shabd-logo

জনজীৱনৰ দৃষ্টিত শ্রীশশী শর্মা

22 November 2023

0 দৰ্শন কৰা হৈছে 0

অসম বিখ্যাত হেম বৰুরা কেবাজনো। কিন্তু সম্প্রতি হেম বৰুৱা বুলিলে প্রাক্তন সংসদী সদস্য, সু-সাহিত্যিক হেম বৰুৱা বুলিহে জনা যায়। হেম-কোষৰ হেম বৰুৱা আৰু যুক্তি-সংগ্ৰামৰ অন্যতম শ্রেষ্ঠ গুৰীয়াল হেম বৰুৱাৰ কথা পোনতে মানুহৰ মনলৈ নাহে। বহুদিন জুবি অশুখ ভুগি ১৯৭৭ চনৰ এপ্ৰিলৰ ন তাৰিখে পৰলোক প্রাপ্ত হোৱা হেম বকরা আছিল একাধাবে লুপণ্ডিত, শিক্ষক, যশস্বী সাহিত্যিক, বাগ্মীত্ৰৰ আৰু খ্যাতনামা সংসদী সদস্য। আমাৰ জনজীৱন নিৰক্ষৰ-নিৰন্ন। তেওঁলোকে হেম বৰুৱাৰ পাণ্ডিত্যৰ উমান নাপায়, শিক্ষক হেম বৰুৱাৰ মোল মুবুজে আৰু লেখক হেম বৰুৱাৰ কোনো পুথি পড়া নাই। প্রকৃততে হেম বৰুৱাই জনজীৱনৰ কাৰণে তেনে একো লিখাও নাছিল। শিক্ষক হেম বকরা প্রধানকৈ তেওঁৰ ছাত্র-ছাত্রীসকলৰ মাজতে সীমিত, সাহিত্যিক হেম বৰুরা সীমিত শিক্ষিতসকলৰ মাজত। পুথি পঢ়িব পৰা চকু নথকা কাৰণে প্রকৃততে সুপণ্ডিত হেম বৰুৱাৰ লগত জনজীৱনৰ সম্পর্ক নাছিল বুলিবই পাবি। হেম বৰুৱাই যে দেশ- বিদেশৰ নানা হুগ্রন্থ পঢ়ি নিজৰ জ্ঞান-বুদ্ধিৰ কলেৱৰ বঢ়াইছিল, তেওঁৰ চিন্তা-ভাবনা যে বহু পৰিমাণে দেশ-বিদেশৰ বিভিন্ন বৰেণ্য- জনৰ চিন্তা ভাবনাৰে অনুপ্রাণিত হৈছিল, এই কথাৰ উমানো আমাৰ জনজীৱনে নাপাইছিল। কিন্তু তথাপি হেম বকরা জনপ্রিয় আছিল। নলবাৰী অঞ্চলৰ ৰাইজে তেওঁক 'আমাৰ হেম বৰুরা' বুলিহে কৈছিল। হেম বকরা যিটো ৰাজনৈতিক দলৰ সদস্য আৰু নেতা আছিল, সেই দলটোৰ সংগঠন আছিল তেনেই দুর্বল। দলটোরে ক্রমে ছচিয়েলিষ্ট, প্রজা-ছচিয়েলিষ্ট, সংযুক্ত ছচিয়েলিষ্ট আদি নাম লৈছিল। গারে ভূঞে এই দলৰ সদস্য সংখ্যা আছিল তেনেই কম, সংগঠন নাছিলেই বুলিব লাগে। অথচ ১৯৫৭/১৯৬২/১৯৬৭ এই তিনিও- বাৰৰ সাধাৰণ নিৰ্বাচনত সংসদী সদস্যৰূপে বিপুল ভোটাধিক্য লাভ কৰি হেম বৰুৱা লোকসভালৈ নির্বাচিত হৈছিল। ৰাইজে বিধান সভালৈ নির্বাচন কবে কংগ্রেছী বা সমাজতান্ত্রিক দলৰ প্রার্থী; কিন্তু সংসদৰ কাৰণে নির্বাচন কবে হেম বকরাক। এই কাল ছোৱাৰ অসমত কংগ্ৰেছ দলৰ বিৰাট পয়োভৰ। কিন্তু নিৰ্বাচনৰ সময়ত দগধা কংগ্রেছীয়েও ফুচফাচকৈ হেম বৰুৱাক সমর্থন কৰিবলৈ ক'বলৈ এৰা নাছিল। আনকি বিধান সভাৰ কংগ্ৰেছী প্রার্থীয়েও। ১৯৫৭ চনৰ নিৰ্বাচনৰ সময়ৰ কথা। হেম বকরা লোকসভাৰ প্রার্থী। আমাৰ অঞ্চলত বিধান সভাৰ কংগ্ৰেছ দলৰ প্রার্থী আছিল নলবাৰী মহাবিদ্যালয়ৰ তেতিয়াৰ উপাধ্যক্ষ শ্রীপ্রভাতচন্দ্র গোস্বামী আৰু সমাজতান্ত্রিক দলব আছিল শ্রীতৰুণ সেন ডেকা। কংগ্ৰেছৰ নির্বাচনী সভা এখন আমাৰ গাওঁতে বহিছে আৰু তাত কংগ্রেছ প্রার্থী প্রভাতচন্দ্র গোস্বামী প্রমুখ্যে কেবাজনেও ভাষণ দিছে। মাজতে শ্রীমহীৰাম বৈশ্য বোলা খেতিয়ক এজনে থিয় দি শুধিলে,- "আমি ওপৰৰ ভোটটো হেম বকরাক হে দিব খুজিছো।” লগে লগে প্রভাতচন্দ্র গোস্বামীয়ে কৈ উঠিল,-"আমি তলৰটোহে (বিধান সভাৰ) বিচাৰিছো।" অৱশ্যে সিবাৰ প্রভাতচন্দ্র গোস্বামী হাবিল, তৰুণ সেন ডেকাহে জিকিল। পিছৰবাৰৰ পৰা তরুণ সেন ডেকাও হাৰিবলৈ ধৰিলে। কিন্তু নলবাৰীৰ ৰাইজে হেম বকরাক' যি ভোট দিবলৈ শিকিলে, শেষলৈ দিয়ে থাকিল। ১৯৭২ চনৰ নিৰ্বাচনত হেম বকরাও হাবিল। কিন্তু নিৰক্ষৰ জনসাধাৰণে '৭২ চনতো হেম বকরাকে সমর্থন কৰিছিল।

অলপতে খাটা মৌজাৰ বালিলোচা গার'ব শ্রীধর্ম ডেকা বোলা ৬৫ বছৰীয়ামান লোক এজনক লগ পাইছিলে।। তেওঁ বালি- লোচা মন্দিৰৰ কাষতে এখন চাহ দোকান পাতিছে। খৰালিৰ দিনত মন্দিৰলৈ সৰহকৈ যাত্রী আহিলে দোকানত চাহু-মিঠাই বেচা যায়, চাহ আৰু নাৰিকলৰ লাড্ডু। তেতিয়া ছপইচা ৰোজ- গাৰ হয়। বাৰিষা যাত্ৰী বৰ পাতল, দোকানৰ অৱস্থাও হয় তথৈবচ। গতিকে বাৰিষা পৈত্রিক মাটি তিনি বিঘাত খেতি কৰি পেট প্রবর্তোৱাৰ দিহা কৰে। এইজন ধর্ম ডেকাই ক'লে বোলে তেওঁলোকে '৭২ চনলৈকে হেম বকরাকে সমর্থন দি আহিছিল। তেওঁৰ মতে '৭২ চনতো সামান্যসকলে হেম বৰুৱাকে সমর্থন কৰিছিল। শিক্ষিত নিবনুৱাসকলেহে চা-চাকৰিৰ লোভত কংগ্ৰেছৰ হকে অভিযান চলাই ফুৰিছিল। সামান্সজনে হেম বৰুরাক এতিয়াও ভাল পায়, হেম বৰুৱাৰ বিয়োগৰ কথা ভাবিলেই তেওঁলোকৰ হিয়াৰ আমঠু কলা পৰে, হেম বৰুৱাৰ বিয়োগ ঘটা বুলি ভাবিবলৈ তেওঁলোকে টান পায়।

হেম বৰুৱাক কি কাৰণে ইমান ভাল পায় তাৰ কাৰণ লুধিলত শ্রীধর্ম ডেকাই ক'লে,-"হেম বকরাই আমাকো ভাল পাইছিল। তেওঁ ৰাইজৰ অন্তৰৰ কথা যেনেকৈ বুজিছিল, আনে তেনেকৈ মুবুজে। আনে তেওঁলোকৰ নিজৰ কথাহে ৰাইজক কৈ যায়। কিন্তু হেম বৰুৱাই কৈছিল বাইজৰ অন্তৰৰ কথা। তেওঁ আমাক একো দিয়া নাছিল, কিন্তু আমাৰ মনৰ কথা বুজিছিল। তেওঁত বাহিৰে আমাৰ মনষ কথা বুজা আন কোনো নেতাকে আমি লগ পোৱা নাই।" হেম বৰুৱাৰ কথা কৈ থাকোতে আমি শ্রীডেকাৰ মাত থোকাথুকি হোরা অনুভৱ কৰিছিলো। জন- জীৱনৰ সবলতাৰ স্বৰূপ উপলব্ধি কৰিব পাৰি ভাবিবলৈ বাধ্য হৈছিলোঁ, এওঁলোকৰ সবলতাৰ ভেটিত ৰাজনৈতিক নেতাসকলে কি দৰে দলীয় আৰু ব্যক্তিগত স্বার্থ সাধন কৰে।

বাঁহজানী মৌজাৰ ভদ্রা গাৱৰ শ্রীনবেন্দ্রনাথ তালুকদাৰ '৪২ মুক্তি-সংগ্রামী। দেশ স্বাধীন হোৱাৰ পিছত তেওঁ চৰকাৰী মণ্ডল চাকৰিত সোমায়, এতিয়া কানন-গো। হেম বৰুরা বিষয়ক আলোচনাত যোগ দি তেওঁ হেম বৰুৱাৰ জনপ্রিয়তাৰ কাৰণ বিশ্লেষণ কৰি ক'লে- "হেম বৰুৱা আছিল '৭৭ চনব জনতা-ঢৌৰ দৰে। কিয় বা কি কাৰণে ৰাইজে হেম বৰুরাক সমর্থন কৰে বা ভাল পায় তাব যুক্তি বা কাৰণ নাই। হেম বৰুৱাৰ নামটো শুনিছে, সেয়ে যথেষ্ট।" আমি কুহুলিয়াই কুহুলিয়াই 'হেম বৰুৱা চৌ'ৰ গুৰি ক'ত সুধিলত তেওঁ ক'লে- "দেশৰ অন্যান্য নেতাব বিৰুদ্ধে জাল-ভেজাল আদি নানা ৰাইজে শুনে। কিন্তু হেম বৰুৱাৰ কথা ৰাইজে কেতিয়াও শুনা নাই। দুর্নীতিত লিপ্ত থকাৰ কথা বিৰুদ্ধে তেনে অভিযোগৰ গতিকে ৰাইজৰ মানত হেম বকরা পরিত্র, সুন্দব। হেম বৰুৱাৰ নাম শুনিলেই ৰাইজ পাগল।" বিৰোধী দলে হেম বৰুৱাৰ বিৰুদ্ধে নির্বাচনী অভিযানত কেনে কথা কৈছিল সেই বিষয়ে সুধিলত শ্রীতালুকদাৰে ক'লে, "হেম বৰুৱা মানুহজনৰ বিৰুদ্ধে কোরা আমি শুনা নাই। হেম বৰুৱাৰ দলৰ বিৰুদ্ধেহে কৈছিল। তেওঁৰ দলটো যে অতি দুর্বল, সেই দলত থকা হেম বৰুৱাই যে সংসদী গণতন্ত্রত বাইজৰ বিশেষ কল্যাণ সাধিব নোরাবে, তেনে কথাহে তেওঁৰ বিৰোধী দলৰ নেতাসকলে কোরা শুনিছিলো।" শ্রীতালুকদাৰে ইমানলৈকে ক'লে বোলে,-"হেম বৰুৱাৰ বিৰোধীসকলে তেওঁৰ ব্যক্তিগত জীৱনত আক্রমণ কৰিবলৈ ভয় পাইছিল। তেনে কৰিলে বাইজে প্রতিপক্ষক ক্ষমা নকৰিব বুলি বড়িয়াকৈ বুজিছিল।"' হেম বকরাই কিন্তু তেওঁৰ দলক হে ভাল পাইছিল, আৰু এই দলৰ মাজেদিয়ে ৰাইজৰ সেৱা কৰিবলৈ বিচাৰিছিল। এই কথাৰ সম্ভেদ পালে। ধৰ্মপুৰ মৌজাৰ চামতা গাৱৰ শ্রীবস্তিৰাম দাসৰ পৰা। শ্রীদাসৰ বর্তমান বয়স সত্তৰৰো অধিক। তেওঁৰ শিক্ষা- দীক্ষা তেনেই সামান্য। পৈত্রিক মাটিত খেতি-বাতি কৰি কোনো- মতে পেট প্রবর্তাই আছে। এরে। মুক্তি-সংগ্রামত অংশ গ্রহণ কৰিছিল, আজি সত্তৰৰ অধিক বয়সতো এওঁৰ চকুরে-মুখে, কথাই- কামে মুক্তি-সংগ্ৰামীৰ তেজ বর্তমান। দেশ স্বাধীন হোৱাৰ পিছত শাসনত অধিষ্ঠিত কংগ্ৰেছী লোকৰ ত্যাগতকৈ ভোগ আৰু প্রতি- পত্তিৰ লিপ্সা দেখি আন বহুতৰ দৰে এরে। তেতিয়াৰ ছচিয়েলিষ্ট দলত যোগ দিছিল। অসমৰ হবৈশ্বৰ গোস্বামী, লক্ষ্মী প্রসাদ গোস্বামী, শংকৰ বৰুৱা, বিপিনপাল দাস, লক্ষ্যধৰ চৌধুৰী, হোমেশ্বৰ চৌধুৰী, উমেশ চৌধুৰী, উমাকান্ত শর্মা প্ৰমুখ্যে ছচিয়েলিষ্ট দলৰ নেতাসকলৰ লগত তেওঁব ঘনিষ্ঠ সম্পর্ক; হেম বৰুৱাৰ লগতো। আনকি ৰাম মনোহৰ লোহিয়া, অশোক মেহতা প্রমুখ্যে নেতাসকল আহিলেও চমিতাত সভা-সমিতিৰ আয়োজন কৰাৰ দায়িত্ব বস্তিবাম দাসৰ। পঞ্চাশৰ দশকৰ কথা। অশোক মেহতা আহিছে। তেওঁ নলবাৰীৰ সভাত বক্তৃতা দিওঁতেই বাতি হ'ল, চামতাৰ সভাত ভালেখিনি ৰাতিয়েই হ'ল। তেতিয়া নদীৰ দলংবোৰ হৈ উঠা নাছিল। গতিকে মেহতা প্রমুখ্যে দলটো নিশাটোৰ কাৰণে চামতাতে জিবাব লগা হ'ল। কিন্তু চামতা গার'লীয়া ঠাই, এই বিশিষ্ট আলহীসকলক বাথে ক'ত! ওচৰতে লখোপুৰত এখন চৰকাৰী কৃষিপাম আছিল, তাত এটা জিৰণি চ'ৰাও আছিল। গতিকে মেহতা আৰু তেওঁৰ লগৰ দলটো তাতেই জিবোৱাৰ সিদ্ধান্ত হ'ল। মেহতাৰ লগত হেম বকরা, লক্ষ্যধৰ চৌধুৰী প্ৰমুখ্যে কেবাজনো অসমৰ নেতা। এওঁলোকৰ সেরা-শুশ্রূষাৰ দায়িত্বত আছিল বস্তিৰাম দাস। নিশা খোরা- লোৱা হ'লত আটায়ে শুলে। হেম বৰুৱাই কিন্তু বস্তিৰাম দাসহঁতৰ লগত দলীয় সংগঠনৰ কথাহে পাতিলে। কথা চলিয়ে থাকিল। এঘুমটি মাৰি উঠি লক্ষ্যধৰ চৌধুৰীয়ে বাহিৰত মানুহৰ মাত শুনিলে। ছরাব মেলি চাই দেখে হেম বৰুৱাই বস্তিবাম দাসহঁতৰ লগত তামোল চোবাই চোবাই কথা পাতিয়ে আছে। ঘড়ীলৈ চাই দেখে তেতিয়া শেষ নিশা ৩ বজা। বস্তিৰাম দাসৰ মতে হেম বৰুৱাই দলৰ সংগঠনৰ কথা পাতিলে আনকি খোৱা-লোৱাৰ কথাও পাহৰিছিল। এই কাৰণে দলৰ কর্মীসকলে তেওঁক শ্রদ্ধা কৰিছিল। অসমৰ দৰে সমগ্ৰ ভাৰতৰে নেতাসকলে দল বদলালে, কোনো কোনোরে লুটি বাগৰো ললে। ৰাইজে ভাবে যে কংগ্ৰেছত যোগ দিয়া হ'লে হেম বকরা মন্ত্রী হ'ব পাৰিলেহেঁতেন। কিন্তু তেওঁ ৰাইজক বিশ্বাসঘাতকতা নকৰিলে। নিৰহনিপানীকৈ দলব প্রতি বিশ্বাস বথা হেতুকে আৰু দলৰ কাৰণে শেষলৈকে সেৱা আগবঢ়াই থকা হেতুকে বাইজে হেম বৰুৱাৰ সততাত আস্থা ৰাখিছিল, প্ৰাণৰ আপোন বুলি গ্রহণ কৰিছিল। ৰাইজৰ মানত হেম বকরা মৰিও অমৰ।

বস্তিৰাম দাসৰ লগত কথা পাতি থাকোঁতে আমাৰ লগত আলোচনাত অংশ গ্রহণ কৰিছিলহি চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমান অধ্যক্ষ শ্রীজ্ঞানেশ্বৰ তালুকদাবে। ঐতালুকদাৰৰ বয়স প্রায় ৬০ বছৰ, তেখেত নির্দলীয়। তেখেতৰ মস্তে হেম বৰুৱাৰ জনপ্ৰিয়তাৰ অন্যতম কাৰণ আছিল মার্জিত ব্যৱহাৰিক ভদ্রতা। যেনে তেখেতে এটা দিশলৈ আঙ্গুলীয়াই দিলে। হেম বকরাই তামোল খায়, আনেও খায়। কিন্তু হেম বকরাই য'তে ড'তে পিক নেপেলায়, চূণ নাসানে। পিক পেলাবলৈ আৱশ্যক হ'লে তেওঁ বহু দূৰলৈ উঠি যায়। এনে কার্য্য সামান্য হ'লেও বৈশিষ্ট্যপূর্ণ। এনেবোৰ কাৰণতো হেম বৰুৱা জনপ্রিয় আছিল বুলি শ্রীতালুকদাৰে ক'ব খোজে।

বস্তিৰাম দাসৰ লগত কথা পাতি থাকোঁতেই লুন্দৰীদিয়াৰ সাহিত্যিক শিক্ষক শ্রীনৰেন্দ্র নাথ পাটোৱাৰী আহিও আমাৰ কথাত যোগ দিয়ে। এওঁ হেম বৰুৱাৰ ভদ্রতা আৰু অধ্যয়ন- শীল মনৰ কথা কয়। ২০।২৫ বছৰমান আগৰ কথা। শ্রীপাটোৱাৰীয়ে "শিশু শিক্ষা" বোলা এখন এধানিমান পুথি লিখে। পুথিখন প্রকাশ কৰিছিল বৰপেটাৰ কথা-সাহিত্যিক শ্রীতিলক দাসে। এই পুথিখনৰ আলোচনা এটা তেতিয়াৰ দৈনিক নতুন অসমীয়াত ওলাল। লগে লগে হেম বৰুৱাই তিলক দাসলৈ লিখি পুথিখন নি পঢ়িলে। শ্রীপাটোৱাৰীৰ ভাষাত-“মই এজন সামান্য লেখক, অথচ হেম বৰুরা প্রথিতযশা সাহিত্যিক। তেওঁ যেতিয়া মোৰ সেই এধানিমান পুথিখন বিচাৰি নি পড়ে, তেতিয়া মই তেওঁৰ প্রতি আগ্রহান্বিত নহৈ কি কৰোঁ?" সেই একে প্রসঙ্গতে শ্রীপাটোৱাৰীয়ে কৈছিল যে তাৰ পিছত প্রকাশিত পুখি তেওঁ হেম বৰুৱালৈ পঠাইছিল আৰু পুথিখন পোৱাৰ পিছতে সমীক্ষাৰ সৈতে প্রাপ্তি স্বীকাৰ কৰি লিখি তেওঁক উৎসাহিত কৰিছিল। সাধাৰণতে আমাৰ দেশত লব্ধপ্রতিষ্ঠসকলে নরাগত সাহিত্যিকসকলক সহজে স্বীকাৰ কৰিব নিবিচাৰে। কিন্তু হেম বৰুৱাই বয়সলৈ নাচাই গুণলৈহে চাইছিল। সেয়ে নরাগতকো তেওঁ, স্বীকাৰ কৰিছিল, উৎসাহ উদ্দীপনা দিছিল। তেওঁৰ ছাত্র- ছাত্রীসকলৰ প্রতি তেওঁ প্রকৃত সহৃদয় বন্ধু ভাবাপন্ন থকাৰ দৰে সমাজৰ অন্যান্য তৰুণ-তরুণীসকলকো তেওঁ সহৃদয় বন্ধুৰ দৃষ্টিবেই গ্রহণ কৰিছিল, আন বহুতৰ দৰে তেওঁৰ দ্বিধা-শংকা নাছিল। সেয়ে তৰুণ সকলেও তেওঁক অন্তৰৰ অতি আপোনজন বুলি গ্রহণ কৰিছিল। আমি জানো যে অম্বুস্থতাৰ কাৰণে নিজে কলম ধৰিব নোৱাৰা হোৱাতো তেওঁ চিঠি-পত্ৰৰ বা তেওঁলৈ পঠোৱা পুথি আদিৰ, তেওঁ পত্নী বা আনৰ দ্বাৰা হলেও লিখাই, অন্ততঃ প্রাপ্তি স্বীকাৰ কৰিবলৈ তেওঁ হেলা নকৰিছিল।

নলবাৰীৰ বৰভাগ অঞ্চল বানপানীৰ কাৰণে বিখ্যাত। আন ক'তে। নহ'লেও বৰভাগ অঞ্চলত বানপানী হ'বই হ'ব। এই অঞ্চলৰ ৰাইজ বানপানীৰ লগত সহঅৱস্থান কৰাত অভ্যস্ত, প্রায় সকলোৱে ঘৰৰ ভেটি দ'লৰ দৰে ওখ আৰু প্ৰতিঘৰ মানুহৰে অন্ততঃ এটা ঘৰত শক্তিশালী আটাল আছেই আছে। কাৰণ ভেটি তল গ'লে আটালত উঠিব লাগে। বাৰিষাৰ কেইমাহ এই অঞ্চলৰ ৰাইজৰ জীউ টোপোলা বন্ধা, বিশেষকৈ সৰু সৰু ল'ৰা-ছোৱালীৰ কাৰণে। কাগজত বৰভাগত বানপানী উঠাব খবৰ পালেই হেম বকরা দিল্লীত থাকিলেও লবি আহিছিল, ৰাইজক বিপদৰ সময়ত এষাৰ মাত দিবলৈ। ৰাইজে জানে আৰু হেম বৰুরাই নিজেও খোলাখুলিকৈ কৈছিল যে তেওঁ বাইজক একো দিব নোৱাৰে, কেৱল চৰকাৰৰ ওচৰত ৰাইজৰ কথা দাঙি ধৰিবহে পাৰে। কমাৰ- কুছিৰ অবসৰপ্ৰাপ্ত সত্তৰ বছৰীয়া শিক্ষক শ্রীনন্দচন্দ্ৰ বৰুৱাৰ লগত আমি এই বিষয়ে কথা পাতিছিলে।। শ্রীবকরাই ক'লে, "বিপদৰ সময়ত মাত দিবলৈ লৰি অহা কাৰণে আমাৰ ৰাইজে তেওঁক অতি আপোন বুলি গ্রহণ কৰিছিল। নিৰক্ষৰ ৰাইজে আব মুখে তাৰ মুখে হেম বৰুৱাৰ বাগ্মিতাৰ কথা শুনিছিল। তেতিয়াৰ প্রধানমন্ত্রী জৱাহৰলাল নেহৰুক রাগ্মিতাবে চমক লগোৱাৰ কথাও ৰাইজে শুনিছিল। আৰু ৰাইজে বিশ্বাস কৰিছিল যে কেন্দ্রীয় চৰকাৰক অসম বিষয়ক কথাৰ সঠিক বুজ দিব পাৰিছিল কেরল হেম বৰুয়াইছে। সেই কাৰণে ৰাইজৰ তেওঁৰ প্রতি গভীৰ আগ্রহ। নির্বাচনৰ সময়ত তেওঁ নাহিলেও বাইজে তেওঁকেই সমর্থন কৰে।" ১৯৫৯ চনৰ বানপানীক বৰভাগৰ ৰাইজে সবাতোকৈ ডাঙৰ বুলি কয়। সিবাৰ বৰ বুকিয়া অঞ্চলৰ চিন-মোকাম নোহোৱাৰ দৰে অৱস্থা। ক'ৰবাত দুই-এটাহে ঘৰ পানীৰ মাজত মূৰ তুলি থিয় দি আছিল। সেই তাণ্ডর লীলাৰ মাজতো হেম বকরাই ৰাইজক দেখা কৰি সমবেদনা জনাই ফুৰিছিল। অথাই বিপদৰ মাজত হেম বৰুৱাৰ মৰমৰ মাতযাৰি পাই হোজা ৰাইজে কিবা সকাহ পোরা যেন অনুভর কবিছিল। আটালত বহি অজান বিপদৰ ক্ষণ গণি থকা তিৰোতাবিলাকে কেনেবাকৈ হেম বকরা যোৱা বাতৰি শুনি এপলক চাই নয়ন সার্থক কৰিবলৈ উৎপ খপ লগাইছিল। আটালৰ পৰা আইসকলে কোরা কথা হেম বকরা আৰু তেওঁৰ লগৰীয়াসকলৰ কাণত পৰিছিল,-"হাও এ, আমাৰ হেম বৰুৱা ৰাজা কুন্তু এ?"

আমাৰ হোজা ৰাইজে মহাত্মা গান্ধীকহে ৰাজা বুলিছিল,- 'গান্ধীৰাজা'। যেতিয়া ৰাইজে 'হেম বকরাকো 'বাজা' বোলা কৰিলে তেতিয়া বুজিব লাগিব যে ৰাইজৰ হিয়াত হেম বৰুরাই কি আসন পাইছিল।

কামৰূপী ঢুলীয়াৰ ভাও সকলোৰে জনাজাত। পৰাধীন ভাৰতবৰ্ষত অসহযোগ আন্দোলনৰ ভাও দি এওঁলোকে আন্দোলন জনপ্রিয় কৰি তুলিছিল। ভাৱৰ মাজতে মহাত্মা গান্ধীক উলিয়াই বাইজক গান্ধীজীৰ প্রতিও কৌশলেৰে আগ্রহান্বিত কৰি তুলিছিল। স্বাধীন ভাৰতবৰ্ষতো ঢুলীয়াই ভাও দিছিল। কৈহাটীৰ ঢুলীয়াই ১৯৫৭ চনৰ তেল শোধনাগাৰ আন্দোলনৰো ভাও দিছিল। এই ভারত হেম বকরাক শোধানাগাৰ আন্দোলনৰ নেতা পাতি কংগ্ৰেছৰ বিৰুদ্ধে অসীম সাহসীৰূপে থিয় কৰাইছিল। জনপ্রিয় সাংস্কৃতিক অনুষ্ঠান ঢুলীয়াৰ ভাওতো হেম বৰুৱাই মহত্বপূর্ণ স্বীকৃতি লাভ কৰা কথাই তেওঁৰ অতুলনীয় জনপ্রিয়তাৰ কথাই দহদহীয়া কৰি তোলে। পোনতে নলবাৰীলৈ আহিলে হেম বকরা প্রায়েই অধ্যক্ষ ত্রৈলোক্যনাথ গোস্বামীৰ ঘৰত থাকিছিল, খাইছিল। পিছলৈ নিগাজীকৈ থকা কৰে ডাঃ গিৰীশ চৌধুৰীৰ ঘৰত। ডাঃ চৌধুৰী হেম বৰুৱাৰ দলৰ নলবাৰী শাখাৰ কেবাবছৰ ধৰি সভাপতি আছিল। অশোক মেহতাকে আদি কৰি নেতাসকল নলবাৰীলৈ আহিলেও ডাঃ চৌধুৰীৰ ঘৰতেই জিৰাইছিল আৰু দলৰ কৰ্মীসকলৰ সৈতে কথা পাতিছিল। এই সূত্রেই হেম বৰুৱা-গিৰীশ চৌধুৰীৰ সম্পর্ক। পিছলৈ দুয়ো অভিন্ন হৃদয়ত পৰিণত হ'ল, দুয়োৰো বন্ধুত্ব ক্রমে ক্রমে পৰিয়াল বৰ্গলৈয়ো বিস্তৃত হয়। হেম বৰুরা- গিৰীশ চৌধুৰী দুয়োৰেই অগা-পিছাকৈ বিয়োগ ঘটিল, কিন্তু পৰিয়াল দুটাৰ সম্পৰ্ক হ'লে টুটা নাই। অলপতে ডাঃ চৌধুৰীৰ খত্নী শ্রীমতী কুঞ্জলতা চৌধুৰীক লগ ধৰি হেম বৰুৱাৰ কথা সুধিছিলো। তেওঁ ক'লে বোলে হেম বকরা তেওঁলোকৰ পৰি- য়ালৰ মানুহৰ দৰে হৈ পৰিছিল। তেওঁৰ কাৰণে বিছনা-পত্ৰেৰে এটা কোঠালি সদায় শুকীয়াকৈ ৰখা হৈছিল। তেওঁ নিজেও ডাঃ চৌধুৰীৰ ঘৰখন হেনো নিজৰ ঘৰ বুলিয়ে বিবেচনা কৰিছিল। কিবা লাগিলে নিজেই বিচাৰি-খোচাৰি লোৱা কৰিছিল, আনক নাপাচিছিল। শ্রীমতী চৌধুৰীক হেম বৰুৱাৰ খোৱা-লোৱাৰ জুতিৰ কথা সোধাত ক'লে, "তেওঁৰ কোনো বিশেষ বস্তুৰ প্রতি তেনে কোনো বিশেষ কচি নাছিল। যিহকে দিয়া হয়, তাকেই খায়। কিন্তু কথা পাতি পাতি খাই থাকোঁতে কি বস্তু কিমান খালে তেওঁ নিজে একো টলকিবই নোৱাৰে।" তেওঁ কেনে কথা পাতি- ছিল জানিবলৈ বিচৰাত শ্রীমতী চৌধুৰীয়ে ক'লে, "সাধাৰণতে সাহিত্য, সঙ্গীত আৰু পুথিৰ কথাই পাতিছিল। তেওঁ খুব সঙ্গীত- প্রিয় আছিল। প্রায়েই খাই উঠি নিশা ১ বজালৈ ৰেডিঅ'গ্রামত গান শুনিছিল আৰু শুনি শুনি আপোন পাহৰা হৈছিল।" ৰাজনীতি বিষয়ক কথা সোধাত শ্রীমতী চৌধুৰীয়ে ক'লে,- "তেওঁ ঘৰত কেতিয়াও বাজনীতিৰ কথা পতা আমি শুনা নাছিলোঁ। আন কোনো মানুহৰ বিৰুদ্ধে কথা পতাও আমি শুনা নাছিলোঁ।"

ডাঃ চৌধুৰীৰ ঘৰত জগত বর্মন বোলা ল'বা এজনে কেবা- বছৰো কাম কৰিছিল। জাপাৰকুছি গার'ব এই ল'ৰাজন বর্তমান নলবাৰী মহাবিদ্যালয়ৰ অন্যতম চকীদাৰ। হেম বৰুৱা ডাঃ চৌধুৰীৰ ঘৰলৈ আহিলে লাচনি-পাচনি কৰি হেনো তেওঁ বৰ আনন্দ পাইছিল। জগতৰ নিজৰ ভাষাত ক'বলৈ হ'লে,-"আমি আগতে তেনে মানুহ লগ পোৱা নাছিলে।। ডাক্তৰৰ ঘৰলৈ বহু মানুহ আহে, থাকে, খায়। আমি তেওঁলোকৰ লাচনি-পাচনি কৰোঁ। কিন্তু আন কোনেও আমাৰ ফালে ফিৰি নাচায়। হেম বৰুৱাই হলে আমাক মৰম কৰিছিল, আহিলেই আমাৰ ব্যক্তিগত খা-খবৰ কৰিছিল, আনকি আমাৰ ঘৰবো। এনে ব্যৱহাৰ আমাৰ কাৰণে তেনেই নতুন আছিল।" সঁচাকৈয়ে নলবাৰী অঞ্চলৰ শিক্ষিত- অশিক্ষিত সকলো ৰাইজে হেম বৰুৱাক অন্যান্য ৰাজনৈতিক নেতাতকৈ বৈশিষ্ট্যপূর্ণ বুলি শ্রদ্ধা-মৰম কৰিছিল।

লেনিন, মহাত্মা গান্ধী, মাও ছে টুং আদিৰ দৰে মানৱ জাতিৰ পৰম বন্ধুসকলৰো শত্রু আছে, হেম বৰুৱাৰ শত্রু থকা তেনেই স্বাভারিক, কিন্তু নলবাৰী অঞ্চলৰ ৰাইজৰ মাজত তেওঁৰ শত্রু বা তেওঁক ভাল নোপোৱা মানুহ নাই যেনেই লাগে। যাৰেই ওচৰ চাপিছো, তেরে'ই পৰম ভারস্তিৰে তেওঁৰ গুণৰ কথাহে কয়, দোষ-ত্রুটি কোনেও আঙুলীয়াই নিদিয়ে। ইয়াৰ কাৰণেই সম্ভৱতঃ ১৯৫৭-১৯৬৫ চনৰ ভিতৰত নলবাৰীৰ ৰাইজে কোৱা-বখনা কৰিছিল বোলে স্বয়ং প্রধানমন্ত্রী নেহৰু আহি হেম বৰুৱাৰ লগত প্রতি- দ্বন্দ্বিতা কৰিলেও হাবিব। এই স্বীকৃতিয়েই হেম বৰুৱাৰ জীৱনৰ কালজয়ী কীতিস্তম্ভ। 

18
প্ৰবন্ধ
হেম বৰুৱা এড. ১ম
0.0
হেম বৰুৱা অসমৰ ৰাজহুৱা জীৱনত এটি অতি জনপ্রিয় নাম । কাব্য-সাহিত্য চৰ্চাৰে পৰা দিল্লীৰ ৰাজনৈতিক মহললৈকে চাঞ্চল্য সৃষ্টিকাৰী হেম বৰুৱাৰ প্ৰতিভা বহুমুখী আৰু বৰঙনিও প্রভূত । ১৯৭৭ চনৰ এপ্ৰিল মাহৰ ৯ তাৰিখে হেম বৰুৱাই ইহ জগতৰ পৰা মেলানি মাগিলে। অসম সাহিত্য সভাৰ এগৰাকী বিশিষ্ট প্রাক্তন সভাপত্তি ৺বৰুৱাৰ স্মৃতিত এখনি স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিবলৈ সিদ্ধান্ত কৰা হৈছিল। 'হেম বৰুৱা' উক্ত সিদ্ধান্তৰে ফল । পুথিখনৰ সম্পাদক অধ্যাপক যোগেশ দাস আৰু অসম সাহিত্য সভাৰ কৰ্মকৰ্তাসকললৈ আন্তৰিক কৃতজ্ঞতা জনাইছো ।
1

হেম বৰুৱা এটি জীৱনালেখ্য শ্রীমন্দ তালুকদাৰ

17 November 2023
0
0
0

হেম বৰুৱা একেৰাহে সাহিত্যিক, শিক্ষাবিদ আৰু ৰাজনীতি- বিদ। অসমীয়া সাহিত্যৰ ভৰাল টনকিয়াল কৰিবলৈ ইংৰাজী আৰু অসমীয়া ভাষাত বিধে বিধে কবিতা, ভ্রমণ কাহিনী, আলোচনা গ্ৰন্থ ৰচনা কৰা এইজনা সাহিত্যিকৰ ৰচনাৰ সংখ

2

প্ৰীতিৰ হেমহাৰ হেম বৰুৱা শ্ৰীকমল নাৰায়ণ চৌধুৰী

18 November 2023
0
0
0

নানাবিধ ৰঙৰ সমাবেশত শুনিপুণ চিত্ৰকৰে 'কেন্‌ভাচত' বিভিন্ন বিষয়-বস্তুৰ চিত্র আঁকে। সেই একেই চিন্তাৰ বশৱৰ্তী হৈ ফটোগ্ৰাফাৰে ৰঙীন আৰু ক'লা-বগা ফিল্মৰ সহায়ত নানা তৰহৰ ছবি তোলে। চিত্ৰকৰে ছবি আঁকে, ফটোগ্ৰা

3

ব্যক্তিত্বৰ মোহ শ্রীমহিম বৰা

20 November 2023
0
0
0

স্কুলীয়া দিনতে 'আরাহনত' "কল্পকীৰ কাহিনী" পড়ো। লিখক শ্রীযুত হেমকান্ত বকরা, এম, এ। 'আৱাহনৰ' এজন গ্রাহক, তেওঁৰ পৰা 'আরাহন' নানান কৌশেলেৰে আৰু বাটেৰে আহি মোৰ হাতত পৰোতে তিনি মাহ লাগে। তেতিয়া গো-গ্রাসে গিল

4

পত্নীৰ দৃষ্টিৰে শ্রীমতী অণু বৰুৱা

20 November 2023
0
0
0

এজন ৰাজনীতিজ্ঞ, এজন সাহিত্যিকৰ স্ত্রী হবলৈ পোৱাটো যেনেকৈ সৌভাগ্যৰ কথা সেইদৰে কষ্টকবও। বুটিছৰ দিনৰ চৰকাৰী চাকৰিয়ালৰ জীয়ৰী হৈ এটা সম্পূর্ণ বেলেগ পৰিৱেশত ডাঙৰ হৈ, এজন ৰাজনীতিজ্ঞৰ জীৱন সঙ্গিনী হবলৈ আগবাঢ়ি

5

হেম বৰুৱা ছাৰৰ স্মৃতি শ্রীপবনাথ শর্মা

20 November 2023
0
0
0

স্বর্গীয় হেম বকরা ছাৰ এসময়ত আমাৰ শিক্ষক আছিল আৰু আছিল বাজনীতিৰ ক্ষেত্ৰত আমাৰ বৰেণ্য নেতা। ছাৰক লগ পোৱাৰ পিছত এখন মনোৰম আৰু মহৎ গ্রন্থ অধ্যয়ন কৰাৰ দবে লাগিছিল। তেখেতৰ বসাল, খোলা অন্তৰৰপৰা কোৱা কথাবোৰলৈ

6

ছাত্ৰ আৰু সতীৰ্থৰ দৃষ্টিৰে ডঃ প্রমোদচন্দ্র ভট্টাচার্য

21 November 2023
0
0
0

হেম বৰুণা, অসম গৌৰৱ শিক্ষাবিদ, শিক্ষাব্রতী সাহিত্যিক আৰু সংসদী ৰাজনীতি বিশাৰদ এজন আগশাৰীৰ অসমীয়া লোক বুলি বৰেণ্য আৰু স্বীকৃত হৈছে। হেম বৰুৱাৰ গুৱাহাটীয়া কাৰ্য্যকালৰ বিদ্যায়তনিক পৰিবেশৰ ১৯৪৪ চনৰ প্ৰথম

7

মই জনা মানুহজন ডঃ নিৰ্মলপ্রভা বৰদলৈ

21 November 2023
0
0
0

সম্বন্ধত মোৰ হয় মামা। আমাৰ শিৱসাগৰৰ ঘৰত প্ৰায়েই গৈ থাকেগৈ। বিশেষকৈ সক্রিয় ৰাজনীতিত দেশৰ ইমূৰৰপৰা সিমূৰলৈ ঘূৰি ফুৰা সময়খিনিত। দেউতা ৰাজনীতিৰ মানুহ নাছিল। কিন্তু দেউতাই গুণী, ব্যক্তিত্বপূর্ণ, পুৰুষাৰ্থ

8

ভাতৃ হিচাপে শ্রীপ্রফুল্ল কুমাৰ বৰুৱা

21 November 2023
0
0
0

তেতিয়া ককিলামুখ আৰু গুৱাহাটীৰ মাজত আব. এছ. এন. আৰু আই জী. এন. কোম্পানীৰ জাহাজ চলিছিল। আৰ এছ এন- কোম্পানীৰ জাহাজবোৰ আছিল "কুকী", "ডফলা", "মিৰি", "মিচিমি", "লুচাই", "শিখ" আৰু আই. জী. এন. কোম্পানীৰ জাহাজ

9

জনতাদৰদী হেম বৰুৱা শ্রীঅতুলচন্দ্র হাজৰিকা

22 November 2023
1
0
0

আভিধানিক হেম বৰুৱাকে প্রমুখ্য কৰি কেবাজনো হেম বক্করাক অসমীয়া সাহিত্যই লগ পাইছে। সেইসকলৰ মাজত দুজন হেম বৰুৱাৰ ভালেখিনি সাদৃশ্য আমাৰ চকুত পৰে। এজন ত্যাগবীৰ হেম বকরা, আনজন এম-পি হেম বক্করা বা অধ্যক্ষ হে

10

সংসদত হেম বৰুৱা শ্রীবিজয়চন্দ্র ভাগৱতী

22 November 2023
0
0
0

১৯৪২ চনৰ গণ-বিপ্লর। ভাৰতৰ স্বাধীনতাৰ চূড়ান্ত সংগ্রাম। 'হয় মুক্তি নহয় মৃত্যু'-এই পণ লৈ বীৰ-বীবাজনায়কলে স্বাধী- নতাৰ বেদীমূলত নিজৰ জীৱন উৎসর্গা কৰিলে। অসমত সেই বিপ্লৱৰ ঢৌৱে প্রচণ্ড ৰূপ ললে। উদীয়মান ডেক।

11

জনজীৱনৰ দৃষ্টিত শ্রীশশী শর্মা

22 November 2023
0
0
0

অসম বিখ্যাত হেম বৰুরা কেবাজনো। কিন্তু সম্প্রতি হেম বৰুৱা বুলিলে প্রাক্তন সংসদী সদস্য, সু-সাহিত্যিক হেম বৰুৱা বুলিহে জনা যায়। হেম-কোষৰ হেম বৰুৱা আৰু যুক্তি-সংগ্ৰামৰ অন্যতম শ্রেষ্ঠ গুৰীয়াল হেম বৰুৱাৰ কথ

12

ৰাজনৈতিক সহকর্মীৰূপে চুজাউদ্দীন আহমদ

22 November 2023
0
0
0

হেম বকরা এটি সৰু নাম। তাৰ মাজতেই লুকাই আছিল এটি অগ্নিফুলিঙ্গ প্রচণ্ড বিস্ফোৰণৰ জুইশলা কাঠি। বিৰাট ব্যক্তিত্ব-সম্পন্ন, মহা-মহীৰূহ সদৃশ এই প্রতিভাধব মহান পুৰুষজনৰ কথা মনলৈ আহিলেই চকুৰ আগত ভাহি উঠে এখন ব

13

আধুনিক অসমীয়া সাহিত্যত হেম বৰুৱাৰ স্থান শ্রীত্রৈলোক্য নাথ গোস্বামী

23 November 2023
0
0
0

যিটো সময়ত হেম বৰুরাই কাপ হাতত লৈছিল, সেই সময়ত অসমীয়া সমাজৰ মাজত নতুন নতুন ভাবধাৰাৰ অনুপ্রবেশ ঘটিছে। দেশৰ মুক্তি-আন্দোলন বিযপি পৰি দেশবাসীৰ মাজত সঞ্চাৰ কৰিছে নর জাগৰণ; দ্বিতীয় মহাসমৰৰ দ্রুত বিস্তাবে দে

14

হেম বৰুৱাৰ জীৱন দৰ্শন আৰু সাহিত্য শ্রীঅতুলচন্দ্র বৰুৱা

23 November 2023
0
0
0

মানুহৰ জীৱন কামৰ সমষ্টি মাথোন। এই কৃতি বা কাম আৰু ৰচনা বা সাহিত্যৰ মাজেদি বাগ্মীনেতা হেম বৰুৱাৰ জীৱন দর্শনৰ মূল সূত্র কি আছিল তাকে অলপ বিশ্লেষণ কৰি চাব খুজিছো। ১৯৩৭ চনতে 'আরাহন'ত 'হিয়াৰ মিলন' গল্প প্

15

হেম বৰুৱা আৰু তৎকালীন কবি-গোষ্ঠী শ্রীনৱকান্ত বৰুরা

23 November 2023
0
0
0

'আরাহন'ত ওলাইছিল কন্নকী আৰু কভালানৰ কাহিনী- লেখকৰ নাম পাইছিলোঁ, শ্রীযুত হেমকান্ত বৰুরা এম. এ.। খবৰ পাইছিলো, জে. বি. কলেজত ইংৰাজী পঢ়ায়। তেওঁৰ শ্রেণীবোৰ হেনো ইংৰাজীৰ শ্রেণী হৈ নাথাকে-অসমীয়াকে ধৰি বিশ্ব-

16

হেম বৰুৱাৰ ইংৰাজী ৰচনা শ্রীউপেন্দ্রনাথ শর্মা

23 November 2023
0
0
0

হেম বৰুৱাই অসমীয়া সাহিত্যত অবিস্মৰণীয় অৱদান দি থৈ গৈছে। তেখেত আধুনিক অসমীয়া কবিতাৰ আন্দোলনৰ গুৰি ধৰোঁতা। জনমুখী ৰাজনীতি আৰু ভাৰতীয় পৰম্পৰাৰ প্রতি থকা আনুগত্যৰ বাবে তেখেতে অসমীয়া কবিতাৰ সন্ধিক্ষণত এই ক

17

হেম বৰুৱাৰ ভ্ৰমণ-সাহিত্য ডঃ হেমন্তকুমাৰ শৰ্মা

24 November 2023
1
0
0

একেধাৰে কবি, সমালোচক, সাংবাদিক, বক্তা, শিক্ষাবিদ আৰু বাজনীতিজ্ঞ পুৰুষ হেম বৰুৱা অসমীয়া সাহিত্যত ভ্রমণ-কাহিনী- ৰচয়িতা হিচাপেও বিশেষভাৱে পৰিচিত। এতিয়ালৈকে হেম বৰুরাকেই শ্রেষ্ঠ ভ্রমণ-কাহিনীকাৰ বুলি ক'ব প

18

এছাটি পছোৱা শ্রীযোগেশ দাস

24 November 2023
0
0
0

"আজি এই আগলি বতাহে কই গ'ল আহিছে পছোরা সারধান ধনীৰ দুলাল; ধন ঢালি মিছা সভ্যতাৰ মিছাৰেই সঁচা বন্দী কৰা সজা ভাঙ্গি পখীটি ওলাল।" -ভরপ্রসাদ মুলকৰাজ আনন্দৰ "কুলী" উপন্যাসৰ বঙলা ভাঙনিখন কিনি মই প্রথম পাতটোত

---

এখন কিতাপ পড়ক