স্বর্গীয় হেম বকরা ছাৰ এসময়ত আমাৰ শিক্ষক আছিল আৰু আছিল বাজনীতিৰ ক্ষেত্ৰত আমাৰ বৰেণ্য নেতা। ছাৰক লগ পোৱাৰ পিছত এখন মনোৰম আৰু মহৎ গ্রন্থ অধ্যয়ন কৰাৰ দবে লাগিছিল। তেখেতৰ বসাল, খোলা অন্তৰৰপৰা কোৱা কথাবোৰলৈ প্ৰায়েই মনত পৰে।
১৯৪১ চনত যোৰহাট জগন্নাথ বুঝরা কলেজৰ প্রথম বার্ষিক শ্রেণীত পঢ়োতে হেম বৰুৱা ছাৰে আমাক ইংৰাজী আৰু অসমীয়া কবিতা পঢ়াইছিল-পুব-ছন্দ বাথি এনে বসালকৈ পঢ়াইছিল যে আমি সেই শ্রেণীত উপস্থিত নথকাকৈ নোৱাৰিছিলো। অসমীয়াৰ শ্রেণীত ছাবে দের বৰুৱাৰ 'সাগৰ দেখিছা' আৰু 'দেরদাসী' এই কবিতা ছটা প্রায়েই শুরলাকৈ পড়ি শুনাইছিল আৰু ছাত্র-ছাত্রীকো পঢ়িবলৈ দিছিল। ইয়াৰপৰা আমি অনুমান কৰিছিলো দেৱকান্ত বৰুৱা তেখেতৰ প্রিয় কবি আছিল। ইংৰাজীৰ শ্রেণীত জরাহবলাল নেহৰুৰ আত্মজীৱনীৰপৰা কিছুমান বর্ণনা আৰু বিশেষকৈ কমলা নেহৰুৰ অন্তিম অৱস্থাৰ বর্ণনাও আমাক পড়ি গুনাইছিল। তেতিয়ালৈকে হেম বৰুৱা ছাষক সভা-সমিতি বা ৰাজনীতিৰ আলোচনাত যোগ দিয়া দেখা নাছিলো যদিও তেওঁ মনে-প্রাণে জাতীয়তাবাদী আছিল আৰু নেহৰুৰ অনুষক্ত ভক্ত যে আছিল ইয়াকো লক্ষ্য কৰিছিলো তেখেতৰ তৰাজানৰ পকী ঘৰটোৰ আগেদি আমি থকা ককাদেউতাতঁতৰ বাসস্থানলৈ অহা-যোরা কৰোঁতে ছাৰক প্ৰায়েই বাটত লগ পাইছিলো। সেই একেই দীঘল বগা খদ্দৰৰ পাঞ্জাবী, পুতি আৰু ভৰিত ছেণ্ডেল-মুখত সেলেডী লগাকৈ এমোকোৰা তামোল। বন্ধৰ দিনত আবেলি- পুৱা ঘৰৰ সম্মুখত থকা গছ জোপাৰ তলত ঘণ্টাকৈ ঘণ্টা বহি একান্ত মনে কিতাপ পড়া দেখিছিলো। সদায় পড়োতে এখন পকা নোটবুকত জোড়া কপিং কাঠপেন্সিলেবে ধুনীয়া ধুনীয়া স্বাখৰেৰে আৱশ্যকীয় উদ্ধৃতিবোৰ টুকি খোৱাও দেখিছিলো। সন্ধিয়া কিতাপৰ দোকানলৈ আৰু সাধাৰণতে যোৰহাটৰ এসময়ৰ বিখ্যাত বৰকটকী কোম্পানীলৈ গৈ সকলো ধৰণৰ একোজাপ কিতাপ আনি পঢ়ি ঘূৰাই দিয়াৰ কথা স্বপ্নাধিকাৰী শ্রীগৌৰী বৰকটকীদেৱে আমাক কৈছিল। অতি সাধাবণ কিতাপ একোখনো পড়া দেখি বৰকটকী দেরে সোধাত তেখেতে কৈছিল-"একোখন কিতাপত একো নেপালেও এটা ভাল বাক্য বা নতুন নজনা শব্দ এটাতো বিচাৰি পাম!" ই আছিল তেখেতৰ ভৱিষ্যতব কাবণে প্রস্তুতিৰ সময়।
আবেলি পৰত সমনীয়াৰ লগত আৰু কেতিয়াবা চতুর্থ বার্ষিক শ্রেণীৰ দুজনমান ছাত্ৰৰ লগত হাঁহি-ধেমালি কৰি ফুৰা দেখিছিলো। চাৰৰ স্বভারপুলভ সবল আৰু বসাল কথা আৰু মনমোহা আচৰণত আকৃষ্ট হৈছিলো যদিও নিম্ন শ্রেণীৰ ছাত্র হিচাপে ভয়- সঙ্কোচ থকাত সেই সময়ত ওচৰ চাপি খোলা মনেৰে কথা পাতিব নোৱাৰিছিলো; তথাপি অন্তৰেৰে বব শ্রদ্ধা-ভক্তি কৰিছিলো। কলেজত সকলোৰে প্রিয় শিক্ষক আছিল হেম বকরা।
১৯৪২ চনৰ গণ-আন্দোলনত যোৰহাট তল-ওপৰ। ছেপ্তেম্বৰ মাহৰ মাজ ভাগত শিৱসাগৰ জেলৰপৰা আমাক নি যোৰহাট জেলৰ বিৰাট লোহাৰ গেটখন ধূলি যেতিয়া ভিতৰলৈ সুমুৱাই দিলে অসমৰ মুখ্য নেতাসকলৰ লগতে হেম বৰুরা ছাবক একে- বাৰে ওচৰতে পালো। দেশৰ প্রধান নেতাসকলক হয় প্রথম শ্রেণীত নহয় দ্বিতীয় শ্রেণীত কাৰাদণ্ড বিহা হৈছিল। পিছে যোৰহাটৰ এজন প্রথম শ্রেণীৰ হাকিমে কিবা এটা ব্যক্তিগত আক্রোশৰ কাৰণে হেম বৰুৱা ছাৰক তৃতীয় শ্রেণীৰ এবছৰ সশ্রম কাৰাদণ্ড বিহি যোৰহাট জেললৈ পঠাইছিল। লোকপ্রিয় বৰদলৈ আদি নেতাসকলে জেইলাৰক অনুৰোধ জনোরাত তেখেতক শ্রীকামাখ্যা প্রসাদ ত্রিপাঠী, বাগ্মাবৰ নীলমণি ফুকন আদিব কোঠাত থাকিবলৈ অনুমতি দিলে। আমাৰ লগত ছাত্র নেতা- সকলৰ ভিতৰত আছিল স্বর্গীয় যোগেন শইকীয়া, নৰেন শৰ্মা, আনন্দ ফুকন, শ্রীচাৰু গোস্বামা, ঐপুলিনবিহাৰী বৰঠাকুৰ (তেতিয়া স্কুলায়া ছাত্র) আৰু বহুতো। আমি প্রায়েই আবেলি-পুর। ছাৰৰ ওচৰলৈ গৈ সাহিত্য-সংস্কৃতিৰ বক্তৃতা শুনো আৰু আলোচনা কৰো। আমাৰ ছাত্ৰসকলৰ আলোচনা-চক্ৰত শ্রীবিজয়চন্দ্র ভাগৱতী, শ্রীকামাখ্যা প্রসাদ ত্রিপাঠীয়েও বিভিন্ন বিষয়ত বক্তৃতা দিছিল আৰু নানা শ্রেণীৰ মানুহৰ লগত ভাৱৰ আদান-প্রদান কৰিবলৈ আৰু আলোচনা-চক্রত যোগ দিবলৈ সুযোগ পোৱাটো আমাৰ সৌভাগ্য বুলি ভাবিছিলো। সেই কাষণে জেলখানা নহৈ আমাৰ কাৰণে ই এখন তীর্থক্ষেত্র যেন লাগিছিল।
যোৰহাট জেলৰ ভিতৰতে বন্ধুবৰ শ্রীভোলা ফুকন আৰু আমাৰ যুটীয়া সম্পাদনাত 'মুক্তি' নামৰ এখন হাতেলিখা আলোচনী প্রকাশ কৰিছিলো। কাগজৰ অভারত অসম গেজেটৰ পাত (সেই সময়ত গেজেটখন এপিঠিত ছপা হৈছিল) বান্ধি লৈছিলো। বকরা ছাবে 'সাহিত্যত প্রগতিবাদ' নামৰ প্ৰবন্ধ এটা নিজৰ ধুনীয়া আখৰেৰে তাত লিখি দিছিল-প্রবন্ধটোৰ মাজে মাজে ইংৰাজী-বঙালী যিবোৰ উদ্ধৃতি যেনে 'এত মৃত-মুক-স্নান মুখে দিতে হবে ভাষা, এসব ভগ্ন শুষ্ক বুকে ধ্বনিয়া তুলিতে হ'বে আশা' তুলি দিছিল তেখেতে স্মৃতি শক্তিৰ পৰাই দিছিল। ছাৰৰ চলন-ফুৰণ, কথা-বতৰা, গভীৰ অধ্যয়নশীলতা আৰু জাকত- জিলিকা চেহেৰা দেখি তেতিয়াই আমি অনুমান কৰিছিলো এনে এটা দিন আহিব এইজন মেধাবী ব্যক্তিয়ে আত্মপ্রকাশ কৰিব। আলোচনা-বিলোচনা, বং-ধেমালিৰ মাজত কেতিয়াবা আমি ইজনে-সিজনে হাত চোৱা-চুই কৰি সময় কটাইছিলো। এইদৰে ধেমালি কৰি থাকোঁতে ছাৰে মোলৈ সোঁ হাতখন আগ- বড়াই দি চাবলৈ ক'লে। হাতৰ ৰেখা চাব জনা দুই-এজন সতীৰ্থৰপৰা হাতৰ হুডালমান বেখা চাবলৈ শিকিছিলো। ছাবৰ হাতখনলৈ চাই দেখিলো তলুৱাৰ সোঁমাজেদি অহা এডাল বেখা মাজৰ আঙ্গুলিৰ পাদদেশ ছুইছেগৈ-দেখিয়েই একে আষাৰে ক'লো -"ছাৰ এই বেখাডালৰ পৰা কওঁ, আপুনি দেখোন ৰজা হ'ব লাগে।" কথাষাৰ শুনি তেখেতে পাৰেমানে হাঁহিলে। সঁচাই, পিছলৈ তেখেতে ৰজা-মন্ত্রী নহলেও দেশে-বিদেশে ৰাজসম্মান পোরা দেখি আমাৰ ভৱিস্থ্যদ্বাণী ফলিওরা যেন লাগিছিল। এনে সম্মান কেইজন অসমৰ নেতাৰ ভাগ্যত ঘটিছে বাৰু?
জেলৰপৰা ওলাই ছদিনমান অনাই-বনাই ফুৰি পিছ বছৰত দ্বিতীয় বার্ষিকত আকৌ নাম লগালো যদিও হেম বকরা ছাৰক শিক্ষক হিচাপে কলেজত নেপালো। তেখেতে অধ্যাপক যজ্ঞেশ্বৰ শৰ্মাৰ (পিছলৈ নগাওঁ কলেজৰ অধ্যক্ষ) ঠাইত এবছৰৰ কাৰণে আছিল। জেলৰপৰা ওলাই বৰুৱা ছাৰে প্ৰায়েই গুৱাহাটীলৈ অহা-যোৱা কৰি আছিল-ঘৰলৈ আহিলে লগ ধৰো। ১৯৪৬ চনত আমাৰ কলেজত পতা বাণী সম্মিলনত বিশিষ্ট অতিথি হিচাপে তেখেতে কলা-সংস্কৃতিৰ বিষয়ে এনে এটা পাণ্ডিত্যপূর্ণ বক্তৃতা দিলে ছাত্রছাত্রীৰ লগতে বাহিৰৰপৰা অহা অধ্যাপকসকলৰ মুখত ভূয়সী প্রশংসা কৰা শুনিবলৈ পাইছিলো। মাজনিশা একে বাটেদি খব- মুরা হওঁতে মই কৈছিলো, "ছাব আপুনি ৰাজনীতিত নমাতকৈ সাহিত্য-সংস্কৃতি চর্চা কৰিলে বহুতো মূল্যবান অবদান দিব পাৰিব। ৰাজনীতি বৰ শুকান বস্তু।” মোৰ কথাৰ উত্তৰত তেখেতে কৈছিল, "বুজিছা-মই ৰাজনীতি আৰু সাহিত্য সমানে চর্চা কৰি আছো -আৰু দুয়োটাকে সমানে চলাই থাকিম।" মোৰ কথা কেনেকৈ মিছা আৰু তেখেতৰ কথা কেনেকৈ সঁচা হ'ল দেশবাসীয়ে স্বচক্ষে প্রমাণ পালে। ৰাজনীতি আৰু সাহিত্য দুয়ো ক্ষেত্রতে সমানে খ্যাতি লাভ কৰিব পৰা হেম বৰুৱাৰ দৰে লোক সঁচাকৈয়ে বিৰল, এক ব্যতিক্রম।
১৯৪৪ চনত যোৰহাটৰ ছাত্রনেতাসকলৰ লগত গৈ গুৱাহাটীৰ ছাত্রসকলৰ লগ লাগি জাতীয়তাবাদী যিখন ছাত্র ইউনিয়ন গঠন কৰিছিলো সিয়েই অসম ছাত্র কংগ্রেছলৈ ৰূপান্তৰিত হৈছিলগৈ। আলোচনাৰ কাৰণে সন্ধিয়া হেম বৰুৱা ছাৰৰ ওচৰলৈ গৈছিলো। তেতিয়া তেখেত স্বর্গীয় বিৰিঞ্চি কুমাৰ বৰুৱাৰ উজান বজাৰত থকা ছমহলীয়া কাঠৰ বঙলাৰ তলৰ কোঠা এঠাত মেছ পাতি আছিল। তেতিয়া দেখিছিলো-তেখেতৰ প্রিয় কবি, দেৱকান্ত বকরাধ লগত একেখন লেপৰ তলত সোমাই কিতাপ পড়ি আছে। দুয়োজন নেতাই সংগঠনৰ ক্ষেত্ৰত আমাক বহুতো লাগতিয়াল পৰামর্শ দিলে। দেশ স্বাধীন হোৱাৰ আগে-পিছে জিলাই জিলাই ছাত্র কংগ্রেছ স্থাপন হৈ বিৰাট ৰূপ ধাৰণ কৰিলে। চনত নাজিৰাত বহা শিৱসাগৰ জিলা ছাত্র কংগ্রেছৰ দুদিনীয়া অধিবেশনলৈ তেখেত পৌৰোহিত্য কৰিবলৈ আহিছিল। দুয়ো দিন বিৰাট জনসমাগম হৈছিল-ছয়ো দিনাই শুরলা বক্তৃতাবে শ্রোতাব মন তেখেতে মুহি পেলাইছিল। তেতিয়াৰেপৰা নাজিৰালৈ ১৯৫২, ১৯৫৭ আৰু ১৯৬২ চনত নির্বাচনী সভাবোৰলৈ হেম বকরা অহা শুনিলে নাজিৰাত হাজাৰ-বিজাৰ মানুহৰ সমাগম হৈছিল।
১৯৫২ চনত শিক্ষক প্রশিক্ষণৰ কাৰণে যাওঁতে গুৱাহাটীৰ উজান বজাৰৰ সেই তুমহুলীয়া ঘৰটোতে আমাৰ মেছ আছিল। হেম বৰুরা ছাৰ কেতিয়াবা আমাৰ মেছলৈ আহি ৰসাল কথা পাতেহি। বন্ধৰ দিনত তেখেতৰ চেনিকুঠীৰ ঘৰটোলৈ ময়ো প্রায়েই যাওঁ আৰু নানা বিষয়ৰ কথা-বতৰা পাতো। এদিন টাইপ মাৰি নবীন বৰদলৈৰ বিষয়ে এটা ইংৰাজী প্রবন্ধ সাজু কৰোঁতে কৈছিল- আমাৰ ভাষা-সাহিত্য সংস্কৃতিৰ বিষয়ে ইংৰাজী কাকত আৰু আলোচনীত প্ৰচাৰ কৰিব নোৱাৰিলে আমাৰ বিষয়ে বাহিবব লোকৰ ভুল ধাৰণাবোৰ কেতিয়াও আঁতৰিব নোৱাৰে আৰু আমাৰ সমস্যাৰ কথা দেশনেতাসকলেও ভালকৈ উপলব্ধি কবিব নোৱাৰে। এবাৰ কেন্দ্রীয় শিক্ষা বিভাগৰ এজন উচ্চ পদস্থ বিষয়াই অসমলৈ আহোতে সুধিছিল- "অসমলৈ গ'লে বোলে মানুহ ভেৰা হয়?" হেম বকরাই ৰসিকতা কৰি তেওঁক কৈছিল, "অসমত সেই যাছ বিদ্যা এতিয়া নাই। পিছে শ্বিলঙলৈ কেতিয়াও নেযাবা – তাত এতিয়াও যাছ আছে।" ১৯৬৮ চনত বিষয়া দুজনক শ্বিলঙলৈ ফুৰাবলৈ নিওঁতে তেওঁলোকে আমাক এই কথা কৈছিল। সাঁথৰটোৰ মই ভেদ ভাঙি নিদি পেটে পেটে তাঁহিছিলো।
এৰাৰ উত্তৰ প্ৰদেশৰ এজন ইংৰাজী অধ্যাপকে (পশুৰ পৰিয়ালব) অসমৰ কৃষ্টি-সভ্যতাৰ সম্পর্কে বিৰূপ মন্তব্য দিয়াত "বেড বিভাব এণ্ড ব্লু হিলচ" এখন উপহাৰ দিয়াত পড়ি চাই পিছত অসমৰ কথাত পঞ্চমুখ হোরা দেখিছিলো। সেইদৰে মাদ্রাজৰ শিক্ষক বন্ধু এজনকো সেইখন কিতাপ উপহাৰ দিয়াত তেওঁ ভাৰপৰা প্রকাশিত 'ফ্রী ইণ্ডিয়া' সাপ্তাহিক আলোচনীখনত এটা সুন্দৰ সমালোচনা প্রকাশ কৰি অসমলৈ পঠাইছিল। চীনৰ আক্রমণৰ সময়ত এইখন কিতাপৰপৰা উত্তৰ-পূৰ অঞ্চলন বর্ণনা আৰু ভৱিষ্যৎ বাণীৰ বিস্তৃত বিৱৰণ এটা এই আলোচনীত বৰ বৰ হৰকেৰে প্রকাশ কৰা দেখিছিলো। এই কিতাপখনে অসমক জনা আৰু বুজাত বাহিৰৰ লোকক কেনেকৈ সহায় কৰিছিল তাব প্রমাণ এই ছটা সাধাৰণ কথাৰ পৰাই জানিব পাৰি। 'ইলাস্ট্রেটেড, উইক্লি', 'হিন্দুস্থান ষ্টেণ্ডার্ড' আদি কাকতত প্রকাশ পোরা প্ৰবন্ধৰ যোগেদিও তেখেতে অসমৰ গৌৰব প্ৰচাৰ কৰি গৈছে। ডেকা বুদ্ধিজীরী এজনে হেম বৰুৱাই ভুল ইংৰাজী লিখে বুলি যি তুলুঙা মন্তব্য দিছিল তেখেতে তালৈ ভ্রূক্ষেপ কৰা নাছিল। বিয়াল্লিছৰ আন্দোলনত যোৰহাট জেলত অসমৰ মুখিয়াল নেতাসকলৰ লগতে শিৱসাগৰ আৰু নগাঁৱৰ ৪০০ মান ৰাজনৈতিক বন্দী আছিল। তেওঁলোকৰপৰা হেম বৰুৱা ছাৰে আন্দোলন আৰু পুলিচৰ নিৰ্য্যাতনৰ ভু-ভা লৈছিল। স্বর্গীয় মহাদের শর্মাই এনে লোকসকলৰ মৌখিক বিৱৰণী এখন বহাত লিপিবদ্ধ কৰা দেখিছিলো। তাত গহপুৰৰ কনকলতা, বৰহমপুৰৰ ভোগেশ্বৰী ফুকননী আৰু বাৰপুজীয়াৰ তিলক ডেকাই দেশৰ কাবণে আত্মোৎসর্গ কৰা তেজৰঙা কাহিনীও অস্তব চুই যোৱাকৈ তেখেতে লিখিছিল। মই ভারো, হেম বকরা ছাবে এইবোৰ কাহিনীৰ আধাৰত জেলৰ পৰা ওলাই আহি ইংৰাজী আৰু অসমীয়া বাতৰি কাকত আৰু আলোচনীত বহুতো প্রবন্ধ লিখিছিল। তেখেতৰ August Revolution in Assam (1946) পুথিৰ আধাৰো ইয়েই আছিল বুলি অনুমান কৰো।
নিজৰ পুৰণি ছাত্র আৰু অনুৰক্ত ভক্ত হিচাপে ছাৰে আমাক অন্তৰেৰে মৰম কৰিছিল আৰু ঘৰুরাভারেই সকলো কথা হিয়া উবুৰিয়াই কৈছিল। কেতিয়াবা বসিকতাও কৰিছিল। নতুন দিল্লীৰ ঠিকনাত চিঠি-পত্র দিলে দুই-এদিনৰ ভিতৰতে অতি ব্যস্ততাৰ মাজতো নিজ হাতেৰে লিখি উত্তৰ দিছিল। সভা-সমিতিৰ কাৰণে দেশৰ ইমূৰ-সিমূৰ ফুৰেতে আমাৰ পজালৈয়ো দুবাৰমান আহিছিল --ক্ষন্তেক পৰৰ ভিতৰতে ঘৰে-পৰে সকলোকে আপোন কৰিব পৰা গুণটে। অনন্যসাধাৰণ আছিল। ১৯৬৩ চনত নাজিৰাত বহা অসম সাহিত্য সভাৰ উপলক্ষে এখনি স্মৃতি-গ্রন্থ সম্পাদনা কৰি উলিওৱাৰ দায়িত্ব আমাৰ কেইজনমানৰ ওপৰত পৰিছিল। একেটা অনুৰোধত তেখেতে ঢৌতে খৰ মাৰি সেই গ্রন্থৰ কাৰণে এটা প্রবন্ধ পঠাইছিল আৰু সাহিত্য সভাৰ সকলো কাৰ্য্যৰ খা-খবৰ লৈ আছিল। অধিবেশনৰ পিছত স্মৃতি-গ্রন্থ, বিভিন্ন ভাষণাৱলীৰ টোপোলা এটাৰ লগতে আমাৰ দ্বাৰা প্ৰকাশিত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ সৰু জীৱন চৰিত এখনো শ্ৰদ্ধাৰ চিন স্বৰূপে তেখেতলৈ পঠোৱাত প্রাপ্তিস্বীকাৰ কৰি আমালৈ লিখিছিল,-"নতুন দিল্লী, --৫ মে, ১৯৬৩-ইতিমধ্যে তুমি পঠোরা টোপোলাটো পাইছো। আলোচনীত ওলোৱা মোৰ প্ৰবন্ধটোও পঢ়িলো। ছপাৰ ভুল কেইবাটাও আছে। তথাপি ছপা আদি ভাল পাইছো।...... তোমাৰ 'ডক্টৰ ৰাধাকৃষ্ণণ' কালি নিশা এক বজালৈকে পঢ়িলো। মানুহজনৰ সমূহ ব্যক্তিত্বটো কিতাপখনত বড়িয়াকৈ ওলাই পৰিছে। ভাষাটোও ভাল হৈছে।"
ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণক তেখেতে সপৰিয়ালে এবাৰ দেখা কৰোঁতে কৈছিল, "I am glad that you write. Nothing ultimately lasts except your writings, Hem." এইমাৰ কথা কিমান সঁচা তাক সময়ে প্রমাণ কৰিব।