হেম বৰুৱাই অসমীয়া সাহিত্যত অবিস্মৰণীয় অৱদান দি থৈ গৈছে। তেখেত আধুনিক অসমীয়া কবিতাৰ আন্দোলনৰ গুৰি ধৰোঁতা। জনমুখী ৰাজনীতি আৰু ভাৰতীয় পৰম্পৰাৰ প্রতি থকা আনুগত্যৰ বাবে তেখেতে অসমীয়া কবিতাৰ সন্ধিক্ষণত এই কবিতাক পাশ্চাত্য প্রভাবৰ সোতঁত উটি যোৱাৰ পৰা ৰক্ষা কৰিছিল। সাহিত্যৰ প্ৰায়বোৰ অঙ্গতে তেখেতে ভাল বৰঙণি আগবঢ়াইছে। কবিতা, প্রবন্ধ, ভ্রমণমূলক কাহিনী, নফিচন, আখ্যান, সমালোচনা এই সকলোবোৰতে তেখেতৰ উল্লেখযোগ্য বৰঙণি আছে। অসমীয়া সাহিত্যৰ যুদ্ধোত্তৰ যুগটোক হেম বৰুৱাব যুগ বুলি ক'লে ভুল কৰা নহ'ব। অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী হোৱা কাৰণে তেখেতে এই সম্মান লাভ কৰিছে। এই যুগৰ এতিয়াও সামৰণি পৰা নাই। তেখেতৰ সমসাময়িক আৰু পৰবৰ্তী ভালেমান লেখকৰ ওপৰত তেখেতৰ প্রত্যক্ষ আৰু পৰোক্ষ প্রভার আছে। পঞ্চম আৰু ষষ্ঠ দশকত হেম বকরা ডেকাচামৰ বাবে অফুৰন্ত প্ৰেৰণাৰ স্থল আছিল। তেখেতৰ বক্তৃতা আৰু লেখনীয়ে ভালেমান নতুন লেখকক উদ্বুদ্ধ আৰু অনুপ্রাণিত কৰিছিল। ভাৰতীয় আধুনিক সাহিত্যৰ পৰম্পৰাৰ লগত, অসমীয়া আধুনিক সাহিত্যৰ সংযোগ স্থাপন তেখেতৰ অন্যতম উল্লেখযোগ্য অরদান। হেম বৰুৱাদেৱৰ ইংৰাজী ৰচনাত তেখেতৰ অসমীয়া ৰচনাৰ বৈশিষ্ট্যসমূহ লক্ষ্য কৰা যায়। তেখেতৰ লেখা ওজন্বিতা আৰু সহৃদয়তা এই দুয়োটা গুণৰ দ্বাৰা সমৃদ্ধ। ইংৰাজী আৰু অসমীয়া এই ইয়োটা ভাষাতে তেখেতৰ অসাধাৰণ দখল আছিল। মাতৃ- ভাষা আৰু ইংৰাজী উভয়তে সমানে দক্ষতা দেখুৱাব পৰা অতি কম সংখ্যক ভাৰতীয় লিখকৰ ভিতৰত হেম বৰুৱা অন্যতম। অনূব ভবিষ্যতৰ 'ভাৰতীয়' লেখকসকলে এই দ্বিভাষিক নীতি গ্রহণ কৰিলে নিজৰ প্রান্ত দেশৰ সাহিত্যক বেছি সমৃদ্ধ কৰাৰ সম্ভাৱনা আছে; কাৰণ তেতিয়া তেখেতসকলে এটা বৃহত্তৰ পাঠক গোষ্ঠীক আগত ৰাখি তেখেতসকলৰ সৃষ্টিক উপস্থাপিত কৰিব পাৰিব।
ইংৰাজী সম্প্রতি আন্তঃপ্রাদেশিক সাংস্কৃতিক ভাব বিনিময়ৰ একমাত্র মাধ্যম। সহনশীলতাৰ অভাব আৰু অন্যান্ন্য কাৰণত হিন্দী আদি সংখ্যা গুৰুসকলৰ কোনো ভাষাই এটা অর্ধশতাব্দীতো এই বিষয়ত ইংৰাজীৰ স্থান গ্রহণ কৰাৰ সম্ভাৱনা নাই। শিক্ষা আৰু প্ৰশাসনীয় মাধ্যম হিচাপে নাথাকিলেও, ইংৰাজী ভাষা ভাৰতৰ সাংস্কৃতিক সংহতিব একমাত্র মাধ্যম। ইংৰাজীৰ অবিহনে সাহিত্য-সংস্কৃতিৰ ক্ষেত্রত বেবেলৰ শুম্ভৰ (tower of Babel) সৃষ্টি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি এই ক্ষেত্রত হেম বৰুৱাদেৱৰ দূৰদর্শিত। মন কৰিবলগীয়া।
ভাৰতীয় সাহিত্য আৰু সংস্কৃতি আৰু ভাৰতীয় জীৱন আৰু সমাজক বুজিবৰ বাবে এই মাধ্যমৰ প্রয়োজন। ভাৰতীয় জনমানস এতিয়া ভাৰতীয় সংস্কৃতিৰ পৰম্পৰাৰ শিপাৰ অনুসন্ধানৰ বাবে উন্মুখ। সঙ্কীর্ণ ভৌগোলিক সীমাৰেখাৰ ভিতৰত এই পৰম্পৰাক আবদ্ধ কৰি ৰাখিব নোৱাৰি। মধ্যযুগত ভাৰতীয় গোষ্ঠীসমূহৰ মাজত এনে ধৰণৰ সাংস্কৃতিক বিনিময়ে যুগান্তৰ আনিছিল। সঙ্কীর্ণ গণ্ডী আৰু দেৱালসমূহ বিষাট ভাৰতীয় সাহিত্য সংস্কৃতিৰ বিকাশৰ অন্তৰায়। ভাৰতীয় ভাষাসমূহে পশ্চিমীয়া সংস্কৃতিৰ লগত যোগসূত্র স্থাপনৰ বাবে একোখন খিৰিকি খোলা ৰাখিছে যদিও, বিভিন্ন ভাৰতীয় ভাষাত হোৱা পৰীক্ষাসমূহৰ প্ৰতি লক্ষ্য ৰখাৰ সময় আৰু শুযোগ কম লিখকৰহে হৈছে। এই পৰিপ্ৰেক্ষিতটো আগত ৰাখিলে, ইংৰাজী ভাষাত হেম বৰুৱা দেৱৰ অৱদানৰ তাৎপৰ্য্য উপলব্ধি কৰিবলৈ সহজ হ'ব।
অসমীয়া সাহিত্য ভালেমান ক্ষেত্রত এতিয়াও গণ্ডীত আবদ্ধ (insular)। আমাৰ সমাজ আৰু সংস্কৃতিৰ লগত আন প্ৰদেশৰ মানুহৰ কোনো পৰিচয় নাই। আমাৰ সংস্কৃতি সম্পর্কে বাহিৰৰ মানুহৰ থকা উদ্ভট ধাৰণা এতিয়াও আঁতৰ হোৱা নাই। এই অঞ্চলৰ অতুলনীয় লোক সংস্কৃতি, তাৰ প্রাচীন মঞ্চ পৰম্পৰাৰ মহত্ত্ব, পুৰণি অসমীয়া সাহিত্যৰ ঐশ্বৰ্য্য-এইবোৰ অসমৰ বাহিৰত অপৰিচিত। পৰিচয়ৰ এই অভাবে অসমীয়া সংস্কৃতিক ভাৰতীয় সংস্কৃতিৰ বৰচ'ৰাত আসন লাভৰ ক্ষেত্রত বাধাগ্রস্ত কৰিছে। ইয়াৰ সুদূৰ প্ৰসাৰী পৰিণামো নোহোৱা নহয়। অসমৰ বাহিৰৰ যিসকলে অসমীয়া বৈষ্ণৱ কবিসকলৰ লেখনীৰ স্বকীয়তা আৰু গভীৰতাৰ দ্বাৰা আকৃষ্ট আৰু সেই ৰচনাৰ সৌন্দর্য্যত যুদ্ধ হৈছে- সেইসকলে এই সাহিত্য প্রচাবৰ ক্ষেত্ৰত আমাৰ উদাসীনতাক নিন্দা কৰিছে। উপযুক্ত স্বীকৃতিৰ অভাবত জাতিটোরে নীচাত্মিকা ৰোগত দুখ লগা ভাবে ভুগিছে। সজোৱা বস্তু পেৰাত বাখিলে মলিয়ন হয়-দ্রইং কমত সকলোরে দেখাকৈ ৰাখিলে তাক বঁহি-মাঙ্গি উলিয়াবলগীয়া হয়। প্রদর্শন-চৈতন্যৰ অভাৱতো সংস্কৃতিৰ ৰত্ন- বাজি ধূলিমাকটি লাগি চিনিৰ নোৱাৰা হয়। এইবোৰ কাৰণত আমাৰ সাহিত্য-সংস্কৃতি এতিয়াও কৃপণৰ ধন। 'যেন ফুলঘ্রাণ হাবিত জনম, হাবিব বতাহে ছাবিতে নাশে।' হেম বৰুৱাদেৱে অসমীয়া সাহিত্য-সংস্কৃতি সম্পর্কে যি চিন্তা কৰিছিল, তাক তেখেতৰ ইংৰাজী ৰচনাৰ যোগেদি সকলো ভাৰতীয় লোকৰ আগত দাঙি ধৰিছিল। তেখেতৰ ইংৰাজী ৰচনাই ইংৰাজী সাহিত্য চহকী কৰা নাই-ভাৰতীয় ভাষা-সাহিত্যকেই চহকী কৰিছে। তেখেতে অসমীয়া সাহিত্য-সংস্কৃতিৰ ৰত্নবাজি বাহিৰলৈ উলিয়াবৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। তেখেত এই কামৰ বাবে অত্যন্ত উপযুক্ত আছিল। অসমীয়া ভাষা-সংস্কৃতিৰ প্রতি তেখেতৰ অনুৰাগ আন্তৰিক আৰু অতুলনীয়। তেখেতে অসমীয়া সংস্কৃতিক ভাবতীয় প্রসঙ্গত (Indian context) চাবলৈ প্রয়াস কৰিছিল। হেম বৰুৱাই বৃহত্তৰ অসমীয়া সংস্কৃতিৰ সোঁতটোক ভাৰতীয় সংস্কৃতিৰ মহাসাগৰৰ ফালে বোরাই দিছিল।
হেম বকরা এজন সৰ্বভাৰতীয় লেখক আৰু চিন্তাবিদ। তেখেত সেইসকল নিতান্ত কমসংখ্যক চিন্তাবিদৰ অন্যতম ষি ভাৰতীয় সংস্কৃতিৰ ঐক্যত বিশ্বাস কৰে। অসমীয়া সাহিত্যিকসকলৰ ভিতৰত তেখেতে প্রথমে এটা সৰ্বভাৰতীয় দৃষ্টিভঙ্গী আয়ত্ত কৰে। বৰুৱা- দেৱৰ বিষয়বস্তুৰ পৰিধিও সেই অনুপাতে বহল। তেখেতৰ অনু- সন্ধিৎসা প্রসংসনীয়। ভাৰতীয় গণমানসৰ বিভিন্ন অভিব্যক্তি আৰু তাৰ ভবিষ্যদ্দর্শী আৰু পশ্চাৎমুখী পৰিবৰ্তনসমূহৰ তাৎপৰ্য্যৰ প্রতিও তেখেত সজাগ। এটা বিশেষ ভাষাত সাহিত্য-সংস্কৃতিৰ দুৰ্বলতাৰ বাবে নহয়-গোটেই ভাৰতীয় সাহিত্যৰ-স্বাধীনোত্তৰ কালত উদ্ভব হোৱা স্তিমিতাৱস্থাৰ বাবে ক্ষোভ আৰু তাৰ কাৰণ আৰু প্ৰতিকাৰ অনুসন্ধানৰ বাবে আগ্রহ তেখেতৰ ৰচনাত প্রতি- ফলিত হৈছে:
'Social mobility is the life-spring of all creative literary efforts, and it is precisely for this reason that the pre-Independence period produced master minds, great writers and artists, notable among whom was Rabindranath Tagore.' ('The Writer in India': Idle Hours, 1961.)
অকল সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰতে নহয়, ভাৰতীয় সমাজ জীৱনত স্বাধীনোত্তৰ যুগটোত তেখেতে হতাশা আৰু অবক্ষয়ধর্মিতাৰ স্বৰূপ দেখি উদ্বিগ্ন হৈছে। এই ক্ষেত্ৰত তেখেতৰ বিশ্লেষণ সূক্ষ্ম আৰু যুক্তিপূর্ণ। স্বাধীনতাৰ প্ৰাক্কালত অনুভূত হোৱা আত্মত্যাগৰ মহান আদর্শ আৰু গণবিপ্লবৰ চেতনাৰ ৰোমাঞ্চ আঁতৰ হোৱাৰ লগে লগে অর্থনৈতিক দুৰৱস্থাৰ কৰাল ছায়াই অনা আশা আৰু মোহভঙ্গৰ হতাশাই সমাজৰ গাঁথনিক কেনেকৈ কঁপাই তুলিছে তাৰ বিশ্লেষণ তেখেতৰ 'Idle Hours, 1961'ত সন্নিবিষ্ট 'Our Social Milieu' প্রবন্ধটোত আছে।
হেম বৰুৱাই তেখেতৰ 'The Red River and the Blue Hills' গ্রন্থত তেতিয়াৰ অসম আৰু ওচৰ পাঁজৰৰ সাংস্কৃতিক, ভৌগোলিক, অর্থনৈতিক, নৃতাত্ত্বিক আদি বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি এই অঞ্চলৰ বিষযে এতিয়ালৈকে প্রকাশ পোৱা পৰিচয় গ্রন্থৰ ভিতৰতে শ্রেষ্ঠ পৰিচয় গ্রন্থ এখন ইংৰাজীত ৰচনা কৰে। এই অঞ্চলটোৰ বিভিন্ন জনগোষ্ঠীৰ জীৱন আৰু সংস্কৃতিৰ লগত বৰুরাদেও নিবিড়ভাবে পৰিচিত। তেখেতে বিষয়বস্তুটো সহৃদয়- তাৰে উপস্থাপিত কৰিছে আৰু এই অঞ্চলৰ জীৱনৰ প্রতি তেখেতে অনুভৱ কৰা আকর্ষণ পাঠকৰ মনত বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।
সক্রিয় ৰাজনীতিৰ লগত ওতঃপ্রোতভারে জড়িত হবলগীয়া হোৱাত হেম বকরাদেরে বহুত সময়ত দুপৰ নিশাৰ শলিতা অলাইহে সাহিত্য সাধনা কৰিব পাৰিছিল। 'The Idle Hours, 1961'ত সন্নিবিষ্ট হোৱা প্ৰবন্ধবোৰ ১৯৬১ চনৰ কেইটিমান দুপৰ নিশাত ৰচনা কৰা হৈছিল। এই প্রবন্ধবোৰৰ বিষয়বস্তু নির্বাচনৰ পৰিসৰ (range) বৰ বিস্তৃত। ইয়াত লোকনাট্যৰ পৰা বাৰট্রাও বাছেললৈকে সকলো ধৰণৰ বিষয় সন্নিবিষ্ট হৈছে। The Writer in India' আৰু 'Our Social Milieu' আদি প্ৰবন্ধৰ চিন্তাৰ মৌলিকতা আৰু সমাজ জীৱনৰ বিশ্লেষণৰ যথার্থতা প্রসংসনীয়। এই গ্রন্থখনৰ প্ৰবন্ধসমূহ তেখেতৰ অধ্যয়নৰ বিষ্ণু তি আৰু সহানুভূতিৰ ব্যাপকতাৰ বিষয়ে আমাক সোর খায়।
হেম বৰুৱাদেৱৰ 'Modern Assamese Poetry-An Anthology' (1961) অসমীয়া সাহিত্যৰ এটা লেখত ল'বলগীয়া প্রকাশন। তেখেতে এই সময় ছোৱাৰ ভালেমান ভাল কবিতা সুদক্ষ লোকৰ দ্বাৰা অনুবাদ কৰাই সম্পাদনা কৰে। সঞ্চয়নখনৰ প্রায় আধামান কবিতা তেখেতে নিজে অনুবাদ কৰিছে। এই অনুবাদবোৰ মৌলিক কবিতাৰ দৰে স্থপাঠ্য। উদাহৰণ স্বৰূপে তেখেতৰ নিজৰ কবিতাৰ পৰা নিজে কৰা অনুবাদৰ এই পংক্তিটোৰ আবেদন মন কৰিবলগীয়া-
On the other side of the Frontier bullets boom : And on this,
there's a girl painted in a frame of bamboo grove. (A Snapshot).
হেম বৰুৱাৰ সৰু পুস্তিকা 'August Revolution in Assam'- অত ১৯৪২ চনৰ বিপ্লবৰ যুগান্তৰকাৰী অভিজ্ঞতাৰ যথোপযুক্ত বর্ণনা আছে।
নেচনেল বুক ট্রাষ্টে ১৯৬৫ চনত প্রকাশ কৰা 'Assamese Literature' গ্রন্থখন তেখেতৰ শ্রেষ্ঠ অবদান। লোকসাহিত্যৰ আৰম্ভণিৰ পৰা আধুনিক সাহিত্যৰ তৎকালীন পৰিণতিলৈ এই বিস্তৃত সময়ছোৱাৰ সাহিত্যৰ এটা সুখপাঠ্য আলোচনা এই গ্রন্থ- খনত আছে। গ্রন্থখনৰ পুৰণি সাহিত্য বিষয়ক পৰ্য্যায়টো মৌলিক গৱেষণাৰ অভিজ্ঞতাৰ পৰা লিখা নহয় যদিও, তেখেতে বিভিন্ন সমলৰ পৰা পোৱা জ্ঞান আৰু বিভিন্ন পুৰণি সাহিত্যৰ প্রত্যক্ষ উপলব্ধিৰ অভিজ্ঞতাৰ সহায়ত এইবোৰ সাহিত্যৰ ওপৰত যথেষ্ট আলোক পাত কৰিবলৈ সক্ষম হৈছে। দাঙি ধৰিয়েই ক্ষান্ত নাথাকি সমাজ তেখেতে কেরল তথ্য-পাতি আৰু সাহিত্যক আজুৰি যোৱা বিভিন্ন সমস্যা আৰু আন্দোলনৰ ওপৰত নিজৰ মন্তব্য দাঙি ধৰিছে। বিভিন্ন সাহিত্যিক অঙ্গ (form) আৰু বিভিন্ন সাহিত্যিকৰ সাহিত্যকৰ্মৰ বিকাশ আৰু তাৎপর্য্য তেখেতে নির্ভীক ভাবে বিশ্লেষণ কৰিছে। আধুনিক সাহিত্য সমালোচনা কৰোঁতে তেখেতে নিজস্ব ৰসানুভূতিৰ ওপৰত নিৰ্ভৰ কৰি, এটা বিৰাট অঞ্চল পৰ্য্যা- লোচনা কৰিছে। অসমীয়া সাহিত্যৰ বিকাশ আৰু গঠনৰ প্রতি তেখেতৰ গভীৰ মনোযোগ আছিল। তেখেতৰ দৃষ্টিভঙ্গী 'ইম্প্রেছনিষ্টিক'। তেখেতে কোনো বিষয় আৰু কোনো লিখনিৰ ওপৰত নিজৰ মন্তব্য দাঙি নধৰাকৈ থকা নাই। তেখেতৰ সকলো মন্তব্য অভ্রান্ত নহয়; সাহিত্যৰ বিষয়ে, বিশেষকৈ আধুনিক সাহিত্যৰ বিষয়ে চূড়ান্ত মন্তব্য দাঙি ধৰা সম্ভৱো নহয়। তেখেতৰ পৰ্য্যালোচনাত সাহিত্য সম্পর্কে বিস্তৃত অধ্যয়ন, সাহিত্যৰ প্রতি অগাধ ভালপোৱা আৰু অসাধাৰণ ৰসাস্বাদনৰ ক্ষমতা প্রকাশ পাইছে। নিঃসন্দেহে, এই গ্রন্থখন অসমীয়া সাহিত্যৰ সামগ্রিক আলোচনাৰ ক্ষেত্ৰত এটা অতুলনীয় অৱদান।
হেম বৰুৱা ইংৰাজী ভাষাৰ এজন ভাল স্টাইলিস্ট। তেখেতে ইংৰাজী ভাষা সৃষ্টিধর্মিতাৰে ব্যৱহাৰ কৰিছিল। তেখেতৰ ভাষা স্বচ্ছন্দপ্রবাহী আৰু শক্তিশালী। তাত তীক্ষ্ণবুদ্ধিৰ দীপ্তি আছে। হেম বৰুৱাদেৱৰ প্ৰবন্ধৰাজিত 'হিউমাৰ'ৰ স্থান কম যদিও তেখেতৰ সৰস ৰীতি আৰু শব্দবিন্যাসৰ যথোপযুক্ততাৰ বাবে সি কেতিয়াও আমনি- দায়ক নহয়। এইবোৰ গুণৰ কাৰণে তেখেতৰ স্থান ইংৰাজী ভাষাৰ সৃষ্টিশীল (creative) ভাৰতীয় লিখকসকলৰ আগ শাৰীত থাকিব।