নৈৰ বুকত
কীৰ্ত্তনঘৰৰ পৰা ওলাই
আমাৰ এই ৰূপহী গাভৰুজনী লগৰ আন আন গাভৰু আৰু বুঢ়ীয়ে সৈতে পোনেই উত্তৰলৈ মুখ কৰি
গ'ল ৷ আমাৰ এই
ডেকাজনো প্ৰায় দুকুৰিজন মানুহে সৈতে তেওঁৰ পাছে পাছে গ'ল। এইদৰে প্ৰায়
এমাইল মান বাট গৈ গাভৰুজনী পচিমলৈ ঘূৰি আকৌ এটা বাটেদি যাবলৈ ধৰিলে । ডেকাজনো মানুহে
দুলুহে সৈতে সেই বাটেদিয়ে গ'ল। অলপ দূৰ গৈয়েই দুইও জাক মানুহে বৰপেটাৰ “চাউল-
খোৱামানাহ” নদী পালে। এই নদীটো নিচেই সৰুও নহয়, ডাঙৰো নহয়। গুৱাহাটীৰ উত্তৰ পাৰে থকা হাজো সোঁতাৰে এটা সু'তি পশ্চিম মুখে হাজোৰ ওচৰতে ফাটি
আহে ; আৰু তাতে
উত্তৰফালৰ পৰা পাগলাদিয়া,
আলপা, কালদিয়া, পহুমাৰা ইত্যাদি
সৰু সৰু নদী পৰি সুঁতিটো ক্ৰমে ভাটিৰ ফাললৈ বহুল হৈ আহে। বৰপেটাৰ ওচৰত ডোঙ্গৰকুচি নামেৰে এখন গাৱঁৰ গুৰিয়েদি “মানাহ” নামেৰে আৰু এটা পৰ্ব্বতীয়া
নদী আহি লগ লাগে আৰু এই খিনিৰে পৰাই নদীটোৰ নাম “চাউলখোৱা- মানাহ” হয়। বৰপেটীয়া
মানুহবিলাকে এই নদীয়েদি সেই
সময়োতে উজাই ভটীয়াই বেহা-বেপাৰ কৰি ফুৰিছিল । তিৰুতা-
মনোমতী
মানুহ জাক এই নদীৰ ওচৰ
চপা মাত্ৰকে পানীৰ অলপ দৰ পৰ৷ দুখন চৈ দিয়া চৰা নাওঁ আহি পাৰ চাপিল ৷
তিৰুতামানুহবিলাক ছজাক হৈ এখন নাৱঁত উঠিল। গাভৰুজনীয়ে প্ৰায় পোন্ধৰ ষোলজনী মান
তিৰুতাৰে সৈতে এখন নাৱত উঠি তাত পাৰি থোৱা শয্যা এখনত বহিল। তেওঁৰ লগৰ মানুহ
এজনীয়ে তেওঁক তামোলৰ বটাটো আগবঢ়াই দিলে । গাভৰুজনীয়ে লচ - পচ্ কৰি তামোল
কাটিবলৈ ধৰিলে। তাৰ পাছতে নাৱৰীয়া- হঁতে নাৱঁৰ গোজ উঘালি লৈ নাওঁ মেলি দিলে ।
গাভৰুজনী মানুহে দুমুহে সৈতে নাৱঁত উঠোতে আমাৰ ডেকাজনে চকু নপচৰাকৈ গাভৰুজনীৰ
ফাললৈ চাই আছিল। তেওঁৰ লগৰ আধামান মানুহ এখন নাৱঁত উঠিল; এনেতে তেওঁৰ লগৰ
বয়সিয়াল মানুহ এজনে মাত লগালে : - “বোপা দেউতা! কৰে কি । নাৱঁত উঠিবৰ হৈছে।” সেই
মানুহজনৰ এই কথা কেই আষাৰে তেওঁৰ গালৈ গম আনিলে । তেওঁ তেতিয়া লৰালৰিকৈ তেওঁলৈ
সজাই থোৱা নাওঁখনত গিৰিস কৰি উঠিল আৰু তাত পাৰি থোৱা শয্যা এখনত বহি নাওঁ মেলি
দিবলৈ কলে । তেতিয়াই দুখন নাৱো চলিবলৈ ধৰিলে। নাৱৰীয়াহঁতে গিৰিপ্ গিৰিপ্ কৰি বঠা
মাৰিলে। চাৰিউখন নাওঁ অগা পিছা হৈ যাবলৈ ধৰিলে ।
এইদৰে নাওঁ কেইখান এখান
মান তামোল খাবৰ বাট যোৱাৰ পাছত ডেকাজনে তেওঁৰ ওচৰত বহি থকা বয়সিয়াল মানুহ এজনক
কলে :— “ককাই। আমাৰ নাৱৰীয়াহঁতে নাৱেঁ নাৱে
নৈৰ বুকত
নাম গাই যকচোন ।” ডেকাজনৰ
এই কথা শুনি মানুহজনে সিখন নাৱৰ কঁহিৰাম নামেৰে মানুহ এজনক মাতি কলে “কঁহিৰাম!
বোপা দেউতাই কৈছে নাৱত নাম গাই যাব লাগে।” কঁহিৰামে “ভাল বাৰু” বুলি কৈ গাবলৈ
ধৰিলে : -
ঘোষা
“কৈত পাইবোঁ প্ৰাণ
গোপাল আমি
হৰাইলোঁ অৰুণ
লোচন স্বামী ॥”
নাৱৰীয়াহঁতে ধৰিলে : -
“কৈত পাইবোঁ
প্ৰাণ গোপাল আমি
হৰাইলোঁ অৰুণ
লোচন স্বামী ।”
কঁহিৰামে লগালে :-
পদ
“উচ্চ বৃক্ষ দেখি
শোধে সাদৰি ।
শুনিয়ো অশ্বত্থ, বট, পাকৰি ॥
নাৱৰীয়াহঁতে ধৰিলে : -
কৈত পাইবো............
কঁহিৰাম— “যাহন্তে দেখিলা
নন্দকুমাৰ ৷
নেস্তে চুৰি কৰি চিত্ত-হামাৰ ৷
মনোমতী
হে কুৰুবক অশোক চম্পা
কহিয়া কথা কৰা অনুকম্পা
...
মানিনীৰ দৰ্প কৰিয়া চূৰ
৷
জানাহা কৃষ্ণ যান্ত কত
দূৰ ৷
...
হেৰা তুলসি ! সমিধান
দিয়া ।
তুমি গোবিন্দৰ পৰম
প্ৰিয়া ||
...
যাহস্তে দেখিলা নন্দকুমাৰ
৷
প্ৰাণতো অধিক প্রিয় আমাৰ
॥
...
সমস্তে গোপীৰ জীৱন ধন ।
দেখিলা যাহস্তে নন্দ
নন্দন ।
...
হে আম, জাম, বেল, বকুল ।
নাহি উপকাৰী তোমাৰ তুল ৷
...
কৃষ্ণৰ বিৰহে দেখোঁ
আন্ধাৰ ৷
কোৱা কৈক গৈল কৃষ্ণ আমাৰ
৷
নৈৰ বুকত
নামৰ লগে লগে গিৰিপ, গিৰিপ, কৰি নাও চলিবলৈ
ধৰিলে। মতাবিলাকক নাম গোৱা শুনিয়েই হব পায় আগৰ নাৱঁৰ তিৰুতাবিলাকেও গাবলৈ ধৰিলে
:-
ঘোষা
“ইবাৰে উদ্ধাৰ
কৰা মোকে
এ হে গোপীনাথ
বাৰেক উদ্ধাৰ কৰা মোকে ।
পদ
“চক্রবাত অসুৰে
কৃষ্ণক নিলে হৰি।
আকাশত মাৰিলা গলত
চিপি ধৰি ৷৷
...
কৃষ্ণক হিয়াত লই
পৰিল ভূমিত ।
জুৰাইল তোমাক
পায়৷ যশোদাৰ চিত ৷
...
ছলে হামি তুলি
তুমি দেখাইলা মাৱত । গৰ্ভৰ ভিতৰে আছে সমস্ত জগত | এইদৰে নামে পদে চাৰিউত্থান নাওঁ যাবলৈ ধৰিলে ৷
চাৰিউত্থান মানাহেদি উজাল । প্রায় পাঁচ মাইল বাট গৈ মতাজাকৰ নাওঁ দুখান এখান গাওঁ
পালে। তাতে সেই নাওঁ: ছখান চাপিল । তিৰুতা জাকৰ নাও দুখান নৰৈ উজাই যাবলৈ ধৰিলে ।