shabd-logo

হেম বৰুৱাৰ ভ্ৰমণ-সাহিত্য ডঃ হেমন্তকুমাৰ শৰ্মা

24 November 2023

2 দৰ্শন কৰা হৈছে 2

একেধাৰে কবি, সমালোচক, সাংবাদিক, বক্তা, শিক্ষাবিদ আৰু বাজনীতিজ্ঞ পুৰুষ হেম বৰুৱা অসমীয়া সাহিত্যত ভ্রমণ-কাহিনী- ৰচয়িতা হিচাপেও বিশেষভাৱে পৰিচিত। এতিয়ালৈকে হেম বৰুরাকেই শ্রেষ্ঠ ভ্রমণ-কাহিনীকাৰ বুলি ক'ব পাৰি। এই শ্রেষ্ঠত্ব ভ্রমণ-কাহিনী-গ্রন্থৰ সংখ্যা আৰু গুণৰ ফালৰ পৰা বিচাৰ কৰিব লাগিব। অসমীয়া সাহিত্যত বর্তমানলৈ বৰুৱাই অধিক সংখ্যক ভ্রমণ- কাহিনী লেখিছে। বৰুৱাৰ প্রথম 'ভ্রমণ-কাহিনী পুথি 'সাগৰ দেখিছা'ই (১৯৫৪) এসময়ত অসমীয়া পাঠক সমাজত বিশেষ আলোড়নৰ সৃষ্টি কৰিছিল আৰু আজিও পুথিখনৰ আদৰ কমা নাই। প্রকৃতাৰ্থত 'সাগৰ দেখিছা'ৰ পিছৰ পৰাই অসমীয়া সাহিত্যত অধিক সংখ্যক ভ্রমণ-বৃত্তান্ত ওলোৱাটো চকুত পৰে। সেই ফালৰ পৰা 'সাগৰ দেখিছা'ক অসমীয়া ভ্রমণ-সাহিত্যৰ এটি মাইলৰ খুটি বুলি ক'ব পাৰি। উল্লেখযোগ্য যে হেম বৰুৱাৰ দৰে শুৱলা, ওজস্বিতাপূর্ণ বক্তৃতা দিব পৰা লোক অসম কিয় ভাৰততে বৰ কম। তদুপৰি তেওঁৰ আছিল সাহিত্য, বাজনীতি আদি বিষয়ত গভীৰ জ্ঞান, তথ্য-অনুসন্ধিৎশু মন আৰু উদাৰ ব্যক্তিত্বেৰে মানুহক মুহিব পৰা শক্তি। তেওঁৰ বাগ্মিতা তথা ব্যক্তিত্বৰ কাৰণেই বিষোধী দলৰ সদস্য হোরা সত্ত্বেও সংসদত থকা কালছোৱাত তেওঁ ভাৰত চৰকাৰৰ পৰা বিদেশ-ভ্রমণৰ সুবিধা অনেকবাষ লাভ কৰিছিল। এবাৰ কথা-প্রসঙ্গত তেওঁ এই লেখকক কৈছিল, "বুইছা, চৰকাৰে এনে সুবিধা নিদিয়া হলে আমাৰ দৰে ডাল-দৰিদ্ৰ লোকৰ বিদেশ-ভ্রমণ কেতিয়াও সম্ভর নহ'লহেঁতেন।" উল্লেখযোগ্য যে বৰুৱাই বিদেশী চৰকাৰৰ আমন্ত্রণ পাই অথবা সংসদী দলৰ প্রতিনিধিৰূপে ব্রহ্মদেশ, আমেৰিকা, কছদেশ, ইজৰাইল, ইংলেণ্ড, ফ্রান্স, ইজিপ্ত, টাইলেও, কেম্বোডিয়া, লাওছ, মালয়ছিয়া, চিঙ্গাপুৰ, নেপাল আদি দেশ ভ্রমণ কৰে। তেওঁৰ ভ্ৰমণ অভিজ্ঞতা সঞ্চিত গ্রন্থৰাজি হ'ল 'সাগৰ দেখিছা' (১৯৫৪), 'ৰঙা কৰবীৰ ফুল' (১৯৫৯), 'ইজৰাইল' (১৯৬৫) আৰু 'মেকং নৈ দেখিলো' (১৯৬৭)। তদুপৰি বৰুৱাৰ প্ৰবন্ধৰ পুথি 'সানমিহলি'ত (১৯৫৭) ব্রহ্মদেশ সম্পর্কীয় ছটা আৰু ইজিপ্ত সম্বন্ধে এটা প্রবন্ধ সন্নিরিষ্ট হৈছে।

সাগৰ দেখিছাঃ হেম বৰুরাই কলিকতাত থকা আমেৰিকাৰ কনছাল জেনেবেলব আমন্ত্রণ ক্রমে ১৯৫৩ চনৰ ৬ ডিচেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ বুলি যাত্রা কৰে। তেওঁ তিনি কুবি সোতৰ দিন থাকি নিউ ইয়র্ক, রাক্সিংটন, বোষ্টন, চিকাগো, ছানফ্রান্সিস্কো, দাৰহাম, লছ এঞ্জেলছ, শাস্তা ফে আদি চহৰ ভ্ৰমণ কৰি সেই ভ্ৰমণ-ব্যস্ততাৰ মাজতো অসমীয়াত বাৰটা আৰু ইংৰাজীত চাৰিটা মুঠ ষোলটা ভ্রমণ-কাহিনী লেখে। অসমীয়াত লেখা আৰু 'নতুন অসমীয়া'ত ছোরা ছোৱাকৈ প্রকাশ হোৱা সেই বাৰটা ভ্রমণ- কাহিনীৰ সংগ্রহেই হ'ল "সাগৰ দেখিছা"।

হেম বৰুরা আমেৰিকালৈ যোৱা বিমানখনৰ নাম আছিল 'ৰামধেনু'। বৰুৱাই কবিত্বপূর্ণ ভাষাত 'ৰামধেনু', আকাশী ভ্রমণত দেখা নীলা সাগৰ আৰু নীলা আকাশৰ সুন্দৰ বিৱৰণ দাড়ি ধৰিছে। বিমানেৰে যাওঁতে বাটত নামি লেবানন ৰাষ্ট্ৰৰ ৰাজধানী বেইকট চহৰত কেইঘণ্টামানৰ কাৰণে ভ্রমণ কৰি দেখা লেবাননৰ ছোৱালীৰ চকুৰ সৌন্দর্য্য, ছিডাৰ গছৰ ৰূপ আৰু লেবানন-বাসীৰ ভাষা-শিক্ষা-সংস্কৃতিৰ বিষয়ে চমুকৈ অথচ আকর্ষণীয়ভারে একোটি বর্ণনা দিছে। তেওঁ লণ্ডনতো ছদিন ঘূৰিছিল। লণ্ডন চহৰৰ মৌন গাম্ভীর্যই তেওঁক মুগ্ধ কৰিছিল। টেমছ নদীৰ পানী কাব্যৰ বর্ণনাত পোৱাৰ দৰে নির্মল নহয়-লেতেৰা। লগুনৰ হাইড পার্ক, ওৱেষ্ট-মিনিষ্টাৰ গীর্জাঘৰ, মেক্লিন টুথপেষ্টৰ বিজ্ঞাপন আদিৰ বিষয়েও তেওঁ ৰসাল বর্ণনা দাঙি ধৰিছে।

বৰুৱা লণ্ডনৰ পৰা পোনে পোনে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গৈছিল আৰু তাত থকা কালছোৱাত তেওঁ যুক্তৰাষ্ট্রব বিভিন্ন চহৰ, নগৰ, প্রাকৃতিক দৃশ্যাৱলীৰে মনোৰম ঠাই আদিও ভ্রমণ কৰিছিল। তেওঁ ৰাজনীতিবিদ, শিক্ষাবিদ, শিল্পী, সাহিত্যিক, বিজ্ঞানী, ছাত্র-ছাত্রী, মটৰ ড্ৰাইভাৰ, নিগ্রো বহুৱা আদি সমাজৰ বিবিধ শ্রেণীৰ মানুহক লগ পাইছিল, লগ ধৰিছিল; ভালেমান ৰাজহুৱা সভাত, গ্রেছ মেলত, ৰেডিঅ' সাক্ষাৎ-প্রসংগত তেওঁ ভাৰতৰ ৰাজনীতি, সমাজ, সংস্কৃতি আদি সম্পর্কে ভাষণ দিছিল; ভালেমান সভাত ৰাজ- নীতিজ্ঞ, সাহিত্যিক, শিল্পী, শিক্ষাবিদ আদিব বক্তৃতা শুনিছিল বা আলোচনাত যোগ দিছিল। 'সাগৰ দেখিছা'ত দিয়া তেওঁৰ অভিজ্ঞতালব্ধ বিৱৰণৰ পৰা ধূলমূলকৈ এই কেইটা কথা জানিব পাৰিঃ তেতিয়াৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যাৰ শতকৰা দহ ভাগ নিগ্রো। তেওঁলোক "তীব্রভারে ধর্মপ্রাণ আৰু সঙ্গীতপ্রাণ;" কিন্তু কৃষ্ণাংগ কাৰণেই শ্বেতাংগৰ দ্বাৰা ঘৃণিত। বৰুৱাই লিখিছে -"চকুত বিসদৃশ যেন লাগিছিল। এতিয়ালৈকে যিমানবোৰ সাধাৰণ বহুৱা লগ পাইছো, ষ্টেচনত মাল অনা-নিয়া কৰা, মিস্ত্রী কাম কৰা, ৰেষ্টোৰাঁত কাঁহী-বাটি ধোয়া ইত্যাদি সেই প্রায় আটাইবোৰ নিগ্রো সমাজৰ মানুহ।" যুক্তৰাষ্ট্রৰ ৪৮ খন বাষ্ট্রব ভিতৰত ১৭ খন ৰাষ্ট্ৰতহে নিগ্ৰোসকলৰ বাবে শিক্ষা ক্ষেত্রত আছুতীয়া ব্যৱস্থা আছে; কিন্তু আছুতীয়া ব্যৱস্থাটোযে গণতন্ত্রৰ প্রতি প্রত্যাহ্বান স্বৰূপ, সেইটো বৰুৱাই তাৰ বহুত লোকষ আগত প্রকাশ্যে কৈছিল আৰু কম সংখ্যক শ্বেতাংগইহে বৰুৱাৰ কথাত হয় দিছিল।

বৰুৱাই রাম্বিংটন চহৰত শুনিছে-আমেৰিকানসকলে সাধাৰণতে নিজ দেশৰ 'গুণ' গায় আৰু 'আন দহ জনৰ বদনাম' কৰে। তেওঁলোকে কমিউনিজিম ভাল নাপায়। শিক্ষা-দীক্ষাত আগবঢ়া হলেও মহিলাসকলৰ “ৰাজনীতিৰ প্রতি আগ্রহ নাই।" অৱশ্যে নৃত্য-গীতৰ মাজেদি আন্তর্জাতিক সন্তার গঢ়ি তোলাৰ কাৰণে তাৰ গাভৰু-ছোৱালীবোৰে ৰাতি বিদেশী আলহীসকলক লৈ নাচে। বৰুরায়ো নাচত যোগ দিব লাগিছিল।

নতুন ধনী দেশ বুলি আমেৰিকাই গর্ব কৰে। তেওঁলোকৰ কিবা বস্তুৰ কথা উলিয়ালে কয়-সেইটো হয় আটাইতকৈ বৃহৎ, নহয় সর্বক্ষুন্দৰ। ছোৱালী আৰু তিৰোতাসকল বৰ বিলাসী। হোটেল, ৰেষ্টোৰ য'তেই নাথাকক অলপ সুবিধা পালেই ওঠত লিপষ্টিক সানি লয়। তেওঁলোকে কয়, আমেৰিকাৰ ছোৱালীয়েই পৃথিবীৰ ভিতৰত বেছি সুন্দৰী। স্কুলবোৰত ছাত্রতকৈ ছাত্রীৰ আৰু শিক্ষকতকৈ শিক্ষয়িত্ৰীৰ সংখ্যা সৰহ। সাধাৰণতে অংক শিক্ষায় শিক্ষকসকলে আৰু সাহিত্য পঢ়রায় শিক্ষয়িত্রীসকলে। “স্কুলবোৰত ৰন্ধন-কাৰ্য্য চিলাই শিক্ষা, টাইপ শিক্ষাৰ উপৰিও কাঠৰ কাম, প্ৰেছৰ কাম ইত্যাদি শিক্ষাৰ সুবিধা আছে।" ছাত্র-ছাত্রীয়ে নিজৰ কচি অনুযায়ী বিষয় বাছি লয়। বিদেশী ভাষাৰ ভিতৰত স্পেনিছ, ফৰাচী আৰু জার্মান ভাষাৰ প্রচলন বেছি। প্রিন্সটন বিশ্ববিদ্ধ্যালয়ত বিবাহিত আৰু অবিবাহিত ছাত্রৰ শুকীয় সুকীয়া ছাত্রাবাস আছে। ছাত্র-ছাত্রীৰ অবাধ মিলন। ছাত্রীয়ে ছাত্রৰ পিঠিত উঠাটো সাধাৰণ কথা। নেচনেল আর্ট গেলেৰীত চীন, ইটালী, ফ্রান্স, স্পেইন, জার্মানী আদি বিভিন্ন দেশৰ চিত্ৰ আৰু ভাস্কর্য্য আছে, কিন্তু ভাবতীয় প্রতিনিধিমূলক বস্তুৰ সংখ্যা তেনেই তাকব। নিউ ইয়র্ক চহৰত বৰুৱাই খৃষ্টান আৰু ইহুদীৰ বৈষম্য লক্ষ্য কৰিছিল। তাৰ পাবলিক লাইব্ৰেৰীটো প্রকাণ্ড আৰু চিত্তাকর্ষক। 'মেট্রোপলিটান মিউজিয়াম অব আর্ট'ত বিশ্বৰ ভালেমান বিখ্যাত শিল্পীৰ চিত্র আছে। অফিচবোৰত শতকৰা ৭৫ জনী ছোৱালী। ছোৱালীবোৰ দিনত অফিচ আৰু ৰাতি চিনেমা, নহ'লে নাচত তিনি বজালৈ মগ্ন থাকে।

বৰুৱাই নিউ ইয়র্ক চহৰত বিশ্ববিখ্যাত ঔপন্যাসিক পাল বাকৰ লগতো কথা হৈছিল আৰু তেওঁৰ পৰা জানিব পাৰিছিল যে আমেৰিকাৰ মানুহে কবিতা বৰ ভাল নাপায়, বুৰঞ্জীমূলক উপন্যাসহে ভাল পায়। মানুহে বেছি পঢ়িব নোখোজে; মাথোন টেলিভিচনহে চায়। পার্ল বাকে তেওঁৰ শেহতীয়া উপন্যাস "কাম মাই বিলাভেদ”ৰ কেন্দ্রস্থ ভাবৰ কথাও কৈছিল। সেয়া হ'ল-'আদর্শব বেদীত সর্বস্ব ত্যাগ কৰিব নোৱাৰিলে আদর্শব মৃত্যু ঘটে।'

বৰুৱাই নায়েগ্রা জলপ্রপাত, পেছেডেনা চহৰ, গ্রেণ্ড কেনিয়ন আৰু ছাফ্রান্সিস্কোৰ প্রাকৃতিক সৌন্দৰ্য্যৰ সুন্দৰ বিৱৰণ দিছে। দুখীয়া মানুহ ঠাহ খাই থকা (slum area) আবর্জনাপূর্ণ ঠায়ো তেওঁ চাইছিল। একোটা কোঠাত বাব-চৈধ্যজন মানুহ থাকে; ফুটপাথতো বহুত লোকে বাতি শোরে। আমেৰিকাতো নিবহুরা আছে। ছাফ্রান্সিস্কোৰ বহেমিয়ান অঞ্চলটোত কিছুমান কবি, শিল্পী আৰু সঙ্গীতজ্ঞ আছে। তেওঁলোক অধৰীৰ দৰে, আৰু যৌন-জীরনো সহজ গতিত চলে। হলিউড সম্পর্কে বৰুৱাই বহুল বিৱৰণ দি কৈছে যে ই আমেৰিকাৰ সাংস্কৃতিক জীৱনৰ কথা নকয়; বরং আমেৰিকাৰ সাংস্কৃতিক জীরন বিকৃতহে কৰিছে। মানুহ কোটি- পতি হলেও আধ্যাত্মিক ক্ষেত্ৰত দৰিদ্র; অধিকাংশ দম্পতীৰ বৈবাহিক জীৱন দুখৰ নহয় আৰু তাত বিবাহ-বিচ্ছেদ বেছি। আমেৰিকাৰ মানুহে ভাৰতবৰ্ষক মহাত্মা গান্ধীৰ দেশ বুলি জানে। ভাৰতীয়ই গো-জাতিক কিয় পরিত্র জ্ঞান কৰে, এই বিষয়ে বৰুৱাই আমেৰিকাৰ মানুহক বুজাব লগা হৈছিল। তদুপৰি তেওঁ ভাৰতীয় নাৰী, ভাৰতীয় সংস্কৃতি আৰু ভাৰতৰ নিৰপেক্ষ বৈদেশিক নীতিৰ বিষয়েও বিভিন্ন ঠাইত বক্তৃতা দিব লগা হৈছিল। এই বক্তৃতাবোৰে ভাৰতৰ একো একোটি দিশৰ উজ্জ্বল চিত্র বিদেশীৰ আগত দাঙি ধৰাত সহায় কৰিছে। 'সাগৰ দেখিছা' পুথিখনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভালেমান বিষয় জনাত পাঠকক সহায় কৰিছে।

ৰঙা কৰবীৰ ফুল: এইখন হেম বৰুৱাৰ দ্বিতীয় ভ্রমণ-গ্রন্থ। তেওঁ 'কছিয়াৰ পুলকভৰা অভিজ্ঞতা' এই গ্রন্থখনত সন্নিরিঃ কৰিছে। বৰুরাই সংসদী সদস্যৰূপে ভাৰতৰ শুভেচ্ছা বাহক দল এটাৰ লগত ১৯৫৮ চনৰ ১৪ আগষ্টৰ পৰা ২২ আগষ্টলৈ কছিয়া ভ্রমণ কৰে। ভ্রমণ-কাল মাথো ন দিন যদিও এই কম দিনৰ ভিতৰতে তেওঁ আলোক সন্ধানী মন এটা লৈ কছিয়াৰ সমাজ জীৱনৰ বহুতো কথা সংগ্রহ কৰিছিল। 'বাণী অব বিজাপুৰ' নামৰ ভাৰতীয় বিমানখনত যাওঁতে তলত দেখা হিন্দুকুশ পৰ্বতৰ এটি কাব্যিক বিরবণ দিছে।

ভাৰতীয় দলটোক কছিয়াই প্রথম আদৰণি জনায় তাছকণ্ড চহৰত। বৰুৱাই ধুনীয়া চহৰ তাছকণ্ডৰ এটি বিৱৰণ দিয়াৰ লগতে কৈছে, "এখন দেশক জানিবলৈ হলে সেই দেশৰ নাৰীক জানিব লাগিব পোন প্রথমেই।” লগতে তেওঁ মন্তব্য দিছে যে কছিয়া দেশখন গঢ়াৰ ক্ষেত্ৰত "নাৰীয়ে পুৰুষৰ সমানে দায়িত্ব গ্রহণ কৰিছে।" ইয়াৰ আভাস তেওঁ তাছকগুতেই পাইছিল। তাছকণ্ডৰ পিছত ছপৰ নিশা ভাৰতীয় দলটো নামিছিল মস্কো বিমান বন্দৰত। তাত তেওঁলোকক আনুষ্ঠানিকভারে অভি- নন্দন জনোৱা হৈছিল। মস্কোৰ জীৱন সম্পর্কে বকরাই লিখিছে, তাত কথাই কথাই বক্তৃতা চলে আৰু বক্তৃতাৰ বিষয়-বস্তু সাম্য, মৈত্রী, বিশ্বশান্তি, পঞ্চশীল, ভাৰত ৰুছিয়াৰ সম্প্রীতি আদি। দুপৰ নিশালৈকে সকলো ব্যস্ত। "মহানগৰীবোৰত অতি মাদকতা- পূর্ণ বস্তু হৈছে নৈশ জীরন। নৈশ জীরন বাদ দিলে মহানগৰীৰ জীরন শূন্য।" বৰুৱাই ৰাষ্ট্ৰীয় কাৰ্য্যসূচীৰ শেষত মাজনিশা মস্কোৰ নৈশ জীৱন অধ্যয়ন কৰিবলৈ পার্ক, ৰেষ্টোৰাঁ, নৈৰ পাৰ আদিত ফুৰিছিল।

কছিয়াৰ সর্বশ্রেষ্ঠ বিধান পৰিষদ অনুষ্ঠিত হোরা ক্রেমলিন ৰাজপ্রাসাদত ভাৰতীয় সংসদী সদস্যৰ প্রতিনিধিবর্গক ছুপ্রীম ছোভিয়েটৰ সভাপতি লেভানভে আদব অভ্যর্থনা জনাইছিল। বৰুৱাই মস্কোৰ পুস্কিন স্কোয়াৰ, মায়াকভঙ্গী স্কোয়াৰ প্ৰমুখ্যে বিভিন্ন স্কোয়াৰ আৰু প্ৰস্তৰ মূতিসমূহৰ এটা সুন্দৰ বিৱৰণ দিছে। মস্কোৰ য'তে ত'তে দেশৰ বীৰ-বিপ্লৱীসকলৰ প্ৰস্তৰ মূর্তি। সেই- বোবে মস্কোৰ ঐতিহ্যৰ কথাকে সোঁৱৰাই দিয়ে। তেওঁ জীৱন্ত আকাৰত সংৰক্ষণ কৰা লেনিন আৰু ষ্টেলিনৰ মৃতদেহ ছটা, পৃথিৱীৰ সপ্তম আশ্চৰ্য্য বস্তুৰ অন্যতম মস্কোৰ ঘণ্টা, বলছয় থিয়েটাৰ, বেলে নৃত্য, পাপেট খো, লেনিন হিলছত থকা মস্কো বিশ্ববিজ্ঞালয় আদি চোৱাৰ সুযোগ পায়। তেওঁ লক্ষ্য কৰিছিল যে জাতিৰ জনকৰূপে লেনিনক যি স্থান দিয়া হৈছে সেই স্থান টেলিনক অকণো দিয়া নাই। দ্বিতীয়তে কছিয়াত ব্যক্তি-পূজাৰ অন্ত পৰিছে যদিও প্রস্তৰ মূতিসমূহৰ জৰিয়তে ৰাষ্ট্ৰই বাছি দিয়া ব্যক্তিৰ উপাসনা তীব্রভারে চলি আছে।

হেম বৰুৱাক মস্কোৰ পিকিং নামে তেৰ মহলীয়া হোটেল এটাত থাকিবলৈ দিয়া হৈছিল আৰু কছিয়া ভ্রমণ-কালত তেওঁৰ গাইড দোভাষী আছিল লিলি নামৰ এমোকোৰা হাঁহিৰে ভৰা চটফটীয়া ছোরালী এজনী। তেওঁ লক্ষ্য কৰিছিল প্রকাণ্ড হোটেল- টোৰ মাল কঢ়িওরা ল'ৰাৰ বাহিৰে আটাইবোৰ কর্মীয়েই হ'ল ছোরালী।

ভাৰতীয় সংসদী দলটোক ৰুছ চৰকাৰে সম্বর্ধনা জনোৱা ক্রেমলিন ৰাজপ্রাসাদটোৰ ঐতিহ্য সম্পর্কে বিৱৰণ দি বৰুৱাই কৈছে যে কছিয়াৰ ক্রেমলিন ৰাজপ্রাসাদটো যেনে মহত্বপূর্ণ, তেওঁ পূর্বে পেৰিছত দেখা নেপোলিয়নৰ 'পেলে দি ভাৰ্ছাই' নামৰ ৰাজপ্রাসাদটোও তেনে জাকজমকতাপূর্ণ। কছিয়া শ্রমিকৰ দেশ হলেও আৰু তাত সকলো জাকজমক বর্জন কৰা হৈছে বুলি কলেও তাৰ ঐতিহ্যাক কেতিয়াও স্নান হৈ যাবলৈ দিয়া নাই। চতুর্দশ-পঞ্চদশ শতিকাতে নির্মিত শিলৰ দেৱাল আৰু স্তম্ভবোৰ অতি যত্নেৰে ৰক্ষা কৰা হৈছে। আনকি ক্রেমলিনৰ ৰাজপ্রাসাদ আৰু গীর্জাবোৰ যাদুঘৰৰ দৰে ৰাখি তাত পুৰণি ভাস্কর্য্য শিল্প, ৰাজন্যবৰ্গৰ বিবিধ বিলাসৰ সামগ্রী, যুদ্ধৰ সাজ-সৰঞ্জাম আৰু অন্য ৰাষ্ট্ৰৰ পৰা উপঢৌকন হিচাপে পোরা বস্তুবোৰ সযতনে বিধে বিধে ৰখা হৈছে। বৰুৱাই ক্রেমলিনৰ উল্লেখযোগ্য যাদুঘৰ 'উৰুমেয়নায়া প্লাটা'ত ৰক্ষিত বস্তুবোৰৰ এটি সুন্দৰ বিৱৰণ দিছে। যাতৃঘৰ চাই থাকোঁতে বৰুৱাই ৰুছবাসীৰ দেশ-প্ৰেমৰ কথা লক্ষ্য কৰিছিল। কাৰণ যাদুঘৰত থকা কহুদেশীয় বস্তুবোৰ দেখুৱাই তেওঁলোকে গৌৰৱ বোধ কৰিছিল। দ্বিতীয়তে তেওঁ অনুভৱ কৰিছিল ষ্টেলিনৰ সময়লৈকে কছিয়াৰ বহির্জগতৰ লগত বিশেষ সমৃদ্ধ নাছিল। ষ্টেলিনৰ পিছৰ পৰা পৃথিবীৰ বিভিন্ন ঠাইৰ ভ্ৰমণকাৰী- সকল কছিয়ালৈ আহিবলৈ ধৰে। কছসকলেও বিদেশীক সৌহাদ'- পূর্ণ ব্যৱহাৰ কৰে। বৰুৱাই মস্কোৰ মস্কো আর্ট থিয়েটাৰ চাইছিল। তেওঁ অনুভর কৰিছিল যে আন পাশ্চাত্য দেশত যেনেকৈ চিনেমা বা টেলিভিচনে ৰঙ্গমঞ্চৰ ক্ষতি সাধন কৰিছে তেনেকৈ কছিয়াত কৰা নাই। অৱশ্যে চিনেমা আৰু টেলিভিচনৰ প্ৰভারো বাছিয়াত একেবাৰে কম নহয়। কছিয়াত 'চিনেৰেমা' বুলি চিনেমাৰ দৰেই এটি আনন্দ বিনোদনৰ আহিলা আছে। 'চিনেৰেমা' এক প্রকাৰ চিনেমাই; কেরল তাৰ ছবিবোৰ জীৱন্ত যেন লাগে। চিনেৰেমাত চৰকাৰৰ আত্ম-প্ৰচাৰৰ প্রচেষ্টা আছে। ১৮৯৮ চনত স্থাপিত হোরা মস্কো আর্ট থিয়েটাৰৰ নাটকীয় সামগ্রীব এটা নিজা সংগ্রহালয় আছে য'ত এখন মঞ্চ বুৰঞ্জীৰ সম্পদৰাশি লুকাই আছে। সেইদৰে ১৮২৪ চনত প্রতিষ্ঠিত মস্কোৰ বলছয় থিয়েটাৰৰ যোগেদি ক্লাছিকেল অপেৰা আৰু বেলে-নৃত্য জীয়াই ৰখা হৈছে। বৰুৱাই বলছয় থিয়েটাৰত বাছিয়ান গাভৰুৱে ভাৰত নাট্যম নচা দেখিছিল। 'বঙা কৰবীৰ ফুল'ত বলছয় ৰঙ্গমঞ্চৰ উপৰি 'মালী থিয়েটাৰ', তাৰ ওচৰতে থকা লৰা-ছোৱালীৰ ৰঙ্গমঞ্চ আদিৰ বিৱৰণ পোরা যায়। কছিয়া নৃত্য, শিল্পকলাৰ লগতে চিত্রকলাতো যে আগবঢ়া এই বিষয়ে লেনিনগ্রেড চহৰত থকা চিত্রগৃহৰ কথা আলোচনা প্রসঙ্গত বৰুৱাই উল্লেখ কৰি গৈছে। কছিয়াৰ মানুহৰ পুৰণিৰ প্রতি যে এটা বিশেষ প্রীতি আছে লেনিনগ্ৰেডৰ চিত্রগৃহই সেইটো প্রমাণ কৰে বুলি বৰুৱাই উল্লেখ কৰিছে। অৱশ্যে মস্কোৰ এটি আধুনিক চিত্রগৃহত নতুন ৰাজনৈতিক আদর্শ প্রকাশৰ প্রচেষ্টা আছে বুলি মন্তব্য কৰিছে।

বকরাই লেনিন হিলছ, বোলা পাহাৰত অৱস্থিত মক্ষো বিশ্ববিজ্ঞালয়টোও দর্শন কৰিছিল। ১৯৪৮-৫৩ চনৰ ভিভবত নির্মিত মস্কো বিশ্ববিদ্যালয়ৰ ভবনটো ওখই ৭৫০ ফুট। ভাত শিক্ষক থাকিবলৈ ১৮৪ টা আৰু ছাত্রষ কাবণে ৫,৭৫৪ টা কোঠা আছে। তাৰ চেন্টেল হল আৰু লাইব্রেৰীটোও প্রকাণ্ড। মস্কো বিশ্ববিদ্যালয় ১৭৫৫ চনত স্থাপিত হৈছিল। কিন্তু কছিয়াত কলেজ বিশ্ববিদ্যালয়ৰ উচ্চ শিক্ষা সকলোৰে কাৰণে মুকলি নহয় যেনেকৈ আন বিষয়ৰ শিক্ষা সকলোৰে বাবে মুকলি। কছিয়াৰ মানুহৰ কিতাপ পড়া আগ্রহ দেখি বৰুৱা মুগ্ধ হৈছিল। টেক্সী ষ্টেও, হোটেল, দোকান যলৈকে তেওঁ গৈছে তাতেই কিতাপ পড়া লোক দেখিছে। অৱশ্যে ইয়াৰ বাবে গোটেই দেশজুৰি লাইব্ৰেৰীৰ সুব্যৱস্থা আছে। মস্কোৰ 'লেনিন ষ্টেট পাবলিক লাইব্ৰেৰী' হেনো পৃথিবীৰ ভিতৰতে সর্ববৃহৎ। তাত ষাঠিটা ভাষাৰ নব্বৈ লাখ কিতাপ আছে আৰু গড়ে দিনৌ পঢ়ুৱৈৰ সংখ্যা পাঁচ হেজাৰ।

বৰুৱাই মস্কোত এখন কৃষি শিল্পৰ বিৰাট প্রদর্শনীও চাইছিল। ৫৬৬ একৰ আগুৰা সেই প্রদর্শনী ভূমিখণ্ডত নানা তৰহৰ গছ- গছনিৰ উপৰিও এখন উদ্ভিদ-উদ্যান আছে। প্রদর্শনীখনত তিনিশ সাতটা পেভিলিয়ন আছে আৰু প্ৰতিখনতে কৃষি আৰু শিল্পজাত নানা তৰহৰ বস্তু সজোৱা হৈছে। তদুপৰি কছিয়াত নির্মিত বেল, এৰোপ্লেন, আনকি স্পট,নিকৰ আহিও প্রদর্শনীত দেখুওরা হৈছে। 'বঙা কবৱীৰ ফুল'ত বকরাই প্রদর্শনীখনৰ এটি আকর্ষণীয় বর্ণনা দিছে।

বৰুৱাই মস্কোৰ ওচৰতে থকা কৃষি পামো পৰিদৰ্শন কৰিছিল। কছিয়াৰ কৃষিপামত যন্ত্ৰৰ সহায়ত হালবোরা, গুটি সিঁচা, শস্য গোটোরা আদি কাম আৰু বিবিধ পশু-পালন কৰা হয়। তাৰ কৃষকৰ ঘৰবোৰ সাধাৰণ আৰু গোহালিবোৰ লেতেৰা। অৱশ্যে কৃষকৰ ল'ৰা-ছোৱালীৰ বাবে শিক্ষাৰ ব্যৱস্থা আছে। বহুরাবোবে পামৰ উপাৰ্জনৰ এটা ভাগহে পায়; সৰহীয়া ভাগটো পামৰ আৰু গাওঁ অঞ্চলৰ সমূহীয়া উন্নতিৰ কাৰণে খৰচ কৰা হয়। বৰুৱাই সাগৰৰ পাৰত অৱস্থিত লেনিনগ্রেড চহৰতে। ভ্রমণ কৰিছিল। এশ এটা দ্বীপৰ সমষ্টি এই চহৰখন কিছুমান দলঙে সাড়ুবি ৰাখিছে। চহৰখনক জলস্রোত, ৰাজপ্রাসাদ আৰু বৰষুণৰ চহৰ বুলি বৰুৱাই অভিহিত কৰিছে। কছিয়াৰ বিখ্যাত সম্রাট পিটাৰ দি গ্রেটে (১৬৭২-১৭২৫) নির্মাণ কৰা এই চহৰখনৰ ৰাজপ্রাসাদ, পার্ক, উদ্যান, আর্ট-গেলেৰী, ষ্টেডিয়াম আদিৰ কথা, ৰাষ্ট্ৰ নিৰ্মাতা সম্ৰাটৰ গুণাৱলীৰ কথা 'ৰঙা কৰবীৰ ফুল'ত বর্ণনা কৰা হৈছে।

মস্কো সম্বন্ধে বৰুৱাই কৈছে, গোটেই মস্কো চহৰখনেই ৰাষ্ট্ৰৰ বস্তু। ইয়াৰ ব্যৱসায়-বাণিজ্য, দোকান-পোহাৰ, ঘৰ-দুৱাৰ সকলো ৰাষ্ট্ৰৰ সম্পত্তি। সকলো ৰাষ্ট্ৰৰ দ্বাৰা পৰিচালিত হয়। মানুহক কাম অনুপাতে দৰমহা দিয়া হয়। কিন্তু ছোভিয়েট ইউনিয়নত জনসংখ্যা কম হোৱা কাৰণে কাম কৰা মানুহৰ অভাৱ হৈ আছে। সেই কাৰণে তাত সন্তান বৃদ্ধিৰ ওপৰক গুৰুত্ব দিয়া হৈছে। পুৰুষতকৈ নাৰীৰ সংখ্যা সৰহ হোৱা কাৰণে ছোৱালীৰ কাৰণে দৰা পোৱাটো তাত আন এটি সমস্যা হৈছে। চাকৰিৰ ক্ষেত্রত তিৰোতা মানুহৰ প্রভারেই বেছি। পোন্ধবখন বাষ্ট্র বা প্ৰদেশৰ সমষ্টি ছোভিয়েট ইউনিয়নৰ সার্বভৌম সংসদ, নির্বাচন প্রথা, কমিউ- নিষ্ট পার্টি আদিৰ বিষয়ে পুথিখনিত এটি আভাস দিয়া হৈছে।

কছবাসীৰ অতিথিপৰায়ণতা সম্পর্কে বৰুৱাই কৈছে, বিদেশীয়ে বিশেষকৈ ভাৰতীয়ই তাত মৰম-চেনেহ পায় যদিও পৰাপক্ষত ঘৰলৈ নিয়া নহয়; নিলে চৰকাৰে তাৰ অনুসন্ধান লয়। এই প্রসঙ্গতে বৰুৱাই এটি ৰহস্যপূর্ণ ঘটনাৰ উল্লেখ কৰিছে: কেনেকৈ মাজনিশা দুজনী গাভৰু ছোৱালী তিনিটা অচিনাকী মানুহৰ কবলৰ পৰা ৰক্ষা পাবলৈ পলাই ফুৰিব লগা হৈছিল।

এইদৰে দেখা যায় হেম বক্করাই মাথো ন দিনহে কছিয়া ভ্রমণ কৰিছিল যদিও, সেই কম দিনৰ ভিতৰতে সেই দেশখনৰ ভালে- মান 'তথ্য'-পুলকভৰা অভিজ্ঞতা আহৰণ কৰি 'ৰঙা কৰবীৰ ফুল'ত সন্নিবিষ্ট কৰিছে।

ইজৰাইল: হেম বৰুৱাৰ তৃতীয় ভ্রমণ-পুথি 'ইজৰাইল'ত নকৈ জন্ম পোরা, ইহুদীপ্রধান সৰু ৰাষ্ট্র ইজৰাইলৰ সামাজিক, বাজ- নৈতিক, সাংস্কৃতিক আদি অৱস্থাৰ বিষয়ে বর্ণনা কৰা হৈছে। বৰুৱাই ইজৰাইল চৰকাৰৰ আমন্ত্রণক্রমে ১৯৬৪ চনত ইজৰাইল ভ্রমণ কৰিছিল। তেওঁ ইজৰাইলৰ জেরুজালেম, তেল-এভিভ চহৰ, কিব্যুজ গাওঁ, বীৰশ্বেৱা চহৰ, নেগেভ, মৰুভূমি অঞ্চল, গেলিলী অঞ্চল, নেজেবেথ অঞ্চল আদি ভ্ৰমণ কৰিছিল আৰু তেওঁৰ ভ্ৰমণৰ সহচৰ আছিল ড্রাইভাৰ য়াকোভ, আৰু ডিপ্লোমেট য়াটিভ।

পৃথিবীৰ বিভিন্ন ঠাইত অনাই-বনাই ঘুৰি ফুৰা, উৎপীড়িত জাতি ইহুদীসকলে ১৯৪৮ চনত ইজৰাইল স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে। ইজৰাইলক পৃথিবীৰ ভিতৰতে এখন লেখত ল'বলগীয়া ৰাষ্ট্ৰ হিচাপে গঢ় দিবলৈ ইহুদীসকলে কেনেকৈ যৎপৰো- নাস্তি চেষ্টা কৰি আহিছে-তাব বিরবণ অতি সহানুভূতিৰে আৰু প্রাঞ্জল ভাষাত বৰুৱাই পুথিত দাঙি ধৰিছে। থিয়ডোৰ হাৰ লজ নামৰ এজন ভিয়েনাবাসী ইহুদী-নাট্যকাৰে পীড়িত ইহুদীসকলৰ কাৰণে নিজ জন্মভূমি ইজৰাইলক স্বাধীন কৰাৰ সপোন দেখিছিল। সেই সপোন ফলিয়াইছিল ১৯৪৮ চনত।

বৰুৱাই ইজৰাইলৰ ৰাজধানী জেৰুজালেমৰ শ্বহীদ ভৱনত অজস্র অত্যাচাৰিত ইহুদীৰ চিত্র দেখিছিল আৰু দেখিছিল মাউন্ট হাব লজৰ স্মৃতিবেদী। ইহুদীসকলৰ স্বাধীনতাৰ কাহিনী, অভীতৰ কৰুণ কাহিনী, পুথিখনৰ প্ৰথম অধ্যায়ত বর্ণনা কৰা হৈছে।

বকরাই ইজৰাইলৰ গাওঁবোৰ ঘুৰি সেইবোৰৰ সুন্দৰ বিৱৰণ দিছে। গাওঁ হলেও ৰন্ধা-বড়ঢ়া, কাঁহী-বাটি ধোরা আদি সকলো কাম যান্ত্রিক ব্যৱস্থাৰে কৰা হয়। তাৰ পৰা বুজিব পাৰি গাওঁবোৰ কিমান উন্নত। কিবুৎক্ত আৰু মোচেভ, এই ধৰণৰ সমবায় পদ্ধতিত গাওঁবোৰ চলে। বকরাই এই দুই পদ্ধতিৰ বিশদ বিৱৰণ দিছে।

বৰুৱাই ইজৰাইলৰ মৰুভূমি অঞ্চল নেগেভলৈ ফুৰিবলৈ গৈছিল। মৰুভূমি হলেও পরিশ্রমী ইজৰাইলবাসীয়ে জলসিঞ্চনৰ যোগেদি কেনেকৈ শস্য-শ্যামলা কৰি তুলিছে-তাৰ বিৱৰণ দিয়া হৈছে। তাৰ ডেড-ছি নামৰ লোণযুক্ত হ্ৰদৰ বিৱৰণটি আকর্ষণীয়। বকরাই মৰুভূমি অঞ্চলত থকা বেদুইনবিলাকৰ জীৱন-যাত্রা সম্বন্ধেও ভালে- মান কথা পুথিখনত সন্নিবিষ্ট কৰিছে। ইজৰাইলত যেনেকৈ শুকান পাহাৰ আৰু মৰুভূমি আছে, তেনেকৈ পিটনি অঞ্চলো আছে। পিটনি অঞ্চলত খেজুৰ আৰু ডালিমগছ উভৈনদী। ইজৰাইলবাসীয়ে যন্ত্ৰৰ সহাযত পিটনি আৰু মৰুভূমি হুয়োটাৰে সমস্যা সমাধান কৰি মাটিবোৰ খেতিৰ উপযুক্ত কৰি লৈছে।

ইজৰাইলৰ প্রধান ভাষা হিব্রু। পৃথিবীৰ এটি অতি পুৰণি ভাষা হিব্রু অনাই-বনাই ফুৰা ইহুদীসকলৰ মাজত কেনেকৈ ৰৈ আছিল এই বিষয়ে বকরাই চমু ইতিহাস দাঙি ধৰিছে। অৱশ্যে ইজৰাইলত আৰবী ভাষাকো আৰব সম্প্রদায়ৰ ভাষা ৰূপে স্বীকৃতি দিছে। বৰুৱাই ইজৰাইলৰ হিব্রু সাহিত্য আৰু ৰঙ্গমঞ্চৰ বিষয়েও আলোচনা কৰিছে।

ইজৰাইলত বর্ণ-লিঙ্গ নির্বিশেষে দেশবাসীৰ সামাজিক আৰু ৰাজনৈতিক স্বত্ব সম্পূৰ্ণৰূপে ৰক্ষিত আৰু শিক্ষা, সংস্কৃতি, ভাষা, ধর্ম সকলো ক্ষেত্রতে স্বতন্ত্রতা স্বীকৃত। বৰুৱাই ইজৰাইলবাসীৰ ৰাজনৈতিক জীৱনৰ এটি আভাস দাঙি ধৰিছে। ইউৰোপীয় নাৰী সমাজৰ দৰে ইজৰাইলী নাৰী সমাজো মুক্ত-গাওঁ-চহৰ সকলো ঠাইতে নাৰী স্বাধীন-চিতীয়া, মুকলিমূৰীয়া। সেইদৰে পুৰুষসকলৰ দবে তাৰ তিৰোতাসকলেও ৰাষ্ট্ৰৰ উন্নতিৰ কাৰণে কাম কৰি গৈছে। পুথিখনৰ শেষৰফালে বকরাই ইজৰাইলৰ শিক্ষা ব্যৱস্থাৰ কথা উল্লেখ কৰিছে। তাৰ মানুহৰ যে কিতাপ পঢ়াৰ ধাউতি অপৰি- সীম, আনকি তাৰ টেক্সী ড্রাইভাবেও যে কিতাপ পড়ে, এই কথাও তেওঁ কবলৈ পাহৰা নাই।

বৰুৱাই ইজৰাইলৰ পৰা উভতি আহোঁতে ইৰাণৰ ৰাজধানী তেহৰাণত এদিনৰ কাৰণে ভূমুকি মাৰি তাত লাভ কৰা অভিজ্ঞতাৰ কথা –পাশ্চাত্য সভ্যতাত দীক্ষিতা বোৰখাৰ লেখিয়া ওৰণি লোরা আধুনিক। মুচলিম মহিলাৰ কথাও পাতনিত চমুকৈ বর্ণনা কৰিছে।

মেকং নৈ দেখিলো: হেম বৰুৱাৰ চতুর্থ ভ্রমণ-গ্রন্থ 'মেকং নৈ দেখিলো'ত টাইলেগু, কেম্বোডিয়া, লাওছ, মালয়ছিয়া আৰু ছিঙাপুৰ, দক্ষিণ-পূব এছিয়াৰ এই পাঁচখন দেশৰ ৰাজনৈতিক, সামাজিক, অর্থনৈতিক, সাংস্কৃতিক আদি অৱস্থাৰ চমু অথচ সবস বিৱৰণ দাঙি ধৰা হৈছে। ভাৰত-পাকিস্তানৰ সংঘৰ্ষৰ পিছত, ভাৰত-পাকিস্তান সম্বন্ধ আৰু আৰু কাশ্মীৰ সমস্যাৰ বিষয়ে বিদেশব বাষ্ট্রনায়কসকলক সাক্ষাৎ কৰি ভাৰতৰ দৃষ্টিভঙ্গী বুজাই দিয়াৰ উদ্দেশ্যে ১৯৬৫ চনৰ ডিচেম্বৰ মাহত সংসদৰ এটি প্রতিনিধি দল দক্ষিণ-পূব এছিয়াৰ উক্ত দেশ পাঁচখনলৈ গৈছিল। হেম বৰুৱা আছিল এই দলব উপ-দলপতি।

আমি পশ্চিমীয়া দেশবোৰৰ তুলনাত আমাৰ ওচৰতে থকা পূব-দক্ষিণৰ দেশবোৰৰ কথা বৰ কমেইহে জানো। হেম বৰুৱাৰ 'মেকং নৈ দেখিলো' সেই ফালৰ পৰাও বিশেষ তাৎপর্যপূর্ণ।

লেখকে পুথিখনৰ আৰম্ভণিতে ফুলৰ দেশ টাইলেণ্ডৰ বিৱৰণ দিছে। টাইলেণ্ডৰ ৰাজধানী বেঙ্ককৰ অর্থ 'পানীফুলৰ গাওঁ', টাইসকলে ইয়াক 'ক্রং টেপ' অর্থাৎ পানীৰ চহৰ বোলে। চহৰখনৰ চাৰিওফালে জলাশয়; নৌকা ভ্রমণ অতি আনন্দ দায়ক। লেখকে চহৰখনত সিচৰতি হৈ থকা বৌদ্ধ মন্দিৰসমূহ, ইপিনে সিপিনে পানী বৈ যাবলৈ দিয়া খালবোৰৰ ওপৰত থকা চাংঘৰবোৰ, পানীৰ মাজত ওপত্তি থকা ৰেষ্টোৰাঁ, টাইলেণ্ডৰ বাজপৰিয়াল, কৃষি, বেহা-বেপাৰ আদিৰ আকর্ষণীয় বিৱৰণ দিছে। টাইলেণ্ডৰ দহ নিযুত জনসংখ্যাৰ ভিতৰত হেনো পঞ্চাশ হেজাৰ লোক ভাৰতীয়; বেহা-বেপাৰৰ ক্ষেত্ৰত ভাৰতীয়সকল আগৰণুৱা। টাই- লেগুত ভাবতীয় সংস্কৃতিৰ প্রভার যে সুস্পষ্ট এই কথাও লেখকে উদাহৰণেৰে বুজাই দিছে। লেখকে বেঙ্কক চহৰৰ বৈশিষ্ট্য সম্পর্কে কৈছে, "এইখন এখন চহৰ নহয়। কেইবাখনো খণ্ড চহৰৰহে সমাবেশ। .........এফালে অত্যাধুনিক জীরন, আনফালে প্রাচীনত্বৰ মোহব, এফালে বতাহত উটি অহা মন্দিৰৰ ফুলৰ সুবাস, আনফালে গেলামাছৰ গোন্ধ: এফালে ধোঁরা, আনফালে বঙীণ আরেশ।"

বৰুরাই প্রতিনিধি দলটোবে সৈতে টাইলেণ্ডৰ প্ৰধান মন্ত্রী, বৈদেশিক মন্ত্রী, সম্রাট, বাজকোরব আদিক লগ পাইছিল, সি- বিলাকৰ ভিতৰত কাৰোবাৰ কাৰোবাৰ আলহীও হৈছিল আৰু সিবিলাকৰ লগত ভাৰত-পাকিস্তান-কাশ্মীৰ সম্পর্কে আলোচনা কৰিছিল। টাইলেণ্ডৰ মানুহবোৰ পৰিষ্কাৰ-পৰিচ্ছন্ন, অতিথিপৰায়ণ আৰু ধর্মভীক। বকরাই টাইলেণ্ডৰ মাছৰ প্ৰাচুৰ্য্যৰ কথাও উল্লেখ কৰিছে। টাইলেণ্ডত ইংলেণ্ডৰ দৰে নৃপতিতন্ত্র (Constitutional Monarchy) চলে। মানুহবোৰ নৃপতিভক্ত; তেওঁলোকে বজাক ভগবানৰ অবতাৰ বুলি ভাবে। তাত বিবাহ বিচ্ছেদ অতি সহজ। সাধাৰণতে পুৰুষতকৈ নাবী বিবাহ-বিচ্ছেদত অধিক অগ্রসৰ; তাৰ কাৰণ একো গৰাকী পুৰুষৰ দহ-বাৰঞ্জনীকৈ পত্নী থাকে। সমাজত নানা প্রকাৰৰ দুর্নীতি আছে। বকরাই টাইলেণ্ডৰ কেইবাটাও উৎসৱৰ কথা বর্ণনা কৰিছে। সেই দেশৰ বুৰঞ্জীমূলক পটভূমি, ধর্ম, ভাষা, ৰঙ্গমঞ্চ আদি বিষয়ৰ আভাসো পুথিখনৰ পৰা পাব পাৰি। লেখকে টাইলেণ্ডৰ মানুহৰ বিষয়ে শেষত লিখিছে- "টাইলেণ্ডে মোক বৰকৈ মোহিত কৰিছিল।" আৰু মোহিত কৰাৰ কাৰণ তাৰ মানুহৰ “দৃষ্টিত উভৈনদী হৈ আছে সবলতা" আৰু "যাৰ হাঁহি জোনৰ পোহৰব দৰে নির্মল, নিকা, স্নিগ্ধ-এইবোৰক পাহৰো কেনেকৈ ?"

টাইলেণ্ডৰ পৰা প্রতিনিধি দলটোৰ সৈতে বকরা গৈছিল কেম্বোডিযালৈ। কেম্বোডিয়াত নংপেন, আংকোব, ছিয়েমবীপ আদি চহৰত সন্ধানী দৃষ্টিৰে ঘূৰি বৰুৱাই কেম্বোডিয়ার ঐতিহাসিক, ৰাজনৈতিক, সামাজিক, ধর্মীয় আদি জীৱনৰ চিত্র অংকিত কৰিছে। ১৯৫৩ চনত ফৰাচীৰ কবলৰ পৰা মুক্ত হৈ স্বাধীনতা লাভ কৰা কেম্বোডিয়াৰ ৰাজধানী নংপেন চতৰত থলুরা কেম্বোডীয়, চীনা আৰু ভিয়েটনামীৰ প্রাধান্য আছে। চীনাসকলে দেশৰ প্রধান ব্যৱসায়, ভিফ্টেনামীসকলে সক-পুৰা ব্যৱসায় চলায় আৰু কেম্বো- ডীয়সকল প্রধানকৈ কৃষিজীরী। ফৰাচীসকলৰ শাসনৰ অন্ত পৰিলেও আমদানি-ৰপ্তানিৰ প্ৰায়বোৰ প্ৰধান প্রতিষ্ঠান তেওঁলোকৰ হাতত। দেশত শিল্প-প্রতিষ্ঠান নাই বুলিবই পাৰি। মানুহবোৰ ধর্মভীক; আঙ্কোৰৰ মন্দিব বিশ্ববিখ্যাত। ৰামায়ণ মহাকাব্যব প্রভার তেওঁলোকৰ ধর্মীয় সাংস্কৃতিক জীৱনত পৰিছে। এই দেশত প্রথমে হিন্দু ধর্ম আৰু পিছত বৌদ্ধ ধর্মই প্রাধান্য লাভ কৰে। ছয়োটা ধৰ্মৰ সাক্ষী দিয়ে তাব মঠ-মন্দিৰ আৰু মূর্তিসমূহে। তাব ভালেমান ব্যক্তিৰ নামেও এই কথাৰে প্রমাণ দিয়ে।

কেম্বোডিয়াৰ পিছত ভাৰতীয় প্রতিনিধি দলটো আহে লাও লৈ আৰু লাওছৰ ৰাজধানী ভিয়েনটিয়ান চহৰত মেকং নৈৰ পাৰত এখন হোটেলত তেওঁলোকৰ থকাৰ ব্যৱস্থা কৰা হয়। হেম বকরাই চমুকৈ হলেও লাওছ দেশৰ ভৌগোলিক, ৰাজনৈতিক বুৰঞ্জী, নৃতাত্ত্বিক, সামাজিক আৰু ধর্মীয় অৱস্থাৰ কথা প্রাঞ্জল ভাষাত বর্ণনা কৰিছে। লাওছ বিভিন্ন ভাষা আৰু জনজাতীয় সমাজৰ সমষ্টি। তাৰ জনসংখ্যাৰ আধা বৌদ্ধধর্মী আৰু আধা জড়োপাসক। দেশখনত অজস্র উৎসর হয়।

কেম্বোডিয়াৰ পিছত বৰুৱাই বর্ণনা কৰিছে তাৰ ওচৰ চুবুৰীয়া দেশ মালয়ছিয়াৰ বিষয়ে। তেওঁলোকৰ দলটো মালয়ছিয়াৰ বাজধানী কোরালালামপুৰত ৰৈছিল। চাঁন-ভাৰত আৰু ভাৰত- পাকিস্তানৰ সংঘর্ষ লগাৰ সময়ত মালয়ছিয়াই ভাৰতক সমর্থন দিছিল। তাৰ প্ৰধান মন্ত্রী টুংকু আব্দুল ৰহমানৰ দেশখনত থকা জনপ্রিয়তাৰ কথা বকরাই উল্লেখ কৰিছে। ইয়াৰ উপৰি লেখকে উল্লিখিত দেশবোৰৰ দৰে এই দেশৰো ভৌগোলিক অৱস্থান, প্রাকৃতিক সম্পদ, নৃতত্ত্ব, ৰাজনৈতিক অৱস্থা, শিক্ষা, সাহিত্য, সংস্কৃতি আদিৰ চমু বিৱৰণ দিছে। মালয়ছিয়াত ভাৰতীয় সংস্কৃতিৰ যে প্রতুল প্রভাৱ পৰিছে এই কথাও লেখকে উদাহৰণ দি বুজাই দিছে।

'মেকং নৈ দেখিলো'ত বর্ণিত শেহৰ দেশখনেই হ'ল ছিঙ্গাপুৰ। বৰুৱাই লিখিছে-ছিঙ্গাপুর অতি ব্যস্ত আৰু ব্যৱসায়ী চহৰ। ছিঙ্গাপুৰ এখন নগৰ-বাষ্ট্র। ছিঙ্গাপুৰ বন্দৰ ব্যৱসায়-বাণিজ্যৰ কেন্দ্র স্বকপে এছিয়াৰ ভিতৰতে বিখ্যাত। বৰুৱাই কম কথাৰ মাজতে ছিঙ্গাপুৰৰ অভাত আৰু বর্তমান ইতিহাস দাঙি ধৰিছে। তহুপৰি ছিঙ্গাপুৰৰ প্ৰধান মন্ত্রী লা কোৱান উ-ব বিষয়ে ভালেমান কথা বর্ণনা কৰিছে। তাত ভাৰতীয় মানুহৰ লগত যে চীনা মানুহৰ মাজত শত্রু-ভার আছে এই কথা বৰুৱাই ঘটনা এটিৰে সৈতে আলোচনা কৰিছে। ছিঙ্গাপুৰত চীনাসকলৰ প্রতিপত্তি আছে। তাত খ্ৰীষ্টানৰ উপৰি বৌদ্ধ, হিন্দু, শিখ, পাচী, ইহুদী আদি ধর্মাৱলম্বী লোক আছে। ছিঙ্গাপুৰৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক আদি বিৱৰণো পুথিখনত দাঙি ধৰা হৈছে। বৰুৱাই ছিঙ্গাপুৰ প্ৰমুখ্যে প্রাচ্যৰ দেশবোৰৰ মহিলা সমাজত কেনেকৈ ন-পুৰণিৰ সংঘাত হৈছে, বিশেষকৈ বিচাৰবিহীনভারে পছিমীয়া সংস্কৃতিয়ে নতুনকৈ স্বাধীনতা লাভ কৰা প্রাচ্যৰ দেশ সমূহত বিস্তাৰ লাভ কৰিছে এই বিষয়েও পুথিখনিৰ শেষত আলোচনা কৰিছে।

হেম বৰুৱাব উল্লিখিত চাৰিখন ভ্রমণ-গ্রন্থৰ উপৰি তেওঁৰ 'সানমিহলি' (১৯৫৭) নামৰ গ্ৰন্থখনিত সন্নিবিষ্ট 'সেণে বৰণীয়া দেশ: ব্রহ্মদেশৰ জিলিমিলি' নামৰ এটি চুটি অথচ আকর্ষণীয় ভ্রমণ-কাহিনী আছে। বকরাই ১৯৫০ চনৰ নবেম্বৰ মাহত ব্রহ্ম- দেশৰ বেঙ্গুন বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোর। 'রল্ড' ইউনিভাচিটি ছাভিচ'ৰ দক্ষিণ-পূর্ব এছিয়াৰ আঞ্চলিক সভাত ভাৰতীয় প্রতিনিধি হিচাপে যোগ দিছিল। তেওঁ সভাৰ বিভিন্ন আলোচনাত সক্রিয় অংশ গ্রহণো কৰিছিল। বৰুৱাই ব্রহ্মদেশত সাত দিন থাকি বিভিন্ন ঠাই ঘূৰি-পকি লাভ কৰা অভিজ্ঞতাকে ৰূপায়িত কৰে এই ভ্রমণ-কাহিনীটোত। ইয়াত ব্ৰহ্মদেশৰ সোণ বৰণীয়া ধাননি পথাৰ, সোণালী চূড়াৰে শুশোভিত বৌদ্ধ মঠ আৰু বুদ্ধ-মুতিৰ বিৱৰণৰ লগতে ব্ৰহ্মদেশবাসীৰ ধৰ্ম, শিক্ষা, আচাৰ-নীতি আদিৰ আভাস দাঙি ধৰা হৈছে। ব্রহ্মদেশীয় লোকসকল মঙ্গোলীয় গোষ্ঠীৰ মানুহ; তেওঁলোকৰ সভ্যতাত ভাৰতীয় আৰু চীনা সভ্যতাৰ প্ৰভার বিদ্যমান। নাৰী সমাজ পুৰুষৰ সমানেই স্বাধীন। তাব লোক- নৃত্যৰ ওপৰত ভাৰতীয় আৰু শ্যামদেশীয় নৃত্যকলাৰ আৰু সাহিত্য- সংস্কৃতিত বৌদ্ধ ধর্ম আৰু সাহিত্যৰ প্রভার বিজ্ঞমান। কৃষিপ্রধান দেশ হলেও ব্রহ্মদেশত নিম্ন শ্রেণীৰ পৰা বিশ্ববিজ্ঞালয়লৈকে বিনামূলীয়াকৈ শিক্ষা দিয়াৰ ব্যৱস্থা আছে। বৰুৱাই 'সানমিহলি'ত সন্নিবিষ্ট 'ব্রহ্মদেশৰ নাটঘৰ' নামৰ প্ৰবন্ধত ব্রহ্মদেশৰ নাট্য জগতত ৰামায়ণৰ প্রভাৱ সম্পর্কে আলোচনা কৰিছে। 'সানমিহলি' গ্রন্থত সন্নিবিষ্ট বৰুৱাৰ আন এটি চুটি ভ্রমণ- বিষয়ক প্রবন্ধ হ'ল 'ইজিপ্টৰ চিনাকি।' 'আকাশস্পর্শী পিৰামিড আৰু ক্লিয়পেট্ৰাৰ ৰোমাঞ্চসনা' ইজিপ্ট অনাবৃষ্টিৰ ঠাই হৈও মানুহৰ একান্ত যত্ন আৰু পৰিশ্ৰমৰ ফলত কেনেকৈ শস্য-শ্যামল হৈছে তাৰ সুন্দৰ বিৱৰণ পোৱা যায় এই ভ্রমণ-কাহিনীটোত। বকরাই তুলনা কৰি দেখুৱাইছে, দক্ষিণ-পূব এছিয়াৰ পুৰুষতকৈ তিৰোতাই বেছি কাম কৰে; কিন্তু ইজিপ্টৰ মতা-তিৰোতা সমানে পৰিশ্রমী। ভাৰতবৰ্ষৰ দৰে ইজিপ্ত নানা জাতিৰ মিলন ভূমি। সৰহভাগ লোক কৃষিজীরী হলেও শিক্ষাৰ প্রতিও তেওঁলোকৰ প্ররল ধাউতি আছে। মানুহবোৰ সমাজপ্রিয়; নৃত্য-গীত তেওঁ- লোকৰ জাতীয় জীৱনৰ অপৰিহাৰ্য্য অংগ। পিৰামিডবোৰ ভাস্কৰ্য্যৰ অপূর্ব নিদর্শন। মৃতদেহ (মামী) অলপো নষ্ট নোহোৱাকৈ হেজাৰ হেজাৰ বছৰ ধৰি সংৰক্ষণ কৰি ৰাখিব পৰাটোতে তেওঁলোকৰ উৎকর্ষমানৰ চিকিৎসা বিদ্যাৰ পৰিচয় পোৱা যায়। সাহিত্যৰ ক্ষেত্ৰতো ইজিপ্টৰ অতুলনীয় দানৰ কথা বৰুৱাই কাহিনীটোত উল্লেখ কৰিছে।

হেম বৰুৱাৰ ভ্ৰমণ-সাহিত্য পড়িলে কেইটামান কথা মনলৈ আহে। (১) হেম বৰুৱাৰ ৰচনা সৰস আৰু বর্ণনা কাব্যিক; সেই কাৰণে তেওঁৰ ভ্ৰমণ-কাহিনী পঢ়ি আমনি নালাগে। বহু সময়ত তেওঁ বর্ণনীয় বিষয়বোৰৰ কথাছবিৰ দৰে হুবহু ৰূপ দিবলে যত্ন কৰিছে; সেই কাৰণে তেওঁ ভ্রমণ-কাহিনী পড়ি আমনি নালাগে-লাগে আনন্দ। হেম বকরাই 'ইজৰাইল'ৰ পাতনিত ভ্রমণ-কাহিনীৰ এটি বিশেষ গুণ সম্পর্কে 'ইন লজ, এণ্ড আউট লজ' বোলা কিতাপ এখনৰ পৰা এই উদ্ধৃতিটো দিছে-"In writing a travel book the thing to avoid is monotony. The only remedy for this is to give your story a climax.' হেম বৰুৱাৰ বর্ণনাত একঘেয়েমি নাই-আছে নতুন নতুন সোৱাদ লগা কথা। সেই কাৰণেই তেওঁৰ ভ্ৰমণ-কাহিনী- বোৰ আকর্ষণীয়।

(২) ভ্রমণ-গ্রন্থ কেইখন পড়ি হেম বৰুৱা মানুহজনৰ বিষয়েও এটি ধাৰণা কৰিব পাৰি তেওঁৰ আছিল নেদেখা কথা দেখাৰ, শুশুনা কথা শুনাৰ অফুৰন্ত আগ্রহ। তাৰ কাৰণে তেওঁ সম্রাট- মন্ত্ৰীৰ পৰা আৰম্ভ কৰি হোটেলৰ বয়-ড্রাইভাৰলৈকে সকলো শ্রেণীৰ মানুহক লগ ধৰিছিল, সকলো শ্রেণীৰ মানুহৰ মাজত মিলি যাব পাৰিছিল। নতুনক চোৱাৰ ছৰস্ত হেপাহ থকা কাৰণেই তেওঁ দিন-ৰাতি ভেদাভেদ এৰি নগৰবোৰত ঘুৰি ফুৰিছিল। দিনত সংসদী প্রতিনিধি দলৰে লগত ঘুৰে আৰু বাতি নৈশ জীৱন চাবলৈ ভাল পোৱা লোকৰ মাজত ঘূৰে। তেওঁ 'মেকং নৈ দেখিলো'ত লিখিছে-"বিদেশলৈ গলে নিশা দুই বজাৰ আগতে পাটাত পৰাৰ মোৰ অভ্যাস নাই। নিশাতকে মাদকতাপূর্ণ বস্তু আন একোৱেই হ'ব নোৱাৰে।" বৰুৱাৰ এনে উক্তি আন ভ্রমণ-কাহিনাতো পোরা যায়। তেওঁ যে কিমান পৰিশ্রমী আছিল ইও তাৰেই প্ৰমাণ দিয়ে। তেওঁৰ ভ্ৰমণ-কালত বাজ অট্টালিকা, সংসদ ভৱনৰ পৰা হোটেল, ৰেষ্টোৰাঁ, পার্ক, গলি কোনো স্থানেই বাদ পৰা নাছিল।

(৩) তেওঁ এখন দেশৰ পৰা আন এখন দেশলৈ উৰা জাহা- জেৰেই ভ্রমণ কৰিছিল। উবা জাহাজব পৰা তলৰ পৃথিৱী, কাষৰ মেঘ বা পর্বতমালা কেনে দেখি এই বিষয়ে তেওঁ একাধিক ঠাইত কাব্যিক বর্ণনা দিছে। তেওঁৰ আটাইকেইটা আকাশী-ভ্রমণৰ বিৱৰণ চমৎকাৰিতা পূর্ণ।

(৪) হেম বৰুরা নিজে কবি হোৱা কাৰণে আৰু এটা কবি- মন সদায় লগত লৈ থকা কাৰণেই নেকি, তেওঁৰ বৰ্ণনাবোৰ যেনে কাব্যিক হৈছে, তেনেকৈ বর্ণনাৰ মাজে মাজে ইংৰাজী, বঙলা আৰু ন-পুৰণি অসমীয়া কবিতাৰ ভালেমান উদ্ধৃতি দিছে। এই উদ্ধৃতিয়ে বর্ণনীয় বিষয় বেছি উজ্জ্বল কৰি তোলাৰ লগতে হেম বৰুৱাৰ স্মৃতি শক্তিৰ প্ৰথৰতাৰো প্ৰমাণ কৰে।

(৫) বর্ণনাৰ মাজে মাজে উপস্থাপিত ব্যক্তিসকলৰ কথো- পকথন দিয়াত বর্ণনীয় বিষয় অধিক উজ্জল, বাস্তর আৰু মনো- গ্রাহী হৈ উঠিছে। নাটকীয় গুণ বৰুৱাৰ ভ্ৰমণ-কাহিনীৰ এটি বিশেষত্ব।

(৬) নাৰীৰ কথাই মানুহক সহজে আকর্ষণ কৰে কাৰণেই হবলা, অথবা ভ্রমণ-কালত বহুতো ছোৱালীক লগ পোৱা কাৰণেই হয়তো বকরাব প্রায় কেইটা ভ্রমণ-কাহিনাতে তেওঁ লগ পোরা ছোৱালীবোৰৰ ৰূপ-গুণৰ একোটি আভাস পোরা যায়। তেওঁ যে ছোৱালীৰ কথা বেছিকৈ লিখে এই কথা তেওঁ ধেমালিৰ সুবত হলেও 'বঙা কৰবীব ফুল' আৰু 'ইজৰাইল'ৰ পাতনিত ব্যক্ত কৰিছে। অৱশ্যে এইটোও ঠিক যে ছোৱালীৰ কথা কলেই যে কিতাপ বেয়া হ'ল এনে নহয়। তেওঁ 'ৰঙা কৰবীৰ ফুল'ত (পৃঃ ২৪-২৫) ছোৱালাৰ কিছুমান বিশেষ গুণৰ কথাও উল্লেখ কৰিছে।

(৭) বৰুৱাই বহু ঠাইত আকর্ষণীয়ভারে কবিতা-কবিতা লগা ভাষা বা উপমাৰ প্ৰয়োগ কৰি বিৱৰণ দিয়াত বর্ণনীয় বিষয়টো অধিক মনোগ্রাহী হৈছে। যেনে,- (ক) "ছিদাৰ গছবোৰ সাধাৰণতে বৰ ওখ নহয়; গছবোৰৰ গাবোব লাহী। মুৰত একোটা ঘন পাতৰ কলডিলীয়া খোপা। যেনিবা সবহীয়া চুলিৰ চপল তনুৰ এজনী গাভকছে।” (সাগৰ দেখিছা, পৃ. ১০)। (খ) "আমাৰ হাঁহি ছিদাৰ গছৰ খোপাবোৰত কঁপনি তুলি সাগৰৰ বুকুলৈ গৈছিল।" (সা. দে., পৃ. ১১)। (৩) "আকাশৰ পিয়লাটো স্বর্ণ আভাসিক্ত ৰ'দৰ পোহৰেৰে উপচি পৰিছে।" (ৰঙা কৰবীৰ ফুল, পৃ. ১)। (ঘ) বৰুৱাই একাধিক ঠাইত সাগৰ আৰু পৰ্বতৰ মনোৰম চিত্ৰৰ কাব্যিক বর্ণনা দিছে: (১) "ঢউবোবে কোবেৰে আমাক খেদি আহিছিল। নীলা ঢউবোৰ পাৰত ঠেকা খাই ভাগি-ছিগি ডোখৰ- ডোখৰ হৈছিল, যেনিবা কিছুমান কাঁচৰ টুকুৰাহে ছিটিকি পৰিছে।" (সা- দে., পৃ. ১৭০)। (২) "কেউপিনে বৰফৰ বহল সাগৰ। এইখন সাগৰ নীলা নহয়; শুভ্র। গাখীৰতকৈও বগা আৰু নতুন গাভৰুৰ বুকুৰ উমতকৈয়ো চোঁচা।” (সা. দে. পৃ. ৯৯)। (৩) "ভলত লানি নিছিগা নীল পৰ্বতৰ উমিমালা। ওখ, চাপৰ, ৰ'দৰ উত্তাপত উম লোরা পৰ্বতৰ ঢিংবোৰ। যেন সাগৰৰ বুকুত কিছুমান অতিকায় ঢউহে। আৰু পৰ্বতৰ গাত আউজি ওলমি থকা গাখীৰৰ ফেন যেন ডাৱববোৰ।" (ব. ক. ফু, পৃ. ২।)

(৮) বৰুৱাই বিৱৰণবোৰৰ মাজে মাজে লিখা দুই এটা প্রাসঙ্গিক কথা সকলো ভ্ৰমণকাৰীয়ে জানি লব পাৰে। যেনে: (ক) "দেশ ভ্রমণ আৰু কিতাপ অধ্যয়ন ছয়োটা সমজাতীয় বস্তু। দুয়োটা বস্তুৱে মানুহৰ মনৰ দিগন্ত বিস্তৃত কৰে। কিতাপৰ পাতত মানুহৰ ছবি পোৱা যায়। দেশ-ভ্রমণত আচল মানুহ, তেজ-মঙহৰ মানুহৰ সৈতে সম্বন্ধ স্থাপন হয়। তেজ-মঙহৰ মানুহ কিতাপৰ ছবিৰ মানুহতকৈ বহুত সঁচা।" ('মেকং নৈ দেখিলো: জিলিকণি') (খ) "এটা জাতিক বুজিবলৈ হ'লে যিদৰে চকু মেলি ইটো-সিটো সকলো বস্তু-যিমানদূৰ অৱশ্যে সম্ভৱ চাব লাগে, সেইদৰে মাজ- নিশা তেল পুৰি হলেও জাতিটোৰ সম্বন্ধে দুই-চাৰিখন কিতাপো লগে লগে পঢ়িব লাগে।" (সা. দে., পৃ. ৬৬-৭৭)। (গ) "একো- খন দেশ চাবলৈ আহোঁতে সদায় সেই দেশখনৰ বিষয়ে আগতীয়াকৈ কিছুমান কথা জানি অহা উচিত। অন্ততঃ দেশখনৰ সংস্কৃতি আৰু জাতীয় জীৱনৰ বুৰঞ্জী সম্বন্ধে।" (সা. দে., পৃ. ১৮৭)। প্রসঙ্গত উল্লেখনীয় যে হেম বৰুৱাই তেওঁৰ ভ্ৰমণ-গ্রন্থকেই- খনত অকল নিজে দেখা বা শুনা কথাৰে বিৱৰণ দিয়া নাই, অধ্যয়ন কৰি পোৱা কথাও সন্নিবিষ্ট কৰিছে। সেয়ে কিতাপ- কেইখনৰ মর্যদা আৰু এখোপ ওপৰলৈ তুলিছে।

অসমীয়া ভ্রমণ-কাহিনী লেখক হিচাপে অসমীয়া সাহিত্যত হেম বৰুৱাৰ স্থান সদায় আগশাৰীত জিলিকি থাকিব। তেওঁৰ ভ্রমণ-গ্রন্থৰ সংখ্যা যেনেকৈ সৰহ, তেনেকৈ তেওঁৰ ভ্ৰমণ গ্রন্থ- কেইখনে অসমীয়া ভ্রমণ-সাহিত্যক এটা নতুন দৃষ্টিভঙ্গী দিব পাৰিছে। সেই কাৰণে কব পাৰি, খ্যাতিমান কবি সমালোচক হেম বৰুৱাই আন একো নেলেখি কেরল ভ্রমণ-গ্রন্থকেইখনেই লিখি থৈ যোৱা হলেও সাহিত্যিক হিচাপে তেওঁৰ খ্যাতি অসমীয়া সাহিত্যৰ বুৰঞ্জীত চিৰসমূজ্জল হৈ ব'লহেঁতেন। 

18
প্ৰবন্ধ
হেম বৰুৱা এড. ১ম
0.0
হেম বৰুৱা অসমৰ ৰাজহুৱা জীৱনত এটি অতি জনপ্রিয় নাম । কাব্য-সাহিত্য চৰ্চাৰে পৰা দিল্লীৰ ৰাজনৈতিক মহললৈকে চাঞ্চল্য সৃষ্টিকাৰী হেম বৰুৱাৰ প্ৰতিভা বহুমুখী আৰু বৰঙনিও প্রভূত । ১৯৭৭ চনৰ এপ্ৰিল মাহৰ ৯ তাৰিখে হেম বৰুৱাই ইহ জগতৰ পৰা মেলানি মাগিলে। অসম সাহিত্য সভাৰ এগৰাকী বিশিষ্ট প্রাক্তন সভাপত্তি ৺বৰুৱাৰ স্মৃতিত এখনি স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিবলৈ সিদ্ধান্ত কৰা হৈছিল। 'হেম বৰুৱা' উক্ত সিদ্ধান্তৰে ফল । পুথিখনৰ সম্পাদক অধ্যাপক যোগেশ দাস আৰু অসম সাহিত্য সভাৰ কৰ্মকৰ্তাসকললৈ আন্তৰিক কৃতজ্ঞতা জনাইছো ।
1

হেম বৰুৱা এটি জীৱনালেখ্য শ্রীমন্দ তালুকদাৰ

17 November 2023
0
0
0

হেম বৰুৱা একেৰাহে সাহিত্যিক, শিক্ষাবিদ আৰু ৰাজনীতি- বিদ। অসমীয়া সাহিত্যৰ ভৰাল টনকিয়াল কৰিবলৈ ইংৰাজী আৰু অসমীয়া ভাষাত বিধে বিধে কবিতা, ভ্রমণ কাহিনী, আলোচনা গ্ৰন্থ ৰচনা কৰা এইজনা সাহিত্যিকৰ ৰচনাৰ সংখ

2

প্ৰীতিৰ হেমহাৰ হেম বৰুৱা শ্ৰীকমল নাৰায়ণ চৌধুৰী

18 November 2023
0
0
0

নানাবিধ ৰঙৰ সমাবেশত শুনিপুণ চিত্ৰকৰে 'কেন্‌ভাচত' বিভিন্ন বিষয়-বস্তুৰ চিত্র আঁকে। সেই একেই চিন্তাৰ বশৱৰ্তী হৈ ফটোগ্ৰাফাৰে ৰঙীন আৰু ক'লা-বগা ফিল্মৰ সহায়ত নানা তৰহৰ ছবি তোলে। চিত্ৰকৰে ছবি আঁকে, ফটোগ্ৰা

3

ব্যক্তিত্বৰ মোহ শ্রীমহিম বৰা

20 November 2023
0
0
0

স্কুলীয়া দিনতে 'আরাহনত' "কল্পকীৰ কাহিনী" পড়ো। লিখক শ্রীযুত হেমকান্ত বকরা, এম, এ। 'আৱাহনৰ' এজন গ্রাহক, তেওঁৰ পৰা 'আরাহন' নানান কৌশেলেৰে আৰু বাটেৰে আহি মোৰ হাতত পৰোতে তিনি মাহ লাগে। তেতিয়া গো-গ্রাসে গিল

4

পত্নীৰ দৃষ্টিৰে শ্রীমতী অণু বৰুৱা

20 November 2023
0
0
0

এজন ৰাজনীতিজ্ঞ, এজন সাহিত্যিকৰ স্ত্রী হবলৈ পোৱাটো যেনেকৈ সৌভাগ্যৰ কথা সেইদৰে কষ্টকবও। বুটিছৰ দিনৰ চৰকাৰী চাকৰিয়ালৰ জীয়ৰী হৈ এটা সম্পূর্ণ বেলেগ পৰিৱেশত ডাঙৰ হৈ, এজন ৰাজনীতিজ্ঞৰ জীৱন সঙ্গিনী হবলৈ আগবাঢ়ি

5

হেম বৰুৱা ছাৰৰ স্মৃতি শ্রীপবনাথ শর্মা

20 November 2023
0
0
0

স্বর্গীয় হেম বকরা ছাৰ এসময়ত আমাৰ শিক্ষক আছিল আৰু আছিল বাজনীতিৰ ক্ষেত্ৰত আমাৰ বৰেণ্য নেতা। ছাৰক লগ পোৱাৰ পিছত এখন মনোৰম আৰু মহৎ গ্রন্থ অধ্যয়ন কৰাৰ দবে লাগিছিল। তেখেতৰ বসাল, খোলা অন্তৰৰপৰা কোৱা কথাবোৰলৈ

6

ছাত্ৰ আৰু সতীৰ্থৰ দৃষ্টিৰে ডঃ প্রমোদচন্দ্র ভট্টাচার্য

21 November 2023
0
0
0

হেম বৰুণা, অসম গৌৰৱ শিক্ষাবিদ, শিক্ষাব্রতী সাহিত্যিক আৰু সংসদী ৰাজনীতি বিশাৰদ এজন আগশাৰীৰ অসমীয়া লোক বুলি বৰেণ্য আৰু স্বীকৃত হৈছে। হেম বৰুৱাৰ গুৱাহাটীয়া কাৰ্য্যকালৰ বিদ্যায়তনিক পৰিবেশৰ ১৯৪৪ চনৰ প্ৰথম

7

মই জনা মানুহজন ডঃ নিৰ্মলপ্রভা বৰদলৈ

21 November 2023
0
0
0

সম্বন্ধত মোৰ হয় মামা। আমাৰ শিৱসাগৰৰ ঘৰত প্ৰায়েই গৈ থাকেগৈ। বিশেষকৈ সক্রিয় ৰাজনীতিত দেশৰ ইমূৰৰপৰা সিমূৰলৈ ঘূৰি ফুৰা সময়খিনিত। দেউতা ৰাজনীতিৰ মানুহ নাছিল। কিন্তু দেউতাই গুণী, ব্যক্তিত্বপূর্ণ, পুৰুষাৰ্থ

8

ভাতৃ হিচাপে শ্রীপ্রফুল্ল কুমাৰ বৰুৱা

21 November 2023
0
0
0

তেতিয়া ককিলামুখ আৰু গুৱাহাটীৰ মাজত আব. এছ. এন. আৰু আই জী. এন. কোম্পানীৰ জাহাজ চলিছিল। আৰ এছ এন- কোম্পানীৰ জাহাজবোৰ আছিল "কুকী", "ডফলা", "মিৰি", "মিচিমি", "লুচাই", "শিখ" আৰু আই. জী. এন. কোম্পানীৰ জাহাজ

9

জনতাদৰদী হেম বৰুৱা শ্রীঅতুলচন্দ্র হাজৰিকা

22 November 2023
1
0
0

আভিধানিক হেম বৰুৱাকে প্রমুখ্য কৰি কেবাজনো হেম বক্করাক অসমীয়া সাহিত্যই লগ পাইছে। সেইসকলৰ মাজত দুজন হেম বৰুৱাৰ ভালেখিনি সাদৃশ্য আমাৰ চকুত পৰে। এজন ত্যাগবীৰ হেম বকরা, আনজন এম-পি হেম বক্করা বা অধ্যক্ষ হে

10

সংসদত হেম বৰুৱা শ্রীবিজয়চন্দ্র ভাগৱতী

22 November 2023
0
0
0

১৯৪২ চনৰ গণ-বিপ্লর। ভাৰতৰ স্বাধীনতাৰ চূড়ান্ত সংগ্রাম। 'হয় মুক্তি নহয় মৃত্যু'-এই পণ লৈ বীৰ-বীবাজনায়কলে স্বাধী- নতাৰ বেদীমূলত নিজৰ জীৱন উৎসর্গা কৰিলে। অসমত সেই বিপ্লৱৰ ঢৌৱে প্রচণ্ড ৰূপ ললে। উদীয়মান ডেক।

11

জনজীৱনৰ দৃষ্টিত শ্রীশশী শর্মা

22 November 2023
0
0
0

অসম বিখ্যাত হেম বৰুরা কেবাজনো। কিন্তু সম্প্রতি হেম বৰুৱা বুলিলে প্রাক্তন সংসদী সদস্য, সু-সাহিত্যিক হেম বৰুৱা বুলিহে জনা যায়। হেম-কোষৰ হেম বৰুৱা আৰু যুক্তি-সংগ্ৰামৰ অন্যতম শ্রেষ্ঠ গুৰীয়াল হেম বৰুৱাৰ কথ

12

ৰাজনৈতিক সহকর্মীৰূপে চুজাউদ্দীন আহমদ

22 November 2023
0
0
0

হেম বকরা এটি সৰু নাম। তাৰ মাজতেই লুকাই আছিল এটি অগ্নিফুলিঙ্গ প্রচণ্ড বিস্ফোৰণৰ জুইশলা কাঠি। বিৰাট ব্যক্তিত্ব-সম্পন্ন, মহা-মহীৰূহ সদৃশ এই প্রতিভাধব মহান পুৰুষজনৰ কথা মনলৈ আহিলেই চকুৰ আগত ভাহি উঠে এখন ব

13

আধুনিক অসমীয়া সাহিত্যত হেম বৰুৱাৰ স্থান শ্রীত্রৈলোক্য নাথ গোস্বামী

23 November 2023
0
0
0

যিটো সময়ত হেম বৰুরাই কাপ হাতত লৈছিল, সেই সময়ত অসমীয়া সমাজৰ মাজত নতুন নতুন ভাবধাৰাৰ অনুপ্রবেশ ঘটিছে। দেশৰ মুক্তি-আন্দোলন বিযপি পৰি দেশবাসীৰ মাজত সঞ্চাৰ কৰিছে নর জাগৰণ; দ্বিতীয় মহাসমৰৰ দ্রুত বিস্তাবে দে

14

হেম বৰুৱাৰ জীৱন দৰ্শন আৰু সাহিত্য শ্রীঅতুলচন্দ্র বৰুৱা

23 November 2023
0
0
0

মানুহৰ জীৱন কামৰ সমষ্টি মাথোন। এই কৃতি বা কাম আৰু ৰচনা বা সাহিত্যৰ মাজেদি বাগ্মীনেতা হেম বৰুৱাৰ জীৱন দর্শনৰ মূল সূত্র কি আছিল তাকে অলপ বিশ্লেষণ কৰি চাব খুজিছো। ১৯৩৭ চনতে 'আরাহন'ত 'হিয়াৰ মিলন' গল্প প্

15

হেম বৰুৱা আৰু তৎকালীন কবি-গোষ্ঠী শ্রীনৱকান্ত বৰুরা

23 November 2023
0
0
0

'আরাহন'ত ওলাইছিল কন্নকী আৰু কভালানৰ কাহিনী- লেখকৰ নাম পাইছিলোঁ, শ্রীযুত হেমকান্ত বৰুরা এম. এ.। খবৰ পাইছিলো, জে. বি. কলেজত ইংৰাজী পঢ়ায়। তেওঁৰ শ্রেণীবোৰ হেনো ইংৰাজীৰ শ্রেণী হৈ নাথাকে-অসমীয়াকে ধৰি বিশ্ব-

16

হেম বৰুৱাৰ ইংৰাজী ৰচনা শ্রীউপেন্দ্রনাথ শর্মা

23 November 2023
0
0
0

হেম বৰুৱাই অসমীয়া সাহিত্যত অবিস্মৰণীয় অৱদান দি থৈ গৈছে। তেখেত আধুনিক অসমীয়া কবিতাৰ আন্দোলনৰ গুৰি ধৰোঁতা। জনমুখী ৰাজনীতি আৰু ভাৰতীয় পৰম্পৰাৰ প্রতি থকা আনুগত্যৰ বাবে তেখেতে অসমীয়া কবিতাৰ সন্ধিক্ষণত এই ক

17

হেম বৰুৱাৰ ভ্ৰমণ-সাহিত্য ডঃ হেমন্তকুমাৰ শৰ্মা

24 November 2023
1
0
0

একেধাৰে কবি, সমালোচক, সাংবাদিক, বক্তা, শিক্ষাবিদ আৰু বাজনীতিজ্ঞ পুৰুষ হেম বৰুৱা অসমীয়া সাহিত্যত ভ্রমণ-কাহিনী- ৰচয়িতা হিচাপেও বিশেষভাৱে পৰিচিত। এতিয়ালৈকে হেম বৰুরাকেই শ্রেষ্ঠ ভ্রমণ-কাহিনীকাৰ বুলি ক'ব প

18

এছাটি পছোৱা শ্রীযোগেশ দাস

24 November 2023
0
0
0

"আজি এই আগলি বতাহে কই গ'ল আহিছে পছোরা সারধান ধনীৰ দুলাল; ধন ঢালি মিছা সভ্যতাৰ মিছাৰেই সঁচা বন্দী কৰা সজা ভাঙ্গি পখীটি ওলাল।" -ভরপ্রসাদ মুলকৰাজ আনন্দৰ "কুলী" উপন্যাসৰ বঙলা ভাঙনিখন কিনি মই প্রথম পাতটোত

---

এখন কিতাপ পড়ক