কনৰ৷, জৈনা চাপৰি ইত্যাদি গাৱঁৰ মানুহবিলাক ভাঙি বৰপেটাত গৈ আশ্ৰয় লোৱাৰ পিছদিনা ৰাতি পুৱাই বৰপেটাৰ কেৱলীয়াহাটীৰ দুই চাৰিজনকৈ ভকতে হাত-মুখ ধুই গা-পা তিয়াই তেওঁবিলাকৰ নিত নিয়ম অনুসৰি বৰপেটাৰ কীৰ্ত্তন ঘৰলৈ গ'ল । তাত গৈ অলপ বেলি হোৱাত গোটেইবিলাক কেৱলীয়ায়েই কীৰ্ত্তন ঘৰত থুপ খাই শঙ্কৰ দেৱৰ থানৰ চাৰি - উফালে গাইপতি একোডুখৰি কঠ লৈ ৰহিল। সত্ৰীয়াই এখন কঠত খুটা এটাত আওজি বহিল। এই দৰে সকলোৰে নিয়ম মতে আসন লোৱা হ'লত প্ৰস আৰম্ভ হ'ল। তালীয়ে তাল বজালে ; চকু বুজি বুজি ভকত সকলে ঈশ্বৰৰ নাম ললে । তাৰ পিছত চাপৰি বজাই বজাই নাম গালে। এই দৰে প্ৰসঙ, হোৱাৰ পিছত এজন ভাগতী বাপুৱে ভাগৱত পঢ়িলে । তাৰ পিছতে আৰু এজনে গীতা পঢ়িলে। এই দৰে ভকত সকলে তেওঁবিলাকৰ প্ৰাতঃক্রিয়া সমাপন কৰি সকলোৱেই সত্ৰীয়াক মাজত লৈ জুম পাতি ৺মহাপুৰুষ গুৰুৰ মঠৰ আগত বহিলগৈ। তাতে ভকত সকলে নানা তৰহৰ মেল পাতিলে। দেশৰ ভাল-বেয়াৰ বিষয়ে আলোচনা হ'ল। কোনে ক'ত কীৰ্ত্তন ঘৰৰ ধন খালে, কোনে ক'ত অপকৰ্ম্ম কৰিলে এইবিলাক বিচাৰ হবলৈ ধৰিলে । এই দৰে অনেক কথাবতৰা হোৱাৰ পিছত কমল আতৈ নামেৰে এজন ভকতে সত্ৰীয়াক কলে – “বাপ ! এটা কথা নিবেদন কৰিব খোজো।” সত্ৰীয়াই কলে – “কি কথা, কমল ?”
পাঠক! এই খিনিতে আমি কমল আতৈৰ আগগুৰি চিনাকি দিওঁ। কমল আতৈ হেনে! নামবৰভাগৰ মানুহ আছিল ৷ তেওঁ কোন গাৱঁত উপজিছিল, তেওঁৰ মাক বাপেকৰ কি নাম আছিল সেই বিষয়ে আমি একো নেজানো। মুঠতে আমি এইটো জানো যে তেওঁ নামবৰভাগ মৌজাৰ কোনো এক গাৱঁৰ মানুহ আছিল । তেওঁ সৰুৰে পৰা হেনো বৰ মৰমিয়াল চিত্তৰ আৰু চিন্তাশীল বিধৰ লোক আছিল। তেওঁ সদায় ন্যায় আৰু নিষ্ঠাত চলিছিল । সৰুতে তেওঁ কিছুমান দিন মাছ-মাংস খাইছিল। এদিন তেওঁৰ লগৰ লৰা এজনে তেওঁৰ আগতে বাটলু গুটিৰে এটা মতা কপৌ চৰাই মৰাত মাইকীজনীয়ে দিনৰ দিনটো একো আহাৰ নোখোৱাকৈ আৰাৱ কৰি উৰি ফুৰা দেখি হেনো তেওঁৰ মনত বৰ শোক হ'ল আৰু মাংস খালে যে মানুহ কেনে নিমৰমিয়াল হৈ জীৱহত্যা কৰে এই কথা ভাবি তেওঁ সেই দিনাৰে পৰা মাংস ত্যাগ কৰিছিল। যৌৱনৰ লগে লগে কমল আতৈৰ চিন্তাও বেচি হবলৈ ধৰিলে। অনেক গমিভাবি তেওঁ বুজিলে গৃহস্থী কৰাটো বৰ জঞ্জাল । সেই দেখি তেওঁলৈ মাক-বাপেকে ছোৱালী খোজাৰ অলপ আগখিনিতেই তেওঁ এনিশা মাক-বাপেক শুই থাকোঁতে একেখন চুৰীয়াৰে সৈতে ঘৰৰ পৰা ওলাই পলাল আৰু বৰপেটালৈ আহি মহাপুৰুষীয়া ধৰ্ম্ম লৈ তেওঁৰ তাপিত প্ৰাণক শীতল কৰি বৰপেটা সত্ৰৰ এজন কেৱলীয়া ভকত হৈ ৰ'ল । কমল আৰৈ চৰিত্ৰও হেনো অতি নিৰ্ম্মল আছিল। সোণত মলি থাকিলেও কমল আৰৈ চৰিত্ৰত মলি নাছিল। তেওঁ মানুহটোও সৰল চিত্তৰ আছিল আৰু এই বিলাক কাৰণে সত্ৰীয়াই আৰু ভকত সকলে তেওঁক বৰ মৰম কৰিছিল। সদ্- গুৰুৰ উপদেশত তেওঁ অতি কম বয়সৰে পৰা (নিজে একে। লিখাপঢ়া নাজানিলেও ) ধৰ্ম্মৰ গুঢ় তত্ত্ববিলাক চিকণকৈ বুজিছিল ।
সত্ৰীয়াৰ আদেশ পাই কমল আতৈয়ে কলে—
“বাপ ! আজি নিশা পুৱাওঁ পুৱাওঁ হওঁতে মই এটা সপোন দেখিলো। মই দেখিলে। যেন ওপৰৰ স্বৰগত দুটা সূৰ্য্য আছে এটা যেন পূবৰ ফালে ওলাইছে আৰু এটা যেন মাৰ যাওঁ যাওঁ হবলৈ ধৰিছে ৷ মাৰ যাবলৈ ধৰা সূৰ্য্যটোৰ এনেহে তাপ যেন সেই তাপতে আমাৰ গোটেইখন বৰপেটাতে জুই লাগি গৈছে । চাই থাকোঁতে চাই থাকোঁতে যেন পচিমৰ সূৰ্য্যটো মাৰ গ'ল । বৰপেটাও যেন পুৰি এটালে । তাৰ পিছত যেন পূবৰ সূৰ্য্যটো লাহে লাহে জ্বলিবলৈ ধৰিলে আৰু অৱশেহত ফটফটিয়াকৈ জ্বলি উঠিল। কীৰ্ত্তন ঘৰটোত যেন পচিমৰ সূৰ্য্যটে৷ যাবলৈ ধৰোঁতে জুই লাগিল। দিনতে যেন কাউৰী শগুনে আৰাৱ কৰিলে । মোৰ প্ৰভু ক’লীয়া ঠাকুৰে যেন মূৰত ম'ৰাৰ চূড়া, হাতত মোহন মুৰুলী, কটিত পীতবস্ত্ৰ আৰু পারত নেপুৰ পিন্ধি ছয় সাত বছৰীয়া লৰা এটাৰ দৰে কীৰ্ত্তন ঘৰৰ পৰা ওলাই আহিছে। আৰু হালিজুলি যেন পচিমৰ ফালে যাবলৈ ধৰিলে । এনেতে মই যেন তেওঁক বাটত লগ পাই সুধিলোঁ— “মোৰ প্ৰভু ! তুমিনো কলৈ যোৱা। আমাক নো এৰি যোৱানে ?” মোৰ প্ৰভুৱে যেন কলে—“ককাই! মই ইয়াৰ গড়ালত বান্ধ খাই থাকি ভাল নালাগি অলপ পৰ বাহিৰলৈ ফুৰিবলৈ ওলাই আহিছোঁ আৰু মই এইবাৰ কেইটামান দিনলৈ উলটি নাহোঁ ।” এই কথাৰ পিছতে মই সাৰ পালোঁ। বাপ! কওকচোন সঁচাকৈয়ে মোৰ কলীয়া ঠাকুৰে আমাৰ এই থান এৰিলে নে কি ? ” এইবুলি কমল আভৈয়ে চকু চলচলীয়া কৰিলে।
কমল আতৈৰ এই সপোনৰ কথা এটাইবিলাক ভকতে তবধ মনেৰে শুনিলে । তেওঁ সপোনৰ কথা কৈ এটালত সত্ৰীয়াই গম্ভীৰ ভাৱে ভকতসকলক কলে – “আতৈ সকল ! কমল আতৈয়ে যি কলে তার্ক শুনিলে। এতিয়ানো এই সপোনৰ অর্থ কি কওকচোন।” সত্ৰীয়াৰ এই কথা শুনি ভকতবিলাকে নানাৰকমে সপোনৰ ফল ব্যাখ্যা কৰিবলৈ ধৰিলে। কেৱে কেৱে দীঘল দীঘল বক্তৃতা কৰিলে। সকলোৰে এইদৰে পণ্ডিতালি দেখুউৱা হ'লত সত্ৰীয়াই কলে – “আতৈ সকল ! সপোনৰ ফল ভালেই হওক বা বেয়াই হওক আমাৰ এটা কাম কৰা যুগুত জানাই দেখোঁ, সৱাতো সাৰ বেদ বেদাঙ্গ, হৰিৰ নামে কৰে সকলো সাঙ্গ। সেই দেখি দেশৰ ভালৰ অৰ্থে আমাৰ কীৰ্ত্তন ঘৰত বসবাহ ধৰা যাওক।” সত্ৰীয়াৰ এই অভিপ্রায় শুনি ভকত সকলেও তাতে ভৰ দিলে। ভকত সকলৰ মেল ভাঙিল । সত্ৰীয়া ঘৰলৈ গ'ল। ভকত সকলে দুপৰীয়া খাই-বই উঠি বৰ- সবাহৰ নিমিত্তে জান দিবলৈ বৰপেটীয়া ডাঙৰ ডাঙৰ মানুহ সকলৰ ঘৰে ঘৰে ফুৰিবলৈ ধৰিলে ।