shabd-logo

হেম বৰুৱা এটি জীৱনালেখ্য শ্রীমন্দ তালুকদাৰ

17 November 2023

2 দৰ্শন কৰা হৈছে 2

হেম বৰুৱা একেৰাহে সাহিত্যিক, শিক্ষাবিদ আৰু ৰাজনীতি- বিদ। অসমীয়া সাহিত্যৰ ভৰাল টনকিয়াল কৰিবলৈ ইংৰাজী আৰু অসমীয়া ভাষাত বিধে বিধে কবিতা, ভ্রমণ কাহিনী, আলোচনা গ্ৰন্থ ৰচনা কৰা এইজনা সাহিত্যিকৰ ৰচনাৰ সংখ্যা ডেৰ কুৰিখন । স্কুলীয়া ছাত্রারস্থাতে জাতীয় আন্দোলনত অংশ গ্ৰহণ কৰি বিয়াল্লিছৰ বিপ্লৱৰ সময়ত কাৰাগাৰৰ চাৰিবেৰৰ মাজত আবদ্ধ হৈ স্বাধীনতা লাভৰ পিছত সমাজবাদী আন্দোলনত জপিয়াই পৰি সংসদী ৰাজনীতিতো সমাজবাদী নেতা স্বৰূপে স্বীকৃতি লাভ কৰা একমাত্ৰ অসমীয়া ৰাজনীতিবিদ হেম বৰুৱা । ৰাজনীতিৰ পাশা- খেলত জয় পৰাজয় হলেই লুটিবাগৰ দি সুবিধা ভোগ কৰিব বিচৰা বিধৰ ৰাজনৈতিক নেতা হেম বৰুৱা নাছিল। সেয়েছে ভাৰতীয় ৰাজনীতিত হেম বৰুৱাৰ স্থান আছিল আগ শাৰীত । জীৱনৰ বিভিন্ন ক্ষেত্ৰত জয় পৰাজয় বৰণ কৰা সর্বজন প্রিয় নেতা হেম বৰুৱা মানুহ হিচাপে সহজ সৰল, অনাড়ম্বৰ, ৰসিক আৰু অমায়িক। কর্মময় জীৱনত জাপ জাপ কিতাপ পঢ়ি পাণ্ডিত্যেৰে ভাৰাক্ৰান্ত হলেও সর্বসাধাৰণৰ লগত কথা পাতোতে হেম বৰুৱা এজন সহজ সৰল মানুহ সৰ্বসাধাৰণৰে এজন ।

ইউৰোপ, আমেৰিকা, ৰুছদেশ, দক্ষিণ-পূব এচিয়া আমি বিশ্বৰ ভালেকেইখন দেশত শিক্ষাবিদ, ৰাজনীতিবিদ হিচাপে ভ্ৰমণ কৰি তেওঁ নানান অভিজ্ঞতা সঞ্চয় কৰিছিল; তথাপি হেম বৰুৱা এজন অনাড়ম্বৰ ব্যক্তি। সংসদৰ মজিয়াত তেওঁ অঞ্চল অসমৰ কথাৰেই যে সংসদৰ দৃষ্টি আকৰ্ষণ কৰিছিল এনে নহয়, সমগ্ৰ ভাৰতবৰ্ষ আৰু বিশ্বৰ যিকোনো গুৰুত্বপূৰ্ণ সমস্যাতে সক্রিয় অংশ গ্ৰহণ কৰি তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পাৰিছিল।

মুখত এমোকোৰা তামোল লৈ আঠুলৈকে বৈ পৰা দীঘল পাঞ্জাবী আৰু দগধা খদ্দৰৰ ধূতি পিন্ধি চেণ্ডেল চোচোৰাই চোচোৰাই 'কি খৰৰ ভালে আছ৷' বুলি যাকে তাকে আলিবাটত মাত লগাই ফুৰা হেম বৰুৱাৰ এসময়ৰ মূৰ্তিটি চিৰ পৰিচিত্ত ছবি। যোৱা চাৰি বছৰ ধৰি হেম বৰুৱাক কোনোৱে তেনে ৰূপত দেখা নাছিল।

বহু সময়ত কথা শুনি শুনি উঠিব খুজিলেই 'আৰু পাঁচ মিনিট বই।' বুলি শেষ নোহোৱা আৰু ভালেখিনি সময় বহুৱাই ৰখা নাইবা কথাষাৰি শেষ কৰি তামোলৰ পিক পেলাবলৈ গলে সেই সময়তে উঠিব পাৰে বুলি বাক্যষাৰি শেষ নকৰাকৈ পিক পেলাই আহি ৰপাত অকণ মুখত লৈ আঙুলিৰ মাজত ধপাত্তৰ ঠাৰি ডাল ধৰি পুনৰ কিছুসময় বহুৱাই সংসদৰ নাইবা দেশ ভ্ৰমণৰ নানান ৰস লগা কথা শুনোৱা হেম বৰুৱা শেষ জীৱনত হৈ পৰিছিল বাক- শক্তি ৰুদ্ধ, স্থবিৰ ।

এদিন হেম বৰুৱাৰ ভাষণে নবীন বৰদলৈ হলৰ পৰা সংসদ ভবনলৈ কঁপাই তুলিছিল। জনাকীর্ণ সভাত সকলোৱে আগ্রহ আৰু উৎকণ্ঠাৰে ৰৈ থাকে হেম বৰুৱাৰ ভাষণ শুনিবলৈ ।

সাধাৰণ সাজ-পাৰেৰেই হেম বৰুৱা এজন সভা শুৱনি পুৰুষ । বিৰল সৰলতাই তেওঁক কৰিছিল স্বভাৱ সুন্দৰ। এই গৰাকী সিংহ পুরুষ বচনে শুৱনি হেম বৰুৱা শেষ জীৱনত হ'ল বাক্‌শক্তি ৰুদ্ধ, অগৰ অচৰ।

এইজনা মানৱ দৰদী, নিস্বার্থ দেশ প্রেমিক, ক্ষমতা আৰু লোভৰ উৰ্দ্ধত থকা হেম বৰুৱাৰ ৰাজনৈতিক সততা আছিল । হেম বৰুৱাৰ জন্ম ১৯১৫ খৃষ্টাব্দৰ ২২ এপ্রিলড উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ডৰ বিখ্যাত ভঁৰালী বৰুৱাৰ বংশত্ত। তেওঁলোকৰ বংশৰ আদি পুৰুষ গদাধৰ উপাধ্যায়। এই বংশৰে কৃষ্ণৰাম ভণ্ডাৰ ৰৰুৱা ইংৰাজ আমোলৰ এগৰাকী প্রবল প্রতাপী লোক আছিল। তেওঁৰ ছজন পুত্ৰ ঈশ্বৰাম আৰু বিজয় ৰাম শৰ্মাবকরা। বিষয় ৰামৰ দুজন পুত্ৰ ভোলাৰাম আৰু বিনন্দী ৰাম শৰ্মাবৰুৱা । বিনন্দী ৰাম শৰ্মাবৰুৱাই হেম বৰুৱাৰ পিতৃ ।

বিনন্দী ৰাম শৰ্মাবৰুৱা সৰুৰে পৰা চোকা বুদ্ধিৰ পৰা । তেওঁ গুৱাহাটী কলেজিয়েট হাইস্কুলত সপ্তমমান শ্ৰেণীলৈ পঢ়িছিল। সৰুতে মাক-দেউতাকৰ মৃত্যু হোৱাত তেওঁলোক আনৰ আশ্ৰয়ত ডাঙৰ-দীঘল হব লগা হৈছিল। পঢ়িবৰ ইচ্ছা থকা সত্বেও সুবিধা নাপাই এদিন তেওঁ উজনিমুৱা জাহাজত উঠি তেজপুৰ পালেগৈ।

তেজপুৰত প্ৰথমে তেওঁ ডাক পিয়নৰ চাকৰিত সোমাল । পিছত জাহাজ ঘাটৰ টিকট ক্লার্ক নিযুক্ত হ'ল, আৰু পিছলৈ তেওঁৰ ছাৰ এজেন্ট পদলৈ পদোন্নতি হৈছিল। তেজপুৰৰ উপৰিও, বিশ্বনাথ ঘাট, বিহালি আৰু গমিৰি ঘাটত তেওঁ ছাব এজেন্ট স্বৰূপে কাৰ্য্য নিৰ্বাহ কৰিছিল। গমিৰি ঘাটত তেওঁ ঘৰ-দুৱাৰ কৰি বাস কৰিছিল। তেওঁৰ পত্নী পদ্মলোচনী দেৱী শিৱসাগৰৰ বংশীধৰ মজিন্দাৰ বৰুৱাৰ কন্যা। তেওঁলোকৰ প্ৰথম পুত্র হেম বৰুৱাৰ জন্ম তেজপুৰত হীৰাবালা বৰুৱা, নৱকান্ত বৰুৱা, জিতেন্দ্ৰ কুমাৰ বৰুৱা ( সোণা), প্ৰফুল্ল কুমাৰু বৰুৱা (চিহ্ন), ভানুমতী বৰুৱা আদৰ মালতী শৰ্মা আৰু আইভি বৰুৱা তেওঁলোকৰ আন আন সন্তান।

সাতটি ভাই-ভনীৰ মূৰত ভৰি দি জন্মলাভ কৰা হেম বৰুৱা আছিল পৰিয়ালৰ সকলোৰে আলাসৰ লাড্ডু। তেওঁৰ বাল্যকাল নানান শিশুসুলভ দুষ্টালিৰে ভৰা । তাৰ বাবে পিতৃৰ পৰা পাৰ লগা হৈছিল কঠোৰ শাসন।

হেম বৰুৱাৰ পঢ়াশলীয়া শিক্ষা আৰম্ভ হৈছিল মোমায়েকৰ ঘৰত থাকি যোৰহাটৰ তৰাজান পাঠশালা স্থলত। ১৯২৪ খৃষ্টাব্দত তেওঁ এইখন স্কুলৰ পৰাই প্ৰাথমিক শিক্ষা শেষ কৰি যোৰহাট টাউন এম-ই স্কুলত ভর্তি হয়। টাউন এম-ই স্কুলখনেই বৰ্ত্তমান শঙ্কৰদেৱ চেমিনাৰী। উক্ত স্কুলৰ চতুৰ্থমান শ্ৰেণীত পঢ়ি থাকোতে মাজতে এবাৰ প্ৰবল ইচ্ছা হ'ল পঢ়া-শুনা এৰি দোকান খুলি মহাজন হোৱাৰ। এদিন তেওঁ ৰাজ আলিৰ কাষত পেকিং বাকচ এটিৰ ওপৰত পুৰণা বাতৰি কাকত এখন পাৰি লৈ আৰম্ভ কৰিছিল ব্যৱসায়। দোকানৰ সামগ্ৰী বাৰীৰ কল, তামোল-পাণ, মোমায়েকে স্কুলৰ পৰা অনা পেন্সিল, নিব, কাগজ আৰু বুঢ়ী মাকে ঘৰতে ভাজি দিয়া আথৈ। বুঢ়ী মাকৰে৷ হেপাহ বেহা- বেপাৰ কৰি নাতি লৰা ধনী হ'ব আৰু দেউতাকৰ ঘৰৰ অৱস্থা টনকিয়াল কৰিব। কিন্তু তেওঁৰ লৰালিৰ হেপাহ মনৰ মাজতে মাৰ গ'ল। দেউতাকে আহি পুনৰ ধৰি বান্ধি স্কুলত ভৰ্তি কৰি দিলেগৈ ।

আনকি এদিন হেনো মোমায়েকেও কৈছিল, “ভিনদেউ, ইয়াক লৈ যাওক। পাৰিলে সেই পিনেই বাগিছাই চাগিছাই কাম এটাত সুমাই দিয়ক।” মোমায়েকে হয়তো ভাবিছিল পঢ়ি- শুনিনো কি হ'ব, তাতকৈ এতিয়াই বাগিছাৰ কামত সোমালে সময়ত গৈ বৰ কেৰাণী হবগৈ, আৰু ঘৰৰ অৱস্থাও জয়-জয় ময়-ময় হ'ব। অৱশ্যে তেওঁ বাগিছাত সোমোবলগীয়া নহল । ১৯২৮ খৃষ্টাব্দত উক্ত স্কুলৰ পৰাই প্ৰথম বিভাগত ইংৰাজীত ডিষ্টিংচন পাই এম-ই পৰীক্ষাত উত্তীৰ্ণ হ'ল। ইয়াৰ পিছত তেওঁ যোৰহাট মিশুন হাইস্কুলত পঢ়িছিল। কিন্তু সৰহ দিন যোৰহাটত নপঢ়ি তেজপুৰ চৰকাৰী হাইস্কুলত নাম লগালেগৈ । ১৯৩২ চনত তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰাই প্রবেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় ।

তেজপুৰত ছাত্ৰসকলৰ অনুষ্ঠান আছিল ঊষা ছাত্র সভা । প্রতি দেওবাৰে সভা বহিছিল। হেম বৰুৱা ঊষা ছাত্ৰ সভাৰ এজন নিয়মীয়া সভ্য। এদিন তেওঁৰ আকস্মিক বক্তৃতাৰ পাল পৰিল ‘দুর্যোধন’ । তেওঁৰ লাজকুৰীয়া স্বভাৱৰ বাবে একো ক'ব নোৱাৰিলে ।

হাইস্কুলৰ নৱমমান শ্ৰেণীত পঢ়ি থাকোতে ১৯৩০ চনত তেওঁ এৰাৰ এটি শোভাযাত্ৰাত অংশ গ্ৰহণ কৰা বাবে পুলিচৰ হাতত মাৰ খাব লগা হৈছিল। তেতিয়া স্বাধীনতা আন্দোলনৰ পূৰ্ণ পয়োভৰ। এই কাৰ্য্যৰ বাবে তেওঁৰ অন্তৰত জাতীয় ভাব তীব্র হৈ উঠিছিল ।

তেওঁ উচ্চ শিক্ষা লাভ কৰিছিল কটন কলেজত । কটন কলেজৰ পৰাই ১৯৩৪ খৃষ্টাব্দত প্রথম বিভাগত আই এ আৰু ১৯৩৬ খৃষ্টাব্দত ইংৰাজী সাহিত্যত দ্বিতীয় শ্ৰেণীৰ অনাৰ্চ সহ বি এ ডিগ্ৰী লাভ কৰিছিল। কটন কলেজত পঢ়া কালছোৱাত হেম বৰুৱাই এজন তর্ক প্রতিযোগী স্বৰূপে সুনাম অৰ্জন কৰিব পাৰিছিল। কলেজলৈ অহাৰ পূৰ্বতে তেওঁ জোতা পিন্ধা নাছিল । কলেজলৈ আহিছে জোতা পিন্ধে। কলেজৰ দ্বিতীয় বার্ষিকত পঢ়োতে এখন নির্বাক কথাছবি চাইছিল । এনেকুৱাই আছিল সেই দিনৰ পৰিবেশ ।

হেম বৰুৱাই এম এ পঢ়িছিল কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত । ১৯৩৮ চনত তেওঁ ইংৰাজী সাহিত্যত দ্বিতীয় শ্ৰেণী লাভ কৰি এম এ ডিগ্ৰী লাভ কৰিছিল। একালত যোৰহাটত দুষ্ট ল'ৰা বুলি খ্যাত, ভাল মানুহৰ চৌহদত খেলিবলৈ যাওঁতে গিৰিহঁতে হুহু খেদা দিয়া, স্কুললৈ গৈ গছত উঠি থকা, মোমায়েকে উপায় নাপাই চাহ বাগিছাত চাকৰি কৰিবলৈ পৰামৰ্শ দিয়া ল'ৰাটো আৰু সৰহ কাল দুই ল'ৰা হৈ নাথাকি সুখ্যাতিৰে বিশ্ববিদ্যালয়ৰ শেষ পৰীক্ষাত উত্তীৰ্ণ হ'ল ।

আন দহজন পিতৃৰ দৰে হেম বৰুৱাৰ পিতৃয়ে ভাৰিছিল বৰ পুত্র পঢ়ি-গুনি হাকিম মুন্সিফ কিবা এটা হব । হাকিম হলে চাহাৰী সাজ পিন্ধিবলৈ দেউতাকে হুকুৰি চিকা ৰূপ উলিয়াইও দিছিলে। তেওঁ কিন্তু সেই টকাৰে 'ছুট' নিচিলাই কিনিলে কেইখনমান বছা বছা ইংৰাজী কিতাপ ।

দেউতাকে এবাৰ ওচৰৰে সম্বন্ধীয় মানুহ এজনক সোৱৰণীখন দেখুৱাই জানিব বিচাৰিলে বৰপুত্র হাকিম হব পাৰিব নে নোৱাৰে । কিন্তু তেওঁ সোৱৰণী চাই ক'লে, “তেওঁ হাকিমতো নহয়েই, বহুদিনলৈকে চাকৰি বাকৰি একো নহয় ।” এই কথাত দেউতাক বৰ ক্ষুণ্ণ হৈছিল ।

এম এ পাচ কৰাৰ পিছত বহুদিনলৈকে হেম বৰুৱা কামকাজ নোহোৱা নিবন্ধুরা ডেকা। নিবগুৱা হৈ বহি থকা কালছোৱাতে জন্ম হল সাহিত্যিক হেম বৰুৱা জনৰ। অৱশ্যে বিশ্ববিদ্যালয়ত পঢ়া সময়তে তেওঁৰ 'হিয়াৰ মিলন' নামৰ চুটি গল্প এটি আবাহনও প্ৰকাশ হৈছিল । ভেতিয়া তেওঁৰ নাম হেমকান্ত শৰ্মা বৰুৱা । তেওঁৰ সাহিত্যিক জীৱনৰ প্ৰাৰম্ভৰ কালছোৱাৰ কথা স্মৰণ কৰি "মই লিখো কিয়” প্রবন্ধত্ত লিখিছে, “নিবন্ধুরা কালছোৱাত ময়ো এই কামকেই কৰিছিলো, কেৱল সমালোচনা আৰু সমালোচনা পৃথিৱীত যেন আন একো কামেই নাই । এনেদৰে এদিন ঘৰৰ আগচোতালত বহি হাতত 'আৱাহন' এখন লৈ ছাত্ৰ এজনৰ আগভ প্রত্যেকটো গল্প, কবিতা, প্রবন্ধ কটু ভাষাত সমালোচনা কৰি আছো। এনেতে 'অকস্মাতে ছাত্ৰজনে ঘপৰাই কৈ উঠিল সম্ভবত গুনি শুনি অধৈৰ্য হৈ, 'হেৰি, এইবোৰ মানুহে কিবা এটা নহয় কিবা এটা কৰিছেই, আপুনি এম এ পাচ কৰি কৰিছে কিটো ? নিজে নিলিখে কিয় ?"

উক্ত ঘটনাৰ পিছতে তেওঁ লিখিবলৈ লয়। প্রথমতে তেওঁ ইংৰাজীত লিখি লৈহে অসমীয়ালৈ তর্জমা কৰিছিল। 'আধুনিক নাট্য সাহিত্যত ৰিয়েলিজিম আৰু ৰোমান্স' আৱাহনত প্রকাশিত তেওঁৰ প্ৰথম প্ৰবন্ধ ( দশম বছৰ সপ্তম সংখ্যা )।

১৯৪১ খৃষ্টাব্দত কেইজনমান ডেকা সাহিত্যিকৰ উ্যোগত ৰ'দালি সভা স্থাপন কৰা হয়। সাহিত্য চর্চাই আছিল ৰ'দালি সভাৰ ঘাই কাৰ্য্য। হেম বৰুৱা আছিল ৰ'দালি সভাৰ সক্রিয় সদস্য।

নিমুৱা হৈ বহি থকা অবস্থাতো হেম বৰুৱাই ৰাজনীতিত সক্রিয় অংশ গ্ৰহণ কৰা নাছিল। তেওঁৰ ৰাজনীতিত প্রবেশ এক- প্ৰকাৰ তিতাবৰত অনুষ্ঠিত জিলা ছাত্র ফেডাৰেচনৰ সভাপতি হোৱাৰ পিছৰ পৰা। হেম বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত জিলা ছাত্র ফেডাৰেচনৰ বার্ষিক সভাতে জন যুদ্ধত সহযোগিতাৰ প্ৰস্তাৱ অগ্রাহ্য কৰা হয়, আৰু স্বাধীনতা সংগ্ৰামৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইয়াৰ পিছতে আৰম্ভ হ'ল বিয়াল্লিছৰ গণ আন্দোলন । যোৰহাটৰ কাছাৰীৰ সমুখলৈ এদিন হেম বৰুৱাই এটা বিৰাট ছাত্র সমাবেশ পৰিচালনা কৰি আগবঢ়াই আনিছিল। এই ছাত্র সমাবেশতে সভাপতি স্বৰূপে তেওঁ এটি উদ্দীপনাময়ী ভাষণ দিয়ে । ইয়াৰ ফলত তেওঁ কাৰাদ্ধ হ'ব লগা হয়। সেই সময়ত তেওঁ আছিল জগন্নাথ বৰুৱা কলেজৰ অধ্যাপক আদালতত তেওঁৰ বিচাৰৰ সময়ত বিচাৰকৰ আসনত থকা অসমীয়া হাকিম ন তাচ্ছিল্যৰ পুৰন্ত বিদ্রূপ কৰি কৈছিল, “আপুনি কলেজৰ শিক্ষক নহয়, এ ধরা শিক্ষকহে। অধ্যাপকৰ কাম লৰা-ছোৱা পড়োরা, মান্দোলন কৰিবলৈ শিক্ষা দিয়া নহয়।” বিচাৰ কি তেওঁক সাধাৰণ কয়েদীৰ দৰে এবছৰ সম্প্ৰম কাৰাদণ্ড বিহিছিল আৰু কৰিছিল তৃতীয় শ্রেণী অর্থাৎ চি ডিভিজনৰ কয়েদী। ১৯৪২ চনৰ ১২ অক্টোবৰৰ পৰা তেওঁ যোৰহাট জেলত কাৰাৰুদ্ধ ' লগা হ'ল।

যোৰহাটৰ কাৰাগাৰৰ জীৱন হেম বৰুৱাৰ বাবে মোহ ভঙ্গৰ স্থল, তীর্থস্থান সদৃশ। সাহিত্যৰ নিয়মীয়া ছাত্ৰ আৰু অধ্যাপনাৰ গতানুগতিক জীৱনৰ অভিলাষী হেম বৰুৱা, জন মানসৰ হেম বৰুৱালৈ ৰূপান্তৰৰ প্ৰস্তুতি কাৰাগাৰৰ চাৰিবেৰৰ মাজত। তেওঁৰ কাৰাগাৰৰ চাৰিবেৰৰ মাজৰ অধ্যয়ন বিস্তৃত আৰু ব্যাপক। গীতা, কোৰাণ, বাইবেল ধৰ্মগ্ৰন্থ আৰু বিবিধ বিষয়ৰ গ্ৰন্থ অধ্যয়ন কৰিছিল কাৰাগাৰত থকা কালছোৱাতে । দূৰৰ পৰা দেখা, ফুলৰ মালা পিন্ধি বক্তৃতা দিয়া জননেতা সকলৰ লগত তেওঁ একেলগে কাৰাবাসী হোৱাই নহয় নিবিড় সান্নিধ্যও লাভ কৰিছিল। গড়মূৰীয়া সত্ৰাধিকাৰ, গোপীনাথ বৰদলৈ, ফখৰুদ্দিন আলি আহমদ, শ্রীবিষ্ণু ৰাম মেধি, অমিয় কুমাৰ দাস, মহম্মদ তৈয়বুল্লা, বিমলা প্ৰসাদ চলিহা, নীলমণি ফুকন, মহাদের শর্মা, শ্রীকামাখ্যা প্রসাদ ত্রিপাঠী, শ্রীবিজয় চন্দ্র ভাগৱতী প্রভৃতি ৭০০ ৰাজনৈতিক বন্দী সেই সময়ত যোৰহাট কাৰাগাৰত কাৰাদ্ধ। যোৰহাট জেলতে তেওঁ নিবিড় ভাবে সান্নিধ্য লাভ কৰিলে গোপীনাথ বৰদলৈৰ বৰদলৈৰ সান্নিধ্যৰ ফলতে তেওঁৰ কৰ্মস্থল গুৱাহাটী মুখী হ'ল ।

সেই সময়তে যোৰহাট জেলত ফাঁচী হৈছিল কুশল কোঁৱৰৰ । আসন্ন মৃত্যুৰ বাবে দিন গণি থকা কুশল কোঁৱৰক মৃত্যুৰ আগদিনা আন আন কাৰাবাসীৰ লগতে হেম বৰুৱায়ে। দেখা কৰিবলৈ গৈছিল ।

জেললৈ যোৱাৰ পূৰ্বে তেওঁ গান্ধীজীৰ বিষয়ে খৰচি মাৰি 'অধ্যয়ন কৰা নাছিল। বৰং গান্ধীজীতকৈ কার্ল মার্ক্সৰ বিষয়ে অধ্যয়ন কৰিছিল বেছিকৈ। ডেডিয়া তেওঁৰ মনত মা গান্ধীজীতকৈ বহু ওপৰত। 'মান্ন'ৰ ৰিজনিত গান্ধীজীৰ মগজুৱে ডাই- বিনত ঠাই পোৱা উচিত' এনে মন্তব্য দিবলৈকো তেওঁ শঙ্কা নকৰিছিল। পিছে জেলৰ ভিতৰতে তেওঁ দেশনেতা সকলৰ সান্নিধ্যত গান্ধীজীৰ বিষয়ে সাহিত্য আৰু দৰ্শন সম্পর্কে গভীৰ ভাবে অধ্যয়ন কৰিলে ।

বিয়াল্লিছৰ বিপ্লৱৰ সময়ত অৰুণা আচফ আলি গুৱাহাটীত আত্মগোপন কৰি আছিল। সেই সময়তে জৱাহৰলাল নেহৰু অসম ভ্ৰমণৰ বাবে আহিছিল। নেহৰুক হাতে হাতে দিবলৈ অৰুণা আচফ আলিয়ে এখন চিঠি দিয়ে। হেম বৰুৱাই চিঠিখন লৈ টংলাৰ পৰা যোৰহাটলৈ নেহৰুৰ নিৰ্দেশ মতে আহি যোৰহাটত দিয়েহি। যোৰহাটৰ জনসভাত নেহৰুৱে ভাষণ দিয়ে । ভাষণ দিয়াৰ আগতে বৰুৱাৰ কান্ধত হাতখন থৈ নেহৰুৱে তেওঁৰ লগত কথা পাতে। সেই সভালৈ নেহৰুক চাবলৈ তেওঁৰ পিতৃ বিনন্দীৰাম শৰ্মা বৰুৱাও আহিছিল। মঞ্চৰ ওপৰত নেহৰুৱে বৰপুত্ৰৰ কান্ধত ধৰি কথা পতা দেখি তেওঁ আনন্দত পুলকিত হ'ল। এনেভাবেই হেম বৰুৱাই ৰাজনীতিত সক্রিয় ভারে যোগদান কৰিলে ।

হেম বৰুৱাই প্ৰথমতে অলপ দিনৰ বাবে ১৯৪১ চনত গুৱা- হাটীৰ সন্দিকৈ কলেজত অধ্যাপনা কৰিছিল। সেই বছৰতে তেওঁ যোৰহাট জগন্নাথ বৰুৱা কলেজত অধ্যাপনাৰ সুযোগ লাভ কৰিলে। পণ্ডিত প্ৰথৰ শ্ৰীকৃষ্ণ কান্ত সন্দিকৈ সেই সময়ত সেই কলেজৰ অধ্যক্ষ ।

কলেজত তেওঁৰ দৰমহা মাহে ৭৫ টকা । ইংৰাজীৰ উপৰিও তেওঁ অসমীয়া পঢ়ুৱাইছিল। অতি কম সময়ৰ ভিতৰতে তেওঁ এজন জনপ্রিয় অধ্যাপক হৈ উঠিছিল। ক্লাছত তেওঁ গুেলী, কাঁচছ, ৰাইৰন আদিৰ কবিতা বৰ ৰস লগাকৈ পঢ়ুৱাইছিল । তেওঁৰ ওচৰলৈ যোৱা লৰাক তেওঁ পড়াশুনা কৰিবলৈ উদগনি নিছিল ।

অধ্যাপনা কৰা কালছোৱাতে তেওঁ লিখা-পঢ়া কৰিবলৈ উদগনি লাভ কৰিছিল অধ্যক্ষ ঐসন্দিকৈৰ পৰা। সন্দিকৈ ডাঙৰীয়াৰ উদগনিতে তেওঁ তামিল ভাষাৰ বিখ্যাত কন্নকী কভালানৰ কাহিনী 'কল্পকৰ কাহিনী' নামেৰে অসমীয়ালৈ অনুবাদ কৰি আৱাহনত 'প্রকাশ কৰিছিল।

জেলৰ পৰা ওলাই অহাৰ পিছত হেম বৰুৱা পুনৰ নিবৱা হব লগা হল। কিছুদিন নিবনুৱা হৈ বহি থকাৰ পিছত একে- লগে নগাওঁ কলেজ, বি-বৰুৱা কলেজ আৰু বৰপেটা এম-চি কলেজত অধ্যাপনাৰ সুযোগ লাভ কৰিলে। বি-বৰুৱা কলেজলৈ আহ্বান কৰিছিল গোপীনাথ বৰদলৈয়ে । লোকপ্ৰিয় বৰদলৈৰ আহবান আৰু শ্রীদেৱকান্ত বৰুৱাৰ পৰামৰ্শ মত্তে ১৯৪৪ চনত ৩০ জুনত হেম বৰুৱাই বি-বৰুৱা কলেজত যোগদান কৰিলে । প্রথমতে বি-বকরা কলেজত তেওঁ ইংৰাজী সাহিত্যৰ অধ্যাপক আৰু উপাধ্যক্ষ। পিছত অসমীয়াও পঢ়ুৱাইছিল। অধ্যাপক স্বৰূপে দৰমহা ৬০ টকা আৰু উপাধ্যক্ষ স্বৰূপে ৪০ টকা মুঠ এশ টকা। কলেজ খনৰ অবৈতনিক অধ্যক্ষ গোপীনাথ বৰদলৈ । বৰদলৈ সক্ৰিয় ৰাজনীতিত থাকে, গতিকে কলেজ পৰিচালনাৰ সকলো দায়িত্ব হেম বৰুৱাৰ ওপৰত। বি-বৰুৱা কলেজত যোগ- দান কৰাৰে পৰা হেম বৰুৱাৰ কৰ্মস্থান হল গুৱাহাটী। হেম বৰুৱাৰ কৰ্মক্ষেত্রও হল বহুমুখী। ক্রমে ক্রমে তেওঁ সাহিত্য, ৰাজনীতি আৰু শিক্ষাজগতৰ এজন শীর্ষস্থানীয় ব্যক্তি হৈ । অসমৰ ভালেমান শিক্ষাবিদ আৰু সাহিত্যিক নকৈ গঢ় লৈ উঠা এই বিষকরা কলেজ জড়িত আছিল'- গোপীনাথ বৰদলৈ প্ৰধান মন্ত্রী নির্বাচিত হোৱাত ১৯৪৫ চনৰ ২৯ অক্টোব পৰা হেম বৰুৱা বি-বৰুৱা কলেজৰ অধ্যক্ষ হয়। বৰদলৈ প্রধান মন্ত্ৰী হোৱাৰ পিছত হেম বৰুৱাক ব্যক্তিগত সচিব হবলৈ আহবান জনাইছিল। কিন্তু তেওঁ সহাৰি নিদিলে ।

বি-বৰুৱা কলেজৰ সৰহ ভাগ ছাত্ৰই তেতিয়া আছিল চহৰৰ বিভিন্ন কাৰ্য্যালয়ৰ চাকৰিয়াল। সেয়েহে বি-বৰুৱাৰ কলেজ 'কেৰানীৰ কলেজ' আৰু অধ্যাপক সকল 'ফেৰানী কলেজৰ শিক্ষক' --কলেজখনৰ প্ৰতি এচাম লোকৰ আছিল এনে হেয় মনোভাব। কিন্তু হেম বৰুৱাৰ বিশাল ব্যক্তিত্বৰ বাবে কলেজখনে এটি হুকীয়া মৰ্য্যদা লাভ কৰিছিল। কলেজখনত দিনে দিনে ছাত্র সংখ্যা বাঢ়ি অহাত দেখা দিছিল নানান সমস্যা। তেতিয়াৰ বি-বৰুৱা কলেজ কামৰূপ একাডেমী স্কুলত বহে, ঠাইৰো অকুলন অৱস্থা । মে বৰুৱাৰ অধ্যক্ষতাত এনে এক প্রতিকুল পৰিবেশৰ মাজতো বিৰাজ কৰিছিল এক স্বকীয় বৈশিষ্ট্য। শিক্ষানুষ্ঠানৰ আন মুৰব্বীৰ দৰে হেম বৰুৱাৰ অনুশাসন বাঘ চকুৰে চোৱা বিধৰ নাছিল, মৰমৰ শাসনহে ।

১৯৫৮ খৃষ্টাব্দত বৰ্ত্তমান স্থায়ী ভাবে সঙ্গা বি-বৰুৱা কলেজৰ আধাৰ শিলা স্থাপন কৰা হয়। সময়ও সেই ঠাইতে হৈ উঠিল বি-বৰুৱা কলেজৰ নিজা তখন।

সাধাৰণতে দুই শ্ৰেণীৰ শিক্ষক পোৱা যায়। এক শ্ৰেণীৰ শিক্ষকৰ শিক্ষাদানে শিক্ষাৰ্থীক পৰীক্ষাত উত্তীর্ণ হোৱাত সহায় কৰে। আন শ্ৰেণীৰ শিক্ষাদানে শিক্ষাৰ্থীৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিত সহায় কৰে মনৰ দিগন্ত প্রসারিত হয়। কিন্তু দ্বিতীয় শ্ৰেণীৰ শিক্ষাদানে পৰীক্ষাৰ্থীৰ পৰীক্ষাৰ বহীত সমূহ নম্বৰ পোৱাত সহায় নকৰিবও পাৰে। হেম বৰুৱা, ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা আদি এই দ্বিতীয় শ্রেণীৰ শিক্ষক। তেওঁলোকৰ মনৰ দিগন্ত প্ৰসাৰিত হৈছিল। শিক্ষাৰ্থীয়ে ন ন কথা শিকিব পাৰিছিল। অধ্যক্ষ হিচাপে তেওঁ ছাত্ৰৰ প্ৰতি সদায় সহানুভুতি- শীল আৰু মৰমীয়াল আছিল ।

অসমত এটি সুকীয়া বিশ্বব্যিালয় প্ৰতিষ্ঠাৰ বাবে যি আন্দোলন হৈছিল হেম বৰুৱায়ো সেই আন্দোলনত অংশ গ্ৰহণ কৰি গোপীনাথ বৰদলৈৰ লগত ধন তুলি ফুৰিছিল। বহু বছৰ তেওঁ বিশ্ববিদ্যালয় কোর্টৰ সদস্য আছিল ।

হেম বৰুৱা আছিল এগৰাকী বামপন্থী নেতা। আদিতে তেওঁ আছিল কংগ্ৰেছৰ এগৰাকী সক্রিয় সদস্য। পিছত তেওঁ কংগ্ৰেছ ছ'চিয়েলিষ্ট দলৰ সদস্য ভুক্ত হয়। অসমত কংগ্ৰেছ ছ'চিয়েলিষ্ট দল ১৯৪৭ খৃষ্টাব্দৰ ডিচেম্বৰ মাহত ওলাই আহি নকৈ ছ'চিয়েষ্টি দল গঠন কৰিলে। নকৈ গঠন কৰা ছ'চিয়েলিষ্ট দলৰ সভাপতি শঙ্কৰ বৰুৱা আৰু সম্পাদক হৰেশ্বৰ গোস্বামী। হেম বৰুৱা জন্ম- লগ্নৰে পৰা মৃত্যুৰ সময়লৈকে ছ'চিয়েলিষ্ট দলৰ এগৰাকী সক্ৰিয় সদস্য। পিছত সময় বিশেষে পি-এছ-পি, সংযুক্ত ছ'চিয়েলিষ্ট, ছ'চিয়েলিষ্ট আদি বিভিন্ন নামেৰে ছ'চিয়েশিষ্ট দলটোৰ নামকৰণ কৰা হৈছিল। সেইবোৰৰ বহুল ব্যাখ্যা আমাৰ ক্ষুদ্ৰ পৰিসৰৰ মাজত সম্ভব নহয়। কিন্তু যি নামকেই নলওক গুৱাহাটীৰ শিলপুখুৰীত ধাই কাৰ্য্যালয়ৰে সৈতে থকা ছ'চিয়েলিষ্ট দলৰ পৰা হেম বৰুৱা কোনো দিনে বিচ্ছিন্ন হৈ পৰা নাই ।

স্বাধীনতা লাভৰ পিছত অনুষ্ঠিত ১৯৫২ খৃষ্টাব্দৰ সাধাৰণ নিৰ্বাচনত বিধান সভাৰ সদস্য স্বৰূপে আৰু ১৯৫৬ খৃষ্টাব্দৰ সংসদী সমষ্টিৰ উপনির্বাচনৰ বাবে হেম বৰুৱাই দুবাৰ প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় বৰণ কৰিব লগা হৈছিল। ১৯৫৭ চনৰ দ্বিতীয় সাধাৰণ নির্বাচনত তেওঁ গুৱাহাটী সমষ্টিৰ পৰা সংসদ সদস্য নির্বাচিত হয়। ইয়াৰ পিছত তেওঁ ১৯৬২ আৰু ১৯৬৭ চনৰ নিৰ্বাচনত দুবাৰ সংসঙ্গী সদস্য নির্বাচিত হৈছিল। ১৯৭১ চনত অনুষ্ঠিত মধ্যকালীন নিৰ্বাচনত তেওঁ পৰাজয় বৰণ কৰিব লগা হ'ল।

প্ৰথম বাৰৰ বাবে হেম বৰুৱাই সংসদী ৰাজনীতিত প্রবেশ কৰিয়ে নিজৰ দক্ষতা, কর্তব্য নিষ্ঠা, বিস্তৃত অধ্যয়নৰ মাধ্যমেৰে সকলোৰে চকুম্ভ হৈ উঠিছিল এগৰাকী আগশাৰীৰ নেতা। এজন সার্থক সংসদ সদস্য হ'বলৈ এই কেইটা গুণৰ প্ৰয়োজন—এজন চৰিত্ৰবান মানুহ, এজন ভীক্ষ্ণ বুদ্ধিৰ লোক, এজন কর্মক্ষম মানুছ আৰু এজন আদর্শবান মানুহ। হেম বৰুৱা আছিল এই আটাই- কেইটা গুণৰ অধিকাৰী মানসিক সচেতনতা, বহুল অধ্যয়ন, যুক্তি প্রণোদিত সাহস আৰু স্পষ্টবাদিতা এই কেইটা গুণৰ বাৰে অতি কম সময়ৰ ভিতৰত হেম বৰুৱা হৈ উঠিছিল এজন জাত জিলিকা সংসদ সদস্য। সুদীর্ঘ চৈধ্য বছৰ কাল তেওঁ এগৰাকী আগশাৰীৰ সংসদ সদস্য স্বৰূপে খ্যাতি অৰ্জন কৰিব পাৰিছিল । পাঞ্জাবৰ 'টিবিউন' নামৰ দৈনিক ইংৰাজী কাকতখনে সেই সময়ৰ পোন্ধৰজন জাকত জিলিকা সংসদী সদস্যৰ সংসদী কাৰ্য কলাপৰ চমু খতিয়ান দাঙি ধৰিছিল। সেই পোন্ধৰ গৰাকী সদস্যৰ ভিতৰত আছিল হেম বৰুৱা এজন। আৰু এৰাৰ নতুন দিল্লীৰ 'টাইমচ অৱ ইণ্ডিয়া' কাকতে দহ গৰাকী সংসদ সদস্যৰ তেনেদৰে চমু খতিয়ান পৰ্য্যালোচনা কৰিছিল। সেই দহ গৰাকীৰ ভিতৰতো এজন হেম বৰুৱা। সংসদ সদস্য নির্বাচিত হোৱাৰ মাত্র ছবছৰৰ ভিতৰতে অভিজ্ঞ আৰু প্ৰথিতযশা সংসদী সদস্য- সকলৰ শাৰীলৈ আহি শ্রেষ্ঠ পোন্ধৰজনৰ ভিতৰত এজন হ'ব পৰাটো অঞ্চল হেম বৰুৱাৰে গৌৰৱৰ কথা নহয়, অসমৰ বাৰেও গৌৰৱৰ কথা ।

সংসদ সদস্য অৰূপে প্ৰথমখন সংসদৰ অধিবেশনতে হেম বৰুৱাই উত্থাপন কৰা প্ৰস্তাৱ দুটাৰ ভিতৰত অসমৰ বাৰে ৰেলৱে জ'নৰ সদৰ কাৰ্য্যালয় স্থাপন আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ বিষয়ক। সেই সময়ত অসমত স্থাপিত হব লগা তেল শোধ- নাগাৰ আন্দোলনৰো হেম বৰুৱা এজন আগশাৰীৰ নেতা । এই আন্দোলনৰ ফলতে অসমত দ্বিতীয় শোধনাগাৰ হৈ উঠিল । কেন্দ্ৰীয় চৰকাৰে খাৰুৱা তেলৰ বাবদ অসমক দিব লগা ৰয়েলটিৰ ক্ষেত্ৰত ন্যায্য দাবী অস্বীকাৰ কৰিছিল। সংসদৰ মজিয়াত হেম বৰুৱাই সেই দাবীৰ কথা বাৰে বাৰে উত্থাপন কৰোতে কিছুমান কংগ্ৰেছী সদস্যই 'ই বৰুৱাৰ আঞ্চলিক প্রীতি' বুলি ইঙিকিং কৰিছিল। তাৰ উত্তৰত হেম বৰুৱাই দৃঢ়তাৰে কৈছিল, “আঞ্চলিক প্রীতি সাম্প্ৰদায়িকতাৰ লেখীয়া অশোভনীয় নহয়। আঞ্চলিক প্রীতি বাস্তর বস্তু । সাম্প্রদায়িকতা হৈছে ধ্বংস মুখী, জাতীয়তাবাদক ধ্বংস কৰা বস্তু। "

সংসদত হেম বৰুৱাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পাৰিছিল খনিজ মন্ত্রী কেশৱ দেৱ মালব্যৰ বিৰুদ্ধে তোলা দুৰ্নীতিৰ গুৰুতৰ অভিযোগৰ বাবে । ফলত চূর্নীতিৰ বিৰুদ্ধে তোলা অভিযোগৰ তদন্ত হ'ল। তদন্তৰ অন্তত নেহৰুৱে সানক জনাবলৈ বাধ্য হ'ল যে মালব্যৰ বিৰুদ্ধে তোলা ভালেকেইটি অভিযোগ তেওঁৰ প্রতিকূলে। ইতিমধ্যে মালব্যই পদত্যাগ কৰিলে ।

১৯৬০ খৃষ্টাব্দৰ ৰাজ্য ভাষা আন্দোলন আৰু ১৯৬২ খৃষ্টাব্দৰ চীনৰ আক্ৰমণ অসমৰ বাবে দুৰ্য্যোগ পূৰ্ণ কাল। এই কাল- ছোৱাত সংসদত হেম বৰুৱাৰ ভূমিকা গুৰুত্ব পূর্ণ। ৰাজ্য ভাষা আন্দোলনৰ সময়ত অসমৰ সমস্যাৰ কথা হেম বৰুৱাই সংসদত্ত দাঙি ধৰিব পাৰিছিল আৰু সমস্যাটোৰ কথাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পাৰিছিল। ঠিক তেনেদৰে চীনৰ আক্ৰমণৰ সময়তো অসমৰ অৱস্থাৰ প্ৰকৃত ছবিখন দাঙি ধৰিব পাৰিছিল। এই বিষয়ে সংসদ প্রধান মন্ত্রী নেহৰুৰ লগতো নানান বাক-বিতণ্ডা হৈছিল। 

প্রধান মন্ত্রী নেহৰুৱে বহু সময়ত বিৰোধী দলৰ সদস্যসকলৰ লগত নানান সমস্যাৰ কথা আলোচনা কৰিছিল। এবাৰ তেনে- দৰে বিৰোধী দলৰ সদস্যসকলক মাতি আনি নেহৰুৱে কলম্বো প্রস্তাৱৰ সাৰবৰ্ত্তা ব্যাখ্যা কৰি সকলোৰে বিচাৰিলে সমৰ্থন । আলোচনাই গৈ তর্ক-বিতর্কত পৰিণত হ'ল। এবাৰ কথাৰ ছলতে নেহৰুৱে তেওঁৰ যুক্তিৰ দৃঢ়তা প্ৰতিপন্ন কৰিবলৈ দিলে টেবুলত্ত ভুকুৱাই । হেম বৰুৱায়ে৷ তেওঁৰ যুক্তিৰ প্ৰত্যুত্তৰ দি নেহৰুৰ লগতে সমানে তাল মিলাই টেবুলত আৰু জোৰেৰে মাৰিলে এভুকু। ফলত হেম বৰুৱাৰ ঘড়ীৰ কাঁচ ভাঙি গ'ল ।

এই ঘটনাৰ এটি সুন্দৰ টিপ্পনী প্ৰকাশ হৈছিল 'আনন্দ বজাৰ পত্রিকান্ত’– “লোক সভাৰ একজন নাম কৰা বিৰোধী দলের সদস্য প্রজাসোসেয়েলিষ্ট নেতা হেম বড় ৱা মহাশয়ে হাত ঘড়ি কাঁচও সেদিন ভেঙেছে। কিন্তু হাজাৰ বাৰ হাজাৰ ঘড়ি কাঁচ আহাৰ খেয়ে ভাঙলেও তাৰ হয়তো কোনো অর্থ পূর্ণ ইঙ্গিত খুজে পাওয়া যেতো না, যদিও অর্থ দণ্ডেৰ গুৰুত্বটো বুঝা যায় বৈকি। শ্ৰীহেম বড় ৱাৰ ঘড়িৰ কাঁচ ভেঙেছে প্রধান মন্ত্রী নেহৰুৰ সঙ্গে পাঞ্জা লড়তে গিয়ে। ৰাজনৈতিক পাজা ।" ......

ঘটনাটোৰ বৰ্ণনা দি কাকতখনে পুনৰ লিখিছে—"নেহৰুৰ হাতেও ঘড়ি ছিল। কাঁচ ভাঙেনি। কিন্তু হেম বড় ৱাৰ ঘড়ি কাঁচ ভেঙে গেল। ঐ একই সঙ্গে সেদিন কংগ্রেছ ও অকমিউনিষ্ট বিৰোধী দলেৰ একতাও ভেঙে হল চূৰমাৰ; চীনেৰ ভাৰত আক্ৰমণ নিয়ে যে একতা গড়ে উঠেছিল ২.শে অক্টোৰৰেৰ পৰ । ঘড়ি কাঁচ দোকানে পাওয়া যায়; আনটিৰ দোকান ৰাজনৈতিক বাজাৰে আজও স্থাপিত হয়নি ।"

সংসৰ মজিয়াত ৰাজনৈতিক কাৰণত প্ৰধান মন্ত্রী मেeve লগত যদিও তেওঁৰ বাক-বিতণ্ডা হৈছিল, আনহাতে তেওঁ নাছিল নেহৰুৰ যৰ প্ৰিয়। সেয়েহে নেহেৰুৰ মৃত্যু হেম বৰুৱাৰ বাবে প্রচণ্ড আঘাত ।

হেম বৰুৱাৰ Assamese Literature নামৰ গ্ৰন্থখন (নেচ- নেল ৰুক ট্রাষ্ট, ইণ্ডিয়া) নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত সভাত উদ্বোধন কৰিছিল তেতিয়াৰ প্ৰধান মন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীয়ে। উদ্বোধনী ভাষণত শাস্ত্ৰীয়ে ধেমালি কৰি কৈছিল, তেওঁ কিতাপ পঢ়িবলৈ ভাল পায়। কিন্তু সময় নাপায়; আৰু কৈছিল, “There does not appear to be much of a chance of my going to jail at the moment unless of course Mr. Hem Barua comes to power."

হেন বৰুৱাই ডেভিয়া হাঁহি হাঁহি কৈছিল, "I will put you in jail."

তেতিয়াৰ শিক্ষামন্ত্ৰী শ্ৰী এম চি চাগলাই সিদিনা সভাত ভাষণ প্রসঙ্গত কৈছিল, “Mr. Hem Barua always attacks me in Parliament, but I have a soft corner for him because he is a poet and there is an element of poetry in his attacks."

লাল বাহছৰ শাস্ত্ৰীয়ে প্ৰধান মন্ত্ৰী হোৱাৰ পিছতে হেম বৰুৱাক কৈছিল, “আপুনি কংগ্ৰেছত যোগদান কৰক। আপোনাৰ সৎগুণ কংগ্ৰেছৰ জৰিয়তে দেশৰ কামত লগাওক।” কিন্তু ৰাজনীতিৰ ক্ষেত্ৰত হেম বৰুৱাই জানো তেনে কৰিলে ? এই ৰাজনৈতিক সততাই আছিল হেম বৰুৱাৰ শিৰৰ ভূষণ।

শ্রীমতী ইন্দিৰা গান্ধী প্রধান মন্ত্রী থকা সময়ত এবাৰ লোক সভাৰ উপাধ্যক্ষৰ নিৰ্বাচনৰ সময়ত শ্ৰীমতী গান্ধীয়ে ঐীৰঘূৰামায়াৰ হতুৱাই হেম বৰুৱাক প্রার্থী হবলৈ কৈছিল। তেওঁ প্রার্থী হলে হয়তো কংগ্রেছে প্রার্থী থিয় নকৰালেহেঁতেন। 

যোৰহাটত বিদ্রোহী নগা কেইজন মানক আটক কৰি তেওঁ- লোকৰ হাতত আপত্তিজনক নথি-পত্র পাইও পিছত মুখ্য মন্ত্ৰী চলিহাৰ নিৰ্দেশত মুক্ত কৰি দিয়া হয়। হেম বৰুৱাই সদন এই কাৰ্য্য প্ৰকাশ কৰি হুলস্থুল লগাইছিল।

ভাৰত চৰকাৰে পাকিস্থানক কচ্চ সমৰ্পণৰ প্ৰতিবাদত বিৰোধী দলৰ সদস্য সকল একেলগ হৈ ১৯৬৮ খৃষ্টাব্দৰ ১৭ এপ্রিলত গুজৰাটৰ ভূজত সত্যাগ্ৰহ কৰিছিল। এই সত্যাগ্ৰহৰ প্ৰথম দলৰ নেতৃত্ব বহন কৰিছিল হেম বৰুৱাই । এনে ভাবে হেম বৰুৱাৰ সংদী জীৱন আছিল কর্মবহুল জীৱন। তেওঁ আছিল এগৰাকী সক্রিয়, সদা জাগ্রত সংসদী সদস্য।

হেম বৰুৱা আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰো প্ৰিয়পাত্র। উপৰাষ্ট্ৰপতি থকা কালছোৱাত লোক সভা আৰু ৰাজ্য সভাৰ উভয় সদনৰ যুটীয়া বৈঠকত ডক্টৰ ৰাধাকৃষ্ণণে পৌৰোহিত্য কৰিছিল । যুটীয়া সদনৰ বৈঠকতো সদস্য সকলে তৰ্কৰ জাউৰি তোলে। এনে তর্ক-বিতর্কত যেতিয়া কোনো সদস্যক আসন গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিব লগা হয়, কিছুমান সদস্যৰ ক্ষেত্ৰত ডঃ ৰাধাকৃষ্ণণে বৰ বেছি নীতি-নিয়ম অনুসৰণ নকৰে । অধ্যক্ষ স্বৰূপে হয়তো তেওঁ কব লাগে, 'মাননীয় সদস্য গৰাকীয়ে এতিয়া আসন গ্রহণ কৰক ।' ডক্টৰ ৰাধাকৃষ্ণণে তেনে স্থলত কোনো ধৰণৰ formality কে অনুসৰণ নকৰি কয়, "Down Hem, Down Bhupesh, Down Hiren. " এইচাম ডেকা সদস্য তেওঁৰ ছাত্ৰ স্থানীয় আৰু আনহাতে সদস্য সকলৰো তেওঁৰ প্রতি অসীম শ্রদ্ধা। সেয়েছে যুঁজৰ কুকুৰা সদৃশ তল-ওপৰ লগোৱা এইচাম বিৰোধী সদস্যই ডক্টৰ ৰাধাকৃষ্ণণে বাওঁহাতখন দাঙি কোৱা এষাৰ কথাতে শান্ত লৰাৰ দৰে আসন গ্ৰহণ কৰে। হেম বৰুৱাই এনে ভৰহৰ কাৰ্য্যৰ ৰসাল বর্ণনা দি কৈছিল, “বুঢ়াই আমাক সোঁহাতখনেৰে বহুৱালেও হয়, সদায় যাওঁ হাতখনেৰে বহুৱায়।”

ডক্টৰ ৰাধাকৃষ্ণণে হেম বৰুৱাক এবাৰ কৈছিল, “তুমি যে লিখা মই তাৰ বাবে ৰং পাইছে৷ ৷ লেখাৰ বাহিৰে আন একোৱেই চিৰস্থায়ী নহয়।" "I am glad that you write, nothing ultimately lasts except your writing."

সংসদত পি-এছ-পি দলৰ ভূমিকা সম্পৰ্কে তেওঁ কৈছিল, “সংস- দত্ত তোমালোকৰ সংখ্যা তেনেই নগণ্য যদিও সকলোতকৈ তোমা- লোকৰ কাৰ্য্য-কলাপেই যথেষ্ট সার্থকতাপূর্ণ হৈছে। শ্রীনাথ পাই আৰু তুমি শ্রেষ্ঠ বক্তা, কামাখ অতিশয় সজাগ আৰু সক্ৰিয় ।”

অধ্যাপক হুমায়ুন কবীৰ আছিল হেম বৰুৱাৰ বিশ্ববিদ্যালয়ৰ শিক্ষাগুরু। কবীৰৰো হেম বৰুৱা প্রিয়পাত্র। এদিন কবীৰে লগ ধৰি কলে, “হেম, তোমাৰ কাছে আজ গুরু দক্ষিণা চাই । * অৱশ্যে এই গুৰু দক্ষিণা একলব্যৰ হাতৰ আঙুলি নহয়, কাশ্মীৰ সম্পর্কে হেম বৰুৱাৰ এটি লুচিন্তিত বিবৃত্তিহে ।

নতুন দিল্লীত হেম বৰুৱাৰ কৰ্মক্ষেত্র অকল সংসদ ভৱনতে সীমাবদ্ধ নাছিল। নানান ৰাজহুৱা অনুষ্ঠান আৰু শিক্ষানুষ্ঠানৰ লগত হেম বৰুৱা নিবিড়ভাবে জড়িত আছিল ।

নতুন দিল্লীৰ কলেজ সমূহলৈ মাজে মাজে একোগৰাকী বিশিষ্ট ব্যক্তিক একোটি বিশেষ বিষয় সম্বন্ধে বক্তৃতা দিবলৈ আমন্ত্রণ হেম বৰুৱাই নিমন্ত্ৰণ ৰক্ষা কৰি ৰামদাস কলেজ, ছেণ্ট ষ্টিফেন্‌ছ কলেজ, দিল্লী স্কুল অর ইকনমিক্স প্রভৃতিত কেবাবাৰো ভাষণ দিছিল। হেম বৰুৱা বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ৰ কোৰ্টৰ সদস্যও আছিল । জনায় ।

দুদীৰ্ঘ চৈধ্য বছৰ কাল সংসদ সদস্য স্বৰূপে কাৰ্যনিৰ্বাহ কৰা কাল ছোৱাত এনেদৰে হেম বৰুৱাই সকলো দিশতে এজন সাধক সংসদ সদস্য বুলি নিজকে প্ৰতিপন্ন কৰিব পাৰিছিল । 

১৯৭০ খৃষ্টাব্দৰ শেষৰ ফালে সংসদ ভঙ্গ কৰি ১৯৭১ৰ ফেব্ৰুৱাৰী মাহত মধ্যবর্তী নির্বাচন পতা হয়। এই নির্বাচনত হেম বৰুৱাই পৰাজয় বৰণ কৰে। এই নিৰ্বাচনত অঞ্চল হেম বৰুৱাই নহয় বিৰোধী দলৰ ভালেমান সৰ্বভাৰতীয় খ্যাতি সম্পন্ন নেতাই পৰাজয় বৰণ কৰিব লগা হ'ল।

দেশ ভ্ৰমণ আৰু পুথি অধ্যয়ন জ্ঞান আহৰণৰ বাবে প্ৰশস্ত পথ। হেম বৰুৱাৰ এই কথাৰ প্ৰতি দৃঢ় বিশ্বাস। এই দুয়োটাৰে সুযোগ হেম বৰুৱাই গ্ৰহণ কৰিছিল। সংসদ সদস্য নির্বাচিত হোৱাৰে পৰা তেওঁ কেবাবাৰো বিদেশ ভ্ৰমণৰ সুযোগ গ্ৰহণ কৰিছিল। তেওঁ তাৰ পূৰ্বে ভ্ৰমণ কৰা দেশ ব্ৰহ্মদেশ আৰু আমেৰিকা যুক্তৰাজ্য। সংসদ সদস্য স্বৰূপে ভ্ৰমণ কৰা দেশ- সমুহ হ'ল ৰুছদেশ, ইজৰাইল, ইংলণ্ড, নেপাল, দক্ষিণ-পূব এচিয়াৰ টাইলেও, কম্বোডিয়া, মালয়ছিয়া, চিঙ্গাপুৰ আৰু টাইৱান । ভ্ৰমণ অভিজ্ঞতাৰে ৰচনা কৰা তেওঁৰ ভ্ৰমণ কাহিনী সমূহ মনোৰম, সুখপাঠ্য। 'সাগৰ দেখিছা', 'ৰঙা কৰবীৰ ফুল', 'ইজৰাইল', 'মেকং নৈ দেখিলো তেওঁৰ ভ্ৰমণ অভিজ্ঞতাৰে ৰচনা কৰা গ্ৰন্থ। ইংলণ্ড আৰু টাইরান ভ্রমণ অভিজ্ঞতাৰে দুখন ভ্রমণ কাহিনী ৰচনা কৰিছে তেওঁৰ পত্নী শ্ৰীমতী অণু বৰুৱাই । হেম বৰুৱাৰ ভ্ৰমণ কাহিনী সমূহ গতানুগতিক নহয়। যিখন দেশলৈকে গৈছে সন্ধানী দৃষ্টিৰে সেইখন দেশৰ অতীত ঐতিহ্যৰ পৰা শিক্ষা, সংস্কৃতি, ৰাজনীতিৰ চমু খতিয়ান দিবলৈ যত্ন কৰিছে। ভ্ৰমণ কাহিনী সমূহৰ প্ৰকাশ ভঙ্গী সহজ সৰল অথচ তথ্যবহুল ।

নিৰ্বাচনত পৰাজয় বৰণ কৰি হেম বৰুৱা পুনৰ সপৰিয়ালে চাণক্যপুৰীৰ পৰা উভতি আহিল চেনিকুঠীলৈ। কিছুদিন পিছত উত্তৰ শৰণীয়াত সজা নিজা ঘৰখন সম্পূৰ্ণ কৰি এই ঘৰখনতে আৰম্ভ হ'ল এটি নতুন জীৱন। চেনিকুঠীৰ ঘৰখনত বহু বছৰ ধৰি বাস কৰিছিল যদিও সেইখন আছিল ভাড়াঘৰ। পিছত সেইখন ঘৰলৈ অধ্যাপক যোগেশ দাস আছিল। বহু বছৰ সেইখন ঘৰেই হেম বৰুৱাৰো ধৰ ।

উত্তৰ শৰণীয়াৰ নিজা ঘৰলৈ আহিল যদিও এই কালছোৱাত হেম বৰুৱা মানসিক ভাবে বৰকৈ ভাগি পৰিছিল ।

১৯৭১ খৃষ্টাব্দৰ ১৪ নবেম্বৰৰ পৰা 'আসাম এক্সপ্ৰেছ' নামৰ এখন দৈনিক ইংৰাজী কাকত প্ৰকাশ হ'ল। গুৱাহাটীৰ পৰা প্রকাশিত এই দৈনিক কাকতখনৰ সম্পাদনাৰ ভাৰ পৰিল হেম বৰুৱাৰ ওপৰত । অৱশ্যে সৰহ দিন তেওঁ সম্পাদনাৰ দায়িত্ব বহন কৰিব নোৱাৰিলে। শাৰীৰিক অসুস্থতা বশত সম্পাদনাৰ দায়িত্ব এৰিব লগা হ'ল।

১৯৭২ খৃষ্টাব্দৰ ৭ এপ্ৰিলৰ পৰা ধুবুৰীত সাহিত্য সভাৰ টন- চত্বাবিংশ অধিবেশন অনুষ্ঠিত হয়। হেম বৰুৱা ধুবুৰী অধিবেশনৰ সভাপত্তি। সভাপতি স্বৰূপে কাৰ্যনিৰ্বাহক সভাত সভাপতিত্ব কৰাৰ বাহিৰে বিশেষ ভূমিকা তেওঁৰ নাই । শাৰীৰিক অসুস্থতাই আছিল ইয়াৰ ঘাই কাৰণ শিক্ষাৰ মাধ্যম আন্দোলনে এই বছৰটোত অসমৰ জাতীয় জীৱনত এক সঙ্কট সৃষ্টি কৰিছিল। মাধ্যম আন্দোলনৰ বাবে সাহিত্য সভা হ'ব লগা হৈছিল অধিক সচেতন

সাহিত্য আৰু ৰাজনীতি চর্চা হুয়োটাকে হেম বৰুৱাৰ জীৱন জোৰা সাধনাৰ ফল বুলি একেষাৰতে ক'ব নোৱাৰি । বৰুৱা আন বহুজনৰ দৰে ছাত্ৰ অৱস্থাত ছাত্ৰ সন্মিলনৰ সম্পাদক, স্কুল-কলেজৰ ছাত্ৰ সংস্থাৰ সম্পাদকৰ দায়িত্ব লৈ ছাত্র আন্দোলনৰ গুৰি ধৰোতা ‘ট্রেইন্‌ড' নেতা নহয়। সাহিত্য ক্ষেত্ৰতো স্কুল- কলেজৰ আলোচনী সম্পাদনা কৰা, গল্প, কবিতা ৰচনা প্রতি- যোগিতাত পুৰস্কাৰ লাভ কৰি 'যি মূল৷ বাঢ়ে তাৰ ছপাততে চিন' আখ্যা লাভ কৰিব পৰা বিধৰ সাহিত্যিক নহয়। বোধহয় সাহিত্য আৰু ৰাজনীতি উভয় ক্ষেত্ৰতে তেওঁৰ প্ৰবেশ আকস্মিক বুলি ক'লে ভুল কোৱা নহ'ব। আকস্মিক হলেও যিদিনাৰে পৰা সাহিত্য ক্ষেত্ৰ আৰু ৰাজনীতিত প্ৰবেশ কৰিলে সিদিনাৰে পৰা সাহিত্য চৰ্চা আৰু ৰাজনীতি চর্চা তেওঁৰ বাবে 'জিৰণিৰ মাজুলী নহয়'। সাহিত্য চর্চা আৰু ৰাজনীতি চৰ্চাত হেম বৰুৱাৰ দৰে সমানে তাল মিলাই চলিব পৰা ব্যক্তি অসমতে নহয় ভাৰতবৰ্ষৰ ৰাজনীতিবিদৰ মাজতেই বিৰল ।

সাহিত্য ক্ষেত্ৰত হেম বৰুৱাৰ প্ৰতিভা বহুমুখী। তেওঁৰ প্ৰকাশিত গ্ৰন্থৰ সংখ্যা ডেৰকুৰিখন। হেম বৰুৱাৰ প্ৰথম প্ৰকাশিত ৰচনা 'হিয়াৰ মিলন চুটি গল্প। অষ্টম বছৰ তৃতীয় সংখ্যা আৱাহনত (১৮৫৮ শক, ১৯৩৭ ) 'হিয়াৰ মিলন ' প্ৰকাশৰ সময়ত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ এম এ মহলাৰ ছাত্ৰ আৰু সম্পূর্ণ নাম হেমকান্ত শৰ্মা বৰুৱা । কটন কলেজত পঢ়াৰ সময়ত কটনিয়ানৰ বাবে ৰচনা লিখিছিল যদিও ঠাইৰ অভাৱত প্ৰকাশ নহল। প্রথমতে তেওঁ আৱাহনতে প্ৰকাশ কৰিছিল এলানি সমালোচনামূলক প্রবন্ধ। বাঁহীতে৷ তেওঁ প্ৰবন্ধ প্ৰকাশ কৰিছিল ।

তেওঁৰ August Revolution in Assam Valley শীর্ষক এটি ইংৰাজী প্রবন্ধ Hindustan Standards প্রকাশ হয়। পিছত তেওঁৰ August Revolution in Assam পুথিৰ আকা- ৰত ছপা হৈ ওলায়। তেওঁৰ বিয়াল্লিছৰ গণ-বিপ্লৱত অসম ইংৰাজী গ্ৰন্থখনৰ অসমীয়া অনুবাদ ।

'৫ জন নেতা' (১৯৪৭) হেম বৰুৱাৰ পৰিয়ালৰ লোকসকলে ৰচনা কৰা এখনি সৰু জীৱনী গ্রন্থ। গ্রন্থখনিত ভ্রাতৃদ্বয় শ্রীজীতেন্দ্র কুমাৰ বৰুৱাই ‘মহাত্মা গান্ধী', শ্রীপ্রফুল্ল কুমাৰ বৰুৱাই 'আবুল কালাম আজাদ' আৰু 'জয়প্রকাশ নাৰায়ণ', ঐমতী অনুৰূপা বৰুৱাই (অণু বৰুৱা) 'হুভাষচন্দ্ৰ গ্ৰন্থ' আৰু হেম বৰুৱাই 'জয়াহৰলাল মেহক'ৰ বিষয়ে লিখিছিল ।

বিভিন্ন আলোচনী আৰু সংবাদ পত্ৰত প্ৰকাশিত তেওঁৰ ইংৰাজী, অসমীয়া প্ৰবন্ধ ৰাজিৰ ধাৰা দুটা— কিছুমান সাহিত্যৰ সমালোচনা বিষয়ক আৰু কিছুমান সংস্কৃতি, ৰাজনীতি বিষয়ক। তেওঁৰ প্ৰবন্ধৰাজি পাশ্চাত্য সাহিত্যৰ বহল আৰু গভীৰ অধ্যয়নেৰে সমুজ্জল। আলোচনী আৰু বাতৰি কাকতত প্ৰকাশিত প্রবন্ধ ৰাজিৰ কেইবাটাও সংকলন ইতিমধ্যে প্রকাশ হৈছে । 'আধুনিক সাহিত্য', 'সানমিহলি', 'সাহিত্য আৰু সাহিত্য', 'অচফুল', 'স্মৃতিৰ পাপৰি', 'সত্য আৰু অহিংসা : গান্ধীজী,' 'ছিন্নমূল', 'ভলসৰা', 'পছোৱাৰ ৰেঙণি', 'ডাক পখিলী' তেনে সংকলন। 'বহাগতে পাতি যাওঁ বিয়া' যুৰীয়া বা দাম্পত্য জীৱন সম্পৰ্কে ৰচনা কৰা পুথি । 'ফল্মকী' আৰু 'কিউপিড আৰু চাইকী' হেম বৰুৱাই ৰচনা কৰা দুখন মনোৰম কাহিনী । 'এই গাওঁ এই গীত' আন এখন পুখি । হেম বৰুৱাই একাধিক ইংৰাজী ৰচনাৰেও অসমীয়া সাহিত্য চহকী কৰিছে। The Red River and the Blue Hills গ্রন্থত অসম সম্বন্ধে এটি থূলমূল পৰিচয় দাঙি ধৰিছে । Folk Songs of India, Assamese Literature, Lakshminath Bezbaroa তেওঁৰ আন আন ইংৰাজী গ্রন্থ। The Fairs and Festivals of Assam হেম বৰুৱা আৰু শ্ৰীজে-ডি বাৱেজাই

যুটীয়াভাবে ৰচনা কৰা পুথি ।

Modern Assamese Poetry হেম বৰুৱা সম্পাদিত ৰোমান্টিক যুগৰ পৰা সাম্প্ৰতিক যুগলৈকে ২৭ গৰাকী কবিৰ ৫০ টা অসমীয়া কবিতাৰ ইংৰাজী ভাঙনি।

অসমীয়া আধুনিক কবিতাৰ জন্ম লগ্নৰ লগতো হেম বৰুৱা জড়িত । প্রথমত্তে তেৱেই আরাহনত 'বান্দৰ' নামৰ কবিতা এটা প্ৰকাশ কৰি আধুনিক কবিতাৰ পাতনি মেলিছিল। বাঁহীত প্রকাশিত ডক্টৰ মহেশ্বৰ নেওগৰ 'অন্ত্যজা' সমসাময়িক কালছোৱাৰে ৰচনা। 'বান্দৰ' আৰু 'অন্ত্যজা' ৰোমান্টিক কবিতাৰ গভাই- গতিকতাৰ ব্যতিক্ৰমহে মাথোন। প্রকৃততে আধুনিক কবিতাৰ জয় যাত্রা সূচনা হয় চক্ৰেশ্বৰ ভট্টাচাৰ্য আৰু কমল নাৰায়ণ দেৱ সম্পাদিত জয়ন্তীৰ মাধ্যমেৰে। আধুনিক কবিতাৰ বিকাশৰ পথ মুকলি কৰি দিয়ে হেম বৰুৱা সম্পাদিত 'পছোরা' আলোচনীয়ে। পছোৱা আলোচনীৰ আয়ুস নিচেই ছুটি—১৯৪৮ খৃঃৰ জুনৰ পৰা ১৯৪৯ খৃঃৰ মোলৈ । জয়ন্তীৰ মাজেৰে প্ৰকাশ পোৱা মানৱ জীৱনৰ সমস্যা আৰু সংগ্ৰামৰ ধ্বনিয়ে প্ৰকাশৰ যি নতুন পথ বা মাধ্যম বিচাৰি পাইছিল সি ক্রমে বেছি বহুল পৰিসৰ লাভ কৰিব পাৰিছিল পছোৱাৰ মাধ্যমেৰে। ৰোমান্টিক কবিতাৰ গতানুগতিকতা ভাঙি, বিষয় বস্তুৰ উপস্থাপন ৰীতি, ছল সজ্জা আৰু নতুন প্ৰতীক সৃষ্টিৰ ক্ষেত্ৰত এই নতুন কবিতা আন্দোলনে আনিছিল এক বিপ্লৱ । আধুনিক কবিতা আন্দোলনৰ হেম বৰুৱা আছিল একনিষ্ঠ পূজাৰী। 'বালিচম্পা' আৰু 'মন ময়ূৰী' তেওঁৰ দুখন আধুনিক কবিতাৰ সংকলন । হেম বৰুৱাই অনুবাদ কৰা গ্ৰন্থও কেবাখনো । বিৰল সৰলত। হেম বৰুৱাৰ চৰিত্ৰৰ ভূষণ। আনহাতে তেওঁৰ জীৱনটো আন্ধাৰ আৰু পোহৰৰ সংমিশ্রন। মুখত সোণৰ চামুচ লৈ জন্ম লাভ কৰা নাছিল যদিও সোণৰ চামুচ মুখস্ত দিয়াৰ সুযোগ তেওঁ বহুবাৰ পাইছিল। গাৱে গাৱে ঘুৰি ফুৰোঁতে ৰঙা কৰকৰা ভাত গৰৈ মাছ পোৰাৰে খোৱা হেম বৰুৱাই মস্কো, নিউ ইয়র্ক, লগুন, নতুন দিল্লীত বিশ্বৰ বৰেণ্য নেতাসকলৰ লগত বিবিধ ব্যঞ্জনেৰে একেখন মেলতে ভোজন কৰাৰ ভাগ্যও ঘটিছিল ।

গাওঁ অঞ্চলৰ কোনোবা চাই দোকানৰ ছছটা তামোল গছতে

ৰাগৰি ৰাতিটো কটোৱা হেম বৰুৱাই বিশ্বৰ বহুতো প্ৰথম শ্ৰেণীৰ

চহৰৰ গীত-তাপ নিয়ন্ত্ৰিত অভৱধুনিক বৰ বৰ হোটেলতো বাস কৰাৰ সুযোগ পাইছিল । হেম বৰুৱাৰ বক্তৃতাৰ পিছত দৰ্শক ভাগি যায় বাবে সভাৰ শেষৰজন বক্তা আছিল হেম বৰুৱা আৰু সেইজন ব্যক্তিয়ে এদিন জনতাৰ সমুখত থিয় হৈ কিবা কৰ বিচাৰি এষাৰ কথাও কৰ নোৱাৰি শিলামূৰ্ত্তিৰ দৰে ঘৰ হৈ থাকিব লগা হৈছিল। হেম বৰুৱাৰ জীৱনত যেনে অৱস্থাই নহওক, আদর্শত আছিল তেওঁ অচল অটল। স্বদেশ আৰু স্বদেশবাসীৰ কল্যাণৰ যাবে তেওঁ বামপন্থী নেতাৰ ভূমিকা গ্ৰহণ কৰিছিল, আৰু মৃত্যুৰ আগ মুহূৰ্তলৈকে আছিল সেই ৰূপেই অচল অটল। ৰাজনৈতিক সততা আছিল তেওঁৰ শিৰৰ ভূষণ। হেম বৰুৱাৰ অসমীয়া জাতিলৈ সর্বশ্রেষ্ঠ দান হৈছে ৰাজনৈতিক সততা। আজি কেন্দ্র আৰু ৰাজ্যত যি জনতা চৰকাৰ গঠিত হৈছে সি নিশ্চয় হেম বৰুৱাৰ নিচিনা এচাম বামপন্থী নেতাৰ নিস্বাৰ্থ দেশ প্ৰেমৰ ফল । দুখৰ বিষয় হেম বৰুৱাই তেওঁৰ আজন্ম সাধনা, ৰাজনৈতিক পৰিবৰ্তন নিজ চকুৰে চাইহে মৃত্যুবৰণ কৰিব পাৰিলে ।

শ্রীমতী অণু বৰুৱা হেম বৰুৱাৰ অকল সহধমিনীয়েই নহয়, সুখ-দুখৰ সমভাগী আৰু সাহিত্য সৃষ্টিত সহকাৰিণী । তেওঁলোকৰ ডেৰকুৰি বছৰীয়া দাম্পত্য জীৱনত অনু বৰুৱাৰ বাবে পোৱাতকৈ নোপোৱাৰ বেদনাই আছিল বেছি। হেম বৰুৱা অসুস্থ হোৱাৰে পৰা তেওঁৰ কাম আৰু বাঢ়িল। তেওঁক পৰিচৰ্য্যা কৰা ধৰি মেলি বাহিৰলৈ অনা নিয়া কৰা সকলোখিনিকে কৰিব লগা হ'ল অণু বৰুৱাই। শেষত তেওঁ নিজেও অসুস্থ হ'ল। অজু বৰুৱা নিজেও এগৰাকী লিখিকা। সাগৰ দেখিলো, দুৰ্য্যমুখী, দিল্লীৰ ডুখৰীয়া ছবি, অন্তন্তৰা, আচ্ছিঘৰ, জাপানী সাধু, পখীৰ দেশত অঙ্কুমণি, এনিমেল ফার্ম, প্রাচীন ভাৰতীয় সাধু প্রভৃতি অঙ্কু বৰুৱা ৰচিত গ্ৰন্থ ।

মধ্যবৰ্ত্তী নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ পিছৰে পৰা হেম বৰুৱাৰ শাৰীৰিক আৰু মানসিক ভালেখিনি পৰিবৰ্তন পৰিলক্ষিত হয়। নির্বাচনত তেওঁৰ বিৰুদ্ধে হোৱা নানান অপপ্ৰচাৰৰ বাবে মানসিক ভাবে তেওঁ হৈ পৰিছিল ক্ষুঃ, হতাশাগ্ৰস্ত আৰু উদাসীন। ইয়াৰ উপৰিও আহিছিল আর্থিক চিন্তা। পূৰ্বৰ সদালাপী হেম বৰুৱা জন হৈ পৰিছিল চিন্তাগ্রস্ত, অল্পভাষী। অৱশ্যে পূৰ্বৰে পৰা ভুগি থকা বহুমূত্ৰ আৰু বক্তচাপেও তেওঁক কিছু জুৰুলা কৰিছিল। গুৱাহাটীত নানান ধৰণৰ চিকিৎসা কৰি কোনো ধৰণৰ উন্নতি নোহোৱাত ১৯৭৩ চনৰ ১৮ জুলাইত তেওঁক চিকিৎসাৰ বাবে নতুন দিল্লীলৈ নিয়া হয়। হেম বৰুৱাক নতুন দিল্লীলৈ আনি চিকিৎসা আদি কৰাৰ ব্যৱস্থা কৰিছিল তেতিয়াৰ কেন্দ্ৰীয় মন্ত্রী দেৱকান্ত বৰুৱাই। দুৰাৰেই নতুন দিল্লীলৈ নি চিকিৎসা কৰিলে যদিও পূৰ্বৰ হেম বৰুৱা জন আৰু হৈ হঠিল। দিনে দিনে তেওঁৰ সভা- শুৱনি শৰীৰো শুকাই খীণাই যাবলৈ ধৰিলে। স্বভাবো হৈ পৰিল

শিশুৰ দৰে । সাহিত্য, সংস্কৃতি, সংসদী ৰাজনীতিৰ নানান সঙ্গীর কাহিনী, বোলছবি, ক্ৰিকেটৰ পৰা বিশ্ব-ৰাজনীতিলৈকে নানান ৰসাল সজীৱ আলোচনাৰে মুগ্ধ কৰি ৰখা আৰু উঠিৰ দুজিলেই 'আৰু পাঁচ মিনিট কঁহা বুলি শেষ নোহোৱা আৰু বহুতো পাঁচ মিনিট বহুরাই শুনি ভাল লগা অলেখ কাহিনীৰ বৰ্ণনা দিয়া, বচনে গুরনি ে বৰুৱাৰ কাষত ঘণ্টাৰ পিছত ঘণ্টা নিৰৱে বহি থাকিব লগাটো যে কি এক অসহ্য যন্ত্ৰণাৰ কথা তাক ভুক্ত ভোগীয়েছে জানে । সখনে হেম বৰুৱাৰ ওচৰলৈ গৈ থকা বা সদায় দেখি থকা সকলৰ বাবে ডিল ভিলকৈ মৃত্যুৰ মুখলৈ অগ্ৰসৰ হোৱা, জহি খহি যোৱা অৱস্থাটো একো নতুন বা আচহুৱা লগা নাছিল । কিন্তু বহুদিন নোযোৱাকৈ থাকি হঠাৎ এদিন গৈ দেখাসকলৰ কাৰণে হেম বৰুৱাৰ তেনে এটি অৱস্থা যেন এটা ভয় লগা সপোন । বহুতে তেওঁৰ কাষৰপৰা উঠি আহি নিৰলে এটোপাল চকুলো টুকিছিল। বহুতেই হুমুনিয়া এৰি মাথোন কৈছিল Life is meaningless নিয়তি কি যে এক নিৰ্ম্মম পৰিহা ১৯৭৭ চনৰ ১ এপ্রিল শনিবাৰে ১-৩০ বজাত উত্তৰ শৰণীয়াৰ নিজা বাসভৱনত হেম বৰুৱাৰ জীৱন বস্তি নির্বাপিত হ'ল । এটি ভৰা খহি পৰিল। এটি সংগ্রামী জীৱনৰ অন্ত পৰিল ।

বনজুইৰ দৰে হেম বৰুৱাৰ মৃত্যুৰ বাতৰি নিমিষতে চহৰত বিয়পি পৰিল। শোৱনি কোঠাৰপৰা হেম বৰুৱাৰ নশ্বৰ দেহ ড্রইং ৰুমলৈ ৰাইজৰ দৰ্শনার্থে অনা হ'ল। চহৰৰ - গুণমুগ্ধ লোকেৰে ঘৰ ভৰি পৰিল । কোনোৱে চৰণ ছুই উচুপিলে, কোনোৱে টুকিলে দুটোপাল চকুপানী আৰু কোনোৱে এৰিলে এটি দীঘল হুমুনিয়াহ ।

কিন্তু হেম বৰুৱাৰ সেইবোৰলৈ ব্ৰক্ষেপ নাই। অর্থ উন্মিলিত চকুৰে দেশৰ সকলো সমস্যা সকলো চিন্তাকে নিয়ে আওকাণ কৰি টোপনিত লাল কাল। ফুলৰ মাজত এখন স্নিগ্ধ নির্মল মুখ । কেউপিনে ধূপ ধূনাৰ হুগন্ধী পৰিবেশ। শ্ৰতীৰ্থনাথ শৰ্মাৰ গীতা পাঠে সেই পৰিবেশ আৰু গহীন কৰি তুলিছিল ।

পিছদিনা ১০ এপ্রিল দেওবাৰে ৰাতি পুৱাই আৰম্ভ হ'ল শ্মশান যাত্রা । নগৰ পৰিভ্ৰমণৰ অন্তত শরদেহ নবগ্রহ শ্মশানলৈ অনা হ'ল। চলচলীয়া চকু আৰু মলিন মুখেৰে সমবেত হাজাৰ হাজাৰ জনতাই নৱগ্ৰহ শ্মশানত শেষবাৰৰ বাবে চাই ললে এই সংগ্ৰামী বীৰ জনাক । দুপৰীয়া বাৰ বজাৰ লগে লগে বেদ মন্ত্ৰৰ মাজেৰে চিতাত অগ্নি সংযোগ কৰিলে টুমন আৰু অঞ্জন পুত্রদ্বয়ে। চাওঁতে চাওঁতে এজনা জাগ্ৰত প্ৰহৰীৰ মানষী দেহা ভস্মীভূত হ'ল। এটা যুগৰ পতন হ'ল ।

18
প্ৰবন্ধ
হেম বৰুৱা এড. ১ম
0.0
হেম বৰুৱা অসমৰ ৰাজহুৱা জীৱনত এটি অতি জনপ্রিয় নাম । কাব্য-সাহিত্য চৰ্চাৰে পৰা দিল্লীৰ ৰাজনৈতিক মহললৈকে চাঞ্চল্য সৃষ্টিকাৰী হেম বৰুৱাৰ প্ৰতিভা বহুমুখী আৰু বৰঙনিও প্রভূত । ১৯৭৭ চনৰ এপ্ৰিল মাহৰ ৯ তাৰিখে হেম বৰুৱাই ইহ জগতৰ পৰা মেলানি মাগিলে। অসম সাহিত্য সভাৰ এগৰাকী বিশিষ্ট প্রাক্তন সভাপত্তি ৺বৰুৱাৰ স্মৃতিত এখনি স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিবলৈ সিদ্ধান্ত কৰা হৈছিল। 'হেম বৰুৱা' উক্ত সিদ্ধান্তৰে ফল । পুথিখনৰ সম্পাদক অধ্যাপক যোগেশ দাস আৰু অসম সাহিত্য সভাৰ কৰ্মকৰ্তাসকললৈ আন্তৰিক কৃতজ্ঞতা জনাইছো ।
1

হেম বৰুৱা এটি জীৱনালেখ্য শ্রীমন্দ তালুকদাৰ

17 November 2023
0
0
0

হেম বৰুৱা একেৰাহে সাহিত্যিক, শিক্ষাবিদ আৰু ৰাজনীতি- বিদ। অসমীয়া সাহিত্যৰ ভৰাল টনকিয়াল কৰিবলৈ ইংৰাজী আৰু অসমীয়া ভাষাত বিধে বিধে কবিতা, ভ্রমণ কাহিনী, আলোচনা গ্ৰন্থ ৰচনা কৰা এইজনা সাহিত্যিকৰ ৰচনাৰ সংখ

2

প্ৰীতিৰ হেমহাৰ হেম বৰুৱা শ্ৰীকমল নাৰায়ণ চৌধুৰী

18 November 2023
0
0
0

নানাবিধ ৰঙৰ সমাবেশত শুনিপুণ চিত্ৰকৰে 'কেন্‌ভাচত' বিভিন্ন বিষয়-বস্তুৰ চিত্র আঁকে। সেই একেই চিন্তাৰ বশৱৰ্তী হৈ ফটোগ্ৰাফাৰে ৰঙীন আৰু ক'লা-বগা ফিল্মৰ সহায়ত নানা তৰহৰ ছবি তোলে। চিত্ৰকৰে ছবি আঁকে, ফটোগ্ৰা

3

ব্যক্তিত্বৰ মোহ শ্রীমহিম বৰা

20 November 2023
0
0
0

স্কুলীয়া দিনতে 'আরাহনত' "কল্পকীৰ কাহিনী" পড়ো। লিখক শ্রীযুত হেমকান্ত বকরা, এম, এ। 'আৱাহনৰ' এজন গ্রাহক, তেওঁৰ পৰা 'আরাহন' নানান কৌশেলেৰে আৰু বাটেৰে আহি মোৰ হাতত পৰোতে তিনি মাহ লাগে। তেতিয়া গো-গ্রাসে গিল

4

পত্নীৰ দৃষ্টিৰে শ্রীমতী অণু বৰুৱা

20 November 2023
0
0
0

এজন ৰাজনীতিজ্ঞ, এজন সাহিত্যিকৰ স্ত্রী হবলৈ পোৱাটো যেনেকৈ সৌভাগ্যৰ কথা সেইদৰে কষ্টকবও। বুটিছৰ দিনৰ চৰকাৰী চাকৰিয়ালৰ জীয়ৰী হৈ এটা সম্পূর্ণ বেলেগ পৰিৱেশত ডাঙৰ হৈ, এজন ৰাজনীতিজ্ঞৰ জীৱন সঙ্গিনী হবলৈ আগবাঢ়ি

5

হেম বৰুৱা ছাৰৰ স্মৃতি শ্রীপবনাথ শর্মা

20 November 2023
0
0
0

স্বর্গীয় হেম বকরা ছাৰ এসময়ত আমাৰ শিক্ষক আছিল আৰু আছিল বাজনীতিৰ ক্ষেত্ৰত আমাৰ বৰেণ্য নেতা। ছাৰক লগ পোৱাৰ পিছত এখন মনোৰম আৰু মহৎ গ্রন্থ অধ্যয়ন কৰাৰ দবে লাগিছিল। তেখেতৰ বসাল, খোলা অন্তৰৰপৰা কোৱা কথাবোৰলৈ

6

ছাত্ৰ আৰু সতীৰ্থৰ দৃষ্টিৰে ডঃ প্রমোদচন্দ্র ভট্টাচার্য

21 November 2023
0
0
0

হেম বৰুণা, অসম গৌৰৱ শিক্ষাবিদ, শিক্ষাব্রতী সাহিত্যিক আৰু সংসদী ৰাজনীতি বিশাৰদ এজন আগশাৰীৰ অসমীয়া লোক বুলি বৰেণ্য আৰু স্বীকৃত হৈছে। হেম বৰুৱাৰ গুৱাহাটীয়া কাৰ্য্যকালৰ বিদ্যায়তনিক পৰিবেশৰ ১৯৪৪ চনৰ প্ৰথম

7

মই জনা মানুহজন ডঃ নিৰ্মলপ্রভা বৰদলৈ

21 November 2023
0
0
0

সম্বন্ধত মোৰ হয় মামা। আমাৰ শিৱসাগৰৰ ঘৰত প্ৰায়েই গৈ থাকেগৈ। বিশেষকৈ সক্রিয় ৰাজনীতিত দেশৰ ইমূৰৰপৰা সিমূৰলৈ ঘূৰি ফুৰা সময়খিনিত। দেউতা ৰাজনীতিৰ মানুহ নাছিল। কিন্তু দেউতাই গুণী, ব্যক্তিত্বপূর্ণ, পুৰুষাৰ্থ

8

ভাতৃ হিচাপে শ্রীপ্রফুল্ল কুমাৰ বৰুৱা

21 November 2023
0
0
0

তেতিয়া ককিলামুখ আৰু গুৱাহাটীৰ মাজত আব. এছ. এন. আৰু আই জী. এন. কোম্পানীৰ জাহাজ চলিছিল। আৰ এছ এন- কোম্পানীৰ জাহাজবোৰ আছিল "কুকী", "ডফলা", "মিৰি", "মিচিমি", "লুচাই", "শিখ" আৰু আই. জী. এন. কোম্পানীৰ জাহাজ

9

জনতাদৰদী হেম বৰুৱা শ্রীঅতুলচন্দ্র হাজৰিকা

22 November 2023
1
0
0

আভিধানিক হেম বৰুৱাকে প্রমুখ্য কৰি কেবাজনো হেম বক্করাক অসমীয়া সাহিত্যই লগ পাইছে। সেইসকলৰ মাজত দুজন হেম বৰুৱাৰ ভালেখিনি সাদৃশ্য আমাৰ চকুত পৰে। এজন ত্যাগবীৰ হেম বকরা, আনজন এম-পি হেম বক্করা বা অধ্যক্ষ হে

10

সংসদত হেম বৰুৱা শ্রীবিজয়চন্দ্র ভাগৱতী

22 November 2023
0
0
0

১৯৪২ চনৰ গণ-বিপ্লর। ভাৰতৰ স্বাধীনতাৰ চূড়ান্ত সংগ্রাম। 'হয় মুক্তি নহয় মৃত্যু'-এই পণ লৈ বীৰ-বীবাজনায়কলে স্বাধী- নতাৰ বেদীমূলত নিজৰ জীৱন উৎসর্গা কৰিলে। অসমত সেই বিপ্লৱৰ ঢৌৱে প্রচণ্ড ৰূপ ললে। উদীয়মান ডেক।

11

জনজীৱনৰ দৃষ্টিত শ্রীশশী শর্মা

22 November 2023
0
0
0

অসম বিখ্যাত হেম বৰুরা কেবাজনো। কিন্তু সম্প্রতি হেম বৰুৱা বুলিলে প্রাক্তন সংসদী সদস্য, সু-সাহিত্যিক হেম বৰুৱা বুলিহে জনা যায়। হেম-কোষৰ হেম বৰুৱা আৰু যুক্তি-সংগ্ৰামৰ অন্যতম শ্রেষ্ঠ গুৰীয়াল হেম বৰুৱাৰ কথ

12

ৰাজনৈতিক সহকর্মীৰূপে চুজাউদ্দীন আহমদ

22 November 2023
0
0
0

হেম বকরা এটি সৰু নাম। তাৰ মাজতেই লুকাই আছিল এটি অগ্নিফুলিঙ্গ প্রচণ্ড বিস্ফোৰণৰ জুইশলা কাঠি। বিৰাট ব্যক্তিত্ব-সম্পন্ন, মহা-মহীৰূহ সদৃশ এই প্রতিভাধব মহান পুৰুষজনৰ কথা মনলৈ আহিলেই চকুৰ আগত ভাহি উঠে এখন ব

13

আধুনিক অসমীয়া সাহিত্যত হেম বৰুৱাৰ স্থান শ্রীত্রৈলোক্য নাথ গোস্বামী

23 November 2023
0
0
0

যিটো সময়ত হেম বৰুরাই কাপ হাতত লৈছিল, সেই সময়ত অসমীয়া সমাজৰ মাজত নতুন নতুন ভাবধাৰাৰ অনুপ্রবেশ ঘটিছে। দেশৰ মুক্তি-আন্দোলন বিযপি পৰি দেশবাসীৰ মাজত সঞ্চাৰ কৰিছে নর জাগৰণ; দ্বিতীয় মহাসমৰৰ দ্রুত বিস্তাবে দে

14

হেম বৰুৱাৰ জীৱন দৰ্শন আৰু সাহিত্য শ্রীঅতুলচন্দ্র বৰুৱা

23 November 2023
0
0
0

মানুহৰ জীৱন কামৰ সমষ্টি মাথোন। এই কৃতি বা কাম আৰু ৰচনা বা সাহিত্যৰ মাজেদি বাগ্মীনেতা হেম বৰুৱাৰ জীৱন দর্শনৰ মূল সূত্র কি আছিল তাকে অলপ বিশ্লেষণ কৰি চাব খুজিছো। ১৯৩৭ চনতে 'আরাহন'ত 'হিয়াৰ মিলন' গল্প প্

15

হেম বৰুৱা আৰু তৎকালীন কবি-গোষ্ঠী শ্রীনৱকান্ত বৰুরা

23 November 2023
0
0
0

'আরাহন'ত ওলাইছিল কন্নকী আৰু কভালানৰ কাহিনী- লেখকৰ নাম পাইছিলোঁ, শ্রীযুত হেমকান্ত বৰুরা এম. এ.। খবৰ পাইছিলো, জে. বি. কলেজত ইংৰাজী পঢ়ায়। তেওঁৰ শ্রেণীবোৰ হেনো ইংৰাজীৰ শ্রেণী হৈ নাথাকে-অসমীয়াকে ধৰি বিশ্ব-

16

হেম বৰুৱাৰ ইংৰাজী ৰচনা শ্রীউপেন্দ্রনাথ শর্মা

23 November 2023
0
0
0

হেম বৰুৱাই অসমীয়া সাহিত্যত অবিস্মৰণীয় অৱদান দি থৈ গৈছে। তেখেত আধুনিক অসমীয়া কবিতাৰ আন্দোলনৰ গুৰি ধৰোঁতা। জনমুখী ৰাজনীতি আৰু ভাৰতীয় পৰম্পৰাৰ প্রতি থকা আনুগত্যৰ বাবে তেখেতে অসমীয়া কবিতাৰ সন্ধিক্ষণত এই ক

17

হেম বৰুৱাৰ ভ্ৰমণ-সাহিত্য ডঃ হেমন্তকুমাৰ শৰ্মা

24 November 2023
1
0
0

একেধাৰে কবি, সমালোচক, সাংবাদিক, বক্তা, শিক্ষাবিদ আৰু বাজনীতিজ্ঞ পুৰুষ হেম বৰুৱা অসমীয়া সাহিত্যত ভ্রমণ-কাহিনী- ৰচয়িতা হিচাপেও বিশেষভাৱে পৰিচিত। এতিয়ালৈকে হেম বৰুরাকেই শ্রেষ্ঠ ভ্রমণ-কাহিনীকাৰ বুলি ক'ব প

18

এছাটি পছোৱা শ্রীযোগেশ দাস

24 November 2023
0
0
0

"আজি এই আগলি বতাহে কই গ'ল আহিছে পছোরা সারধান ধনীৰ দুলাল; ধন ঢালি মিছা সভ্যতাৰ মিছাৰেই সঁচা বন্দী কৰা সজা ভাঙ্গি পখীটি ওলাল।" -ভরপ্রসাদ মুলকৰাজ আনন্দৰ "কুলী" উপন্যাসৰ বঙলা ভাঙনিখন কিনি মই প্রথম পাতটোত

---

এখন কিতাপ পড়ক