(ক)
মিৰিসকলৰ নিজৰ ভিতৰত এনেকুৱাপ্ৰবাদ আছে যে তেওঁবিলাকআগেয়ে শদিয়াৰ ওপৰৰ বৰ আবৰৰলগৰ মানুহ আছিল। তাৰ পিছত দেশত,
সদায় খেলে খেলে কটা-ছিঙা হৈ থকাততাত থাকিবলৈ শঙ্কা যেন বিবেচনা কৰিআমাৰ ভৈয়ামলৈ নামি আহে। তেওঁবিলাকেহেনো যি বাটে তৰা,
কচু ইত্যাদি গছ আছিল সেইবিলাকবাটৰেহে আহিছিল। আহোঁতে সেই গছবিলাক কাটিকাটি থৈছিল। এফালৰ পৰা কাটি আছেমানে সেই গছবিলাক আকৌগজালি মেলিছিল। বৰ আবৰে গছবিলাকৰগজালি মেলা দেখি “মিৰিহঁতবহুদিনৰ আগেয়ে পলাইছে; সিহঁতক আৰু খেদি লগপোৱা নাযাব ইত্যাদি বিবেচনা কৰি উলটি গল।মিৰিসকলে তেতিয়া আহি ভৈয়ামত বসতিকৰে। তেওঁবিলাকৰ প্ৰধান খেল দুটা,- - দহগামৰ থেল, আৰু বাৰেগামৰ থেল। বাৰে গানৰখেলৰ ভিতৰত হেনো চুতীয়া, দৈতিয়ালইত্যাদি সৰু সৰু খেলআছে। দহ গামৰ খেলতআযেভিয়া, মায়েঙিয়া, চাৰেঙিয়া, দামুকিয়াল, শামুগুৰিয়া ইত্যাদি থেল আছে। এইগোটেই বিলাকেই আমাৰ ভৈয়ামত থকা মিৰি খেল। পৰ্বতৰ ওপৰতো নানা জাতৰ মিৰি আছে। ইহঁত এতিয়াও
বৰ অসভ্যই হৈ আছে। সিহঁতৰ অনেক খেল আছে শুনা যায়। গাসি, ঘাসি, সাৰোগ, চিলি ইত্যাদি
পৰ্বতীয়া মিৰি খেলৰ কথা আমি শুনিছোহঁক। আচাৰ-ব্যৱহাৰ, চলন-ফুৰণ, খোৱা-লোৱা, আমাৰ ভৈয়ামৰ
মিৰি আজিকালি অসমীয়া। তেওঁবিলাকৰ বেলেগ মাত থাকিলেও সকলোৱে অসমীয়া কথা কয়। কানি-কাপোৰ
অসমীয়া মানুহৰ দৰে পিন্ধে। তেওঁবিলাকে হিন্দু ধর্মও লৈছে।
(খ) চৰগ পূজা-ই
এটা মিৰি জাতীয় দৈবিক ক্রিয়া। ধন থকা যেই সেই মিৰিয়ে ইয়াক কৰিব পাৰে। পূজা বছৰেকে
বা তিনি- চাৰি বছৰৰ আঁতৰে আঁতৰে কৰিব পাৰে। যি মানুহে এই পূজা। এবাৰ কৰে সি সেই পূজা
নিয়মিত সময়ত সদায় কৰি থাকিব লাগিব। পৰিয়ালটোৰ সকলোৰে ভালৰ অর্থে
এই পূজাটো কৰে। ইয়াত মেঘ, বিজুলী, চন্দ্ৰ,সূৰ্য্য,তৰা,মাটি, পানী ইত্যাদি প্ৰকৃতিৰ
দেৱতাসকলক মদ, গাহৰি, কুকুৰা দি পূজে। ক্ৰিয়া বহুত। ঠাইৰ অভাৱত ইয়াত বিস্তাৰিত বিৱৰণ
দিব পৰা নগল।
(গ) মুগলী মিমো-এওঁলোক
বিজুলী আৰু মেঘৰ দেৱতা৷ সোৱণশিৰী নৈৰ পাৰত থকা মিৰি গাঁওবিলাকত অনেক সময়তে চৰগ পৰে।
সেইদেখি আৰু সাধাৰণতঃ বিজুলীৰ চকামকা দেখিলে, মেঘৰ গাজনি শুনিলে ভয় লাগে দেখি স্বভাৱত
অজলা মিৰি জাতিয়ে বিজুলী আৰু মেঘক দুজনা ডাঙৰ দেৱতা বুলি ভাবে। গাহৰি এটাক ধুৱাই পথলাই
পাত এখনত জীয়াই জীয়াই পেলাই লয়। তাৰ পাছত মাৰি এডালেৰে মূৰত মৰিয়াবলৈ ধৰে। মূৰটো
ফাটিলে যি তেজ ওলায় সেই তেজ টোপা আন এখন পাতত ধৰি মুগলীং মিৰেমাৰ নামেৰে ওপৰত লিখাৰ
দৰে বচন মাতি উছৰ্গা কৰে।
(ঘ)
বিজুলী আৰু মেঘ আমিতোমালোকক এটা “৫ বছৰীয়া” “৪টাবগা খুৰা থকা” “শিঙাল” দঁতাল গাহৰি দিলো। তোমালোকে ইয়াকে খাই আমাক ভালেৰাখা। আমাৰ যেন মূৰৰকামোৰ, পেট বেয়া নহয়।আমাক শীতলে ৰাথা। পাঁচ বছৰ বয়সিয়ালবুলিলেই গাহৰিটো প্ৰকৃত্বতে পাঁচ বছৰ বয়সীয়াসিটি নহয়। পাঁচ বছৰ বয়সীয়াঅর্থে ডাঙৰ। মিৰিৰ হেচাপ মতে পাঁচ বছৰহোৱাই গাহৰিৰ ডাঙৰ আৰু শকতহোৱাৰ চিন। দুবছৰীয়া গাহিৰএটি দিলেও ৫ বছৰৰ নামলয়। গাহৰিৰ দাঁত থাকে;শিংনাথাকে। শিঙাল বোলাৰ ভাব এই যেআগেয়ে মিৰিসকলে গৰু মহো পূজাতলগাইছিল আৰু খাইছিল, কিন্তুআজিকালি হিন্দুৰ সংসৰ্গত পৰি আমাৰ ভৈয়ামৰমিৰিয়ে গৰু-মহ খাবএৰিছে। মূৰৰ কামোৰ মিৰিসকলৰএটি সাধাৰণ ৰোগ। তেওঁবিলাকে বৰকৈমদ খায়। সেইদেখি মূৰৰ কামোৰ সৰহ। পেট বেয়ালৈ মিৰিয়েবৰ ভয় কৰে। আনকিজহনী লাগিলে মৰা মানুহকো পেলাইথৈ হাবিলৈ পলায়। যি বাটেদি পলায়সেই বাটটোও হাবি কাটি কাটিমাৰি যায়, যাতে জহনীৰ দেৱতাইবাট চিনি পাব নোৱাৰে।মিৰিসকলে অলপ গৰমকে বৰগৰম বুলি ভাবে। কাৰণপ্ৰবাদ আছে তেওঁবিলাক আগেয়েপৰ্বতৰ শীতল ঠাইৰ মানুহ আছিল।
(ঙ)
মিৰি জাতিয়ে অসমীয়া কথা কলে সদায়
‘থ’ ৰ ঠাইত ‘ক’, ‘ঘ’ ৰ ঠাইত ‘গ’,'ঠ' ৰ ঠাইত
‘ট’,
‘ঢ’ ৰ ঠাইত ‘ড',
‘ফ’ ৰ ঠাইত ‘প’, ‘ভ’ ৰ ঠাইত ‘ব’,
‘হ’ আৰু ‘স’ ৰ ঠাইত ‘অ'
উচ্ছাৰণ কৰে। গীতত থকামিৰি ভাষাৰ শব্দবিলাকৰ অর্থ-
(চ)
“চেনেঙ”-মৰমৰডেকা।
(ছ)
“কনঙা”-মৰমৰ গাভৰু।