আজিবহাগৰ ঘাই দিন। ঘৰেঘৰে অসমীয়া কি ভাল মানুহকি ইতৰ মানুহ সকলোৰেমনত ৰং-ধেমালি হৈছে।ঘৰে ঘৰে খোৱা-লোৱাৰধুমধাম পৰিছে। বছেৰেকৰ সকলো দুখ ভাগৰ,
হাই-দন এৰি আজিঅসমীয়া মানুহে বছৰেকৰ বিহুত উত্ৰাৱল হৈছে। বন্ধ-বৰ্গৰ লগতসকলোৱে দেখা-শিনা হৈছে।গুৰুজনক তলতীয়াজনে সেৱা সত্কাৰ কৰিবছেৰেকলৈকে ভালে-কুশলে থাকিবলৈআশীর্বাদ লৈছে। সমনীয়া লৰাবিলাকে লগ লাগি হাঁহি-
খিকিন্দালি পাতিছে।
ভালমানুহৰ ঘৰবিলাকৰ ভিতৰত মাইকী মানুহবিলাকে লগ লাগি পঁচিখেলিছে। সেই খেলুৱাই তিনি-চাৰিজনী মাইকী মানুহৰ লগত দুই-এজনমতা ডেকা বাবুও বিহছে।মাকে পুতেকে বিপৰীত ভাগে, কড়িৰ ঢালত বহি কড়িমাৰিব লাগিছে। কড়ি পেলোৱাত মাইকীমানুহৰ হাত বৰ পাৰ্গত।ছটা কড়িৰ এটা বুঢ়া আঙুলিৰটিপতে ধৰি এই পাঁচোটাবগৰাই দহ বোলোতে দহ পেলাইছে। তাকে দেখি চতুৰ পুতেকে মাকক
ঘটুৱাবলৈ মন কৰি নিজেও সেইদৰে কড়ি গুঠি গুঠি লৈছে। মাকে পুতেকৰ চকুলৈ তাৰ পাছত হাতলৈ
তত কৰিছে। তাকে দেখি মাকে পুতেকক পোনেই দাবি মাৰি ধৰিছে, ”ওঁ তই কড়ি গুঠি লইছ?”পুতেকে
নলওঁ দে বাৰু। এই চা মই কড়ি জোকাৰি লৈছোঁ, ভইয়ো গুঠি নামাৰিবি এই বুলি ঢাল পেলালে।
পুতেকৰ সৌভাগ্যত পঁচি পৰিল। মাকে তাকে দেখি গুঠি মৰা বিদ্যাটো এৰিব নোৱাৰিলে। দেখুৱাই
কড়ি জোকাৰি ললে হয়, কিন্তু বগাৰাবৰ পৰত টিপতে বুঢ়া আঙুলিৰ মাজত এটা কড়ি লৈ দহ পেলালে।
মাকৰ এই কাৰবাৰ দেখি চতুৰ পুতেকে মাকক ঘটুৱাবলৈ
মন কৰি এটি নতুন উপায় স্ৰজিলে। তেওঁ ঢাল চুৰ কৰিবলৈ আৰম্ভ কৰিলে। দহঘৰ চলাব লাগিলে
গুটি পোন্ধৰ ঘৰলৈকে নিয়ে। চাৰি পৰিলে ছয়ৰ ঘৰত দিয়ে। পাৰিলে মাকেও পুতেকৰ এই কাৰবাৰৰ আলেখলেথ কৰি
চাবলৈ
ধৰিলে। অৱশেষত ধেমালিতে খকৰা-মুকতি এটা মাৰি দিলে। পুতেকে খিল-খিল কৰি হাঁহি ও নেখেলো
যা এই বুলি উঠি গুচি গল।
তেতিয়া
বাকীকেইজনী তিৰোতাৰ সৈতে আৰু এজনী জীয়াৰীক মাতি নি আকৌ খেল আৰম্ভ কৰিলে। ইফালে বাহিৰ
মহলত তিনি-চাৰিজন বাবু লগ লাগি ভাচ খেলাত বহিছে।
I
খেলত বহিবলৈ নোপোৱা বা বিহু চাবলৈ যাব নোপোৱা অসুখীয়া মনৰ বেটী ছোৱালীজনীয়ে ধঁপাত
যোগাই ওৰ কৰিব পৰা নাই।
বাবুসকলৰ
ভিতৰত এজন কোমল মুখেৰে মুখত ডাঢ়ি থকা, বৰণত বগা,বাবু বৰ ধেমেলীয়া। তেওঁৰ ভাচ খেলাৰ
উদ্দেশ্য নহয়;কেৱল ৰং কৰিবৰহে মন।তেওঁৰ বিপৰীতে এজন বাবু বহিছে, তেওঁৰ দীঘল, কোমল
মুখখনত নতুনকৈ ডাঢ়ি ফুটি ওলাইছে মাথোন। মনটো বৰ সৰল অর্থাত্ তেওঁ হোজা বিধৰ মানুহ।
তেওঁ তাচ খেলৰ বৰ ওজা। তাচ হাতত ললে সংসাৰ গোটেইখনকে পাহৰে। কেনেকৈ খৰথৰকৈ মাটিত পাত
পাৰিব ইয়াৰেহে চিন্তা। নিজৰ হাতৰ পৰা পাত মাৰিব ধৰিলে পাত ভাঙিব খোজে আৰু মাজে মাজে
বিপৰীতে বহা ডাঢ়ীয়াল বাবুজনক চাই “মল্লা”
“মল্লা” (মৰিলা) বুলি একোটা চিঞৰ
মাৰিছে।
বিপৰীতে বহা বাবুজনে মল্লা শব্দক পোনাই “মোল্লাজিত' পেলাইছে। আৰু মাজে মাজে তেওঁৰ শত্ৰুৰ
(খেলৰ শত্ৰু) মুখলৈ চাই হাঁহি হাঁহি বাগৰি পৰিছে। চুটি-মুটিকৈ পাতল বাবু এজনে যদিও
তাচ খেলাত বহিছে তথাচ তেওঁৰ তাচত সিমান হেঁপাহ নাই। তাচৰ পাত দিবৰ পৰত “অ মই দিব লাগে
নেকি?”এইবুলি
একোটা পাত নিজৰ হাতৰ পৰা মুঠেই পেলাই পেলাই দিছে আৰু তেওঁ কেৱল কখাহে পাতিছে। ভৰকিয়াল
গায়ে গোটেৰে ৰবা বাবু এজনে এফালে পাতল বাবুজনৰ কথাও শুনিছে, কেতিয়াবা ৰঙিয়াল-বগা
বাবুৰ আমোদত হাঁহিছেও আৰু কেতিয়াবা নিজেও গহীনে গহীনে দুই-চাৰি আষাৰ কথা কৈছে। বগা
বাবুজনে মাজে মাজে হাতৰ বেয়া পাত একোটা থৈ পিঠৰ পৰা বাল ভাল পাত তুলি লৈ আকৌ ঘূৰাই
মাৰিছে। তেওঁ সেই কাৰ্য্যত মাজে মাজে কৃতকাৰ্য্যও হৈছে। দুই-এবাৰ দীঘল বাবুৰ তীক্ষ্ণ
কটাক্ষ দৃষ্টিত ধৰা পৰি দুইয়ো কঢ়া-আজোৰাও লগাইছে। এইদৰে খেল, গল্প, আমোদ, ধঁপাত খোৱা
ইত্যাদি চলিছে। মফঃস্বলৰ ভিতৰত, ঠায়ে ঠায়ে ডেকা-গাভৰুবিলাকে লগ লাগি
বিহু
গাইছে। কোনোৱে ঢোপ খেলিছে। এইদৰে আমোদ-প্রমোদত লক্ষীমপুৰ খলকি পৰিছে। দিনটো গল; ক্রমে
সাজ লাগি আহিল। দুই-এজনকৈ ওচৰৰ মিৰি ঢোল ডগৰ লৈ লক্ষীমপুৰ জিলা উঠিল আৰু ইঘৰ সিঘৰকৈ
বিহু গাই গাই ফুৰিব ধৰিলে। আজি বৰ বিহুৰ দিন। জাকে জাকে বিহু গোৱা মিৰি আহি লক্ষীমপুৰ
ভৰিল। বাটে-পথে ঢোল, ডগৰ লৈ ফুৰা মিৰি ডেকা- গাভৰুৱে অনাই-বনাই ফুৰিছে। ভাল মানুহবিলাকৰ
ঘৰে ঘৰে দুই-এজাককৈ মিৰিয়ে বিহু পাতিছে; আৰু টকা, আধলি, বাবুবিলাকৰ ঘৰৰ পৰা আদায়
কৰিবলৈ আৰম্ভ কৰিছে।
সেই
মিৰিবিলাকৰ ভিতৰত এজাক মিৰিয়ে সকলোৰে মন আকর্ষিছে। সেই জাকটোৰ ডেকাবিলাকৰ ভিতৰত চাৰি-
পাঁচোটামান ঢোল, তিনি-চাৰিযোৰ তাল, দুটা পেঁপা। সিহঁতৰ নাচনিয়াৰ গাভৰুও সৰহ। এইজাক
মিৰিয়ে পোনেই বাবু এঘৰত বিহু পাতিলেগৈ। প্রথমেই ঢোলৰ নাচ চলিলি। চাৰি-পাঁচটা ঢোলত
একেলগে কোব পৰিবলৈ ধৰিলে। লগে লগে ভাল চলিল আৰু তাৰ লগে লগে গাভৰুহঁতে নাচিব ধৰিলে।
তাৰ পাছত ঢুলীয়া-কালীয়াবিলাকে বেইত ঘূৰাৰ দৰে ঘূৰিবলৈ ধৰিলে। গাভৰুহঁতেও নাচি নাচি
শাৰীয়ে শাৰীয়ে ঘূৰিবলৈ ধৰিলে। ঢুলীয়াহঁতে এবাৰ সোঁহাতৰ পৰা বাওঁহাতলৈ এবাৰ বাওঁহাতৰ
পৰ সোঁহাতলৈ ঢোল বজাই বগিয়া-বগি নাচ পাতিলে। ঢোল-থোল বোৱা শেষ হল।
বাবুসকলৰ
হুকুম পৰিল “গাভৰুহঁতে হাতত চপৰিয়াই নাম গাই গাই নাচিব লাগে।” তত্ত্ক্ষনাত্ ঢুলীয়া কালীয়াবিলাক এফলীয়া হল। গাভৰুহঁতে
শাৰী পাতিলে। পোনেই এজনী গাভৰুৱে হাতত চাপৰ মাৰি লগাই দিলে:-
(৩)
“ৰঙা (ক) নৈৰ যে দেকিয়া তোৰালি যে তোৰালি
দিনত চাৰি আঙুল বাৰে৷ চম্পাফুল যে লেদেহা (খ) তোৰালি যে তোৰালি- নাচাই রা তাকিব কোনে।” লগে লগে নাচ চলিল।
তাৰ
পাছত আকৌ এজনীয়ে লগালে:
(8)
“দেউতা ওলালে বাটচৰাৰ মুখলৈ
দুলীয়াই
যে পাতিলে দোলা ঐ নাৱৰী
দুলীয়াই
পাতিলে দোলা।
কাণতে
জিলিভিল (গ) নৰা- জাঙে পাই (ঘ)
গাতে
গোমেচেঙৰ (ঙ) চোলা ঐ লাৱৰী
গাতে
গামেচেঙৰ চোলা।
আকৌ
এজনীয়ে লগালে -
(৫)
“চকলা যে কাটৰে মই পণি (চ) কাটিলোঁ- আজি
নিকা অপনত বেয়া কৈ দেখিলোঁ- I
লেডেহৰ
কোঁপলৈ চাই।
পণিকনে অৰাব পায়।
তাৰ
পাছত আকৌ এজনীয়ে ধৰিলে -
(৬)
“নাচনী নৰিয়া পৰিল ঐ চেনেঙা
নাচনী
নৰিয়া পৰিল।
নাচনীৰ
অলনি কুকুৰা কাটিলো (ছ)
নাচনী
ডিয়ে বয়িল।”
এই
গীত গোৱাৰ পিছতে ডেকা-গাভৰুৱে বাবুবিলাকক বৰঙণি
গনিলে।
বাবুসকলৰ এজনে মাত লগালে- “ইহ, তহঁতে ফাকি দিলি। গোটেইবিলাক গাভৰুৱে নানাচিলে। সৌ সিহঁত
দুজনীয়ে নচা নাই।” তেতিয়াই সেই গাভৰু দুজনীয়ে মাত লগালে,
“আমি নাচিলে পাঁচ টকা পাঁচ টকা লাগিব। "
বাবুহঁতৰ
এজনে হাঁহি হাঁহি কলে,-"দিম দে বাৰু নাচ তহঁতে।”
এই
গাভৰু দুয়োজনী পাতল। এজনিৰ বৰণ অলপ মিঠা। এজনী নিখুঁত বগা। দুইওজনীৰে মুখৰ গঢ় বাৰু।
লাহৰি খোপাত ফুল থোহাঁ। চিকণ মুগাৰ ৰিহা মেথেলা। গাত ৰঙা ফেলালিনৰ চোলা। সিহঁত দুজনী
আগবঢ়া মাত্রেই ডেকাজাকৰ ভিতৰৰ পৰা এটা প্ৰায় কুৰি বছৰীয়া ডেকা পেঁপা এটা লৈ ওলাল।
ডেকাটোৱেও চিকুণকৈ মূৰ মেলাইছে। তাৰ ওপৰত এটা পাগুৰি। গলত ডাঙৰ ডাঙৰ পোৱালে সৈতে এধাৰ
সোণৰ মণি। কাণত দুটা সোণ পাতি বাথৰ সজা জাংফাইৰ কেৰু। গাত এটা চিনা কোট। ধুতীখনো চিকু
পিন্ধিছে। ডেকাজন বৰ ওখও নহয় বৰ চাপৰো নহয়। মুখখন চুচিটা।
গাভৰু
দুজনী আগবঢ়া মাত্রে ডেকাজনে পেঁপাত ফু দিলে। আৰু দিয়া মাত্রে সিহঁত দুজনী উত্ৰাৱল
হল। পেঁপা বজাই বজাই এই তিনি মূর্তি নাচিবলৈ ধৰিলে। সিহঁতৰ নাচন, সিহঁতৰ ফূৰ্ত্তি দেখি
এনে বিবেচনা হোৱাত পৰিল যেন দুজনী অপেশ্বৰী গন্ধৰ্বৰাজ চিত্ৰৰথে সৈতে পৃথিৱীলৈ নামি
আহিল। এই দুজনী গাভৰুৰ বগীজনীয়ে নাচোনটোৱে পতি ডেকাজনৰ চকুলৈ চাই চাই আন কেৱে নজনাকৈ
মিচিককৈ হাঁহিব ধৰিলে। তাইৰ বয়স প্রায় তেৰ-চৈধ্য বছৰ। প্ৰথম অধ্যায়ৰ সোৱণশিৰী পাৰত থকা
ভূঁইত টঙি ৰখা লৰাটোৱে এতিয়াৰ আমাৰ পেঁপা বজোৱা ডেকাজন, নাম “জংকি”। বগী গাভৰুজনী “পানেই”।
আজি পাঁচ বছৰৰ মূৰ্ত দুইও সম্পূর্ণ ডেকা-গাভৰু হৈ উঠিছে। নাচ ভাঙিল; বাবুজনৰ ৰূপ এটকা
দণ্ড হল। নাচনিয়াৰ মিৰি গাভৰুহঁত গুচি গল। বাবুসকলে তেতিয়া কোনে “ভাল নাচিছিল” কোনে “বেয়া নাচিছিল” ইত্যাদি
কথাৰ আলোচনা কৰি দুই-তিনি চিলিমমান ধঁপাত উৰাই ঘৰাঘৰি গল ।
দ্বিতীয় অধ্যায়ৰ মিৰি ভাষাৰ
শব্দৰ ভাঙনি
ক)
ৰঙা নৈ-এই নামেৰে লক্ষীমপুৰ নগৰৰ পশ্চিম ফালে তিনি মাইল দূৰৈত এখন নৈ আছে। ইয়াৰ পাৰতো
বহুত মিৰি আছে। (খ) লেদেঙা-মৰমৰ গাভৰু।
(গ)
জিলিঙিল-জিলিকিল।
(ঘ)
নৰা জাঙে পাই-জাংফাই কেৰু।
(ঙ)
গোমেচেঙৰ-গোমচেঙ। অসমত গোমচেঙ নামৰ এবিধ বৰ উত্কৃষ্ট কাপোৰ আছিল; কিন্তু আজিকালি লোপ
পৰি আহিছে। পাশ্চাত্য সভ্যাতৰ ফল।
(চ)
মিৰি প্ৰায় সকলো ডেকা-গাভৰুৱে সৰু সৰু কাঠৰ ফমিৰে মূৰ মেলায়। সেই ফণিক সিহঁতে প্রায়
সদায় খোপাতে ৰাখে । মিৰি ডেকা-গাভৰুৰু এটা বৰ লাহৰ বস্তু ।
(ছ)
“কুকুৰা কাটিলো” কেৱে কেৱে ‘দেও পূজা কৰিলো’ এই কথাও লগায়। দুয়োটা একে কথা। মিৰিয়ে বেমাৰত পৰিলে দৰব
নাথায়। সিহঁতৰ দেওধাইৰ হতুৱাই মঙ্গল চোৱায়, কোন দেৱেনো বেমাৰ পেলাইছে। তেতিয়া সেই
দেওক মদ, গাহৰি, কুকুৰা দি পূজো ।