মিৰিহঁত হাকিমৰ এই হুকুমমতে
দিহাদিহি গল। প্রেমিক-প্রেমিকা হালৰ বিচ্ছেদ হল। জঙ্কি ঘৃণাসুঁতিৰে মাহীয়েকৰ ঘৰলৈ
গল, পানেযে
নিজৰ ঘৰ পালেগৈ আৰু আকৌ সৰুৰে পৰা তুলি তালি
ডাঙৰ কৰা মাক-বাপেকৰ আশ্ৰয়তে
থাকিল।
ভাই যিদিনা আকৌ ঘৰলৈ গল, ভাইৰ ওচৰলৈ আগৰ
লগৰ সমনীয়াবিলাক আহিল। ৰকমী ভাদৈয়ে আহি তাইৰ গলত সাবটি ধৰি কবলৈ ধৰিলেগৈ -
"পানেই ভই কেলেই গুচি গৈছিলি?
আমাকো পাহৰিছিলিনে?”
ৰকমীয়ে হাঁহি হাঁহি মাত লগালে, - "পানেই ভই দেখোন
কৈছিলি কালৈকো নেয়াওঁ,
এতিয়া জঙ্কিৰ লগভনো কেনেকৈ হারিয়ে হারিয়ে আজি এমাহ ফুৰিলি?” ইত্যাদি
ভাল-বেয়া এটায়ে ভাইক কবলৈ ধৰিলে।
গাঁৱৰ বুঢ়া-মেখা মাইকীবিলাকে কলে,- "আই ভই কেলেই
অমুৰি কৰিছিলি? মাৰ-বাপেৰৰ
কথা কিয় অবাধ্য হৈছিলি?
আমাৰ মিৰিৰ জীয়ৰীয়ে জানো মাক বাপেকৰ হাক-বচন নুশুনাকৈ থাকিব লাগে? আই ভয়েই
এটাইৰে নাক কাটিলি, সকলোলৈকে
বেয়া কৰিলি। মা-বাপেৰৰ মনত কষ্ট লাগিব,
আই। দেহি! লাহৰি ঐ। এতিয়া মা-বাপেৰৰ কথা শুন। ”
পানেয়ে বুজিব পাৰিলে ভাই আকৌ যমৰ
যন্ত্ৰণাত পৰিলহি। ভাই বুজিলে, তাই তাইৰ
চেনেহৰ বস্তু জঙ্কিলৈ যোৱা কথাটো মিছা হল। মাক-বাপেকে ভাইক আকৌ কমুদলৈ দিব; কিন্তু তাই আকৌ
আগৰ দৰে সংকৱ কৰিলে যে হয় ভাই জঙ্কিলৈকে যাব, নহয় তাই সদায় ঘৰতে চিৰকুমাৰী হৈয়ে থাকিব, নহয় তাই বিষ
খাইয়ে মৰি যাব।
বুঢ়া তামেদ আৰু নিৰমায়ে ভাবিলে
যেতিয়া মেজিষ্টেটে হুকুম দিছে ভেভিয়া সিহঁতে পানেইক আকৌ কেইটামান দিনলৈ খেজালত
কৰা উচিত নহয়। সিহঁতৰ দেওৱানী মামলা-মোকর্দমালৈ যাবলৈ ইচ্ছা নাই। ছোৱালীৰ কিজানি
মন ফিৰে, কিজানি
এতিয়াও কমুদলৈকে যায়,
এই কথা ভাবি মনে মনে থাকিল। পানেইক মৰা ধৰা বিশেষকৈ গালি-গালাজ নকৰিলে।
ইফালে কমুদে কি কৰিছে? কমুদ জাক ডেকাৰ
ভিতৰত লজ্জিত, অপমানিত
হৈছে। সি পেটে পেটে ভাবিলে সিনো কি কুক্ষণত- পানেইলৈ জোঁৱাই চাপিছিল? ঈশ্বৰে ডাকনো
কেলেই অঙ্কি নিচিনা গুণৱন্ত নকৰিলে?
ঈশ্বৰে ডাকনো কেলেই লাজ দিলে?
সি এইবিলাক কথা ভাবি চিন্তি অস্থিৰ হল। নমেন গ্রামে প্রতিজ্ঞা কৰিলে হয় সি
টকা ফিৰাই লব, নহলে
পানেইক তাৰ পুতেকলৈ আনিব। গাঁৱৰ গাভৰুবিলাকৰ কেতবোৰ (অধিকাংশই) পানেইৰ ফলীয়া হল, ভাইৰ দুখত দুখ
কৰিবলৈ ধৰিলে, ভাইৰ
মাক- বাপেকক নিন্দিলে। কেতবোৰে আকৌ পানেইকে দুষিলে। ৰকমীয়ে কিন্তু কমুদক ঠাট্টা
কৰিবলৈ নেৰিলে। তাক দেখিলেই ভাই গায়:-
বেইভালৈ নকৰো বয় ঐ চেনেঙ ঐ
বেইভালৈ নকৰো বয়। কটাৰপো বেইতা টকাৰ যে গৰাকী
চেনেঙৰ গৰাকী মই।।
ইফালে অঙ্কিয়ে কি কৰিছে? পাঠক! তাকো
এবাৰ চাওঁগৈ বলা। সি উলটি ঘৃণাসুঁতি গাঁৱলৈ আহি ভাবিবলৈ ধৰিলে তাৰ কপালত বিধাতাই
সুখ লেখা নাই। সি আৰু আকৌ পানেইক নেপায়। যদি দেওৱানী গোচৰ পত্ৰ হয় তেনেহলেনো সি
দুই-তিনিশ টকা কৰ পৰা দিব,
সিমান টকা কত পাব? ভাবি-চিন্তি
সি অস্থিৰ হল । কিন্তু যাহক পানেয়ে যে তাক হৃদয়ৰে সৈতে ভাল পায় আৰু এই ভালপোৱাৰ
নিমিত্তে পানেয়ে অতি পুৰুষাৰ্থ কৰিও তালৈকে আহিবলৈ যত্ন কৰিব এই বিবেচনাতে সি
নিজকে প্রবোধ দি মনে মনে থাকিল।
ইফালে ডালিমীয়ে সিহঁতৰ এই অৱস্থা
দেখি পেটোৰ সৈতে দুখ সালে। জঙ্কিক সুখী নেদেখি তাইৰ মনত অলপ আশাৰ ভাবেও খেলিব
ধৰিলে। তাই ভাবিলে কিজানি ঈশ্বৰে তাইৰ সৈতেহে জঙ্কিৰ জোৰা বান্ধিছে। কিজানি ঈশ্বৰে
ভাইকহে জঙ্কিলৈ প্ৰজন কৰিছে। এনেকুৱবিলাক খুঁহ ধুঁই চিন্তাতে ভাই ৰল। এদিন যেতিয়া
জঙ্কিক ভাই অকলৈ লগ পালে,
ভাই তাক কলে,- “জঙ্কি, যেতিয়া
ঘৃণাসুঁতিৰ মিৰিহঁতে হাবিলৈ যায় তেতিয়া মই সিহঁতক যোৱা যেন দেখি বোপাইৰ আগত কলো, বোপায়ে সেই
কথা শুনা মাত্রেই কিনো হৈছে বুলি মানুহ-দুনুহ চপাই গল। “
ভাইৰ এই কথাত “ডালিমী। তই নেজান তই
মোৰ কিমান উপকাৰ কৰিলি। তই নাজন তোৰ বাপেৰ নোযোৱা হলে সিহঁতে মোক মাৰি
পেলালেহেঁতেন।” ডালিমীয়ে জন্মিয়ে এইদৰে কোৱাত অন্তৰেৰে সৈতে আনন্দ লাভিলে।
জঙ্কিযে সোজা কথাৰে কলে-
এইদৰে এমাহ সময় গল ।
এই এমাহে ভামেদ আৰু নিৰমায়ে
পানেইৰ মন ফিৰাবলৈ নিজেও আৰু আন আন লগৰ সমনীয়া ছোৱালীবিলাকৰ হতুৱাই শিকনি- বুজনি
দিয়াত কম নকৰিলে। কিন্তু মোৰ আকৰী জীয়ৰীৰ মন কোনোমতে ফিৰাব নোৱাৰিলে। তাইৰ
সংকল্প এফেৰাও লৰচৰ নহল।
নিৰমায়ে মাজে মাজে পানেইক কবলৈ
ধৰিলে- "বাছা চাচোন তোক তুলি তালি ডাঙৰ-দীঘল কৰিলোঁ। ভইনো আমাৰ মনত কষ্ট দিব
সাবনে? তই কমুদলৈ
যা আই। মোৰ লাহৰি।“
বুঢ়া তামেদে মাজে মাজে কয়-
"পানেইৰ তই নিচেই অজলা। তাই কমুদৰ গুণ নাজান। বাছা তোক ভালৈকে দিওঁ ভই যা। ক
মোৰ বাছা 'মই যাম
বুলি মই কাইলৈকে বিয়া পাতো।”
পানেইৰ কিন্তু সকলো কথাৰে উত্তৰ
মুঠেই একেটা। ভাই কয়- "আই। বোপাই। মোলৈ যদি তহঁতৰ মৰম আছে মোক জমিলৈকে দে।
কমুদে যি টকা-সিকা খৰচ কৰিছে তাক জঙ্কিয়ে দিব পাৰিব। তাৰ পাছত তাৰ কোনো নাই, সি তহঁতৰ ঘৰতে
বেটা স্বৰূপে থাকি আর্জি কুর্তিও খুৱাব। তেওঁ যদি নিদিয় তেন্তে মই সদায় তহঁতৰ
ঘৰতে থাকিম। কালৈকো নেযাওঁ। মোক বেজাৰ নিদিবি দেই।”
পাঠক। আমি আগেয়ে কৈছোঁ মিৰি
একুৰীয়া, কোনেও
নিজ নিজ মতলব নেৰে। এই একুৰীয়া হোৱাৰ গুণে এই স্বভাৱৰ অজলা মিৰি মানুহৰ ঘৰতো
কিমান যে অসুখ অশান্তি হৈ থাকে ভাৰ লেখ-জোথ নাই। অথচ মিৰিহঁতে কথা নেৰে। অনেক
ডেকা- গাভৰুৰ এনে দশা ঘটে। যতে শুদ্ধ প্রণয়,
ততে এই কাণ্ড। যভে মিৰি গাবৰু অসতী অৰ্থাত্ এটাৰে সৈতে প্রথমতে হাত-বাত কৰোতে
আপত্তি নাই, আৰু
মাক বাপেকক সুধিলে আন এজনলৈ শেষত দিলেও আপত্তি নকৰে, ততে জানিবা মামলা-মোকর্দমা নোহোৱাকৈ সকলো কথাৰ ওৰ পৰে।
কাচিড় কেতিয়াবাহে গাভৰুৰ নিজ মনে আৰু মাক বাপেকৰ পছন্দই মিলে। যতে এইটি হয়, ততে মিৰি জাতিৰ
ডেকা-গাভৰুৱে স্বৰ্গীয় সুখ পায়। এইদৰে অসুখ-অশান্তিয়ে দিন পাত হবলৈ ধৰিলে। শেষত
বুঢ়া তামেদ আৰু নিৰমায়ে কমুদ আৰু তাৰ বাপেকৰ পৰামৰ্শমতে পানেইক জোৰ কৰি হাত-ভৰি
বান্ধি কমুদৰ ঘৰলৈ বিয়া নোহোৱাকৈয়ে দিয়াৰ আলচ কৰিলে। চতুৰী পানেযে সেই কথাৰ টেৰ
পাই এনিশা আকৌ ৰাভা ৰাতি পলাল।