হলকান্ত বৰুৱা
হলকান্ত বৰুৱাই সেইদিনা ৰণুৱা দুহেজাৰ লৈ
“যুগীৰপাম” এৰি চাউলখোৱা মানাহ নদী পাৰ হৈ বেলি ছদাড়মান থকাত চেঙ্গা গাওঁ পালেগৈ।
তাতে তেওঁ সেই নিশা থাকিবলৈ মন কৰি চাউলখোৱা নৈৰ পাৰত মুকলি পথাৰ এখনত বাহৰ কৰিলে
। তেওঁৰ ৰণুৱাহঁতে ওচৰৰ হাবিৰ পৰা লৰালৰিকৈ হুইচাৰিমুঠা খেৰ আৰু দুই চাইটা গাছৰ
ঠাল কাটি আনি যাৰ যেনে সুবিধা সেই অনুসাৰে একোডুখৰি চালি কৰি ললে । বৰুৱাইও চালি
এখনৰ তলত চাৰিউফালে আৰকাপোৰ এখন বেঢ়ি তেওঁৰ থকা বাহৰটো সজাই ললে ।
যুঁজলৈ অহাৰ আগেয়ে হলকান্ত বৰুৱাই মনত দুটি
ভাব লৈ আহিছিল। এক ভাব আছিল যে তেওঁ যদি বৰফুকনক লগ পায়গৈ তেন্তে তেওঁ বৰফুকনৰ ফলীয়া
হৈ মানৰ লগত ৰণ দিব, আৰু সেই ৰণত যদি জিকিৰহে পাৰে
তেন্তে তেওঁ বৰফুকনৰ প্ৰিয়- পাত্ৰ হৈ বৰনগৰীয়া বৰুৱা যুঁজলৈ নহাৰ বাবে কথা লগাই বৰফুকন আৰু
ৰজাৰ হতুৱাই বৰনগৰীয়া বৰুৱাৰ বিষয়খন গুচাই সেই
বিষয় তেৱে লব পাৰিব। যদি হে তেওঁ বৰফুকনক সহায় কৰিবলৈ
নেপায়, মানক বাটতে ভটীয়াই অহা লগ পায় তেন্তে তেওঁ
মানক ধৰি সিহঁতৰে দোৱানীয়া বৰুৱা হব। আৰু সেই বুধিৰেই তেওঁ নিজৰ
গাওঁখনো ভালে ৰাখিব ; গঢ়গতি বুজিবৰ –
হলকান্ত বৰুৱা
নগৰীয়া বৰুৱাকে৷ এক সেকা
দিব! যেই পিনেই হওক তেওঁ এইবাৰ বৰ নগৰীয়া বৰুৱাৰ ওপৰত পুৰণিকলীয়া শত্রু শালিব ।
এনেকুৱাবিলাক অসদ্ অভিপ্ৰায় মনত লৈ তেওঁ মানৰ যুঁজলৈ পুতেকক এৰি থৈ নিজে আহিছিল ।
এইদৰে হলকান্ত
বৰুৱাই পথাৰত বাহৰ কৰি থাকোতেই সূর্য্যদেৱে পশ্চিম আকাশত ঠাই ললে । তেওঁৰ
ৰণুৱাবিলাকে চাউল-চৰু লৈ নৈৰ পাৰত ৰন্ধা-বঢ়াৰ আয়োজন কৰিবলৈ ধৰিলে । এনেতে সিফালৰ
পৰা প্ৰায় দুশখন নাও চাউলখোৱা নৈৰে ভটিয়াই আহিবলৈ ধৰিলে। প্রত্যেকখন নারতে কুৰি
পঁচিশ জন মূৰত ৰঙা আৰু হালধীয়া কাপোৰৰ পাগুৰি মৰা মানুহ দেখা গ'ল। প্ৰত্যেকখন
নাৱৰ পৰা যুঁজৰ বাজনাও বজা শুনা গ'ল । হলকান্ত বৰুৱাই সেই নাওবিলাক দেখি আৰু যুঁজৰ বাজনা শুনি
বুজিলে যে যুঁজত বৰফুকন হাৰিছে। নাৱেৰে সেইবিলাক মানসেনা ভটীয়াই আহিছে। তেওঁ এই
কথা বুজি ততালিকে দহোটা মানুহ ঘৰৰ ফাললৈ পঠালে ; তেওঁৰ লগৰ ৰণুৱাহঁতৰ প্ৰায় পোন্ধৰশমান ৰণুৱাও
ঘৰমুখে উলটিল। তেওঁৰ লগত কেৱল পাঁচশমানহে সাহিয়াল সাহিয়াল ৰণুৱা ৰ'ল । তেওঁ তাৰ
পিছত কুজিন সাহিয়াল ৰণুৱা লগত লৈ মানহঁতৰ নাৱৰ ফাললৈ আগ- বাঢ়িবলৈ ধৰিলে ।
গুৱাহাটীৰ
বৰফুকনে গুৱাহাটীতে মানে সৈতে এটা ৰণ দিছিল। তেওঁ মানে সৈতে ৰণ দিয়াৰ আগেয়ে
কামৰূপীয়া বৰুৱাবিলাকলৈ সৈন্য সামন্ত খুজি মানুহ পঠাইছিল। কিন্তু সেই
মনোমতী
সময়ত এঠাইৰ পৰা আন
এঠাইলৈ যাবলৈ সুগম নাছিল। সেইদেখি বৰফুকনৰ মানুহবিলাকে গৈ বৰুৱাবিলাকক জাননী দিবলৈ
নৌপাওঁতেই ইফালে মান আহি গুৱাহাটী পালে। বৰফুকন আৰু চন্দ্ৰকান্ত ৰজা তুইও আন একো
উপায় নেপাই তেওঁলোকৰ লগত অলপ যি সৈন্য-সামন্ত আছিল তাৰেই মৰণত শৰণ দি ৰণ এটা কৰিলে, কিন্তু মানৰ সৰহ
সৈন্যৰ আগত ঠাৱৰিব নোৱাৰি যুঁজত হাৰিল। বৰফুকনক মানে কাটিলে। চন্দ্ৰকান্ত সিংহ
স্বৰ্গদেৱ পলাই গোৱালপাৰালৈ গ'ল। মানে যুঁজ জিকি এফালৰ পৰা দেশ নগৰ উছান কৰি ভটীয়াবলৈ
ধৰিলে। এজাক মান দক্ষিণ পাৰেদি গৈ বংশৰ, চমৰীয়া ইত্যাদি ঠাই উঠান কৰিলে। এজাক উত্তৰ পাৰেদি বামেৰে
ভটীয়ালে। এজাক ঘাই ব্ৰহ্ম- পুত্ৰেৰে ভটিয়ালে আৰু এজাক হাজোৱে চাউলখোৱা নৈৰে
নাৱেৰে ভটিয়ালে ।
হলকান্ত বৰুৱাই
যদি তেওঁৰ জটিয়াবাবাজীৰ মন্ত্ৰণামতে আৰু বুধিমতী ঘৈণীয়েকৰ কথামতে ততালিকে
বৰনগৰীয়া চণ্ডী বৰুৱাৰ লগত মিলিলহেতেন, তেন্তে এই দুঘৰ বৰুৱাই লগ লাগি মানক আন একো কৰিব নোৱাৰিলেও
সিহঁতক এথেকেচা দিব পাৰিলেহেতেন। কামৰূপীয়া সাধাৰণ প্ৰজাবৰ্গ ভীৰু আৰু কাপুৰুষ
নাছিল। কামৰূপীয়া মানুহৰ গাত যথেষ্ট তেজ আৰু বীৰত্ব আছিল, কিন্তু
কামৰূপীয়া বিষয়াসকলৰ গাত স্বদেশৰ হিত চিন্তা, স্বদেশক ৰক্ষা কৰা গুণ ফাকি নাছিল। ইজন বিষয়াই সিজনক, সিজনে ইজনক হিংসা
কৰা স্বভাৱৰ নিমিত্তেই
হলকান্ত বৰুৱা
কামৰূপীয়া মানুহেও মানৰ
হাতত থেকেচা খাইছিল। সকলো বিলাক বিষয়ায়ে লগ লাগি মানক ভালকৈ এপালি দিয়ক চাৰি, অনেকেই মান অহাত
সেই মানৰ লগ লাগি নিজৰ নিজৰ অসদ্ অভিপ্ৰায় পূৰাবলৈ চেষ্টা কৰিছিল। হলকান্ত বৰুৱা
আৰু চণ্ডীবৰুৱাই লগ লাগি বৰপেটাতে মানৰ গেলা গপ অলপ ভাঙ্গি দিব পৰা হলে আমি কিজানি
আজি এই উপন্যাসৰ শেষত মইনবৰি আৰু হাদিৰাচকিৰ শোকলগা কাহিনী গাবলৈ নেপালোঁহেতেন।
কিন্তু কলে কি হব, নাশন কালত মানুহৰ
বুধি হত হয় । অকল বৰনগৰীয়া বৰুৱাৰ ওপৰত পুৰণিকলীয়া শত্ৰু-পৰাৰ ভাবেই হলকান্ত
বৰুৱাক তেওঁৰ কৰ্ত্তব্য কাম পাহ ৰালে। বৰনগৰীয়া বৰুৱাৰ ওপৰত থিয়ালশলাৰ ভাবেই এই
প্রকৃত তেজী বৰুৱাজনক বীৰৰ সাজ এৰি মানৰ দোৱনীয়া হবলৈ বুধি দিলে ৷ নিজৰ যে কি হব, ৰাইজৰ যে কি হব, এইবিলাক কথা
হলকান্ত বৰুৱাই নাভাবিলে। আত্মকলহেই ভাৰতবৰ্ষৰ সকলো ঠাইতে ভাৰতবাসীক পৰপদসেৱী
কৰিলে । আমাৰ এই অসমতো ৰজাঘৰীয়া বিষয়াসকলৰ আত্মকলহেই অসমৰ সাধাৰণ প্ৰজাবৰ্গকে৷
মান-মৰাণৰ হাতত থেকেচা খুৱাই জুৰুলা কৰালে ।
মানহঁতৰ নাওবিলাকৰ ভিতৰত এখন নাও বৰ সুন্দৰকৈ সজোৱা আছিল।
এইখন নাৱৰ আগত এডাল ফি, ফিৰি । এই নাওখনতে
মানৰ সেনাপতি মিঙ্গিমাহা ক্যাডেউঙ আছিল ৷ নাওখনৰ আগে গুৰিয়ে দহজন ৰণুৱা। ছয়জন
অসমীয়া বন্দীয়ে
মনোমতী
এই নাওখন বাই লৈ আহিছিল।
নাওঁখনৰ ভিতৰত সোঁ মাজতে এখন ঢাৰিপাটি পৰা আছিল ৷ সেই শয্যাখনতে মিঙ্গিমাহা
সেনাপতি এটা বৰ ওখ গাৰুত আউজি বহি গৈছিল। তেওঁৰ মূৰশিতানত এজনী প্রায়
একুৰি-দুবছৰীয়া গাভৰু বহি আছিল ৷ সেই গাভৰুজনীৰ মূৰে গায়ে এখন খনীয়া কাপোৰ
মানৰ এই
মিঙ্গিমাহা ক্যাডেউও সেনাপতিৰ বয়স ছুকুৰি বছৰ হৈছিল। তেওঁৰ মূৰটো ডাঙৰ ; সেই মূৰত
চুলিটাৰৰে এটা ঠিয় খোপা। সেই খোপা আৰু চুলি ঢাকি মূৰত এখন হাল- ধীয়া কাপোৰ মেৰোৱা
৷ সেই কাপোৰৰ চাৰি আঙুলিমান এটা লোচ বাওঁ কাণৰ ওপৰত পৰি থকা। তেওঁৰ মুখখন বহল আৰু
থোপোকা। নাকটো চেপেটা । নাকৰ দিলাৰ তলত এডালো গোফ নাই । কিন্তু নাকৰ ফুটা দুটাৰ
ছইও কাষৰে পৰা দুফালে সৰু তিৰ, তিৰীয়া কেইডালমান ৰঙা গোফ । তেওঁৰ গাল দুখন বহল। গালৰে আৰু
কুমৰে যোৰাৰ হাড় দুডাল উঠা আৰু শকত। চকু দুটা সৰু আৰু ৰঙা । চেলাউৰিযোৰ বহল
কিন্তু প্রায় লোম নথকাৰ দৰে । ওঠ দুটা পাতল। থুতৰিটো ঘূৰণীয়া, গলটো চুটি, হাতভৰিবিলাক
মোকোহা। তেওঁ বৰ ওখও নাছিল,
বৰ চাপৰো নাছিল।
তেওঁৰ বৰণ তেজ গোৰা ৷ গাত এটা কঁকাললৈকে পৰা বুকুফলা হাত দীঘল ক'লা কোট। সেই কোট
বুকুত তুইওফালে জৰী । কঁকালত ৰঙা আৰু ক'লাৰে পটিয়া- পটি এখন কাপোৰ পোন্ধ নমৰাকৈ মুচলমানৰ মৌলবি
সকলৰ দৰে মেৰাই থোৱা । তেওঁৰ কঁকালত তৰোৱাল লোৱা এটা পটি ।
হলকান্ত বৰুৱা
তেওঁৰ ওচৰতে কাঠৰ ফাক এটাৰ ভিতৰত এখন দীঘল দা।
সেই দা খাম্তিহঁতৰ দাৰ নিচিনা। মুখত এটা এবেগেতমান দীঘল ধপাতৰ চেলুৱই ।
এই সেনাপতিৰ মূৰশিতানত যি
গাভৰুজনী বহি গৈছিল
সেই গাভৰুজনীৰ মুখত হাঁহি বা প্রফুল্লতাৰ ভাব
নাছিল। নাৱৰ
ভিতৰত তেওঁ থমথম কৰি বহি গৈছিল। সেনাপতিয়ে
চেলুৱইটো
খাই একো একোবাৰ সেই চেলুৱইটো গাভৰুজনীৰ মুখত
গুজি
গুজি দিছিল। তাই এহোপা দুহোপা মাৰি চেলুৱইটো
ওলটাই
'ওলটাই দিছিল আৰু মাজে
মাজে সেনাপতিৰ আদেশমতে তাৰ
মূৰটোত হাত ফুৰাই দিছিল ।
মান ৰণুৱাহঁতৰ ভিতৰত এটা ৰণুৱাই এখন বাঁহৰ বীণত টুং টুং টাং টাং কৰি কেতখিনি আমি বুজিব নোৱৰা গীত গাই আছিল । মিঙ্গিমাহা তিলোৱাই সেই গীত
কাণ পাতি পাতি শুনিছিল, আৰু মাজে মাজে হোঁ হোঁ কৰি হাঁহি দোৱানতে কিবাকিবিবিলাক কৈছিল। নাওখন এইদৰে ভটীয়াই থাকোতেই হলকান্ত বৰুৱাই মানুহে হুমুহে সৈতে নাৱৰ ওচৰ পালেগৈ আৰু নৈৰ পাৰত ঠিয় দি আগুৱাল আৰু গুৰিয়াল বাইছা কেইটাক
নাও ৰাখিবলৈ কলে । সিহঁতেও পাৰত এজন ভাল মানুহ দেখি নাওখন অলপ বাবলৈ এৰিলে ; এনেতে আগৰ দুটা ৰণুৱাই ছড়াল দীঘল সৌকা লৈ আগুৱাল কেইটাক গৰু পিটা দি পিটিবলৈ ধৰিলে । গুৰিৰ ৰণুৱা এটাই গৈ গুৰিয়াল
দুটাক সাৰৌপ সাৰোপ কৰি মৰিয়ালে । আন দুটা ৰণুৱাই কোনে নাও ৰাখিবলৈ কৈছে ইয়াকে ভুমুকি
মনোমতী
মাৰি চাই দেখিলে যে পাৰত এটা অসমীয়া মানুহ
আছে। খঙতে টেঙুলা নামেৰে মানটোৱে তাৰ দাখন হলকান্ত বৰুৱাৰ গালৈ ফমু তি মাৰি পঠালে
। ভাগ্যে দাখন হলকান্ত বৰুৱাৰ গাত নপৰিল । এনেতে সেনাপতিয়ে মাত লগালে “কিহৰ হাই
হৈছে।” টেঙুলাই কলে—“কৰবাৰ এটা অসমীয়া বান্দৰে আমাৰ নাওখন ৰাখিবলৈ কৈছে।”
সেনাপতিয়ে কলে—“যা তহঁত চাইটা নামি যা । তাক ধৰি লৈ আহ।” সেনাপতিৰ আদেশ পাই নাৱৰ
পৰা চাইটা মানে গিৰিপ্ কৰি গৈ হলকান্ত বৰুৱাক নাৱলৈ ধৰি আনিলে । তেওঁৰ লগৰ মানুহ
কেইটা লৰি পলাই গাৱঁত সোমালগৈ । তেতিয়াই চেঙ্গা গাৱঁত হুলস্থুল লাগি গ'ল । গাৱঁৰ পৰা মানুহবিলাক ফৰিং ওফৰাদি উফৰি ঘৰ-দুৱাৰ এৰি
হাবিলৈ পলাল ।