মানুহৰ জীৱন কামৰ সমষ্টি মাথোন। এই কৃতি বা কাম আৰু ৰচনা বা সাহিত্যৰ মাজেদি বাগ্মীনেতা হেম বৰুৱাৰ জীৱন দর্শনৰ মূল সূত্র কি আছিল তাকে অলপ বিশ্লেষণ কৰি চাব খুজিছো।
১৯৩৭ চনতে 'আরাহন'ত 'হিয়াৰ মিলন' গল্প প্রকাশ কৰি অসমীয়া সাহিত্যত প্রথম পদক্ষেপ দিয়া শ্রীযুত হেমকান্ত শর্মা বৰুরা বি. এ. ডাঙৰীয়ায়ে ইংৰাজীৰ এম. এ. পাছ কৰি অধ্যয়নৰ অন্তত অধ্যাপনাত আৰু তাৰ পিছত বক্তৃতা আৰু লেখনীৰে অসমৰ গৌৰৱ ভাৰতৰ আৰু বিশ্বৰ পণ্ডিত-সভাত প্ৰচাৰ কৰা হেম বৰুরা। বাগ্মীনেতা হেম বৰুৱা আজি নাই, কিন্তু তেওঁৰ কৃতিত্বৰ কাহিনী মানুহৰ মুখে মুখে।
হেম বৰুৱাৰ জীৱনৰ মূল আদর্শ আমি দেখাত আছিল প্রধানতঃ ছটা: প্রথমটো ত্যাগ আৰু দ্বিতীয়টো দৃঢ় প্রতিজ্ঞা: ইহকাল আৰু পৰকালৰ কাৰণে কাম কৰি যাবলৈ দৃঢ় প্রতিজ্ঞা। তেওঁ মাজে মাজে কৈছিল আৰু লিখিছিলো, "বাজনীতি কৰিছে। ইহুকালৰ কাৰণে, সাহিত্য চর্চ্চা কৰিছো-পৰকালৰ কাৰণে।" দৃঢ় প্রতিজ্ঞাৰ ইঙ্গিত দি তেওঁৰ এজনা অন্তৰঙ্গ বন্ধুরে লিখিছে যে আৱাহনৰ পাতত ত্রিশৰ দশকত তেতিয়াৰ হেমকান্ত শর্মা বকরাই গল্প আৰু আলোচনামূলক প্রবন্ধেৰে থৰক-বৰককৈ খোজ পেলাইছিল মাথোন-ভবিষ্যতৰ সম্ভাৱনাৰ সিমান আশা দিব পৰা নাছিল। বক্তৃতাৰ ক্ষেত্ৰতো যোৰহাটৰ অনুষ্টুপীয়া আয়োজনব সাহিত্য সভা এখনতো বক্তৃতা দিবলৈ উঠি তাহানি জৱাহৰলাল নেহকরে প্রথমে বক্তৃতা দিবলৈ উঠি ৰঙা-চঙা পৰি ঘামি-জামি যোৱাৰ দৰে গৈছিল। ১৯৩৯-৪২ চনৰ ভিতৰত ঘটা বৰুৱাদেৱৰ জীৱনৰ পৰিবৰ্তনলৈ লক্ষ্য কৰি তেওঁৰ বন্ধু মুনীন বৰকটকীদেৱে কৈছে, "ভাব হয় সেই কেইবছৰৰ চৰম বিপৰ্যয়ৰ ভাগ্য পৰিবৰ্তন আৰু আশাভঙ্গ তেওঁৰ জীৱনলৈ নহা হলে যিজন হেম বৰুৱাক লৈ অসমীয়াই আজি গর্ব কৰে সেইজন হেম বৰুৱাৰ পাতনি হয়তো নহ'লহেঁতেন।" এইখিনিতে থোৰতে উল্লেখ কৰা যায় যে জীৱনৰ এনে আশাভঙ্গই বহুতৰ জীৱন-তৰীৰ গতিকে তেনেই পৰিবর্তন কৰি দিয়ে, বহুতৰে আকৌ পাল ছিগি গৈ সি ডকা-চাকনৈয়াত পৰি পানী খাবলৈ ধৰে আৰু খেনোৰ ক্ষেত্ৰত বুৰ যোৱাও দেখা যায়। এনে পৰিস্থিতিত বৰুৱাৰ সাহসিকতা আৰু ধৈর্য্য অসমৰ ভাগ্য আৰু গৌৰৱৰ কথা।
হেম বৰুৱাৰ জীৱনত ত্যাগ আৰু একনিষ্ঠতাৰ আদর্শ হিমালয়ব শৃঙ্গৰ দৰে উচ্চ হৈ থাকিব। ব্যক্তিগত জীৱনত সেই মহীয়সী ত্যাগৰ গৰিমা আমি নিজে উপলব্ধি লভিছিলো। ১৯৫৬ চন মানৰ কথা। কৰিলৈ কিঞ্চিৎ সুযোগ সচৰাচৰ থকাৰ দৰে তেওঁ কৰবাৰপৰা আহি এদিন বাটৰ কাষৰ তামোলৰ দোকান এখনত চুণে-চাদাই সেলেডি লগাই তামোল খাই আছিল। এনে সময়তে কোনোবা ফালৰ পৰা আমিও আছি সেইখিনি পালোঁহি। আমি তেতিয়া গুৱাহাটী চক্ৰৰ মাটিৰ হাকিম। পুৰণি অন্তৰঙ্গ বন্ধু যদিও দেশনেতা বাবে বকরাক অলপ সমীহ কৰি চলোঁ। সববৰহী বৰুৱাই পোনেই কলে-“বকরাদেও, আপোনালোকে হেনো বহুত মাদুহক চৰকাৰী মাটি দিব লাগিছে-আমাকো এটুকুৰা নিদিয়ে কিয় ?"-তেতিয়া বকরা ডাঙৰীয়া চেনিকুঠীৰ এটা ভাড়াঘৰত কথা সাহিত্যিক যোগেশ দাসৰ লগত আছিল।-মই কথাৰ মৰ্ম সাধাৰণভাৱে বুজি লৈ কলোঁ-"সঁচা নেকি? আপুনি জানো দর্থান্ত কৰিছে? আপোনাৰ দৰ্খাস্ত দেখাতো মোৰ মনত নপৰে! মন্ত্ৰীৰ হাতত দিছে যদি সি এতিয়াও আমাৰ হাত পোৱাহি নাই।" -তেওঁ কলে, "নাই দিয়া, দিম বাৰু। মনত ৰাখিব কিন্তু। পিছে এটা কথা দেই, মোক চৰকাৰী মাটি নালাগে-কেইদিননে। থাকিম হেৰি? 'বৰাৰ ঘৰত তৰাৰ গাঁথি, বৰা থাকিব কেই ৰাতি?' ভাড়াঘৰত বা পৰৰ ঘৰত থকাই দেখোন ভাল। আমি পৰৰ ঘৰতে ওপজো আৰু পৰলৈয়ে ঘৰ-বস্তু এৰি থৈ যাওঁ-নহয় জানো?"
-"তেনেহলে মাটি কিয় লাগে? কাৰ কাৰণে লাগে ?" -"মোক নালাগে: মোৰ কলেজটোৰ বাবেহে লাগে। ভাড়া- ঘৰত কলেজ আৰু কিমান দিন চলাম বাৰু?"
মোৰ তেতিয়া মনটো গধুৰ লাগিছিল। ঘুৰি আহি ভাবিছিলো -ভব্যগব্য নায়ক অধিনায়কসকলকো পাইছো-গুৱাহাটীৰ মাটিৰ কাৰণে বুকুৰ কুটুম আদৰি নি কথা পতাৰ দৰে কথা পাতেঃ তইহে তই, মইহে মই। বোলে মহন্তৰ চিন মাহনিত, বুঢ়া গৰুৰ চিন বাঁহনিত! কিন্তু এই লোকজনৰ ক্ষেত্ৰত আদৰ্শৰ কি বৈপৰীত্য!
অন্য এদিনৰ কথা। ষ্টেডিয়াম এটা গুৱাহাটীত পাতিবলৈ ৰাইজৰ প্রস্তার পাই তেতিয়াৰ ৰাজহ মন্ত্রী মতিৰাম বৰাই ৰাধাগোবিন্দ বৰুৱাক বিলওলৈ মাতিলে-লগতে জিলাৰ বৰ চাহাবক নির্দেশ দিলে-নথি-পত্র লৈ ময়ো বৰুৱাৰ লগতে আলোচনাত যোগ দিবলৈ শ্বিলঙলৈ যাব লাগে। বকরা আৰু মই হুয়ো গৈ যথাসময়ত উপস্থিত হোয়াত মন্ত্রীয়ে মেপ চাই স্টেডিয়ামৰ কাৰণে আমি দেথুরামতে মাটি দিবলৈ স্থিৰ কৰিলে। ষ্টেডিয়ামৰ মাটিৰ দক্ষিণ-পূর্ব কোণত লগতে লগা ১০।১১ বিষা মাটিৰ টেমুনা এটা ওলাল-ষ্টেডিয়ামক সেই মাটি নালাগে। মই কলো-"ছাৰ, এই মাটিখিনিও এটা বাজহুরা অনুষ্ঠানত দি লেঠা মাৰি থোৱা ভাল; নহলে ই আমাৰ সকলোৰে জীৱন দুর্বহ কৰি
তুলিব। দর্থান্তৰ ওপৰত দর্থান্ত পৰিব।”
-"কাক দিলেনো ভাল হব?" মন্ত্ৰী গৰাকীয়ে সুধিলে।
"কি অনুষ্ঠানৰ বাবে ?"
-"প্রিন্সিপাল হেম বকরাই বি- বকরা কলেজৰ কাৰণে লগ পালেই মুখেৰে দৰ্খাস্ত দিয়ে। তেওঁক দিয়াই বেয়া নহয় নেকি?" -মই কলো।
-"এবাহে! এই মানুহজনৰ প্ৰতি মোৰ শ্রদ্ধা হয়। পিছে তেওঁৰ দৰ্খাস্ত নাই। নাপায় বুলি দিবলৈ লাজ কবে হবলা। দিবলৈ কব।"-এই বুলি মোৰ মেপতে মন্ত্রীয়ে নিজ হাতে লিখি দিলে Site for B. Borooah College. লিখাই নহয় সৰুকৈ স্বাক্ষৰো দি থলে আৰু প্রস্তার দিবলৈ কলে।
গুৱাহাটী পাই কথাটো উত্থাপন কৰাত উপায়ুক্তই পোনেই দাং খাই উঠি কলে নাই নাই, বি. বকরা কলেজক দিব নোৱাৰি। সি আৰু এটা 'ট্রাবল স্পট' হব। পিছত আদ্যোপান্ত কৈ মন্ত্ৰীৰ চহী থকা মেপ দেখুরাত জানিবা মন্ত্র শুনা সাপে ফণা চপৰোৱাব দৰে জামৰি গ'ল আৰু নীবব হ'ল। বি. বৰুৱা কলেজৰ ভেটি মাটি এইদৰেই লাভ হৈছিল-হেম বৰুৱাৰ ত্যাগৰ মাজেদি। নিজৰ কাৰণে বৰুৱাই কিন্তু চৰকাৰী মাটি কোনো দিনে নিবিচাৰিলে।
আজিকালি সাহিত্য সভাৰ সভাপতিৰ পদটো মন্ত্ৰীৰ গাদীৰ দৰে বহুতৰ কাৰণে এটা কাম্য বস্তু হৈ পৰিছে। তাৰ বাবে কিমানে কিমান ঘূৰে আৰু আনকো ঘূৰায়, কিমান জাল পাতে, কিমানে ছাত্র আৰু ছাত্রস্থানীয় শিষ্য-প্রশিষ্যসকলক খটায়- সেইটো সকলোৰে জনা কথা। পিছে পাঁচ দশকৰ মাজ ভাগ মানত এনে এটি গৌৰৱৰ কাৰণে হেম বৰুৱাৰ নামটো যেতিয়া উত্থাপিত হ'ল-তেতিয়া তেওঁ এই বুলি উত্তৰ দিলে যে তেওঁ সেই পদৰ বাবে তেতিয়ালৈ নিজক যোগ্য হোৱা বুলি নাভাবে, কাৰণ অসমীয়া ভাষা আৰু সাহিত্যৰ হকে তেতিয়ালৈ তেওঁ লেখত লবলগীয়া একো বৰঙণি দিব পৰা নাই।
নকলেও হব যে সেই সময়ত সমাজবাদী নেতা আৰু বাগ্মী হেম বৰুৱাৰ প্রতিভা উদীয়মান সূৰ্য্যৰ ৰশ্মিৰ দৰে উজ্জ্বল হৈ পৰিছিল আৰু বস্তুতঃ তেওঁৰ বক্তৃতা শুনিবৰ কাৰণে মানুহে ব্যগ্ৰ হৈ খেদি ফুৰিছিল। সাহিত্য সভাৰ সেই আহ্বানে কিন্তু হেম বৰুৱাক বাইজৰ আশা-আকাঙ্ক্ষা আৰু তেওঁৰ কর্তব্য সম্পর্কে বাৰুকৈয়ে সচেতন কৰি তুলিলে। তেতিয়াৰ পৰা বৰুৱাই কমেও বছৰি দুখনকৈ গ্রন্থ প্রণয়ন কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰাত লাগি গ'ল। তেওঁ নিশ্চয় ভাবিছিল ৰাইজে তেওঁলৈ আগবঢ়োৱা সম্মানৰ আসনখন তেওঁ এদিন যোগ্যতাৰে অধিকাৰ কৰিবই লাগিব, আৰু তাৰ বাবে তেওঁ প্রস্তুতি চলাইছিল।
বৰুৱাৰ সঙ্গী ৰাজনীতিক বন্ধু দুই-এগৰাকীয়ে ইতিমধ্যে লুটি- বাগৰ দি ক্ষমতা আৰু ভোগ-ঐশ্বৰ্য্যৰ শীৰ্ষ-স্থানত টিঘিল-ঘিলালে; তেওঁ কিন্তু মনৰ সংকল্প আৰু দৃঢ়তা ত্যাগ নকৰিলে। তেওঁক নিবলৈ এবাৰ গোপীনাথ বৰদলৈৰ দৰে লোকেও যত্ন নকৰাকৈ থকা নাছিল: আনকি মুখ্যমন্ত্রীৰ প্রাইভেট চেক্রেটাৰীৰ পদৰীষ টোপ পর্য্যন্ত যাচিছিল বুলি শুনা যায়। কটন কলেজৰ অধ্যাপকষ চাকৰিৰ প্রলোভনো-অন্য কাৰণত তেওঁলৈ আহিছিল। সেই সকলোবোৰ প্রলোভন হাস্তবদন বৰুরাই বসিকতা কৰি হাঁহি হাঁহিয়ে উৰুৱাই দিছিল। এনেকুৱা ত্যাগৰ আদর্শ আজিৰ দিনত কেইজনৰ আছে?
হেম বকরা
বৰুৱাৰ বাগ্মিতা আৰু সাহিত্যিক প্রতিভাত বহু পৰিমাণে যত্নৰ ফলত আয়ত্ত কৰা সমল বুলি তেওঁ নিজে স্বীকাৰ কৰিছে। ১৯৩৮ চনৰ কথা। উচ্চ শিক্ষা লাভ কৰি নিবনুৱা হৈ বহি থকা সময়ত তেওঁ হেনো এদিন 'আরাহন' এখন লৈ জনচেবেক ছাত্রৰ আগত 'আৱাহন'ৰ প্ৰত্যেকটো গল্প, প্রবন্ধ, কবিতাৰে খুটবোৰ খুচৰি কট সমালোচনা কৰিছিল। তাতে সাহসী ছাত্র এজনে বিৰক্ত হৈ কলে-ছাব, পিছে লিখকসকলে হোরাই-নোহোরাই কিবা • নহয় কিবা এটা লিখিবলৈ যত্ন কৰিছে-সি নির্ভুল বা স্বয়ংসম্পূর্ণ নহবও পাৰে, আপুনি এম. এ. পাছ কৰিনো কি কৰিছে? আপুনি নিলিখে কিয়?- বকরা স্তব্ধ হ'ল। কবলৈ গলে সেয়ে তেওঁৰ চকু মুকলি কৰিলে। তাৰ পাছতেই তেওঁ আৱাহনত আৰম্ভ কৰিলে পাল' বাকৰ বিষয়ে এখন ৰচনা, তাৰ পাছত আধুনিক নাট্য সাহিত্যত বিয়ানাম আৰু বোমাল, মেটাবলিঙ্কৰ সাহিত্য- প্রতিভা, আধুনিক সাহিত্যৰ লক্ষণ, আধুনিক সাহিত্যৰ প্ৰকাশভঙ্গী আদি প্রবন্ধ। ডাঃ হেম বৰুৱাৰ জীৱনতে। ঠিক এনেকুরা ঘটনাই ঘটিছিল। শ্বিলং মুকুল সঙ্ঘৰ এক বৈঠকত পোনতে প্ররেশ কৰি ডাঃ হেম বৰুৱাই কৈছিল, "ময়ো সঙ্ঘত সোমালে। যেতিয়া -মোৰ জীৱনৰ অভিজ্ঞতাৰেই ময়ো সাহিত্য সৃষ্টি কৰি আনি আপোনালোকক শুনাম বুলি ভাবিছো।"-ভাতে এজন গা-উঠা বিধৰ সদস্যই কলে-“নালাগে আপুনি সাহিত্য ৰচনা কৰিব। ইমান দিনে ঔষধৰ 'পেচ,ক্রিপ চন' লিখি থাকি আপুনি এতিয়া সাহিত্য লিখিব নোৱাৰে। আমি আপোনাক বেহাই দিছো।" -ডাক্তৰ হেজ বৰুৱাই অন্তৰত বৰ দুখ পালে। তেওঁ সেইদিনাই প্রতিজ্ঞা কৰিলে-বাৰু মই সাহিত্য লিখিব পাৰোঁ নে নোৱাৰে। -তোক দেখুরাম! মই সাহিত্য লিখি তোৰ পৰা বাঃবাঃ লৈহে এবিম। তাৰ ফলতেই 'নরগ্রহ', 'চপনীয়া', 'মোৰ ঘৰখন' আদি বসপুষ্ট গ্রন্থ প্রকাশত বাহিৰেও তেতিয়া 'ৰামধেনু', 'জয়ন্তী' আদি আলোচনী তেওঁৰ প্রবন্ধেৰে ওপচি পৰিছিল। তেরে। আছিল এক হেম বকরা, এরে। অন্য এক হেম বকরা! দুয়োৰো সাহিত্য সৃষ্টিৰ পাতনি কিন্তু একে ধৰণৰ মনৰ জিদত উত্তর হোরা দৃঢ় সংকল্প!
ৰাজনীতিৰ ক্ষেত্ৰত হেম বৰুরাই মঞ্চ-বক্তা আৰু সংসদী-তাকিক হিচাপে যি কীর্তি ৰাখিলে তাৰ তুলনা নাই, কিন্তু সি তেওঁৰ ভাষাতেই ইহকালৰহে সমল। তাৰ হৰণ-ভগন হবই। কিন্তু সেই একেডোখৰ কালতে যুগপৎ তেওঁ ৰাতিক দিন কৰি, মগজু ঘটাই, টোপনি বঞ্চি-ৰাজনৈতিক জীৱনৰ চৈধ্যটি বছৰৰ ভিতৰতে যি ৩১ খন কিতাপ ৰচনা কৰিলে সেয়েহে তেওঁক অসমীযা সাহিত্যত বহু কাললৈ নমস্য কৰি ৰাখিব। তালৈ লক্ষ্য কৰিয়ে ডঃ সৰ্ব্বপল্লী ৰাধাকৃষ্ণনৰ দৰে লোকেও তেওঁলৈ লিখিছিল-I am glad that you write. Nothing ultimately lasts except your writing.
বৰুৱাৰ সাহিত্য অকল জ্ঞানগর্ভই নহয়, অভিজ্ঞতাপুষ্ট আৰু নানা দেশৰ জ্ঞান-বিজ্ঞানৰ সমন্বয় সম্বলিতও। ৰাজনৈতিক জীৱনত তেওঁ চৰকাৰ-বিৰোধী দলত থাকিও ভাৰতৰ প্রতিনিধিত্ব কৰিবলৈ আমেৰিকা, ইউৰোপ, কছিয়া, ইণ্ডোচীন আদি ঠাইবোৰলৈ প্রেৰিত হৈছিল। তেওঁৰ এইবোৰ দেশ ভ্ৰমণৰ ফলত আমি পাইছো-'সাগৰ দেখিছা', 'ৰঙা কৰবীৰ ফুল', 'মেকং নৈ দেখিলে।' আৰু 'ইজৰাইল'-এই চাৰিখন আপুৰুগীয়া গ্রন্থ।
পুথিৰ পাতনিত সদায়ে গ্রন্থকাৰে ব্যক্তিগত কথা দুই-একোটা এনেকৈ কৈ খয় যে সিয়ে গ্রন্থকাৰৰ ৰচনাৰ পটভূমিৰ ইঙ্গিত দিয়ে আৰু বিষয়বস্তু আৰু অধিক উপভোগ্য কৰি তোলে। পাতনিত উল্লেখ কৰা গ্রন্থকাৰৰ স্বীকাৰোক্তিবোৰ গ্রন্থ-গৰ্ভৰ সঁচাৰ- কাঠীৰ দৰে।
১৯৬৪ চনত ছপা হোৱা 'আঁচু-ফুল'ৰ পাতনিত বৰুৱাই কৈছে -"ক্ৰমাৎ মোৰ উপলব্ধি হৈ আহিছে ৰাজনীতি আৰু সাহিত্য- চর্চ্চা দুয়োটা বস্তু একেলগে চলাবলৈ টান। নেহৰুরেও তেওঁৰ প্ৰায়বোৰ কিতাপ জেলত লিখিছিল।" "মেকং নৈ দেখিলে ।' গ্রন্থৰ পাতনিত আছে "মন নগলে কোনে। কামকে মই নকৰো।" দক্ষিণ-পূব এছিয়ালৈ ৰাজনৈতিক ভ্ৰমণৰ বাবে যোৱাৰ আহবান ভাৰত চৰকাৰৰ পৰা অহাত তেওঁৰ হেনো "মন-ময়ৰী চালি ধৰি উঠিছিল", কাৰণ তেওঁ জানিছিল যে "অসমৰ বুৰঞ্জী আৰু সংস্কৃতিৰ বিষয়ে ভালকৈ জানিবলৈ হলে দক্ষিণ-পূব এছিয়াৰ এই দেশসমূহৰ সৈতে, ঘাইকৈ টাইলেণ্ড আৰু লাওচৰ সৈতে, সম্বন্ধ স্থাপন কৰিব পাৰিলে ভাল
হেম বৰুৱাই তেওঁৰ কিতাপবোৰৰ পাতনিখনক বেলেগ বেলেগ নামে অভিহিত কৰে। 'মেকং নৈ'ৰ পাতনি হ'ল- "জিলিকনি, নতুন দিল্লী ১৯৬৬।" দ্বিতীয় সংস্কৰণখন হ'ল-"আৰু একেষাৰ, গুৱাহাটী ১৯৬৮।" জিলিকনিত গ্রন্থসৃষ্টিৰ বেদনা কেনেকৈ জিলিকি উঠিছে মন কৰিবলগীয়া। "মেকং নৈ দেখিলো' -এই কিতাপখন বৰ কষ্টেৰে লেখিছো। সময়ৰ নাটনি। সময়ৰ নাটনিৰ সৈতে সংগ্রাম কৰি, নিতৌ নিশা আঢ়ৈ বজালৈকে উজাগৰে থাকি -ছুদিন নিশা চাবে তিনি বজালৈকে বহি-কিতাপখন লেখিলোঁ। ইমান কষ্টকৈ কিতাপ লেখিব লাগে কিয়? নেলেখিলেও দেখোন হয়। ৰাজনীতি কৰা মানুহৰ কাৰণে কিতাপ লেখাটো একপ্রকাৰ বিলাসিতা। জীৱনত যি কোনো সুযোগ-সুবিধা নাপালে, জিৰণি কি বস্তু যি নাজানিলে, তেনে মানুহে যিমান সোণকালে কিতাপ লেখা অভ্যাসটো বর্জন কৰিব পাৰে সিমান ভাল। মনতে বহুবাৰ ভাবিছো, কার্য্যত কিন্তু আজিও পৰিণত কৰিব পৰা নাই।"
১৮৫
এই পুথিৰে দ্বিতীয় সংস্কৰণত "আৰু একেষাৰ" কওঁতে তেওঁ কৈছে-"যাৰ স্বকীয় প্রতিভা আছে সেইসকলৰ কথা সুকীয়া। সেইবুলি প্রতিভাশালীসকলৰ ক্ষেত্ৰতো যে প্রচেষ্টাৰ প্রয়োজন নাই, সেইষাৰ কথা কব খোজা নাই। 'মেকং নৈ দেখিলে।' ভ্রমণ কাহিনী সাধাৰণ এক প্রচেষ্টা। ইয়াত প্রতিভাৰ সাঁচ নাই।" এনে স্বীকাৰোক্তি কেইজনে কৰে? ই বৈষ্ণৱী বিনয় নহয়, গ্রন্থকাৰ বৰুৱাৰ অন্তৰৰ খোলা কথা।
'কিউপিড আৰু ছাইকী'তো তেওঁ কৈছে- (পাতনিত)- "সাহিত্য সৃষ্টিৰ বাবে অৱসৰৰ প্ৰয়োজন।" 'সানমিহলি'ত তেওঁ আত্মবিশ্লেষণ কৰি চাই মন্তব্য দিছে, "লেখকৰ জীৱনটোরেই সানমিহলিৰ এটা ভগ্নস্তুপ।” ইত্যাদি।
'এবাৰ পঢ়ি চাওঁ' শিতানৰ 'বহাগতে পাতি যাওঁ বিয়া' বোলা গ্রন্থখনৰ পাতনিত আকৌ পাঠকে 'গোঁসাইঘৰত কোন' বুলি প্রশ্ন কৰাৰ সন্দেহত নিজেই প্রশ্নেৰে আৰম্ভ কৰিছে-“অল্লীল?- 'বহাগতে পাতি যাওঁ বিয়া' কিতাপখনত উচপ খাবলগীয়াকৈ অশ্লীল কথা নাই। * পৃথিবীত অশ্লীল বোলা কিবা এটা বস্তু আছে বুলি নাভাবো। সকলোবোৰ কথা নিজৰ মানসিক সংযম আৰু দৃষ্টিভঙ্গীৰ ওপৰত নিৰ্ভৰ কৰে। মনটো সংযত কৰিব পাৰিলে একো কথালৈ চিন্তা কৰিবলগীয়া নাই। তথাপি কোনোবাই 'বহা- গতে পাতি যাওঁ বিয়া' কিতাপখনক যদি অশ্লীল বুলিব খোজে তেস্তে উপায় নাই।" দৰাচলতে এই কিতাপখন বৰুৱাৰ বিবিধ যৌন-সাহিত্য অধ্যয়নৰ ফলশ্রুতি। দেশ-বিদেশৰ ন-পুৰণি তেওঁ অজস্র যৌন-সাহিত্য অধ্যয়ন কৰিছিল। তেওঁ পাতনিত নিজেই কৈছে যে সেই সময়ত দিল্লীৰ সংসদ-ভৱনৰ পুথি-ভঁৰালত চৌত্রিশখন কিতাপ আছিল; তাৰ উপৰি তেওঁৰ নিজাকৈও একে শ্রেণীৰ আৰু হুই-চাৰিখন কিতাপ আছিল। সেই সকলোবোৰ তেওঁ পঢ়িছিল আৰু পঢ়ি উঠি তেওঁৰ মনত ভাৰ হৈছিল-এইলেখীয়া কিভাপ এখন আমাৰ ভাষাত নেলেখো কিয়? তাতেই 'বহাগতে পাতি যাওঁ বিয়া'ৰ জন্ম। মাতৃভাষাৰ দৈন্ত্য-দূৰীকৰণৰ এনে চিন্তা আৰু প্রয়াস হেম বৰুৱাৰ সাহিত্য সৃষ্টিৰ এটি মূল উৎস। প্রাসঙ্গিকভারে কোৱা যায় যে ডঃ সূৰ্য্যকুমাৰ ভূঞায়ো সেই একে কথাকেই কৈছিল। 'পছোৱাৰ ৰেঙণি' (১৯৬৯) হেম বৰুৱাৰ অন্য এখন বিবিধ বিষয়ৰ অনুবাদ ৰচনাৰ গ্ৰন্থ। ইয়াৰ পাতনিক বোলা হৈছে- “পছোৱাৰ এসোঁতা'। তাত পোনতে তেওঁ ১৯৪৮ চনত মাহেকীয়া 'পছোরা' আলোচনী এখন কেনেকৈ সম্পাদনা কৰিবলৈ লৈছিল আৰু তাৰ সম্পাদনা কেনে অভিনব ধৰণৰ-অন্ততঃ অসমীয়া সাহিত্যত নোহোৱা-নোপজা বিধৰ আছিল তাৰে এটি ইঙ্গিত দিছে। এবছৰ মাত্র জীয়াই থকা এই মাহেকীয়া আলোচনীখনৰ সাহিত্যিক বৰঙণি উলামূলা বিধব নাছিল। ইয়াৰ ঘাই বিষেষত্ব আছিল এয়ে যে ই আছিল এখন সম্পাদকৰ নাম-স্বাক্ষৰ বহন নকৰা-অভিনর সাহিত্যালোচনী। ইংৰাজীত এনে আলোচনী আছে। বৰুৱাৰ নিজৰ কথাতে- “সম্পাদকীয়ৰ আৰিয়া নোহোরা 'পছোরা' আলোচনীয়েই সম্ভরতঃ সম্পাদকীয়হীন প্রথম অসমীয়া আলোচনী।” স্রষ্টা থাকে অন্তৰালত, সৃষ্টি হয় প্রকাশ-এয়ে আছিল 'পছোৱা'ৰ বিশেষত্ব।
আলোচনী প্ৰকাশৰ পথৰ আহুকালবোৰৰ সৰস আৰু করুণ বিষয় বর্ণাই 'পছোৱা'ৰ এসোঁতাক সঁচাকৈয়ে নতুন সাহিত্যৰ এসোঁতা কৰি তুলিছে। প্রপন্ন শিষ্যক গুৰুজন ডঃ কাকতিয়ে দিয়া উপদেশৰেই মুক্তাফল 'পছোৱাৰ ৰেঙণি।' এই শিষ্য গ্রন্থকাৰ- জনাই কৈছে-“পছোরা আলোচনীত প্রায়েই ভাঙনি বস্তু প্রকাশ কৰা হৈছিল। আন বস্তু পালেও আলোচনী একোখনলৈ প্রবন্ধ পোৱাটো টান। প্রবন্ধ ৰচনাৰ কাৰণে বিশেষভাৱে অধ্যয়ন আৰু চিন্তাৰ প্রয়োজন। প্ৰবন্ধৰ বাবে হাহাকাৰ কবি এদিন ডঃ বাণী- কান্ত কাকতি দেৱৰ পৰামর্শ বিচাৰিলো। 'ছাব, কি কৰো? কিবা এটা পৰামর্শ দিয়ক।' ছাবে কলে-'এটা কাম কৰা, ইংৰাজী কিতাপ, আলোচনী পড়া নহয়? সেইবোৰৰ পৰা বাছি বাছি বস্তু ভাঙি আলোচনীখনত প্রকাশ নকৰা কিয়?' শিক্ষাগুৰুৰ এই পৰামৰ্শটো শিৰত লৈ ইংৰাজী কিতাপ-আলোচনীৰ পৰা বহুতো বস্তু 'পছোরা' আলোচনীত ভাঙনি কৰি দিছিলোঁ। তাৰে কিছু- মানৰ সঙ্কলন হৈছে 'পছোৱাৰ ৰেঙণি' বোলা এই পুথিখন।" সঁচাকৈ জৱাহৰলাল নেহৰু, মূলকৰাজ আনন্দ, বাট্ৰাণ্ড বাছেল, এ. বার্ণছ, হৰপ্ৰসাদ শাস্ত্রী আদি মনীষীসকলৰ বাছকবনীয়া ৰচনাৰ ভাঙনিবে এইখন এখন মুক্তামালাৰ যুগজয়ী গ্রন্থ।
'ছিন্নমূল' হেম বৰুৱাৰ এখনি শেহতীয়া গ্রন্থ (১৯৭৩)। ই বিভিন্ন সময়ত লিখা বাৰখন বিভিন্ন বিষয়ৰ ৰচনাৰ সমষ্টি। ইয়াত তেওঁ পাতনিক 'দৃষ্টিপাত' নাম দিছে। অর্থনৈতিক হেঁচায়ো গ্রন্থকাৰক এই সময়ত কেনেকৈ জুৰুলা কৰিব ধৰিছিল-আৰু সাধাৰণতে লেখকসকলৰ আৰ্থিক অৱস্থা যে সকলোৰে প্রায় এনে- কুরাই হয়, তাৰ এটি মর্মস্পর্শী বর্ণনা দৃষ্টিপাতে দাঙি ধৰিছে। ইয়াত কথা কম, ভাব বেছি। বচনাবোৰৰ মাজে মাজে জ্ঞানগর্ভ অভিজ্ঞতা-প্রসূত বাণী দুই-একোটাই পাঠকক স্তব্ধ নকৰি নাথাকে, যেনে, 'বিজ্ঞানে বিচাৰে গণিত, কবিতাই সঙ্গীত' (ভাঙনি সাহিত্য); 'সাহিত্য সৃষ্টি উদ্দেশ্যধর্মী হোরা উচিত' (আমাৰ সাহিত্যৰ স্বৰূপ); 'সমাজে যেনেকৈ সাহিত্য গড়ে, তেনেকৈ সাহিত্যয়ো সমাজ গঢ়ে' (আমাৰ সাহিত্যৰ স্বৰূপ); ইত্যাদি।
সাহিত্য অৱসৰ বিনোদনৰ সামগ্রী, সেইটো স্বীকাৰ কৰা যায়; কিন্তু মানসিক প্রস্তুতি আৰু ঐকান্তিক আগ্রহ নাথাকিলে- অপৰিসীম অৱসৰ থাকিলেও সাহিত্য সৃষ্টি অসম্ভর। বৰুৱাই প্রাণান্তকাৰী পৰিশ্ৰমেৰে জননী জন্মভূমি আৰু ভাষাজননীৰ কাৰণে ধিখিনি কৰি থৈ গ'ল তেনে দ্বিতীয় এগৰাকী ব্যক্তি সম্প্রতি আমাৰ মনত নপৰে।
নতুন অসমীয়া কবিতাৰ জন্মদাতাসকলৰ ভিতৰতো হেম বৰুৱা অগ্রগণ্য। কমলনাৰায়ণ চক্রেশ্বৰ ভট্টৰ সম্পাদনাৰ 'জয়ন্তী'তেই নতুন অসমীয়া কবিতাই ছপতীয়া চেহেৰা দেখুৱায় আৰু সেই কবিতাৰ প্ৰথম চাম কবিসকলৰ ভিতৰত হেম বৰুৱাৰ নাম জাকত জিলিকা হৈ থাকিব।
হেম বৰুৱাৰ ইংৰাজী অসমীয়া গ্রন্থ-সন্তানসমূহৰ ঘাই ঘাই কেইখনৰ নাম স্মৰণ কৰা অযৌক্তিক নহব। হেম বকরাই ইংৰাজীত লিখিছিল--
(1) The August Revolution in Assam (1946)
(2) The Red River and the Blue Hill (1954)
(3) Fairs and Festivals of Assam (1956)
(4) Modern Assamese Poetry (1960)
(5) Idle Hours (1961)
(6) Assamese Literature (1962) (7) Folk Songs of India (1965)
(8) Lakshminath Bezbarua (1967)
নকলেও হব যে এই কেইখন কিতাপে অসম আৰু অসমীয়াৰ গৌৰৱ বাহিৰত উজ্জল কৰি তুলিছে। তেখেতৰ অসমীয়া সাহিত্যৰ পুথি-ভঁৰাললৈ আগবঢ়োরা অৰিহণা-
(১) ৫ জন নেতা (১৯৪৭); (২) বিয়াল্লিছৰ গণবিপ্লৱত অসম (১৯৪৭); (৩) আধুনিক সাহিত্য (১৯৫০); (৪) সাগৰ দেখিছা (১৯৫৪); (৫) সানমিহলি (১৯৫৭); (৬) ৰঙা কৰবীৰ স্কুল (১৯৫৯); (৭) বালিছন্দা (১৯৫৯); (৮) কিউপিড আৰু ছাইকী (১৯৫৯); (৯) কন্নকী (১৯৬০); (১০) এই গাওঁ, এই গীত (১৯৬১); (১১) সাহিত্য আৰু সাহিত্য (১৯৬২); (১২) আঁচু-ফুল (১৯৬৪); (১৩) মন-ময় বী (১৯৬৫); (১৪) ইজৰাইল (১৯৬৫); (১৫) মেকং নৈ দেখিলে। (১৯৬৭); (১৬) ডাক-পথিলী (১৯৬৮); (১৭) বহাগতে পাতি যাওঁ বিয়া (১৯৬৯); (১৮) পছোৱাৰ ৰেঙণি (১৯৬৯); (১৯) স্মৃতিৰ পাপৰি (১৯৭০); (২০) সত্য আৰু অহিংসাঃ গান্ধীজী (১৯৭১); (২১) ছিন্নমূল (১৯৭৩); (২২) তলসৰা (১৯৭৬); (১৩) সাহিত্য আৰু সমস্যা (১৯৭৮) ইত্যাদি। দেখা যায় ৬০ পৰা ৭০ লৈ এই দহ বছৰ বৰুৱাৰ সাহিত্য সৃষ্টিৰ ভৰপক।
নতুন কবিতাত আৰু কথা-সাহিত্য সৃষ্টিত হেম বৰুৱাৰ স্থান ইতিহাসে সুদূৰ ভবিষ্যতত ক'ত দিব তাক আজিয়ে কোরা টান। অহেতুক ভাব-প্রবণতাক বাদ দি বৌদ্ধিক যুক্তিৰ প্রতি আগ্রহ প্ৰদৰ্শন কৰা আৰু জীৱনৰ প্রকৃত ছবি, বিশেষকৈ তাৰ দুখ-দৈন্যভৰা কৰুণ ফালটোৰ ছবি মূৰ্ত কৰিবলৈ যত্ন কৰা নতুন কাব্যৰীতিৰ মুখ্য উদ্দেশ্য। তাৰ কাৰণে কবিসকলে ন ন প্রতীক আৰু নন শব্দ সৃষ্টিৰ সহায় লয়। চিনাকি বচন আৰু শব্দ যোজনা আৰু চিনাকি ৰূপক-উপমা আদিৰ লগত হোরা সঘন সাক্ষাৎ লাভে পৰম্পৰাগত কাব্যৰীতিত পাঠকক আচহুরা আচহুরা অনুভৱ কৰিব নিদিয়ে। বিপৰীতে নতুন কাব্যৰীতিত প্রতি পদক্ষেপতে নতুন আলহীৰ লগত চিনাকি হৈ বন্ধুত্ব স্থাপন কৰি আগবাঢ়িব লাগে; সেয়েহে সাধাৰণ পাঠকৰ অধ্যয়নত গতি মন্থৰ আৰু মন সতর্ক হৈ থাকিব লগাত পৰে। হেম বৰুৱাৰ 'মন-ময়ৰী'ৰ দুই-এটা কবিতাত তেনে অচিনাকী আলহীৰ সংখ্যা অপেক্ষাকৃতভারে কম হোৱা হেতুকে সেইবোৰ সাধাৰণ পাঠকৰ কাৰণেও আপোন-আপোন যেন লাগিব খোজে। বৰুৱাৰ নতুন কবিতাৰ প্রাথমিক সাফল্য আৰু জনপ্রিয়তাও সাধাৰণ পাঠকৰ পক্ষৰ পৰা সিমানেই। সময়ে হয়তো জনতাক এনে কবিতাৰ আৰু ওচৰ চপাই আনিব । হেম বকরা আছিল ঘাইকৈ সৰবৰহী নেতা আৰু বাগ্মী সংসদী সদস্য। গদ্যৰ ভাষা তেওঁৰ অতিশয় সবস, সবল আৰু অবিৰাম গতিত বৈ যোৱা বিধৰ। তেওঁৰ গদ্য-ৰীতিৰ সেয়ে এটা বিশেষত্ব। কিন্তু স্বীকাৰ কৰিব লাগিব, তেওঁৰ ৰচনা কেতিয়াবা কেতিয়াবা ইংৰাজী ভাষাৰ উদ্ধৃতিৰে ভাৰাক্ৰান্ত হৈ পৰে, আৰু তেতিয়া সি সাধাৰণ পাঠকৰ হাতৰ পৰা পিচলি পৰি অতর্কিতে ওপৰলৈ উৰা মাৰিব খোজে। এইটো তেওঁৰ বিপুল অধ্যয়নৰততাৰ ফল। তেনে অধ্যয়নলব্ধ জ্ঞান ডঃ কাকতিৰ লেখনীতো প্রকট হৈছিল, কিন্তু সি তাত একোটা নতুন চিনাকি ৰূপ লৈহে দেখা দিছিল। বৰুৱাৰ ক্ষেত্ৰত তেনে ঘটিবলৈ যেন সময় আৰু সুযোগৰ নাটনি পৰিছিল। অৱশ্যে সময়ৰ তেনে নাটনিৰ কথা তেওঁ নিজেও মুক্ত- কণ্ঠে আৰু বেদনাকাতৰভাৱে একাধিকবাৰ স্বীকাৰ কৰিছে।
বতাহে বনজুইক সহায় কৰাৰ দৰে জনপ্রিয় বাষ্পটুতাই হেম বৰুৱাৰ সাহিত্যৰ জনপ্রিয়তা বৃদ্ধিত সহায় কৰিছিল। তেওঁৰ লেখা পড়িলে তেওঁৰ বক্তৃতা শুনি থকা যেন লাগে, গতিকে পাঠকে তাৰ ৰাগীত মজি নোযোৱাকৈ থাকিব নোৱাৰে। সময়ৰ হাত বুলনিত সেই জনপ্রিয়তা কিছু হ্রাস পালেও তেওঁৰ আকর্ষণীয় প্রকাশ ভঙ্গী, বিষয় বস্তুৰ বৈচিত্র্য আৰু অধ্যয়নপুষ্ট উক্তিবোৰে পাঠকৰ মনত সদায় চিন্তা আৰু কৌতূহল জগাই থাকিব।
ভাষাৰ ওপৰত হেম বৰুৱাৰ অসামান্য দখল আছিল। তাৰ সহায়তে তেওঁ ভ্রমণ কাহিনীক অসমীয়া সাহিত্যত নতুন স্থান দিলে। তেওঁষ ভ্রমণ কাহিনীবোৰ বৰ্ণনা নহয়, সেইবোৰত পৰ্য্যাপ্ত পৰিমাণে কাব্যিক সবসত্তা আছে। তেওঁৰ বর্ণনাৰ বিশেষত্ব এয়ে যে তেওঁৰ মনত লগা আৰু মনত থকা অসমীয়া, ইংৰাজী, বঙলা উদ্ধৃতিবোৰে হুৰুঙা পালেই ওলাই আহি সমধর্মী বর্ণনাৰ লগত পীৰা পাৰি বহি যায়। তাকে কৰোঁতে তেওঁ 'সাগৰ দেখিছা'ব কলংপৰীয়া কবি দেৱকান্ত বৰুরাক আৰু ইংৰাজ কবি শোলী আৰু টেনিচনক সঘনে সোঁৱৰে বুলিলে বোধকৰো ভুল নহব। হেম বৰুৱাৰ বিবিধ সাত্যিই বহু কাললৈ অসমীয়া সাহিত্যৰ দিগন্ত পোহৰ কৰি ৰাখিব, সেইটো সহজে অনুমান কৰা যায়।