহা-যোৱা কৰাই কষ্টকৰ। সেই হাবিৰ মাজতে এযুৰি পঁজা।
এই পঁজাৰ ভিতৰত এহাল মানুহ। এটা মতা, এজনী মাইকী; অথবা এটা ডেকা, এজনী গাভৰু৷ পাঠক
ইহঁত কোন চিনি পাইছেনে? ডেকাজন “জঙ্কি”, গাভৰুজনী “পানেই”।
সেই নিশা অঙ্কি
আৰু পানেই নাৱত উঠি পলোৱা মাত্রেই মিৰিবিলাকে সিনাপিনকৈ গাঁৱৰ ওচৰে-সামৰে বিচাৰিব ধৰিলে।
নিশাটো বৰ আন্ধাৰ আছিল। সেইদেখি অলপ বিচাৰি মিৰিহঁত ক্ষান্ত হল। পাছদিনা ৰাতিপুৱা সোৱণশিৰী
মিৰি গাঁৱৰ মিৰিহঁতে পূবে, পশ্চিমে, উত্তৰে, দক্ষিণে দিহা-দিহি পালেইক বিচাৰিব ধৰিলে।
পানেই জঙ্গিয়ে জানিলে যে নাৱেৰে গৈ থাকিলে সিহঁতৰ বিপদ আছে। সেইদেখি ৰাতিপূৱাতে নাওখন
বঠা দুপাটে সৈতে সোৱণশিৰীত উটুৱাই দি হাবিৰ মাজত সোমাল। আৰু দিনৰ দিনটো হাবিৰ মাজত
ফুৰি গধূলি হওঁ হওঁ হওঁতেই ঘৃণাসুঁতিৰ ওচৰতে হাবিত ঠাই ললে। পূৰ্বৰ বন্দৱস্ত নাওখন
ভটিয়াই গল। ডালিমীৰ বাপেকে ধৰি ৰাখিলে।
সোৱণশিৰীৰ মিৰিহঁতে
ঘৃণাসুঁতি গাঁও আৰু আন আন মিৰি গাঁৱতো পানেইৰ বুজ ললে। কোনেও কতো সিহঁতক পানেইৰ কথা
কব নোৱাৰিলে। কিন্তু সিহঁতে এইটো ঠাৱৰ কৰিব পাৰিলে যে জঙ্কি ও ঘৃণাসুঁতিৰ গাঁৱত নাই।
সেইদেখি এইটো থিৰ হল যে, জঙ্কিয়েই এনে ফাঁকি কাম কৰিলে। সাত-আঠ দিন বিচাৰি নেপাই সিহঁতে
পানেইৰ আশা এৰি দিলে।
জঙ্কিয়ে গধূলি
গধূলি সহৃদয়া ডালিমীৰ সহায়ত সি গোটোৱা টকাৰে সৈতে গাঁৱৰ পৰা চাউল, লোণ, তেল ইত্যাদি
কিনি নি হাবিৰ ভিতৰত পানেইৰে সৈতে খাই-বই এমাহ সময় কটালে। পানেই-জঙ্কি ইহঁভ দুয়ো
জানিলে বিধাতাই সিহঁতৰ দুইকেহে যোৰা বান্ধিছে আৰু সিহঁতেও কার্ডিং-কার্টানক সাক্ষী
কৰি প্ৰণয় প্রতিজ্ঞাত আবদ্ধ হৈছে। মাক বাপেকে নিদিলেও পানেয়ে ঠিক কৰি জানিলে জঙ্কিয়েইহে
তাইৰ প্ৰকৃত গিৰিয়েক। জঙ্কিয়েইছে তাই প্রকৃত চেনেহৰ বস্তু। সেইদেখি পানেয়ে সৰল প্ৰাণেৰে
হোজা মনেৰে অঙ্কিক হৃদয়ত ঠাই দিলে। মোৰ আকৰী মিৰি জীয়ৰীয়ে জঙ্কি ভৰি দুখনত মন-প্রাণ
সমৰ্পণ কৰিলে। এইদৰে এমাহ সময় গল ।
জঙ্কিয়ে পানেযে
আলচিলে সিহঁতে এভিয়া ওলাই হয় মাজুলিৰ কোনো মিৰি গাঁৱত নহয় খেৰকটিয়াত, নহয় মাছখোৱা
অঞ্চললৈ গৈ দেখাদেখিকৈ বসতি কৰিব। এই সংকল্প কৰি এদিন দুইও প্ৰণয় প্রণময়িনী জুইৰ
কাষত বহিছে। আৰু দুয়ো মিলি বাত ৰান্ধিছে। এনে সিফালৰ হাবিৰ মাজত অলপ খুচ মুচ কৰিলে।
দুইৰো মনত অলপ সন্দেহ হল। কিন্তু সাজু হবলৈ নৌপাওঁতেই হুৰুম কৰি প্ৰায় পোন্ধৰটামান
মিৰি আগতে কমুদে সৈতে ওলালহি। বুঢ়া তামেদে তত্ক্ষণাত্ জীয়েকৰ হাতত ধৰিলে আৰু কমুদে
পোনেই অঙ্কিক “কুকুৰ। নিলাজ! চোৰ” বুলি ঘোচা I এটা মাৰিলে।
আমাৰ জঙ্কি
ও কাপুৰুষ নহয়। সিও মিৰিৰ লৰা। সিও বলিষ্ঠ। আগ-গুৰি পৰিণাম নাভাবি সিংহ বিক্ৰমেৰে
কমুদ্ৰৰ গলত টোপা মাৰি ধৰিলে। দুয়োৰো দবৰা দৰি লাগিল। জঙিয়ে কমুদক জোৰেৰে
মাটিত আচাৰ মাৰি পেলাই লৈ বুকুত বহি দুই-তিনি কিল মাৰিবলৈ ধৰিছে এখোন, এনেতে আনবিলাক
মিৰিয়ে তাক ধৰি বগৰাই পেলালে আৰু ই চৰ, সি ভুকু ইত্যাদি মাৰিবলৈ ধৰিলে। জঙ্কিয়েও
প্রাণপণে যুঁজিলে। পানেয়ে আই ঔ চেনেও ক মাৰিলে বুলি বুকুত ভুকুৱাবলৈ ধৰিলে। চিঞৰত
গগন ফাটি গল। ভাই কেঁচু-কুমতিৰ দৰে দেহটো আঁজুৰিবলৈ ধৰিলে।
যা হক জঙ্কিক
বেছি কৰি মাৰিবলৈ নৌপাওঁতেই সিফালৰ পৰা ডালিমীৰ বাপেকে কলে, ” এইবিলাক কিলোৱা-কিলি
কিহৰ? যদি দোষ হৈছে, দোষ কৰিছে, তেন্তে তহঁতে দত্তৰমতে গোচৰলৈ যা। মাৰ কিলোৱা কিহৰ।” ডালিমীৰ বাবেকৰ এই কথাত মাৰ-কিল বন্ধ হল।
ভেভিয়া পানেইক
হাতত ধৰি কমুদে টানিব ধৰাত জন্মিয়ে আকৌ বজ্ৰ-গম্ভীৰ স্বৰে কলে- ”কসুদ জীয়াই থাকিব
খোজ যদি মোৰ পানেইৰ হাতত ওই নধৰিবি। বাপেকে ধৰক। ”
ভাই এই কথাত
ডালিমীৰ বাপেকেও মত দিলে। তেতিয়া জাকে সৈতে সকলো মিৰি হাবিৰ পৰা ওলাই আহি ঘৃণাসুঁতিৰ
মিৰি গাঁৱত মেলত বহিলগৈ । ডালিমীয়ে জঙ্কিৰ গালখন - অলপ উথহা দেখি এধাৰ চকুলো টুকিলে;
কিন্তু তত্ক্ষণাত তাই নিজৰ কৰ্তব্য বুজি পালেইক ভিতৰলৈ নি খাবলৈ ববলৈ দিলে। ঘৃণাসুঁতিৰ
মিৰিহঁতৰ গাঁৱত বেবেৰিবাং মেল বহিল, কিন্তু মেল নিদিগিল।