শান্তিৰাম ভকত
বৰনগৰীয়া চণ্ডীবৰুৱাৰ
হাউলিৰ ভিতৰত শাস্তিৰাম নামে এজন কেৱলীয়া ভকত আছিল । মানুহজনৰ বয়স দেড়কুৰি
বছৰমান হৈছিল। তেওঁ বৰণত তেজগোৰা । তেওঁৰ মুখখন চকলা, মূৰত পাহৰখা
চুলি। মানুহজন বৰ ওখও নহয়,
বৰ চাপৰো নহয়।
হাতভৰিবিলাক শকত আৱত । গাটো নোদোকা— সাইলাখ লেন গুৰি কঠালটোহে ।
শাস্তিৰাম ভকত বৰনগৰৰ
মানুহ নাছিল । তেওঁ কৰ মানুহ, আগেয়ে তেওঁ ক'ত আছিল এই বিলাক কথা কেৱে নেজানিছিল । তেওঁৰ কথা বতৰাৰ পৰা
সকলোৱে মুঠতে এইটো থিৰ কৰিছিল যে তেওঁ কামৰূপৰ মানুহ নাছিল। তেওঁ উজনিৰ ফালৰ
মানুহ।
চণ্ডী বৰুৱাৰ হাউলিলৈ
অহাৰ আগেয়ে তেওঁ বৰপেটাৰ থানত দুবছৰমান আছিল। তেওঁ দিনে ৰাতিয়ে থানত পৰি আছিল ; মাজে সময়ে তেওঁ
তেওঁৰ খৰিটো আৰু ওপৰত পিতলখুউৱা লাখুটিডাল লৈ ইফালে সিফালে খুজি মাগি ফুৰিছিল ।
শাস্তিৰাম ভকতৰ মাতটো কোমল আৰু আঁহ নোহোৱা; সেইদেখি তেওঁ যলৈকে গৈ খঙ্গুৰি বজাই গীত গাইছিল ততে তেওঁ
মানুহৰ আদৰ পাইছিল।
এবাৰ তেওঁ সেইবাৰৰ
ফাকুৱাৰ আগখিনিতে বৰনগৰীয়া চণ্ডী
বৰুৱাৰ নাম শুনি খজুৰি
বজাই মাগিবলৈ আহিছিল। তেওঁ চণ্ডী
শাস্তিৰাম ভকত
বৰুৱাৰ আগত বহি খৰি বজাই
কৃষ্ণৰ লীলামালা গালে। চণ্ডী বৰুৱাই তেওঁৰ গীতত মোহিত হৈ তেওঁক আৰু আন কলৈকো যাবলৈ
নিদি নিজৰ হাউলিৰ ভিতৰতে এযোৰ ঘৰ সজাই দি ৰাখি থলে। শাস্তিৰাম ভকতো সেই দিনাৰে পৰা
বৰুৱাৰ হাউলিতে থাকিল । বৰুৱাই তেওঁক সদাই সিধা, কানি-কাপোৰ দি মৰম কৰিবলৈ ধৰিলে; তেৱোঁ পুৱা-গধূলি
বৰুৱাক কীৰ্ত্তন, বৰগীত ইত্যাদিৰ
পদবিলাক গাই শুনাই সুখেৰে দিন নিয়ালে।
শাস্তিৰাম ভকতৰ সকলোবোৰ
গুণ ; কেৱল এটা দোষ।
তেওঁ কোনো মানুহকে তেওঁৰ আচল চিনাকি নিদিছিল। আন মানুহে তেওঁ ক'ৰ, ক'ত উপজিছিল
এইবিলাকৰ কথা সুধিলে তেওঁ সেইবোৰৰ একো উত্তৰ নিদি আন কথা উলিয়াই পহৰাইছিল।
কেৱলীয়া হলেও তেওঁৰ মুখত সদায় হাঁহি আৰু প্ৰফুল্লতাৰ ভাব আছিল। তেওঁ সকলোৰে সৈতে
নিৰ্দোষ অথচ ধেমেলীয়া কথা কব জানিছিল। তিৰীজাতিক তেওঁ বৰ শ্ৰদ্ধা ভক্তি কৰিছিল ।
আন কি তেওঁৰ সমান বয়সীয়া কোনো মানুহে আনৰ ঘৰৰ জীয়ৰী বা বোৱাৰীৰ বেয়া কথা কোৱা
শুনিলে তেওঁ সেই মানুহৰ ওপৰত বিৰক্ত হৈছিল। লগৰীয়া ডেকাবিলাকে তেওঁক “আতৈ !
আপোনাক এজনী ছোৱালী বিয়া কৰাই দিওঁ দিয়ক” এইদৰে কথা কলে তেওঁ অলপ হাঁহি উত্তৰ
দিছিল—“কেলেই লাগিছে ? আমি অকলৈ আহিছোঁ
অকলৈ যাম।” কিন্তু তেওঁৰ এই এটাইবিলাক স্বভাৱৰ ভিতৰেদি যেয়েই তেওঁৰ হৃদয়ৰ প্ৰকৃত
ভাব কি বুজি চাবলৈ মন কৰিছিল সেয়েই এইটো ধৰিব পাৰিছিল ৰে
মনোমতী
তেওঁৰ বাহিৰৰ সকলো
ৰঙ-ধেমালিৰ ভিতৰতো তেওঁৰ হৃদয়খনক কিবা এটা পোকে খুলি খুলি খাইছিল। সেই পোক কি আৰু
তেওঁৰ হৃদয়ত কেনেকৈ সোমাল ইয়াৰ সবিশেষ আমি এতিয়ালৈকে নেজানিলোঁ । সি যি হওক
পিছেও এবাৰ চেষ্টা কৰি চোৱা যাব । পমীলাই সখীয়েকৰ পৰা বিদায় লৈ যি সময়ত
শাস্তিৰাম ভকতৰ ওচৰলৈ আহিছিল, সেই সময়ত আমাৰ শাস্তিৰাম আতৈয়ে গা ধুবৰ অভিপ্ৰায়ে গাত
তেল ঘঁহিবলৈ ধৰিছিল। এনেতে পমীলা গৈ পালে । পমীলাক দেখি শাস্তিৰামে কলে – “আজি
আমাৰ আইদেউৰ সখীয়েকৰনো কোন ফালে অহা হ'ল ?”
পমীলা—“আতৈ!
আপোনাৰ গুৰিলৈকে অহা হৈছে।” শান্তিৰাম —“সকাম বা কি ?” পমীলা – “বাৰু কম
। আপুনি গা ধুই আহকগৈ।” শাস্তিৰাম — “বাৰু তেন্তে তুমি অলপ পৰ ইয়াতে বহা। মই
গাটো তিয়াই আহোঁ।” পমীলা – “ভাল বাৰু । শান্তিৰামে তেতিয়া হাতত কলহ এটা লৈ নদীলৈ
গা ধুবলৈ গ'ল ৷ নদীত নামি
ঘঁহি পিহি গাটো ধুলে আৰু হাতত একলহ পানী লৈ আকৌ ঘৰলৈ আহিল । তেওঁ আহি পাওঁতেই
পমীলাই কলে —“আতৈ! আজি দেখোন গাটো ধোৱাত বৰ সোনকাল হ'ল । চুলি
নিতিতিলেই হবলা।” শান্তিৰামে ঘৰৰ ভিতৰত সোমাই কাপোৰ সলাই উত্তৰ কৰিলে –“এৰা
নিতিওৱাই বুলিব পাৰা। তোমাক ইয়াত অকলৈ এৰি থৈ দিনৰ দিনটো গা ধুই থাকিবলৈ আকৌ ভাল
নেলাগে নহয় ।” পমীলা – “আতৈ! তেওঁ তিনি দাঁড়ৰ কম নহল যেন পাওঁ।”
শাস্তিৰাম ভকত
শান্তিৰাম—“মোৰ
অহাত পলম হৈছে যদি ক্ষমা কৰিবা ।” পমীলা— “আতৈ! আমি তিৰীজাতি। ক্ষমা কাক বোলে
নাজানো । বাৰু এতিয়া আপুনি আপোনাৰ গুৰু সেৱা ফেৰি কৰি উঠক।” শাস্তিৰাম – “ তোমাৰ
কি কথা আগেয়ে কোৱাঁ, তোমাৰ কথাটি শুনি
লৈ এফলীয়া হৈ গুৰু-সেৱাত বহিব খোজোঁ । পমীলা —“আতৈ! মোৰ কথা ভালেমান ৷ মোৰ কথা
শুনি থাকিলে আপোনাৰ আজি গুৰুসেৱা কৰা নহব ।” শাস্তিৰাম— “বেয়া নোপোৱা যদি বহি
থাকা।” পমীলা – “বাৰু আপুনি গুৰুসেৱা কৰক।” পমীলাৰ এই কথাত শাস্তিৰাম ভকত গুৰু
সেৱাত বহিল। টোপোলাৰ পৰা তেওঁ এডাল তুলসী কাঠৰ মালা উলিয়াই ডিঙিত পিন্ধিলে । তাৰ
পাছত তেওঁ সেই মালা জপিবলৈ ধৰিলে ৷ মালা জপোতে তেওঁৰ ছদাড় মান বেলি হৈ গ'ল। তাৰ পিছত তেওঁ
ভটিমা ধৰিলে । তাৰ পিছত নাম- ঘোষা গালে আৰু অৱশেহত খজুৰিটো উলিয়াই লৈ লাখুটিডাল
আগত পুতি তেওঁ এটি ছুটিকৈ খঞ্জৰিত চাপৰ দি বৰগীত গাবলৈ ধৰিলে আৰু এইদৰে তেওঁৰ
ভালেখিনি পৰ হ'ল। চাৰিদাঁড় মান
পৰৰ মূৰত তেওঁৰ গুৰুসেৱা কৰা হ'ল। তাৰ পিছত তেওঁ বাহিৰলৈ ওলাই আহি পমীলাক কলে – “এতিয়া
কোৱা তোমাৰ কি কবলগীয়া আছে।”
পমীলা—“আতৈ ! আপোনাৰ চাউল
সিজাব কেতিয়া ?” শান্তিৰাম—“তোমাক
বিদায় দি উঠি।”
পমীলা— “নহয় আতৈ! আপুনি চৰুত জালমাৰি থৈ আহক।”
মনোমতী
শাস্তিৰাম—বাৰু ভেস্তে।
পমীলাই এই কথা কোৱাত
শাস্তিৰাম চাউল সিজাবলৈ গ'ল আৰু চক্ৰৰ তলত
জালকুৰা মাৰি থৈ বাহিৰলৈ ওলাই আহিল আৰু পত্নীলাৰ আগত বহি সুধিলে— “ কোৱা কি কব
খুজিছা ।” পমীলা—“আতৈ! আপুনি আজি এবাৰ যুগীৰ পামৰ ফালে যাব লাগে।”
শাস্তিৰাম—“কি সকামে বা ?”
পমীলা – “সকামৰ কথা কম।
কিন্তু আপুনি সইত কাঢ়ক
যে আপুনি মই কৰিব দিয়া
মতে কাম কৰিব।” শান্তিৰাম—“কথাটো জানিলেহে সইত কাঢ়িব পাৰে। ?”
পমীলা — “নহয়। বৰ
বিশ্বাসী কথা। আপুনি আগেয়ে
সইত কাঢ়ক তেহে কম !”
শান্তিৰাম—“এৰা বিশ্বাসী
কথা নহলেনো আমাৰ ওচৰ পাবাহি কেলেই।”
পমীলা—“আপুনি সেইবোৰ কথা
এৰক ৷ মোক কওক মই
কৰিব দিয়া কাম আপুনি
কৰিবনে নকৰে।
শান্তিৰাম—“বাৰু তুমি বহা
। মই জালকুৰা বঢ়াই দি আহোঁ ।”
পমীলা— “জাল বঢ়াবলৈ
যোৱাৰ আগেয়ে সইত কাঢ়ি যাওক !”
শান্তিৰাম—“অলপ পৰ ৰবা ।
মোৰ সিফালে জালকুৰা নুমাল।
শাস্তিৰাম ভকত
পমীলা – “মই ৰব
নোৱাৰে। কৈ যাওক । ” শাস্তিৰাম—“মোৰে শপত তুমি বহা মই আছোঁ।” এই বুলি কৈশাস্তিৰাম
ভকত ভিতৰলৈ গৈ দেখে যে খুৰিকৰা ঘুমাই ছাই হৈ আছে ৷ খেৰ কেইডালমান আকৌ দি
শাস্তিৰামে জুই ফুৱাবলৈ ধৰিলে। ধোৱাত নাকে মুখে তেওঁৰ পানী ববলৈ ধৰিলে। ইফালে
পমীলাই বাহিৰৰ পৰা মাত লগালে— “আতৈ! মোক এটা কওক। নহলে মই যাওঁ।” শান্তিৰামে
ধোৱাত চকু মেলিব নোৱাৰি মুঠতে “ও” বুলি উত্তৰ দিলে। পমীলাই ইফালে “আতৈ! মই যাওঁ”
বুলি থিয় দিলে। শাস্তিৰামে ভিতৰৰ পৰা কবলৈ ধৰিলে—“পপ—পমীলা নাযাবা।” শাস্তিৰামৰ
দুৰ্গতি দেখি পমীলাৰ মিচিককৈ হাঁহি ওলাল । ধোঁৱাত চকুমুখ ৰঙা পৰি কোনোমতে জুইকুৰা
তুলি দি আকৌ শান্তিৰাম বাহিৰলৈ ওলাই আহিল আৰু পমীলাৰ আগত বহি কবলৈ ধৰিলে—“এএ
ডেমেহা খৰি কেইডালে বৰ দুখ দিলে।” পমীলা —“এৰা । এতিয়া আপুনি নিজে বুজিব পাৰিহে
জানিছে ভাত ৰন্ধাটো কিমান শাস্তি। আন মানুহে নুবুজে নহয়। 'ভাত কিয় সোনকালে
নহল' বুলি
ঘৈণীয়েকহঁতক কিল ধৰে।”
শান্তিৰাম—“কোৱা কি কবলৈ খুজিছা ।”
পমীলা – “আতৈ! সইত কাঢ়ক।”
শাস্তিৰাম—“তুমি সইত
নাকাঢ়িলে নেৰা । বাৰু সইতে সইতে তিনি সইতে তুমি যি কোৱা তাকে কৰিম । ”
পমীলা—“তেন্তে শুনক । এইবাৰ দৌল চাবলৈ যাওঁতে
মনোমতী
আমাৰ মনোমতী সখীয়ে এজন বৰ ধুনীয়া ডেকা দেখা
পালে ; সেই ডেকাজনক দেখিবৰে পৰা
সখীৰ মনত কিবা এটা চিন্তা হৈছে। বোধকৰোঁ তেওঁৰ সেই ডেকাজনত ধাউতি হৈছে । কি কৰিব
চাওকচোন আগলৈ উঠি অহা ছোৱালী। নাভাবি নিচিস্তি এনে এটা কথাত মন মেলিলে । এতিয়া
আপোনাক মই খাটে। সেই ডেকাজনৰনো মন কেনে আপুনি এবাৰ গৈ বুজি আহিব লাগে।”
শান্তিৰাম—“সেই ডেকাজননো কোন ?”
* পমীলা—“সেই ডেকাজন হেনো
যুগীৰ পামৰ বৰুৱাৰ পুতেক নাম লক্ষ্মীকান্ত।”
শাস্তিৰাম—“তোমাৰ সখীয়েৰাই বৰ বেয়া ঠাইত মন
মেলিলে। তুমি জানিব পোৱা যুগীৰ পামৰ বৰুৱাই আমাৰ বৰুৱাক “ঢেকেৰি” বুলি পেটে
সমন্বিতে ঘিণায় । এনেস্থলত আমাৰ বৰুৱাইনো তোমাৰ সখীয়েৰাক যুগীৰ পামৰ বৰুৱাৰ
পুতেকলৈ দিব বুলি আশা কৰিব পৰা যায়নে ? যদি তোমাৰ সখীৰ বৰুৱাৰ
পুতেকে সৈতে বিবাহ হবৰে আশা নাই তেন্তে মিছাইনো এইখন লেঠা বঢ়োৱাৰ সকাম কি ?”
পমীলা—“আতৈ! আপুনি বোধকৰোঁ তিৰুতাজাতিৰ মন
মুবুজে। শেষত যি হব সদ্যহতে ডেকা বৰুৱাৰ ভাবটো কি ইয়াকেহে বুজিব লাগে ।”
শাস্তিৰাম—“এৰা এতিয়া ঊষাহৰণৰ খণ্ডহে পাতিব
লগাত পৰিল । শেষত ফল বা কি তাকেহে কব নোৱাৰোঁ।”
শাস্তিৰাম ভকত
শান্তিৰাম — “এৰা। তুমি চিত্ৰলেখী হৈছা নহয়
আৰু মোকো আগেয়ে সইত কঢ়াই লৈছা নহয় এতিয়া তোমাৰ হাক বচন মতে নচলিলে আমাক জানো
শুদাই এৰিবা ? বাৰু যাব লাগে যাম ।
কিন্তু পমীলা ! অ নহয় নহয় চিত্রলেখি। তুমিনো আন মানুহক এই কামলৈ পাচিব
নোৱাৰিলানে ? মই দেখোন কেৱলীয়া মানুহ।
মইনো লৰা ভঙাবলৈ জানিমনে ?”
পমীলা – “আতৈ! কওক মই কৰিব দিয়া কাম কৰিবনে
নকৰে।”
পমীলা—“আপুনিয়েই এনেবিলাক কামৰ ওজা বুলি
ভাবিহে আপোনাৰ ওচৰলৈ আহিছোঁ। বিশেষ আপুনি ভকত মানুহ যলৈকে তলৈকে যাব পাৰে । খৰি
বজাই নাম গাই শুনাই ও মানুহক ফান্দত পেলাব পাৰে । সেই দেখিহে আহিছোঁ।”
শান্তিৰাম—“চিত্ৰলেখি ! তুমিও ভাল এজনী বাৰু !
মইনো কেনেকৈ কি কব লাগিব শিকাই দিয়া।”
পমীলা—“আতৈ! মই আপোনাক ছুটি নাম শিকাই দিওঁ সেই
নাম দুটি গাব।”
শান্তিৰাম বাৰু গোৱাচোন শুনো। মনত বা থাকে
নেথাকে। পমীলা— লেচাৰী -
তোমাৰ বিৰহত হে হৰি
মূৰ্চ্ছা গলে ৰাধা
পটেশ্বৰী
শান্তিৰাম—“পমীলা ! ৰবা
মই জালকুৰা বঢ়াই আহোঁ।” এই বুকৈ ভকত ভিতৰলৈ গ'ল ৷ আকৌ জালকুৰা
মনোমতী
বঢ়াই দি ওলাই আহি কলে –
“চিত্রলেখি । বাৰু মই গাওঁ শুনাচোন। হয়নে নহয় কৰা
তোমাৰ বিৰহত হে
লক্ষ্মী
মূৰ্চ্ছা গলে সখী
চিত্রলেখী
পমীলা—“ছিঃ আতৈ!
এতিয়াই দেখোন আপুনি “ একোকে নেজানো” বুলি কৈছিল । এতিয়াই নো আকৌ এনে যোৰা দিবলৈ
কত শিকিলে "
শাস্তিৰাম—“অ নহয় নহয়
মই পাহৰিছোঁহে। চকুৱে মুখে ধোঁৱা লাগি কিবাহে গালো । বাৰু মই আকৌ গাওঁ শুনা।”
“তোমাৰ বিৰহত হে
হৰি
মূৰ্চ্ছা গলে
ৰাধা পটেশ্বৰী ॥”
হয়নে চিত্রলেখি
! এইয়ে হয়নে ?” পমীলাই হাঁহি হাঁহি উত্তৰ কৰিলে “হয় আতৈ! বাৰু
হৈছে।” ইয়াৰ পিছতে পমীলাই সেইটো নামৰ বাকী ডোখৰ আৰু সিটো নাম শান্তিৰামক গাই
শুনালে । . শান্তিৰামেও মাজে মাজে যোৰা দি দি ধেমালি কৰিলে । ইয়াৰ পিছতে পক্ষীলাই
শাস্তিৰামত বিদায় ললে । তেওঁ যাবৰ পৰত পেটে পেটে ভাবি গ'ল “ ভকতক চিনিলোঁ”। শাস্তিৰামেও পেটে পেটে ভাবিলে – এৰা এনে
নহলেনো বৰুৱাৰ গোটেইখন ঘৰতে এওঁ মহতালি কৰিব পাৰেনে ? ”
পমীলাক বিদায় দি
উঠি শাস্তিৰামে সেই দিনা আধাফুটীয়া ভাত খাই খঞ্জুৰিটো আৰু লাখুটিডাল লৈ যুগীৰ
পামৰ বৰুৱাৰ হাউলিৰ ফাললৈ খোজ ললে ।
পমীলাক বিদায় দি উঠি
শাস্তিৰামে সেই দিনা আধাফুটীয়া ভাত খাই খঞ্জুৰিটো আৰু লাখুটিডাল লৈ যুগীৰ পামৰ
বৰুৱাৰ হাউলিৰ ফাললৈ খোজ ললে ।